ফটাঢোল

মিয়াও! – জ্যোতিৰূপম দত্ত

: কি কোৱাহে? ইমান দাম?

মোৰ মাতটো একেবাৰে সিংহৰ দৰে হৈ ওলাল৷ বুকুখন ছাপন্ন ইঞ্চিলৈ নহলেও তাৰ অলপ ওচৰলৈকে ফুলাই ললো৷

: বাবু, কি কম? দাম বহু বাঢ়িছে৷ কিনা দামতেই দিছো৷ লৈ যাওক৷ কিবা এটা কমাই দিব৷

কি যে হ’ব! আজি বহুদিনৰ মুৰত মাছৰ বজাৰলৈ আহিছো৷ এইহেন প্ৰকাণ্ড চহৰখনত আমাৰ দৰে কোনোমতে লেলাই ধেন্দাই চলি থকা মানুহবোৰৰ ভাতৰ পাতত মাছ এটুকুৰা দেখিবলৈ ভাগ্য লাগিব৷ ভাল ভাল ডাঙৰ মাছবোৰৰ ওচৰলৈকে যাব নোৱাৰি৷ দামো একেবাৰে জুই-চাই৷ কেতিয়াবা ডাঙৰ মাছ এচকলৰ বাবে দৰদাম কৰো বুলি ভাবি-গুণি থাকোতেই কোনোবা এজনে খমখমীয়া নোট একোখন বেপাৰীজনৰ নাকৰ আগত জোকাৰি মাছটো থপিয়াই লৈ যায়৷ পকেট গৰম নহলে সেইফালে যাবই নোৱাৰি৷

মাজতে অৱশ্যে কেইদিনমানৰ বাবে ফৰেইনৰ মাছো ওলাইছিল৷ আমাৰ চিনাকি ‘ফৰেইনাৰ’সকলে মনে মনে আমাৰ মুলুকলৈ আহি নিগাজীকৈ বসতি আৰম্ভ কৰা দেখিয়েই আছো৷ পিছে সেইসকলে চিৰদিনৰ বাবে এৰি থৈ অহা দেশখনৰ মাছৰ সোৱাদ পাহৰে বুলিয়েই কিজানি ফৰেইনৰ মাছকেইটাই ইয়ালৈকে উজাই আহিল৷ ‘ফৰেইনাৰ’সকলৰ লগতে আমিও সস্তাতে ফৰেইনৰ মাছৰ ভাগ পালো৷

বজাৰত মাছ মানেই মাত্ৰ দুবিধ৷ থলুৱা আৰু চালানী৷ থলুৱা মাছবোৰ মহঙা৷ থাউকতে পাবলৈকো টান৷ পিছে চালানীবোৰ হ’লে উভৈনদী৷ গাৱে-ভুঁয়ে এতিয়া চালানীৰহে ৰাজত্ব৷ অকল মাছৰ ক্ষেত্ৰতেই নহয়, বেপাৰী, খেতিয়ক, চাকৰিয়াল আনকি নেতাবোৰো চালানী হ’ল৷  এনে কিছুমান চালানীয়ে ৰঙ সানি থলুৱাৰ ভেশ লোৱাৰ দৰেই কেতিয়াবা কিছুমান মাছৰ বেপাৰীয়ে চালানী মাছকো থলুৱা বুলি গ্ৰাহকক আভুৱা ভাঁৰে৷ ফৰমেলিনত ডুবাই অন্ধ্ৰপ্ৰদেশ, কানপুৰৰ পৰা অনা এসপ্তাহ পুৰণি চালানী মাছকেই থলুৱা বুলি আমি টকালি পাৰি খাওঁ৷

পিছে আজি নাই ৰঙামাটি – নাই গুৱাহাটী! আজি ভজা মাছ খাবলৈ বৰ মন গৈছে৷ মচমচীয়াকৈ ভজা মাছ! কথাটো মনতে আকৌ এবাৰ গুণি অলপ আঁতৰত অকলশৰীয়াকৈ বহি থকা নিমাখিত যেন লগা বেপাৰীজনৰ ওচৰলৈ গৈ দপদপাই উঠিলো৷

: ঐ! মাছ কেনেকৈ দিছ?

: পোৱা আশী!

দাম শুনি মৰা মাছকেইটাইও জাঁপ মৰা যেন অনুভৱ হ’ল৷ অৱশেষত দহমিনিটমান সময় দৰদাম কৰি মাছ দুটামান লবলৈ সিদ্ধান্ত কৰিলো৷ জপিয়াই থকা নহলেও দাম শুনিয়েই জপিয়াই উঠাধৰণৰ মাছ দুটামান বাচি বাচি ললো৷ মাছৰ যোগাৰ হৈ গ’ল৷ এইবাৰ লক্ষ্য হ’ল পাচলিৰ বজাৰ৷ বজাৰ নহয় যেনিবা পিটনিহে৷ তথাপিও উপায় নাই৷ বোকা-পানী ফেনেকি এইবাৰ পাচলিৰ বজাৰলৈ সোমাই গলো৷ বেছিভাগ পাচলিয়েই বাহিৰে ৰং-চং পিছে ভিতৰে কোৱাভাতুৰী৷ আমি নিৰুপায়, বিষাক্ত বুলি জানিও এইবোৰকেই খাব লাগিব৷ দামো আকাশলংঘী৷ পিছে আজিকালি এগাল ধন ভাঙিলেও মোনাখন ভৰ্তি নহয়৷ তথাপিও মাছকেইটিৰ সতে জুতি লগাই খাবলৈ দুটামান পাচলি ললো৷ বজাৰ কৰা হৈ গ’ল৷ আটাইবোৰ বস্তু মোনাখনত আটোমটোকাৰিকৈ বান্ধি ঘৰলৈ পোনাই দিলো৷

ঘৰ পায়েই কাপোৰ-কানি সলাই প্ৰথমতে মাছকেইটা ঠিক-ঠাক কৰাত লাগি গলো৷ আমাৰ এওঁক কষ্ট নিদিও বুলিয়েই নিজেই যা-যোগাৰত লাগি গলো৷ মই সকলো যতনাই দি অলপ আৰাম কৰিম৷ এওঁ টিভিৰ সমুখৰ পৰা উঠি আহি কেৰাহী পাতিলেই হৈ যাব৷

মাছকেইটা অলপ মচমচীয়াকৈ ভাজিলে খাবলৈ বৰ সোৱাদ লাগিব৷ কথাটো ভাবোতেই মুখেৰে সুহুৰি এটা ওলাই আহিল৷ ক্ষন্তেকতে পৃথিৱীৰ সকলো সমস্যাৰ সমাধান হৈ যোৱা যেন লাগিল৷ কোনে কয় ‘অচ্ছে দিন’ অহা নাই বুলি? এইবোৰেইটো আমাৰ ‘অচ্ছে দিন’৷

পেটুবোৰ ধুই-মেলি মাছকেইটা চাফ-চিকুণ কৰি দিলো৷ সামান্য নিমখ-হালধি সানি থাল এখনত ভালকৈ সাজু কৰি থৈ এওঁক মাতিলো-

: হেৰা! সকলো থান-থিত কৰি দিলো৷ আজি ভজা মাছ খাবৰ মন গৈছে৷ দুটামান অলপ মচমচীয়াকৈ ভাজি দিবাচোন!

কাষৰ কোঠালিটোৰ পৰা টিভিৰ শব্দৰ সমানকৈ শ্ৰীমতীৰ মাত ভাঁহি আহিল-

: হ’ব বাৰু! পিছে ইহঁতকেইটাই ভজা মাছ ভাল নাপায়৷ জোলত দিলেহে ইহঁতৰ ভাতমুঠি পেটলৈ যাব৷ দুটামান আপোনালৈ থম বাৰু৷

বাঃ! বঢ়িয়া!৷ দিম বুলি কৈছে যেতিয়া দিবই৷ মই জানো নহয়৷ আকাশ-কুসুমসদৃশ পোন্ধৰ লাখ টকাৰ টোপোলাটো বিচৰা নাই নহয়, মাছ কেইটামানহে বিচাৰিছো৷ হব, কোনো কথা নাই৷  বাৰাণ্ডালৈ আহি আৰামত বহি ললো৷ আজি ভজা মাছ খাইহে এৰিম৷ অলপ পৰ বাটৰ মানুহৰ আলেখ-লেখ চালো৷ অলপ পাছতে টিভিৰ শব্দ বন্ধ হ’ল৷ এইবাৰ পাকঘৰৰ ফালৰ পৰা টুং-টাং, ঠুং-ঠাং ধৰণৰ শব্দ আহি থাকিল৷ মচমচীয়াকৈ ভজা মাছ একোটা কেতিয়ামানে খাবলৈ পাম তাকেই ভাবি ময়ো কাণ উণাই ৰৈ থাকিলো৷

: হেৰি! আহক!

পাকঘৰৰ পৰা ভাঁহি অহা এওঁৰ মাতষাৰ শুনিয়েই গিৰিসাই উঠি পাকঘৰলৈ লৰ দিলো৷

: অ’ ! কোৱাচোন৷ মাছ ভজা হলেই নেকি ?

: নাই হোৱা৷ কেৰাহী পাতিছোহে৷ আপোনালৈ চাহ একাপহে বাকিছো৷

: অ’৷

মাছ খাবলৈ দৌৰি আহি চাহ একাপহে পালো! বাৰু, কোনো কথা নাই৷ এই সময়ত কিবা কলে ভজা মাছ দুৰৰে কথা, ভাত খোৱাও বাদ দিব লাগিব৷ বিনাবাক্যব্যয়ে চাহকাপ উঠাই ললো৷ মনে মনে ভাবিলো, কেনেবাকৈ কিবা এষাৰ ওলাই গলে এই চাহকাপতেই ধুমুহা আহিলহেতেন!

: হেৰি, শুনকচোন৷ চাহকাপ খাই এই আলুকেইটাৰ বাকলি গুচাই দিবচোন৷

গিৰীহঁতনীৰ লেনিয়া সুৰ৷ না কবৰ সাধ্য নাই৷ সুৰসুৰকৈ আলুকেইটাৰ বাকলি গুচাই ডোখৰ ডোখৰকৈ কাটি দিলো৷ বিলাহী কেইটামানো ওপৰঞ্চিকৈ নিজেই আগ্ৰহেৰে কাটি ধুই মেলি দিলো৷ কিবা এটা পাবলৈ হ’লে এইকণ কষ্ট কৰিবই লাগিব৷ যোৱাবছৰ এ.টি.এম.ত লাইন পাতিবৰ সময়তো এইষাৰ কথাই মুখত আছিল৷ আজিও মনে মনে তাকেই আওৰালো৷

ঘুৰি আহি আকৌ বাৰাণ্ডাত বহিলো৷ ইমান দিনে চয়াবিন, আলু খাই খাই মুখৰ ৰুচি নোহোৱা হৈ গৈছে৷ সেয়ে আজি ভজা মাছ এটুকুৰাকে দাঁতৰ গুৰিত পেলাই মৰক মৰককৈ চোবাম৷ আস! বৈ অহা লেলাউটিখিনি মচি ললো৷ কিমান যে আশা৷ আমি অলপ পালেই সন্তুষ্ট হোৱা বিধৰ মানুহ৷ বেছি নিবিচাৰো, মাত্ৰ মাছ এডোখৰ…

: হেৰি, শুনকচোন! খাব নেকি?

আকৌ মিঠা মাত এষাৰ ভাঁহি আহিল৷ মাতষাৰ শুনিয়েই একেজাপে পাকঘৰ পালোগৈ৷ গিৰিহঁতনীৰ মুখত মিচিকিয়া হাঁহি৷ হাতলৈ চালো৷ মাছ নহয়, হাতত পাণ এখনৰ চিঙা টুকুৰা এটা৷

: মিঠা পাণ৷ খাব নেকি অলপ?

উপায় নাই৷ ভজা মাছ পাম বুলি ভাবি আহি পাণৰ টুকুৰা এটাহে পালো৷ কেৰাহীখনত ভজা মাছকেইটামান জপিয়াই জপিয়াই নাচি থকা দেখিলো৷ গৰম তেলত ডুবি থকা মাছকেইটা ফটফটাই আছিল৷ সেমেকা হাঁহি এটা মাৰি কলো –

: দিয়া, পাণকেই চোবাও৷ পিছে ভজা মাছ এটুকুৰা…

মোৰ কথা শেষ নহলেই, শ্ৰীমতীৰ চিঞৰ এটা শুনিলো –

: এইবোৰ কি? বাহিৰৰ চেণ্ডেলযোৰেই পিন্ধি আহিল যে? ইচ ৰাম! মজিয়াখন তেনেই লেতেৰা হ’ল কিজানি! ইচ ইচ! যাওক, এতিয়াই সলাই আহক৷ হেৰি নহয়, ৰুমটো এবাৰ ঝাৰু মাৰি দিয়কচোন৷ নহলে আটাইখন লেতেৰা হ’ব৷

মই উজ্জ্বল বাল্বটোৰ পোহৰত মজিয়াত একো ‘লেতেৰা’ৰ অৱশিষ্ট নেদেখিলো৷ তথাপিও বাহিৰলৈ গৈ চেণ্ডেলযোৰ সলাই আহিলো৷ হাতত শোটাটো লৈ চিকচিকিয়া মজিয়াখন আকৌ এবাৰ বৰ কষ্ট কৰি চফা কৰাৰ অভিনয় কৰিলো৷ এইবোৰ অভিনয় টিভিত দেখিয়েই শিকিছো অৱশ্যে৷

আকৌ ভজা মাছৰ ফুৰফুৰীয়া গোন্ধটো নাকত লাগিল৷ কেৰাহীখনত প্ৰথমে দিয়া মাছকেইটা ভজা হ’ল চাগে৷ মনতে ভাবিলো৷ এনেতে কলিংবেলটো বাজি উঠিল৷

: হেৰি শুনকচোন! কোনোবা আহিছে৷ চাওকচোন! – শ্ৰীমতীৰ সুৰীয়া মাতটো আকৌ শুনা গ’ল৷

দুৱাৰ খুলি দেখো ওচৰৰে পিলিঙা ডেকা কেইটিমান৷ থিয়েটাৰৰ চান্দা তুলিবলৈ আহিছে৷ ওচৰৰে চিনাকী উদীয়মান এজনে থিয়েটাৰখনৰ বিষয়ে বছৰৰ সৰ্বশ্ৰেষ্ঠ থিয়েটাৰ, জনপ্ৰিয় নাটক, সৰ্বকালৰ অভিলেখ ভংগ কৰা নাটক ইত্যাদি অনেক বিশেষণ লগাই বাৰেবিংকৰা এসোপা গালে৷ আটাইকেইখন হেনো মেগাষ্টাৰ নাট্যকাৰজনে লিখা চুপাৰহিট নাটক৷ চুবুৰীটোৰ ঘৰেপ্ৰতি তিনিটাকৈ ছিজন টিকট দিয়াৰ কথাটোত ইতিমধ্যে ৰাইজেও হেনো হয়ভৰ দিছে৷ এইবোৰ কথা ৰাইজৰ নামতেই চলি যায়, পিছে চুবুৰীটোৰ সমস্যাবোৰৰ কথাত ৰাইজে মাত মতা কোনোদিনে নুশুনো৷ একো উচ্চবাচ্য নকৰি টিকটকেইটা হাত পাতি ললো৷ হাজাৰ হওক ৰাইজ বুলি কথা৷ ইফালে বাৰাণ্ডালৈকে ভজা মাছৰ গোন্ধ ভাঁহি আহিছিল৷

: হেৰা! মাছ ভজা হ’ল নেকি ? মানে ….

কথাটো শেষ কৰিবলৈ নৌ পাওতেই আকৌ শ্ৰীমতীৰ মাত শুনিলো –

: ৰ’বচোন! আপোনাৰ ফোনটো অতদেৰীৰ পৰা বাজি আছে৷ উঠাওকচোন৷

ফোনটো চাই দেখো৷ ডিব্ৰুগড়ৰ শৰ্মাৰ ফোন৷ উঠালো৷

: হেৰি নহয়৷ বুইছে, বোলো খবৰ এটাকে লওঁ, বহুদিন আপোনাৰ সৈতে কথাবতৰা হোৱা নাই৷…

মই প্ৰমাদ গণিলো, এখেতে আগতে কথা পাতিবলৈ হলে ‘মিছ কল’হে দিছিল৷ মইহে ওলোটাই ফোন কৰিব লাগে৷ পিছে এতিয়া আম্বানীৰ কৃপাত সপ্তাহত তিনিবাৰকৈ ফোন কৰে৷ কথা পাতিলে ফোন থোৱাৰ নামেই নলয়৷ মই যিমান পাৰে ও,আ, হয়, ঠিকেই আদি কৈ চমুৱাই গলো৷

: কথা এটা সোধো৷ আপোনালোকৰ সেইফালৰ বজাৰত এইবাৰ মাছ ওলাইছেনে নাই? আমাৰ এইফালে এইবাৰ বহু ‘লোকেল’ মাছ ওলাইছে৷ আমি এইকেইদিন সদায় মাছকেই খাই আছো৷ বুইছে, বেপাৰী এটাই আজিও ঘৰতেই এগালমান মাছ দি গ’ল৷ এতিয়া মচমচীয়াকৈ একপ্লেট ভাজি লৈছো৷ পিছে আজিকালি সেই আগৰদৰে সোৱাদ নাই৷ বুইছে, প্ৰধান সেৱকজনাৰ ভাষণৰ দৰেই মাছবোৰো আজিকালি কিবা সেৰসেৰীয়া হৈ গ’ল৷ সৰুতে নিজে কিমান যে মাছ মাৰিছিলো৷ এবাৰ বৰশী বাওতে প্ৰকাণ্ড এটা…

শৰ্মাই হোৱাই নোহোৱাই মাছৰ বিষয়ে প্ৰায় এবকলা গালে৷ মানুহটো ভাষণ দিয়াত বৰ এক্সপাৰ্ট৷ গোকাট মিছা কথা এটাও বৰ ধুনীয়াকৈ সজাই পৰাই কব পাৰে৷ ময়ো মন্ত্ৰমুগ্ধৰ দৰে হু-হা কৰি শুনি গলো৷ মাজে মাজে ভজা মাছৰ ছবিখন মনত ভাঁহি থাকিল৷

: হেৰি, আমাৰ ভাত খোৱা হলেই৷ আপোনালৈ ভাত বাঢ়ি থৈছো৷ আহক!

কথাষাৰ শুনি সম্বিত ঘুৰাই পালো৷ শৰ্মাক শুভৰাত্ৰি জনাই আকৌ কাইলৈ কথা পতিম বুলি ফোনটো থৈ একেলৰে খোৱা মেজৰ কাষ পালো৷

: হেৰা, ভজা মাছ ?

ইতিমধ্যে শ্ৰীমতীয়ে খোৱা-বোৱা শেষ কৰি টিভিটো চলাই লৈ আৰামকৈ বহি লৈছিল৷ ল’ৰা-ছোৱালীহাল ফোনত ব্যস্ত৷

: আপোনাক খাবলৈ মাতি আছিলো৷ আপুনি নহা দেখি পানী ঢালি দিলো!

মাছৰ লগতে মোৰ আশাতো চেঁচাপানী ঢলা গ’ল৷ শ্ৰীমতীয়ে আকৌ কৈ গ’ল –

: আপোনালৈ মাছ নৰলেই কিজানি৷ আজি জোলকেই খাওক!

এনেতে চকীৰ তলত কুচি-মুচি বহি থকা মেকুৰীজনীয়ে লাহেকৈ মাতিলে – ‘মিয়াও’ !!

টিভিটোৰ পৰাও একেধৰণৰ শব্দ এটা ভাঁহি আহিল – ‘মিত্ৰৌ!’

☆★☆

One comment

Leave a Reply

Your email address will not be published.