ফটাঢোল

মিশ্যন – ফ্লাইট্ টু কাবুল (প্ৰথম খণ্ড) – ৰামানুজ গোস্বামী

জালুকবাৰী চাৰিআলি, অক্টোবৰ, ২০০২ চন৷

পাণবজাৰ অভিমুখী ৰখাই থোৱা কেইবাখনো কেণ্টাৰৰ ভিতৰত, ৩ খনত আমি চাৰিজন ছদ্মবেশেৰে উঠি পৰিছোঁ৷ ১ম কেণ্টাৰত অভিজিতদা, ২য় খনত ৰিণ্টুদা সহ বিন লাডেন আৰু শেষৰখনত মই৷ লক্ষ্যস্থান -ফাঁচীবজাৰ৷ ভিন ভিন যাত্ৰাপথৰ তিনিওখন চিটি বাচ মালিগাওঁ দিশে উধাও হৈছে৷ ৰাজপথত দৈনিক যান-বাহনৰ উদ্ধত ব্যস্ততা৷ এটা তন্দ্ৰালস ভাৱে ক্ৰিয়া কৰাত মই চকুহাল ক্ষন্তেক জিৰণি পৰ্ব্বৰ বাবে জপাই দিলোঁ…

– ..কোঁ..উ…আঁ…উ… কোঁ..উ…আঁ…উ… কোঁৱাওঁ…কোঁৱাওঁ… হে ভগৱান! পুলিছৰ চাইৰেণ কৰ্ণকুহৰত পৰোঁতেই আলজাল টোপনিৰ পৰা যেন এডাল জঁপিয়াই উঠা স্প্ৰীঙৰ দৰেই সাৰ পালোঁ৷ সোঁ-হাতেৰে জীনছৰ খোঁচনিত লুকাই থকা ৰিভলভাৰত হাত দি, বাওঁহাতেৰে জঁপিয়াই পলোৱাৰ ৰাস্তা বাচৰ খিৰিকীৰে চালোঁ…বড়বজাৰ হৈ পাণ্ডু ৰেষ্ট কেম্প! বাওঁহাতৰ ৰৈ যোৱা বাইকবোৰো চালোঁ…কোনটোক আক্ৰমণ কৰি বাইকখন লৈ.. উস্! বাঢ়ি আহিছে চাইৰেণৰ তীব্ৰতা সন্মুখৰ ফালৰ পৰা…ৰৈ গৈছে সকলো গাড়ী-মটৰ! ডিঙি মেলি চালোঁ.. ওঁহো, ৰিণ্টুদা নমা নাই… নমা নাইচোন অভিজিতদাও! …অভিজিতক ঘেৰি ধৰিলেই চাগৈ… এৰেষ্ট! .. না..না.. মই পলাব লাগিব..লাগিবই…

– তৰুণ গগৈ চাগৈ!

– ৰাজ্যপাল নেকি! … দুই-চাৰি যাত্ৰীৰ স্বগতোক্তিত মোৰ ৰিভলভাৰত গুপ্তভাৱে থকা হাতখন কিছু শিথিল হ’ল..

VIP কনভয় চৌ-চৌৱাই পাৰ হৈ গ’ল…কোনোবা যাত্ৰীয়ে কৈ উঠিল,

– ধেই (অবাইচ).. মণি কুমাৰ চুব্বাহে!

গন্তব্যস্থল ফাঁচী বজাৰত তিনিও নামি পৰিলোঁ৷ অভিজিতদাৰ নিৰ্দেশমতেই মই ৰজাদুৱাৰ ঘাটেৰে নামি, নাও এখন বন্দৱস্ত কৰি, অভিজিতদালৈ মিচকল মাৰিলোঁ৷ গুৱাহাটীত মাত্ৰ ৰিলায়েন্স… ইনকামিং কল ৫.৫০ টকা, কাজেই মিচ কলেৰে কাম চলাওঁ৷ অভিজিতদাতকৈয়ো আগেয়ে আহি পালে ৰিণ্টুদা আৰু বিন লাডেন…ক্ষন্তেক পিছতেই মুখা-মুখিকৈ আমি চাৰিওটা নাৱৰ মাজত বহি পৰিলোঁ৷ নিৰ্দেশমতেই আমাৰ নাও উজালে উমানন্দ হৈ কুৰুৱাৰ দিশলৈ…

**

কিছু পাতনি – বিন লাডেন..

২০০১ চনত বিশ্বসম্ৰাট দেশ আমেৰিকাৰ টুইন টাৱাৰ উৰুৱাই বিশ্বত্ৰাস সৃষ্টি কৰা লাডেনে, পৰৱৰ্ত্তী সময়ত (২০০২ মানত) CIA আৰু FBI -ৰ নাগপাশৰ পৰা আত্মগোপন কৰাৰ উদ্দেশ্যেৰে মুম্বাইৰ ডন অভিজিত কলিতাৰ লগ লাগে৷ কলিতাই নিজৰ বিশ্বস্ত দুই সংগী আৰু দুই অনুচৰ ফেঁচা আৰু জগতৰ লগত লগ লাগি, তিনিমাহৰ বাবে লাডেনক shelter দিয়াৰ চুক্তিৰে এক বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰি, লাডেনক পলুৱাই উক্ত সময়ছোৱাত অসমলৈ আনি কিছুদিন হাজোত ৰাখিছিল…

কিন্তু হাজো আহি পোৱাৰ আগতেই দস্যু অভিজিত কলিতা মুম্বাই আৰক্ষীৰ জালত পৰে; ডি.চি.পি. হেমন্ত কাকতিৰ নেতৃত্বত৷ কিন্তু অন্যতম সহযোগী ৰিণ্টুমনি দত্তই লাডেনক লগত লৈ মুম্বাই আৰক্ষীৰ জাল ফালি আহি শিলিগুড়িত, ৰেলৱেৰ অভিযন্তা জয়ন্ত দাসৰ ঘৰত আত্মগোপন কৰিছিল…আৰক্ষীৰ জিম্মাত থকা দস্যু অভিজিত আৰু সহযোগী ৰামানুজে চূড়ান্ত দুৰ্বুদ্ধিৰে পলাই সাৰে৷ সেয়া আছিল ডি.চি.পি.হেমন্ত কাকতিৰ বাবে চোৰে মোচ কাটি লৈ যোৱাৰ দৰে অপমান… তেঁৱো নাছিল এৰি দিয়া ভকত৷ আণ্ডাৰৱৰ্ল্ডৰ এটা ফোন কলৰ আঁত ধৰি তেওঁ ৰিণ্টুমনি দত্তৰ শিলিগুড়িৰ লোকেশ্যন ধৰা পেলায়৷ সহায় লয় বেংগল পুলিছৰ..

ঠিক তেনে সময়তেই গুজৰাটৰ অক্ষয়ধাম মন্দিৰত পাকিস্তানৰ লালিত-পালিত আতংকবাদী সংগঠন জৈছ-এ-মহম্মদে এক সন্ত্ৰাসবাদী আক্ৰমণ চলাই বহু নিৰপৰাধী লোকক হত্যা কৰে৷ এই ঘটনাই ব্যথিত কৰি তোলে “কাঠমাণ্ডু টাইগাৰ্ছ”ৰ তিনি সিদ্ধক…লগত থকা লাডেনৰ পৰা বুজি উঠে যে এয়া পাকিস্তানৰেই পৈশাচিক ছলনা৷ ..লাডেনে পাকিস্তানৰ গুপ্ত কোড, সমকালীন পাকিস্তানী আতংকবাদী পৰিস্থিতি ইত্যাদিৰে জানিছিল যে অচিৰেই ভাৰতত এক চিৰিয়েল বোমা বিস্ফোৰণ হ’ব৷ কিন্তু বেআইনী জগতৰ অপৰাধী তিনিজনৰ বুকুত হঠাৎ আহে দেশপ্ৰেম..কাৰণ হাজাৰ ধূৰ্তালি কৰি ফুৰিলেও অন্ততঃ পাকিস্তানৰ হাতত নিজৰ দেশৰ নীৰিহ জনতাক মৰিব দিব নোৱাৰে দস্যু অভিজিত আৰু দুই সহযোগীয়ে…)

**

ৰঘুনাথপুৰ থানা৷ পুৰুলিয়া৷

থানা সংলগ্ন কোঠা এটাত বহি আছে জয়ন্ত দাস৷ গ্ৰেপ্তাৰ কৰা হৈছে -যোৱাৰাতি৷ মুম্বাই-কলকাতা বিমানেৰে আহি পোৱা মুম্বাই ক্ৰাইম ব্ৰান্সৰ ডি.চি.পি. হেমন্ত কাকতি বলিয়া ঘোঁৰাৰ দৰেই কলকাতা-পুৰুলিয়া ৰাষ্ট্ৰীয় মাৰ্গেৰে ধুমুহা গতিৰে আহি ৰঘুনাথপুৰ থানা পাইছেহি৷ ..লাগে লাগে! অভিজিত কলিতাক লাগে৷ …ছাল্লা এটা দস্যু…মোৰ নাকৰ তলৰ মোচ চেলাই আহিছে… এটা মাত্ৰ ক্লু লাগে…ছাল্লা স্বৰ্গ হওক বা পাতাল…তাক মই কাতিবিহুত ৰঙালী-ভোগালী বনাই দিম…

মনতে কথাবোৰ পাগুলি স্বভাৱসুলভ বদ মেজাজীৰে জয়ন্ত দাসৰ সন্মুখত বহি পৰিল হেমন্ত কাকতি৷

– ৰেলৱেৰ ইঞ্জিনীয়াৰ..?

– হয়… বুইছেনে! কোৱাৰ্টাৰ কেম্পাছত ভাং এবস্তা কোনোবাই পেলাইছে.. মোক কালি ৰাতি উঠাই লৈ আহিছে..

– মোৰেই বুদ্ধি… ময়েই পেলাইছিলোঁ..

– আপুনি ভাঙৰ বেপাৰী নেকি?

– ঐ ননচেঞ্চ! চিনি পোৱা নাই মই কোন? ..এই বাপেৰৰ নাম হেমন্ত কাকতি…ডি.চি.পি….ক্ৰাইম ব্ৰান্স…মুম্বাই৷

ভয়তে অণ্ঠ-কণ্ঠ শুকাই যোৱা দাসে ক’লে,

– মানে ছা..ছাৰ…ড্ৰেছত নাইতো…সেয়ে মানে ..মানে মই..মই..

– ভাঙৰ বেপাৰী বুলি ভাবিলি…

– না, নহয় ছাৰ… সেইটো আপুনি বস্তা পেলোৱাৰ কথা কওঁতেহে…এনেই চিভিল ড্ৰেছত ..তাতে হাতে-গলে সোণ দেখি মা…মাটিৰ দা..দা..দালাল মানে ব্ৰ’কাৰ বুলি ভাৱিছিলোঁ৷

কাকতি খঙত একো নাই হৈ তীব্ৰ গৰ্জ্জনেৰে দাসক যি সোধে, তাকে ক’বলৈহে আঙুলি টিলিকি মাৰি মাৰি (লগতে তৰ্জ্জনী জোকাৰি) হুমকি দিলে৷ জীৱনত এনে ধমকি নোখোৱা দাস সেইফালেই থৰ লাগিল৷ বাহিৰৰ পৰা সেই গৰ্জ্জন শুনি “ভিতৰলৈ কোনো সোমাব নিদিবা” বুলি নিৰ্দেশনা দি থৈ অহা ডি.এচ.পি. বিজয় মহান্তিও কাকতিৰ কাষ পালেহি৷ পৰিস্থিতি বুজি মহান্তিয়েও দাসক সতৰ্ক কৰিলে বোলে, মিছা যাতে ক’বলৈ চেষ্টা নকৰে, নহ’লে তেওঁ দাসৰ বহু অঙ্গ-প্ৰত্যঙ্গৰ ভৌগোলিক আকাৰ সলাই দিব৷

ডি.চি.পি.য়ে দাসক ভয়তে মূৰ্ছা যোৱা যেন পাই নিজেই পানী এগিলাচ আগুৱাই দিলে..

– অভিজিত কলিতাক চিনি পাৱ?

-(লাহেকৈ মূৰ জোকাৰি)…পাওঁ!

প্ৰথম প্ৰশ্নোত্তৰতেই ডি.চি.পি.ৰ মুখত হাঁহি উজলি উঠিল৷

– এতিয়া ক’ত আছে? ..

– মুম্বাইত..

ডি.চি.পি.ৰ সন্দেহ মিলি গ’ল৷ তাৰমানে মুম্বাই আৰক্ষীৰ হাতৰ পৰা পলালেও, সি বৰ্তমান মুম্বাইতেই আৱদ্ধ হৈ আছে! ..ৱাও!

– ঠিকনা জাননে… মানে এই মুহূৰ্ত্তত ক’ত আছে? ..

– হয় ছাৰ জানো..

একপ্ৰকাৰ উৎফুল্ল ডি.চি.পি…ছাল্লা! ভাল চ’ৰ্চ পাই গ’ল…ধমকি খাই বেটাই সৱ ক’ব ভয়তে!

– আপুনি সহযোগ কৰাৰ বাবে ধন্যবাদ দাস…বিজয়, “ফুল” এটা অনোৱাৰ ব্যৱস্থা কৰা এওঁৰ বাবে..এড্ৰেছ ক’ব…

– ফুল নালাগে ছাৰ..এড্ৰেচ এটাৰ কাৰণে “ফুল” এটা বেছি হৈ যায় ছাৰ.. হাফ এটাই অনাই দিয়ক..

মহান্তি ওলাই গৈ কাৰোবাক নিৰ্দেশ দি আকৌ সোমাই আহিল৷ দাসে অভিজিত কলিতাৰ এড্ৰেছ লিখি ডি.চি.পি.ক দিলে৷ ডি.চি.পি.য়ে SMS পঠালে এ.চি.পি.দিগন্ত বৰুৱালৈ৷

– কিমান দিনৰ চিনাকি আপোনাৰ আৰু অভিজিতৰ?

– বহুবছৰৰ…প্ৰায় ২০-২২ বছৰ (দাস সহজ হ’ল)

– এইকেইদিন সি কৰি আছে মুম্বাইত?

– ঘোঁৰাকণী বেচি আছে… মানে আই মিন্ ঘোঁৰাৰ দানা বেচে…

– আপুনি পেংলাই কৰিব খোজা নাইতো..?

– না..নাই ছাৰ… বৰঞ্চ মই আচৰিত তেওঁৰ ঠিকনাটোৰ বাবে আপুনি মোক এৰেষ্ট কৰালে… এটা ফোন লগালেই হ’ল হয়..মই তাৰ ঠিকনা, ফোন নম্বৰ সৱ দিলোঁ হয়..

হিচাপতকৈ বেছি সহযোগ দেখি ডি.চি.পি.ৰ অলপ সন্দেহেই হ’ল৷ তেওঁ খৰতকীয়াকৈ সুধিলে –

-যোৱা দুই সপ্তাহ আগতে আপোনাৰ ঘৰত দুজন আলহী ৰাখিছিল?

– হয়… কিবা দত্ত আৰু সিংজী…

– কেনেকৈ চিনাকি?

– নাই, অভিজিতৰ আলহী.. সি ফোন কৰিছিল…

তেনেতে দিগন্ত বৰুৱাৰ ফোন আহিল… দিয়া ধৰণেই ঠিকনাৰ বিল্ডিংটো ৫টা পেট্ৰলিং পুলিছ দলৰ হতুৱাই ঘেৰি পেলোৱা হৈছে৷

– আপুনি অভিজিতক ফোন লগাওক দাস… ঠিক ঘৰৰ পৰা কথা পতাৰ দৰেই… নক’ব যে আপুনি পুলিছৰ সন্মুখত৷

….ক্ৰিৰিং……ক্ৰিৰিং… ….ক্ৰিৰিং.

– ঐ দোস্ত ক.. (ক-ত একাৰ অবাইচ)…কি (ব আদ্যাক্ষৰী অবাইচ) মনত পৰিল..?

– নাই বে এনেয়ে… তোৰ খবৰ ল’বলৈ…

– আব্বে বেওৰা… মাল খোৱা কমা..বুইছ (অবাইচ)…গগৈয়ে জীয়েকক তোলৈ দিয়াত নাই… তই নিজে…

অসমীয়া ভাষাৰ উজনি-নামনি একাকাৰ গালিবক্তাৰ লেকচাৰ শুনি সন্দেহবশতঃ ডি.চি.পি.য়ে দাসক ফোন কাটিবলৈ ইঙ্গিত দিলে৷

– এইটো কোন অভিজিত কলিতা?

– ছাৰ আমাৰ জে.বি.কলেজত পঢ়া…যোৰহাটৰ… তাৰ প্ৰব্লেম জানো ছাৰ..খুব বেছিকে বেছি ছমাহ…

– কি প্ৰব্লেম..?

– হেঃ হেঃ ছাৰ… কি কৰিব আৰু! ঘৰত গাভৰু ছোৱালী থাকিলে.. মানে ছাৰ আপোনাৰো ছোৱালী, বা ভতিজী বা খুলখালীক চিঠি দি দি দিগদাৰ দি আছে ন? … এজনী মাত্ৰ ছমাহ… ছোৱালীৰ বাপেককো হুমকি দি চিঠি লিখে বাবে কেইবাবাৰো উঠাইছে পুলিছে…এৰি দিয়ে…কিন্তু খুব ভাল লিখা-মেলাও কৰে ছাৰ..

-চুপ! লিখা মেলা কৰে? প্ৰতিটো বাক্যত কাণ তাল মৰা অশ্লীল…পুলিছ হৈয়ো লাজ পাই গৈছোঁ… বিজয় ফটোখন দেখুওৱা…

মহান্তিয়ে ডায়েৰীৰ ভিতৰৰ পৰা ফটো এখন উলিয়াই টেবুলত থ’লে৷ ৰিণ্টুমনি দত্তৰ ফটো৷ দাসে টঁ-টঁকৈ চালে৷

– চিনি পাইছ?

– অঁ! মোৰ ঘৰত থাকি যোৱা বুলি ক’লোঁ যে দত্ত… এখেতেই..

ডি.চি.পি. – ডি.এচ.পি.ৰ মুখ মেল খাই গ’ল৷ দুয়ো ইজন সিজনলৈ চালে..

– তোৰ লগ কেনেকৈ লাগিল?

– ই…মানে এই অভিজিতেই কৈছিল ফোনত… যে তাৰ বন্ধু দুজন আহিব..মোৰ তাত এসপ্তাহ মান থাকিব..

দাসক আকৌ ফোন লগাবলৈ নিৰ্দেশ মুম্বাইস্থ অভিজিত কলিতালৈ… যোৰহাটৰ মূলৰ অভিজিত কলিতাই গৰ্-গৰাই উঠিল বোলে তোক যোৱা ছমাহত ফোন কৰিলোঁ কেতিয়া? .. বেওৰা! স্পীকাৰ অন্ থাকোঁতেই দাসেও চিঞৰি উঠিল –

– আব্বে মই এতিয়া বেংগল পুলিছৰ পাল্লাত..তোৰপৰা অহা নকলী ফোন আৰু তোৰ নাম কৈ থাকি যোৱা আলহী পুহি…

– কি কৱ বে পাৰ্টনাৰ! ..আচ্ছা শুন..শুন..বেংগল পুলিছত আমাৰ যোৰহাটৰ বা এজনী আছে… নীলুবা..IPS.. ফুল নেম নীলাক্ষী দেৱী ডেকা…মোক চিনি পায়…অভিজিত কলিতা বুলি ক’লে চিনি নাপালে ভাইকণ বুলি ক’বি…পুতুল গগৈৰ কাষৰ ঘঅ…

হেমন্ত কাকতিৰ মূৰৰ তেজ যেন কেটলি উতলা দিছে… বিজয় মহান্তিয়ে ভ্ৰমেই দেখিলে নেকি! ..কাকতিৰ দুই কাণেৰে যেন দুই সোঁতা গৰম জলীয় বাষ্প…ঠিক উতলি থকা কেটলি নলীয়েদি ফিৰফিৰাই ওলাই অহাৰ দৰেই!

কথাখিনি স্পষ্ট৷ দস্যু অভিজিতে কোনো ২য় এজন অভিজিত কলিতাৰ নামৰ ফায়দা লৈ, ২য় জনৰ বন্ধু জয়ন্ত দাসক আভুৱা ভাঁৰি নিজৰ মানুহ ৰিণ্টুমণি দত্তক চেল্টাৰ দিয়ালে৷ কিন্তু কোন আছিল সেই ২য় ব্যক্তি?

– দত্তৰ লগৰজন কোন আছিল হে দাস?

মহান্তিয়ে সোধোঁতেই মন কৰিলে যে আনি দিয়া হাফটো কথাৰ লাচতে লাহে লাহে বিনা জলেই আধ্যা পেলাইছে..

– নকয় কিয়? কোন আছিল লগত? গৰজি উঠিল কাকতি৷

ঢুলঢুলীয়া চকুৰে বিৰিং বাৰাং বকি দাসে মহন্তৰ হাতত থকা সেইদিনাৰ কাকতখনৰ ফটো এখনলৈ দেখুৱাই কোনোমতে ৰাগীৰ সুৰত ক’লে,

– দিছ্ …দিছ্..দিছ্ পাৰ্চন ৱাজ ৱিথ্ মিঃ দত্ত..

ফটোখন মহন্তিয়ে কাকতিৰ টেবুলত মেলি ধৰিলে… এটা বাতৰিৰ আলমত দিয়া ফটোখন আছিল –

ওচামা বিন লাডেনৰ!

ক্ৰমশঃ….

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.