ফটাঢোল

মামা-ভাগিন (যিছকে হম মামা থে – মূল : শাৰদ যোশী) অনুবাদ – আৰাধনা বৰুৱা

বাৰানসীৰ ব্যস্ত ৰেল ষ্টেচনত ট্ৰেইনখন ৰ’ল৷ ভদ্ৰলোকজন লাহেকৈ নামি ইফালে সিফালে চালে৷ নতুন ঠাই প্ৰথমবাৰৰ বাবে আহিছে৷ তেনেকুৱাতে এজন ল’ৰা তেওঁৰ পিনে দৌৰি আহি তেওঁৰ ভৰি চুই সেৱা কৰি মাত লগালে

: আৰে মামা দেখোন? কি খবৰ? ক’ৰপৰা আহি ওলাল হঠাৎ?

ভদ্ৰলোকজনে থতমত খাই ভাৱিলে এওঁ আকৌ কোন? চেহ মনতেই নাই পৰাচোন৷

: হৌৰা, কোনহে তুমি?

: আৰে মামা মই মুন্না আকৌ৷ আপুনি মোক চিনি পোৱা নাই?

: মুন্না?

ভদ্ৰলোকে আকৌ মনত পেলাবলৈ চেষ্টা কৰিলে,

: মামা মোকনো এনেকৈ বাৰু পাহৰিব লাগে নে? বাৰু কোনো কথা নাই৷ বহু বছৰ দেখা সাক্ষাৎ হোৱা নাইতো সেয়ে পাহৰিছে চাগৈ৷

: হেঃ হেঃ হেঃ! হয় চাগৈ৷ বুজিছা বোপা? আজি কালি আমাৰ বয়সো হৈছে নহয়৷ পিচে তুমিনো ইয়াত ক’ৰ পৰা ওলালাহি?

: মই আজি কালি ইয়াতে থাকোঁ নহয়৷

: অ’ হয় নেকি? ভালেই হ’ল দিয়া তোমাক পালোঁ৷ এতিয়া নতুন জেগাত ঘূৰা পকা কৰিবলৈ মোৰ অসুবিধা নহয় আৰু৷ নে কি কোৱা?

: হয় হয় মামা৷ আপুনি চিন্তাই নকৰিব৷

তাৰ পিছত মামা ভাগিন লগ হৈ বাৰানসী ফুৰিবলৈ ওলাল৷ মুন্নায়ো এফালৰ পৰা মোমায়েকক এটাৰ পিছত এটাকৈ মন্দিৰবোৰ দৰ্শন কৰাই গ’ল৷ ভদ্ৰলোকে ভালেই পালে, বোলো ঈশ্বৰেহে এই মুন্নাটোক টানি আনি সাৰথি কৰি দিলে দেই ৷ নহ’লে ইমান অচিনাকি ডাঙৰ ঠাইত তেওঁ থাউনি পাবলৈকে টান হ’লহেঁতেন৷ এতিয়া গংগা স্নান কৰিবলৈ পালেই সকলো মনোবাঞ্ছা পূৰ্ণ হ’ব আৰু!

গংগাঘাট পাই মোমায়েকে মুন্নাক সুধিলে,

: হেৰি নহয় মুন্না, স্নান কৰিম বুলি ভাৱিয়েই আহিছিলোঁ বাৰানসীলৈ৷ এতিয়া কৰোঁ নে কি?

: আৰে মামা, বাৰানসীত আহি গংগাস্নান নকৰাৰতো কথা হ’বই নোৱাৰে৷ যাওক, যাওক সাউৎকৈ ডুব এটা মাৰি আহকগৈ৷ মই পাৰতে আছোঁঁ৷

: হয় দে বোপাই৷ তই আছ কাৰণেহে এইকণ পূণ্য আৰ্জিব পাৰিম৷ নহ’লে বস্তুৱে বাহানিয়ে মই কি কৰিলোঁহেঁতেন বাৰু? ৰহ তই বহ ইয়াতে৷ মই পতকৈ স্নান কৰি আহোঁ৷

ভদ্ৰলোকে হৰ হৰ গংগে বুলি সভক্তিৰে গংগাৰ পানীত ডুব মাৰিলে৷ স্নান কৰি পাৰলৈ আহি দেখা পালে বস্তুও নাই আৰু ভাগিন মুন্নাওচোন নাই৷ আও, পতকৈনো সি ক’ত গ’ল৷ ইফালে সিফালে চাই তেওঁ মুন্নাক মাতিবলৈ ধৰিলে৷ নাই তাৰ ছাঁটোওচোন দেখিবলৈ নাই৷ কঁকালত টাৱেলখন মেৰিয়াই অসহায় হৈ মানুহৰ মাজে মাজে তেওঁ আক তাক সুধিলে,

: মুন্নাক দেখা পাইছিল নেকি বাৰু ক’ৰবাত?

: কোন মুন্না?

: এই মুন্না যে মোৰ ভাগিনটো৷

: আপুনি কাৰ কথা কৈছে বুজা নাই হে৷

: এহ মুন্না আকৌ, মই যাৰ মামা৷ ইয়াতে থাকে অ’ সি৷

তেওঁ অৰ্ধনগ্ন হৈয়েই মানুহৰ ভিৰত মুন্নাক বিচাৰি দৌৰি ফুৰিবলৈ ধৰিলে৷ কিন্তু মুন্নাক আৰু নাপালে৷

ভাৰতীয় নাগৰিক আৰু ভোটাৰৰ সম্পৰ্কটো ঠিক এনেকুৱাই৷ নিৰ্বাচনৰ বতৰত কোনোবা আহি আপোনাৰ ভৰিত দীঘল দি পৰি কয় মোক চিনি পাইছেনে বাৰু? মই এইবাৰ নিৰ্বাচনৰ প্ৰাৰ্থী৷ হ’বলগীয়া সাংসদ৷ আপোনাৰ আপোন মানুহ৷ আৰু সাধাৰণ জনতাই মোহগ্ৰস্ত হৈ আশাৰে প্ৰজাতন্ত্ৰৰ গংগাত স্নান কৰিবলৈ ডুব মাৰোঁ৷ আৰু স্নান কৰি উঠি দেখে যে আহি অলপ আগলৈকে ভৰিত পৰি ভোট ভিক্ষা কৰা আপোন যেন লগা প্ৰাৰ্থীজনচোন ভোট লৈ অন্তৰ্ধান!সমৰ্থন ভৰা বেলটবাকচ লগত লৈ তেওঁ হেৰাই যায় আৰু আমি এশ এবুৰি সমস্যাৰ ঘাটত হাঁহাকাৰ কৰি অৰ্ধনগ্ন হৈ ৰৈ থাকোঁ এনেদৰেই পাঁচ বছৰৰ বাবে৷
☆★☆★☆

2 Comments

  • নীলাক্ষি দেৱী ডেকা

    আৰু প্ৰতিবাৰেই একেটা কথাৰেই পুনৰাবৃত্তি হয়। আকৌ পাঁচ বছৰৰ পাছত আপোন বুলি চিনাকি দিবলৈ আহে আৰু আমি পুনৰ আঁকোৱালি লওঁ। ভাল লাগিল পঢ়ি। বৰ সুন্দৰ অনুবাদ।

    Reply
  • হেমন্ত কাকতি

    বৰ ধুনীয়া লাগিল আৰাধনা৷ আমি যেন উল্লু বনিবলৈয়ে জন্ম লৈছো৷

    Reply

Leave a Reply

Your email address will not be published.