ফটাঢোল

মাৰ্ঘেৰিটাৰ বিননি শুনো ৰিণি ৰিণি -ধীৰেন শইকীয়া

মাৰ্ঘেৰিটা তিনিচুকীয়া  জিলাৰ মহকুমা। কয়লাৰাণী চহৰখন ব্ৰিটিছ শাসনকালতেই গঢ়ি উঠিছিল। ইতিহাসপ্ৰসিদ্ধ বুঢ়ীদিহিং, পাটকাই পৰ্বত, কেইবাখনো অৰণ্যভূমি আৰু চাহ-বাগিচাৰ সৌন্দৰ্যই আজিও মনোমোহা কৰি ৰাখিছে মাৰ্ঘেৰিটাক। ইটালীৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জ্য’ভানা  দি চভিয়া (Margherita Maria Teresa Giovanna di Savoia)ৰ নাম অনুসৰি তেতিয়াই সাত সাগৰ তেৰ নদীৰ ইপাৰৰ অসমৰ তিনিচুকীয়া জিলাৰ সৰু ঠাইখনৰ নাম ৰাখিছিল মাৰ্ঘেৰিটা, তেওঁৰ জীৱনকাল আছিল  ১৮৫১-১৯২৬ বৰ্ষৰ ভিতৰত, তেওঁ আছিল ‘the Queen consort of the Kingdom of Italy’ তেওঁৰ নামৰ পৰাই ঠাইখনৰ নাম হ’লগৈ মাৰ্ঘেৰিটা। ৰাংৰি পাহাৰ আৰু পাটকাই পাহাৰৰ ঠাল-ঠেঙুলিয়ে  মাৰ্ঘেৰিটাক আৱৰি ৰাখিছে। বহুজনৰ মতে, মাৰ্ঘেৰিটাৰ পুৰণি নাম আছিল মাকুম, ইটালীৰ ৰাণী  মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জ্য’ভানা দি চভিয়াৰ নাম অনুসৰি পিছলৈ ঠাইটুকুৰাৰ নাম  মা-কুম  সলাই  মাৰ্ঘেৰিটা  ৰখা হয় বুলি জনা যায়।

(ইটালীৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জ্য’ভানাৰ ফটো)

উল্লেখ্য যে, ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে ৰে’ল পথৰ কাম  তদাৰক কৰা মানুহজন আছিল এগৰাকী ইটালিয়ান লোক, নাম ছেভেলিয়াৰ ৰবাৰ্ট পাগনিনি(Chevalier R Paginini )। তেওঁৰ উদ্যোগতে ছবছৰৰ ভিতৰতে ডিব্ৰুগড়ৰ পৰা লিডুলৈ ৰে’লপথটো হৈছিল, একেদৰে দিহিং নদীখনত বনোৱা হৈছিল ইতিহাসপ্ৰসিদ্ধ কাঠৰ দলংখন। জনামতে, ‘আছাম ৰে’লৱেজ এণ্ড ট্ৰেডিং কোম্পানী’ৰ মুখ্য কাৰ্যালয়ো পাতিছিল মাৰ্ঘেৰিটাতে। উনবিংশ শতিকাৰ শেষৰফালে মাৰ্ঘেৰিটা আৰু ইয়াৰ আশে-পাশে কয়লা আৰু খাৰুৱা তেলৰ সন্ধান পাই এই অঞ্চলত প্ৰথম কয়লা খনন আৰম্ভ কৰে বৃটিছে, গুগলত থকামতে, ১৮৮৮ খৃঃত ‘Assam Railways and Trading Company’য়ে পোনপ্ৰথমে মাৰ্ঘেৰিটাত কয়লা খনন কৰিছিল। আন এক তথ্যমতে, এছ ই পীল নামৰ ইংৰাজ চাহাব এজনে মাৰ্ঘেৰিটা অঞ্চলত কয়লা আৰু খাৰুৱা তেলৰ  উপলব্ধতাৰ বিষয়ে উল্লেখ কৰিছিল।১৮২৮ চনত অসমৰ চাফ্ৰাই অঞ্চলত কয়লা জমা হৈ থকাৰ কথা ক’লেও মাৰ্ঘেৰিটাতহে কয়লা জমা হৈ থকাৰ কথা দেখা গৈছিল তেতিয়া, এনেকৈয়ে ইটালীৰ ৰাণী মাৰ্গাৰেটৰ নাম অনুসৰি পতা চহৰখনত লাহে লাহে কয়লা খনন গঢ়ি উঠিছিল, ডিগবৈত ১৯০১ খৃঃত আৰম্ভ হৈছিল শোধনাগাৰটো।কিন্তু আজিৰ উত্তৰ প্ৰজন্মই জনা দৰকাৰ যে ১৮২৫ চনত দিহিং নদীৰ পানীত খাৰুৱা তেলৰ চেকুৰা ওপঙি থকা দেখাৰ ৬৮ বছৰ পিছত ১৮৯৩ চনতহে এইখন মাৰ্ঘেৰিটাতে তেল শোধনাগাৰটো আৰম্ভণি কৰে বৃটিছে।পিচে ইয়াৰ  চাৰিবছৰৰ আগতেই ডিগবৈত (১৮৮৮ চনৰ ১৯ অক্টোবৰত) খাৰুৱা তেলৰ সন্ধান পোৱাৰ পিছত মাৰ্ঘেৰিটাৰ পৰা ডিগবৈলৈ স্থানান্তৰিত কৰা হয় তেল শোধনাগাৰটো। অৰ্থাৎ এই তেল শোধনাগাৰটো আঠবছৰ চলে মাৰ্ঘেৰিটাতেই, তাৰপিছত ১৯০১ খৃঃতহে ডিগবৈলৈ অনা হয় ইয়াক।আন এক তথ্যমতে, ১৮৮৪ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত মাৰ্ঘেৰিটাত কয়লাখনি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। অৰ্থাৎ ১৮৮৪ ৰপৰা ১৮৯৩ লৈ এই ন বছৰ মাৰ্ঘেৰিটা চহৰখন কয়লা আৰু খাৰুৱাতেল উভয়ৰে কেন্দ্ৰ বিন্দু আছিল। গুগলৰ আন এক তথ্যমতে ১৯২০ চনত বৃটিছ ফাৰ্ম ‘M/S Bird & Co’য়ে
Assam Saw Mill & Timber Company প্ৰতিষ্ঠা কৰিছিল। গুগলত পোৱা আন এক তথ্যমতে, Assam Railways & Trading Company (AR&T Company) and Asia’s oldest Plywood Factory’ ‘The AR&T Plywood Industries’ এই দুয়োটা প্ৰতিষ্ঠানেই গঢ় লৈ উঠিছিল ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাক কেন্দ্ৰ কৰি। সহজ ভাষাত ক’বলৈ ১৮৮১ খৃঃৰ ৩০ জুলাইত স্থাপন কৰা The Assam Railways and Trading Company Ltd (AR&TC) ৰ উদ্দেশ্য আছিল  উজনি অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ  উদ্ধাৰ। The AR&T company য়ে অসমৰ সম্ভাব্য খনিজ সম্পদৰ বিষয়ে আগতীয়াকৈ পৰিসংখ্যা সংগ্ৰহ কৰি লৈছিল। মুঠতে ১৮৮৪ খৃঃৰ পৰাই মাৰ্ঘেৰিটা হৈ পৰিছিল ক’লা হীৰা, পনীয়া তেল, কাঠৰকুণ্ডা আৰু  চাহৰ বাবে বিখ্যাত। সেই তেতিয়াৰে পৰা মাৰ্ঘেৰিটা আৰু উপকণ্ঠ অঞ্চলত চলি আছে খনিজ সম্পদৰ লুণ্ঠনৰাজ। সেয়েহে কয়লাৰাণী মাৰ্ঘেৰিটা চহৰখনে প্ৰায়ে যেন উচুপি উঠে, কয়- “দৈনিক তোমালোকৰ হাততেই মই ধৰ্ষিতা হৈছোঁ, মোক বচোৱা।”

☆★☆★☆

One comment

  • প্ৰদীপ বৰা

    মাৰ্ঘেৰিটাৰ বিননি পঢ়ি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.