ফটাঢোল

মিলি দা মিলিয়নাৰ-অৰ্চন শৰ্মা

: ঐ, সেইটো অমুকা নহয়নে? কোনফালে যাৱ? এইফালে আহচোন কথা এটা আছে।

চিঞৰটো কাণত পৰাৰ লগে লগেই মূৰটো গৰম হৈ গ’ল। লগে লগে ঘূৰি চালোঁ, হয় মিলি দায়ে চিঞৰিটো মাৰিছে। মৰিলোঁ আৰু, এইজনে এতিয়া কমেও এঘণ্টা চুবাব।

: মিলি দা, আপোনাক পিছত লগ পাম দিয়ক, কাম এটা আছে।

ফাঁকি এটা মাৰি পলাব খুজিলোঁ। নপলালে উপায় নাই, তেওঁৰ মিলিয়নাৰ হ’ব পৰা আঁচনিবোৰত ইনভেষ্ট কৰিব পৰাকৈ মোৰ পকেটত বন্দী হোৱা পাঁচশ টকীয়া নোট এখনো নাই।

: কি ইমান যাওঁ যাওঁ কৰি থাক অ’! ব’ল চাহ একাপ খাই যাবি।

মিলি দাই মোৰ দুৰ্বল অংশত হাত দিলে, চাহৰ নামত মই তালিবানৰ লিডাৰৰ সৈতেও আড্ডা দিবলৈ প্ৰস্তুত। মিলিদাই চাহৰ কথা কোৱাৰ লগে লগে অনুভৱ কৰিলোঁ যে ডিঙিটো শুকাই অহা যেন ভাৱ হৈছে, তাতে ওচৰতে আছে কানায়া হোটেল, যাৰ চাহ শিঙৰা নামৰূপ বিখ্যাত, গতিকে চাহৰ লোভত অৰ্ধেক ত্যাগ কৰিবলৈ সাজু হ’লোঁ।

বাইকখন চাইডত লক কৰি মিলিদাক উদ্দেশ্যি ক’লোঁ

: ব’লক তেন্তে, কিন্তু পইচা মোৰ নাই দেই আপুনিহে খুৱাব লাগিব।

: ধেৎ, তোক পইচাৰ কথা কোনে কৈছে, সৰু সৰু পোৱালীবোৰ, আহ মোৰ লগত।

মিলিদাৰ পিছে পিছে খোজ দিলোঁ। মিলিদাৰ আচল নাম ৰঞ্জন মিলি, মিলি দা বুলি মাতোঁ, আচলতে আমাৰ বন্ধু মহলত মিলিদা তেওঁৰ জোকোৱা নাম হে যাৰ অৰ্থ হ’ল মিলিয়নাৰদা। তেওঁৰ ওচৰত মিলিয়নাৰ হ’ব পৰা উপায় বহুত, পিছে অল্পবিদ্যা ভয়ংকৰী কথাষাৰ তেওঁৰ বাবেই যেন সৃষ্টি তেনে যেন লাগে। নিজৰ উদ্ভাৱিত নানা কিটিপ ব্যৱহাৰ কৰি মিলিয়নাৰ হ’বলৈ যাওঁতে দিনক দিনে দেৱলীয়াহে হৈ গৈ আছে, পিছে হ’লেও তেওঁ চেষ্টা আৰু আশা দুয়োটাই এৰা নাই।

: বাৰু কলেজটো শেষ কৰিলিয়েই, এতিয়া কচোন কি কৰি আছ?

 চাহৰ কাপত চুমুক দি মিলি দাই আৰম্ভ কৰিলে।

: কিনো কৰিম আৰু মিলিদা, এতিয়া কি পঢ়িব পাৰোঁ চাওঁ, লগতে দুই এটা টিউশ্যন কৰি আছোঁ হাতখৰছৰ কাৰণে সিমানেই।

কানায়া হোটেলৰ বিখ্যাত শিঙৰা এটাত একামোৰ মৰাৰ সমান্তৰালকৈ উত্তৰটো দিলোঁ।

: তহঁতৰ জেনেৰেচনৰ এইটোৱেই প্ৰব্লেম, সৰু সুৰা কথাৰ বাহিৰে একো ভাবিবই নোৱাৰ, শুন টু দি পইণ্ট কথা কৈছোঁ, তোৰ বাবে অফাৰ এটা আছে, বিজনেছ এটা আৰম্ভ কৰিছোঁ পাৰ্টনাৰ লাগে এটা, ইনভেষ্ট কৰিব নালাগে মাত্ৰ লগত থাকিলেই হ’ল।

ৱাৰেন বাফেটৰ দৰে চাৱনি এটা দি মিলি দাই ক’লে।

এইবাৰহে শেনৰ এজাত। চাহ খাবলৈ দিয়া প্ৰস্তাৱৰ আঁৰত যে এটা কু-অভিসন্ধি লুকাই আছে সেয়া মই আগতেই বুজিব লাগিছিল। ফছিলোঁৱেই যেতিয়া সম্পূর্ণ কথাটো শুনিয়ে লওঁ বুলি হা না একো নকৰাকৈ তেওঁৰ মুখলৈ চাই ৰ’লোঁ।

: কাইলৈ, দহ বজাত অফিচৰ ক্লাৱটোলৈ আহিবি। বিজনেছৰ ইনভেষ্টৰসকলৰ মিটিং এখন আছে। কোনো বাহানা নচলিব, নাহিলে বেয়া পাম আকৌ, সকলোকে কোৱা নাই, তোক নিজৰ ভাইৰ দৰে ভাবো কাৰণেহে কৈছোঁ।

অনুৰোধেই কৰিলে নে আদেশেই দিলে ক’ব নোৱাৰোঁ, কিন্তু দুকাপ চাহ আৰু পাঁচটা চিংৰা তেওঁৰ পইচাৰে উদৰস্থ কৰাৰ পিছত না ক’বলৈ মন নগ’ল।

পিছদিনা দহ বজাত অফিচাৰ্ছ ক্লাব পালোঁগৈ। আঠজন মান মানুহ ইতিমধ্যে আহিছে। মিলি দাৰ দেখা দেখি নাই তেতিয়ালৈকে।

: ঐ,তয়ো সোমালি নেকি ইয়াত?

পিছফালৰ পৰা উফৰি অহা প্ৰশ্নটো শুনি ঘূৰি চালোঁ, মোৰ কলেজৰ বন্ধু অজিত।

তাৰ প্ৰশ্নটোৰ একো মানে বুজিব নোৱাৰি ভেবা লাগি চাই থাকিলোঁ। সাধাৰণতে ইয়াক কলেজত তেনেকৈ লগেই নাপাওঁ, পঢ়া শুনাত মন নাই তেৰাৰ, তাৰ মতে “আজিৰ দিনত পঢ়ি শুনি চাকৰি কৰাতকৈ বিজনেছতহে বেছি লাভ আৰু বিজনেছৰ বাবে বেছি পঢ়ি লাভ নাই”।

 : মই তেনেকৈ একো নাজানোঁ, মিলিদাৰ কথাত পৰিহে আহিছোঁ ইয়ালৈ।

 তাৰ প্ৰশ্নটোৰ উত্তৰ দিলোঁ।

: তেন্তে মিলি দাৰ টাৰ্গেট পুৰা হ’বলৈ বেছি দিন নাই, এটাহে কমি আছে।

সি স্বগতোক্তি কৰাৰ দৰেই ক’লে।

: মানে?

: মানে নিজেই বুজিবি, ব’ল ভিতৰলৈ।

এক প্ৰকাৰ ঠেলি নিয়াৰ দৰেই সি ভিতৰলৈ লৈ গ’ল মোক।

ভিতৰত আৰু বিশজনমান মানুহ, মিলিদা এক্কেবাৰে ফিট-ফাট হৈ আছে, কামবোৰ তদাৰক কৰিছে, মোক দেখি চকুৰে বহিবলৈ ইঙ্গিত দি আকৌ ব্যস্ত হৈ পৰিল।

যথা সময়ত মিটিং আৰম্ভ হ’ল। কোট পেণ্ট পিন্ধি নিৰ্দিষ্ট বক্তা হৈ অহা ব্যক্তিজনে যেতিয়া আৰম্ভ কৰিলে

“এসময়ত ময়ো আপোনালোকৰ দৰেই এনেদৰে মিটিঙলৈ আহি চুকত বহি আছিলোঁ, কিন্তু আজি এই বিজনেছটোৰ জোৰত মই এই পৰ্য্যায় পাবলৈ সক্ষম হৈছোঁ…”

তেওঁৰ ভাষণ চলি থাকিল, মোৰ আৰু বুজিবলৈ বাকী নাথাকিল সেইখন কিহৰ বিজনেছ মিটিং। সেয়াই হৈছে মানুহক বুৰ্বক বনোৱা ছেইন চিষ্টেম বিজনেছ, য’ত আপুনি দুজন মানুহক জইন কৰাই কোটিপতি হ’ব পাৰে (তেওঁলোকৰ মতে)।

মিটিংখন চলি থাকিল আৰু মই শেষলৈকে কোনোমতে ধৈৰ্য্য ধৰি বহি থাকিলোঁ। মিটিঙৰ শেষত বুজিলোঁ অজিতক ধৰি বান্ধি মিলিদায়ে তেওঁৰ তলত কামত লগাইছে এতিয়া মোক জইন কৰাব পাৰিলেই তেওঁৰ কোটিপতি হ’ব পৰা বাট মুকলি হৈ যাব।

: তই বাৰু কথাখিনি বুজি ল’লিনে? ইমান ভাল অফাৰ ক’তো নাপাৱ তই, মাত্ৰ তিনিহেজাৰ টকা যোগাৰ কৰ, তাৰ পিছত লাখ টকা পকেটত লৈ ফুৰিব পাৰিবি, ঘৰলৈ গৈ মোক ফোন এটা কৰিবি মই বাকীখিনি ফোনতে বুজাই দিম।

মিটিঙৰ শেষত এইকেইটা আছিল মিলিদাৰ নিজা বক্তব্য। তেওঁৰ চকুত কোটিপতি হোৱাৰ হাজাৰটা সপোন, সপোনবোৰক ৰাজহুৱাকৈ ভাঙিবলৈ মন নগ’ল। ঘৰলৈ আহিয়ে তেওঁৰ নাম্বাৰ ফোন, হোৱাটচ্ এপ সকলোতে ব্লক কৰি দীঘলীয়া উশাহ এটা ল’লোঁ। দুমাহমান প্ৰায় সেইফালে নগ’লোঁৱেই যি ফালে গ’লে তেওঁক লগ পোৱাৰ সম্ভাৱনা থাকে। আজি বহুত দিনৰ মূৰত দেখিছিলোঁ তেওঁক, পিছে মোক দেখিও নেদেখাৰ ভাও জুৰি আঁতৰি গ’ল দেখোন। তেওঁৰ কোটিপতি হোৱাৰ পথত অন্তৰায় হোৱাৰ দুখটো চাগে তেওঁ পাহৰিব পৰাই নাই। অ’ মাজে মাজে মিলিয়নাৰ হোৱাৰ পথ দেখুওৱা বক্তাজনক লগ পাওঁ, ভগা চেকেণ্ডহেণ্ড স্প্লেণ্ডাৰ এখন লৈ তেওঁ প্ৰায়ে বজাৰলৈ আহে।

☆ ★ ☆ ★ ☆

5 Comments

  • Prodip Borah

    মিলি দাক দেখিলে আজিও অশ্ৰু লোতক বৈ যায় ৷ কানায়া হোটেলৰ চাহ চিংৰা খিনি পানীত পৰিল ৷

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ বঢ়িয়া লাগিল অৰ্চন!

    Reply
  • Anonymous

    মিলি দা মেইন

    Reply
  • Pranita Goswami

    এনে নাটক এখনত ময়ো অংশ ল’বলৈ বাধ্য হৈছিলোঁ এসময়ত। বেচেৰা মিলিদালৈ সমবেদনা জনালোঁ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    আশা পানীত পেলালা৷

    Reply

Leave a Reply

Your email address will not be published.