ফটাঢোল

মূল:হৰ্ষবৰ্ধন যুদ্ধলৈ নাযায়,লেখক:শিৱৰাম চক্ৰৱৰ্তী,ভাৱানুবাদ-মনিপৰ্ণা গোস্বামী

ককাই ভাই দুয়ো নিযুক্তি দিয়া অফিচটোত শাৰী পাতিলেগৈ। প্ৰথম পৰীক্ষা কৰাৰ পাল হৰ্ষবৰ্ধনৰ।

: নাম?

: হৰ্ষবৰ্ধন

: বয়স?

: বিয়াল্লিছ বছৰ

: দেউতাৰ নাম?

: পৌন্নবৰ্ধন, মাৰ নাম….

: মাৰ নাম নালাগে, ঠিকনা?

: চেলটা।

: জীৱিকা?

: কাঠৰ ব‍্যৱসায়ী

: তুমি ভাৰতীয় সেনাবাহিনীত যোগদান কৰাটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি বিবেচনা কৰানে?

: হয় কৰোঁ, নিশ্চয় কৰোঁ।

: তুমি সেনাবাহিনীৰ কোনটো বিভাগত সেৱা আগবঢ়াবলৈ ইচ্ছুক?

: মহাশয়!

হৰ্ষবৰ্ধনে প্ৰশ্নটো বুজি নাপালে।

: সেনাবাহিনীত বহুতো বিভাগ আছে নহয়, তুমি জানানে? আৰ্টলেৰী ৰেজিমেণ্ট, ইনফেণ্ট্ৰি ৰেজিমেণ্ট, এয়াৰবৰ্ণ ৰেজিমেণ্ট……..

: সেইবোৰ মই নাজানো, মই জেনেৰেল হ’ব বিচাৰোঁ।

হৰ্ষবৰ্ধনে নিজৰ সিদ্ধান্ত বিষয়াজনক শুনাই দিলে।

: তুমি পাগল নেকি অ’?

নিয়োগকাৰী বিষয়াজনে আচৰিত হৈ সুধিলে।

: জেনেৰেল হ’বৰ বাবে পাগল হ’ব লাগে বুলি মই জনাই নাছিলোঁ নহয়!

হৰ্ষবৰ্ধনে ক’লে।

বিষয়াজনে একো উত্তৰ দিয়াৰ পৰিৱৰ্তে গোবৰ্ধনক কাষলৈ মাতিলে।

: নাম?

: গোবৰ্ধন।

: বয়স?

: ৩৫ বছৰ, পাছৰখিনিৰ বাবে ক’মা ক’মা ক’মা।

: মানে?

: মানে মোৰ ঠিকনা, দেউতাৰ নাম, জীৱিকা সকলো আগৰজনৰ লগত একে, আমি ককাই ভাই নহয় জানো?

গোবৰ্ধনে উত্তৰ দিলে।

: ঠিক আছে বাৰু, এতিয়া তোমালোকৰ মেডিকেল পৰীক্ষাৰ কাৰণে আমি কাষৰ কোঠাটোলৈ যাম, এইটো পৰীক্ষাত পাছ কৰিব পাৰিলেহে লিষ্টত তোমালোকৰ নাম উঠিব।

অফিচাৰজনে ক’লে।

: আমি কিন্তু ভাল বাচিলোঁ দেই দাদা!

গোবৰ্ধনে ফুচফুচাই ককায়েকক ক’লে। আমিচোন আজিলৈকে যিমানবোৰ পৰীক্ষা দিছোঁ সকলোতে ফেইল কৰিয়েই আহিছোঁ! এই মেডিকেল পৰীক্ষাতনো পাছ কৰিম নে? আমি ভাল বাচি গ’লোঁ দেই!

: ইমানো বেছি নিশ্চিত হৈ আনন্দ কৰিব নালাগে,

হৰ্ষবৰ্ধনৰ তেতিয়াও মনৰ খুদুৱনি মাৰ যোৱা নাছিল। যুদ্ধক্ষেত্ৰত কেতিয়াও কাকোকে অকৰ্মণ্য বুলি ভাবিব নালাগে।

পাঞ্চিংবেগটোত হৰ্ষবৰ্ধনৰ পাঞ্চ মৰাৰ ভংগী দেখিয়েই ডাক্তৰজনে তেওঁক অযোগ্য বুলি বিবেচনা কৰিলে। হৰ্ষবৰ্ধনে এটা ক্ষীণ প্ৰচেষ্টা কৰি চাইছিল যে যুদ্ধক্ষেত্ৰৰ বিভিন্ন জেনেৰেলে পাঞ্চ কৰাৰ ফটোগ্ৰাফ দেখিছিল বুলি, কিন্তু ডাক্তৰজনে হৰ্ষবৰ্ধনৰ পেটত হাত ফুৰায়েই গম পালে সি কিমান পানীৰ মাছ!

 ইয়াৰ পাছত পাল আছিল গোবৰ্ধনৰ।সকলো পৰীক্ষাতে আচৰিত ভাবে পাছ কৰি গোবৰ্ধন এতিয়া চকু পৰীক্ষাৰ বাবে সাজু হ’ল।

: তুমি বেৰত আঁৰি থোৱা চাৰ্টখনৰ পৰা আখৰবোৰ পঢ়িব পাৰিবানে?

: অহ! কি কৈছে আপুনি? সেইফালে বেৰ এখনো আছে নেকি?

: তোমাৰ দৃষ্টিশক্তি বৰ বেয়াচোন!

ডাঙৰ এলুমিনিয়ামৰ ট্ৰে এখন দুফুট আঁতৰত ৰাখি ডাক্তৰজনে গোবৰ্ধনক সুধিলে,

: মই হাতত কি লৈ আছোঁ কোৱাচোন?

: এটা আঠ অনা, নহয়নে? অ’ নহয়, এইটোচোন চাৰি অনা যেন হে লাগিছে।

অৱশেষত….গোবৰ্ধনো দুৰ্বল দৃষ্টি শক্তিৰ বাবে মেডিকেল পৰীক্ষাত অনুত্তীৰ্ণ হ’ল।

গোখ্লে ষ্ট্ৰীটত থকা নিয়োগকাৰী অফিচটোৰ পৰা ওলাই দুয়ো ককাই-ভায়ে স্বস্তিৰ নিশ্বাস ল’লে।

: ব’লা দাদা, আমি ভালকৈয়ে পেট পূজা কৰি আজি আমাৰ এই দিনটো উদযাপন কৰোঁ, এতিয়া আঢ়ৈ বাজিছেহে, আৰামত তিনি বজাৰ মেটিনি শ্ব’ চাব পাৰিম।

ইতিমধ্যেই তিনি বাজি গৈছিলেই, দুয়ো ককাই-ভায়ে ভালকৈয়ে এপেট খাই থিয়েটাৰ হলত আন্ধাৰৰ মাজতে সোমাই নিজ নিজ চিটত বহি থিয়েটাৰৰ আনন্দ ল’বলৈ ধৰিলে।

কিন্তু, পয়মালটো লাগিল তেতিয়া যেতিয়া ইণ্টাৰমেশ্যনৰ সময়ত গোটেই চিনেমা হলটো পোহৰেৰে উজ্বলি উঠিল। হঠাতে কাষৰ চিটটোলৈ চকু ফুৰাই হৰ্ষবৰ্ধনৰ মূৰ ঘূৰাই গ’ল। কাষৰ চিটটোত যেন স্বয়ং যমদেৱতা হে প্ৰকট হ’ল। গোবৰ্ধনৰ চকু পৰীক্ষা কৰা ডাক্তৰজনে আৰামত বহি চিনেমা চাই আছিল। এতিয়া কোনে বচাব! আজি আৰু গোবৰ্ধন বৰ বেয়াকৈ ধৰা পৰিল। যি গোবৰ্ধনে দুৰ্বল দৃষ্টি শক্তিৰ বাবে অথনি ট্ৰেখনকে চাৰি অনা বুলি কৈছিল, এতিয়া সেই গোবৰ্ধনেই আৰামত চিনেমা চাই আছে!

হৰ্ষবৰ্ধনে লাহেকৈ কাষলটিটোৰে খুটিয়াই গোবৰ্ধনক ডক্তৰজনক দেখুৱালে।

অকণো বিচলিত নহৈ গোবৰ্ধনে লগে লগে ডাক্তৰজনক সুধিলে,

: মাফ কৰিব মহোদয়া, এইখন বাৰু ৩৩ নম্বৰ বাছখন নহয়নে?

: কি?…

ডাক্তৰজনে অযুক্তিকৰ প্ৰশ্নটোত বাৰুকৈয়ে বিৰক্তিবোধ কৰি জাঙোৰ খাই উঠিল।

: মহোদয়া, এইখন বাৰু চেলটালৈ যোৱা বাছখন নহয়নে? বাছখনত ইমান ভিৰ, মোক ঠেলি ঠেলি একেবাৰে এইখিনি পোৱাইছেহি, মই বাৰু সঠিক বাচখনতে আহিছো‌ঁনে? মই বাৰু চেলটাত নামিব পাৰিম নে?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.