ফটাঢোল

মাৰ ক্ষেত্ৰত এনে হৈছিল.. শব্দ বিভ্রাট-মন্দিৰা শৰ্মা

দেউতা চাকৰি সংক্ৰান্তত বিভিন্ন ঠাই ঘূৰিব লগীয়া হৈছিল। মোৰ জন্মৰ সময়ত দেউতাৰ চাকৰি গুৱাহাটীত আছিল। সেয়ে তাৰ পিছত দেউতাৰ বদলি হৈছিল যদিও মা আৰু মই গুৱাহাটীতে থাকিবলৈ ল’লোঁ। মোৰ স্কুলখন আছিল মালিগাঁৱৰ পৰা তিনি কিলোমিটাৰমান আঁতৰত গোটানগৰ নামৰ ঠাইত। সেয়ে মোৰ চাৰি বছৰ বয়সত দেউতাই স্কুলৰ অলপ ওচৰে পাঁজৰে এটা ঘৰ ভাড়ালৈ ল’লে, যাতে দেউতাৰ বদলি হ’লেও, মোৰ স্কুল অহা যোৱাত কোনোধৰণৰ অসুবিধা নহয়। মোৰ শৈশৱৰ সোণোৱালী সময় পাৰ হৈছিল সেই গোটানগৰত।

গুৱাহাটী চহৰৰ পৰা নাতি দূৰত এই ঠাই গোটানগৰ। সেউজীয়া পথাৰ, পাহাৰ, নিজৰাৰে ভৰা এখন মনোমোহা ঠাই। মানুহবোৰ খুব সহজ সৰল প্ৰকৃতিৰ। অতি সোনকালেই সেই ঠাইখন আৰু মানুহবোৰ আপোন হৈ পৰিল। 

গোটানগৰৰ মানুহবোৰে বহুতেই লিখিত ভাষা কৈছিল যদিও নামনিৰ কথিত ভাষাও ব্যৱহাৰ কৰিছিল। বিশেষকৈ সৰু ল’ৰা ছোৱালীবোৰ আৰু মহিলাসকলে। মই সৰু আছিলোঁ বাবে আৰু খেলা ধুলা কৰোঁতে বহুত সময় লগ পাইছিলোঁ বাবে হয়তো সেই ভাষাটো সহজেই আয়ত্ব কৰিছিলোঁ। কিন্তু এই ক্ষেত্ৰত মাৰ অলপ দিগদাৰ হৈছিল। মা আছিল শিৱসাগৰীয়া জীয়ৰী আৰু মৰাণৰ বোৱাৰী। তাতে গুৱাহাটীলৈ যোৱা বহুত বছৰ হোৱাও নাছিল। সেয়ে মায়ে ওচৰৰ মহিলাসকলৰ লগত কথা পাতোঁতে কিছুমান কথা বুজি নাপায় বেচ হাঁহিৰ খোৰাক হৈছিল।

সেই সময়ত আমাৰ খেলা ধুলাৰ বহুত সময় আছিল আৰু তাৰ মাজতে ইঘৰ সিঘৰলৈ যোৱাটোও এটা নিয়মৰ দৰে আছিল। মোৰ লগৰ ল’ৰা ছোৱালীবোৰে ঘৰলৈ আহিলে মায়ে সিহঁতৰ লগত ইটো সিটো কথা পাতি ভাল পায়। কথাৰ সুৰটো বিশেষকৈ প্রিয়। এদিনাখনৰ কথা। মায়ে এজনীক ক’লে,

: বহুত দিন দেখোন মাৰক দেখা নাই, আজিকালি মোমায়েৰৰ ঘৰলৈ যোৱাও নেদেখা হ’লোঁ।

তাইৰ মোমায়েকৰ ঘৰ আমাৰ ঠাইৰ পৰা বেছি দূৰত নাছিল। সেয়ে প্ৰায়ে অহা যোৱা কৰে। মাৰ কথা শুনি তাই তপৰাই ক’লে,

: মাই আজিকালি মামাৰ ঘৰোক সহেইদি যায়, সেইকাৰাণে নেদখে৷  

মায়ে “সহেইদি” শব্দটো কিবা ঠাইৰ নাম বুলি ভাবি তাইক ক’লে,

: উৱা মোমায়েৰৰ ঘৰ ইয়াতহে আছিলে। সহেইদিলৈ কেতিয়া গ’ল নো, আৰু কিয় গ’ল নো? গমেই নাপাওঁ দেখোন অ’।

মাৰ কথা শুনি তাই সেমেনা সেমেনি কৰিবলৈ ল’লে। পিচে মই হাঁহি ৰখাব নোৱাৰিলোঁ। মাক হাঁহি হাঁহিয়ে বুজালোঁ, 

: আজিকালি মাক মোমায়েকৰ ঘৰলৈ সেইফালেদি মানে সেইফালৰ ৰাস্তাটোৰে যায়, সেইকাৰণে তুমি নেদেখা আক’।

 আচল কথা বুজি পায় মাৰো খুব হাঁহি উঠিল আৰু “জানো পাই, এইবোৰ শব্দ আগতে শুনিলেহে বুজি পালোঁহেঁতেন” বুলি কৈ আঁতৰি গ’ল।

লাহে লাহে মাৰ সেই ঠাইৰ মহিলাসকলৰ লগত বন্ধুত্ব হ’ল। ঠাণ্ডা দিনত দুপৰীয়া ভাত খাই আজৰি হৈ হাতে হাতে ঊল লৈ, আবেলি পদূলিমুখত ৰৈ কথা পতা আদি পৰ্ব আৰম্ভ হ’ল। এদিন দুপৰীয়াৰ কথা। মা আজৰি হৈ চোতালতে ৰ’দ লৈছে। তেনেতে ওচৰৰ দুগৰাকীমানো আহিলে আজৰি হৈ। কথাৰ মাজতে মায়ে এগৰাকীক সুধিলে,

: মিতালিৰ দেউতাক স্কুলৰ পৰা আহিলে চাগে ন? আপুনি সেয়ে তেখেতক ভাত দি আজৰি হৈ আহিব পাৰিলে (তেখেত শিক্ষক আছিল)।

 ইগৰাকীয়ে ক’লে,

: নাই কত আহি পালাক? মই ভাত খেনি টেবুলত আৰাল দি থৈ আইছু।

এৰাল দিয়া বুজি পোৱা মায়ে আচৰিত হৈ সুধিলে,

: য়ে ভাতৰ থালখন নো টেবুলত বান্ধি থৈ আহিব লাগে নে। কিহেৰে বান্ধিলে বাৰু হয়নে?

এইবাৰ তেখেতৰ হাঁহিৰ পাল। কাষতে ৰৈ থকা এগৰাকীয়ে বুজাই দিলত হে হ’ল,

: এৰাল নহয় আৰাল দিছে, মানে ঢাকি থৈছে।

নিজৰ ভুল হোৱা দেখি মায়েও খুব হাঁহিলে। লগতে নতুন শব্দ এটাও শিকিলে যেনিবা। আন এদিনাখনৰ কথা। আমৰ বতৰ। সকলোৱে আচাৰ বনোৱাত ব্যস্ত। পিচে বতৰে বিধি পথালি দিবলৈ ল’লে। বৰষুণৰ মাজে মাজে এচেৰেঙা ৰ’দ ওলাই, আৰু মায়ে আচাৰ শুকুৱাবলৈ দলাখন ৰ’দলৈ উলিয়াই। তেনেকৈয়ে তিনি চাৰি দিনমান গ’ল। এদিন আবেলি সময়ত এই বিষয়টো লৈ মাহঁতৰ মাজত কথা ওলাল, যে ৰ’দ ভালকৈ নিদিয়া বাবে আমৰ আচাৰৰ দলাখন উলিওৱা সোমোৱা কামটো বৰ আমনিদায়ক হৈছিল৷ তেনেকুৱাতে ওচৰৰ খুৰী এগৰাকীয়ে ক’লে,

: এ মই অলেই সমেই থাকি বৰ দিগদাৰ পাও এ। সেই কাৰাণে কাথিতে দি থৈ দিছু আম গিলা।

কথা শুনি মায়ে যি বুজিলে বুজিলে আৰু। ওলোটাই তেওঁক সুধিলে,

: উৱা আমবোৰ হ’বলা বাঁহৰ কাঠিত খুচি খুচি শুকুৱাইছে নি। আমি আক’ দলা বা চালনীতহে দিওঁ।

 কাষতে ৰৈ থকা মইজনীৰ আকৌ পাল পৰিল, মাক বুজোৱা।

: মা খুৰীয়ে আমৰ দলাখন বাৰাণ্ডাত দি থৈছে বুলি কৈছে। তাতেই যি শুকাই শুকাব।

মায়ে নিজৰ ভুলটো বুজি হাঁহি হাঁহিয়ে ক’লে,

: অ’ কথা তেন্তে সেইটোহে? কেতিয়াকৈ যে শব্দবোৰ শুদ্ধকৈ বুজিব পাৰিম?

এনেকৈয়ে ভুলে শুদ্ধই শুনি শুনি এসময়লৈ মায়েও কথাবোৰ ভালকৈয়ে বুজি পোৱা হ’ল। কিন্তু তাৰ আগৰ সময়কণ বেচ ৰসাল অভিজ্ঞতাৰে ভৰা আছিল।

☆ ★ ☆ ★ ☆

2 Comments

  • মুনমুন

    ভাষা বুজি নোপোৱাত সমস্যা হ’লেও কেতিয়াবা আকৌ আমোদজনক ঘটনা কিছুমানৰো সন্মূখীন হোৱা যায়। ভাল পালোঁ পঢ়ি।

    Reply
  • ডলী

    বহুত ভাল লাগিল বা

    Reply

Leave a Reply

Your email address will not be published.