ফটাঢোল

মুছেভেনী – অমিতাভ মহন্ত

অনল এম্ কম্ পাছ৷ এইবাৰ চিভিল চাৰ্ভিচৰ পৰীক্ষা দি ‘আই পি এছ’ হিচাপে জইন কৰিছে৷ অনলৰ সেইদিনা চাকৰি জীৱনৰ প্ৰথম দিন৷ কৰ্মক্ষেত্ৰত যোৱাৰ আগে আগে দেউতাকক সেৱা কৰিবলৈ আগুৱাই যাওঁতেই দেউতাকে অনলক সাৱটি ধৰিলে৷

– আজি মই খুউব সুখী বোপাই৷ তই আমাৰ আশামতেই জীৱনত সফল হ’লি৷ পিছে তোক আজি এটা উপদেশ দিওঁ৷ ইমানদিনে যে কষ্ট কৰি পঢ়িলি, এই জ্ঞানবোৰ যেন চাকৰি জীৱনত প্ৰয়োগ কৰ৷ এই শিক্ষাখিনি মনত ৰাখিলে তই জীৱনৰ সকলোঁ পৰ্য্যায়তে উজ্বলি উঠিবি৷

অনলৰ চকুত চকুপানী৷ দেউতাকৰ সপোন পূৰণ কৰিব পৰাৰ চকুপানী৷ দেউতাকৰ ভৰি চুই অনলে প্ৰতিজ্ঞা কৰিলে৷ ”কথা দিলোঁ দেউতা৷ এই শিক্ষা মই সদায় কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিম৷”

কৰ্মক্ষেত্ৰত তৃতীয় দিনাই অনলে সুযোগ পালে৷ গুৱাহাটী কমাৰ্চ কলেজৰ ল’ৰা এজনে জুনিয়ৰ এজনীক জোকাইছে৷ ফলত ছোৱালীজনীয়ে আহি কমপ্লেইন দিছে৷ কিন্তু ল’ৰাজনে কেনোপধ্যে স্বীকাৰ নকৰে৷ ল’ৰাজনৰ চিধা কথা, “ছোৱালীজনীয়ে মোক ভাল পাইছিল৷ মই গুৰুত্ব নিদিয়া বাবে মোক ফচাবলৈ চেষ্টা কৰিছে৷ বিমোৰত পৰিল অনল৷ এতিয়া সি কেনেকৈ সত্য উন্মোচন কৰিব? আৰু ঠিক তেতিয়াই! দেউতাকৰ উপদেশ অনলৰ মনলৈ আহিল- জ্ঞানবোৰ চাকৰি জীৱনত যেন প্ৰয়োগ কৰ৷ এটা দীৰ্ঘশ্বাস লৈ অনলে ল’ৰাটোক প্ৰশ্ন কৰিলে- “জি এইট্ ভুক্ত দেশবোৰৰ নাম কি?”

মুখ চুখ মেলি ল’ৰাটো ৰৈ আছে৷ অনলে আকৌ প্ৰশ্নবাণ এৰিলে, “নাটোৰ সদৰ দপ্তৰ ক’ত অৱস্থিত।” ল’ৰাটোৱে অবাক হৈ অনলৰ ফালে চাই আছে৷ অনলে ঘোষণা কৰিলে, “ইয়েই ইভ্ টিজিং কৰিছে৷”

ছয় মাহৰ কাৰাদণ্ড, পচিশ হাজাৰ টকা জৰিমনা!

এনেদৰে আৰু কিছু কেইছ চলভ্ কৰাৰ পিছত অনলে অনুভৱ কৰিলে, সঁচাকৈয়ে এই চিভিল চাৰ্ভিচৰ চাকৰিৰ বাবে কৰা পঢ়া শুনাবোৰে চাকৰি জীৱনত বহুত কামত দিয়ে৷ কিছু মানুহে এই লৈ অনলক ঠাট্টা নকৰা নহয়৷ কিন্তু সেইবোৰে চাকৰি নাপায় অনলক হিংসা কৰা বিধৰহে৷

এই জ্ঞানবোৰ যে বাস্তৱ জীৱনত উপকাৰী তাৰে প্ৰমাণ এদিন সি হাতে হাতে পালে৷ নীলাক্ষী! হয় অনলৰ জীৱনলৈ প্ৰেম আহিছে৷ সি নীলাক্ষীক ভাল পাই পেলাইছে৷ কিন্তু আজিলৈ সি তাইক প্ৰপজ্ কৰাৰ সাহস গোটাব পৰা নাই৷ কৰ্মক্ষেত্ৰত নিপুণ হ’লেও প্ৰেমৰ ক্ষেত্ৰত সি একদম কেঁচা৷ শেষত এদিন তাইৰ আগত সি থিয় দিলে৷

– নীলাক্ষী৷

– কোৱা৷

– মোৰ তোমাৰ সৈতে অলপ কথা আছিল৷

– কি কথা? কোৱাচোন৷

– বুৰঞ্জীমূলক স্বৰ্ণলতা নামৰ উপন্যাসখন তিলোত্তমা মিশ্ৰই লিখিছিল৷

লাজ লাজকৈ নীলাক্ষীয়ে ক’লে,

– আৰু!

-চুপ্ৰীম কৰ্টৰ প্ৰথম অসমীয়া জাজ্জনৰ নাম আছিল পাৰ্বতী কুমাৰ গোস্বামী৷

নীলাক্ষী নিশ্চুপ৷ অৱশেষত তাই মৌনতা ভাঙিলে৷ অনলৰ হাতত হাত থৈ তাই ক’লে,

– মই এই বিয়াৰ বাবে সন্মত!

বিয়াৰ পিছত জীৱনটো ভীষণ আনন্দময় হৈ পৰিল৷ অনল আৰু নীলাক্ষী হনীমুনত মালয়েচিয়ালৈ গৈছিল৷ পাইলটে মুন্সী প্ৰেমচান্দৰ সমস্ত সৃষ্টিৰ নাম এফালৰ পৰা মাতিবলৈ লওঁতে বিমানে ৰানৱেত গতি কৰিলে৷ তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰম্ভ কৰোঁ‌তেই বিমান উৰিবলৈ আৰম্ভ কৰিলে৷ অনলে দ্বিতীয় বিশ্বযুদ্ধত নিহত ১০০জন সৈন্যৰ নাম জনা বাবে গোটেই যাত্ৰাত চিটবেল্ট নমৰাকৈ যোৱাৰ সুবিধা পালে৷

যিমানে দিন গ’ল অনলে নতুনকৈ অবাক হৈ গৈ থাকিল৷ হোম লোনৰ বাবে বেংকলৈ গৈ গম পালে যে সমগ্ৰ বেঙ্কিং ব্যৱস্থাটো বিশ্বৰ দহটা জলপ্ৰপাত আৰু মৰুভূমিৰ নামৰ ওপৰত টিকি আছে৷ অনলে এই গোটেইকেইটা নাম ক’ব পৰা বাবে বিনা সূতত লোনটো হৈ গ’ল৷

নীলাক্ষী প্ৰেগনেণ্ট৷ এদিন তাইৰ লেবাৰ পেইন আৰম্ভ হ’ল৷ ডাক্তৰ চিন্তিত৷

– কিবা সমস্যা ডাক্তৰ?

– হয়৷

– কি?

– আমি মাক বা কেঁ‌চুৱাৰ যিকোনো এজনকহে বচাব পাৰিম৷

অনল ক্ৰন্দনমুৱা৷

– একো উপায় নাইনে?

– আছে৷

– কি?

– মই অপাৰেচন কৰাৰ সময়ত যদি কোনোবাই মোৰ কাণত লাহে লাহে মধ্য প্ৰাচ্যৰ সমস্ত দেশৰ ৰাজধানী আৰু মুদ্ৰাৰ নাম সম্পূৰ্ণ শুদ্ধকৈ কৈ থাকে তেন্তে অপাৰেচন সফল হ’ব৷ নহ’লে অন্য একো উপায় নাই৷

অনলে হাঁহিলে মাথোন৷ নীলাক্ষী আৰু তাইজ যমজ সন্তান সম্পূৰ্ণ সুস্থ!

পৰিশিষ্টঃ অনলৰ বয়স এতিয়া নব্বৈ৷ এক সফল জীৱন অতিক্ৰম কৰি অনল আজি মৃত্যুশয্যাত৷ পত্নী, সন্তান, নাতি পুতিৰে এক সুখৰ সংসাৰ৷ সকলোৱে মৃত্যুমুখী অনলৰ চাৰিওফালে বহি আছে৷ অনলে সকলোৰে পিনে চাই ক’বলৈ আৰম্ভ কৰিলে৷

– মই আৰু বেছি সময় নাবাচিম৷ মই মৰাৰ আগে আগে সকলোকে এটা কথাই কৈ যাম৷ জীৱনত হাজাৰ বিপদত পৰিলেও, এই কথাশাৰী সদাই মনত ৰাখিবা৷ এয়া হৃদয়ঙ্গম কৰি ল’লে জীৱনত একো সমস্যাই তোমালোকক টলাব নোৱাৰে৷

– কি কথা দেউতা!

এটা শেতা হাঁহি মাৰি অনলে ক’লে, ”উগাণ্ডাৰ প্ৰেছিডেন্টৰ নাম য়োৱেৰী মুছেভেনী৷”

এক সফল জীৱনৰ পৰিসমাপ্তি৷ সদ্যমৃত অনলৰ চকুৱে মুখে এক অপাৰ্থিৱ তৃপ্তিৰ আভা!

5 Comments

Leave a Reply

Your email address will not be published.