ফটাঢোল

মিলন-প্ৰিয়া : ৰূপাংকৰ চৌধুৰী

-তাৰ পিছত?
– তাৰ পিছত আকৌ কি! কাহিনীৰ অন্ত পৰিল।
– ইহ! কেনেকৈ হ’ব? কাহিনীৰ নায়ক আৰু নায়িকাৰ মিলনেই নহ’ল দেখোন?
– কিছুমান কাহিনী অপ্ৰাপ্তিতেই শেষ হয় প্ৰিয়া!

মিলন-প্ৰিয়া! নাটকীয় যেন লাগিছে ন’ নামবোৰ? মই নিজে দি লোৱা নাম নায়ক আৰু নায়িকাৰ। ও ভুল নুবুজিব। মিলনৰ কাহিনীৰ নায়ক নায়িকাৰ নহয়- মিলন আৰু প্ৰিয়া। এয়া আমাৰ কাহিনীৰ নায়ক আৰু নায়িকা- নায়ক মিলন আৰু নায়িকা প্ৰিয়া।

নায়ক আৰু নায়িকাৰ বৰ্ণনা দিলেই হ’ব জানোঁ? কাহিনী এটাও লাগিব। নিশ্চয়। ঠিক আছে তেন্তে আগবাঢ়ি যাওঁ আমি৹৹৹৹

মিলন আৰু প্ৰিয়া। নৱ বিবাহিতা দম্পতী। মিলনে কাহিনী কৈ ভাল পায় আৰু প্ৰিয়াই শুনি। এখন অজান মুলুকলৈ লৈ যায় মিলনে প্ৰিয়াক প্ৰতিটো নিশাই। নহ’লে টোপনি নাহে প্ৰিয়াৰ। শনিবাৰে নিশা দীঘলীয়া কাহিনী শুনাব লাগে প্ৰিয়াক। আজি শনিবাৰ। আজিও তাৰেই আয়োজন৹৹৹৹

– মোৰ ভাল নালাগে অপ্ৰাপ্তি। কিয় শিখাই এৰি থৈ গ’ল এনেকৈ কাহিনীৰ নায়ক দীপকক?
– কাৰণ দীপকে মিছা কথা কৈছিল আৰু শিখাই মিছা কথা সহ্য কৰিব নোৱাৰে!
– এটা মাত্ৰ মিছা কথাত এনেকৈ কাৰোবাৰ প্ৰতি থকা গভীৰ ভালপোৱা নোহোৱা হৈ যাব পাৰে নেকি? কালি যদি মই কিবা মিছা কওঁ তুমিও যাবা জানোঁ মোক আঁতৰি? প্ৰেম, ভালপোৱা, অনুৰাগ এইবোৰ কি ইমান তৰল অনুভূতি নেকি?
– কিন্তু মিছা কোৱাটো জানোঁ দীপকৰ দোষ হোৱা নাই?
– ক্ষমা! শিখাই ক্ষমা কৰিব নোৱাৰিলে কিয় দীপকক? ইমান দিনৰ ভালপোৱা আৰু আন্তৰিকতা শেষ হৈ গ’ল এটা মিছা কথাতে?

এনেকুৱা কি আছিল সেই মিছা কথা যাৰ বাবে শিখাই দীপকক এৰি গ’ল?

সৰুৰে পৰা দীপক উচ্চাকাংক্ষী। সপোন দেখি সেই সপোনৰ পিছত দৌৰি ভাল পাইছিল দীপকে। লগতে আছিল সহজে হাৰ নমনা বিধৰ। বহুত কষ্টত ডাঙৰ হৈছে দীপক। তাৰ জেদত হাৰ মানি মাক আৰু দেউতাকে তাৰ সকলো অভাৱ পূৰণ কৰিছিল নিজে এসাঁজ নোখোৱাকৈ থাকি বহুতবাৰ। এনেবোৰ কাৰণতেই কিজানি উচ্চাকাংক্ষী দীপক হৈ পৰিছিল মহা জেদী। যিটো মন যায় সেয়া যেনেকৈ হ’লেও লোৱাৰ নামত জেদী। এনেদৰেই পাৰ হৈ গৈছিল দিনবোৰ আৰু দীপক আহি ভৰি দিছিল গুৱাহাটী ইউনিভাৰ্চিটিত!

ইউনিভাৰ্চিটি বুলিলেই যেন ৰঙা। মন ৰঙা, ৰঙা কৃষ্ণচূড়া আৰু ৰঙীন উজাগৰী নিশাবোৰ। এটি আৰু আৰচিচিৰ বন্ধৰূমবোৰত উম লাগি উঠা ৰঙীয়াল আড্ডাবোৰ! আড্ডাৰ ৰঙবোৰো যদি আৰম্ভ হয় ৰঙা কৃষ্ণচূড়াত তেন্তে শেষ হয় কাৰোবাৰ ৰঙা চুৰিদাৰৰ আঁচলত ধৰি। এনেকুৱা বহুতো আড্ডাৰ অংশীদাৰ হৈছিল দীপকে। কেতিয়াবা সি থকা এটি হোষ্টেলৰ ৰুমত নাইবা কোনো আৰচিচিৰ বন্ধকোঠাত। মাতাল হৈ গভীৰ নিশা কেতিয়াবা তাতেই শুই পৰে আৰু কেতিয়াবা হলং পলংকৈ আহি সোমাই নিজৰ ৰুমত। কেতিয়াবা যদি আড্ডাত উঠে হাঁহিৰ ৰোল, আন কোনোবা দিনা আড্ডাবোৰ হৈ পৰে বিষাদ গাথা!

তেনে এক বিষাদগ্ৰস্ত নিশাতে তাক বিকাশে বুদ্ধি দিলে-

– প্ৰেম কৰ।
– ধেৎ! মাহৰ শেষত পইচা নিমিলা বাবে গেলা খাব লগা অৱস্থা হয় আৰু বপুৰাই ভাল বুদ্ধি দিছে প্ৰেম কৰ!
– ও। তোৰ মনৰ সুখ-দুখবোৰ সুস্থভাৱে আলোচনা কৰিবলৈ কোনোবা এজনীৰ লগত প্ৰেম কৰ।
– ধেই! কি ‘কামোৰ’ দি আছ’? প্ৰেম বহুত দামী বস্তু আজিকালি। আমাৰ পকেটে ঢুকি নাপায় ও বন্ধু! তাতকৈ সেই শনিবৰীয়া ৰঙীন মেহফিলবোৰেই ভাল। ‘দাম কম বস্তু ভাল’ জাতীয়। মগজুৰো ভাল কছৰত হয় সোঁপন্থী বাওঁপন্থীৰ মাজত।
– তই চোকা ল’ৰা। খেলা-ধূলাতো পাৰ্গত। ছোৱালী এজনীৰ মন জয় কৰিবলৈ বেছি কষ্ট নহ’ব।

বিকাশৰ আগত মনৰ ভাৱ খুলি প্ৰকাশ নকৰিলে। দীপকৰো মন নোযোৱা নহয়। কাৰ ভাল নালাগেনো এজনী সুন্দৰী যুৱতীৰ মন জয় কৰিবলৈ সেই বয়সত! কোনোবা এজনীৰ লগত কৃষ্ণচূড়াৰ ৰঙাবোৰক সাক্ষী কৰি মনৰ কথা পাতি হাতে হাত ধৰি যাবলৈ মন নোযোৱা নহয় দীপকৰ। মনে মনে দীপকৰ মন জয় কৰা জনীয়েই আছিল শিখা শৰ্মা।

পৰিসংখ্যা বিভাগৰ শিখা শৰ্মাক মনৰ গোপন কোঠাত নিজৰ বুলি ভাবিবলৈ দীপকে আৰম্ভ কৰি দিছিল। কিন্তু আন কাৰো সন্মুখত সেই কথা খুলি কোৱা নাছিল। ভয় হৈছিল দীপকৰ। কিজানি কোনোবাই শিখাক কৈ দিয়ে! কিজানি শিখাই আহি দীপকক কথা শুনাই গুচি যায়। জেদী দীপকক সেই সময়ত বান্ধি ৰাখিছিল উচ্চাকাংক্ষী দীপকজনে। এতিয়াও বহুত বাট আগুৱাই যাবলৈ আছে। বহুত সপোন আছে দিঠকত পৰিণত কৰিবলৈ। সেয়েহে ঘনিষ্ঠ বন্ধু বিকাশকো কোৱা নাই শিখাৰ প্ৰতি জন্মা দুৰ্বলতাৰ কথা।

চাপৰিলে জানোঁ মেঘ আঁতৰি যায়! ওহো! কেতিয়াও নাযায়। য’তেই বাঘৰ ভয় ত’তেই ৰাতি হয়! চেমিষ্টাৰ পৰীক্ষাৰ কিছুদিন আগত। হোষ্টেলৰ লগতে গোটেই ইউনিভাৰ্চিটিত নিমাওমাও পৰিৱেশ। দীপকেও তাৰ প্ৰস্তুতি চলাই আছে হোষ্টেলৰ বন্ধ কোঠাত। অলপ দেৰি পিছতেই দৰ্জাত টক টক শব্দ। বাহিৰত শিখা শৰ্মা। কোনো কথাতে কাকো কেৰেপ নকৰা দীপকৰ ভৰিৰ তলৰ মাটি যেন কঁপিব ধৰিছে। এনেকুৱা নহয় যে হোষ্টেলত কোনোবা শিখাৰ নিজৰ বিভাগৰ কোনোবা সহপাঠী আছে! তেন্তে এই অবতৰত তাকো তাৰ ৰুমত শিখা শৰ্মা!

– ভিতৰলৈ আহিব পাৰোঁ নে মহাশয়!
শিখাৰ কথা-বতৰাত যেন তীব্ৰ শ্লেষ।
– আহা আহা।
এশ এবুৰি প্ৰশ্নই দোলা দি আছে দীপকৰ মনৰ ভিতৰত। নিজকে সংযত কৰিলে দীপকে।
– কি কাৰণত আহিলোঁ সোধা নাই যে এতিয়ালৈকে তুমি?
– এনেকুৱা পৰীক্ষাৰ বতৰত আহিছা মানে নিশ্চয় গুৰুত্বপূৰ্ণ কামতে আহিছা নিশ্চয়। বেছি দৰকাৰী কিবা কথা থাকিলে ফোন কৰিব পাৰিলা হয় দেখোন। আমাৰ ডিপাৰ্টমেন্টৰ পাকিজা তোমাৰ ৰুমমেট নহয় জানোঁ? তাইৰ লগত মোৰ ফোন নম্বৰ আছিল দেখোন!
– পাকিজাৰ লগত আৰু বহুত কিবা-কিবি আছিল। সেয়েহে মই নিজেই আহিবলগীয়া হ’ল তোমাক লগ কৰিবলে।
– কিবা এনেকুৱা আছিল?
– এটা কথা কোৱা তোমালোক ল’ৰাবোৰ কিয় ইমান অপৰিপাটি আৰু অসাৱধান?
– কি হ’লনো? খুলি নোকোৱা কিয়?
– আই লাভ ইউ! এণ্ড আই ন’ ইউ টু লাভ মি!
– শিখা! বাট হাউ ইউ কাম টু ন’ এবাউট মাই ফিলিংৰ ফ’ৰ ইউ!
– সেয়ে সুধিছোঁ- তোমালোক ল’ৰাবোৰ কিয় ইমান অসাৱধান? পাকিজাৰ লগত তোমাৰ নোটবুক এখন আছে। য়েছ? তাত শেষৰ পৰা তিনি নম্বৰ পৃষ্ঠাত কি আঁকিছা আৰু কি লিখিছা?

ইচ! সঁচাকৈ ইমান বেঙা বেঙা লাগিছে দীপকৰ নিজকে কিবা! সিদিনা দুপেগ বেছিকৈ পেটত সুমুৱাই অলপ আবেগিক হৈ গৈছিল। পঢ়া টেবুলত বহি আছিল যদিও শিখাক মনৰ কথা খুলি ক’ব নোৱাৰাৰ দুখে কষ্ট দি আছিল। সন্মুখতে থকা নোটবহীৰ এখিলা পাতত কেতিয়া যে শিখা প’ট্ৰেইট এখন আঁকিলে আৰু নিজৰ গোটা আখৰেৰে লিখিলে- ‘আই লাভ ইউ শিখা!’

তেনেদৰেই হঠাৎ আৰম্ভ হৈ গ’ল দীপক আৰু শিখাৰ প্ৰেম কাহিনী। শিখাৰ সংগত বহুতো বেয়া স্বভাৱ লাহে লাহে নোহোৱা হ’ল। প্ৰেম বহুত দামী বস্তু বুলি আক্ষেপ কৰি থকা দীপকৰ প্ৰেম চলি গৈ থাকিল। পকেটত কোনো প্ৰভাৱ নপৰিল। শিখাজনী অতি মৰমৰ হৈ গৈ থাকিল দিনক দিনে দীপকৰ। পঢ়া সাঙুৰিয়েই দীপকে চাকৰিৰ সন্ধানত নামি পৰিল। নিজৰ সক্ষমতাৰ ভিত্তিত কম সময়তে এটি চাকৰি যোগাৰ কৰিব লৈ সক্ষম হ’ল দীপকে। ঘৰুৱাভাৱে বিয়াৰ দিনবাৰ ঠিক কৰিবলৈ শিখাই তাগিদা দিলে দীপকক। দীপকে নিজৰ পিতৃ-মাতৃক ক’লে মনৰ কথা। কোনো ধৰণৰ আপত্তি নকৰিলে তেওঁলোকে। শিখাইও নিজৰ মাতৃ আৰু পিতৃক ক’লে। শিখাৰ পিতৃয়ে দীপকক এবাৰ লগ কৰিব বিচাৰিলে। সেইমতে এদিন সন্ধিয়া হাতত মিঠাইৰ টোপোলা লৈ দীপক গ’ল শিখাৰ ঘৰলৈ।

– শিখাৰ পৰা তোমাৰ বিষয়ে সকলো কথাই গ’ম পাইছোঁ। মোৰ বিশেষ কবলগীয়া নাই। মাথোঁ বিয়াৰ আগে আগে তোমাৰ ঘৰৰ মানুহক এবাৰ লগ কৰিব বিচাৰোঁ।
– নিশ্চয়। আপুনি যেতিয়া কয়।
– ঠিক আছে অহা দেওবাৰে ঠিক হ’ব যদিহে তোমাৰ কোনো অসুবিধা নাই।
– ঠিক আছে।

ঠিক নাছিল! মানে ঠিক নহ’ল সকলো কথা। শিখাৰ পিতৃ দীপকৰ ঘৰৰ পৰা উভতি অহাৰ পিছত সকলো শেষ হৈ গ’ল শিখা আৰু দীপকৰ।

– তুমি ইমান মিছলীয়া!
– কিয় শিখা!
– তোমাৰ জীৱনত ইতিমধ্যে এজনী থকাৰ পিছত তুমি কেনেকৈ ইমান আন্তৰিকতাৰে নাটক কৰি আছা মোৰ লগত? তোমাৰ লাজ নালাগিল! ছি!
– মোৰ কথা বুজিবলৈ চেষ্টা কৰা শিখা। প্লিজ!
– ভাগ্য ভাল যে বিয়াৰ আগতে সকলো কথা গ’ম পালোঁ। নহ’লে কিযে অৱস্থা হ’ল হয় মোৰ। তুমিতো তোমাৰ অভিসাৰ চলাই গ’লা হৈ দুয়োপিনে!
– প্লীজ শিখা ষ্টপ!
– ফুলষ্টপ। আজিৰ পৰা তোমাৰ আৰু মোৰ সম্পৰ্কত এটা মস্ত ডাঙৰ ফুলষ্টপ। এণ্ড দুন’ট এভাৰ ট্ৰাই টু কাম ক্লজ টু মাই লাইফ!৹৹৹৹৹৹

– কোৱা মিলন! দীপকৰ জীৱনত আছিলেই বাৰু কোনোবা। থাকিব পাৰে। তোমাৰ জীৱনতো আছিল মই অহাৰ আগত আন কোনোবা। মইতো কোনো দিনে সেয়া লৈ প্ৰশ্ন কৰা নাই।
– বাদ দিয়া প্ৰিয়া। সেয়া কাহিনী হে! বাস্তৱৰ লগত তাৰ কোনো মিল নাই বাবেই কাল্পনিক সেয়া। বহুত দেৰি হ’ল। ধুনু ছোৱালীৰ দৰে শুই যোৱা এতিয়া!
– না! মই ছোৱালী নহয়। মই এতিয়া তোমাৰ পত্নী! মিলনৰ প্ৰিয়া!

চোফাৰ পৰা প্ৰিয়াক দাঙি নি বিছনাত উঠাই দিলে মিলনে। সদায় প্ৰিয়াক এটা কাহিনী শুনাই মিলনে এনেদৰে বিছনাত উঠাই দি বেলকনিলৈ ওলাই আহে। এটি চিগাৰেট জ্বলায়। মিলনে মনতে ভাৱে- ‘কেনে আছে বা এতিয়া শিখাজনী! দীপকৰ মৰমৰ শিখাজনী! দীপকৰ নে মিলনৰ মৰমৰ শিখাজনী! হয় মিলনৰ শিখা!

সেইদিনা শিখাক একো মিছা কথা কোৱা নাছিল যদিও মিলনে সঁচাখিনিও খুলি কোৱা নাছিল। শিখাৰ দেউতাক আহিছিল মিলনৰ কাষলৈ সেই বিশেষ দেওবাৰত। তেখেতে কিন্তু মিলনৰ ঘৰলৈ যোৱা নাছিল। নিজৰ গাড়ীত বহুৱাই লৈ গৈছিল মিলনক এখন অচিনাকি ঠাইলৈ। এটি সৰু আছাম টাইপ ঘৰত এগৰাকী আদহীয়া মহিলা। ভিতৰৰ ৰুমলৈ লৈ গৈছিল মিলনক তেখেতে। এটি সৰু পোহৰ প্ৰায় নপৰা কোঠাত বিছনাত শুই আছিল এজনী মৰমলগা যুৱতী! শিখাৰ লগত বহুত মিল আছে। হয় শিখাৰ লগত মিল আছে বহুত শিখাৰ বাপেকৰ সামাজিক ভাৱে অবৈধ সন্তান প্ৰিয়াৰ!

গাড়ীত গৈ থাকোতে শিখাৰ পিতৃয়ে কৈ গৈছিল মিলনক-

– বুজিছা মিলন। শিখাৰ পৰা তোমাৰ বিষয়ে সকলো গ’ম পাইছোঁ। শিখাই সদায় তোমাৰ গুণ গাই থাকে। তোমাক এক অনুৰোধ কৰিব খোজোঁ। তুমি নিৰাশ নকৰিবা মোক।
– কওকচোন।
– মোৰ আন এখন সংসাৰ আছে চহৰৰ পৰা দূৰৰ এখন ভিতৰুৱা গাওঁত। মোৰ আন এজনী জীয়ৰী আছে সেইখন সংসাৰত। তুমি শিখাক নহয় তাইক বিয়া কৰাবা।
– আপুনি পাগল হৈছে নেকি! মোক কি বলিয়া বুলি ভাবিছে! আপোনাৰ পাপৰ বোজা মই কিয় মূৰ পাতি ল’ম?
– তুমি এবাৰ মাত্ৰ তাইক লগ কৰা। মোৰ বিশ্বাস তুমি তাইক লগ পোৱাৰ পিছত মোৰ প্ৰস্তাৱ নিশ্চয় মানি ল’বা।
– গাড়ী ঘুৰাওক নাইবা মোক ইয়াতে নমাই দিয়ক। মই এতিয়াই শিখাক আপোনাৰ সকলো কথা ক’ম। কি বুলি ভাবিছে আপুনি মোক?
– মিলন প্লীজ। ইমান দূৰ আহিলোঁ যেতিয়া কিয়নো এবাৰ লগ কৰি যাওঁ তেওঁলোকক।

মিলনে ভাবিলে। তাক কোনোপধ্যে শিখাৰ পিতৃয়ে জোৰ-জবৰদস্তি কৰিব নোৱাৰে। ইমান দূৰ আহিছে যেতিয়া তাৰ ভাবী শহুৰৰ এই সংসাৰখনো চাই যোৱাত কিহৰ আপত্তি!

মৰমলগা যুৱতীজনী শুই থকা কোঠাৰ টেবুলত বিভিন্ন কিতাপ ভৰ্তি হৈ আছে। বিছনাৰ কাষতে এখন হুইল চেয়াৰখন।
– মিলন। তাইৰ জন্মৰ পৰাই দুয়োখন ভৰি অকামিলা। মানসিক ভাৱে তাই সাংঘাতিক ভাবে তেজস্ব। এয়া চোৱা কিতাপ ভৰ্তি হৈ আছে তাইৰ কোঠাত। এই ঘৰৰ বাহিৰৰ পৃথিৱীখন তাই দেখা নাই। মাথোঁ পঢ়িছে কিতাপ-পত্ৰৰ যোগে।

প্ৰিয়া আৰু মাকক এৰি থৈ আহিছিল মিলনহঁতে। গাড়ীত আহি থাকোতেই প্লেনিং কৰিছিল কেনেদৰে শিখাক মিছা কথা ক’ব। কেনেদৰে অতি শীঘ্ৰেই মিলন হ’ব প্ৰিয়াৰ।

☆ ★ ☆ ★ ☆

4 Comments

  • কাবেৰী মহন্ত

    সুন্দৰ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভালেই লাগিল পিছে একমত হ’ব নোৱাৰিলো।

    Reply
  • Chandana Das

    ভাল লাগিল।কিন্তু সঁচাকৈ এনে হ’ব নালাগে

    Reply
  • Diganta Kumar Bhattacharya

    অলপ অগতানুগতিক…

    Reply

Leave a Reply

Your email address will not be published.