ফটাঢোল

মিছা মতাৰ আনন্দ : ৰশ্মিৰেখা বৰগোহাঞি

-“হেল্ল’ বোৱাৰী, তোমালোকৰ ভালনে?”

-“ভাল ভাল দেউতা আমি একদম ভালে আছোঁ।” (‘ক’ব নোৱাৰোঁ পুতেকৰ, মানে এখেতৰ গাটো ভাল নহয়, ব্লাড প্ৰেচাৰ বহুত বেছি, চুগাৰো হৈছে, ৰাতি মোৰ টোপনি নাহে, শ্লীপিং টেবলেট খাওঁ আৰু কত কি!)

-“মই কোৱাৰ ধৰণে হালধি-গাখীৰ খাই আছানে তোমালোকে?”

-“অ..মানে..(এজনাই অংগী ভংগী কৰি বুজাই আছে , খাইছোঁ বুলি কোৱা) হয়..হয়..দেউতা খাই আছোঁ।”

গোকাট মিছা কেইষাৰ ক’ব লগা হ’ল শহুৰ দেউতাক ফোনতে। তেওঁক কোনোবাই ফৰৱাৰ্ড কৰা হোৱাটচাপ মেছেজ তেওঁ আমালৈও পঠিয়াইছিল। ৰাতিপুৱা খালি পেটত গাখীৰ বা পানী এগিলাচৰ লগত এচামুচ হালধি খালে বোলে ক’ৰোণা ভাইৰাছ নাপাত্তা হৈ যায়। তেখেতে কথাষাৰ মনে-প্ৰাণে মানি লৈ এতিয়া ল’ৰা-ছোৱালী সকলোকে মানিবলৈ বাধ্য কৰাব বিচাৰে। আমিও চেষ্টা নকৰা নহয়, কিন্তু এদিন দুদিন খোৱাৰ পাছত কোনোমতে নোৱাৰিলোঁ, বৰ অকতা অকতা লাগে। সেয়ে আজি মিছা কথাষাৰ মাতিব লগা হ’ল।

এখেতৰ মতে “একো নহয় দিয়া হে, কাৰো একো অপকাৰ হোৱা নাই নহয়, এইখিনি মিছাতে তেখেতো খুচ, আমিও খুচ!”

বহু সময়ত বিভিন্ন সময়ত বিভিন্ন কাৰণত আমি সকলোৱে মিছা কথা কওঁ বা ক’ব লগা হয়। মোৰ বোধেৰে এই মৰতত নিজৰ বুকুত হাত দি মই আজিলৈকে মিছা কথা কৈ পোৱা নাই বুলি কোৱা যুধিষ্ঠিৰ এজনো নোলাব। ময়ো তেনেকুৱাই এজন মনুষ্য। হ’লেও অনাহক, অপ্ৰয়োজনীয়, আনক আঘাত দিয়া মিছা কথা কোৱা মনত নপৰে। নিজকে স্পষ্টবাদী, সদায় সঁচা কথাই কওঁ বুলি অলপ বাহাদুৰিও মাৰিব পাৰোঁ‌। তথাপি কেতিয়াবা  অনুুুভব হয় আমি যেন মিছাৰ মাজতেই জীয়াই থাকোঁ। কেতিয়াবা মিছা মতাৰ আনন্দও লাভ কৰোঁ। তেনে সৰু ঘটনা এটি আপোনালোকক ক’ম। কিন্ত সেইবুলি শহুৰ দেউতাক মিছা মাতি মই কেতিয়াও আনন্দ লাভ কৰা নাই, অস্বস্তি পাওঁ, মনটো বেয়া লাগে। কিন্তু কেতিয়াবা কিছুমান মিছাৰ আঁৰত ভেজা দি থাকে একোটা মনোৰম কাহিনী।

স্বামী কৰ্ম সূত্রে কেইমাহমানৰ বাবে দক্ষিণ-কোৰিয়ালৈ  যাব লগাত পৰিল। সেই সুযোগতে অলপ দিনৰ বাবে মইও ঠাইখন চাই আহোঁ বুলি ওলালোঁ। আগতে বিদেশ ভ্ৰমন কৰা কোনো অভিজ্ঞতা নথকাকৈ কেনেকৈ যে অকলেই ওলালোগৈ সেয়া বেলেগ কাহিনী। ভৰি থৈয়ে মুখামুখি হোৱা আটাইতকৈ ডাঙৰ অসুবিধাটোৱেই হৈছে ভাষা-বিভ্ৰাট। তাত কোনোৱেই ইংৰাজী নকয়। নিজৰ মাতৃভাষাতেই তেওঁলোকে সকলো চৰ্চা কৰে। তাত ভৰি দিয়াৰ আগতে য়ুটিউৱো যে কোৰিয়ান ভাষাত থাকিব পাৰে ভবাই নাছিলোঁ। মাতৃভাষাৰ দ্বাৰা কি কৰিব নোৱাৰি ইয়াতকৈ ভাল উদাহৰণ নাই। সেইকথা বেলেগ এদিন ক’ম।

ৰাজধানী চহৰ চিউল (Seoul)ত দ্বিতীয় দিনৰ কথা। স্বামীয়ে কামৰ পৰা ছুটী ল’ব নোৱাৰে গতিকে মই অকলেই চহৰখন চোৱা-মেলা কৰিব লাগিব। গেংনাম (gangnam) বোলা ঠাইখন হোটেলৰ পৰা বেছি দূৰ নহয়। ট্ৰেইনেৰে দুই তিনিটা ষ্টে’চন পাৰ হৈয়ে পায়। তাত আকৌ সকলোৱে চৰকাৰী পৰিবহনহে ব্যৱহাৰ কৰে।তাৰ পৰিবহণ ব্যৱস্থাৰ ৰূপ দেখিলে চকু কপালত উঠিব। সমগ্র ৰে’লৱে ব্যৱস্থা আন্দাৰগ্ৰউণ্ড মানে মাটিৰ তলত। বৃহৎ বৃহৎ মল, (mall) বজাৰ (shopping point) সব মাটিৰ তলত। যিকি নহওক মনত অলপ সংশয় লৈ অকলেই ওলালোঁ। হোটেলৰ ৰিছেপচনত ইংৰাজীতে সুধিলোঁ ঠাইখনলৈ কেনেকৈ যাম, ধুনীয়া ছোৱালীজনীয়ে কোৰিয়ানতে কিবাকিবি কৈ subway মানে ট্ৰেইনৰ মেপ এখন ধৰাই দিলে। মকৰাৰ একাঁ-বেঁকা জাল এখনৰ দৰে মেপখনৰ একো মাথা-মুণ্ড বুজি নাপালোঁ। যি হয় হ’ব বুলি অলপ দূৰত থকা ষ্টে’চনটোৰ তললৈ সোমাই গৈ বেলেগ এখন পৃথিৱীত সোমাই পৰিলোঁ। দোকান পোহাৰেৰে জলমলাই থকা এটা ষ্টে’চন। অনেক ট্ৰেইনৰ আহ-যাহ, বহুতকেইটা লাইন বেলেগ বেলেগ ৰঙৰ। সকলোবোৰ কোৰিয়ানত লিখা, থৰ লাগি অলপ দেৰি ভাবিলো-তাতে অলপ বজাৰ সমাৰ কৰি ঘূৰিয়ে যাওঁ নেকি! কিন্তু ঘূৰি গৈ হোটেলত সোমাই থাকি শুই থাকিলেতো নহ’ব। চিন্তা কৰি আগবাঢ়ি গ’লো। ডেকা এজনক আগভেটি ধৰি ইংৰাজীতে সুধিলোঁ বোলো গেংনাম কোনখন ট্ৰেইনত কোনটো লাইনত যাব লাগে। ল’ৰাজনে মোৰ মুখলৈ চাই থাকিল। হঠাতে মোৰ মূৰত এটা কথা খেলালে। (এনেয়ে মোৰ মূৰত সময়ত কথা নেখেলাই কিন্তু) গুগলত ইংৰাজীত টাইপ কৰি কোৰিয়ান লৈ অনুবাদ কৰিব পাৰি, ধন্য প্ৰযুক্তি বিদ্যা। তাকে টাইপ কৰি ল’ৰাজনক দেখুৱালোঁ‌, সি লগে লগে বুজি পালে। নিজৰ মোবাইলত সিয়ো টাইপ কৰি মোক দেখুৱালে বোলে সিয়ো তালৈকে যাব, মই তাৰ পাছে পাছে গ’লেই হ’ল। উফ প্ৰভু, ইমান ডাঙৰ সমস্যা এটা সমাধান কৰিব পাৰি মোৰ কি যে ফূৰ্তি! তাৰ পিছে পিছে গৈ লাইনত থিয় হ’লো। তাত আকৌ দুজন মানুহ থাকিলেও লাইনত থিয় হয়, কোনেও কাকো ক’ব নালাগে। লগে লগে ট্ৰেইন আহিল, উঠিলোঁ, ছিটত বহিলোঁ। ল’ৰাজনক ফোনতে টাইপ কৰি ধন্যবাদ জনালোঁ। সিয়ো হাঁহি হাঁহি মূৰ দুপিয়ালে। আমাৰ সৌজন্যতাৰ কথা-বতৰা যেনে, মই ক’ৰ হয়, কি কৰোঁ সকলো গুগুল অনুবাদতে চলি থাকিল। এপাকত সি কিবা এটা টাইপ কৰি মোক বৰ আগ্ৰহেৰে দেখালে, মুখত তাৰ প্ৰশ্নবোধক চিন, মোক সুধিছে “do you like k-pop?”

এতিয়াহে ফচিলোঁ, জনাই জানে যে ‘k-pop’ হৈছে জনপ্রিয় কোৰিয়ান পপ সংগীত, যিটো মই জীৱনত কেতিয়াও শুনি পোৱা নাছিলোঁ। কি কৰোঁ! ল’ৰাজনৰ মুখখন চাই বিমুখ কৰিবৰ মন নগ’ল, টাইপ কৰিলোঁ বোলো মই k-pop বিৰাট ভাল পাওঁ, মোৰ দেশতো সকলোৱে ভাল পায়।  চাওকচোন একদম মিছা কথা এটা হাঁহি হাঁহি কৈ দিলোঁ। কিন্তু তাৰ বিনিময়ত তাৰ মুখত যি অনাবিল আনন্দ বিয়পি পৰিল মইও সমানে আনন্দিত হ’লোঁ‌। সেয়াই মিছা কথা কোৱাৰ আনন্দ। এখেতৰ ভাষাত কাৰো একো অপকাৰ নকৰি বিমল আনন্দ লাভ কৰিলোঁ‌।

সন্ধিয়া ঘূৰি আহি স্বামীক বেছ সুখী যেন লাগিল, বোলে “তুমি যে অকলে ঘূৰি ফুৰি আহিব পাৰিলা, এইখন জেগাত, বৰ ডাঙৰ কথা।” মই মিচিকিয়াই তেখেতৰ বাঃ বাঃ ল’লোঁ। তেৱোঁ খুচ, ময়ো খুচ।

☆ ★ ☆ ★ ☆

11 Comments

  • Utpala Bhuyan

    এনেকুৱা মজাৰ কাহিনী বোৰ মোৰ পৰা লুকুৱাই ৰাখিছে হয় নে।পিছে পঢ়ি ভাল পালোঁ।আগলৈ আৰু পঢ়িব পাম বুলি আশা ৰাখিলোঁ।💟

    Reply
    • ৰশ্মি

      অলেখ কাহিনী সকলোৱে নিজৰ বুকুত কঢ়িয়াই ফুৰে। ভাগ বতৰা হে কৰা নহয়। তোমাক অশেষ ধন্যবাদ ।

      Reply
  • Pankaj Hazarika

    অনুপম

    Reply
  • HEMANTA KAKATI

    মজা লাগিল৷ লৰাটোক মই হলে “অ’পা গেংনাম ষ্টাইল” গীতটো গাই শুনালো হেতেন!

    Reply
    • Anonymous

      প্ৰব্লেম হল মোৰ গান টোৰ এটা লাইন হে মনত আছিল।😄😄

      Reply
  • Anonymous

    পঢ়ি ভাল লাগিল 🙂

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • Sadananda Bhuyan

    সুন্দৰ ভ্ৰমন কাহিনী , পঢ়ি বহুত ভাল লাগিল ।

    Reply
    • ৰশ্মি

      প্ৰব্লেম হল মোৰ গান টোৰ এটা লাইন হে মনত আছিল।😄😄 ধন্যবাদ

      Reply
      • Anonymous

        ধুনীয়া ! –আগলৈ আৰু পাম বুলি আশা থাকিল

        Reply

Leave a Reply

Your email address will not be published.