ফটাঢোল

মূলঃআয়না ট্ৰিটমেণ্ট,লেখক:সুৰভি ঘটক,অনুবাদ-বিবেকানন্দ চৌধুৰী 

শীতকালিৰ দুপৰীয়া। মামাৰ ঘৰৰ ছাঁদত মই আৰু সৰুমাহী পিঠিত ৰ’দ লৈ কমলাটেঙাৰ সোৱাদ লৈ আছিলোঁ।

ক্যাছ্। গে’টখন খোলাৰ শব্দ হ’ল। ৰেলিঙৰ ফাঁকেৰে তললৈ চালোঁ। এগৰাকী মাজবয়সী মহিলা গধুৰ খোজেৰে আগবাঢ়ি আহিছে। দুয়োজন একেলগে আতঙ্কিত হৈ উঠিলোঁ–

‘হ’ল আৰু’।

এগৰাকী নিৰীহ ভদ্ৰমহিলাক দেখি এনেকৈ জাঁপ মাৰি উঠাৰ কিবা মানে আছে জানো! ভদ্ৰ মহিলাতো আৰু চোৰ-ডকাইত নহয়, আইতাৰ প্ৰতিবেশী। আমি আতঙ্কিত হোৱাৰ কাৰণ হ’ল, আইতাৰ দিবানিদ্ৰাৰ অৱসান। ফল, আবেলিলৈ আইতাৰ অৱশ্যম্ভাৱী মূৰৰ বিষ। তাৰ মানেই আমাৰ বিশেষ জলপানৰ মুদা মৰা। আজিলৈ আমাৰ কঁপালত শুকান ৰুটি-তৰকাৰী। সহ্য হ’ব জানো কাৰোবাৰ! এই সুন্দৰ শীতৰ আবেলি না হ’ব ফুলকবিৰ শিঙৰা, না হ’ব আইতাৰ ঘৰুৱা বিশেষ মছলাৰ কচুৰি, না হ’ব ভেজিটেবল চপ, হ’বগৈ সেই আওপুৰণি শুকান ৰুটি-তৰকাৰী। ভাবিয়েই মুখখন বিকচিনা লাগিল।

ইতিমধ্যেই তেখেতে বে’ল টিপিলেই। টুংটাং শব্দত আমেজত আইতাৰ জাপ খোৱা চকুৰপৰা নিশ্চয়কৈ টোপনি পলাল। আইতাৰ প্ৰতিবেশীয়ে এইবাৰ একেৰাহে দুঘণ্টা ধৰি দ’ম দ’ম গাজাখুৰি গল্প শুনাব আৰু মাজে মাজে পাতিহাঁহৰ দৰে ডিঙিটো লৰাই লৰাই হাঁহিব। আৰু বেচেৰী আইতা, বান্ধবীৰ গোটেইখিনি কথাই যেন বিশ্বাস হৈছে এনে ভাব দেখুৱাই সমানে তাল ধৰি যাব।

: ঔ আই! সঁচাই কৈছানে! তুমি পাৰাও দেই কিন্তু!

তথাপি মই লক্ষ্য কৰিছোঁ, কথা চলি থকাৰ ফাঁকে ফাঁকে আইতাই বাৰে বাৰে ঘড়ী চাই থাকে। বোধহয় মনে মনে চাৰিটা বজালৈ অপেক্ষা কৰে। ঠিক চাৰিটাৰ লগে লগে ভদ্ৰমহিলাই কাণ-মূৰ জোকাৰি উঠি যাব। কাৰণ ঘৰত কাম কৰা মানুহগৰাকী বাচন ধুবলৈ আহিব যে!

আইতাৰ এই বাৰে বাৰে ঘড়ী চোৱা  কামটোৰ মাজেৰে যে বিৰক্তি প্ৰকাশ পাইছে এইকথা ভদ্ৰমহিলাই বুজিও যেন নুবুজে। অৱশ্যে আইতাৰ নিচিনা এনে সহনশীল শ্ৰোতা পাবইবা ক’ত? সেয়ে তেখেতে ভৰি পকাই বহি লৈ তেওঁৰ গাজাখুৰি গল্পৰ ভঁৰাল উজাৰ কৰি শুনাইহে সেইদিনাৰ বাবে ক্ষান্ত হয়। দুদিন পাছতেই আৰু নতুন ভঁৰাল লৈ হাজিৰ। আইতাই বা কেনেকৈ ইমান সহ্য কৰে!

আইতাৰ প্ৰতিবেশীৰ শেহতীয়া টপিক শুনিবলৈ আমি জাৰকালিৰ ৰ’দৰ আমেজৰ মায়া ত্যাগ কৰি তললৈ নামি আহিলোঁ। ইতিমধ্যে ঘৰুৱা সহায়কাৰী গৰাকীয়ে দুৱাৰ খুলি দিছে। তেওঁ গোলগাল শৰীৰটো টানি টুনি আইতাৰ কোঠালীৰ কাষ পাই মাত দিলে,

: কি কৰি আছা বাইদেউ?

আইতাই টোপনিৰ আমেজত মুদ খোৱা চকু কিঞ্চিৎ মেলি সুধিলে,

: কোন?

মই মনে মনে ক’লোঁ, ‘ফটাঢোল মাহী’। ভদ্ৰমহিলাৰ এই তাৎক্ষণিক নামকৰণটো হঠাৎ মূৰত অহাত বেছ ভাল লাগি গ’ল। এই নামটো ব্যৱহাৰ কৰিব পৰা যাব।

বাৰু, পাছৰ কথা পাছত।

আইতাৰ দুৱাৰমুখত ৰৈ বেছ বিগলিত কণ্ঠে সুধিলে,

: ভিতৰলৈ সোমাব পাৰিম, বাইদেউ?

: অ’ মল্লিকা, আহা।

নিহালীৰ উম এৰি আইতা উঠি বহিল।

: শুইছিল বোধহয়।

: নাই এনেয়ে অলপ বাগৰ দিছিলোঁ আৰু!

মহাশয়া আৰু একমুহূৰ্তও সময় নষ্ট নকৰিলে। চিলা উৰুৱাওতে উঘাটোৰ পৰা সূতা এৰা দিলে।

: জানা বাইদেউ, কালি যে আমাৰ ঘৰত কি কাণ্ড! ৰাতি প্ৰায় এঘাৰটামানেই হ’ব চাগে। গিৰিহঁতে এই মস্ত এটা ইলিছ লৈ হাজিৰ। নাই বুলিলেও আঠ-ন কেজিমানতো হ’বই।

কৈয়েই মহাশয়াই মুখত চোবাই থকা পাণখনৰ চোবাটো ইখন গালৰপৰা সিখন গাললৈ ঠেলি দিলে।

আইতাই অন্য প্ৰসঙ্গ উলিয়াব খুজিছিল,

: এই কেইদিন কম বৰষুণ হ’ল নেকি? শীতকালত এনে বৰষুণ আজিলৈ দেখা নাই হে। তিতা কাপোৰবোৰ শুকুৱাবলৈ মেলিবলৈ এবাৰ এইপিনে, এবাৰ সেইপিনে …

মহাশয়াৰ পিচে কথাৰ আঁত সলাব নোৱাৰি। আইতাৰ মিনমিনীয়া মাতটোক দমাই এখোপ ওপৰত নিজৰ কথা ক’বলৈ আৰম্ভ কৰিলে। বাপৰে কি মাত। ঠিক যেন মজিয়াত বালি ছটিয়াই লৈ তাৰ ওপৰত কাঁহৰ বাচন হে ঘঁহা হৈছে।

: শুনা বাইদেউ, সেই মাজৰাতি মোৰ কি অৱস্থা! ইমান ডাঙৰ মাছ, তাক কটা-ধোৱা, তাৰপাছত ৰন্ধা, চাওঁতে চাওঁতে বিশ্বাস কৰক দহ-বাৰ ৰকমৰ ব্যঞ্জন তৈয়াৰ হৈয়েই গ’ল নহয়। আটাইবোৰেই পিচে বিদেশী ব্যঞ্জন। আমাৰ ল’ৰা-ছোৱালীকেইটাই আকৌ বিদেশী ব্যঞ্জন নহ’লে মুখতেই নিদিয়ে। বঙালীবোৰৰতো ইলিছ বুলিলে দুটাহে, পদ-ভজা ইলিছ আৰু ভাপা ইলিছ। খাবলৈ জানে মাথোঁ বিদেশীকইটাই। ইলিছ ৰোষ্ট, ইলিছ কাবাব, ইলিছ কোৰ্মা, বোনলেছ ইলিছ, পাইনেপল ইলিছ, কৰোলা ইলিছ.. কিমান ক’ম? আৰু এনেকে ৰান্ধিব গৈয়েইতো।….

আইতাই সামান্য সুৰুঙা পাই সঁহাৰি দিলে,

: উহ্! তুমিও পাৰা দিয়া।

: নোৱাৰিলেহে হ’ব। মই দিল্লীত থাকোঁতে এটা ফৰেইন ইনষ্টিটিউটত কুকাৰি কোৰ্চ এনেই কৰিলোঁ নেকি। মোৰ নিজে লেখা এখন কিতাপো আছে। জানা বাইদেউ, মোৰ লেখা ৰেছিপিবোৰ এজন জাৰ্মান ব্যক্তিৰ ইমান পছন্দ হৈ গ’ল নহয়, তেওঁ নিজৰ খৰচত সেইখনৰ জাৰ্মান ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰি পেলালে। এতিয়াও তাৰ পৰা শকত ৰয়েল্টি পাওঁ।

: সঁচা! কেতিয়াও কোৱা নাইচোন।

আইতাৰ বান্ধবীয়ে সলজ্জ হাঁহি এটা মাৰিলে।

: কি ক’ম। এইবোৰ নিতান্তই সৰু কথা। কথাত কথা ওলায় বাবেহে..।

আইতাই ক’লে,

: তুমি টি ভি শ্ব’ নকৰা কিয় হে মল্লিকা? আজিকালিচোন আটাইবোৰ চেনেলতেই ৰন্ধন-প্ৰকৰণৰ অনুষ্ঠান থাকেই।

: কৰিছোঁ নহয়। বহুত টি ভি শ্ব’ কৰিছোঁ। ষ্টাৰ প্লাছ, ছ’নি, জি টি ভিৰ পৰা কিমানবাৰ আমন্ত্ৰণ পালোঁ।

মই সৰুমাহীক ফুচফুচাই ক’লোঁ, তেওঁৰ টি ভি শ্ব’টোৰ নাম নিশ্চয় আছিল, ‘গাজাখুৰী আনলিমিটেড’।

: মনে মনে থাকা। শুনিলে দায় লাগিব।

আমাৰ দুইটাৰে অবাক হ’বলৈ বহুখিনি বাকী। ফটাঢোল মাহীয়ে আকৌ ইলিছৰ কাহিনীলৈ ঘূৰি গ’ল।

: আহহা, মাছটোৰ কি অপূৰ্ব স্বাদ, তোমাক যে কি ক’ম বাইদেউ। এনে লাগিছিল যেন মাখন হে খাইছোঁ। আৰু নহ’বই বা কিয়! আমাৰ তেখেতে মাছৰ আহাৰ তৈয়াৰ কৰিবলৈ কিমান যে গৰুৰ ঘিঁউ ঢালে। আৰু কতৰকমৰ দামী দামী মছলা। সেইবোৰ খায়েইতো মাছৰ শৰীৰ এনে নৰম তুলতুলীয়া হৈ যায়। যিয়েই নোকোৱা বাইদেউ, মাছ ধৰাৰ নিচাত কিন্তু বেছ খৰচ আছে দেই।

মানুহগৰাকীক মোৰ এটা জীৱন্ত আগ্নেয়গিৰি যেন লাগিছিল। ভিতৰত জমা হৈ থকা আৱৰ্জনাবোৰ এবাৰ বতিয়াবলৈ আৰম্ভ কৰিলে আৰু বন্ধ হোৱাৰ নাম নাই।

আইতাই ক’লে,

: পিচে, ইমান ডাঙৰ মাছটো তোমাৰ গিৰিহঁতে বৰশীতে তুলিলেনে?

স্পষ্ট ইঙ্গিত মানুহগৰাকীৰ হাড়ে-ছালে লগা গিৰিয়েকলৈ। কিন্তু তেঁৱো কম নহয়!

: ইহ্ কিয় নোৱাৰিব। মাছ ধৰিবলৈতো আৰু শক্তিধৰ হোৱাৰ প্ৰয়োজন নাই, সেয়া আচলতে একৰকমৰ কলাহে। পানীৰ ওপৰত ওলাই থকা ফানৰ কঁপনি চায়েই বুজি ল’ব লাগিব মাছৰ গতিবিধি। অৱশ্যে, অভিজ্ঞতা লাগিব। হাজাৰ হওক জমিদাৰৰ ঘৰৰ ল’ৰা যে! নিজৰ ঘৰতেই দহ-বাৰটা পুখুৰী।

আইতাৰ চকু ডাঙৰ হৈ গ’ল।

: কি কোৱাহে মল্লিকা, দহ-বা-ৰ-টা…

সৰুমাহীক ক’লোঁ,

: আইতাৰ পৰিপাক প্ৰণালী বেছ শক্তিশালীহে। ইমান দ’ম দ’ম গাজাখুৰী এনেকৈ হজম কৰি গৈছে। মই হ’লেতো…

: তইনো কি কৰিলি হয়?

: কি কৰিলোহেঁতেন চাবা নেকি?

কৈয়েই পৰ্দাৰ আঁৰৰ পৰা ওলাই আইতাৰ কোঠালৈ ধুমধাম সোমাই গ’লোঁ।

: আইতা, তোমালোকৰ এইপিনে হ’বলা পুখুৰীত ইলিছ পোহে?

: ধুৰ পাগলী, পুখুৰীত ইলিছ পুহিব পাৰি নেকি?

আইতাৰ মৃদু ধমক।

: তেতিয়াহ’লে তেওঁ যে ক’লে বৰশীৰে ইলিছ ধৰিছে তেখেতৰ…

মানুহগৰাকীয়ে লগে লগে অনুমান কৰি পেলালে আক্ৰমণ কোন দিশৰ পৰা হৈছে।

: আৰে, মইনো কেতিয়া ক’লোঁ যে তেওঁ পুখুৰীৰ পৰা ইলিছ ধৰিছে। তেওঁতো গঙ্গাতেই বৰশী বাইছে। আমাৰ এই নীলমণি ঘাটতেই।

মই স্তম্ভিত, বৰশীৰে ইলিছ ধৰা, তাকো এই নীলমণি ঘাটত; য’ত আধামাইল বোকা খচি আগবাঢ়ি গ’লে কোনোমতে ভৰিৰ পতাখন ডুব যোৱাকৈ পানী। মোৰ আৰু কথা কটাকটি কৰিবৰ মন নগ’ল। আচলতে প্ৰচণ্ড বেগত ওলাই অহা হাঁহি কোনোমতে চেপি পলাইহে আহিলোঁ।

সৰুমাহীয়ে ক’লে,

: শেন যেন হৈ ফেঁচা যেন হৈ আহিলাচোন।

: মুঠেও নহয়। তেওঁৰ কথা সহজতেই মই উৰুৱাই দিব পাৰিলোঁহেঁতেন। বয়সত বহু ডাঙৰ যে, সেয়ে। নহ’লে মুখত ধৰিয়েই কৈ দিলোঁহেঁতেন, আপোনাৰ সেই গঙ্গাত বৰশী বোৱা কাহিনীটো গঙ্গাত এডিঙি পানীত থিয় দি ক’লেও কোনেও বিশ্বাস নকৰে দিয়ক।

তেনে সময়তে মানুহগৰাকীয়ে আইতাক কোৱা শুনিলোঁ,

: অবিশ্বাস্য কিবা ঘটিছে বাবেইতো ক’বলৈ আহিছোঁ। যিয়ে সিয়ে তেনে কাম কৰিবপৰা হ’লেতো কথাই নাছিল। মোৰ গিৰিহঁত বুলিহে..

সৰুমাহী হাঁহিত বাগৰি পৰা যেন হ’ল।

ফটাঢোল মাহীয়ে ইতিমধ্যে বেলেগ কাহিনীৰ মেৰপাক খুলিছে।

: কালি বাতৰিকাকতত এটা বাতৰি পঢ়ি ইমান হাঁহি উঠিল যে বাইদেউ, কি ক’ম। আজিকালি মানুহবোৰ ইমান প্ৰচাৰমুখী হৈ পৰিছে নহয়। ভাবাচোন সেই সামান্য এটা মধুৰিআম, আধাকিলো তাৰ ওজন। তাৰো ছবি বাতৰিকাকতত ছপা হয়। একেবাৰে মালিকৰ ছবি, নাম, ঠিকনাসহ। আমাৰ পিতাহঁতৰ বাগিছাত তেনেকুৱা মধুৰিতো হাজাৰ হাজাৰ। একো একোটাৰ যি হে ছাইজ, যেন ভাদ মাহৰ তাল ফলহে। কোনোবাটো দেৰ কেজি, কোনোবাটো দুই কেজি। আমি কিবা কোনোবাদিনা ঢাক-ঢোল কোবাই জাহিৰ কৰিছোঁ নেকি?

আইতাই ক’লে,

: কি কোৱা মল্লিকা, দেৰ-দুই কেজিৰ মধুৰি?

: তেতিয়াহ’লে আৰু কি ক’ম। আৰু মধুৰিবোৰ যে। যেনে ৰসাল, তেনে সোৱাদ, জানে। মিছিৰিৰ সোৱাদকো চেৰ পেলাব।

আইতাই অনুনয় কৰি ক’লে,

: এইবাৰ দেউতাৰাৰ ঘৰলৈ গ’লে মোৰ বাবে কিন্তু কেইটামান আনিবা দেই। মোৰ ছোৱালীজনীয়ে আকৌ মধুৰি বৰ ভাল পাই জানা।

ফান্দতপৰা ভৰি এৰুৱাত ওস্তাদ ফটাঢোল মাহী।

: কিনো কথা। লৈ আহিম দিয়া কেইটামান। পিচে কেতিয়া বা যোৱা হ’ব। সংসাৰৰ যিহে জামেলা।

: তোমাৰনো কি জামেলা হে মল্লিকা, ল’ৰা-ছোৱালী জাঙৰ হ’ল, কলেজত পঢ়ে। এতিয়াতো হাত-ভৰি মুক্ত।

: সিহঁত বাৰু ডাঙৰ হ’ল, কিন্তু গিৰিহঁত যে। তেওঁ যে একেবাৰে ছুটি ল’ব নোখোজে, খুব দায়িত্বশীল যে। নহ’লে ইমান কেইজন জ্যেষ্ঠ বিষয়াক চেৰাই গৈ একেবাৰে বৰচাহাবৰ সোঁহাত। অৱশ্যে, তেওঁ অৱসৰ লোৱাৰ পাছত ঘৰলৈ গ’লেই আনিম। ইমান আগ্ৰহ কৰিছা যেতিয়া..

মোৰ আৰু সহ্য হোৱা নাছিল। উশাহ বন্ধ হৈ আহিছে। সৰু মাহীক হাতত ধৰি টানি লৈ আহিলোঁ আইতাৰ দুৱাৰৰ কাষৰ পৰা।

: ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিবই লাগিব সৰুমাহী। তেওঁ দিনৰ পাছত দিন ধৰি গাজাখুৰি সাগৰত ডুবাই ডুবাই আইতাক পানী খুৱাব, এয়া কোনোমতেই চলিব দিব নোৱাৰি।

: কিনো কৰিব বিচাৰিছ তই।

: সেয়া তুমি মোৰ ওপৰত এৰা।

: সাৱধান, কোনো অসন্মানজনক কথা ভুলতো নক’বা কিন্তু। মা কিন্তু ভীষণ ছিমপ্যাথাতিক তেখেতৰ প্ৰতি।

: ছিমপ্যাথাতিক? কিয়?

: মাৰ ধাৰণা এনে ঢোলপিতা মানুহবোৰ আচলতে একপ্ৰকাৰৰ মানসিক ব্যাধিৰ চিকাৰ। আৰু যি কোনো সুস্থ মানুহৰেই উচিত অসুস্থ মানুহবোৰৰ প্ৰতি সহানুভূতিশীল হোৱা।

মাহীক কথাত মোৰ ভিতৰত দপদপাই জ্বলি থকা জুইকুৰা অকমাণ যেন স্তিমিত হ’ল। তথাপি ক’লো‍ঁ,

: সেইবুলিয়েই ইমান মিছা কথা..

: মোৰ কি ভাব হয় জানা ৰুমকি, মানুহগৰাকীয়ে মিছাৰ সহায় লৈ যি আত্মপ্ৰচাৰ বিচাৰে সেয়া পিঠাগুৰি গোলা পানী খাই গাখীৰৰ সোৱাদ পোৱা যেন কথা। যশপ্ৰীতি বা আকাঙ্খা আমাৰ সকলোৰে কম-বেছি পৰিমাণে থাকেই। তেখেতৰো আছে। কিন্তু সেই যশ আৰ্জনৰ যি যোগ্যতাৰ প্ৰয়োজন সেয়া তেখেতৰ নাই। সেয়ে মিছাৰ পাহাৰ সৃষ্টি কৰি মানুহৰ দৃষ্টি বা শ্ৰদ্ধা আকৰ্ষণৰ চেষ্টা একধৰণৰ পাগলামিৰ বাহিৰেনো কি, বাদ দিয়ানা।

মোৰ ভিতৰত স্তিমিত হোৱা উষ্মাখিনি আৰু দপকৈ জ্বলি উঠিল,

: ইহঃ এৰি দিলেই হ’ল, ইপিনে আমাৰ কিমান লোকচান হৈছে, কোৱাচোন?

: লোকচান হৈছে মানে? 

: লোকচান হোৱা নাই? এই যে আইতাই তৈয়াৰ কৰা ভাল ভাল খোৱাৰ আয়োজন দিনৰ পাছত দিন বৰবাদ হোৱা, এয়া লোকচান নহয় নেকি? কোৱা?

: ইচ! তামাম গৰম হৈ গৈছাচোন।

: পিচে তুমি যিয়েই নোকোৱা মাহী, মানুহগৰাকীৰ এটা ট্ৰিটমেণ্টৰ প্ৰয়োজন। আৰু মই মনে মনে ঠিক কৰিয়েই পেলাইছোঁ, তেখেতক খুব শীঘ্ৰেই এটা আয়না ট্ৰিটমেণ্ট দিম।

মাহীৰ চকু বহল হৈ গ’ল।

: আয়না ট্ৰিটমেণ্ট! সেয়া আকৌ কি? এলোপ্যাথি, হোমিওপ্যাথি, কবিৰাজী আনকি আকুপাংচাৰৰ নামো শুনিছোঁ, কিন্তু আয়না ট্ৰিটমেণ্ট … উহু, তেনেকুৱা কিবা শুনা বুলিতো মনত পৰা নাই। এয়া লেটেষ্ট কিবা নেকি? মানে আয়নাৰ পৰা ৰশ্মি প্ৰতিফলিত কৰি কিবা…

মই গম্ভীৰ মুখে উত্তৰ দিলোঁ,

: আয়না ট্ৰিটমেণ্ট হ’ল, এনে ধৰণৰ ফটাঢোল কোবোৱা লোকৰ চিকিৎসাৰ এটা সুন্দৰ পদ্ধতি। এয়া মোৰ নিজস্ব উদ্ভাৱন। মোৰ বিশ্বাস এই ঔষধত তেখেতৰ ৰোগ সম্পূৰ্ণ নিৰাময় হ’ব। আৰু মোৰ এই সফলতাৰ পাছতেই দেখিবা এই ঔষধৰ পেটেণ্ট ল’বলৈ ডাঙৰ ডাঙৰ ঔষধ কোম্পানীবোৰৰ মাজত হুলস্থূল লাগিব। হয়তো বাতৰিকাকতত মোৰ সৈতে ফটাঢোল মাহীৰ ছবিও ছপা হ’ব। ৰোগ মুক্তিৰ লগে লগে আইতাৰ বান্ধবীৰ ইমানদিনৰ আশাও পূৰণ হ’ব। হাও ডু ইউ লাইক দ্য আইডিয়া?

সৰুমাহীৰ থৰ লাগি চাই থকা দেখি বুজি পালোঁ, মোৰ কথাৰ সাৰবস্তু আৰু মজা কোনোটোৱেই বোধগম্য নহ’ল। কেৱল ভয়ে ভয়ে কৈ থ’লে-

: চাবা ভাই, এনেকুৱা একো যাতে নকৰা য’ত মানুহগৰাকীৰ কিবা ক্ষতি হয়। মাই কিন্তু খুব দুখ পাব।

মই মাহীক আশ্বস্ত কৰি ক’লোঁ,

: ডণ্ট ৱৰি। আয়না ট্ৰিটমেণ্ট ইজ টোটেলি হাৰ্মলেছ।

মামাহঁতৰ তাৰপৰা উভতি আহি আয়না ট্ৰিটমেণ্টৰ ফৰ্মূলা তৈয়াৰ কৰি পেলালোঁ। মই তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰী। আমাৰ স্কুলত এখন আলোচনী আছিল- গল্প, নাটক, কবিতা আদিৰে সুসজ্জিত হৈ সৰস্বতী পূজাৰ দিনা প্ৰকাশিত হয়। সেইখনৰ বাবে মোৰপৰা এটা গল্প বিচাৰিলে। মই মনে মনে এই সুযোগৰেই অপেক্ষাত আছিলোঁ।

সিৰাৰ ভিতৰত ঔষধ ইনজেক্ট কৰিবলৈ যেনেকৈ ছিৰিঞ্জ নামক এটা মাধ্যমৰ প্ৰয়োজন হয়, তেনেকৈ মোৰ আৱিস্কৃত আয়না ট্ৰিটমেণ্টৰ বাবে এই পত্ৰিকা নামক এটা বিশেষ মাধ্যমৰ প্ৰয়োজন আছিল। মই নিশা টোপনি ক্ষতি কৰি এটা সৰু গল্প লিখি পেলালোঁ। নাম দিলোঁ “ফটাঢোল মাহী”। সেই গল্পৰ মুখ্য চৰিত্ৰত হুবহু আঁকি দিলোঁ আইতাৰ প্ৰতিবেশীক। আৰু তেওঁৰ মুখত শুনা গাজাখুৰী গল্পবোৰ একেবাৰে নিখুঁতভাৱে বহুৱাই দিলোঁ ফটাঢোল মাহীৰ মুখত। আয়না ট্ৰিটমেণ্টৰ ফৰ্মূলা অনুসৰি ঔষধ একেবাৰে সাজু। এইবাৰ কেৱল ৰোগীৰ হাতত পৰিব লাগে।

তাৰপাছত দৌল উৎসৱৰ সময়ত আকৌ মামাহঁতৰ ঘৰলৈ গ’লোঁ। সৰুমাহীৰ সৈতে পৰামৰ্শ কৰি এমুঠি ফাকুগুৰি আৰু আলোচনীখন হাতত লৈ আইতাৰ প্ৰতিৱেশীৰ ঘৰ ওলালোঁগৈ।

: হ্যাপি হোলি আণ্টি।

ভৰিত ফাকুগুৰি দি প্ৰণাম কৰি হাতত আলোচনীখন দিলোঁ, লাজ লাজ ভাবে ক’লোঁ,

: এইখন আমাৰ স্কুলৰ আলোচনী, ইয়াত মোৰ এটা গল্প আছে।

: এ আই, হয়। তুমি লেখা-লেখিও কৰা তাৰমানে। বৰ ভাল কথা দেই। মইও লিখিছিলোঁ, জানা। আনন্দবাজাৰ পত্ৰিকাত মোৰ কিমান গল্প ওলাল। দেশ আলোচনীখনত বহুদিন লিখিছিলোঁ। এবাৰ ষ্টেটছম্যানৰ দেওবৰীয়া পৰিপুৰিকাত মোৰ এটা প্ৰৱন্ধ ওলাইছিল। পুৰ-ৰা দুই পৃষ্ঠা। ভাবাচোন কি বিৰাট কভাৰেজ। আচলতে তেতিয়া মোৰ সেয়াই আছিল জীৱন। বেছ জনাজাতো হৈছিলোঁ জানা। তেতিয়া তোমাৰ মহাৰ আয়-উপাৰ্জন ইমান ভাল নাছিল নহয়। মোৰ এই পইছাৰেই সংসাৰ চলিছিল।

মই যিমান পাৰো চকু দুটা ডাঙৰ কৰি ক’লোঁ,

: বাপৰে আণ্টি, আপুনিতো দেখিছোঁ আটাইবোৰ নামী দামী কাকততেই লিখিছে। কাটিংবোৰতো ৰাখি থৈছেই নিশ্চয়!

: এৰা সেয়াতো আছেই, কিন্তু এতিয়াই লাগ বুলিলে দেখুৱাব নোৱাৰিম নহয়। কিছু বিচাৰিব লাগিব। তাতে বহুদিন আগৰ কথা নহয়, বুজিছাই নিশ্চয়।

এনে চালাক প্ৰাণীৰ সৈতে পাল্লা দিয়া মোৰ কাম নহয়। সেয়ে প্ৰসঙ্গ সলালোঁ,

: এতিয়া পিচে কিয় নেলেখেনো আণ্টি?

: একদম সময় নাপাওঁহে। সংসাৰৰ জঁট ভাঙোতেই দিনটো পাৰ হৈ যায়হে। তথাপি লিখিব নোৱৰাৰ বাবে মনটো খুচখুচাই নথকা নহয়। বহুদিনৰ অভ্যাস যে। তোমাক মই সৰুকালৰ এটা গল্প কওঁ ৰ’বা।

মোৰ তেতিয়া সাত-আঠ বছৰ বয়স হৈছেহে, তেতিয়াৰ পৰাই লিখিছোঁ কিন্তু দেই। আমাৰ ঘৰত এটা গৰু আছিল- নাম মুউলি। ধকধকীয়া বগা। ডাঙৰ ডাঙৰ ক’লা চকু, আৰু ঘোৰখোৱা দুটা শিং। বহুখিনি হৰিণৰ নিচিনাই। শিঙৰ এনে বাহাৰ মই জীৱনত দেখা নাই। এদিন দুপৰীয়া গোহালিত বহি বহি মই এটা গল্পকে লিখি পেলালোঁ। সেয়াই মোৰ প্ৰথম লেখা। গল্পটো কেনে হৈছে জানিবলৈ বুলি ডাকযোগে শৰৎচন্দ্ৰলৈ পঠিয়াই দিলোঁ। তেতিয়াই তেওঁ প্ৰখ্যাত। তেওঁ যে জানা, পঢ়ি একেবাৰে মুগ্ধ। মোক চিঠিৰে জনালে, “তোমাৰ গল্পটো আদৰ্শ চুটি গল্প। তোমাৰ লেখাৰ ষ্টাইল যিকোনো লেখকৰ পক্ষে অনুকৰণীয়। তুমি এদিন বিখ্যাত লেখিকা হ’বা, মোৰ দৃঢ় বিশ্বাস”।

মইতো চিঠি পাই আনন্দত আত্মহাৰা। ভাবাচোন, এনে এজন লোকৰপৰা এনেকুৱা কমপ্লিমেণ্ট পোৱা কি মুখৰ কথা? পাছমুহূৰ্ততে হঠাৎ মুখখন কৰুণ কৰি ক’লে,

: তাৰপাছত কি হ’ল জানা?

ময়ো ইতিমধ্যে আইতাৰ দৰে অসাৰ হৈ গৈছোঁ। মহবোৰে হুল ফুটোৱাৰ আগে আগে যেনেকৈ মুখৰ লেলাৱতী মিহলাই ঠাইডোখৰ অসাৰ কৰি লয়, ঠিক তেনেকৈ আইতাৰ বন্ধুয়েও ইনাই-বিনাই মানুহৰ মনৰ মাজত এডোখৰ ঠাই তৈয়াৰ কৰি ল’ব পাৰে নিজেই প্ৰমাণ পালোঁ। নহ’লে এনে গাজাখুৰি গল্পৰ পাকত পৰিও মই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবপৰা নাই। তেওঁৰ কৰুণ মুখলৈ চাই মই গদ গদহৈ ক’লোঁ,

: তাৰপাছত কি হ’লনো আণ্টি।

তেওঁ আঁচলত চকু মচি ক’লে,

: তাৰপাছতেইতো সেই মহেশ গল্পটো.. ভাবিব পাৰানে ইমান ডাঙৰ লেখক এজনে শেষত গৈ এনেকুৱা…

মোৰতো তেতিয়া ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল অৱস্থা। যেনেতেনে হো-হোৱাই ওলাই আহিব খোজা হাঁহিটো চেপি ক’লোঁ,

: কি কয় আণ্টি, আপুনি তেওঁক একা নক’লে?

আণ্টিয়ে মুখত এটা তাচ্ছিল্যৰ হাঁহি ফুটাই ক’লে,

: চোৱা, তোমাৰেই খং উঠিছে। সামান্য গল্প এটাৰ বাবে মই কাজিয়া কৰিম নেকি? নিয়কচোন কিমান নিয়ে। বাপুকণ, গল্প বিশাল ভাণ্ডাৰ আছে মোৰ মগজত। এবাৰ কাগজ কলম লৈ বহিলেই মালগাড়ীৰ শেষ হ’ব নোখোজা ডবাৰ লানিৰ দৰে ওলাই থাকিব।

মনে মনে ক’লোঁ,

: ৰ’বা, তোমাৰ সেই অন্তহীন গল্পৰ ভাণ্ডাৰত মই যদি জোখৰ বিশাল তলা এটা নলগাওঁ।

মুখফুটাই ক’লোঁ,

: আজিলৈ আহোঁ আণ্টি। মোৰ গল্পটো পঢ়ি কেনে লাগিল ক’ব দেই।

: নিশ্চয় ক’ম আই। কাইলৈয়েই যাম ৰ’বা।

ইয়াৰ পাছত আৰু পোন্ধৰ দিন মামাহঁতৰ তাত আছিলোঁ। সেইদিনৰ ভিতৰত এদিনো বান্ধবীয়ে মুখ দেখুৱা নাই। আইতাই এদিন কৈছিল-

: মল্লিকাৰ কি হ’লনো? বহুদিন অহা নাই হে। বেমাৰ-আজাৰ একো হোৱা নাইতো!

সৰুমাহীয়ে ক’লে,

: বেমাৰ আজাৰ দূৰৰ কথা, বৰং তেওঁৰ পুৰণি বেমাৰটোহে নিৰাময় হৈছে। তোমাৰ নাতিনীয়ে তেওঁক এনে আয়না ট্ৰিটমেণ্ট দিছে নহয় …!

: মানে?

আইতাই চকু ডাঙৰ কৰি সুধিলে। 

: মানে বুজি পাবা ৰ’বা, তোমাৰ নাতিনীৰ এই গল্পটো পঢ়া। কৈয়েই আইতাৰ হাতত আলোচনীখন দি আমি ওপৰৰ কোঠালৈ দৌৰ। সেইদিনা আবেলিৰ জলপান আমি আইতাৰ হাতৰ স্পেচিয়েল গাজৰৰ হালোৱা পাইছিলোঁ, তাৰ পৰাই স্পষ্ট হৈ পৰিছিল আইতাৰ স্বস্তিৰ ছবিখন।

☆ ★ ☆ ★ ☆

4 Comments

  • কাবেৰী মহন্ত

    বৰ সুন্দৰ কাহিনী এটা পঢ়িবলৈ সুযোগ দিলে৷ আগলৈও আপোনাৰ পৰা আশাা কৰিলোঁ🙏

    Reply
  • মুনমুন সৰকাৰ শইকীয়া

    বঢ়িয়া ট্ৰিটমেণ্ট। খুব ভাল পালোঁ পঢ়ি

    Reply
  • জয়ন্ত

    সুন্দৰ ট্ৰিটমেণ্ট৷ ভাল লাগিল৷

    Reply
  • বিক্ৰম জিৎ চৌধুৰী

    মন পৰশা গল্প

    Reply

Leave a Reply

Your email address will not be published.