ফটাঢোল

মূল গল্প : একজন ক্ৰীতদাস লেখক : হুমায়ূন আহমেদ অসমীয়া অনুবাদ : এজন ক্ৰীতদাস অনুবাদিকা : মুনমুন সৰকাৰ শইকীয়া

পাৰুলে ন মান বজাত আহি পাব বুলি কথা দিছিল। বাৰ বজালৈকে মই অকলে অকলে থিয় হৈ থাকিলোঁ। চকুপানী ওলাই যোৱাকৈ দুখ লাগিল মোৰ। ছোৱালীবোৰ খুব খেয়ালী মনৰ হয়।

ঘৰলৈ আহি দেখিলোঁ সৰু কাগজ এটুকুৰাত কিবা লিখি থৈ গৈছে। সন্ধিয়া ৬৯৭৬২১ নম্বৰটোত এবাৰ ফোন এটা কৰিবা। পাৰুল। তেওঁলোকৰ কাষৰ মানুহঘৰৰ ফোন। আগতেও বহুত বাৰ ব্যৱহাৰ কৰিছোঁ কিন্তু আজি কিয় তাইক ফোনত কথা পাতিবলৈ মাতিম? বহু আলোচনাৰ শেষতেই জানো সিদ্ধান্ত লোৱা হোৱা নাছিল যে আজি সোমবাৰে পুৱা দহ বজাত আমি টাঙ্গাইললৈ গুচি যাম। তাতেই হাৰুণৰ ঘৰত আমাৰ বিয়া হ’ব। দুপৰীয়াটো শুলোঁ। হোটেলৰ পৰা ভাত আনিছিল সেইখিনি চুয়ো নাচালোঁ। সৰুতে যিদৰে খং উঠিলে ভাত নোখোৱাকৈ থাকিছিলোঁ আজিও যেন খং কৰিবপৰা তেনেকুৱা ঘটনা এটাই ঘটিছে। পাৰুলৰ সৈতে সম্পৰ্ক শেষ হৈছে- এয়া ভাবি ভাবি নিজকে খুবেই তুচ্ছ আৰু সামান্য যেন লাগিল। সন্ধিয়া টেলিফোন কৰিবলৈ ওলাওঁতে অভিমানত ওঁঠ ফুলাই, খঙতে মুখ ফুলাই আছিলোঁ। গ্ৰীণ ফাৰ্মাছিৰ মালিকে মোক দেখি হতচকিত হৈ সুধিছিল,

: গা বেয়া নেকি?

মই ৰুক্ষ স্বৰত ক’লোঁ,

: ফোন এটা কৰিবলগীয়া আছিল।

পাৰুল ওচৰতেই আছিল। ছয়-সাত বছৰীয়া সৰু ল’ৰাৰ কোমল মাত, যি মাত শুনিলেই বুকুত সুখৰ বিষ এটা উজাই আহে।

: হেল’ শুনা, কিণ্ডাৰগাৰ্ডেনৰ শিক্ষকৰ চাকৰিটো পাইছোঁ। শুনিছা নে? খুব বেছি ডিষ্টাৰবেন্স লাইনত।

পাৰুলৰ উৎফুল্লিত সতেজ মাত শুনি মই আচৰিত হ’লোঁ। কোনোমতে খোনাই খোনাই ক’লোঁ,

: আজি ৰাতিপুৱা ন বজাত তুমি অহা কথা আছিল৷

: মনত আছে মোৰ। শুনা তাৰিখটো কেইদিনমান পিছুৱাই দিয়া, এতিয়া আৰু তেনে কোনো লৰালৰি নাই। তাৰোপৰি…

: তাৰোপৰি কি?

: তোমাৰ ব্যৱসায়ৰ এতিয়া যি দুৰৱস্থা, এতিয়া বিয়া পাতিলে দুয়ো এবেলা লঘোণ দিব লাগিব।

খৰধৰকৈ তাই আৰু কিবাকিবি ক’লে। হঁহাও শুনিলোঁ! মই ভালদৰেই বুজি পালোঁ পাৰুলে আৰু কাহানিও মোৰ সৈতে বিয়াত নবহে। কালি গোটেই দিনটো ঘৰ এখন পাতিবলৈ যি যি বস্তুৰ দৰকাৰ সমস্তখিনি দুয়ো একেলগে বজাৰ কৰিছোঁ, দোকানিক ডাবল বেডশ্বিট খুজি তাই লাজত ৰঙাও পৰিছিল আৰু আজি ইমান সহজতে তাই কৈ দিলে মোৰ শোচনীয় ব্যৱসায়ৰ কথা। আঘাতটো মোৰ কাৰণে খুব তীব্ৰ আছিল। মোৰ সাহস অলপ ক’ম, নহ’লে সেইদিনাখনেই বিহ অকণ খাই মৰি থাকিলোহেঁতেন নাইবা তিনিমহলীয়া ঘৰৰ ছাদৰ পৰা জাঁপ মাৰি দিলোহে‍ঁতেন। মই বৰ অভিমানী হৈ জন্ম লৈছোঁ আচলতে।

সেইটো বছৰতেই আৰু বহুত দুৰ্ঘটনা ঘটি গ’ল। ইৰফানৰ হাতত মোৰ চাৰিহেজাৰ টকা জমা আছিল। সি হঠাৎ ঢুকাই থাকিল। ৰামগঞ্জত এক ৱেগন নিমখ বুক কৰি থৈছিলোঁ। ৱেগনটো উধাও হ’ল। শিল চাপ্লাই দিয়া কামটোত ডাঙৰ লোকচান হ’ল। অসুবিধা নোহোৱাকৈ চলি থাকিবলৈ যিমান টকা-পইচাৰ প্ৰয়োজন সিমানখিনি টকা-পইচাৰ বাবেও টনাটনি হ’ল। পাৰুলে সঁচাকৈয়ে মোৰ ভৱিষ্যতটোৰ উমান পাইছিল। পাৰুলৰ সৈতে মোৰ যোগাযোগ কমি আহিল। মই উপযাচি তাইৰ ওচৰলৈ নোযোৱা হʼলোঁ।
তথাপিও মাজে মাজে তাইৰ সৈতে দেখা-দেখি হয়। কেতিয়াবা বাছষ্টেণ্ডত দুয়ো আহি একেলগে একে ঠাইতে ৰওঁ। পাৰুলে মোক দেখা মাত্ৰকে আন্তৰিকতাৰে কয়,

: আৰে তুমি! স্বাস্থ্য ইমান বেয়া হৈছে তোমাৰ? ব্যৱসায় কেনে চলি আছে?

: চলি আছে ভালেই।

: ইস্‌ খুব খীণাইছা তুমি, চাহ একাপ খাবা নে? আহা একাপ চাহ খুৱাম মই।

দুপৰীয়া চিনেমাহলৰ সন্মুখত এদিন লগ পালোঁ। মই তাইক নেদেখাৰ ভাও ধৰি ৰাস্তালৈ নামি গʼলোঁ। কিন্তু তাই পাছফালৰ পৰা মাত দিলে,

: হেৰা…হেৰা, শুনাচোন। চিনেমা চাবলৈ আহিছিলা নেকি?

: নাই।

: শুনা কথা এটা শুনি যোৱা।

: কি?

: মোৰ লগৰ ছোৱালী এজনীৰ ল’ৰাৰ জন্মদিন আজি। প্লিজ মোক এটা উপহাৰ চাই দিয়ানা। বʼলা মোৰ সৈতে।

পাৰুলক যিমানবাৰ দেখোঁ সিমানেই মই আচৰিত হওঁ। তিনিশ টকা দৰমহাৰ চাকৰি এটাই কেনেকৈ তাইক ইমান অহংকাৰী কৰি তুলিছে, ভাবি পাত্তাই নাপাওঁ মই। ভুলতো তাই আমাৰ প্ৰসঙ্গ উত্থাপন নকৰে। এটা সোমবাৰে যে আমি আমাৰ বিয়া ঠিক কৰিছিলোঁ সেয়া যেন বান্ধৱীৰ ল’ৰাৰ জন্মদিতকৈও তুচ্ছ ঘটনা। তাইৰ উজ্জ্বল চকুহাল, খৰকৈ কথা পতাৰ ভঙ্গীয়ে বুজাই দিয়ে যে জীৱনটোৱে খুব অৰ্থবহ আৰু সুশোভিত হৈ ধৰা দিছে তাইক।

এপ্ৰিল মাহৰ তেৰ তাৰিখে পাৰুলৰ বিয়া হৈ গ’ল। নিমন্ত্ৰণী পত্ৰখন নপঠিয়াই অন্ততঃ তাইৰ নিষ্ঠুৰতাৰ পৰিচয় নিদিয়াৰ বাবে মই তাইক ক্ষমা কৰি দিলোঁ।
সিদিনা সন্ধিয়া মই দামী ৰেষ্টুৰেণ্টত খাই বহুদিনৰ মূৰত চিনেমা চালোঁ। চিনেমাৰ শেষত লগৰ এটাৰ ঘৰত ৰাতি বহুদেৰিলৈকে কথা পাতি সময় কটালোঁ। এনে এটা ভাব মই দেখুৱালোঁ যেন পাৰুলৰ বিয়া হৈ যোৱা কাৰণে মোৰ বিশেষ একো ক্ষতি হোৱা নাই। এজনক বিয়াৰ প্ৰতিশ্ৰুতি দি অইন এজনক বিয়া পতাটো যেন তেনেই সাধাৰণ ঘটনা, এনেকুৱা ঘটনা ঘটিয়েই থাকে।

সিদিনাখন ৰাতি ঘৰৰ বতাহ মোৰ বাবে উষ্ম হৈ পৰিল। ৰাতি দেৰিলৈকে টোপনি নাহিল। শুই শুই চিন্তা কৰিবলৈ ল’লোঁ, ব্যৱসায়ৰ অৱস্থা অলপ ভাল হ’লেই সহজ সৰল ছোৱালী এজনী চাই-চিতি বিয়া পাতিম আৰু তাইৰ সৈতে পাৰুলৰ হৃদয়হীনতাৰ গল্প কৰি কৰি হো-হোৱাই হাঁহিম।

কিন্তু দিনক দিনে মোৰ অৱস্থা আৰু বেয়া হৈ গৈ থাকিল। সৰুসুৰা কনট্ৰেক্ট এটা লৈছিলোঁ, জমা পইচাখিনি সৱ তাতেই শেষ হৈ গ’ল। মই সৰ্বশ্ৰান্ত হৈ পৰিলোঁ। বনকৰা ল’ৰাটো এৰুৱাই দিবলগীয়া হ’ল। দুই এপদ চৌখিন বস্তু (এটা থ্ৰি বেণ্ড ফিলিপছ্ ট্ৰানজিষ্টৰ, এটা নেচনেল ৰেকৰ্ডপ্লেয়াৰ, এটা দামী টেবুলঘড়ী) যিবোৰ বহু কষ্টৰ মূৰত কৃপণৰ দৰে পইচা ৰাহি কৰি কৰি কিনিছিলোঁ বিকি দিব লগা হ’ল আৰু তাৰপিছতো এদিন মই হাফ পাউণ্ডৰ পাউৰুটি এটা খাই দিনটো কটাই দিলোঁ।

সহায়-সম্বলহীন ল’ৰা এজনৰ বাবে এই চহৰখন যে কিমান হৃদয়হীন হৈ দেখা দিয়ে সেয়া মোৰ কল্পনাৰ অগোচৰ আছিল। নিষ্ঠুৰ আৰু অকৰুণ চহৰখনত মই ঘূৰি ফুৰিবলৈ ধৰিলোঁ উদ্দেশ্য বিহীন ভাবে। সেই সময়বোৰত প্ৰায় প্ৰতিটো মুহূৰ্ত ভোকত কষ্ট পাই থাকিছিলোঁ। ফুটপাথৰ কাষৰ পৰ্দা লগোৱা ভাতৰ হোটেলবোৰ দেখি মোৰ মন বেয়া লাগিবলৈ লৈছিল।

ৰিক্সাৱালা শ্ৰেণীৰ মানুহবোৰক উবুৰি খাই ভাতৰ ওপৰত পৰি গোগ্ৰাসে ভাত খাই থকা দৃশ্যই মোক আকৰ্ষণ কৰিছিল। আস্ কি সুখত আছে এই মানুহবোৰ। এনেদৰে ভাবিয়েই মোৰ চকু সেমেকি উঠিছিল। মই জীয়াই থাকিবৰ বাবে প্ৰাণপণে চেষ্টা কৰিবলৈ ধৰিলোঁ। নিউ ইঙ্ক বোলা চিয়াঁহীৰ কোম্পানীৰ চেলচমেনৰ কাম কৰিবলৈ ল’লোঁ। কাপোৰ ধোৱা চাবোনৰ বিজ্ঞাপন লিখি দিয়াৰ কাম কৰিলোঁ। পাৰুললৈ মোৰ মনতেই নপৰা হ’ল। তাইক সমুলি পাহৰি গʼলোঁ মই।

এদিন সন্ধিয়া মোহম্মদপুৰ বজাৰৰ কাষেৰে গৈ আছোঁ। হঠাৎ দেখিলোঁ পাৰুল। লগত বগা ঢকঢকীয়া ছোৱালী এজনী। ভৰিত ৰঙা জোতা, পুতলাৰ নিচিনা গোল মুখাকৃতিৰ। পাৰুলৰ শাড়ীৰ আঁচলত ধৰি টুকটুককৈ খোজকাঢ়ি গৈ আছে। পাৰুলে যাতে মোক নেদেখে তাৰবাবে মই পটককৈ কাষৰ গলিটোত সোমাই গ’লোঁ। অথচ তেনে কৰাৰ প্ৰয়োজন নাছিল, পাৰুলৰ সমস্ত ইন্দ্ৰিয় নিজৰ ছোৱালীক লৈয়ে সষ্টম আছিল। মাত্ৰ এক মুহূৰ্তৰ বাবে মোৰ মনলৈ ধাৰণা এটা হৈছিল যে এই পুতলাহেন ছোৱালীজনী মোৰ হ’ব পাৰিলেহেঁতেন। কিন্তু পিছমুহূৰ্তেই মোক এই ধাৰণাই অস্থিৰ কৰি দিলে যে ছোভান মিঞাই মোক কাম এটা দিব নে নাই?

মোৰ ভাগ্য ভাল। কামটো মই পাই গ’লোঁ। সদায় ৰাতিপুৱা চেগুণবাগিচাৰ পৰা খোজকাঢ়ি মহম্মদপুৰলৈকে আহোঁ। গোটেই দিনটো ছোভান মিঞাৰ ইণ্ডেণ্টিং ফাৰ্মৰ হিচাপ-নিকাচ চাই-চিতি ৰাতি দেৰিকৈ চেগুণবাগিচালৈ ঘূৰি যাওঁ। নিৰস একঘেয়ামী জীৱন। গভীৰ ৰাতি কেতিয়াবা টোপনি ভাগি গ’লে মৰিবলৈ মন যায়। বাটত মই তলমূৰকৈ খোজ কাঢ়োঁ। চিনাকি কোনোবাই মোক উচ্চস্বৰে মাতক সেয়া মই নিবিচাৰোঁ। তথাপিও পাৰুলৰ সৈতে আকৌ দুবাৰ মোৰ দেখা হৈছিল। এবাৰ দেখিলোঁ হুড পেলাই থোৱা ৰিক্সাত, চকুত চানগ্লাছ। তাইৰ কাষত ধুনীয়া চেহেৰাৰ এজন ল’ৰা (খুব সম্ভৱ এই ল’ৰাজনেই তাইক বিয়া পাতিছে কাৰণ ছফিকৰ পৰা গম পাইছিলোঁ তাইৰ গিৰিয়েক খুব হেণ্ডচম্ আৰু ভাল চাকৰি এটাও কৰে)৷ দ্বিতীয়বাৰ দেখিলোঁ বেলেগ এজনী ছোৱালীৰ সৈতে হাঁহি হাঁহি গৈ আছে। কোনোবাৰেই তাই মোক দেখা নাছিল অৱশ্যে দেখিলেও তাই মোক চিনি নাপালেহেঁতেন। অভাব, অনাহাৰ আৰু দুৰ্ভাৱনাই মোৰ চেহেৰা সলাই পেলাইছিল। তাৰোপৰি পুৰণা বন্ধুসকলৰ কৰুণা আৰু কৌতূহলৰ পৰা হাত সাৰিবলৈ মই দীঘল দাড়ি ৰাখিছিলোঁ। দীঘল দাড়ি আৰু হনু ওলাই যোৱা মুখখনে মোৰ পৰিচয় গোপনে ৰখাত সহায় কৰিছিল। মই হাত লৰাই বেলেগ এটা ভঙ্গীমাত খোজ কৰাৰ অভ্যাস গঢ়ি তুলিছিলোঁ। তাৰ বাবেই ছফিকে (তাৰ সৈতে একেখন বিছনাত পৰি বহু ৰাতি কটাইছিলো) মোক চিনি পোৱা নাছিল। চেহেৰা চিনাকি নিচিনা লাগিলে মানুহে যিদৰে পিতপিতাই চাবলৈ যত্ন কৰে তেনেকুৱাও সি কৰা নাছিল।

মই নিশ্চিত, পাৰুলৰ সৈতে এদিন মোৰ দেখা হ’ব৷ তায়ো চিনি নাপাব আৰু ছফিকৰ নিচিনাকৈ ব্যস্ত ভংগীত আঁতৰি যাব। কিন্তু পাৰুলে পলকতে মোক চিনি পালে। মোক দেখি তাই হতভম্ব হৈ। ৰৈ দিলে। অলপদেৰি তাই মুখেৰে একো মাতিব নোৱাৰা হ’ল। মই খুব স্বাভাৱিক ভাৱেই তাইক সুধিলোঁ,

: ভালে আছা পাৰুল? বহুত দিনৰ মূৰত দেখিলোঁ। মোৰ খুবেই জৰুৰী কাম এটা আছে। যাওঁ দিয়া তেনেহ’লে।

পাৰুলৰ চকু আশ্চৰ্য আৰু দুখেৰে ভৰি পৰিল, তাই মোৰ ফালে চাই থাকিল। মই যেতিয়া যাবলৈ ওলালোঁ তেতিয়া তাই ক’লে,

: তুমি এনে ৰূপ লৈছা?

মই হাঁহি হাঁহি ক’লোঁ,

: ব্যৱসায় ফ্লপ মাৰিছে পাৰুল। যাওঁ দিয়া।

পাৰুলে একো উত্তৰ নিদিলে। মই বিস্মিত হৈ দেখিলোঁ তাইৰ চকুত পানী। তাই অন্যফাল মুখখন ঘূৰাই অলপ দেৰি থিয় হৈ থাকি ভাগৰুৱা দেহাটো চোঁচৰাই যোৱাদি গুচি গ’ল।

পাৰুলক মই পাহৰিবলৈ লৈছিলোঁ, পাহৰিছিলোঁৱেই। মোৰ যি জীৱন সংগ্ৰাম আৰম্ভ হৈছে তাত প্ৰেম নিতান্তই তুচ্ছ ঘটনা। কিন্তু সামান্য কেইটোপাল মূল্যহীন চকুপানীৰে পাৰুলে নিজকে আকৌ প্ৰতিষ্ঠিত কৰি গ’ল। সকলো দুখ পাহৰি তাইক হেৰুওৱা দুখটোহে বেছিকৈ উপলব্ধি কৰিবলৈ ল’লোঁ।

মোৰ বাবে এই দুখখিনিৰ খুবেই প্ৰয়োজন আছিল।

☆★☆★☆

Leave a Reply

Your email address will not be published.