ফটাঢোল

মূল গল্প : জীৱন দুদিনীয়া (হিন্দী), গল্পকাৰ : শাৰদ তেলংগ – ভাবানুবাদ – চবিনা ইয়াচমিন

কিছুদিনৰ পৰা মানুহে মোক চেৰাবলিয়া বুলি ভাবিবলৈ লৈছে৷ সকলোৰে অভিযোগ যে চহৰত এক মহান সাধু পুৰুষৰ ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতাৰ আয়োজন চলি আছে আৰু মই নিজৰ ঘৰতে পৰি আছোঁ৷ অধৰ্মী ব্যক্তি এজনৰ প্ৰতি যিমানবোৰ বিশেষণ ব্যৱহাৰ কৰিব পাৰি, সেই আটাইবোৰৰ দ্বাৰা তেওঁলোকে মোক সন্মানিত কৰিলে৷ এদিনাখন ময়ো সিদ্ধান্ত ল’লোঁ, যেতিয়া সমগ্ৰ চহৰখনৰ কিছুসংখ্যক পুৰষ আৰু সৰহসংখ্যক মহিলাই ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতালৈ যায় তেন্তে মইনো তালৈ এবাৰ যোৱাত আপত্তি কি? যিমান ডাঙৰ পেণ্ডেল তথা ধন সেই ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতাৰ আয়োজনত লগোৱা হৈছিল তাৰে এশ কোটিজোৰ দৰিদ্ৰ তথা মধ্যবিত্ত দৰা-কইনাৰ সামূহিক বিবাহ সম্পন্ন কৰিব পৰা যাব৷ সাধু পুৰুষে জনসমুদায়ৰ সমুখত যি বক্তৃতা দিছিল সেই কথা সকলোৱে আগতে বহুবাৰ শুনিছে৷ আৰু সকলো কথা জানিও তেওঁলোকে সাধু পুৰুষৰ কথা শুনাত এনেভাৱে ব্যস্ত যেন সেই কথাবোৰ তেওঁলোকে প্ৰথমবাৰৰ বাবেহে শুনিছে৷ তেওঁ এক মহত্ত্বপূৰ্ণ ৰহস্য উৎঘাটন কৰিলে যে জীৱন দুদিনীয়া৷ মই মোৰ কাষতে বহি থকা এজন ভদ্ৰলোকক সুধিলোঁ,

: মহাশয়, জীৱন বাস্তৱিকতে দুদিনীয়াই নেকি?

তেওঁ ক’লে,

: হয়৷ তেওঁ কৈছে যেতিয়া দুদিনীয়াই হ’ব চাগে৷

মই সুধিলোঁ,

: এওঁৰ এই কাৰ্যক্ৰম আৰু কিমান দিন চলিব?

তেওঁ ক’লে,

: সাত দিন৷

: কিন্তু জীৱন দুদিনৰহে, বাকী পাঁচটা দিনৰ কি হ’ব?

তেওঁ ক’লে,

: দুদিনীয়া মানে দুদিনৰ কথা কোৱা নাই৷ বেছি দিনৰ কথা কৈছে৷

মই সুধিলোঁ,

: কিমান দিনৰ কথা কৈছে?

তেওঁ ক’লে,

: সেইটো কোনেও নাজানে৷ ক’বলৈহে দুদিনীয়া, মানি ল’ব নোৱাৰি সেই কথা৷

: যদি তেওঁৰ কথাবোৰ কেৱল কোৱা কথাহে, মানিব লগা কথা নহয় তেন্তে শুনি কি লাভ?

: লাভ-লোকচান, জীৱন-মৰণ, খ্যাতি সকলো জীৱনত ঘটি থকা ঘটনা৷ ইয়ালৈতো সকলোৱে শুনিবলৈহে আহে৷ যদি এই কথাবোৰ নিজৰ জীৱনত কাৰ্যকৰী কৰে তেন্তে সকলো মানুহেই সাধু-মহাত্মা হ’লহেঁতেন৷

ভদ্ৰলোকজনৰ কথাবোৰ মোৰ সাধুজনতকৈ বেছি প্ৰভাৱশালী লাগিছিল৷ মই তেওঁৰ পিছ নেৰিলোঁ৷

: কিন্তু আন এজন সাধু পুৰুষৰ কথা এবাৰ শুনিছিলোঁঁ৷ তেওঁ কৈছিল, দুদিনীয়াতো জগতত মেলা লাগে আৰু চাৰিদিনীয়া যৌৱনকাল৷

: তেওঁ ভুল কৈছে৷ কওঁতাইতো জীৱন বা মেলা চাৰিদিনীয়া বা দহদিনীয়া যিকোনো ক’ব পাৰে৷ আমাৰ চহৰত মেলা পোন্ধৰ দিনৰ বাবে লাগে৷ কোনো কোনো লোকেতো জোনৰ পোহৰো চাৰিদিনীয়া বোলে৷ কিন্তু প্ৰকৃততে সেয়া নহয়৷ এতিয়া এইজন সাধুৰ ধৰ্মবাণী শুনি আছোঁ যেতিয়া জীৱন দুদিনীয়া বুলিয়েই মানি ল’ম৷ আন কোনো সাধুৰ ধৰ্মবাণী যেতিয়া শুনিম তেওঁ যিমান দিনৰ কয় তাকে মানি ল’ম৷

মই আকৌ সুধিলোঁ,

: সেই আনজন সাধুৱে মেলা দুদিনীয়া বুলি কিয় ক’লে?

: যিজন সাধুৱে মেলা দুদিনীয়া বুলি কৈছিল, তেওঁ এইজন সাধুতকৈ শ্ৰেষ্ঠ নেকি?

: সাধুসকলতো সাধুৱেই আৰু৷ তেওঁলোকৰ সৰু-বৰ কি আছে?

: বাঃ! সৰু-বৰ কিয় নাথাকিব! তেওঁৰ দীঘল দাড়ি আছে জানো? নে তেওঁ ধূতি পিন্ধে আৰু নগ্ন শৰীৰে থাকে? নে বহুতো সাধু-সন্ত তেওঁৰ লগত ঘূৰি ফুৰে? নে তেওঁ উৰাজাহাজেৰে যাত্ৰা কৰে? নে তেওঁৰ ছবি প্ৰতিটো মহলাৰ পৰা শৌচালয়ৰ দেৱালত উলমি থাকে? নে ডাঙৰ-ডাঙৰ নেতাই তেওঁৰ পৰা আশীৰ্বাদ ল’বলৈ আহে? নে তেওঁৰ ডাঙৰ-ডাঙৰ আশ্ৰম আছে? যদি এই সকলোবোৰ বিশেষত্ব তেওঁৰ আছে তেতিয়াহে তেওঁ শ্ৰেষ্ঠ সাধু পুৰুষ বুলি জনাজাত হ’ব৷

: নহয় তেওঁ সাধাৰণ বস্ত্ৰহে পিন্ধে কিন্তু তেওঁ মহা জ্ঞানী৷

: কিহৰ জ্ঞানীহে? সাধু পুৰুষ হ’বলৈ হ’লে দেখিবলৈও সাধুৰ দৰে হ’ব লাগিব৷ নাইবা কোনে তেওঁক সাধু বুলি গণ্য কৰিব? কেৱল জ্ঞানী বা বিদ্বান হ’লে কোনোবা এজন লোক সাধু পুৰুষ হ’ব জানো?

: কিন্তু আমি ভুল কথা এটা কিয় মানি ল’ম যে জীৱনটো দুদিনীয়া?

: মানি নোলোৱা যদি তেওঁৰ ভক্তসকলে তোমাৰ ঘৰলৈ গৈ উদ্ভণ্ডালি কৰিব আৰু যদি তেওঁলোকৰ বেছি খং উঠে তেওঁলোকে তোমাক হত্যাও কৰিব পাৰে৷ সাধু পুৰুষৰ কথাবোৰৰ অনুসৰণ কৰাটো তেওঁৰ অনুসৰণকাৰীসকলে আৱশ্যক বুলি যদি নাভাবে তেন্তে তুমি বুজি পাবা যে জীৱনটো দুদিনীয়া৷ তেওঁলোকৰ সমুখত ডাঙৰ-ডাঙৰ বীৰেও একো কৰিব নোৱাৰে৷ এতিয়া ময়েনো ক’ত তেওঁৰ কথা মানিছোঁ? মোৰতো জীৱন প্ৰতিমাহৰ এক তাৰিখে আৰম্ভ হয় আৰু ছয়-সাতদিন চালে৷ তাৰপিছত আৰু মৰণেই মৰণ৷ কোনো কোনো লোকৰ পোন্ধৰ দিনলৈ চলি যায়৷ ৰাজ নেতাসকলৰ জীৱন নিৰ্বাচনৰ ফলাফলৰ পিছত আৰম্ভ হয় আৰু জীৱনভৰ নাইবা কেইবাটাও প্ৰজন্মলৈকে চলি যায়৷

জীৱনটো দুদিনীয়া নেকি বুলি মই আন এজন ভদ্ৰলোকক সুধিলোঁ, যিজনে সাধুৰ ধৰ্মবাণী শুনাতকৈ ইফালে-সিফালেহে বেছিকৈ চাই আছিল৷ তেওঁ ক’লে,

: মোৰ জীৱনটো এনে সাধু-মহাত্মাসকলৰ ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতাসমূহ চলি থকালৈকেহে চলি থাকে৷ এই আয়োজনত ব্যৱহাৰ হোৱা তম্বু আৰু দলিচাৰ ঠিকাটো ময়ে পাইছোঁ৷ গতিকে তেওঁ এতিয়া দুদিনীয়া বা দহদিনীয়া যি কয় সেয়াই হ’ব৷ জীৱন যিমানেই বেছি দিনীয়া বুলি ক’ব মোৰ বাবে সিমানেই ভাল৷ তোমাৰ যদি দুদিনীয়া জীৱনটো কম যেন লাগে তেন্তে তুমি চাৰিদিনীয়া বুলি মানি ল’ব পাৰা৷ তুমি শুনা নাই নেকি, “আয়ুস বিচাৰি আনিছিলোঁ চাৰি দিনৰ, দুদিন পাৰ হ’ল আশা কৰি আৰু দুদিন পাৰ হ’ল অপেক্ষা কৰি৷” ইয়াৰ পৰাতো এয়াই বুজা যায় যে জীৱন দুদিনীয়া নহয় চাৰিদিনীয়া হ’বই লাগিব৷ বাহাদুৰ শ্বাহ জাফৰৰ আত্মা তেওঁৰ শৰীৰত প্ৰৱেশ কৰি বাহিৰলৈ ওলাই গৈছিল৷

: কিন্তু কিবা যোগ্যতাসূচক মান এটাতো থাকিব লাগিব, জীৱন দুদিনীয়া নে চাৰিদিনীয়া কি হিচাপে ধাৰ্য কৰা হ’ব?

তেওঁ ক’লে,

: ধৰি লওক মানুহৰ আয়ুস এশ বছৰৰ৷ তেন্তে সংক্ষিপ্ত নিয়ম এয়াই যে, মানুহৰ আয়ুসক দুই বা চাৰিৰে ভাগ কৰি দিয়ক আৰু যি ভাগফল ওলাব সিমান বছৰক এদিনৰ সমান বুলি মানি লওক৷ অৱশ্যে ইয়ালৈ ধৰ্মবাণী সম্পৰ্কত দিয়া বক্তৃতা শুনিবলৈ এনে কিছু লোকো আহিছে যিসকলৰ জীৱন পাৰিবাৰিক সমস্যা, মাটিবাৰী সম্পৰ্কীয় কাজিয়া, শাৰীৰিক কষ্ট, সন্তানৰ ভৱিষ্যত সম্পৰ্কে চিন্তা, পুত্ৰ-বোৱাৰীৰ দ্বাৰা দুৰাচাৰ তথা অন্যান্য সমস্যাৰে ভৰি থকাৰ বাবে এটা দিনো পাৰ কৰিবলৈ বহুত কঠিন৷ সাধু পুৰুষৰ বক্তৃতাত জীৱন দুদিনীয়া বুলি শুনি অন্ততঃ তেওঁলোকে কিছু সময়ৰ বাবে হ’লেও সম্ভৱতঃ এই কথা ভাবি সুখী হৈছে যে তেওঁলোকৰ সেই দুটা দিন সমাগত যি তেওঁলোকৰ কষ্টকৰ সময়ৰ অন্ত পেলাব৷

মই এই কথা ভাবি ঘৰমুৱা হ’লোঁ যে, যেতিয়া জীৱন সম্পৰ্কেই সকলোৰে বিভিন্ন মত তেন্তে নিজৰ জীৱনটো কিয়নো কোনো ভাল কামত নলগাওঁ; কাৰণ মোৰ হিচাবত জীৱনটো কেইদিনীয়া তাৰ কোনো ভৰসা নাই৷

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.