ফটাঢোল

মূল গল্প : মে নৰকচে ব’ল ৰাহা হুঁ অসমীয়া অনুবাদ : মই নৰকৰ পৰা কৈছোঁ লেখক : হৰিশঙ্কৰ পৰছাই অনুবাদিকা : পূৰবী কটকী

হে শিলক পূজা কৰা সকল! তোমালোকৰ জীয়াই থকা মানুহৰ কথা শুনাৰ অভ্যাস নাই, সেইবাবে মই মৃত্যুৰ পাছত কৈছোঁ। জীয়াই থকা কালছোৱাত তোমালোকে যিজনৰ ফালে চকু মেলি নোচোৱা, মৃত্যুৰ পাছত তেওঁৰ গেলি যোৱা শ-টোক লৈ শৱযাত্ৰা কৰা। গোটেই জীৱন যাক ঘিণ কৰা, তেওঁৰেই সমাধিত পাছত চাকি জ্বলাবলৈ যোৱা। মৃত্যুৰ সময়ত যিজনক তুমি মুখত এচলু পানী নিদিয়া, তেওঁৰ হাড় গঙ্গালৈ নিয়া। আৰে, তুমি জীৱনৰ তিৰস্কাৰ আৰু মৃত্যুৰ সৎকাৰ কৰা, সেইবাবে মই মৃত্যুৰ পাছত কৈছোঁ। মই নৰকৰ পৰা কৈছোঁ।

কিন্তু মোৰ কি প্ৰয়োজন আছিল গোটেই জীৱন মৌন হৈ থাকি, এই নৰকৰ চুকৰ পৰা ক’বলৈ! কিন্তু ইয়াত এটা কথা শুনিলোঁ যে মোৰ দৰে দুৰ্ভগীয়া এটাৰ মৃত্যুক লৈ তোমালোকৰ তাৰ ডাঙৰ ডাঙৰ লোকসকলো আচৰিত হৈ গৈছে। মই শুনিলোঁ যে তোমালোকৰ মন্ত্ৰীয়ে কৈছে, মোৰ মৃত্যু ভোকত নাই হোৱা, মই হেনো আত্মহত্যাহে কৰিলোঁ। মৃত্যু হৈছিল নে নিজে নিজৰ মৃত্যুৰ কাৰণ হৈছিলোঁ!

ভোকতেই মৰিলোঁ কিন্তু মোৰ মৃত্যুৰ কাৰণ হিচাপে ভোকক যাতে স্বীকৃতি দিয়া নহয় ! অন্ন অন্ন! কৈ চিঞৰি মৰি যাওঁ আৰু মোৰ মৃত্যুৰ কাৰণত অন্নৰ নামেই নাহে! যিয়েই নহওক, মই এই সকলোবোৰ সহ্য কৰি ল’লোঁহেঁতেন, গোটেই জীৱন তিৰস্কাৰৰ সোৱাদ লওঁতে লওঁতে সহানুভূতিলৈ মোৰ এনেকৈ অৰুচি ভাৱ আহিছিল যিদৰে চহৰত থকাসলৰ বাবে গাঁৱৰ বিশুদ্ধ ঘিউৰ।

কিন্তু আজিয়ে আৰু এটা ঘটনা ইয়াত ঘটি গ’ল। স্বৰ্গ আৰু নৰকক যিখন দেৱালে পৃথক কৰে তাৰ এটা ফাঁকেৰে মোৰ কুকুৰটোৱে মোক দেখি কুঁ-কুঁৱাই তাৰ মোৰ প্ৰতি থকা মৰম দেখুৱালে, দেখি মোৰ আচৰ্য্য আৰু ক্ষোভৰ একো সীমাই নাথাকিল। মই নৰকত, আনফালে মোৰ কুকুৰটো স্বৰ্গত। এই কুকুৰটো মোৰ বৰ মৰমৰ, যুধিষ্ঠিৰৰ কুকুৰটোতকৈও অধিক। যেতিয়া মোৰ পত্নী এজন ধনী ব্যক্তিলৈ পলাই গৈছিল, তেতিয়াৰ পৰাই কুকুৰটো মোৰ লগত আছিল। এনেকুৱা সঙ্গী যে আমি মৰিলোঁও একেলগই, কেতিয়াও মোৰ লগ নেৰিলে। কাষৰে ধনী ব্যক্তিজনে ইয়াক পুহিব খুজিছিল, তেওঁৰ পত্নীয়েও ইয়াক বহুত মৰম কৰিছিল। কিন্তু ই মোক এৰি থৈ নগ’ল, লোভতো নপৰিল।
মই বাৰু সুখেই পাইছোঁ যে ই স্বৰ্গত আছে। কিন্তু মোৰ প্ৰতি হোৱা অন্যায়খিনিতো পাহৰিব পৰা নাযাব আৰু এইখনতো তোমালোকৰ মৃত্যুলোক নহয়, য’ত কাৰো আবেদন শুনা নাযায়, য’ত আবেদনকাৰীসকলক দণ্ড দিয়া হয়। য’ত চৰকাৰী তদন্তৰ বাবে জুই লগাৰ এবছৰৰ পাছত জুই নুমোৱাৰ ৰায়দান দিয়া হয়।
ইয়াত আপিলৰ লগে লগেই শুনানি হয়। সেইবাবে ময়ো ভগৱানৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰিলোঁ,

: হে ভগৱান! পৃথিৱীত অন্যায় ভোগ কৰি এই আশাত ইয়ালৈ আহিছিলোঁ যে ইয়াত ন্যায় পাম, কিন্তু এয়া কি! মোৰ কুকুৰটো স্বৰ্গত আৰু মই নৰকত। জীৱনত কেতিয়াও বেয়া কাম কৰা নাছিলোঁ। ভোকত মৰিছিলোঁ, কিন্তু চোৰ নকৰিলোঁ। কাৰো আগতেই হাত নাপাতিলোঁ আৰু এই কুকুৰটো কুকুৰৰ দৰেই, কেইবাবাৰো আপোনাৰ নামত উচৰ্গা কৰা প্ৰসাদ ই খাই পেলাইছিল আৰু ইয়াক আপুনি স্বৰ্গত ৰাখিলে!

ভগৱানে এখন ডাঙৰ বহী চাই ক’লে,

: ইয়াত লিখা আছে যে তুমি আত্মহত্যা কৰিলা।

মই ক’লোঁঁ,

: নহয়, প্ৰভু মই ভোকত মৰিলোঁ। মই আত্মহত্যা কৰা নাই।

কিন্তু তেওঁ ক’লে,

: নহয় তুমি মিছা কৈছা, তোমাৰ দেশৰ অন্ন মন্ত্ৰীয়ে লিখিছে যে তুমি আত্মহত্যা কৰিলা। তোমাৰ শৰীৰৰ পষ্টমাৰ্টেমত সেই কথা প্ৰমাণিত হৈ গ’ল।

ভগৱান কথমপিহে আকাশৰ পৰা নপৰাকৈ থাকিল।
যেতিয়া মই ক’লোঁ,

: প্ৰভু, মোৰ ৰিপোৰ্টটো ভুৱা। মোৰ পোষ্টমাৰ্টেম নহ’লেই, মোকটো জ্বলাই দিয়া হ’ল। ইয়াৰ দহদিনৰ পাছত সাংসদত প্ৰশ্নোত্তৰ হ’ল, তেতিয়াহ’লে কি মোৰ ছাঁইখিনিৰ পোষ্টমাৰ্টেম হ’ল?

আৰু তেওঁক মোৰ গোটেই কথাখিনি ক’লোঁ৷

এতিয়া তোমালোকেও শুনা, তোমালোকে নাজানা মই ক’ত জীয়াই থাকিলোঁ, ক’ত মৰিলোঁ! পৃথিৱীখন ইমান বিশাল যে তাত কোনেও কাৰো হিচাপ নাৰাখে আৰু তুমি কেনেকৈ জানিবা যে যেতিয়া মোৰ উশাহ আছিল, তেতিয়াও মই জীয়াই আছিলোঁ। মই এইটো অৰ্থত জীয়াই আছিলোঁ যে সদায় মই মৃত্যুক পাছলৈ ঠেলি পঠিয়াওঁ। বাস্তৱত মই জন্মৰ পাছত এটা ক্ষণহে জীয়াই থাকিলোঁ, পাছৰ ক্ষণৰ পৰাই মোৰ মৃত্যু আৰম্ভ হৈ গ’ল। বজাৰৰ ওচৰৰ উচ্চ অট্টালিকাটো দেখিছা, তাৰ পাছফালেই শৌচালয় পৰিষ্কাৰ কৰাৰ এখন বেৰ আছে, আনটোফালে থকা বেৰখনত ভেজা দি কথমপি ৰৈ আছে মোৰ জুপুৰিটো। অট্টালিকাৰ মালিকে মোৰ জুপুৰিটো ভাঙি তাত এটা শৌচালয় বনাব খুজিছিল। যদি মই নমৰিলোঁহেঁতেন, তেতিয়াহ’লে মই এজন অট্টালিকাৰ মালিকৰ শৌচালয়ে এজন দুখীয়াৰ জুপুৰিৰ ওপৰত বিজয় সাব্যস্ত কৰাও এই দুচকুৰে দেখিলোঁহেঁতেন, আৰু সেই জুপুৰিটোতেই আছিলোঁ মই। মোৰ ওচৰে-পাঁজৰে অন্নই অন্ন আছিল। বেৰখনৰ আনফালে যিবোৰ নিগনি আছিল সেইবোৰ দিনক দিনে শকত হৈ গৈছিল। মাজতে দুদিন তাহাঁত এইবাবেই অহা নাছিল, যে তাহাঁত ওলায় যোৱা বাটটো আৰু অলপ বহল কৰাত লাগিছিল। কিন্তু তথাপিতো মই ভোকত থাকিলোঁ। বেকাৰ আছিলোঁ, চাউল দহটকা কিলো আছিল। তাতকৈ মোৰ মৃত্যুৱেই সস্তা আছিল। শেষত মোৰ মৃত্যুও আহিল, সেইদিনা অট্টালিকাৰ আনটো পাৰৰ কোনোবা ধনী ব্যক্তিৰ বিয়া আছিল। তেওঁ বহুত ধনী আছিল। গোটেই গাঁৱে জানিছিল যে তেওঁৰ ওচৰত হাজাৰ হাজাৰ বস্তা চাউল আছিল। কিন্তু কোনেও একো কোৱা নাছিল। পুলিচে তেওঁক ৰক্ষা কৰিছিল আৰু সেইদিনা মৃত্যুৱে মোক লাহে লাহে হেঁচা মাৰি ধৰিব খুজিলে, মোৰ পেটটো পাক মাৰি ধৰিলে, চকুৱে ধোঁৱা-কোঁৱা দেখিলোঁ। বেৰখনৰ সিপাৰৰ পৰা খাদ্যসমূহৰ পৰা সুগন্ধী আহিছিল। খাদ্যবোৰৰ মাজতেই মোৰ মৃত্যু হ’ল। মোৰ মৃত্যুৰ অলপ আগতে মোৰ মৰমৰ কুকুৰ বৰবচে বেৰৰ সিপাৰে গৈ অলপ কিবাকিবি খালে, সেইবাবে মালিকে টাঙোনেৰে খুব জোৰেৰে তাক মাৰিলে। সি কেঁকাই কেঁকাই মোৰ ওচৰত পৰিলহি। চিঞৰিয়ে থাকিল। মোৰো প্ৰাণবায়ু উলায় যাব খুজিলে, কিন্তু সেই জন্তুটোৰ আগত মোৰ চিঞৰিবলৈ লাজ লাগিছিল। এফালে মোৰ শেষৰ গেঙনিটোৰে সৈতে মোৰ প্ৰাণপক্ষী উৰি গৈছিল, আনফালে মোৰ কুকিৰটোৱেও প্ৰাণ ত্যাগ কৰিলে। দুয়ো মৰিলোঁ, একেলগে মৰিলোঁ, পাৰ্থক্য ইমানেই আছিল যে সি খাই মৰিছিল আৰু মই নাখাই মৰিলোঁ।

দৰা যাবলৈ লৈছিল আৰু আনফালে চাণ্ডালে মোক টিনৰ গাড়ীত দলিয়াই উঠালে। ৰাস্তাৰ এফালে দৰাগাড়ী গৈছিল, আনফালে মোৰ চৰকাৰী শৱযাত্ৰা। চৰকাৰে ভোজনৰ বাবে একো যোগাৰ নকৰিলেও, সৎকাৰৰ বাবে কিন্তু ভাল ব্যৱস্থা কৰিছিল। দৰাগাড়ীৰ পাছে পাছে বিয়া নাম গোৱা হৈছিল, আৰু মোৰ পাছত কন্দা মানুহো কোনো নাছিল। ইমান ভালকৈ মৰিছিলোঁ যে কাৰো একো কষ্টই নহ’ল। দৰাগাড়ী গন্তব্যস্থান পাইছিলগৈ, আতচবাজীৰ শব্দই গোটেইখন ৰজনজনাই গৈছিল। আৰু আনফালে কম পৰিমাণৰ খৰিৰ জুইত মোৰ হাড়বোৰ চট্‌-চট্‌কৈ ফুটিছিল। এনেকৈ মৰিলোঁ, মৰি যেতিয়া ইয়ালৈ আহিলোঁ মোৰ একো দুখ লগা নাছিল, মোক যেতিয়া নৰকলৈ পঠিওৱা হৈছিল। মই প্ৰতিবাদ কৰিবলৈ শিকাই নাছিলোঁ। এইখিনি ঠাই ইমান বেয়া নাছিল, যিমান মই পৃথিৱীত থাকি অহা ঠাইখিনি আছিল।

ভগৱানে শুনি ক’লে,

: তুমি ভোকত মৰিলা ন? তথাপিতো তুমি নৰকতেই থাকিবা আৰু কুকুৰটো স্বৰ্গত থাকিব। আৰু তোমাৰ কাষৰ কোঠাটো মিছলীয়া মন্ত্ৰীজনৰ বাবে খালী কৰিব লাগিব।

মই ভৰিত ধৰি ক’লোঁ,

: প্ৰভু এয়া কেনেকুৱা ন্যায়?

তেওঁ খঙত ক’লে,

: মূৰ্খ, ভীৰু… তই কুকুৰতকৈও হীন। বেচেৰা কুকুৰটো বেৰখন পাৰ হৈ খাবলৈ গ’ল আৰু তই মানুহ হৈয়ো হাঁই-হাঁই কৰি মৰি থাকিলি৷ তই বেৰখন পাৰ হৈ যাব নোৱাৰিলি?

: কিন্তু ভগৱান মই বেৰখন পাৰ হৈ কেনেকৈ গ’লোঁঁহেঁতেন, কেনেকৈ বেৰখন ভাঙিলোঁহেঁতেন? এয়া জানো পাপ নহ’লহেঁতেন!

ভগৱানে পুনৰ খঙেৰে ক’লে,

: পাপ-পূণ্যৰ ঝামেলাত পৰি থকা ভয়াতুৰ মানুহ, সেই বেৰখন কি মই বনাইছিলোঁ? দুমুখীয়া চৰিত্ৰৰ মানুহে বনাইছিল, আৰু তই সেইখন ভাঙিবলৈ পাপ-পূণ্যৰ বিচাৰ কৰাত লাগিলি। মূৰ্খ, তোৰ কুকু্ৰটোও তোতকৈ বহুত বুজন, সি তালৈ গৈ খাদ্য খালে। মাৰ খাই আকৌ ইয়ালৈ আহিলে। তাৰ মাজত মানুষ্যতা আছে আৰু তোৰ মাজত পশুত্বও নাই। মই তহঁতক বুদ্ধি দিছোঁ, হাত ভৰি দিছোঁ, কাৰ্য্য শক্তি দিছোঁ আৰু তই এটা অসমৰ্থ, অপদাৰ্থ এটা কীটৰ দৰে মৰি গ’লি। মানুহে মোক বহুত নিৰাশ কৰিছে৷ এতিয়া মই কেৱল কুকুৰ নিৰ্মাণ কৰাৰ কথা বিচাৰ কৰি আছোঁ। তোৰ দৰে অকৰ্মণ্য, অপদাৰ্থ, ভয়াতুৰ, মূৰ্খই নৰক নাপাই কি ইন্দ্ৰলোক পাবি?

মোক নৰকলৈ গতিয়াই দিয়া হ’ল আৰু মই কোণৰ পৰা তোমালোকক কৈছোঁ, “অ’ মোৰ দেশবাসীসকল মোৰ দৰে নমৰিবা, মোৰ কুকুৰটোৰ দৰে মৰিবা।”

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.