ফটাঢোল

মা আৰু লেণ্ডলাইন ফোন : ৰীতা সোনোৱাল

বহুত দিনৰ আগতে আনৰ ঘৰৰ দৰে আমাৰ ঘৰতো এটা লেণ্ডলাইন ফোন আছিল। ফোনটো আমাৰ ঘৰৰ মানুহখিনিৰ লগতে আমাৰ ওচৰৰ ফোন নথকা মানুহখিনিৰো বৰ মৰমৰ আৰু বিপদৰ বন্ধু আছিল। ফোনটোক কেন্দ্ৰ কৰিয়েই সেই সময়ত আমাৰ বৰ মধুৰ আৰু তিতা কেঁহা লগোৱ জাতীয় ঘটনা কিছুমানো ঘটিছিল। বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ আজিকালিৰ দৰে কথা পতাত অবাধ স্বাধীনতা নাছিল। কেতিয়াবা যদি প্ৰেমিকে ফোন কৰে আৰু এইফালে প্ৰেমিকাৰ দেউতাকে যদি ফোন ৰিচিভ্ কৰে তেন্তে ফোন নম্বৰটো ফোন কৰোঁতাজনে সদায় ৰং নম্বৰত লাগিল বুলি মাফ খোজে।

আগতে সাধাৰণতে আমাৰ ঘৰলৈ মোক বিচাৰি ফোন অহাতকৈ খুৰাহঁতক বিচাৰিহে বেছি ফোন আহে। খুৰা তেতিয়াৰ পলিটিকেল পাৰ্টি এটাৰ সৰু সুৰা লীডাৰ সেইকাৰণে তামাম ব্যস্ত হৈ থাকে। মাৰো ফোন ৰিচিভ কৰি কৰি আমনি লাগে। অন্যহাতে ঘৰলৈ অহা আলহীখিনিকো চাহ, তামোল, ভাতৰ যোগান ধৰিব লাগে। মাৰ মতে সেইসময়ত সাক্ষাৎ ভগৱান এজন আহিলেও মাৰ লগ কৰিবলৈ সময় নাই। দেউতা আৰু মোক কেতিয়াবা অকল দাইল পানীৰেও ভাত খোৱাই স্কুল কলেজ পঠিয়াই দিয়ে। মোৰ মাৰ বিশেষ গুণ কিছুমান আছে। কোনো নহ’লেও অকলেই চাকিটো, লেম্পটোৰ লগতো কথা পাতি থাকিব পাৰে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মায়ে দমকলটোৰ পৰা ৰাতি পাকঘৰ সৰা সোঁতাটোলৈকে সকলোৰে লগত কথা পাতে।

এবাৰ আমাৰ ঘৰৰ কাষৰ ৰাস্তাটোৰে ল’ৰা দুটা গ’ল চাইকেল মাৰি। অলপ দূৰ যোৱাৰ পাছত দুইটাই চাইকেল ৰখাই হাঁহি আছে। কিনো হ’ল অলপ উমান লৈ গম পালোঁ, মায়ে ৰাস্তাৰ কাষৰ আমাৰ ভঁৰাল ঘৰটোৰ তলত তাঁত বৈ আছে আৰু তাঁতশালখনৰ লগত ভীষণ ব্যস্ত হৈ কথা পাতি আছে। প্ৰশ্নও নিজৰ, উত্তৰো নিজৰ। তাত আন এজন সোমাবলৈ ঠায়ে নাই। ল’ৰা দুজনে, মানুহজনীয়ে কেনেকৈ অকলে অকলে ইমান কথা পাতি আছে বুলি চাইকেল ৰখাই হাঁহি আছে। মই জনাৰ পৰা আমাৰ মা তেনেকুৱাই। কথা ক’লে সমুখৰজনে কি কৈছে নুশুনেই, নিজৰখিনি শেষ কৰি ল’ব পাৰিলেই ৰক্ষা বুলি ভাবে। ফোন কৰিলে নিজৰখিনি কৈ ফোন কাটি থৈ দিয়ে তাৰপাছত আপুনি এডৰা বকিলেও লাভ নাই। সিফালৰ পৰা ফোন কটাৰ টিট্ টিট্ শব্দটো আহি থাকে। ফোন ৰিচিভ কৰি উত্তৰ দি থাকিবলৈও মায়ে তেতিয়া বিৰাট আমনি পাইছিল। ঠিক তেনেকুৱা দিনতে এদিন ৰাতিপুৱা ফোন এটা আহিল। মায়ে ফোন ৰিচিভ কৰিছে। সিফালৰ পৰা সুধিছে অমুক আছেনে? অমুক মানে আমাৰ খুৰাৰ কথা সুধিছে। মাক সেইসময়ত খুৰায়ে শিকাই থৈছে যে যিকোনো মানুহে ফোন কৰিলে মোক ফোন নিদিবি, মই নাই বুলি কবি। মায়ে ৰাতিপুৱাই ৰাতিপুৱাই হ’ব দে বুলি ভাবি ফোন কৰা জনক সুধিছে, আপুনি কোন নো? সিফালৰ পৰা সিজনে কি উত্তৰ দিলে মই গম নাপালোঁ কিন্তু এইফালৰ পৰা মায়ে কোৱাখিনি মই পুৰা শুনিলোঁও, দেখিলোঁও। মায়ে ফোনৰ ৰিচিভাৰটো মুখৰ ওচৰত লৈ কাষৰ কোঠালিত শুই থকা খুৰাক চিঞৰি সুধিছে,

: ঐ ভাইটি অমুকে ফোন কৰিছে, তই আছ বুলি কওঁ নে নাই বুলি কওঁ।

সিফালৰ পৰা ফোন কৰাজন বোলে হতবাক।

: অ’ বৌদেউ মই পাছত ফোন কৰিম আপোনাৰ দেওৰ আহিলেও মই এতিয়া কথা পাতিব নোৱাৰিম৷

বুলি হাঁহি হাঁহি কথা ক’ব নোৱাৰা হ’ল।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.