ফটাঢোল

মুখা — সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

(১)
চুট টাই পৰিহিত মানুহজনে মাজনিশা কইনাঘৰৰ ৰভাৰ তলত গুৱাল গালি পাৰি আছিল। অশ্লীল ভাষাত কইনাঘৰৰ প্ৰতি মুকলিকৈ বিষেদগাৰ প্ৰকাশ কৰাৰ অন্যতম কাৰণটো আছিল দৰাঘৰীয়াক খাবলৈ দিয়া মাংসৰ পৰিমাণ কম হ’ল। লগত তেনেই সাধাৰণ বেশভূষাত থকা অন্য দুজন যুৱকে মানুহজনক বুজাবলৈ চেষ্টা কৰি আছিল যে কইনাৰ বাপেকৰ আৰ্থিক অৱস্থা বৰ বেছি টনকিয়াল নহয়, অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ এজন সাধাৰণ কৰ্মচাৰী, ইতিমধ্যে দুজনী ছোৱালীক বিয়া দিয়া খৰচৰ বোজাত মানুহজন ভাৰাক্ৰান্ত, এইজনীৰ বিয়াখন দৰাঘৰৰ তাগিদাতহে খৰধৰকৈ পাতিছে।

চুট টাই পিন্ধা ভদ্ৰলোকজন আঁকোৰগোজ তেখেতৰ মতত, দৰাঘৰীয়াৰ লগত অভদ্ৰামি কৰিছে ইহঁতে৷ দৰাঘৰীয়া হিচাবে প্ৰাপ্য সন্মান দিয়া হোৱা নাই, তাতে তেখেতৰ দৰে সন্মানীয় মানুহ এজন দৰাৰ বন্ধু বুলি আগতীয়াকৈ গম পোৱাৰ পিছতো কইনাঘৰীয়াই গুৰুত্ব দিয়া নাই।

বুজাবলৈ চেষ্টা কৰি থকা যুৱক দুজনে মানুহজনক কাকূতি কৰিছে যে ইয়াত হৈ হাল্লা একো নকৰিব, যিমান মাংস খাবলৈ মন আছে অহাকালি দৰাৰ ঘৰত সিহঁত দুজনেই ব্যৱস্থা কৰি দিব, হয়তো যুৱক দুজন দৰাৰ নিকট আত্মীয় কোনোবা। মানুহজন লাহে লাহে ৰভাৰ তলৰপৰা আঁতৰি গৈ বাহিৰতে বজাই থকা বেণ্ডপাৰ্টিটোৰ চকী এখনত বহিল, মুখেৰে অলপ সময় কিবাকিবি ভোৰভোৰাই থাকিল, মুখত অসন্তুষ্টিৰ চাপ স্পষ্ট।

বেণ্ডপাৰ্টিটোৰ দীঘলীয়া পেপা বজোৱা বয়সস্থ মানুহজনে তেখেতৰ অসন্তুষ্টিৰ কাৰণটো জানিব পাৰি দুখ প্ৰকাশ কৰিলে। কইনাৰ বাপেকৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়, জীয়েক তিনিজনীক উচ্চ শিক্ষিত কৰাটোৱেই তেখেতৰ জীৱনৰ একমাত্ৰ লক্ষ্য আৰু সফলতা বুলিও ক’লে। এনেকুৱা পৰিবেশৰ মুখামুখি হোৱাত প্ৰায় অভ্যস্ত যেন লাগিল পেঁপা বজোৱা বয়সস্থ মানুহজন।

চুট টাই পৰিহিত মানুহজনৰ মুখৰপৰা অশ্লীল শব্দ দুটামান পুনৰ বাৰ ওলাল। এইবাৰ পেঁপা বজোৱা বয়সস্থ মানুহজনে যথেষ্ট উষ্মাৰেই ক’লে, “বাপু! তোমাৰ দৰে ইমান সুন্দৰ পোচাক পিন্ধা মানুহ এজনৰ মুখত ইমান লেতেৰা কথা শোভা নাপায়, তাকো মাথো দুডোখৰ মাংস কমকৈ খাবলৈ দিয়াৰ বাবে, আমি বহুবোৰ বিয়াত দিনে ৰাতিয়ে বেণ্ডপাৰ্টি বজাই ৰাতি নোখোৱাকৈয়ে গুচি আহিবলগীয়া হয়।”

চুট টাই পৰিহিত ভদ্ৰলোকজন লাহে লাহে তাৰপৰা আঁতৰি গ’ল, হয়তো ভদ্ৰতাৰ পোচাকযোৰৰ আঁৰত থকা মুখা এখন খোল খালে।

(২)

পুলিচ, সাংবাদিক আৰু পৰীক্ষাৰ্থীবোৰৰ অভিভাৱকসকলৰ ভিৰ ঠেলি কোনোমতে পৰীক্ষাগৃহৰ ভিতৰলৈ সোমাবলৈ সক্ষম হ’ল ৰাতুল। বাহিৰত কটকটীয়া নিৰাপত্তা, পৰীক্ষাগৃহৰ ভিতৰলৈ আনকি পানীৰ বটলো লৈ যাবলৈ দিয়া হোৱা নাই। অসম পুলিচৰ চাকৰিটোৰ বাবে যোৱা প্ৰায় দুমাহ ধৰি যথেষ্ট কষ্ট কৰিছে ৰাতুলে। পঢ়া শুনাৰ লগতে প্ৰতিদিনে ৰাতিপুৱা দুই কিলোমিটাৰ দৌৰিছে সি। শাৰীৰিক পৰীক্ষাত সি নিচিন্ত মনে উত্তীৰ্ণ হ’ব পাৰিব বুলি আত্মবিশ্বাসী, কিন্তু লিখিত পৰীক্ষাটোৰ প্ৰস্তুতি তাৰ নিজৰেই মনঃপুত হোৱা নাই।

নিৰ্দিষ্ট সময়ত প্ৰশ্নকাকত আৰু উত্তৰবহী হাতত পৰাৰ পিছত সি এফালৰ পৰা প্ৰশ্নবোৰ পঢ়ি চালে। প্ৰায় ষাঠিটামান প্ৰশ্নৰ সঠিক উত্তৰবোৰ সি জানে, বাকীবোৰ প্ৰশ্নৰ উত্তৰ সম্পৰ্কে সি একো অনুমান কৰিব পৰা নাই। তাৰ পিছফালৰ বেঞ্চখনত বহা ল’ৰাজনে তলমূৰকৈ এফালৰ পৰা প্ৰশ্নবোৰৰ উত্তৰ কৰি গৈছে। ৰাতুলৰ মুখত অলপমান আশাৰ ৰেঙণি তিৰবিৰাই উঠিল ইমান মেধাৱী ল’ৰাজনক নিজৰ ওচৰতে পায়। সামান্য সহায় সেইজনৰ পৰা ল’ব পাৰিলেও সি উত্তীৰ্ণ হ’ব পাৰিব।

জীৱনত পৰীক্ষাহলত কেতিয়াও নিজে কাকো একো সুধি নোপোৱা ৰাতুলৰ মনত ইতস্ততঃভাৱ আহিলেও হ’বলগীয়া চাকৰিটোৰ কথা ভাবিয়েই সি নিজৰ লাজ-মান কাটি কৰি হ’লেও মনোযোগেৰে লিখি থকা ল’ৰাজনক সুধিলে,

: বেয়া নাপালে মোক কেইটামান প্ৰশ্নৰ উত্তৰবোৰ ক’ব পাৰিব নেকি আপুনি, আপোনাৰ লিখা শেষ হ’লে ক’লেও হ’ব, এতিয়াই নালাগে৷

: নিজে উত্তৰ নাজানিলে এইবোৰ পৰীক্ষাত ৰাইজক দেখুৱাই বহিবলৈ আহিব নালাগে, মোক ডিষ্টাৰ্ব নকৰিব৷

মনোযোগী ল’ৰাজনৰ উত্তৰটো শুনি ৰাতুল অলপ হতাশ হ’ল। আকৌ এবাৰ প্ৰশ্নকেইটা এফালৰ পৰা চাই ৰাতুলে নিজে ভালদৰে জনাকেইটাৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিলে, কিন্তু লিখিবলৈ আৰম্ভ কৰোঁতেই অঘটনটো ঘটিল। প্ৰশ্নকাকত ফাদিল হোৱা বুলি ঘোষণা কৰি পৰীক্ষা বাতিল কৰা হ’ল। মনত দুখ লাগিল ৰাতুলৰ, পুনৰবাৰ পৰীক্ষাৰ বাবে সাজু হোৱা মানে আকৌ নতুন খৰচ। দীঘলীয়া পেঁপাটো বজাই ডিঙিৰ শিৰ ফুলি যোৱা বাপেকৰ মুখখন ভাঁহি উঠিল তাৰ চকুত, পুনৰ পৰীক্ষা মানে আকৌ এই বৃদ্ধ বয়সত টোপনি ক্ষতি কৰি ৰাতি বেণ্ডপাৰ্টিৰ লগত পেঁপা বজাব লাগিব বাপেকে। পৰীক্ষাগৃহৰ পৰা ওলাবলৈ লৈ ৰাতুলে লক্ষ্য কৰিলে যে মনোযোগেৰে লিখি থকা ল’ৰাজনে কঁপালে মূৰে হাত দি কান্দি কান্দি বহি আছে। ৰাতুলে ভাবিলে, সেইজনৰ ঘৰুৱা আৰ্থিক অৱস্থা বা দায়িত্ববোধ হয়তো তাতকৈ অধিক যাৰ বাবে ল’ৰাজন হতাশ হৈছে।

: ব’লক, ইয়াতে বহি থাকিলে কি হ’ব? আপোনাৰ বাবে প্ৰশ্নবোৰ চাগে বৰ সহজ আছিল আজি, নতুনকৈ পৰীক্ষা হ’লেও আপুনি পাৰিবই। হতাশ নহ’ব৷ আপোনাৰ দৰে চোকা মানুহেই যদি হতাশ হয়, মোৰ কি হ’ব ভাবি চাওকচোন৷

ৰাতুলেই মাত লগালে ল’ৰাজনক।

: মোৰ টকাকেইটা পানীত পৰিল। চাল্লা দত্ত দালাল, হাৰামিৰ জাত, অকল মোকেই পেপাৰখন দিয়া বুলি কৈ পাঁচ লাখ লৈছিল৷

কান্দি কান্দিয়েই ক’লে ল’ৰাজনে।

ধিক্কাৰ উপজিল নিজৰ ওপৰতে ৰাতুলৰ, লাহে লাহে আঁতৰি আহিল ল’ৰাজনৰ ওচৰৰ পৰা। অলপ সময় আগতে মেধাৱী বুলি ভাবি সহায় বিচৰাজনৰ প্ৰকৃত মুখাখন খুলি পৰা দেখা পোৱাৰ চাক্ষুষ অভিজ্ঞতা হ’ল আজি।

ঘৰমুৱা বাছৰ শেষৰ ছিটটোত বহি গৈ থাকোঁতেও এইবোৰেই ভাবি গৈ থাকিল ৰাতুলে। বাপেকৰ লগত সি কেতিয়াবা বহুসময় কথা পাতে নিজৰ বন্ধুৰ লগত কথা পতাৰ দৰেই। বেণ্ডপাৰ্টিৰ দলত পেপা বজোৱা মানুহ হ’লেও তাৰ বাপেকৰ অভিজ্ঞতাবোৰ বিচিত্ৰ, বিশেষকৈ মানুহৰ চৰিত্ৰ চিনাৰ ক্ষেত্ৰত। ভিন্ন সময়ত, ভিন্ন স্থানত বাপেকে লগ পোৱা ভিন্ন চৰিত্ৰৰ মানুহবোৰৰ কথা সি বাপেকৰ মুখতেই সাধুকথাৰ দৰে সৰুৰপৰা শুনি আহিছে আৰু সেইবোৰৰ মাজেৰেই সি মানুহক জুখি চাব বিচাৰে, কিন্তু তাৰ অনুমানবোৰ প্ৰায়েই ভুল হয়।
আজিও তাৰ ভুল হৈছে, কিন্তু আজি সি মানুহ চিনি পোৱাত যিমান ভুল কৰিছে তাতকৈ বেছি ভুল কৰিছে প্ৰচলিত ব্যৱস্থাটোক চিনি পোৱাতহে। চাৰিওফালে ঘূণে খোৱা চকীখনত কোনোবাদিনা মানুহ বহিব পৰা হ’ব বুলি আশা কৰাটোৱেই তাৰ চুড়ান্ত ভুল আছিল।

☆★☆★☆

21 Comments

  • সাংঘাতিক লিখিছা দেই ৷

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ বাইদেউ।

      Reply
  • abhijit goswami

    বঢ়িয়া লাগিল sanjib দা 👍👍👍

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ অভিজিৎ।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল পালোঁ পঢ়ি৷

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ দাদা।

      Reply
  • মন্দিৰা

    বৰ ভাল লাগিল সঞ্জীৱ। সমাজৰ সঁচা ঘটনাৰ সুন্দৰ প্ৰতিফলন।

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ বাইদেউ।

      Reply
  • হেমন্ত কাকতি

    বহুত ভাল লাগিল সঞ্জীৱ৷ সবৰে মুখা একোখন থাকেই৷ খালি চিনোতে সময় লয়৷

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ কাকতি দা।

      Reply
  • নমিতা বৰা

    ভাল লাগিল পঢ়ি।

    Reply
  • বন্দিতা

    ভাল লাগিল পঢ়ি

    Reply
  • সুকুমাৰ গোস্বামী

    এইবাৰো সঞ্জীৱ ৰকছ

    Reply
  • Anonymous

    Bohria..

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল সঞ্জীৱ দা।

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ ৰাজশ্ৰী।

      Reply
  • প্ৰদীপ বৰা

    সুন্দৰ উপস্থাপন

    Reply

Leave a Reply

Your email address will not be published.