ফটাঢোল

মূল: অসহমত,লেখক : হৰিশঙ্কৰ পৰছাই,অনুবাদ-পূৰবী কটকী

এয়া মাত্ৰ দুজন ব্যক্তিৰ কথোপকথন। 

: ভাৰতীয় সেনা আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ কৰি লাহোৰৰ দিশে আগবাঢ়িছে।

: হয়, শুনিছোঁ ছাউনীলৈ আগবঢ়া পাকিস্তানী সেনাক ৰখাবলৈ এয়া জৰুৰী৷

: একো জৰুৰী নহয়, যি ঠাইত তেওঁলোকে যুদ্ধ কৰিলে, তাত কৰিব লাগে নে য’তে ত’তে সোমাব লাগে? 

: অঁ, সেইফালে আগবাঢ়িব নালাগিছিল৷

: কিন্তু মই কৈছোঁ, কিয় আগবাঢ়িব নালাগিছিল? সেইফালৰ পৰা হেঁচা দিলে এইফালে তোমাৰ বাপেকেও ৰখাব পাৰিবনে তেওঁলোকক?

: তেনেহ’লেতো সেইফালেই আগঢ়াই ঠিক হ’ল৷

: ঠিক হ’ল, ঠিক হ’ল! কিবা বুজি পোৱানে ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হয় সম্পূৰ্ণ আঘাত, পূৰ্ণ যুদ্ধ! আক্ৰমণ!

: হয় এয়াটো আক্ৰমণৰ দৰেই হৈছেগৈ।

: কিন্তু মই কৈছোঁ যে যিয়েই ইয়াত এনেকৈ আক্ৰমণ কৰে, তেওঁ মূৰ্খ। আমিতো আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িছোঁ।

: এইধৰণে ভাবিলে আমাৰ আক্ৰমণ সুৰক্ষাত্মক কাৰ্যপন্থা হ’ল।

: সুৰক্ষাত্মক কাৰ্যপন্থা বুলি কৈ যি হৈ আছে সেইটোক লৈ, তুমি পৃথিৱীৰ চকুত ধূলি ছটিয়াব নোৱাৰিবা, সেইটো সকলোৱে দেখি আছে৷

: অঁ ৱিলশ্বনে তেনেকৈতো একো কোৱা নাই৷

: তুমি ৱিলশ্বনে কোৱাটোত কিয় গুৰুত্ব দিছা? যিটো তুমি ভাল দেখা তাকেই কৰা৷

: একেবাৰে ঠিক, যি দেশৰ হিতে হয়, সেয়াই কৰিব লাগে।

: দেশৰ হিতৰ কথা কোৱা, দেশৰ হিতৰ হকে কোনোবাই ভাৱে জানো! মাত্ৰ দেশৰ হিতৰ কথাকে চাবা নে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াৰ কথাও চিন্তা কৰিবা?

: ঠিকেই কৈছা আজিকালি আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াও  চাব লগা হয়৷

: কিন্তু মই কৈছোঁ, আন্তঃৰাষ্ট্ৰীয় দিশটোকে চাই থাকিবা নে? নে দেশৰ ভালৰ কথাও চিন্তা কৰিবা? আন্তঃৰাষ্টীয়তাৰ ঢৌত উটি গৈ তোমালোকে যে দেশখন নৰ্দমাত পেলাই থৈছা৷

কথোপকথনত যি একেৰাহে সহমত হোৱাৰ চেষ্টা কৰি আছিল সেইজন মই আছিলোঁ। মই তেওঁৰ লগত তৰ্ক নকৰোঁ, মতভেদ প্ৰকাশ নকৰোঁ, মাত্ৰ সহমত হ’ব খোজোঁ। 

কিন্তু তেওঁ সহমত হ’বলৈ নিদিয়ে। যদি কোনো সহমত হ’ব খোজে, তেওঁ তুৰন্তে অসহমতৰ দিশে গতি কৰে। সহমতৰ ওপৰতো তেওঁৰ খং উঠে আৰু অসহমতৰ ওপৰতো। কিন্তু অসহমতৰ বিস্ফুৰণ বৰ ভয়ঙ্কৰ হয়। সেইকাৰণে সহমত হৈ হৈ সাৰি যাওঁ। যেনেকৈ ধুমুহা আহিলে মানুহ মাটিত শুই পৰে। 

তেওঁ মোৰ মুখলৈ চালে, মই একো নক’লোঁ। তেওঁ আকৌ আনফালে চাবলৈ ধৰিলে, তেওঁ বিৰক্ত হ’ল কেনেকুৱা মূৰ্খ লগ পালোঁ বুলি। ভাবিলে, কিমান  বেইমান মানুহ। খঙেৰে বকিলে, “সকলোকে চাই ল’ম” আৰু ভোৰভোৰালে, “মই কাকোৱেই খাতিৰ নকৰোঁ।” আকৌ নৰম হ’ল, “কিমান দুৰ্ভাগ্য।” দুখী হ’ল, “এনেকুৱাবোৰৰে কাম সিদ্ধি হয়, আৰু মোৰ নহয়।”

মনলৈ আকৌ চিন্তা আনি তেওঁ আঙুলিৰ মূৰত গণি গণি লৰালৰিকৈ গুচি গ’ল। 

গোটেই পৃথিৱী অসত্য কেৱল মই সত্য, এই অনুভৱে বৰ দুখ দিয়ে৷ এই অনুভৱৰ লগত উপেক্ষা থাকে যাতে শুদ্ধ হোৱাৰ শ্ৰেয় মই পাওঁ, সন্মান মই পাওঁ, আৰু মূল্যও পাওঁ। পৃথিৱীৰ ইমান আহৰি নাই যে এটা কোণত বহি সেই মানুহজনক মান্যতা দি থাকিব যিজনে কেৱল নিজক শুদ্ধ বুলি ভাৱে৷ তেওঁৰ অবহেলাহে হয়, এতিয়া সততাত থকা মানুহে কি কৰিব! সেইজনে সকলোকে ঘৃণা কৰে, সকলোৰে পৰা আঁতৰি থাকে। দুখেৰে, সঙ্কুচিত মনেৰে দিন পাৰ কৰে। তেওঁৰ পৃথিৱীত এনেকৈ যুদ্ধ হয়, কিন্তু তেওঁ মোৰ লগত কিয় লাগি লয়? প্ৰত্যেকবাৰ মোকেই ভুল বুলি প্ৰমাণিত কৰে? কথা এইটো যে গোটেই পৃথিৱীখনৰ লগত যুদ্ধ কৰিব নোৱাৰি। পৃথিৱীত হাজাৰ মৰ্চা, কোটি কোটি যুদ্ধ কৰা মানুহ আছে কিন্তু দুখন দেশৰ যুদ্ধৰ মাজত গোটেই দেশৰ মানুহখিনিয়ে নিজৰ মাজত যুদ্ধ নালাগে নহয়। সৈনিকৰ লগত সৈনিকে যুদ্ধ লাগে। যুদ্ধ লাগিবলৈ সৈনিক দেশৰ প্ৰতিনিধি হয়৷ তেওঁ  যিসকলক প্ৰায়ে লগ পাই সেইসকলক বিশ্বৰ প্ৰতিনিধি বুলি ভাবি ল’লে। সেইসকলৰ ভিতৰত সকলোতকৈ মোক বেছি লগ পায়। সেইবাবে কিছুমানৰ প্ৰতিনিধি মই হ’লোঁ।

সেইদৰে  পৃথিৱীৰ প্ৰতিনিধি মই হ’লোঁ,  মোক ভুল বুলি ক’লে গোটেই বিশ্বই ভুল হৈ পৰে। মোক গালি দিলে,  বিশ্বক দিয়া হয়। মোক বেয়া পালে, বিশ্বক বেয়া পোৱা প্ৰকাশ পায়। মোক যদি হেঁচা দিয়ে, গোটেই বিশ্বক হেঁচা দিয়াৰ সুখ পায়। গোটেই পৃথিৱীৰ এই মৰ্চাটোত মই থিয় হৈ আছোঁ আৰু পিটন খাই আছোঁ। তেওঁ মোক ঘৃণা কৰে, অথচ মোক বিচাৰিও ফুৰে৷

কিছুদিন লগ নাপালে, তেওঁ চিন্তিত হয়। যিজনলৈ ঘৃণা থাকে, তেওঁক লগ পাবলৈ এনে লালসা প্ৰেম-সম্বন্ধটো নাথাকে। মোক লগ, কৰি ভুল বুলি প্ৰমাণিত কৰি, মোৰ ওপৰত কথা কৈ, মোক সেও কৰি তেওঁ যি সুখ পায়, সেই সুখৰ প্ৰাপ্তিৰ বাবে তেওঁ মোক বিচাৰি ফুৰে।  বিশ্বজয়ৰ গৌৰৱ আৰু সন্তুষ্টিৰ বাবে মোক জ্বলাব খোজে। তেওঁ চাৰি-পাঁচ কিলোমিটাৰ ঘূৰিপকি মোক বিচাৰি ফুৰে, যেন বিশ্ব জয় কৰিবলৈ বেছি ঘূৰিব লগা নহ’ল।  যদি গোটেই বিশ্ব ভুল আৰু তেওঁ শুদ্ধ, তাৰ অৰ্থ মই ভুল আৰু তেওঁ শুদ্ধ। মই প্ৰথমে তেওঁৰ ওপৰত অসহমত হৈছিলোঁ, তেওঁ তেতিয়া ভয়ঙ্কৰ  ৰূপেৰে বিস্ফুৰিত হয়৷ তেওঁ ভুল বুলি ক’লে তেওঁৰ খং উঠি যায়। তেওঁ কাজিয়া কৰি, গালি-শপনি দিয়ালৈকে অৱনমিত হৈ পৰে। মই সহমত হোৱাৰ নীতি অৱলম্বন কৰিলোঁ। মই সহমত হ’লে এইটো কেনেকৈ সম্ভৱ! যে মই আৰু বিশ্ব দুয়োটাই শুদ্ধ হ’ব, পৃথিৱী শুদ্ধ হ’বই নোৱাৰে, তেওঁ তুৰন্তে থিক ওলোটা কথাটো কৈ অসহমত হৈ যায়। তেতিয়া তেওঁ একমাত্ৰ শুদ্ধ আৰু গোটেই পৃথিৱী অশুদ্ধ হৈ যায়।

মই  সহমত হৈ গ’লে, তেওঁ পুনৰ সেইটো কথালৈ গুচি আহে যিটোক তেওঁ আগতেই অস্বীকাৰ কৰি আহিছে। 

: বহুত ভ্ৰষ্টাচাৰ বিয়পি আছে।

: অঁ, বহুত বিয়পি আছে।

: মানুহে হৈ চৈ বেছি কৰে। ইমান ভ্ৰষ্টাচাৰো নাই হোৱা। ইয়াততো সকলো শিয়াল এজনে ভ্ৰষ্টাচাৰ বুলিলে সকলোৱে সমস্বৰে কোৰাচত চিঞৰিব ভ্ৰষ্টাচাৰ।

: মোৰো এনে লাগে, ভ্ৰষ্টাচাৰৰ হৈ চৈ বেছিকৈ ক’ৰে৷

: কিন্তু বিনা কাৰণেতো মানুহে হৈ চৈ নলগাই নহয়, মানুহবোৰ পাগল নেকি?

: অঁ চৰকাৰী কৰ্ম্মচাৰীবোৰ ভ্ৰষ্ট হয়৷

: চৰকাৰী কৰ্ম্মচাৰীক কিয় দোষ দিয়া? তেওঁলোককতো মোৰ তোমাৰ দৰে মানুহেই ভ্ৰষ্ট কৰে৷

: অঁ জনতাই নিজে উৎকোচ দিয়ে বাবে তেওঁলোকে লৈ থয় আৰু৷

: জনতাই কি জোৰ কৰি তেওঁলোকৰ ডিঙিত উৎকোচ সোমোৱাই দিয়ে নেকি! তেওঁলোক ভ্ৰষ্ট নহ’লে জনতাই কিয় উৎকোচ দিব?

কিবা ঘটনা ঘটিলেই সেইটোৰ ওপৰত তেওঁ এটা দৃষ্টিকোণ নিৰ্ধাৰিত কৰি লয়। আৰু থিক তাৰ ওলোটা দৃষ্টিকোণটো আমাৰ ওপৰত জাঁপি দিয়ে, আৰু তাৰ পাছত তেওঁ আমাৰ ওপৰত আৰোপ কৰা দৃষ্টিকোণটোৰ বাবেই ঘৃণা কৰে। ঘৃণা ইমানেই জমা হৈ থাকে যে, তেওঁ সেই ঘটনাৰ বাবে আমাকেই দোষী বুলি ভাবি লয়। চিনে ভাৰতক তিনিদিনৰ আল্টিমেটম দিলে, তেওঁ ভাবি ল’লে সেই আল্টিমেটম মই দিলোঁ। বাস্তৱতে যেন আদিবাসীৰ ওপৰত গুলিচালনা আমিয়ে কৰিছিলোঁ।

ৰোদেচিয়াত বৰ্ণবিবাদ চলিছিল, তেওঁ ভাৱিলে আমিয়েই ইয়ান স্মিথৰ চৰকাৰ নিৰ্মাণ কৰি দিলোঁ৷ ভিয়েটেনামৰ ওপৰত আমেৰিকাৰ পুনৰ বোমা আক্ৰমণ আৰম্ভ হোৱাত তেওঁ ভাবি ল’লে যে  বোমাবৰ্ষণৰ আদেশ ময়েই দি দিলোঁ। তেওঁ অলপ দিনৰ বাবে নিৰুদ্দেশ হৈ থাকিল, লগেই পোৱা নাছিলোঁ। এদিন লগ পালোঁ। লগ পায় তেওঁ এনেকুৱা ব্যৱহাৰ কৰিলে যেন যুদ্ধ কৰা অপৰাধীকহে লগ পাইছে। লগ পায়েই চিঞৰি উঠিল,

: তোমাৰ আমেৰিকাই পুনৰ বোমাবৰ্ষণ আৰম্ভ কৰি দিলে।

তেওঁ মোক এইদৰে চাবলৈ ধৰিলে যেনেকৈ পুলিচে অপৰাধীক চায়।

মই ক’লোঁ,

: এইটো বৰ বেয়া কৰিলে, ইয়াৰ কাৰণে শান্তিৰ আশা আকৌ নষ্ট হৈ গ’ল।

তেওঁ ক্ষন্তেকলৈ ক্ষান্ত হৈ গ’ল, কেইবাদিনলৈ তেওঁ মোক বোমাবৰ্ষণৰ সমৰ্থক বুলি ভাবি ঘৃণা কৰি থাকিল কিন্তু মইতো বোমাবৰ্ষণক নিন্দাহে কৰিছিলোঁ। এতিয়া তেওঁ কোনদিশে অগ্ৰসৰ হ’ব। সেইটো চম্ভালিবলৈ তেওঁৰ বৰ বেছি সময় নালাগিল, হঠাৎ জোৰ দি ক’লে,

: শান্তি? হোৱাট ডু ইউ মিন বাই শান্তি? এই শব্দটো মিছা। সকলোৱে শান্তিৰ কথা কয় আৰু যুদ্ধৰ তৈয়াৰী কৰে।

মই একদম চুপ থাকিলোঁ। তেওঁ সন্তুষ্ট নহ’ল। তেওঁ এটা দিশকেই ধৰি লৈ ক’লে,

: কৈ দিলোঁ, বেয়া কৰিলে, কি বেয়া কৰিলে! উত্তৰৰ পৰা দক্ষিণলৈ সৈন্য আহে, চিনৰ অস্ত্ৰ আহে। সেই ঠিকনাত বম নেপেলালে কেনেকৈ হ’ব?

: সেই দৃষ্টিৰে তেনেহ’লে বোমাবৰ্ষণেই সঠিক৷

: কিয় ঠিক হ’ব? নাগৰিক ক্ষেত্ৰত বোমা পেলোৱাটো কি সঠিক হ’ব? এইষাৰ কথা ক’বলৈ লাজ লাগিব লাগিছিল।

: অঁ নাগৰিকৰ ক্ষেত্ৰত বোমা পেলাব নালাগিছিল৷

: মই কৈছোঁ যে ক’তো কিয় পেলাব লাগে? আমেৰিকাৰ কি অধিকাৰ আছে এইফালে অহাৰ, এয়াতো তেওঁলোকৰ দেশৰ অংশ নহয়!

: ঠিকেই কৈছা, আমেৰিকাই এছিয়াৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে।

: কিন্তু বহুত বুৰ্বকে নুবুজাকৈয়ে এইটো শ্লগান লগায়, তেওঁলোকে পাহৰি যায় যে এইফালে চিন বহি আছে, যি সকলোকে গিলি পেলাব৷

মই মনেমনে থাকিলোঁ। তেওঁ ভোৰভোৰাই থাকিল, হঠাৎ থিয় হৈ আঙুলিৰ মূৰ গণি গণি সন্তুষ্ট হৈ গুচি গ’ল।

বগা আৰু সুদল সেনাৰ কপালত তিনিডাল ৰেখা সদায় স্পষ্ট হৈ থাকে, সদায় মানসিক চাপ থাকে। তেওঁৰ  চাকৰি সাধাৰণ এখন কলেজত, শিক্ষকতা কৰে। কলেজখনক ঘৃণা কৰে, ঘূৰি আহোঁতে এনেকৈ আহে যেন কিবা পাপ কৰিহে আহিছে। আনকি অধক্ষ্য, সহকৰ্মী, শিক্ষাৰ্থীকো ঘৃণা কৰে। বাগিছাত ফুলি থকা ফুলবোৰকো ঘৃণা কৰে। ঘৰৰ মালিকক বেয়া পায়, কাৰণ ঘৰটো তেওঁলোকৰ। নগৰপালিকাক বাট-পথৰ বাবে বেয়া পায়, নৰ্দমা বেয়া পায় মহৰ বাবে। পৃথিৱীখনক কিয় বেয়া পায়, সেইটো তেওঁহে জানিব।

মই অনুমানহে কৰিব পাৰোঁ, প্ৰথমে তেওঁ পৃথিৱীৰ পৰা কিছু বেছিকৈয়ে আশা কৰি লৈছিল চাগে। বহুতো নৱপ্ৰজন্মই চলিত অৱস্থাটোৰ পৰা বেছি আশা কৰি লয়, “দেউতাৰ দিনত সকলো এম এ উত্তীৰ্ণই প্ৰফেচাৰ হৈ গৈছিল এতিয়া নহয়।” কিন্তু সেইটো সন্দৰ্ভত যিজনে এম এ পঢ়ি প্ৰফেচাৰ হ’ম বুলি থিক কৰি লয়, তেওঁলোক প্ৰায়ে নিৰাশ হৈ পৰে। এই ব্যক্তিজনেও চাগে ডেকাকালত থিক কৰি পেলাইছিল যে, “পৃথিৱীৰ পৰা মই বহুত পাব লাগে। এয়া মোৰ অধিকাৰ।” এই হিচাপত তেওঁ কৰবাত খেলিমেলি কৰি পেলালে, তেওঁৰ যোগ্যতাৰ হিচাপত অভিলাষ নবনালে। নিজৰ মূল্য নিৰ্ধাৰণ কৰোঁতে বেছি উদাৰ হৈ পৰিল। তেওঁ প্ৰথমেই বৈশিষ্ট্যতাৰে নিজকে বিশিষ্ট কৰি ল’লে। সাধাৰণৰ পৰা বিশিষ্ট প্ৰয়োজনীয়তাখিনি তেওঁ নুবুজিলে, তেওঁ চলিত পৃথিৱীৰ স্পৰ্ধা, পক্ষপাত আৰু চতুৰতাকো আওকাণ কৰি দিলে। কলেজত পঢ়াবলৈ বিচাৰিছিল তেতিয়া এখন নিম্নখাপৰ কলেজত চাকৰি পালে। তেওঁ ভাবি ল’লে পৃথিৱীয়ে তেওঁক উচিত মূল্য নিদিলে। তেওঁৰ লগত অন্যায় কৰিলে, কেৱল তেওঁৰ লগত। তেওঁৰ ওচৰ পাজৰৰ আগবাঢ়ি যোৱা মানুহক তুচ্ছ মানুহৰ ভীৰ যেন দেখা হ’ল আৰু সকলোকে ঘৃণা কৰা হ’ল। তেওঁৰ ব্যক্তিত্ব ভাঙিবলৈ ধৰিলে, তেওঁ সেয়া যেনেতেনে সামৰি পৃথিৱীৰ আগত প্ৰশ্ন হৈ থিয় হৈ থাকিল। স্থায়ী অসহমতক তেওঁ নিজকে নিজৰ লগত সংযুক্ত কৰাৰ চেষ্টা মাথোন। ইয়াৰ দ্বাৰা তেওঁ নিজে বিশিষ্ট হৈ থাকিবলৈ চেষ্টা কৰে। কাৰণ বিশিষ্ট নোহোৱাকৈ তেওঁ জীয়াই থাকিব নোৱাৰে। এবাৰেই তেওঁক মই সহমত হোৱা দেখিছোঁ। এবাৰ তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ এটা ডাঙৰ চাকৰিৰ বাবে আবেদন কৰিছিল। সেইটো চাকৰি তেওঁ নাপালে। এদিন মই তেওঁক লগ পায় সুধিলোঁ৷ তেওঁ ক’লে, “নাপালো।”

মই ভয় খায়ছিলোঁ কিজানিবা তাৰ বাবেও তেওঁ মোকেই দোষাৰূপ কৰে। কিন্তু তেওঁৰ চকুত তেনেকুৱা একো আৰোপভাব নেদেখিলোঁ। মোৰ সাহস বাঢ়িল, মই ক’লোঁ,

: আজিকালি পক্ষপাত বহুত চলে।

তেওঁ সহমত হ’ল৷ ক’লে,

: থিক কৈছা ওপৰৰ লোকে নিজকে ভাল ঠাইত ফিট কৰে আৰু যোগ্য ব্যক্তিক অবহেলা কৰে।

: অঁ আৰু মূৰ্খবোৰক উচ্চ আসনত বহোৱা হয়।

: সেইবাবেইতো প্ৰত্যেক ঠাইৰ স্তৰ নিম্নগামী হৈছে।

: আৰে ভাই স্তৰটো একো নায়েই৷ নাজানো কেতিয়ালৈ  আৰু এই আন্ধাৰ সময় আঁতৰিব।

: ময়ো সেইটোৱেই ভাবোঁ যে এনেকৈ আৰু কিমানদিন!

সহমতৰ এই দুৰ্লভ ক্ষণবোৰ বেয়া হ’বলৈ দিব খোজা নাছিলোঁ। ইয়াৰ আগতে যাতে তেওঁ পুনৰ কিবা কথাত অসহমত হৈ নপৰে, সেইবাবে মই গুচি আহিলোঁ, তেঁৱো উভটিল। এইবাৰ তেওঁ আঙুলিৰ মূৰবোৰ গন্তি কৰা নাছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.