ফটাঢোল

মূল: চিকাৰ,গল্পকাৰ : হুমায়ূন আহমেদ,অনুবাদ- কলচুম বিবি 

সি নিঃশব্দে খোজ কাঢ়িছে। 

যেতিয়া খোজকাঢ়ে বতাহ পৰ্যন্ত নকঁপে। নৈঃশব্দৰ অগাডেৱা কিন্তু মতি বুঢ়াই পায়। অন্ধ মানুহৰ এইটোৱেই এটা সুবিধা। এওঁলোকে বতাহ শুঙিয়েই বহুত কথা কৈ দিব পাৰে। আজিও পাৰিলে। মূৰটো ঘূৰায়েই ক’লে,

: কোন গৈছে? আজৰফ নেকি? 

আজৰফে উত্তৰ নিদিলে। যি নিঃশব্দে খোজ কাঢ়ে সেইজনে পটকৈ উত্তৰ দিব বুলি আশা কৰা নাযায়। মতি বুঢ়াই আশাও কৰা নাই। দ্বিতীয়বাৰ মাতিলে, 

‘আজৰফ, ঐ আজৰফ ভাই।’ 

আজৰফে এইবাৰো মাত নিদিলে। তাৰ পোহনীয়া বক চৰাইটোৱেহে মাতিলে। বক চৰাইটিৰ বয়স মাত্ৰ পোন্ধৰ মাহ কিন্তু সি নব্বৈ বছৰীয়া বুঢ়াৰ দৰে কক্‌-কক্‌-ক্‌ৰ কৰি মাতে। বৰ কুৎসিত চৰাই। মতি বুঢ়াই লৰচৰ কৰিলে।

: আজৰফ বক চৰাই ধৰিবলৈ যাৱ নেকি?

: অঁ।

: নাযাবা বাবাজান। সোণটো মোৰ। 

আজৰফ মনে মনে থাকিল। 

: চৰাই ধৰাটো ভাল কথা নহয়। অভিশাপ লাগে। মোক দেখি বুজা নাই? ঐ আজৰফ। আজৰফ ভাই। 

: কি?

: বহচোন তই। এটা কাহিনী কওঁ। কিয় অভিশাপ লাগে তাৰ কাহিনী।

আজৰফ নবহে। কাহিনীৰ প্ৰসংগ অহাৰ লগে লাগে খাচাৰ ভিতৰত থকা বক চৰাইটো সম্ভৱতঃ উৎসাহিত হ’ল। সি ডেউকা কোবালে আৰু দ্বিতীয়বাৰ মাতিলে কক্‌-কক্‌-কক্‌। মতি বুঢ়াই ভালদৰে বহি ল’লে। কাতি মাহৰ কোমল ৰ’দ তেওঁৰ পিঠিত পৰিছে। ৰ’দৰ মাজত নিচাজাতীয় কি জানো আছে? কিবা যেন নিচা নিচা ভাব হয়। বৰ ভাল লাগে মতি বুঢ়াৰ। এই বয়সত দেহাই উত্তাপ বিচাৰে। মতি বুঢ়াৰ প্ৰতিটো ৰাতি চাৰিওফালে জুই ধৰি বহি থাকিবলৈ মন যায়। কিন্তু এতিয়া কাতি মাহ পৰিছে। শীত ভালদৰে পৰা নাই। 

: আজৰফ আহিছনে?

: অঁ

: বক চৰাইৰ কথা কওঁ। বৰ হাৰামী পক্ষী। বুজিছনে?

: বুজিলোঁ।

: যিয়ে বক পক্ষী ধৰে তাৰ চকু নাথাকে। চকু নোহোৱা হয়। আজি হওক কাইলৈ হওক চকু নোহোৱা হয়। মোক দেখি বুজা নাই?

বক পক্ষীৰ অসভ্যালিৰ কথা বুজাবৰ বাবে মতি বুঢ়াই তেওঁৰ বন্ধ হৈ থকা চকু মেলিবলৈ চেষ্টা কৰিলে। অৱশ্যে মেলিব নোৱাৰিলে। 

: ঐ আজৰফ।

: কওক শুনি আছোঁ।

: বহ আজৰফ।

আজৰফ নবহে। মতি বুঢ়াৰ পিঠিত ছাঁ পেলাই থিয় হৈ থাকিল। মতি বুঢ়াই গানৰ দৰে সুৰ তুলি ক’লে,

: বক পক্ষীয়ে মৰি যোৱাকৈ খোঁট মাৰে। ইহঁতে জাগাত খোঁট মাৰে। প্ৰথমে সোঁ-চকুত ধাক্কা দিয়ে, তাৰপিছত বাওঁ চকুত। পৃথিৱী আন্ধাৰ হৈ পৰে। চকুৰ দৰে বস্তু নাই অ’ বাবাজান।

আজৰফে শুনিছে নে নাই মতি বুঢ়াই বুজিব পৰা নাই। খাচাত বন্দী হৈ থকা বক পক্ষীয়ে ডেউকা কোবালে। মতি বুঢ়াই তাতেই উৎসাহ অনুভৱ কৰে।

: বক হত্যাকাৰীৰ চকু নাথাকে অ’ আজৰফ। মোক চাই বিবেচনা কৰ। নিজামৰ ভতিজাকৰ কথা মনত আছে?

: কোন নিজাম?

মতি বুঢ়াই উত্তেজনাত পোন হৈ বহিল। নিজামৰ ভতিজাৰ কাহিনী সবিস্তাৰে আৰম্ভ কৰে। কথা কৈ তেওঁৰ বৰ ভাল লাগে। ইয়াৰ বাহিৰেও পিঠিত কাতি মাহৰ ৰ’দ। ৰ’দৰ দৰে ভাল বস্তু আছে? এটা সময়ত মতি বুঢ়াৰ তন্দ্ৰা লাগি যায়।

আজৰফে উত্তৰ বন্দৰ নিম্ন জলমগ্ন অঞ্চল এটাত বহি থাকে। তাৰ এখন হাতত বক ধৰা ফান্দ। কেঁচা বেতেৰে ঢকা গোল কৰি বন্ধা এখন চটাই। বক ক্ষীণ দৃষ্টিৰ চৰাই। ফান্দখনক সিহঁতৰ মনোৰম জোপোহাৰ দৰে লাগে। জৰীৰে বন্ধা পোহনীয়া বক চৰাইটি চটাইৰ মূৰত বহি থাকে। সি আকাশৰ ফালে চাই ঘনে-ঘনে চিঞৰে। সেই কৰ্কশ মাতত বকসকলৰ প্ৰতি কিবা কৰুণ আবেদন নিশ্চয় থাকে। পোহনীয়া বক চৰাইটি অহৰহ মাতি থাকে। বক চৰাইবোৰ তললৈ নামি আহে। সন্দেহেৰে দৃষ্টিনিক্ষেপ কৰে। তথাপিও নামি আহে। আৰু এটা সময়ত পোহনীয়া বকটোৰ কাষত আহি বহে। গভীৰ মমতাৰে কিবা হয়তো ক’বলৈ বিচাৰে। কিন্তু সেই সুযোগ নহয়। বক চিকাৰীয়ে এক হাতেৰে থাপ মাৰি তাৰ ঠেঙত ধৰি বিদ্যুৎগতিৰে তাক নমাই আনি ভৰিৰ তলত চেঁপা দি থয়। দ্ৰুতগতিত তাৰ হাত এৰি দিবলগীয়া হয়। কাৰণ আন এটা বক নামিবলৈ আৰম্ভ কৰে। মুঠেও সময় নাথাকে। বক তললৈ নমাৰ সময়ছোৱা বৰ ভয়ানক। হতচকিত চৰাইটিয়ে এবাৰ হ’লেও মৰি যোৱাকৈ খোঁট মাৰিবলৈ চেষ্টা কৰে। সি তেতিয়া মানুহৰ চকুত খোঁটে। এটা কোমল তুলতুলীয়া ঠাই য’ত ঠোঁটটোৰ বহুতখিনি বহাই দিব পাৰি। বক হত্যাকাৰীৰ চকু বকৰ ঠোঁটত যায়। প্ৰথমে সোঁফালৰটো তাৰপিছত বাওঁফালৰটো। 

আজি চৰাইবোৰ অহা নাই। বেলা হৈ গৈছে বোধহয়। ৰ’দ উঠি আহিলে চৰাইবোৰে তললৈ নামিব নিবিচাৰে। আজৰফে আকাশৰ ফালে চালে। আকাশ শূন্য আৰু ঘননীলা। ইমানেই নীলা যে দৃষ্টি নমাই আনিব লাগে। চাই থাকিলে সূক্ষ্ম যন্ত্ৰণা হয়। শূন্য নীলা আকাশৰ দৰে অদ্ভূত কিবা আছে নেকি?

: কিবা পালা আজৰফ?

আজৰফে লক্ষ্য কৰি দেখিলে মেম্বাৰ চাহাব। মেম্বাৰ শ্ৰেণীৰ লোকসকলে সকলোৰে লগত থিয় হৈ অলপ সময় কথা পাতে। এওঁলোকে কথা পাতিবলৈ বৰ ভাল পায়। 

: ভাব হৈছে এতিয়াও একো পোৱা নাই?

: হয়, নাই পোৱা।

: কিমান ধৰা পৰে অ’ আজৰফ?

: ঠিক নাই। কেতিয়াবা আঠ-দহটাও পোৱা যায়।

: কি কোৱা! দুই টকা কৰি বেচিলেও বিশ টকা। কিমানকৈ বেচা?

: ঠিক নাই। 

আজৰফৰ কথা পাতি ভাল নালাগে। সি আকাশৰ ফালে চাই থাকে। দূৰত বহুদূৰত এটা বকে ঘূৰা ঘূৰি কৰি আছে। এইটো কি নামিব? পোহনীয়া বক চৰাইটো উত্তেজিত হৈ উঠিছে। ডেউকা কোবাই আছে। আজৰফে নিজৰ ভাবতে ক’লে, 

“আহি আছে। অনুফা মাত দে। তোৰ বন্ধুবোৰক মাত দেচোন।” 

পোহনীয়া বকে (যাৰ গুপ্ত নাম অনুফা) নামাতে, তৃষ্ণাৰ্ত দৃষ্টিৰে আকাশৰ ফালে চাইছে। মেম্বাৰ চাহাবেও চাইছে। তাৰপিছত এটা সময়ত ৰবৰৰ জোতাৰে জলভূমিত চপ্ চপ্ শব্দ কৰি ডিষ্ট্ৰিক্ট বোৰ্ডৰ ৰাস্তাত উঠিল। সেইফালে থিয় হৈ ছাতি মেলি মেলি ক’লে,

: যাওঁ দেই আজৰফ। 

আজৰফে তেওঁৰ ফালে চালে, ঠিক সেইসময়তেই তাৰ বাওঁ চকুতো টনটনাই উঠিল। চকুৰ পৰা পানী পৰিবলৈ আৰম্ভ কৰিলে। এইটো বৰ বেয়া লক্ষণ। ইয়াৰ অৰ্থ হৈছে বাওঁ চকুটোৰ সময় শেষ হৈ আহিছে। ধৰা পৰা বকসমূহৰ কোনোবা এটাই খোঁট মাৰি বাওঁ চকু লৈ যাব। কিম্বা পোহনীয়া বকটোৱে হয়তো মৰণ খোঁট দিব। বৰ সাংঘাতিক পক্ষী। আজৰফে অনুফাৰ ফালে চালে। ফান্দখনৰ মূৰত সি শান্তভাৱেই বহি আছে। আজৰফৰ চকুত পানী জমা হৈছে বুলিয়েই সকলোবোৰ অলপ বেলেগ ধৰণৰ দেখা গৈছে। সৰু অনুফাক এটা প্ৰকাণ্ড সাৰস চৰাইৰ দৰে দেখিছে। তাৰ ঠোঁট দুটা সুবিশাল। আজৰফে চাৰ্টৰ হাতেৰে চকু মচিলে, কিন্তু পানী ওলোৱা বন্ধ নহ’ল। যাবই, এইবাৰ বাওঁ চকুটো যাবই। আজিয়ে বোধহয় যাব।

সফদৰ আলিৰ এনেকুৱাই হৈছিল। কথা নাই, বাৰ্তা নাই কেৱল বাওঁ চকুৰে পানী পৰে। সফদৰ ভায়ে দেখা হ’লে ক’লেহেঁতেন,

: সোঁ চকুটো এইবাৰ যাব। বুজিছ আজৰফ? এইটোৱেই লক্ষ্য।

: কেনেকৈ ক’ব পাৰিলে?

: চকুৰ নিজা জীৱন এটা আছে। বুজিলি।

ঠিক কথা। তেখেতৰ চকু সঁচাকৈয়ে গ’ল। ভয়ঙ্কৰ কথা। সফদৰ ভাইৰ ভয়ঙ্কৰ চিঞৰত নবীনগৰৰ সমস্ত মানুহৰ বুকু কঁপিবলৈ ধৰিলে। চৰাইবোৰে কিবা জানো বুজিব পাৰে? সফদৰ ভাইৰ পোহা বক চৰাইটো (যাৰ নাম সোনা) ক্ৰমান্বয়ে মাতিবলৈ ধৰিলে, ‘কক্‌-কক্‌-কক্‌’। সেই মাত বেদনাৰ মাত নে আনন্দ-উল্লাসৰ মাত?- কোনোদিনে জনা নাযাব। 

সদৰ হস্পিতাল নেত্ৰকোণাত। নৌকাৰে গ’লে দুদিন লাগে। পোৰা কাপোৰৰ ছাঁইৰে চকু বান্ধি সফদৰ আলিক নৌকাত তোলা হৈছিল। মূৰৰ ওচৰত বহি আছিল আজৰফ আৰু সফদৰ আলিৰ সৰু ল’ৰাটো, যাৰ নামো সোনা। বৰ বেয়া যাত্ৰা আছিল সেইটো। কেইবাবাৰো মূৰ উঠাই হো হো কৰি চিৎকাৰ কৰি উঠিছিল সফদৰ। তাৰ ল’ৰাটোও তেতিয়া অবিকল দেউতাকৰ দৰেই চিঞৰে, হো হো।

সদৰ হস্পিতালৰ বাৰান্দাত চাৰিদিন শুই থাকি পঞ্চম দিনা সন্ধিয়া তেখেতৰ মৃত্যু হ’ল। চকু বিষময় হৈ গৈছিল। আজৰফে আকাশৰ ফালে চালে। আকাশ কিয় জানো মেঘাচ্ছন্ন হৈ আহিছিল। দুই এটা সংগীহীন বক উৰি উৰি গৈ আছে। ইহঁতে এতিয়া ঘূৰিব অকলে অকলে। জাক পাতি যোৱাৰ সময় এতিয়াও হোৱা নাই। জাক পাতিব আৰু দুমাহৰ পিছত। তেতিয়া বকবোৰ অন্য ধৰণৰ হৈ যায়। পোহনীয়া বকৰ মাতত আৰু তললৈ নানামে। কিয় নানামে? জগতত অলেখ অমীমাংসিত ৰহস্য আছে। এই জগত বৰ ৰহস্যময়। চকু যাবৰ সময় হ’লে চকুৱে কান্দে। আজৰফে লুঙিৰ এটা মূৰ টানি চকু মচিলে। বৰকৈ পানী পৰিছে। বেচেৰা দুখত কান্দিছে। বোধহয় মৰিবলৈ নিবিচাৰে। 

অনুফাই মূৰটো কাটি কৰি তাক চাইছে। তাৰ সৰু চকু দুটা টিকটিকীয়া ৰঙা। সি হঠাতে কক্‌-কক্‌ কৰি উঠিল। সি কি কিবা বুজি পাইছে? বুজি পাইছে যে আজি চৰাই মৰা আজৰফৰ বাওঁ চকুটো যাব। আৰু সি ফান্দ লৈ নাহিব। উত্তৰ বন্দৰৰ নিম্ন ভূমিত আহি চুপচাপ বহি নাথাকে। চৰাই-চিৰিকতিয়ে বহুত কথা বুজিব পাৰে। মতি বুঢ়াৰ ধাৰণা- সিহঁতে মানুহতকৈও বহুত বেছি জানে। বেছিকৈ জানে বাবেই গৃহস্থৰ মৃত্যুৰ সংবাদ লৈ কুৎসিত চৰাইবোৰ আহে। হুঁটা মাত মাতি বাৰে বাৰে উৰি উৰি যায়। গৃহস্থৰ পোহনীয়া কুকুৰে কুনকুনাই কান্দে। দীৰ্ঘদিনীয়া বাস্তুসাপ হঠাৎ ঘৰ এৰি গুচি যায়। মতি বুঢ়াই কয়, 

“বুজিছ আজৰফ, চৰাই-চিৰিকতি বৰ বুজন। এইটো মোৰ  কথা নহয়, হজৰত ছোলেইমান আলাইহিছ ছালামৰ কথা। সিহঁতে সৱ বুজে। সকলো নুবুজিলে চকুত কিয় খোঁট মাৰিব? শৰীৰত আৰু জাগা আছে। আছে নে? তই কচোন?”

আকাশৰ চৰাইবোৰ ঘূৰি ঘূৰি তললৈ নামিবলৈ আৰম্ভ কৰিছে। একেলগে বহুবোৰ চৰাই। এনেকুৱাতো নহয়। তাৰ উপৰিও ৰ’দ টান হৈ আহিছে। এই সময়ত সিহঁতে তললৈ নানামে। এতিয়া নামিছে কিয়? সিহঁতে কি সঁচা-সঁচিকৈ কিবা বুজি পাইছে? আজৰফৰ ভাব হ’ল আজি বেছ কিছু সাহসী পক্ষী স্বেচ্ছামৃত্যুৰ বাবে সাজু হৈ তললৈ নামিবলৈ আৰম্ভ কৰিছে। ইহঁতৰ ঠোঁট অসম্ভৱ ধাৰাল আৰু অব্যৰ্থ নিচানা। আজি ইহঁতে এটাৰ ওপৰত এটা ধৰা দিব। কোনোৱে বাধা নিদিয়ে। অলপমানো চক্‌ নুখুৱায়। তাৰপিছত সিহঁতৰ এটাই বিদ্যুৎগতিৰে চকুৰ তলৰ মাংসত ঠোঁট বহুৱাব। সেই চৰাইটো হ’ব সতেজ স্বাস্থ্যৱান চৰাই। তাৰ বহাৰ ধৰণ হ’ব ঋজু তথা গৰ্বিত। তাৰ পাখিবোৰ হ’ব গাখীৰৰ দৰে বগা। চৰাইবোৰ চক্ৰাকাৰে নামি আহিছে। আজিয়েই সেই দিন। আজৰফৰ কপালত বিন্দু বিন্দু ঘাম জমা হ’ল। তৃষ্ণা অনুভৱ হ’ল। ঘনে ঘনে উশাহ ল’বলৈ ধৰিলে। পেটৰ ভিতৰত কিবা এটাই খাই ধৰিছে। বমি আহিছে। 

চৰাই ধৰিবলৈ এৰি দিলে কেনে হয়? এৰি দিব নোৱাৰি নেকি? এই মুহূৰ্তত দেখোন অনুফাৰ বান্ধোন খুলি দিবগৈ পাৰে। নোৱাৰে নেকি? এৰি দিলে অৱশ্যে অনুফা নাযায়। ঘূৰি ঘূৰি উৰি থাকিব। বন্দী জীৱনৰো এটা মায়া আছে। যোৱা বছৰো সি এবাৰ তাৰ বক এটি এৰি দিছিল। সেই বকটিৰ নাম আছিল অন্তু। অন্তুৱে এৰা খায়ো উৰি নগ’ল। ভীষণ অবাক হৈ বাৰে বাৰে আজৰফৰ মূৰৰ ওপৰত উৰিবলৈ ধৰিলে। আজৰফে ক’লে,

“যা বেটা যা। চৰাই ধৰিবলৈ এৰিলোঁ। তই যা।”

অন্তু নগ’ল। চটাইৰ মূৰত বিষন্ন মনেৰে বহি থাকিল। 

“যা বেটা চৰাই মৰা কাম নকৰোঁ। তই যা।” 

অন্তু তেতিয়াও বহি ৰ’ল। তাৰপিছত এটা সময়ত বৰ আচৰিত হৈ উৰি গ’ল। 

মতি বুঢ়াৰ ধাৰণা বক চিকাৰীয়ে চিকাৰ এৰিব নোৱাৰে। বৰ বেয়া নিচা। জীৱন্তে কিবা এটা ধৰাৰ দৰে কাঢ়া নিচা আৰু একো নাই। সি প্ৰতিবছৰেই যে এবাৰ কয়,

“চৰাই ধৰিবলৈ এৰিলোঁ দেই। আৰু নধৰোঁ। বহুত হ’ল।” 

তাৰপিছত দিনবোৰ খুব বিষন্নভাৱে পাৰ হয়। তেতিয়া ক’তোৱেই আৰু মন নবহে। ব’হাগ আগতে আকৌ সি বকৰ পোৱালি আনি পুহিবলৈ আৰম্ভ কৰে। কাতি মাহত সেই পোহ মনা বক লৈ লাজেৰে ঘৰ এৰি বাহিৰলৈ ওলায়। মানুহে কয়,

: কি ভাই আকৌ আৰম্ভ কৰিলা?

: এই এনেই অলপ। 

পক্ষী হত্যাকাৰীয়ে চকু নোযোৱা পৰ্যন্ত এৰিব নোৱাৰে। প্ৰথমে এটা যায়। নিচা তেতিয়া আৰু বাঢ়ে। তেজৰ ভিতৰত জমজম শব্দ হৈ থাকে। কক্‌-কক্‌ মাত শুনিলেই উল্লাসত স্নায়ু কঁপি থাকে। তাৰপিছত দ্বিতীয় চকু যায়। জগত অন্ধকাৰ হয়। অন্ধকাৰ  নোহোৱা পৰ্যন্ত ইহঁতৰ মুক্তি নাই। যেতিয়া সকলো অন্ধকাৰ হয় তেতিয়া নিচা ভাঙি যায়। তেতিয়া তেওঁলোকে গোটেই ৰাতি সাৰে থাকি চৰাইৰ ডেউকাৰ ধপধপনি শুনে। সুযোগ পালেই তত্ত্ব কথা কয়। অন্ধলোকে তত্ত্ব কথা কৈ বৰ ভাল পায়। 

আজৰফে অনুফাক এৰি দিলে। যিটো ভাবিছিল সেয়ে হ’ল। অনুফা অলপ উৰি গৈ আকৌ আহি চটাইৰ মূৰত বহিল। আজৰফে ভাগৰুৱা কণ্ঠেৰে ক’লে,

“হেই হেই যা যা।”

এটি সতেজ স্বাস্থ্যৱান চৰাই।

“যা গুচি যা। যা।”

“কক্‌-কক্‌।”

“যা বেটা যা।”

“কক্‌-কক্‌-কক্‌।”

“চৰাই মৰা এৰিলোঁ, তই যা।”

“কক্‌-কক্‌।”

অনুফাই তাৰ ধকধকীয়া বগা পাখিবোৰত ঠোঁট ঘঁহিলে। তাৰ মানে কি? এইটোৱেই কি সেইটো চৰাই? কাঢ়া ৰ’দ। আকাশ মেঘাচ্ছন্ন। বহুত চৰাই চক্ৰাকাৰে উৰিছে। যেন অনুফাক সাহস দিছে। আহি আছোঁ, আমি আহি আছোঁ। আজৰফৰ হৃদপিণ্ড ধপধপাবলৈ ধৰিলে। দেহা ঝিনঝিনাইছে। স্নায়ু টনটনাই উঠিছে। সময় নাই। আজিয়েই সেই বুজা-পৰাৰ দিন। বৰ বেগেৰে এতিয়াই অনুফাৰ হালধীয়া ঠেং জপটিয়াই ধৰি পেলাব লাগিব। বিদ্যুৎগতিৰে নমাই আনিব লাগিব তললৈ। আজৰফে ডিঙি উঠাই চালে। অনুফায়ো চালে। আজৰফৰ চকুৰে আকৌ পানী ওলাইছে। চৰাইটো আকৌ প্ৰকাণ্ড যেন লাগিছে। যেন বগা পাখিৰ বৃহৎকাৰৰ এটা অচিনা পক্ষী। ইয়াৰ জন্ম অদেখা এখন পৃথিৱীত। মূৰৰ ওপৰত উৰি থকা বকবোৰ বেগেৰে তললৈ নামি আহিছে। আজৰফে হাত বঢ়ালে। আহিছে সিহঁতে নামি আহিছে। ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্ত কঁপাই সিহঁতে মাতিলে,

“কক্‌-কক্‌।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.