ফটাঢোল

মূল : অচিন বৃক্ষ,লেখক : হুমায়ূন আহমেদ :ভাৱানুবাদ -কলচুম বিবি

ইদ্ৰিছে ক’লে, ভাইজান ভালকৈ চাওক। এইডালৰ নাম অচিন বৃক্ষ।

কৈয়েই মোৰ ভৰিৰ কাষতে এসোপামান থু পেলালে। মানুহজনৰ বদ অভ্যাস, প্ৰতিটো বাক্য দুবাৰকৈ কয়। দ্বিতীয়বাৰ কোৱাৰ আগতে এসোপামান থু পেলাই লয়।

: ভাইজান ভালকৈ চাওক, এইডালৰ নাম অচিন বৃক্ষ।

অচিন চৰাইৰ কথা গানৰ মাজত প্ৰায়ে থাকে, মই অচিন বৃক্ষৰ কথা এই প্ৰথম শুনিলোঁ তথা দেখিলোঁ। মজাৰ কথা হৈছে এওঁলোক সকলোৱে বৃক্ষ শব্দটো শুদ্ধকৈ উচ্চাৰণ কৰিছে। তৎসম শব্দৰ উচ্চাৰণত কোনো গণ্ডগোল হোৱা নাই। অচিন বৃক্ষ নুবুলি অচিন গছ বুলিও ক’ব পাৰে, সেইটো কোৱা নাই। সম্ভৱত গছ বুলিলে ইয়াৰ মৰ্যাদা সম্পূৰ্ণৰূপে ৰক্ষা নহ’ব।

ইদ্ৰিছে ক’লে,

: ভালকৈ চাওক ভাইজান, ত্ৰিভূৱনত এই বৃক্ষ নাই।

: অ’ হয় নেকি?

: হয়। ত্ৰিভূৱনত নাই।

ত্ৰিভূৱনত এই গছ নাই বুলি শুনি মই আচৰিত নহ’লোঁ। গাঁৱৰ মানুহবোৰৰ বাবে ত্ৰিভূৱন ঠাইখিনি বৰ বিশাল নহয়। এইবোৰ হৈছে আশে-পাশে থকা আঠ-দহখন গাঁও। হয়তো আশে-পাশে এই ধৰণৰ গছ নাই।

: কেনেকুৱা দেখিলে ভাইজান?

: ভাল।

: এই ধৰণৰ গছ আগতে কেতিয়াবা  দেখিছেনে?

: নাই।

ইদ্ৰিছ বৰ আনন্দিত হ’ল। এসোপামান থু পেলাই আনন্দ প্ৰকাশ কৰিলে।

: বৰ আশ্চৰ্য্যজনক, কি কয় ভাইজান।

: আশ্চৰ্য্যজনকতো অৱশ্যে হয়।

ইদ্ৰিছে এবাৰ হাঁহিলে। পাণখোৱা ৰঙচুৱা দাঁত গোটেইবোৰ দেখা গ’ল। মই মনে মনে ক’লোঁ, কি যে যন্ত্ৰণা। এই অচিন বৃক্ষ চাবৰ বাবেই মই মাইলৰ ওপৰত খোজ কাঢ়িব লগা হৈছে। বৰ্ষাবলিত গাঁৱলৈ দুমাইল খোজ কাঢ়ি যে কেনে লাগে, যিসকলে কোনোদিনে খোজ কঢ়া নাই তেওঁলোকেহে বুজিব। জোতা খুলি খালী ভৰিৰেই খোজ কাঢ়িব লগা হৈছে। হুক ৱাৰ্মৰ বীজাণু যে দেহত প্ৰবেশ কৰিছে সেই বিষয়ে মই সম্পূৰ্ণৰূপে নিশ্চিত।

: গছডাল কেনেকুৱা দেখিলে কওকচোন ভাইজান?

মই দীৰ্ঘনিশ্বাস পেলালোঁ। এওঁ মাত্ৰ গছ দেখুৱাই সুখী নহয়, প্ৰশংসাসূচক কিবা এটা শুনিব বিচাৰে। মই কোনো বৃক্ষ প্ৰেমিক নহয়। সকলো গছ মোৰ বাবে  একে। ওচৰে-পাজৰে থকা মানুহবোৰ মই চিনি নাপাওঁ, গছ চিনিম কিদৰে? মানুহে তথাপিও কথা কয়, নিজৰ পৰিচয় দিয়াৰ চেষ্টা কৰে। গছে তেনেকৈ একোৱে নকৰে।

: অচিন বৃক্ষ কেনে দেখিলে ভাইজান?

মই ভালদৰে চালোঁ। মধ্যমীয়া আকাৰৰ কঁঠাল গছৰ দৰে ওখ। পাতবোৰ তেতেলি গছৰ পাতৰ দৰে সৰু সৰু, গছৰ ডালবোৰ পাইন গছৰ ডালৰ দৰে মসৃণ। গছৰ প্ৰসঙ্গত একো এটা নক’লে ভাল নেদেখি বাবে ক’লোঁ,

: ফুল হয়?

ইদ্ৰিছে কোৱাৰ আগতেই পিছফালে ৰৈ থকা শীৰ্ণকায় মানুহজনে ক’লে,

: নহয়, ফুল ফুলাৰ টাইম হোৱা নাই। টাইম হ’লেই ফুলিব। এইডাল গছত ফুল হ’বলৈ বহুত সময় লাগে।

: এই গছডালৰ বয়স কিমান?

: ধৰক দুই হাজাৰৰ কম নহয়। বেছিও হ’ব পাৰে।

কৈয়েই মানুহজনে সমৰ্থনৰ আশাৰে চাৰিওফালে চালে। উপস্থিত ৰাইজে দ্ৰুত গতিৰে মূৰ লৰালে। যেন এই বিষয়ে কাৰো মনত লেশমাত্রও সন্দেহ নাই। মই বৰ বিৰক্ত হ’লোঁ। গাঁৱৰ মানুহে কথা-বাৰ্তা কোৱাৰ সময়ত তাল-মিল ঠিকে ৰাখিব নোৱাৰে। নভবা-নিচিন্তাকৈ কৈ দিলে দুহাজাৰ বছৰ। আৰু তাতেই সকলোৱে কেনেকৈ মূৰ লৰাইছে! মই ইদ্ৰিছৰ ফালে চাই ক’লোঁ,

: ইদ্ৰিছ মিঞা, গছ চোৱাতো হ’লেই, ব’লক গৈ থাকোঁ।

মোৰ কথাত সকলোৱে আচৰিত হোৱা যেন ভাব হ’ল।

ইদ্ৰিছে হতভম্ব হৈ ক’লে,

: এতিয়াই যায় কিয়! গছ চোৱাই হোৱা নাই। তাৰোপৰি মাষ্টৰ চাৰক খবৰ দিয়া হৈছে। আহি আছে।

মোৰ চাৰিওফালে সোতৰ-ওঠৰজন মানুহ আৰু এপাল নাঙঠ শিশু। অচিন বৃক্ষ লগোৱা ঘৰখনৰপৰা বোৱাৰী-জীয়াৰীবোৰে জুমি চাই আছে। এজনে এথোপা নাৰিকল পাৰি লৈ আহিল। অবাক হৈ লক্ষ্য কৰিলোঁ ক’লা ৰঙৰ বিশাল চকী এখন এজনে মূৰত লৈ আহিছে। এই গাঁৱৰ এইখনেই হয়তো একমাত্ৰ চকী। অচিন বৃক্ষ যিসকলে চাবলৈ আহে সেইসকলে এই চকীখনত বহিব লাগে।

অচিন বৃক্ষৰ তলত চকীখন থোৱা হ’ল। মই বহিলোঁ। কোনোবা এজনে বিচনীৰে মোক বৰ জোৰে জোৰে বিচিবলৈ ধৰিলে। স্থানীয় প্ৰাইমাৰী স্কুলৰ হেডমাষ্টৰজন আহিছে। বয়স কম, যদিও কম বয়সতে গাল-মুখ সোমাই একাকাৰ হৈ গৈছে। দেখিলে অনুভৱ হয় জীৱন যুদ্ধত পৰাজিত এজন মানুহ। জীয়াই থাকিব লাগে বাবেই জীয়াই আছে। ছাত্ৰ-ছাত্ৰী পঢ়াইছে। হেডমাষ্টৰৰ চাহাবৰ নাম মহম্মদ কুদ্দুচ। তেওঁৰ সম্ভৱত হাঁপানি আছে। ডাঙৰ ডাঙৰকৈ উশাহ লৈছে। নিজকে সামৰি-সুতৰি কথা ক’বলৈ বহুত সময় ল’লে।

: চাৰৰ গা ভাল নে?

: হয় ভাল।

: আহোঁতে অলপ পলম হ’ল। মনত একো নাভাৱিব চাৰ।

: নাই নাই একো ভবা নাই।

: বিশিষ্ট ব্যক্তিসকল চহৰৰপৰা অচিন বৃক্ষডাল চাবলৈ আহে, বৰ ভাল লাগে বিশিষ্ট ব্যক্তিসকলৰ লগত দেখা-  সাক্ষাত হৈ।

: আপুনি ভুল কৰিছে ভাই। মই কোনো বিশিষ্ট ব্যক্তি নহয়।

: ঐ তোমালোকৰ চাৰক হাত-ভৰি ধুবলৈ পানী দিয়া নাই, কাৰণ কি?

: হাত-ভৰি ধুই কি হ’ব? আকৌ বোকা গচকিবই লাগিব।

হেডমাষ্টৰ চাহাবে অত্যন্ত বিস্মিত হ’ল,

: খোৱা-লোৱা নকৰে? মোৰ বাৰীত শাক-পাচলি আছে। অলপমান দাইল-ভাত বিশেষ একো নাই। গাঁৱলীয়া ঠাইত একো বিশেষ ব্যৱস্থা কৰিব নোৱাৰি। বিশিষ্ট লোকসকল আহে। যোৱা বছৰ ময়মনসিংহৰ এ ডি চি চাহাব আহিছিল। এ ডি চি ৰেভিনু। বিশিষ্ট ভদ্ৰলোক। অচিন বৃক্ষৰ ৰক্ষণাবেক্ষণৰ বাবে এহাজাৰ টকা দিব বুলি কথা দিছে।

: হয় নেকি?

: হয়। অৱশ্যে টকা এতিয়াও পোৱা নাই। এওঁ কামে-কাজে ব্যস্ত থকা মানুহ। নানান কামৰ হেঁচাত পাহৰি গৈছে আৰুনো কি! আমাৰ দৰেতো নহয়, কাম-কাজ একোৱেই নাই। এওঁলোকৰ এশ এটা কাম। তথাপিও ভাবিছোঁ এখন চিঠি দিম। আপুনি কি কয়?

: দিয়ক। চিঠি দিবলৈ বিচাৰিছে দিয়ক।

: আকৌ বিৰক্ত হয় নেকি কোনে জানে। তেওঁলোক কামত থকা মানুহ, চিঠি দি বিৰক্ত কৰাও উচিত নহয়।

ঐ চাহ কি হ’ল?

: চাহ হৈছে নেকি?

: হয় বনাবলৈ দি আহিছোঁ। চাহৰ ব্যৱস্থা আমাৰ ঘৰতে কৰিছোঁ। মাজে-সময়ে হয়। বিশিষ্ট আলহীসকল আহে। এগ্ৰিকালছাৰ ইউনিভাৰ্ছিটিৰ এজন প্ৰফেচাৰ চাহাব আহিছিল, বৰ জ্ঞানী মানুহ। তেওঁক দেখা পোৱাটো ভাগ্যৰ কথা, কি কয় চাৰ?

: সেইটোতো হয়েই।

: চাহ আহি পালে।

চাহ খাই খাই এই গাঁৱৰ অচিন বৃক্ষ কেনেকৈ আহিল সেই গল্পটো হেডমাষ্টৰ চাহাবৰ পৰা শুনিলোঁ। এজনী ডাইনী নে কি এই গছডালৰ ওপৰত উঠি আকাশীপথেৰে গৈ আছিল। হঠাৎ তাইৰ পানী পিয়াঁহ লাগিল। ইয়াতেই তাই নামে। পানী খাই তৃষ্ণা নিবাৰণ কৰে। পানী বৰ মিঠা আছিল। ডাইনী সেইবাবে সন্তুষ্ট হৈ গাঁৱৰ মানুহবোৰক ক’লে,

: তোমালোকৰ মিঠা পানী খাইছোঁ, তাৰ প্ৰতিদানস্বৰূপে এই গছডাল দিলোঁ। গছডাল যত্ন কৰি ৰাখিবা। বহুত বছৰৰ মূৰত ইয়াৰ ফুল ফুলিব। তেতিয়া তোমালোকৰ দুখ নাথাকিব। এই গছৰ ফুল সকলো ৰোগৰ মহৌষধ। এদিন উপবাসে থাকি খালী পেটত এই ফুল খালেই হ’ব।

মই বিৰক্ত হৈ ক’লোঁ,

: আপুনি এই কাহিনী বিশ্বাস কৰে?

হেডমাষ্টৰ চাহাব আচৰিত হৈ ক’লে,

: বিশ্বাস নকৰিম কিয়? বিশ্বাস নকৰিবলৈতো একো নাই।

: যি যুগত মানুহে চন্দ্ৰত খোজ দিছে সেই যুগত আপুনি বিশ্বাস কৰিছে গছত উঠি ডাইনী আহিছিল বুলি?

: এই জগতত হঠাতে বহুত ঘটনা ঘটে জোনাব। যিদৰে বেঙৰ মূৰত মণি। যি মণি সাত ৰজাৰ ধন। আন্ধাৰ ৰাতি বেঙে এই মণি শৰীৰৰপৰা উলিয়াই দিয়ে। তেতিয়া চাৰিওফালে পোহৰ হৈ যায়। পোহৰ দেখিয়েই পোকবোৰ আহে। বেঙে সেই পোক ধৰি ধৰি খায়।

: আপুনি বেঙৰ মণি দেখিছেনে?

: হয় জোনাব। নিজ চকুৰে দেখিছোঁ। মই তেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ।

মই মনে মনে থাকিলোঁ। যিজনে বেঙৰ মণি নিজে দেখিছে বুলি দাবি কৰিছে তেওঁৰ সৈতে কুসংস্কাৰ লৈ তৰ্ক কৰা বৃথা। ইয়াৰ বাহিৰেও দেখা গ’ল বেঙৰ মণি তেওঁ অকলেই দেখা নাই, মোৰ আশে পাশে ৰৈ থকাসকলৰ বহুতেই দেখিছে। দুপৰীয়া হেডমাষ্টৰৰ ঘৰলৈ খাবলৈ গ’লোঁ। মই আৰু ইদ্ৰিছ। হেডমাষ্টৰ চাহাবৰ দৰিদ্ৰ অৱস্থা দেখি মনটোৱে বেয়া হৈ গ’ল। প্ৰাইমাৰী স্কুলৰ হেডমাষ্টৰৰ যদি এই অৱস্থা হয় তেনেহ’লে আনবোৰৰ কি অৱস্থা হ’ব নাজানো। অথচ ইয়াৰ মাজেৰেই পোলাও ৰন্ধা হৈছে। মূৰ্গীৰ কূৰ্মা প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবদ দুখীয়া মানুহজনৰ বহুত টকা গুচি গৈছে।

: আপুনি আহিছে বৰ ভাল লাগিছে। একেবাৰে পিছপৰা গাঁৱত থাকোঁ। দুই এটা জ্ঞানৰ কথা লৈ যে আলোচনা কৰিম সেই সুবিধাও নাই। চাৰিওফালে মূৰ্খৰ দল। অচিন বৃক্ষ থকাৰ বাবে আপোনাৰ দৰে বিশিষ্ট ব্যক্তি আহে। বৰ ভাল লাগে। কিছুমান জ্ঞানৰ কথা শুনিব পাৰি।

বেচেৰাই জ্ঞানৰ কথা শুনিব বিচাৰে কিন্তু কোনো জ্ঞানৰ কথাই মোৰ মনলৈ নাহিল। মই ক’লোঁ,

: বৰ সুন্দৰ ৰান্ধিছে। কোনে ৰান্ধিছে, আপোনাৰ পত্নীয়ে?

: নহয় জোনাব। মোৰ কনিষ্ঠ ভনীজনীয়ে। মোৰ পত্নী বৰ অসুস্থ। দীৰ্ঘদিন ধৰি অসুস্থ।

: তেওঁৰ কি হৈছে?

: হাৰ্টৰ বাল্বৰ সমস্যা। ঢাকালৈ লৈ গৈছিলোঁ।  ডাক্তৰে কৈছে, লাখ-দুই লাখ খৰচ কৰিলে কিবা এটা কৰিব পৰা যাব। ক’ত পাওঁ ইমান টকা কওকচোন।

মই মনে মনে থাকিলোঁ।

হেডমাষ্টৰ চাহাবে সহজ হৈ ক’লে,

: আপুনি যিহেতু আহিছে মোৰ পত্নীৰ লগত দেখা কৰিব। তাই চহৰৰ ছোৱালী। মেট্ৰিক পাছ।

: হয় নেকি?

: হয়। মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আছিল। টোটেল মাৰ্ক ছয়শ এঘাৰ। জেনেৰেল অঙ্কত পাইছে ছয়সত্তৰ। আৰু চাৰিটা নম্বৰ হ’লে লেটাৰ পালেহেঁতেন।

হেডমাষ্টৰ চাহাবে দীৰ্ঘনিশ্বাস পেলালে।

: তাইৰ আকৌ লেখা-মেলাৰ চখ আছে।

: কি কয়?

: শৰীৰটো যেতিয়া ভাল আছিল তেতিয়া কবিতা লিখিছিল। যদিও এই মূৰ্খৰ ঠাইত কবিতাৰ দৰে বস্তু কোনে বুজিব কওক। আপুনি আহিছে দুই এটা পঢ়ি চাব।

: হয় নিশ্চয় পঢ়িম।

: মহচিন চাহাব বুলি এজন ভদ্ৰলোক আহিছিল, তেওঁ এটা কবিতা কপি কৰি লৈ গৈছিল। কৈছিল বহুত আলোচনীৰ সৈতে তেওঁৰ যোগাযোগ আছে, ছপাই দিব।

: ছপা হৈছেনে?

: হৈছে নিশ্চয়। কবিতাটো ভাল আছিল, নদীৰ ওপৰত লিখা। ইয়ালৈ আলোচনী-চালোচনী একো নাহে। জনাৰ উপায় নাই। এখন আলোচনী পঢ়িবলৈ হ’লে মছাখালিৰ বজাৰলৈ যাব লাগে। চিন্তা কৰক কি অৱস্থা। শ্বেখ চাহাবৰ মৃত্যুৰ খবৰ পাইছোঁ দুদিন পিছত, বুজিলে অৱস্থা।

: অৱস্থা বেয়া বুলিয়েই ভাব হৈছে।

: তথাপিও অচিন বৃক্ষ থকা বাবে জগতখনৰ লগত এটা যোগাযোগ আছে। আহক ভাইচাহাব মোৰ পত্নীৰ সৈতে অলপ কথা পাতক। তাই চহৰৰ ছোৱালী। ময়মনসিংহৰ চহৰত পঢ়া-শুনা কৰিছে।

মই অস্বস্তিবোধ কৰিব ধৰিলোঁ। অপৰিচিত অসুস্থ এগৰাকী মহিলাৰ লগত কি কথা পাতিম। ঘটনা দেখি ভাব হৈছে অচিন গছ চাবলৈ যিসকল আহে তেওঁলোকৰ সকলোৱে এই মহিলাগৰাকীৰ লগত দেখা কৰিব লাগে।

মহিলাৰ লগত দেখা হ’ল।

মহিলা নকৈ ছোৱালী বুলি কোৱাটোৱেই উচিত। উনৈশ-বিশৰ বেছি বয়স নহ’ব। বিছনাৰ লগত একাকাৰ হৈ আছে। মানুহ নহয় যেন মিছৰৰ মামীহে। বিশিষ্ট অতিথিক দেখি তেওঁৰ মাজত কোনো ধৰণৰ প্ৰাণচাঞ্চল্য দেখা নগ’ল। তাৰোপৰি বিৰবিৰাই কি জানো ক’লে। হেডমাষ্টৰ চাহাব তেওঁৰ মুখৰ ওচৰত হাউলি গ’ল। তাৰপিছতেই হাঁহিমুখে ক’লে,

: আপোনাক ছালাম দিছে।

মই কি ক’ম ভাবি নাপালোঁ। কিবা এটা ক’ব লাগে অথচ একো এটা ক’বলৈ পৰা নাই। ছোৱালীজনীয়ে আকৌ বিৰবিৰাই কি জানো ক’লে। হেডমাষ্টৰ চাহাবে ক’লে,

: ৰেণুই কৈছে খোৱা-লোৱাত বৰ কষ্ট হ’ল। তাইৰ কথা আৰু কোনেও বুজিব নোৱাৰে। মই পাৰোঁ।

মই ক’লোঁ,

: চিকিৎসা হৈছেনে? নে এনেকৈয়ে ৰাখি থৈছে?

হেডমাষ্টৰ চাহাবে এই প্ৰশ্নৰ উত্তৰ নিদিলে। ছোৱালীজনীয়ে বিৰবিৰাই এইবাৰো কিবা যেন ক’লে। হেডমাষ্টৰ চাহাবে বুজাই দিলে, তাই সুধিছে, অচিন বৃক্ষ চাই আনন্দিত  হৈছে নে নাই।

মই ক’লোঁ-

: হৈছোঁ। বৰ আনন্দিত হৈছোঁ।

ছোৱালীজনীয়ে ক’লে,

: ফুল ফুলিলে আকৌ এবাৰ আহিব। ঠিকনা দি যাওক। ফুল ফুলিলে আপোনালৈ চিঠি লিখিম।

ছোৱালীজনীয়ে এই কথাখিনি বেছ স্পষ্টকৈ ক’লে, মোৰ বুজিবলৈ কোনো অসুবিধা নহ’ল।

মই ক’লোঁ,

: আপুনি বিশ্ৰাম কৰক। মই যাওঁ।

হেডমাষ্টৰ চাহাবে মোক আগুৱাই দিব বিচাৰিছিল। মই ৰাজী নহ’লোঁ। এই ভদ্ৰলোকজন এতিয়া তেওঁৰ পত্নীৰ কাষত থকাটো উচিত। যিমান বেছি সময় তেওঁ তেওঁৰ পত্নীৰ কাষত থাকিব সিমানেই মঙ্গল। এই ছোৱালীজনীৰ জীৱন চাকি যে নুমাই আহিছে সেইটো কথা যিকোনো লোকে কৈ দিব পাৰে।

মই আৰু ইদ্ৰিছ উভতি আহিলোঁ।

অহাৰ সময়ত যিমান কষ্ট হৈছিল ঘূৰি যোৱাৰ সময়ত ইমান হোৱা নাই। আকাশত মেঘ থকা বাবে ৰ’দৰপৰা বাচিছোঁ। তাৰোপৰি ঠাণ্ডা বতাহ বলিছে। ইদ্ৰিছৰ লগত কথা কৈ কৈ আগবাঢ়িছোঁ।

মই ক’লোঁ,

: হেডমাষ্টৰ চাহাবে তেওঁৰ পত্নীৰ চিকিৎসা কৰিছেনে?

: কৰিছে। সা-সম্পত্তি যি আছিল সকলো পৰিবাৰৰ লগতে গৈছে। এতিয়া ঘৰৰ ভেটি পৰ্যন্ত বন্ধকত।

: হয় নেকি?

: হয়। এই মানুহটো পৰিবাৰৰ বাবে পাগল। গোটেই ৰাতি উজাগৰে থাকে। পত্নীৰ শিতানত বহি থাকে। আৰু দিনত অচিন বৃক্ষৰ তললৈ দহবাৰ অহা-যোৱা কৰে।

: কিয়?

: ফুল ফুলিছে নে নাই চাবলৈ। অচিন বৃক্ষৰ ফুল হ’ল এতিয়া শেষ ভৰষা।

মই দীৰ্ঘনিশ্বাস পেলালোঁ।

ফেৰীঘাটৰ সন্মুখত আহি মই ক্ষন্তেক ৰ’বলগীয়া হ’লোঁ। দেখা গ’ল  হেডমাষ্টৰ চাহাব দৌৰি দৌৰি আহিছে। দৌৰি অহা বাবে পৰিশ্ৰম কৰি কাহিল হৈ পৰা এজন মানুহৰ দৰে শৰীৰৰ পৰা তপতপকৈ ঘাম ওলাইছে। দৌৰি অহাৰ কাৰণ হৈছে পত্নীৰ কবিতাৰ বহীখন মোক দেখুৱাবলৈ পাহৰি গৈছিল। মনত পৰাত লগত লৈ আহিছে।

আমি এডাল আহত গছৰ ছাঁত বহিলোঁ।

হেডমাষ্টৰ চাহাবক সুখী কৰাৰ বাবে দুইনম্বৰ বহীৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষ পৃষ্ঠালৈ পঢ়ি ক’লোঁ,

: বৰ ভাল হৈছে।

হেডমাষ্টৰ চাহাবৰ চকু মুখ উজ্বলি উঠিল। তেওঁ বেছ কিছুসময় নিৰৱে থাকি ক’লে,

: এতিয়া  আৰু একো লিখিব নোৱাৰে। গাটো খুবেই বেয়া।

মই ক’লোঁ,

: গা ভাল পালে আকৌ লিখিব।

হেডমাষ্টৰ চাহাবে ক’লে,

: ময়ো ৰেণুক সেইটোকে কৈছোঁ, অচিন বৃক্ষৰ ফুল ফুলিবলৈ বেছি সময় নাই। ফুল ফুলাৰ আগেয়ে পঁচা শেলুৱৈৰ গোন্ধ এৰাৰ কথা। গছে সেই গোন্ধ এৰিবলৈ আৰম্ভ কৰিছে। আৰু কোনেও সেই গোন্ধ নাপায়। মই পাওঁ।

মই বৰ আন্তৰিকতাৰে ভদ্ৰলোকৰ ফালে চাই থাকিলোঁ।

তেওঁ ইতস্ততঃ কৰি ক’লে,

: প্ৰথম কবিতাটো আকৌ এবাৰ পঢ়ক চাৰ। প্ৰথম কবিতাটোৰ এটা ইতিহাস আছে।

: কি ইতিহাস?

হেডমাষ্টৰ চাহাবে লাজেৰে ক’লে,

: ৰেণুক মই তেতিয়া প্ৰাইভেট কৈ পঢ়াও। এদিন গৃহকাৰ্যৰ বহী দিলে। গৃহকাৰ্যৰ বহী মোৰ হাতত দি দৌৰ দি পলাল। আৰু নাহিলেই। বহী মেলি দেখিলোঁ কবিতা। মোক লৈ লিখিছে। কি সৰ্বনাশ চাওকচোন। যদি এই বহীখন আন কাৰোবাৰ হাতত পৰিলেহেঁতেন, কি অৱস্থা হ’লহেঁতেন কওক।

: আনৰ হাতত পৰিব কিয়? বুদ্ধিমতী ছোৱালী, তেওঁ আপোনাৰ হাততেই দিব।

: সেইটো ঠিক। ৰেণুৰ বুদ্ধিৰ কোনো মাক-বাপেক নাই। কি বুদ্ধি! কি বুদ্ধি! তেওঁৰ মাক-বাপেকে বিয়া ঠিক কৰিলে, ল’ৰাটো পূবালী বেংকৰ অফিচাৰ। দেখাই শুনাই ভাল। ভাল বংশৰ। ঠিক-ঠাক হৈ গ’ল। ৰেণু মনে মনে থাকিল। তাৰপিছত এদিন দোভাগ ৰাতি তাই মাকক টোপনিৰপৰা মাতি ক’লে,

: মা তুমি মোক বিহ অলপ যোগাৰ কৰি দিয়া। মই বিহ খাম।

ৰেণুৰ মাকে ক’লে,

: কিয়?

ৰেণুই ক’লে,

: মই এজনক বিয়াৰ কথা দিছোঁ, এতিয়া আন এজনৰ লগত বিয়া হ’বলৈ গৈ আছে। বিহৰ বাহিৰে মোৰ আৰু আন পথ নাই।

কিমান ডাঙৰ মিছা কথা, ঠাণ্ডা সুৰত ক’লে। সেই বিয়া ভাঙি গ’ল। ৰেণুৰ মাক-দেউতাকে লৰালৰিকৈ মোৰ সৈতে বিয়া দিলে। নিজৰ ঘৰৰ কথা আপোনাক ক’লোঁ, চাৰ আপুনি মনত একো নাভাবে যেন।

: নাই, মই একো ভবা নাই।

: সকলোকে কওঁ। কৈ ভাল লাগে।

হেডমাষ্টৰৰ চকু  চলচলীয়া হ’বলৈ ধৰিলে। মই ক’লোঁ,

: আপুনি ভাবি নাথাকিব, আপোনাৰ পত্নী আকৌ সুস্থ হৈ উঠিব।

তেওঁ জড়তাৰে ক’লে,

: অলপ দোৱা কৰিব ছাৰ। ফুলটো যেন সোনকালে ফুলে।

বেলি ডুবিবলৈ লওঁতে ফেৰীত উঠিলোঁ। হেডমাষ্টৰ চাহাব মূৰ্তিৰ দৰে ওপৰত ৰৈ থাকিল। তেওঁৰ ৰৈ থকাৰ ভংগীত একধৰণৰ প্ৰতীক্ষাৰ ভাব এটা আছে। সেই প্ৰতীক্ষা অচিন বৃক্ষৰ অচিন ফুলৰ বাবে। যি প্ৰতীক্ষাৰ বাবে প্ৰতিক্ষণ আঙুলিৰ মূৰত লেখি আছে গাঁওখনৰ আন আন দুখীয়া মানুহবোৰেও। আৰু কি আচৰিত! মোৰ দৰে কঠোৰ নাস্তিক এজনৰ মাজতো সেই প্ৰতীক্ষাৰ ছাঁ। নদী পাৰ হৈ থাকোঁতে মোৰ মনলৈ কেৱল এটাই ভাব আহিছে, আস! ফুলক, অচিন বৃক্ষৰ এটা হ’লেও ফুল ফুলক। কত ধৰণৰ ৰহস্যময় ঘটনা এই পৃথিৱীত ঘটে। তাৰ লগত সংযোগ হওক আৰু এটি।

হেডমাষ্টৰ চাহাবে পাৰত ৰৈ হাত লৰাইছে। তেওঁৰ হাতত হাতীৰ ছবি অঁকা দ্বিতীয়খন কবিতাৰ বহী। দূৰৰ পৰাই কিয় জানো তেওঁক অচিন গছৰ দৰে লাগিছে। হাতবোৰ যেন অচিন বৃক্ষৰ শাখা। বতাহ পাই ডুলি আছে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.