ফটাঢোল

মাৰ চাদৰৰ আঁচল – বিকাশ শইকীয়া

আপুনি চিটিবাছত গৈ থাকোতে বাছখন য’তে ত’তে ৰখাইছে। প্ৰতিটো ষ্টপেজত দুইৰ পৰা চাৰি মিনিট সময় অযথা ৰখায় থৈছে। আপুনিও একো মাত মতা নাই, কাৰণ আপুনি বুজি পায় যে বাছচালক, হেণ্ডিমেন, বাছৰ মালিক সকলোৰে একো একোটাকৈ পৰিয়াল আছে। যাত্ৰী বেছি হোৱাটো তেওঁলোকৰ কাম্য। কিন্তু এইয়া কি, বাঘে খেদা হৰিণাটোৰ দৰে হঠাৎ জাঁপ এটা মাৰি বাছখন তীব্ৰ বেগত গতি কৰিছে। কাৰণ? বেলেগ এখন বাছে এইখনক ‘অভাৰটেক’ কৰি গৈছে। গতিকে দুখন বাছৰ মাজত “বাছ-ৰেচ” আৰম্ভ। বাছৰ গতি দেখি তেত্ৰিশ কৌটি দেৱতাৰ কোনজনৰ নাম ল’ব? ইতিমধ্যে আপোনাৰ নামিবও হ’ল। দুৱাৰ মুখলৈ আহি নিদিষ্ট ষ্টপেজটোত ৰখাবলৈ হেণ্ডিমেনক ক’লে। কিন্তু বাছ নৰখিল। আপুনি দুটামান বিকট চিঞঁৰ মাৰিলে তথাপিও নৰখিল। অনিচ্ছা সত্বেও এটা বাঘ ঢকা বাছখনৰ দুৱাৰত মাৰিলতহে প্ৰায় এক দেৰ কিলোমিটাৰ দূৰত বাছখন ৰখিল।এনে সময়ত চ’ত মহীয়া ৰ’দৰ দৰে প্ৰখৰ ৰ’দত বাছখনৰ পৰা নামি গন্তব্যস্থানলৈ কপালৰ ৰেখা কেইডাল প্ৰকট কৰি ভোজনী নোপোৱা বামুণটোৰ দৰে নিজৰ মনতে দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ বুলি ভোৰভোৰাই খোজ কাঢ়ি আহি অদৰকাৰত সময় নষ্ট কৰি পাইছেনে? যদি পাইছে তেতিয়া কেনে লাগে বাৰু? খং উঠে নেকি ?

মোৰ কিন্তু নুঠিল। কাৰণটোও কৈ থৈ দিওঁ। মই প্ৰায়ে দূৰসংযোগ সেৱা কোম্পানীবোৰৰ অফাৰবোৰৰ মেছেজ আৰু ফোনকল গ্ৰহণ কৰো। এই কোম্পানীবোৰে এটাও দৰকাৰী অফাৰ নিদিয়ে। প্ৰতিযোগিতামূলক বজাৰখনত আগবাঢ়িবৰ বাবে অফাৰ নামৰ ভুজংগবোৰ মোলৈ-আপোনালৈ ছটিয়াই দিয়ে। দৰকাৰী সময়ত অদৰকাৰী অফাৰবোৰ শুনি সময় নষ্ট কৰাৰ মোৰ বেচ অভিজ্ঞতা আছে আৰু গড়ৰ চাল সহজে বিন্ধিব নোৱাৰাৰ দৰে আজিকালি মোৰ সহজে খং নুঠে। আজিও তেনে এটা ফোনকল বেংকৰ পৰা পালো। কথা পাতি উভতনি বাট বুলি থাকিলো, কথা পাতি খোজ কাঢ়িলে ভাগৰটো কম অনুভৱ হয়।

অলপ দূৰ খোজ কাঢ়ি আহি দেখো ডাঙৰ ফলক এখনত “বিকশিত অসম” বুলি লিখা আছে। তাতে কেৰম ব’ৰ্ডৰ দৰে মৃসন এটা ৰাস্তাৰ ছবি। কোন দেশৰ ৰাস্তা, দেশখনৰ নাম লিখা আছে নেকি বুলি চাই চাই আগবাঢ়োতে এটা ভৰি গাঁতত সোমাল।

সোমালে সোমাল বাৰু, চেন্দেলৰ ফিটা এপাতো ছিগিলে নহয়। ছেঃ…কি দৰকাৰী সময়ত অদৰকাৰী ফলকখন পঢ়িলো! আগতে গাঁতটো পাৰ হৈ পঢ়া হ’লে সমস্যাটো নহ’লহেঁতেন। চেন্দেলযোৰ টিভি-বিজ্ঞাপন দেখিহে লৈছিলো। বিজ্ঞাপনৰ মানুহজনচোন হাবিত বাঘে খেদাৰ পৰা এই চেন্দেলযোৰ পিন্ধা কাৰণেহে বাচি আহে আকৌ। ছেঃ…দৰকাৰী টকা কেইটাৰে বৰ অদৰকাৰী চেন্দেলযোৰ কিনিলোহে!

ঘৰ সোমোৱাৰ লগেলগে ভইটিয়ে চিঞৰ এটা মাৰিলে: “দাদা কাৰেন্টৰ এই মাহৰ বিল দিছিলিনে?” এতিয়াহে মনত পৰিছে, পাহৰি থাকিলো নহয়। দিনটোত ভালেকেইটা অদৰকাৰী কাম কৰি আহিলো, দৰকাৰী কামটো থাকি আহিল। যি হওক, কাইলে দি আহিম, এতিয়া দিলো বুলি মিছা ক’লে কোনেনো মোক জেল-ফাঁচি দিব! গতিকে পৃথিৱীৰ আটাইতকৈ চমু উত্তৰটো ” অ’ “।

পানী এবাল্টি লৈ মুখ-হাত ধুই থাকোতে মৃদু মৃদু ভোক এটাৰ অনুভৱ কৰিলো। ভাত নহ’লেও চাহ একাপৰ লগত কিবা এটা হ’লেও চলি যায়। টাৱেলখন হাতত লওঁতেই ফোনটো বাজি উঠিল। চিনাকি নম্বৰ, বাল্যবন্ধুৰ। হেল্ল’ বুলি ক’বলৈ নাপালোৱে-“অই হৈ গ’ল।”

মই ক’লো “কি হ’ল অ’?”
পুনৰ সি ক’লে “আৰে হৈ গ’ল। আজি সন্ধ্যা ক্লাবলৈ আহিবি কম।”

আৰে ক্লাবতে কৱ যদি ফোনটো কিয় কৰিলি। এটা অদৰকাৰী ফোন!

তেনেতে মায়ে মাত লগালে- “সোণ, দিনটোত কিবা খালি নে নাই? কালি তহঁতবোৰ শোৱাৰ পিছত পকা মিঠৈ বনাইছিলোঁ। মিঠৈ লগত চাহকে অকণ খা। ভাত অলপ পিছত খাবি।”

ভেজাল দিনটোত অকণ নিৰ্ভেজাল মৰমৰ অনুভৱ, অদৰকাৰী কথা-কামেৰে ভৰপূৰ দিনটোৰ যেন একমাত্ৰ এষাৰ গুৰুত্বপূৰ্ণ কথা। টাৱেলখন নামী-দামী আছিল যদিও ভৰিকেইটা মচি থৈ দিলো। মুখখন কিন্তু মচিলো মাৰ চাদৰৰ আঁচলেৰে।

■■

7 Comments

Leave a Reply

Your email address will not be published.