ফটাঢোল

মূল:শেষ পাতখিলা,লেখক :অ’ হেনৰী,অনুবাদ-জ্যোৎস্নাৰাণী দাস

ৱেষ্ট ৱাশ্বিংটন স্কোৱেৰ চিটিৰ এক সৰু খণ্ডত, পথবোৰ বন্য হৈ উঠিছে৷ সিহঁতে বিভিন্ন দিশত ঘূৰিছে৷ সিহঁত সৰু সৰু টুকুৰাত ভাঙি পৰিছে যাক কোৱা হৈছে “এলেকা”৷ এটা ৰাস্তা ইয়াৰ মাজেৰে এবাৰ বা দুবাৰ গৈছে৷ এজন চিত্ৰকৰে ৰাস্তাৰ বিষয়ে কিছু সম্ভাৱনা আৰু প্ৰয়োজনীয় বস্তু আৱিষ্কাৰ কৰিছিল৷ ধৰা হ’ল এজন চিত্ৰকৰৰ কিছু ৰঙৰ সঁজুলি আছিল যাৰ বাবে তেওঁ পইচা দিয়া নাছিল৷ ধৰা হ’ল তেওঁৰ পইচা নাছিল৷ ধৰা হ’ল এজন মানুহ পইচাখিনি নিবলৈ আহিল৷ মানুহজনে ৰাস্তাত নামি খোজকাঢ়ি থাকোঁতেই নিজকে আৱিষ্কাৰ কৰিব পাৰে উভতনিৰ পথত, এক চেণ্টো নোপোৱাকৈ!

মহানগৰীখনৰ এইটো অংশক কোৱা হয় গ্ৰীণউইছ ভিলেজ আৰু পুৰণি গ্ৰীণউইছ ভিলেজলৈ চিত্ৰকৰসকল সোনকালে আহিছিল৷ ইয়াত তেওঁলোকে বিচৰা ধৰণে কোঠা পাইছিল, কম মূল্যতেই ভাল পোহৰৰ ব্যৱস্থা থকা৷

চিউ আৰু জোনছি তিনিমহলীয়া এটা বিল্ডিঙৰ একেবাৰে ওপৰমহলাত বাস কৰিছিল৷ এই মহিলা দুগৰাকীৰ এগৰাকী আহিছিল মেইনৰপৰা (আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূবৰ এখন প্ৰদেশ) আৰু আনগৰাকী কেলিফ’ৰ্ণিয়াৰপৰা৷ তেওঁলোকে এইটথ ষ্ট্ৰীটৰ এখন ৰেষ্টুৰেণ্টত লগ পাইছিল৷ তাত তেওঁলোকে আৱিষ্কাৰ কৰিছিল যে তেওঁলোকে ভাল পায় একেধৰণৰ ছবি, একেধৰণৰ খাদ্য আৰু একেধৰণৰ পোছাক৷ গতিকে তেওঁলোকে একেলগে থকাৰ আৰু একেলগে কাম কৰাৰ সিদ্ধান্ত ল’লে৷ 

সেয়া হৈছিল বসন্তকালত৷

শীতৰ ফালে এজন শীতাৰ্ত আগন্তুক আহিল গ্ৰীণউইছ ভিলেজলৈ৷ কোনেও তাক দেখা পোৱা নাছিল৷ সি ইফালে-সিফালে খোজকাঢ়ি ফুৰিছিল ইজনৰপৰা সিজনক তাৰ বৰফ শীতল আঙুলিৰে স্পৰ্শ কৰি৷ সি আছিল এক বেয়া ৰোগ৷ চিকিৎসকসকলে তাক নাম দিছিল ’নিউমোনিয়া’৷ চিটিৰ পূবফালে সি বেগাই গৈছিল, বহুতো মানুহক স্পৰ্শ কৰি; কিন্তু নামনিৰ ফালে গ্ৰীণউইছ ভিলেজত সি সিমান সোনকালে ঘূৰা নাছিল৷ 

মিষ্টাৰ নিউমোনিয়া এজন সুন্দৰ বৃদ্ধ ভদ্ৰলোক নাছিল৷ এজন সুন্দৰ বৃদ্ধ ভদ্ৰলোকে কেলিফৰ্ণিয়াৰ এগৰাকী কোমল অকণমানি মহিলাক আঘাত নকৰে৷ কিন্তু মিষ্টাৰ নিউমোনিয়াই জোনছিক স্পৰ্শ কৰিছিল তেওঁৰ শীতল আঙুলিৰে৷ তাই তাইৰ বিছনাত প্ৰায় লৰচৰ নকৰাকৈ পৰি আছিল আৰু তাই খিৰিকীৰে তাইৰ মুখামুখিকৈ থকা দেৱালখনলৈ চাই আছিল৷ 

এদিন পুৱা ব্যস্ত চিকিৎসকজনে চিউক হলত অকলে কৈছিল, য’ৰপৰা জোনছিয়ে শুনা নাপায়৷ 

“তাইৰ খুব ক্ষীণ আশা আছে”, তেওঁ কৈছিল৷

“তাইৰ আশা আছে, যদি তাই জীয়াই থাকিবলৈ ইচ্ছা কৰে৷ যদি মানুহে জীয়াই থাকিবলৈ ইচ্ছা নকৰে, তেনেহ’লে মই একো কৰিব নোৱাৰোঁ৷ তোমাৰ অকণমানি মহিলাগৰাকীয়ে সিদ্ধান্ত লৈছে যে তাই ভাল হ’ব নিবিচাৰে৷ এনেকুৱা কিবা আছে নেকি যিয়ে তাইক কষ্ট দিছে?”

“তাই সদায়েই ইটালীলৈ যাবলৈ বিচাৰিছিল আৰু নেপলছ উপসাগৰৰ ছবি অংকন কৰিব বিচাৰিছিল৷” – কৈছিল চিউৱে৷

“ছবি! ছবি নহয়! আন লায়কৰ কষ্ট কিবা আছে নেকি? কোনো মানুহ?”

“কোনো মানুহ?” কৈছিল চিউৱে – “এজন মানুহ লায়ক……. নহয় ডাক্তৰ, কোনো মানুহ নাই৷

“এইটো এটা দুৰ্বলতা৷” কৈছিল ডাক্তৰজনে – “মই যি কৰিব লাগে যেনেকৈ কৰিব লাগে সকলো কৰিম৷ কিন্তু যেতিয়া এজন ৰুগীয়া মানুহে অনুভৱ কৰিবলৈ ধৰে যে তেওঁ মৰিবলৈ গৈ আছে, তেতিয়া মোৰ আধা কষ্ট পানী হৈ যায়৷ তাইৰ স’তে শীতৰ নতুন কাপোৰৰ বিষয়ে কথা পাতা৷ যদি তাই ভৱিষ্যতৰ প্ৰতি অনুৰক্ত হয়, তাইৰ ভাল সুযোগ আছে৷”

ডাক্তৰজন গুচি যোৱাৰ পাছত চিউ কাম কৰা কোঠালৈ কান্দিবলৈ গ’ল৷ তাৰপাছত তাই জোনছিৰ কোঠালৈ আহিল৷ তাই কিছু ছবিৰ সৰঞ্জাম আনিছিল আৰু তাই গান গাই আছিল৷ 

জোনছি তাত পৰি আছিল, খুউব ক্ষীণ আৰু শান্ত হৈ৷ তাইৰ মুখখন খিৰিকীমুৱাকৈ ঘূৰিছিল৷ চিউৱে গান গোৱা বন্ধ কৰিলে, এইটো ভাবি যে জোনছি শুই পৰিছে৷

চিউৱে কাম কৰিবলৈ ধৰিলে৷ যেতিয়াই কাম কৰিবলৈ ধৰিলে, তাই এক মৃদু শব্দ শুনিলে, পুনৰ আৰু পুনৰ৷ তাই তৎক্ষণাৎ বিছনাৰ ফালে গ’ল৷

জোনছিৰ চকুযুৰি বহলকৈ মেল খাই আছিল৷ তাই খিৰিকীৰ বাহিৰলৈ চাই ওলোটাকৈ সংখ্যা গণনা কৰি আছিল৷ 

“বাৰ” – তাই কৈছিল, কিছুসময়ৰ পিছত, “এঘাৰ” আৰু তাৰপাছত “দহ”, আৰু “ন”; আৰু তাৰপাছত “আঠ” আৰু “সাত” প্ৰায় একেলগে৷

চিউৱে খিৰিকীৰ বাহিৰলৈ চালে৷ তাত কি আছে গণিবলৈ? তাত কেৱল কাষৰ দেৱাল আৰু সিফালৰ ঘৰটো, অনতি দূৰতে৷ দেৱালখনত কোনো খিৰিকী নাই৷ এডাল পুৰণি গছ আছিল দেৱালখনৰ বিপৰীতে৷ শীতৰ ঠাণ্ডা উশাহে ইতিমধ্যে ইয়াক স্পৰ্শ কৰিছিল৷ প্ৰায় সকলো পাত ইয়াৰ ডাঠৰঙী ঠানিৰপৰা সৰি পৰিছিল৷

“এয়া কি, ডিয়েৰ?” সুধিছিল চিউৱে৷

“ছয়”, কৈছিল জোনছিয়ে, তেতিয়াও এক নিম্নস্বৰত – “সেইবোৰ দ্ৰুতগতিত সৰিবলৈ ধৰিছে এতিয়া৷ তিনিদিনৰ আগত সেইবোৰ আছিল প্ৰায় এশ৷ সেইবোৰ গণিবলৈ মোৰ মূৰটোৰ কষ্ট হয়৷ তাত অকল পাঁচটাহে আছে এতিয়া৷”

“পাঁচটা কি, ডিয়েৰ? তোমাৰ চিউক কোৱা।”

“পাতবোৰ৷ গছডালত থকা৷ যেতিয়া শেষ পাতখিলা সৰি পৰিব, ময়ো নিশ্চয়কৈ যাবই লাগিব৷ মই যোৱা তিনিদিনত সেয়া জানিছোঁ৷ ডাক্তৰে তোমাক কোৱা নাই নেকি?”

“অঃ, মই এনেকুৱা কথা শুনা নাই”, কৈছিল চিউৱে – “ইয়াৰ কোনো অৰ্থ নাই৷ এডাল পুৰণি গছৰ তোমাৰ সৈতে কি সকাম? আৰু তোমাৰ আৰোগ্যৰ সৈতে? আৰু তুমি গছডালৰ সৈতে খুব প্ৰেমত পৰিছা৷ অকণমানি মূৰ্খ নহ’বা৷ ডাক্তৰে মোক কৈছে তোমাৰ আৰোগ্য হোৱাৰ সুযোগ আছে৷ তেওঁ মোক আজি পুৱাই কৈছে৷ তেওঁ কৈছে যে তোমাৰ বহুত ভাল সুযোগ আছে৷ এতিয়া কিছু খাবলৈ চেষ্টা কৰা আৰু তাৰপাছত মই কামলৈ যাম৷ তাৰপাছত মই মোৰ ছবি বিক্ৰী কৰিব পাৰিম, আৰু তোমাৰ বাবে খাবলৈ কিছু কিনিব পাৰিম যিয়ে তোমাক শক্তিশালী কৰিব৷”

“তুমি মোৰ বাবে একো কিনিব নালাগে,” – জোনছিয়ে কৈছিল৷ তাই তেতিয়াও খিৰিকীৰ বাহিৰলৈ চাই আছিল৷ “সেয়া গ’ল আন এটা৷ নাই, মই একো খাবলৈ নিবিচাৰোঁ৷ এতিয়া চাৰিটা আছে৷ মই শেষৰখিলা চাব বিচাৰোঁ নিশা সৰিপৰা আগত৷ তাৰপাছত ময়ো যাম৷”

“জোনছি, ডিয়েৰ” কৈছিল চিউৱে – “তুমি মোক কথা দিবানে তোমাৰ চকুদুটি জপাই থোৱাৰ আৰু জপাই ৰখাৰ? তুমি মোক কথা দিবানে তুমি আৰু খিৰিকীৰ বাহিৰলৈ নোচোৱা মই কাম শেষ কৰি নহালৈকে? মই এই ছবিখন কাইলৈ শেষ কৰিব লাগিব৷ মোক পোহৰ লাগিব; মই খিৰিকীখন বন্ধ কৰিব নোৱাৰোঁ৷”

“তুমি আন এটা কোঠাত কাম কৰিব নোৱাৰানে?” – শীতলভাৱে সুধিছিল জোনছিয়ে৷

“মই বৰং ইয়াত থাকিম তোমাৰ কাষতে,” কৈছিল চিউৱে – “আৰু মই তুমি সেই পাতবোৰ চাই থকাটো নিবিচাৰোঁ৷”

“তুমি যিমান সোনকালে শেষ কৰা মোক ক’বা,” কৈছিল জোনছিয়ে৷ তাই পৰি আছিল বগা আৰু শান্ত হৈ৷ “কাৰণ মই চাব বিচাৰোঁ শেষ পাতখিলা সৰি পৰা৷ মই বহুত অপেক্ষা কৰিলোঁ৷ মই বহুত ভাবিলোঁ৷ মই জলযাত্ৰা কৰিব বিচাৰোঁ তললৈ, সেই পাতবোৰৰ এটা পাতৰ দৰে৷”

“শুবলৈ চেষ্টা কৰা,” কৈছিল চিউৱে – “মই বেহৰামেনক ইয়ালৈ মাতিবই লাগিব৷ মই এজন মানুহক এই ছবিখনত আঁকিব বিচাৰোঁ আৰু মই তেওঁক দেখাত বেহৰামেনৰ নিচিনা কৰিম৷ মই একমিনিটো খৰচ নকৰোঁ৷ মই উভতি নহালৈকে লৰচৰ কৰিবলৈ চেষ্টা নকৰিবা৷”

বৃদ্ধ বেহৰামেন আছিল এজন চিত্ৰকৰ যিয়ে তেওঁলোকে থকা ঘৰটোৰ প্ৰথম মহলাত বাস কৰিছিল৷ তেওঁ ষাঠিৰোৰ্ধৰ বৃদ্ধ৷ তেওঁৰ চিত্ৰশিল্পী হিচাপে কোনো সফলতা নাছিল৷ চল্লিশ বছৰ ধৰি তেওঁ ছবি আঁকিছিল, কেতিয়াও এখনো ভাল ছবি অঁকা নাছিল৷ তেওঁ সদায়েই এখন শ্ৰেষ্ঠ ছবি অঁকাৰ কথা কৈছিল, এখন মাষ্টাৰপিচ, কিন্তু তেওঁ এতিয়াও কাম আৰম্ভ কৰাই নাই৷

তেওঁ কিছু টকা পাইছিল আনক তেওঁৰ ছবি আঁকিবলৈ দি৷ তেওঁ যথেষ্ট মদ খাইছিল৷ তেওঁ তেতিয়াও কৈ আছিল তেওঁৰ শ্ৰেষ্ঠ মাষ্টাৰপিচৰ কথা৷ আৰু তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ বিশেষ দায়িত্ব আছে সম্ভৱপৰ সকলোখিনি সহায় কৰাৰ চিউ আৰু জোনছিক৷  

চিউৱে তেওঁক তেওঁৰ আন্ধাৰ কোঠালিটোত পাইছিল, আৰু তাই জানিছিল যে তেওঁ মদ খাই আছিল৷ তাই সেয়া গোন্ধ পাইছিল৷ তাই তেওঁক জোনছি আৰু লতাৰ ওপৰত থকা পাতবোৰৰ কথা কৈছিল৷ তাই কৈছিল যে তাই ভয় খাইছে যে জোনছিয়ে সঁচাকৈয়ে গুচি যাব তললৈ, পাতবোৰৰ দৰে৷ পৃথিৱীত তাইৰ খামোচ ঢিলা হৈ আহিছে৷ 

বৃদ্ধ বেহৰামেন খঙত চিঞৰি উঠিছিল এনে এটা ধাৰণাৰ প্ৰতি৷

“কি!” তেওঁ চিঞৰি উঠিছিল৷ “এনেকুৱা মূৰ্খ থাকেনে? গছৰপৰা পাত সৰা বাবে মানুহ মৰে নেকি? মই এনে কথা শুনা নাই৷ নাই, মই ওপৰলৈ নাযাওঁ আৰু নবহোঁ যেতিয়া তুমি মোৰ ছবি আঁকা৷ তুমি তাইক কিয় এনে কথা ভাবিবলৈ দিলা? সেই বেচেৰী অকণমানি জোনছি!”

“তাই খুব অসুখীয়া আৰু দুৰ্বল,” কৈছিল চিউৱে৷

“অসুখে তাইৰ মনত এনেবোৰ আচৰিত ধাৰণা সুমুৱাই দিলে৷ মিষ্টাৰ বেহৰামেন, যদি আপুনি নাহে, নাহিব৷ মই নাভাবোঁ যে আপুনি খুব সুন্দৰ৷”

“এয়াই নাৰী!” চিঞৰিছিল বেহৰামেনে৷ “কোনে কৈছিল মই নাযাম? যোৱা, মই গৈ আছোঁ তোমাৰ সৈতে৷ আধাঘণ্টা ধৰি মই ক’ব বিচাৰিছিলো যে মই যাম, ভগৱান! হয়৷”

জোনছি শুই আছিল যেতিয়া তেওঁলোক ওপৰলৈ আহিছিল৷ চিউৱে খিৰিকীখন ঢাকি দিলে, আৰু বেহৰামেনক আনটো কোঠালৈ লৈ গ’ল৷ তাত তেওঁলোকে খিৰিকীৰ বাহিৰলৈ ভীতভাৱে গছডালৰ ফালে চালে৷ তাৰপাছত তেওঁলোকে একমুহূৰ্ত কোনো কথা নোকোৱাকৈ ইজনে আনজনলৈ চালে৷ এজাক ঠাণ্ডা বৰষুণ পৰিছিল, লগতে ইয়াৰ মাজত কিছু বৰফো৷

বেহৰামেন বহি পৰিছিল, আৰু চিউৱে আঁকিবলৈ ধৰিছিল৷ তাই নিশাটোৰ বেছিভাগ সময় কাম কৰিছিল৷

ৰাতিপুৱা এঘণ্টাৰ টোপনিৰ পিছত, তাই জোনছিৰ বিছনাৰ ফালে গ’ল৷ জোনছিৰ বহল, মেলখোৱা চকুযুৰিয়ে খিৰিকীৰ ফালে চাই আছিল৷ “মই চাব বিচাৰোঁ,” তাই কৈছিল চিউক৷

চিউৱে খিৰিকীৰ কভাৰখন আঁতৰাই দিছিল৷ 

কিন্তু ধাৰাসাৰ বৰষুণৰ পাছত আৰু বাউলী বতাহ যি গোটেই ৰাতি বন্ধ হোৱা নাছিল, তথাপিও দেৱালৰ বিপৰীতে এখিলা পাত দেখা গ’ল৷ এয়া গছজোপাৰ শেষখিলা আছিল৷ এইখিলা তেতিয়াও ঠালৰ কাষত ডাঠ সেউজীয়া৷ কিন্তু প্ৰান্তত এইটো বয়সৰ সৈতে হালধীয়া হ’বলৈ ধৰিছে৷ তাত এইখিলা ওলমি আছিল এটা ঠানিত মাটিৰপৰা প্ৰায় বিশফুটমান ওপৰত৷

“এইখিলাই শেষ,” কৈছিল জোনছিয়ে৷ “মই ভাবিছিলোঁ এইখিলা সৰি পৰিব নিশাৰ ভাগত৷ মই বতাহৰ শব্দ শুনিছিলোঁ৷ এইটো আজি সৰিব আৰু মই মই মৰিব লাগিব একেসময়তে৷”

“ডিয়েৰ, ডিয়েৰ জোনছি!” – কৈছিল চিউৱে৷ “মোৰ কথা ভাবা৷ যদি তোমাৰ কথা নিজেই নাভাবা, মই কি কৰিম?”

কিন্তু জোনছিয়ে উত্তৰ নিদিলে৷ পৃথিৱীৰ আটাইতকৈ বিষাদৰ কথা এয়ে যে এক আত্মাই যেতিয়া দূৰণিৰ যাত্ৰাৰ বাবে প্ৰস্তুত হয়, বন্ধুত্বৰ আৰু পৃথিৱীৰ সৈতে বান্ধোনবোৰ ভাঙি যায়, এটাৰ পিছত এটাকৈ৷ 

দিনটো লাহে-লাহে পাৰ হ’ল৷ যেতিয়া আন্ধাৰ হৈ আহিল, সিহঁতে তেতিয়াও পাতখিলা দেৱালৰ বিপৰীতে থকা ডালত ওলমি থকা দেখিলে আৰু তাৰপাছত, নিশা হোৱাৰ লগে লগে, উত্তৰীয় বতাহ আকৌ বলিবলৈ ধৰিলে৷ বৰষুণে তেতিয়াই খিৰিকীত কোবাবলৈ ধৰিলে৷

পিছদিনা পুৱা যেতিয়া ভালকৈ পোহৰ হ’ল, জোনছিয়ে আকৌ আজ্ঞা দিলে যে তাইক গছজোপা চাবলৈ দিব লাগে৷

পাতখিলা তেতিয়াও তাত আছিল৷

জোনছিয়ে দীৰ্ঘসময় সেয়া চাই পৰি ৰ’ল আৰু তাৰপাছত তাই চিউক মাতিলে, যি তাইৰ বাবে খাবলৈ কিবা ৰান্ধি আছিল৷

“মই এজনী বেয়া ছোৱালী, চিউ,” – কৈছিল জোনছিয়ে – “শেষ পাতখিলা তাত থকা মানে কিহবাই বুজাব বিচাৰিছে যে মই কিমান বেয়া৷ মৰিবলৈ বিচৰাটো ভুল৷ মই এতিয়া কিবা খাবলৈ চেষ্টা কৰিম৷ কিন্তু প্ৰথমে মোক দাপোণ এখন আনি দিয়া, যাতে মই নিজক চাব পাৰোঁ৷ আৰু তাৰপাছত মই বহিম আৰু তুমি ৰান্ধি থকা চাম৷”

এঘণ্টাৰ পিছত তাই ক’লে, “চিউ, কেতিয়াবা মই আশা কৰোঁ নেপলছ উপসাগৰৰ ছবি আঁকিবলৈ৷”

ডাক্তৰজন আবেলি আহিছিল৷ চিউৱে জোনছিৰ ৰূমৰ বাহিৰত হললৈ তেওঁৰ সৈতে কথা পাতিবলৈ গ’ল৷

“সুযোগ ভাল,” কৈছিল  ডাক্তৰজনে৷ তেওঁ চিউৰ ক্ষীণ হাতখন নিজৰ হাতত লৈ কৰমৰ্দন কৰি ক’লে৷ “তাইৰ ভাল যত্ন লোৱা, তাই আৰোগ্য হ’ব আৰু এতিয়া মই এই ঘৰৰ আন এজন ৰোগী চাব লাগিব৷ তেওঁৰ নাম বেহৰামেন৷ এজন চিত্ৰকৰ, মই ভাবোঁ৷ নিউমোনিয়াই৷ তেওঁ এজন বৃদ্ধ, নিশকতীয়া মানুহ, আৰু তেওঁ যথেষ্ট ৰুগীয়া৷ তেওঁৰ আৰু কোনো আশা নাই৷ কিন্তু আমি তেওঁক আজি হস্পিতাললৈ লৈ যাম৷ আমি যিমান পাৰোঁ এইটো তেওঁৰ বাবে সহজ কৰি তুলিম৷”

পিছদিনাখন ডাক্তৰজনে ক’লে, “তাই সুৰক্ষিত৷ তুমি এইটো কৰি দেখুৱালা৷ খাদ্য আৰু যত্ন, এতিয়া সেয়াই যথেষ্ট৷”

আৰু সেইদিনা আবেলি চিউ জোনছি পৰি থকা বিছনাৰ কাষলৈ আহিল৷ তাই এটা বাহু তাইৰ কাষত থ’লে৷ তেওঁ মাত্ৰ দুদিন ৰোগত ভুগি আছিল৷ 

“মই তোমাক কিছু কথা ক’বলৈ আছে,” তাই ক’লে৷ “মিষ্টাৰ বেহৰামেন আজি নিউমোনিয়াত পৰি হস্পিতালত ঢুকাল৷ কোনোবাই তেওঁক প্ৰথমদিনা পুৱা তেওঁৰ কোঠাত পাইছিল৷ তেওঁ বিষত অসহায় হৈ আছিল৷”

“তেওঁৰ জোতা আৰু কাপোৰবোৰ ভিজা আৰু বৰফৰ দৰে চেঁচা আছিল৷ সকলোৱে আচৰিত হৈছিল ক’ত তেওঁ এনেকৈ আছিল৷ ৰাতিটো খুব ঠাণ্ডা আৰু বাউলি আছিল৷”

“আৰু তাৰপাছত তেওঁলোকে কিছুমান বস্তু পালে৷ এটা লাইট যিটো তেওঁ বাহিৰলৈ আনিছিল৷ ৰং আছিল, সেউজীয়া আৰু হালধীয়া ৰং৷ আৰু…….

“খিৰিকীৰ বাহিৰলৈ চোৱা, ডিয়েৰ, দেৱালৰ শেষ পাতখিলালৈ৷ তুমি আচৰিত হোৱা নাছিলানে কিয় এইটো লৰচৰ কৰা নাই বতাহ বলি থকাৰ পাছতো! অ’ মোৰ ডিয়েৰ, এয়া বেহৰামেনৰ শ্ৰেষ্ঠ মাষ্টাৰপিচ – এইটো তাত তেওঁ সেইদিনা ৰাতি আঁকিছিল, যিদিনা শেষ পাতখিলা সৰিছিল৷”

☆ ★ ☆ ★ ☆

2 Comments

  • কাবেৰী মহন্ত

    ভাল লাগিল দেই অনুবাদটো৷ আগলৈও আশা কৰিলোঁ

    Reply
  • দুলুমণি গগৈ

    ভাল লাগিল পঢ়ি ❤️

    Reply

Leave a Reply

Your email address will not be published.