ফটাঢোল

মূল গল্প : দ্য চুইটৰ এণ্ড পাপা,লেখক : এণ্টন চেখভ-অসমীয়া অনুবাদ : যোগেশ ভট্টাচাৰ্য্য

: বন্ধু, ষ্টেগ পাৰ্টি কেতিয়া দিবা? শুনিছোঁ তোমাৰ বিয়া ঠিক হৈছে বোলে?

ক্লাবত বন্ধু এজনে প্যটাৰ পেট্ৰভিচ্ছ মিল্কিনক উদ্দেশ্যি ক’লে।

: ক’ত শুনিলাহে তুমি এইবোৰ কথা? কোন মূৰ্খই ক’লে মই বিয়া পাতিবলৈ ওলাইছোঁ বুলি?

মিল্কিনে বিৰক্তিৰে উত্তৰ দিলে।

: আৰে মিল্কিন ভাই, যোৱা দুদিনমানৰপৰা সকলোৰে মুখে মুখে তোমাৰ বিয়াৰ কথাই চলি আছে দেখোন। পাৰ্টি কেতিয়া দিবা কোৱা।

বন্ধুজনে মিল্কিনক উভতি ধৰিলে।

: তুমি ভাবিছা আমি একো নাজানো বুলি, হেঃ হেঃ! আমি সৱ লক্ষ্য কৰি থাকোঁ মিল্কিন ভাই। তুমি দিনৰ দিনটো কন্দ্ৰাস্কিনহঁতৰ ঘৰত সোমাই থকাটো আমি দেখা নাই বুলি ভাবিছা? চাহ, জলপান, দুপৰীয়াৰ আহাৰ, ৰাতিৰ আহাৰ আদি সকলোবোৰ তুমি কন্দ্ৰাস্কিনৰ ঘৰতে কৰা বুলি আমি নাজানো হ’বলা। আৰু কন্দ্ৰাস্কিনৰ জীয়েক এনাষ্টেচিয়া কিৰিল্লোভনা, অৰ্থাৎ নাষ্ট্যাৰ লগত হাতত হাত ধৰি ৰেষ্টোৰাঁ, পাৰ্ক, চিনেমা হল, কফি ক্লাব আদি সকলোবোৰ ঠাইত তোমাক আমি নাই দেখা বুলি ভাবিছা যদি ভুল ভাবিছা। যোৱাকালি কন্দ্ৰাস্কিনে নিজেই আমাক কৈছে যে বিয়াৰ দিন ঠিক কৰিবলৈহে বাকী আছে মাত্ৰ। পিচে বিয়াখন পাতি কন্দ্ৰাস্কিনক উদ্ধাৰ কৰা বাবে তোমাক অভিনন্দন জনাইছোঁ। বেচেৰা কন্দ্ৰাস্কিনৰ সাতজনী জীয়েকৰ এজনী তুমি বিয়া পাতিলেও মানুহজনে কিছু সকাহ পাব।

বন্ধুজনৰ মুখত এইবোৰ কথা শুনি মিল্কিনে ভাবিলে যে এইবোৰ কথা আৰু আগবাঢ়িবলৈ দিবলৈ নোৱাৰি। এই বন্ধুজনক ধৰি এতিয়ালৈ দহজন মানুহে মিল্কিনক বিয়াৰ কথা সুধিছে। মানুহবোৰৰ ওপৰত অলপ খঙো উঠিল মিল্কিনৰ। ল’ৰা এজনে ছোৱালী এজনীৰ লগত অলপ ঘূৰা-ফুৰা কৰিলেই, তাইৰ ঘৰলৈ অলপ অহা-যোৱা কৰিলেই মানুহবোৰে বিয়া ঠিক হৈ থকা বুলি ধাৰণা কৰি লয়। সি লগে লগে সিদ্ধান্ত ল’লে যে পিছদিনাই কন্দ্ৰাস্কিনৰ ঘৰলৈ গৈ সি খোলাখুলিকৈ কৈ দিব যে নাষ্ট্যাৰ লগত বিয়া পাতিবলৈ সি মুঠেও আগ্ৰহী নহয়।

পিছদিনা মিল্কিন হাজিৰ হ’ল কন্দ্ৰাস্কিনৰ ঘৰত। দুৱাৰদলি পাৰ হৈ দ্ৰয়িংৰূমত ভালদৰে সোমাবলৈ নাপাওঁতেই চকীত বহি কিবা লিখি থকা কন্দ্ৰাস্কিনে মিল্কিনৰ পিনে চাই মাত লগালে,

: কি হে ডেকা ল’ৰা, খবৰ কেনে? নাষ্ট্যাক মিচ কৰি আছা হয়নে? হেঃ হেঃ! অলপ বহাচোন। তাই এঘৰলৈ গৈছে, এতিয়াই আহিব।

কন্দ্ৰাস্কিনৰ কথা শুনি দুবাৰমান সেপ ঢুকি মিল্কিনে মাত লগালে,

: আচলতে মই আজি তাইক লগ কৰিবলৈ অহা নাই। আপোনাৰ লগতহে কথা অলপ আছিল। মানে মই আপোনাৰ লগত বিশেষ কথা এটা আলোচনা কৰিবলৈহে আহিছোঁ। মই মানে…

: হেঃ হেঃ! বুজিছোঁ বুজিছোঁ। তুমি বিয়াৰ তাৰিখ ঠিক কৰাৰ কথা আলোচনা কৰিবলৈ আহিছা। হেঃ হেঃ! ইমান নাৰ্ভাচ হৈছা কিয়? বহাচোন। আজিয়েই তাৰিখ ঠিক কৰি দিম দিয়া।

কথাই বিপৰীত দিশে গতি কৰা যেন দেখি মিল্কিনে ক’লে,

: নহয় মানে, কথাটো এনেকুৱা যে, মানে মই ক’ব খুজিছিলোঁ যে, অৰ্থাৎ চমুকৈ ক’বলৈ হ’লে এই যে, মই আপোনাক বিদায় জনাবলৈ আহিছোঁ। কাইলৈ এই ঠাই এৰি যাম মই। আপোনাৰ আতিথ্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আপোনাৰ ছোৱালীকেইজনীও বৰ ভাল। মই কেতিয়াও পাহৰিব নোৱাৰিম যে…

: ৰ’বাচোন, ৰ’বা। কিহৰ বিদায়? কি কৈ আছা তুমি?

এইবাৰ কন্দ্ৰাস্কিনৰ আচৰিত হোৱাৰ পাল।

: বিয়াৰ যোগাৰ কৰিবলৈ এৰি তুমি বিদায় জনাই ক’লৈ যাবলৈ ওলাইছা?

: বিয়া? কাৰ বিয়া?

মিল্কিনে একো বুজি নোপোৱাৰ ভাও ধৰি ক’লে।

: কেলেই, তোমাৰ আৰু আমাৰ জীয়ৰী নাষ্ট্যাৰ বিয়া। ইমান দিনে আমাৰ লগত সম্পৰ্ক এটা গঢ়ি তুমি এতিয়া বিদায় জনাবলৈ আহিছা। তুমি নিজৰ ইচ্ছামতে যাব পাৰা, তোমাক বাধা দিব নোৱাৰোঁ মই। কিন্তু বিয়াৰ আশা দি এনেকৈ হঠাৎ গুচি যোৱাটো এক প্ৰকাৰৰ প্ৰবঞ্চনা

: প্ৰবঞ্চনা? মইটো বিয়া পাতিম বুলি কেতিয়াও কোৱা নাছিলোঁ।

: হয়, মুখেৰে তুমি কোৱা নাছিলা অৱশ্যে। কিন্তু তোমাৰ আচাৰ ব্যৱহাৰত সেইটো ফুটি উঠিছিল। তুমি সদায় আমাৰ নাষ্ট্যাৰ লগত ফুৰিবলৈ যোৱা, আমাৰ ঘৰত প্ৰায় সদায় ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ কৰা। তুমি আমাৰ ছোৱালীজনীক বিয়া পাতিবা বুলি ভাবিহে আমি তোমাক এনেদৰে খুৱাই বুৱাই ৰাখিলোঁ। ভাবী-জোঁৱায়েহে এনেদৰে ভাবী-শহুৰৰ ঘৰত ভাত পানী খায়। তুমি বিয়া পাতিবই লাগিব৷

মিল্কিনে ভাৱিলে, “ফ্ৰীতে লাঞ্চ, ডিনাৰ কৰাৰ ধান্দাত বেয়াকৈ ফঁচি গ’লোঁ।” তথাপি বিয়াৰপৰা বাচিবলৈ সি ক’লে,

: আপোনাৰ ছোৱালীজনী বৰ ভাল আৰু ধুনীয়া। মই তাইতকৈ ভাল ছোৱালী আৰু নাপাম বুলি বিশ্বাস আছে। কিন্তু আমি বিয়া পাতিলে অসুবিধা হ’ব। আমাৰ পচন্দ অপচন্দবোৰ নিমিলে।

এই কথা শুনি কন্দ্ৰাস্কিনৰ মুখৰ হাঁহি পুনৰ উভতি আহিল।

: ই, এইটোহে কথা। হেঃ হেঃ! ইমান সৰু কথাক লৈ ইমান চিন্তা কৰিছা। একে পচন্দ অপচন্দ থকা গিৰিয়েক ঘৈণীয়েক ক’ত দেখিছাহে? বিয়া পাতি একেলগে থাকিলে লাহে লাহে ইটোৱে সিটোৰ পচন্দ অপচন্দ বুজি পোৱা হ’বা। নতুনকৈ শিল, মাটি পেলোৱা ৰাষ্টা এটাত গাড়ী চলাবলৈ টান। কিন্তু চলাওঁতে চলাওঁতে লাহে লাহে ৰাষ্টা মিহি হৈ যায়, হেঃ হেঃ!

: আপুনি শুদ্ধ কথাই কৈছে। কিন্তু মই নাষ্ট্যাৰ যোগ্য নহয়। মই বৰ দুখীয়া।

মিল্কিনে নতুন অজুহাত এটা দেখুৱালে।

: এহ, কি কোৱাহে। চাকৰি এটা আছেই দেখোন তোমাৰ। দুজন মানুহ আৰামত চলি যাব পাৰিবা।

: সেইটো হয় বাৰু। পিচে মই যে মদ্যপান কৰোঁ।

: মদ্যপান কোনেনো নকৰে? ময়োটো খাওঁ মাজে মাজে। একো নহয়, বিয়া পাতা মোৰ ছোৱালীজনীক।

: আৰে, আপুনি বুজা নাই। মই সুৰাৰ প্ৰতি আসক্ত। মই বহুত মদ খাওঁ। মদাহী বুলিয়েই ক’ব পাৰে মোক।

: তুমিতো আমাৰ ঘৰলৈ সদায় আহা, কিন্তু এদিনো ঢলং পলংকৈ অহা নাই। বহুত মদ খাই যদি কথা আৰু খোজৰ লৰচৰ নহয় তেনেহ’লে কি অসুবিধা আছে? বিয়া পাতা।

: আপুনি হয়তো নাজানে যে মই যে ঘোচ নোলোৱাকৈ অফিচৰ কুটা এডাল ইফাল সিফাল নকৰোঁ।

: এহ, আজিৰ দিনত ঘোচ কোনে নলয় হে? এইবোৰ সৰু কথা।

: নহয় ৰ’ব। সেইটোৱেই একমাত্ৰ অসুবিধা নহয়। মই এটা কথা আপোনাক কোৱাই নাছিলোঁ। অফিচৰ পইচা পাতিৰ হিচাপ খেলি মেলি কৰা বাবে মোৰ ওপৰত কেচ এটা চলি আছে। সেইটোৰ কিবা এটা হেস্ত নেস্ত নোহোৱাকৈ মই কেনেকৈ বিয়া পাতোঁ কওকচোন!

: অহ, এইটোচোন বৰ ডাঙৰ কথা হ’ল। তোমাৰ শাস্তিটো হ’বই। তেনেস্থলত মোৰ ছোৱালীজনীক তোমাৰ লগত বিয়া দিব নোৱাৰিম, বেয়া নাপাবা।

মিল্কিনে যেন এইষাৰ কথা শুনিবলৈয়ে ৰৈ আছিল। টেবুলৰপৰা টুপী হাতত লৈ সাউৎকৈ ওলাই যাব খোজোঁতেই কন্দ্ৰাস্কিনে মাত লগালে,

: ৰ’বাচোন, কিমান টকাৰ খেলিমেলি কৰিছিলা?

: এক লাখ চৌৰাল্লিশ হাজাৰমান হ’ব।

: হমম, তাৰমানে তোমাক শাস্তি হিচাপে চাইবেৰিয়ালৈ ট্ৰান্সফাৰ দিব। কিন্তু আমাৰ নাষ্ট্যাই যদি সঁচাকৈ তোমাক ভাল পাই তেনেহ’লে তোমাৰ লগত চাইবেৰিয়ালৈ যাবলৈও প্ৰস্তুত থাকিব লাগিব। আৰু কি জানা? আমাৰ ইয়াতকৈ চাইবেৰিয়াত থাকি বেছি ভাল লাগে। বৰ ধুনীয়া ঠাই দেই। বিয়া বাৰু নপতা হ’লে ময়েই চাইবেৰিয়ালৈ গ’লোঁহেঁতেন। বিয়া পাতিব পাৰিবা দিয়া মোৰ ছোৱালীজনীক। মোৰ একো আপত্তি নাই।

মিল্কিনে ভাৱিলে যে এই বুঢ়াই দৰকাৰ পৰিলে দস্যুৰ লগতো জীয়েকক বিয়া দিহে এৰিব। সি নিজকে আৰু অলপ বেছি বেয়া চৰিত্ৰৰ সজাবলৈ অন্য এটা উপায় ভাবি উলিয়াই ক’লে,

: ৰ’ব কন্দ্ৰাস্কিন চাহাব, মোৰ ওপৰত ঠগ প্ৰবঞ্চনাৰ কেচ এটাও চলি আছে। ঘোচ লৈ ধৰাত পৰিছিলোঁ এবাৰ।

: একেই কথাহে ডেকা ল’ৰা, হেঃ হেঃ! শাস্তি হিচাপে ট্ৰান্সফাৰৰ বাহিৰে অইন একো নহয়। ইমান চিন্তা নকৰিবা। বিয়া পাতা।

: হমম, সেইটো হয় বাৰু। আপুনি যদি ইমানখিনি জনাৰ পিছতো আপোনাৰ জীয়ৰীক মোৰ তালৈ দিব বিচাৰিছে, সেয়া মোৰেই সৌভাগ্য বুলি ক’ব লাগিব। কিন্তু তাৰ আগত আপুনি মোৰ বিষয়ে এটি অতি গোপন কথা জনাটো উচিত হ’ব। মই এইটো কথা কাকো ক’ব বিচৰা নাছিলোঁ। কিন্তু নিৰুপায় হৈ আপোনাক ক’বলগীয়া হ’ল।

: মই আৰু একো গোপন কথা শুনিব নোখোজোঁ। তুমি মোৰ ছোৱালীক বিয়া পাতিব পাৰা।

: শুনক, মই আচলতে এজন জেইলৰপৰা পলাই অহা কয়েদী। বহুকেইটা অপৰাধৰ বাবে মোক আজীৱন কাৰাদণ্ড বিহা হৈছিল। পুলিচে এতিয়াও বিচাৰি আছে মোক।

এই কথা শুনি কন্দ্ৰাস্কিন শীল পৰা কপৌৰ দৰে হ’ল। হাত দুখনেৰে চকীখন কোনোমতে খামুচি ধৰি বহি লৈ ক’বলৈ ধৰিলে,

: মই কল্পনাও কৰা নাছিলোঁ যে মোৰ ঘৰত সাপ পুহি গাখীৰ খুৱাই আছোঁ। এতিয়াই বাহিৰ হৈ যোৱা মোৰ ঘৰৰপৰা। আৰু কেতিয়াও নিজৰ মুখ নেদেখুৱাবা।

অৱশেষত কন্দ্ৰাস্কিনৰ মেৰপাকৰপৰা নিজকে মুক্ত কৰাত সফল হোৱাৰ আনন্দত মিল্কিনে টুপীটো হাতত লৈ দৰ্জাৰ পিনে দৌৰ দিছিলেই, তেনেতে কন্দ্ৰাস্কিনে পিছৰপৰা মাত লগালে,

: ৰ’বাচোন, তোমাক পুলিচে ইমানদিনে এৰেষ্ট কিয় কৰিব পৰা নাই?

: ম… মই ছদ্মনাম লৈ নিজৰ পৰিচয় সলাই পেলাইছোঁ। ইমান সহজে পুলিচে ধৰিব নোৱাৰিব মোক।

: তেনেহলে গোটেই জীৱন তুমি ছদ্মনাম লৈয়ে ধৰা নপৰাকৈ পাৰ কৰি দিব পাৰিবা। আৰু এতিয়া যিহেতু তুমি সলনি হৈছা আৰু আগতে কৰা বেয়া কামৰ বাবে অনুতাপ কৰিছা, গতিকে এতিয়া তুমি এজন ভাল মানুহ হৈছা। ভগৱানে তোমাৰ মংগল কৰক। মোৰ ছোৱালীজনীক বিয়া পাতি সুখৰ জীৱন এটাৰ পাতনি মেলিবলৈ সাজু হোৱা।

কন্দ্ৰাস্কিনৰ কথা শুনি মিল্কিনৰ মগজুৱে কাম নকৰাৰ উপক্ৰম হৈছিল যদিও শেষ চেষ্টা এটা কৰি চাওঁ বুলি ভাৱি সি ক’লে,

: শুনক, মই আচলতে এজন বলিয়া মানুহ। আৰু বলিয়া মানুহে বিয়া পতাতো আইন বহিৰ্ভূত। গতিকে মই যাওঁ দিয়ক।

: মই বিশ্বাস নকৰো। বলিয়া মানুহে ইমান ধুনীয়াকৈ যুক্তি তৰ্ক কৰা আজিলৈকে দেখা নাই মই।

: মই চাৰ্টিফিকেট দেখুৱাব পাৰিম আপোনাক। তেতিয়াতো বিশ্বাস কৰিব?

: চাৰ্টিফিকেট বিশ্বাস কৰিম মই, কিন্তু তোমাৰ কথা বিশ্বাস নকৰোঁ। এনে সুন্দৰ মানসিক ৰোগী নাথাকে।

: ৰ’ব তেনেহ’লে, মই যে এজন মানসিক ৰোগী তাৰ প্ৰমাণ হিচাপে আপোনাক আধাঘণ্টাৰ ভিতৰত চাৰ্টিফিকেট এখন দেখুৱাই আছোঁ।

এইবুলি কৈ এক্ষন্তেকো নৰৈ মিল্কিনে ধুমুহা গতিত ওলাই গ’ল। পাঁচমিনিটৰ ভিতৰত সি ফোন লগালে তাৰ চিনাকি ডাক্তৰ ফিটুৱেভক। পিচে দুৰ্ভাগ্যবশতঃ সেই সময়ত ডাক্তৰজনৰ ঘৈণীয়েকৰ লগত এখুন্দা লাগি উঠিছিল মাত্ৰ। মিল্কিনে তেওঁক ক’লে যে সি বিয়া পাতিব নোখোজে আৰু তাৰ বাবে বলিয়াৰ ভাও ধৰিছে। সি ডাক্তৰজনক অনুৰোধ কৰিলে যাতে তাক বলিয়া বুলি এখন চাৰ্টিফিকেট লিখি দিয়ে। তেতিয়া ডাক্তৰজনে ক’লে,

: বন্ধু তুমি যদি বিয়া পাতিব খোজা নাই তেনেহ’লে তোমাক মই বলিয়া বুলি চাৰ্টিফিকেট দিব নোৱাৰিম। কিন্তু যদি তুমি কেতিয়াবা বিয়া পাতিবলৈ সিদ্ধান্ত লোৱা, তেতিয়া মোৰ ওচৰলৈ আহিবা। মই লগে লগে তোমাক বলিয়া বুলি চাৰ্টিফিকেট এখন লিখি দিম। কাৰণ মই ভাবোঁ যে বিয়া পাতিব নোখোজা মানুহ এজন বলিয়া নহয়, বৰঞ্চ তেওঁ বৰ বুদ্ধিমান। আনহাতে, যিয়ে বিয়া পাতিবলৈ ইচ্ছা কৰে তেওঁ হয়তো মুৰ্খ নহ’লে এজন সম্পূৰ্ণৰূপে বলিয়া মানুহ।

☆ ★ ☆ ★ ☆

5 Comments

  • Hemanta kakati

    Ha ha tammam bhal lagil Jogesh. Ultimately xi fosil taarmaane?

    Reply
  • মুনমুন

    বিয়াখন হ’বগৈ মানে?

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ইফালেও ফচিল সিফালেও ফচিল মানে। হা হা,বঢ়িয়া লাগিল।

    Reply

Leave a Reply

Your email address will not be published.