ফটাঢোল

মিথ্যাচাৰ – পাৰ্থ প্ৰতীম শৰ্মা

(এই কাহিনী সম্পূৰ্ণ কাল্পনিক। কোনো ব্যক্তি, ঠাই বা কোনো পৰিস্থিতিৰ লগত ইয়াৰ সামঞ্জস্য থাকিলে সেয়া কাকতলীয়া সংযোগ মাথোন।)

স্নাতক শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। আমাৰ গোটেইবোৰৰ মাজত মহন্তই উত্তম পৰ্যায়ৰ মিছা কথা ক’ব পাৰিছিল। মিছা কথা কৈ থাকোঁতে তাৰ মুখত যিমানখিনি আত্মবিশ্বাস দেখা যায়, সেয়া আনকি সঁচা কথা কৈ থাকিলেও দেখা পোৱা নাযায়। তদুপৰি কেতিয়াবা মিছা কথা কৈ ধৰা পৰিলেও হেঃ হেঃ কৈ মনখোলা হাঁহি মাৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত মহন্ত ওস্তাদ। পিচে মানুহৰ দিন-কাল সদায় একেদৰে নাযায়।

সেই দিনটো আছিল ২০১৪চনৰ ১৪ আগষ্ট। আবেলিৰ ক্লাছ আছিল এজন গেষ্ট লেকচাৰাৰৰ। সেই শিক্ষকগৰাকী আমাৰ সকলোৰে বৰ মৰম আৰু শ্ৰদ্ধাৰ আছিল। পিচে তেওঁৰ পঢ়োৱাৰ ধৰণটো কিছু আমনিদায়ক আছিল। তেওঁ বৰ বেছি কথা নকৈ কেৱল বোৰ্ডত লিখি গৈছিল। শিক্ষক, জ্যেষ্ঠ আৰু ব্যক্তিগত পৰ্যায়ত তেওঁক খুব ভাল পাইছিলোঁ যদিও তেওঁৰ পঢ়োৱাৰ ধৰণটো মই একেবাৰেই পচন্দ নকৰিছিলোঁ। আনকি মই এতিয়াও ভাবোঁ-জ্ঞান আৰু অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ যিমান চহকী, তেওঁ ইচ্ছা কৰাহেঁতেন বহুত ভাল ধৰণে শিক্ষাদান কৰিব পাৰিলেহেঁতেন। তেওঁৰ ক্লাছ ভাল নোপোৱাৰ তালিকাত মোৰ লগত শ্ৰেণীটোৰ প্ৰায়খিনিয়েই আছিল। একেবাৰে শীৰ্ষস্থানত আছিল আমাৰ মহন্ত। সেই ক্লাছটোত মহন্ততকৈ বেছি আমনি কোনোবাই পাইছিল বুলি মনে নধৰে। ১৪ আগষ্টৰ আবেলি মহন্ত ঘৰলৈ যোৱাৰ কথা। সিয়েই প্ৰস্তাৱ দিলে-

: ঐ আজি আৰু কোৱাণ্টামৰ ক্লাছ নকৰোঁ দে। ঘৰলৈ যাওঁ ব’ল।

কোৱাণ্টামৰ ক্লাছ কৰিবলৈ কাৰোৱেই মন নাই। কিন্তু সমস্যা হ’ল- ছাৰক কোনে ক’ব? কি বুলি কৈ ক্লাছটো বাতিল কৰিব পৰা যাব? অলপ চিন্তা কৰি আমাৰ বুদ্ধিৰ ভঁৰাল মহন্তই উপায় এটা উলিয়ালে। ছাৰলৈ ফোন লগাই সি ক’লে,

: হেল্ল’ ছাৰ। আজি মানে কি হ’ল… আমাৰ লগৰ কোনো অহাই নাই। অকল পাৰ্থ আৰু মই আহিছিলোঁ। পাৰ্থও বোলে এতিয়া ঘৰলৈ যাব। অকল মইহে আছোঁ। আজি আৰু ক্লাছ নকৰোঁ নেকি ছাৰ।

: ধেৎ তেৰি! তোমালোকে মোক আগতে ক’লেও হয়। মই ইতিমধ্যে ঘৰৰ পৰা ওলাই আহিলোৱেই নহয়। পাৰ্থক থাকিবলৈ কোৱা নহ’লে… তোমালোক দুয়োকে পঢ়াই দিম।

: নাই ছাৰ। পাৰ্থ ইতিমধ্যে জালুকবাৰী পালেই। বাছতো উঠিলেই চাগে যিমান দূৰ সম্ভৱ।

: দিয়া ঠিক আছে দিয়া। নেক্সট ক্লাছত লগ হ’ম।

হীৰকে ফোন কৰাৰ আগতেই চৰ্ত কৰি থৈছিল যে সি ছাৰৰ লগত কথা পাতিলে তাক আৰ্টছ কেণ্টিনত পৰঠা খোৱাব লাগিব। গতিকে আমিবোৰ আৰ্টছ কেণ্টিনতৱ গৈ বহিলোঁ। চাহ-পৰঠা খাই ওলাই আহি সকলোৱে নিজৰ নিজৰ বাট ল’লে। মহন্ত আৰু মই মেইন গেটৰ ফালে আহিলোঁ। দুয়ো কথা পাতি পাতি মচগুল হৈ আহি আছিলোঁ। হঠাতেই কোনোবাই মাত লগালে-

: পাৰ্থ?

মাতটোৰ উৎসলৈ চাই দেখিলোঁ- কোৱাণ্টাম পঢ়োৱা ছাৰজন…..

☆★☆★☆

3 Comments

  • Bagmita Rajkhowa

    হাঃ হাঃ ! তোমাৰ acting ৰ সৈতে live চাবলৈ মন গৈছে হে পাৰ্থ

    Reply
    • পাৰ্থ প্ৰতীম শৰ্মা

      হা হা। কৰিম কেতিয়াবা সুবিধা মিলিলে। ধন্যবাদ।

      Reply
  • হিৰণ্যজ্যোতি দাস

    মিছা কথাৰ ঠেং চুটি

    Reply

Leave a Reply

Your email address will not be published.