ফটাঢোল

মূল : দ্য ৰেন্‌চম অফ দা ৰেড চীফ,লেখক : অ’ হেনৰি,ভাবানুবাদ-দুলুমণি গগৈ

দেখাত ভালেই যেন লাগে, কিন্তু আগতে মোৰ কথা শুনি লওক। আমি, মানে বিল ড্ৰিচক’ল আৰু মই তেতিয়া সেই দক্ষিণৰ ফালে আলবানিয়াত আছিলোঁ,  যেতিয়া এই অপহৰণৰ বুদ্ধিটো আমাৰ মূৰত খেলাইছিল। বিলে পিছলৈ কোৱাৰ দৰে “এক মানসিক বিভ্ৰান্তিৰ সময়ত” বুলি ক’ব পাৰি; অৱশ্যে আমি পাছলৈ সেই মানসিক বিভ্ৰান্তিটো বিচাৰি নাপালোঁ। 

চেপেটা পিঠাখনৰ দৰে টাউনখনৰ নাম অৱশ্যে শিখৰ আছিল। কিন্তু তাত বাস কৰা লোকসকল মে মাহৰ প্ৰথম দিনা পোল-নৃত্যত মগ্ন একেবাৰে নিমাখিত  আৰু আত্মসন্তুষ্ট মানুহ আছিল।

বিল আৰু মোৰ যুটীয়াভাৱে প্ৰায় ছশ ডলাৰ আছিল আৰু আমাক মাত্ৰ দুহাজাৰ ডলাৰ লাগিছিল ইলিনয়চ চহৰত এটা মাটিৰ প্লট বেচা প্ৰৱঞ্চনাৰ আঁচনিৰ শুভাৰম্ভ কৰিবলৈ। আমি হোটেলৰ সন্মুখত বহি কথাটো ভালকৈ আলোচনা কৰিলোঁ। এই আধা গাঁৱলীয়া মানুহবোৰৰ মাজত অপত্য স্নেহৰ আধিক্য দেখা যায়; তদুপৰি আন কেইবাটাও কাৰণত অপহৰণ কৰাটো অন্য কামতকৈ বেছি সহজ, কিয়নো আন কামবোৰত বাতৰিকাকতৰ ৰিপৰ্টাৰবোৰে বেছি পিছ লয়। আমি জানিছিলোঁ শিখৰ নামৰ চেপেটা চহৰখনে আমাৰ পিছত দুটামান কনিষ্টবল, দুটামান কেলেহুৱা প্ৰকৃতিৰ কুকুৰ বা সাপ্তাহিক কৃষক-বাৰ্তাখনত দুটামান গালিৰ বাহিৰে একো শক্তিশালী বস্তু লগাব নোৱাৰে। সেয়ে কথাটো বৰ ভাল লাগিল।

আমি এবেনেজাৰ দ’ৰছেট নামৰ চকুত পৰাকৈ ধনী নাগৰিকজনৰ একমাত্ৰ পুত্ৰক আমাৰ লক্ষ্য  হিচাপে বাছি ল’লোঁ। তাৰ দেউতাক এজন সন্মানীয়, কঠোৰ নিয়ম মনা, বন্ধকীখোৰ, দান-পাত্ৰ বিমুখী আৰু ধনলোভী ব্যক্তি আছিল।‌ দহ বছৰীয়া ল’ৰাটোৰ মুখখন অসংখ্য ভাস্কৰ্যখচিত দাগেৰে ভৰা আৰু চুলিবোৰ একেবাৰে প্লেটফৰ্মৰপৰা খৰধৰকৈ কিনি লোৱা মেগাজিনৰ বেটুপাতবোৰৰ দৰে আছিল। বিল আৰু মই জানিছিলোঁ এবেনেজাৰে পুতেকৰ বাবে দুহেজাৰ ডলাৰলৈকে মুক্তি পণ দিবলৈ সাজু হ’ব। 

কিন্তু ৰ’ব মই কওঁ শুনক।

শিখৰ চহৰৰপৰা দুমাইল আঁতৰত থুজা গছৰ হাবিৰে ভৰা এটা সৰু পৰ্বত আছিল। তাৰ পিছফালৰ ওখ ঠাইডোখৰত এটা গুহা আছিল। তাতে আমি দৰকাৰী বস্তুবোৰ ৰাখিলোঁ।

এদিন গধূলি সূৰ্যাস্তৰ পাছত আমি এখন বাগীত উঠি সেই দৰচেটৰ পুৰণি ঘৰটো পালোঁগৈ। ল’ৰাটোৱে ৰাস্তাত থিয় দি বিপৰীত দিশৰ জেওৰাখনত থকা মেকুৰী পোৱালি এটালৈ শিলগুটি দলিয়াই আছিল।

“হেৰা কণমানিটো!” বিলে মাত লগায়, “তুমি এমোনা মৰ্টন লৈ বাগীত উঠিব বিচাৰা নেকি?”

ল’ৰাটোৱে বিলৰ চকুলৈ লক্ষ্যভেদ কৰাকৈ এটা ইটাগুটি মাৰি পঠিয়ালে।

“ইয়াৰ কাৰণে সেই বুঢ়াটোৱে উপৰঞ্চি পাঁচশ ডলাৰ ভৰিব লাগিব”, বিলে বাগীৰপৰা নামি যাওঁতে কৈ যায়।

সেই ল’ৰাটোৱে মজলীয়াতকৈ সৰু ভালুক এটাৰ সমানেই যুঁজ দিলে, তথাপিও আমি তাক কাবু কৰি বাগীৰ তলত পেলাই লৈ গুচি গ’লোঁ। আমি তাক সেই গুহাটোলৈ লৈ গৈছিলোঁ আৰু মই ঘোঁৰাটো থুজাৰ হাবিখনতে বান্ধি থৈ দিলোঁ। আন্ধাৰ হোৱাৰ পাছত মই বাগীখন তিনিমাইল আঁতৰৰ সেই সৰু গাঁওখনলৈ লৈ গৈছিলোঁ য’ৰপৰা সেইখন ভাড়াত লৈছিলোঁ আৰু খোজকাঢ়ি উভতিছিলোঁ।

বিলে তাৰ মুখৰ লগতে আন আন আঁচোৰ আৰু ঘাঁবোৰত আঠা লগা বেণ্ডেজ প্লাষ্টাৰবোৰ লগাই আছিল। ডাঙৰ শিলচটাৰ পিছফালে একুৰা জুই গুহাৰ প্ৰৱেশ পথটোত জ্বলি আছিল আৰু ল’ৰাটোৱে  ৰঙাচুলিয়া মূৰটোত দুখন শগুননেজীয়া পাখি পিন্ধি উতলি থকা কফিৰ পাত্ৰটোলৈ চাই আছিল। মই উঠি আহোঁতে সি মোলৈ মাৰি এডাল টোৱাই  ক’লে – “ঐ! শাওখোৱা শেঁতাপৰাটো, তোৰ সাহস আছে ৰঙা মুখিয়ালৰ তম্বুত সোমাবলৈ, ভৈয়ামৰ আতংকৰ?”

“সি এতিয়া একেবাৰে সুস্থ”, বিলে নিজৰ পেণ্টটো কোঁচাই আঁঠুৰ তলৰ ঘাঁ এডোখৰ পৰীক্ষা কৰি কৰি ক’লে।

“আমি ৰেড ইণ্ডিয়ানৰ অভিনয় কৰি আছোঁ। আমি বাফেল্ল’ বিলৰ দৰ্শনীখন মেজিক লেণ্টাৰ্ণত পেলেষ্টাইনৰ দৃশ্য দেখুওৱাবলৈ বিচাৰি আছোঁ। মই হেঙ্ক বুঢ়া, এটা জালুৱৈ, ৰঙা মুখিয়ালৰ বন্দী আৰু পুৱাতে মোৰ ছাল চেলাই পেলোৱা হ’ব। কচম্ জেৰনিম’! এই ল’ৰাটোৱে বৰ বেয়াকৈ মাৰে দেই।”

সঁচাকৈয়ে ল’ৰাটোৱে তাৰ জীৱনৰ আটাইতকৈ সুন্দৰ সময়খিনি উপভোগ কৰি থকা যেন লাগিছিল। এইদৰে মুকলি আকাশৰ তলত গুহাত শিবিৰ পাতি থাকি সি পাহৰি গৈছিল যে সি নিজে এটা বন্দীহে। সি মোক অতি সোনকালেই ‘সাপচকুৱা’ মানে চোৰাংচোৱাটো বুলি নামাকৰণ কৰি ঘোষণা কৰিলে যে তাৰ সাহসী সেনাবাহিনী যুদ্ধক্ষেত্ৰৰপৰা ঘূৰি অহাৰ পাছত মোক সূৰ্যোদয়ৰ লগে লগে পুৰি মৰা হ’ব। 

তাৰ পাছত আমি ৰাতিৰ সাজ খালোঁ আৰু সি তাৰ মুখত ৰুটী, মাখন আৰু জোল ভৰ্তি কৰি ভৰাই ল’লে। তাৰপাছত সি কথা ক’বলৈ লাগিল। সি ৰাতিৰ আহাৰৰ সময়ত দিয়া বক্তৃতাটো এনেধৰণৰ আছিল :

“মই ইয়াত বৰ ভাল পাইছোঁ। মই আগতে কেতিয়াও বাহিৰত শিবিৰ পাতি থকা নাই; কিন্তু এসময়ত মোৰ এটা পোহনীয়া মেকুৰী আছিল আৰু মোৰ যোৱাটো বৰ্ষপূৰ্তিত নবছৰ বয়স হৈছিল। মই স্কুললৈ যাবলৈ ভাল নাপাওঁ। জিমি টেলবতৰ খুৰীয়েকৰ কুকুৰাজনীৰ ষোল্লটা কণী নিগনিয়ে খাই পেলালে। এই অৰণ্যত আচল ৰেড ইণ্ডিয়ান আছেনে? মোক আৰু অলপ জোল দিয়া। গছবোৰ লৰিলে বতাহ হয়নে? আমাৰ পাঁচটা কুকুৰ পোৱালি আছিল। তোমাৰ নাকটো ইমান ৰঙা হৈছে কিয়, হেঙ্ক? মোৰ দেউতাৰ বহুত টকা আছে। তৰাবোৰ গৰম হয়নে? মই যোৱা শনিবাৰে এড্ ৱাকাৰক দুবাৰকৈ কোবালোঁ। মই ছোৱালীবোৰক  ভাল নাপাওঁ। খহুলা পিঠিয়া ভেঁকুলী ধৰিবলৈ ৰচী নহ’লে নোৱাৰিবাই। বলদবোৰে হাল্লা কৰেনে? কমলাবোৰ ঘূৰণীয়া কিয় হয়? গুহাৰ ভিতৰত শুবলৈ বিছনা আছেনে? আমুচ মূৰেৰ ভৰিৰ আঙুলি ছটা আছে। ভাটৌৱে কথা ক’ব পাৰে, কিন্তু বান্দৰ বা মাছে নোৱাৰে। বাৰটা হ’বলৈ কেইটা লাগে?”

কেইমিনিটমানৰ মূৰে-মূৰে তাৰ মনত পৰিছিল যে সি এটা দাগ লগা ৰঙাছালৰ মানুহ আৰু তাৰ লাখুটি ৰাইফলটো ডাঙি লৈ ভৰিৰ শব্দ নোহোৱাকৈ গুহাৰ মুখলৈ আহি শ্বেতাংগ সৈন্য আছে নেকি চায়। মাজে সময়ে এটা বিকট চিঞৰ মাৰি হেঙ্ক বুঢ়াৰূপী বিলক কঁপাই তোলে। সেই ল’ৰাটোৱে বিলক প্ৰথমৰপৰাই  আতঙ্কিত কৰি পেলাইছিল।

“ৰঙা মুখিয়াল”, মই ল’ৰাটোক কলোঁ, “ঘৰলৈ যাবানে?”

“ধেৎ, কিয়?”,সি ক’লে। “ঘৰত মই একো ধেমালি-ধুমুলা কৰিবলৈ নাপাওঁ। মই স্কুল যাবলৈ বেয়া পাওঁ। মই এইদৰে বাহিৰত শিবিৰ লগাই থাকি ভাল পাওঁ। তুমি মোক আকৌ ঘৰলৈ লৈ নাযাবা দেই, সাপচকুৱা, নিবা নেকি?”

“এতিয়াই নিনিওঁ বাৰু”, মই কওঁ। “আমি এই গুহাটোতে কিছুদিন থাকিম।”

“ঠিক আছে!” সি ক’লে। “সেইটোৱেই ভাল হ’ব। গোটেই জীৱনটোত মই এতিয়ালৈকে এনেকুৱা  আনন্দ পোৱাই নাই।”

আমি এঘাৰমান বজাত শুবলৈ গ’লোঁ। আমি বহল কম্বল আৰু লেপ কিছুমান গাত লৈ ৰঙা মুখিয়ালক ‌আমাৰ মাজত শুৱাই ললোঁ।

সি পলাই যাব বুলি আমি ভয় খোৱা নাছিলোঁ। সি আমাক তিনিঘণ্টালৈকে জগাই ৰাখিলে, জঁপিয়াই উঠি তাৰ ৰাইফল হাতত তুলি লৈ ছুঃছুঃকৈ মোৰ আৰু বিলৰ কাণত কয়। তাৰ শিশুমনৰ কল্পনাই গছৰ পাত এখিলা সৰিলেও বা শুকান ডাল এটা ভাগিলেও শত্ৰু সৈন্যৰ আগমনৰ আশংকা কৰে। অৱশেষত বৰ কষ্টৰে চিলমিল টোপনিত পৰাৰ পাছত মই সপোনত দেখিলোঁ

মোক যেন এটা হিংস্ৰ ৰঙা-চুলিয়া মুখিয়ালে অপহৰণ কৰি  গছত বান্ধি থৈছে।

ৰাতিপুৱা বিলৰ গেঙনি শুনি মই সাৰ পালোঁ। আচলতে সেই শব্দবোৰ পুৰুষসুলভ স্বৰযন্ত্ৰৰপৰা নিৰ্গত চিঞৰ, চিৎকাৰ, বিননি বা আৰাও, বিলাপৰ ভিতৰত নপৰে – সেইবোৰ যেন কোনো ভয়াতুৰ মহিলাই ভূত বা কীট দেখি আতংকিত হৈ মৰা ঠাট্টাসূচক বিলাপহে আছিল। এজন শকত আৱত, নিঃসহায় মানুহে সংযমহীনভাৱে এইদৰে গুহাৰ ভিতৰত চিঞৰি থাকিলে শুনিবলৈ অসহ্য লাগে। কি হ’ল বুলি জপিয়াই উঠিয়েই মই সেইফালে চাওঁতে দেখিলোঁ ৰঙাই মুখিয়ালে বিলৰ বুকুৰ ওপৰত বহি লৈ এহাতে বিলৰ চুলিত খামুচি ধৰি আছিল। তাৰ আনখন হাতেৰে এখন ধাৰাল চুৰি লৈ বিলৰ মূৰৰ ওপৰৰপৰা কাটি আগদিনা গধূলি ঘোষণা কৰা মতে গাৰ ছাল চেলাবলৈ যো-জা চলাই আছিল।

মই তাৰ হাতৰপৰা চুৰিখন কাঢ়ি লৈ তাক তলত শুৱাই দিলোঁ। কিন্তু সেই ঘটনাটোৰ পাছৰেপৰা বিলৰ মনটো পৰি আহিল। সি বিচনাত বাগৰি থাকিল যদিও ল’ৰাটো আমাৰ কাষত থকালৈকে সি চকুৰ টিপ এটাও মাৰিব নোৱাৰিলে। মই অলপ দেৰি শুইছিলোঁ, কিন্তু বেলি ওপৰলৈ অহাৰ সময়তে মোৰ মনত পৰিল – সূৰ্যোদয়ৰ লগে লগে মোকোতো পুৰি মৰাৰ কথা আছিল। মোৰ কোনো ভয় শংকা নাছিল, তথাপিও মই পাইপ‌ হুপি-হুপি শিল এটাত আউঁজি বহি থাকিলোঁ। 

“ইমান সোনকালেই কিয় উঠিলা চেম?

মই কওঁ, “মোৰ কান্ধটো অলপ বিষাইছে। অলপ দেৰি বহি দিলে ভাল পাম নেকি।”

“মিছলীয়া।”

বিলে ক’লে, “তোমাৰ ভয় লাগিছে। তোমাকোতো সূৰ্যোদয়ৰ লগে লগে পুৰি মৰাৰ কথা আছিল। সঁচাকৈয়ে সি জ্বলাই দিয়ে বুলি তুমি ভয় কৰিছা। সি যিটোহে, নজ্বলোৱাও নহয়। বৰ অশান্তি নহয়নে চেম? তুমি ভাবা নেকি তাৰ নিচিনা চয়তানৰ পোৱালি এটাক টকা দি ঘৰলৈ ঘূৰাই নিবলৈ কোনোবা আহিব বুলি?”

“এনেকুৱা অঘাইটং ল’ৰাবোৰ মাক-বাপেকৰ চকুৰ মণি হয়। এতিয়া তুমি আৰু ৰঙাই দুয়ো মিলি পুৱাৰ আহাৰ ৰান্ধা। মই পৰ্বতৰ টিঙৰপৰা অলপ  পৰ্য্যবেক্ষণ কৰোঁ। “

মই সৰু পৰ্বতটিৰ ওপৰলৈ উঠি গৈ চকুৰে কাষৰীয়া অঞ্চলটোলৈ চাই পঠিয়ালোঁ। মই আচলতে শিখৰৰ চাৰিওফালে হটঙা গঞাসকলক কাঁচি, ওখোন আদি লৈ অপহৰণকাৰীসকলক বিচাৰি ফুৰা এটা পৰিৱেশ দেখিম বুলি ভাবি আছিলোঁ। কিন্তু মোৰ সন্মুখত এটা শান্ত সমাহিত গাঁৱলীয়া পৰিৱেশত এজন খেতিয়কে  খচ্চৰেৰে হালবাই আছিল। কোনোৱেই ইফাল-সিফাল কৰি খবৰ বাতৰি অনা-নিয়া কৰি থকা নাছিল। কোনোৱেই ল’ৰাটোক বিচাৰি নোপোৱাৰ দুঃসংবাদটো মাক দেউতাকক জনাবলৈ আফচোচ কৰি মন বেয়া কৰি থকা যেন নালাগিল। মোৰ সন্মুখত সেই বৰ্হিআলবামাৰ অঞ্চলটো বনবাসীৰ দৰে টোপনিত মগ্ন। মই নিজকে ক’লো – “হয়তো”, এতিয়ালৈকে চাগে ভেড়া পোৱালি বাঘে নিয়াৰ কথাটো কোনোৱে গমেই পোৱা নাই। গম পালে বাঘৰ সাৰণ নাই। 

মই পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ নামি আহিলোঁ।

গুহাত সোমায়েই মই বিলক জোৰে জোৰে উশাহ টানি গুহাৰ বেৰত চেপেটা লাগি থকা দেখা পালোঁ। ল’ৰাটোৱে এটা নাৰিকলৰ আধামান আকাৰৰ শিলেৰে তাৰ মূৰটো ভাঙি দিয়াৰ ধমকি দি আছিল।

“সি মোৰ পিঠিত এটা গৰম আলু থৈ ভৰিৰে পিটিকা বনাইছিল। মই তাক এটা কাণমলা দিলোঁ। তোমাৰ বন্দুক আছেনে চেম?”

 মই ল’ৰাটোৰপৰা শিলটো কাঢ়ি লৈ কাজিয়াখন ভঙাৰ চেষ্টা কৰিলোঁ।

“মই ঠিক কৰি আছোঁ তোমাক!” ল’ৰাটোৱে বিলক ক’লে – “এতিয়ালৈকে ৰঙাই মুখীয়ালক কোনোৱে জোকাই লোৱা নাই। যি লৈছে সি তাৰ উচিত মূল্য পাইছে। তুমি মোৰপৰা কেনেকৈ বাচি থাকা ময়ো চাম!”

পুৱাৰ আহাৰ কৰি ল’ৰাটোৱে জেপৰপৰা ৰছীৰে মেৰিওৱা চামৰা এটুকুৰা উলিয়াই লৈ সেইটোৰপৰা ৰছীবোৰ মোকলাই মোকলাই গুহাৰ বাহিৰলৈ গৈ থাকিল। 

“এতিয়া আকৌ সি কি কৰে?” বিলে উদ্বিগ্নতাৰে সুধিলে, “কেনেবাকৈ পলাই নাযায়তো?”

“সেইলৈ একো ভয় নাই।” মই ক’লো, “সি ঘৰত থাকি ভাল পোৱা ল’ৰা নহয়েই। কিন্তু আমি এতিয়া তাৰ মুক্তি পণ বিচাৰি কিবা এটা সোনকালেই কৰিব লাগিব। মই দেখোন তাক বিচাৰি কোনেও বিশেষ ধৰ-ধৰ মাৰ-মাৰ কৰি থকা নেদেখিলোঁ; হয়তো বৰ বেছি মানুহে সি নোহোৱা হোৱা কথাটো জনাই নাই এতিয়ালৈকে। তাৰ মানুহবোৰে চাগৈ ভাবি আছে যে ৰাতিটো সি জেনমাহীৰ সৈতে বা কোনো প্ৰতিৱেশীৰ ঘৰতে কটালে। আজি ৰাতিহে ভালকৈ গম পাব কথাটো। আজি ৰাতিয়েই আমি তাৰ দেউতাকলৈ দুই হাজাৰ ডলাৰ মুক্তি পণ দাবী কৰি এখন চিঠি পঠিয়াই দিম।”

তেনেতে আমি এটা ৰণহুংকাৰ শুনিবলৈ পালোঁ, যেন ডেভিদে গোলিয়াথক যুদ্ধত পৰাস্ত কৰি দিয়া  ৰণহুংকাৰহে। ৰঙাই মুখিয়ালে ৰবৰৰ বেল্ট এডাল পকেটৰপৰা উলিয়াই তাৰ মূৰৰ ওপৰত চাৰিওফালে  ঘূৰাই আছিল। মই আঁতৰি দিয়াৰ লগে লগে ধপকৈ এটা শব্দ শুনা পালোঁ আৰু লগে লগে বিলে আৰ্তনাদ কৰি উঠিল। এটা কণীৰ সমান, ক’লা শিলগুটি এটাই বিলৰ বাওঁ কাণত আঘাত কৰিছিল। সি নিজৰ ভাৰসাম্য ৰাখিব নোৱাৰি সন্মুখৰ কেৰাহিত বাচন ধুবলৈ ৰখা উতলা পানীতে হামখুৰি খাই পৰিল। 

মই তাক টানি উঠাই দি মূৰত আধাঘণ্টামানলৈ ঠাণ্ডা পানী ঢালি থাকিলোঁ।

লাহে লাহে বিল উঠি বহিল আৰু নিজৰ কাণখনৰ ওচৰত চুই ক’লে – “চেম, তুমি বাৰু জানানে, মোৰ বাইবেলৰ কোনটো চৰিত্ৰ প্ৰিয়?”

“ভাল হৈ যাব, তুমি চিন্তা নকৰিবাচোন।”

“ৰজা হেৰড”, সি ক’লে, “তুমি মোক কেতিয়াবা এৰি থৈ যাবা নেকি চেম?”

মই বাহিৰলৈ ওলাই গৈ ল’ৰাটোক ধৰি লৈ খুব জোঁকাৰি দিলোঁ। 

“তুমি যদি নিজৰ ব্যৱহাৰ ভাল নকৰা, মই কিন্তু তোমাক ঘৰত থৈ আহিমগৈ। ভাল কৈ থাকিবা নে নাথাকা?”

“মই ধেমালিহে কৰি আছিলোঁ”, সি বৰ ৰুক্ষভাৱে ক’লে। “মই হেংক বুঢ়াক দুখ পোৱাবলৈ বিচৰা নাছিলোঁ। কিন্তু তেওঁনো মোক মাৰিব কিয় লাগে ন? মই ভালকৈ থাকিম সাপচকুৱা, তুমি মোক যদি ঘৰলৈ নপঠিওৱা আৰু  যদি মোক আজি ব্লেক স্কাউট খেলিব দিয়া।”

 “মই সেইটো খেল খেলিব নাজানো,” মই কওঁ। “সেইটো

তুমি আৰু বিলে মিলিজুলি ঠিক কৰিবা। আজি দিনটো সি তোমাৰ খেলাৰ সংগী। মই অলপ কামত ওলাই যাওঁ। এতিয়া আহাঁ, বিলক কৰা আঘাতৰ বাবে ক্ষমা খুজিবা আৰু বন্ধু হৈ পৰিবা। নহ’লে এতিয়াই  ঘৰলৈকে পঠিয়াই দিম।”

মই তাক বিলৰ সৈতে কৰমৰ্দন কৰাই দিলোঁ আৰু বিলক অলপ দূৰলৈ নি ক’লোঁ যে মই গুহাৰপৰা  তিনিমাইল আতঁৰৰ পপ্‌লাৰ কোভ নামৰ সৰু গাঁওখনলৈ যাওঁ। মই জানিব বিচাৰিছোঁ যে শিখৰৰ মানুহবোৰেনো অপহৰণৰ ঘটনাটোক কিদৰে লৈছে। তদুপৰি সেই দিনটোৰ ভিতৰতে দ’ৰচেট বুঢ়ালৈ এখন জৰুৰী নিৰ্দেশসূচক চিঠিত মুক্তিপণৰ টকা দাবী কৰি কেনেকৈ আদায় দিব তাৰ বিৱৰণ পঠিওৱাটো বৰ দৰকাৰী বুলি মই ভাবোঁ। 

 “তুমি জানা চেম”, বিলে কয়, “মই সদায় তোমাৰ সৈতে আছোঁ। জুই, বানপানী, ভূমিকম্প, জুৱাখেল, ডিনামাইট বিস্ফোৰণ, পুলিচ ৰেইড, ৰেল ডকাইতি, বা-মাৰলীবোৰ – যিয়েই নহওক! কিন্তু মোৰ মগজুটো এনেদৰে গৰম হোৱা নাছিল এতিয়ালৈকে, এই দুঠেঙীয়া আকাশী ৰকেটটোক অপহৰণ কৰাৰ আগলৈকে। ই মোক মাৰি পেলাব। তুমি মোক তাৰ সৈতে বেছি দেৰি এৰি থৈ নোযোৱা নহয় ন চেম?”

“মই আজি আবেলিপৰত ঘূৰি আহিমেই,” মই কওঁ। “মই ঘূৰি অহালৈকে তাক শান্ত কৰি আনন্দত ৰাখিবা। আমি এতিয়া চিঠিখন লিখি লওঁ।”

বিল আৰু মই পেঞ্চিল-কাগজ লৈ চিঠি লিখিবলৈ আৰম্ভ কৰিলোঁ। ৰঙাই মুখিয়ালে মূৰে-গায়ে কম্বল এখন লৈ ওপৰ তল কৰি গুহাৰ চকিদাৰী কৰি থাকিল। বিলে মুক্তিপণৰ পৰিমাণ দুই হাজাৰৰপৰা কমাই পোন্ধৰশ কৰিবলৈ মোক বাৰে-বাৰে চকুপানীৰে দুগাল তিয়াই অনুৰোধ কৰি আছিল। 

সি কয়, “মই ক’ব বিচৰা নাই যে তাৰ মাক দেউতাকৰ তালৈ মৰম কম আছে, কিন্তু আমিতো মানুহৰ লগতহে কথা পাতিছোঁ ন’! আচলতে কোনো মাক-দেউতাকৰ বাবে তাৰ নিচিনা এটা চল্লিশ পাউণ্ডৰ দাগ লগা বনমেকুৰীৰ বাবে দুই হাজাৰ টকা দিয়াটো একেবাৰে মানৱীয় কথা নহয়। পোন্ধৰশ ডলাৰলৈকে বাৰু মান্তি হ’ব পাৰে। বাকীখিনি তুমি ইচ্ছা কৰিলে মোৰপৰাই লৈ ল’বা।”

সেয়ে বিলৰ মন ভাল লগাবলৈ বুলি মই অলপ কমাই দিলোঁ আৰু চিঠিখন লিখা আৰম্ভ কৰিলোঁ।

এবেনেজাৰ দ’ৰচেট,

আমি আপোনাৰ ল’ৰাটোক শিখৰৰপৰা বহু আঁতৰৰ এখন ঠাইত লুকুৱাই ৰাখিছোঁ। কোনো চালাক ডিটেক্টিভ পঠিয়াই একো লাভ নাই। নিম্নোক্ত চুক্তিয়েই একমাত্ৰ উপায় যাৰদ্বাৰা আপোনাৰ পুত্ৰক আপুনি ঘূৰাই পাব পাৰে :আমি তাৰ মুক্তিৰ বিনিময়ত পোন্ধৰশ ডলাৰ দাবী কৰিছোঁ; পইচাখিনি আজি মাজৰাতি এটা বিশেষ ঠাইত আৰু একেটা বাকচত আপোনাৰ উত্তৰ দিব – ইয়াত উল্লেখ কৰা ধৰণে। যদি আপুনি এই চুক্তিত সন্মত হয় তেন্তে লিখিত উত্তৰ এজন বাৰ্তাবাহকৰ হাতত দি ৰাতি চাৰে-আঠ বজাত পঠিয়াই দিয়ে যেন। আঊল ক্ৰীক পাৰ হৈ পপলাৰ ক’ভলৈ যোৱা পথত প্ৰায় এশ য়াৰ্ডমান আঁতৰলৈ সোঁফালে থকা ঘেঁহুখেতিৰ পথাৰৰ বেৰাৰ ওচৰত তিনিজোপা বিশাল গছ আছে। সেই বেৰাখনৰ তলৰফালে তৃতীয়জোপা গছৰ বিপৰীতে এটা সৰু বাকচ পাব।

সেই দূতজনে উত্তৰ লিখা কাগজখন তাত জমা দি লগে লগে শিখৰলৈ ঘূৰি যাব। কিবা চালাকি কৰিলে বা আমাৰ দাবী নামানিলে আপুনি আপোনাৰ পুত্ৰক দুনাই কেতিয়াও ঘূৰাই নাপাব। 

আমাৰ দাবী মতে টকা আদায় দিলে তিনিঘণ্টাৰ ভিতৰত সুৰক্ষিত অৱস্থাত আপোনাৰ পুত্ৰক ঘূৰাই পাব। এই চুক্তিয়ে অন্তিম চুক্তি আৰু এই চুক্তিমতে সন্মত নহ’লে পৰৱৰ্তী সময়ত কোনো যোগাযোগ স্থাপন কৰা নহ’ব।

দুজন অত্যন্ত হতাশাগ্ৰস্ত মানুহ

মই এই চিঠিখন দ’ৰচেটৰ ঠিকনালৈ লিখি মোৰ জেপত ভৰাই ল’লোঁ। মই যাবলৈ ওলাওঁতেই ল’ৰাটো মোৰ ওচৰলৈ আহি কয় –

“সাপচকুৱা, তুমি কৈছিলা যে তুমি ওলাই যোৱাৰ পাছত মই বিলৰ সৈতে ব্লেক স্কাউট খেলিব পাৰোঁ।”

“নিশ্চয়, খেলিবাতো!”, মই কওঁ – “বিলে তোমাৰ সৈতে খেলিব, খেলটো কিনো?”

“মই ব্লেক স্কাউট”, ৰেড চীফে কয়, “মই সেই প্ৰতিৰক্ষা দূৰ্গলৈ গৈ গাঁৱৰ বাসিন্দাসকলক সাৱধান কৰি দিব লাগে যে ৰেড ইণ্ডিয়ানবোৰ আহি আছে। মই নিজে ৰেড ইণ্ডিয়ানৰ ভাও লৈ লৈ আমনি লাগিছে। মই এতিয়া ব্লেক স্কাউট হ’ব বিচাৰোঁ।”

“ঠিক আছে, মোৰ মতে তাত একো হানিকাৰক কথা নাই। শ্ৰীমান বিলে তোমাক সেই আপদীয়া বৰ্বৰবিলাকৰ অভিযান ব্যৰ্থ কৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।”

“মই কি কৰিব লাগে?” বিলে ল’ৰাটোলৈ সন্দেহৰ দৃষ্টিৰে চাই সুধিলে।

 “তুমি হ’লা ঘোঁৰা”, ব্লেক স্কাউটে কয়, “আঁঠু কাঢ়ি হাউলি দিয়া। মই সেই সুৰক্ষা দূৰ্গলৈ কেনেকৈ যাম যদিহে ঘোঁৰা নাথাকে?”

“তুমি তাৰ মন যোগাই থাকিলে ভাল হয়”, মই ক’লো। “যেতিয়ালৈকে আমাৰ কামটো হৈ নুঠে অলপ সেও মানি থাকা!”

বিলে আঁঠুকাঢ়ি হাতদুখন মাটিত ভেঁজা দি তললৈ হাউলি দিলে। তাৰ মুখত এটা জালত পৰা শহাৰ দৰে চাৱনি ফুটি উঠিল।

“সেই সুৰক্ষা দূৰ্গটো কিমান দূৰত আছে?” সি বৰ কৰ্কশ মাতেৰে সুধিলে।

“নব্বৈ মাইল দূৰত।” ব্লেক স্কাউটে কয়। “আৰু তুমি তৰানৰা ছিঙি পলাব লাগিব এতিয়া। ব’লা!”

ব্লেক স্কাউটে এক জাঁপ মাৰি বিলৰ পিঠিত উঠি তাৰ গোৰোহা দুটাৰে দুই ফালে চেপি ধৰি গোৰ মাৰি দিয়ে।

“ঈশ্বৰৰ নামতে যিমান সোনকালে পাৰা সিমান সোনকালে ঘূৰি আহিবা বিল! মুক্তি পণ এহেজাৰ ডলাৰতকৈ বেছি  ৰাখিব নালাগিছিল চাগে মোৰ মতে। এই ল’ৰা, মোক এইদৰে গুৰিয়াই থাকিলে মই কিন্তু উঠি লৈ ঠিক পিটন দিম তোক।”

মই পপ্‌লাৰ ক’ভলৈ খোজকাঢ়ি গৈ ডাকঘৰ আৰু দোকানৰ ওচৰতে বহি হোজা গাঁৱলীয়া মানুহ কেইজনমানৰ সৈতে কথা পাতিলোঁ। এটা বৰ ভোবোকা দঢ়ীয়া মানুহে কয় যে শিখৰ চহৰৰ সকলো বৰ দুখত আছে। এবেনেজাৰ দ’ৰচেট বুঢ়াৰ ল’ৰাক কোনোবাই চুৰ কৰিলে নে ক’ৰবাত হেৰাই থাকিল সেই কথাটোকে লৈ শিখৰৰ মানুহবোৰৰ বৰ চিন্তা হৈছে। ময়ো সেইটো কথাকে জানিব বিচাৰিছিলোঁ। মই অলপ ধঁপাত কিনিলোঁ আৰু এনেয়ে ওপৰুৱাকৈ লেচেৰা মাহৰ দাম সুধিলোঁ। তাৰপাছত হাতত সাৰে ভৰিত সাৰে চিঠিখন ডাকঘৰত জমা দি গুচি আহোঁ। পোষ্টমাষ্টৰজনে এঘণ্টাৰ ভিতৰত ডাকভাৰীয়ে শিখৰলৈ ডাক নিব বুলি জনালে। 

মই ঘূৰি আহি গুহা পাই বিল আৰু ল’ৰাটোক তাত বিচাৰি নাপালোঁ। মই গুহাৰ চৌপাশে সিহঁতক বিচাৰি ঘুৰ্মুটিয়াই ফুৰিও একো সঁহাৰি নাপালোঁ। মই মোৰ পাইপডাল জ্বলাই শৈলুৱৈ ধৰা পাৰটোত বহি গতিবিধি লক্ষ্য কৰি থাকিলোঁ। প্ৰায় আধা-ঘণ্টামানৰ পিছত মই জোপোহাবোৰৰ ফালে খৰমৰণি শুনিলোঁ আৰু বিলে ঢলংপলংকৈ গুহাৰ সন্মুখৰ খালী ঠাই কণলৈ আগবাঢ়ি আহিল। তাৰ পিছে পিছে সেই ল’ৰাটোৱে এজন স্কাউটৰ দৰেই খুব সন্তৰ্পণে হাঁহি হাঁহি ৰ’লহি। বিলে অলপ ৰৈ তাৰ টুপীটো খুলি এখন ৰুমালেৰে তাৰ মুখখন মচি ল’লে। ল’ৰাটো তাৰ পিছফালে আঠ ফুটমান আঁতৰত ৰ’লহি।

“চেম”, বিলে কয়, “তুমি হয়তো মোক পাষণ্ড বুলি ভাবিবা, কিন্তু মোৰ কোনো উপায় নাছিল। মই এজন প্ৰাপ্তবয়স্ক মতা মানুহ যাৰ আত্মৰক্ষাৰ কৌশল আছে। কিন্তু কেতিয়াবা কেতিয়াবা মানুহৰ আত্মঅহংকাৰ আৰু বিবেকৰ ভাৰসাম্য হেৰাই যায়। ল’ৰাটোক মই ঘৰলৈ পঠিয়াই দিলোঁ। এতিয়া সকলো বাদ দিয়া। আগৰ দিনত কিছুমান শ্বহীদ আছিল,” বিলে কৈ থাকিল – “যি নিজৰ মতবাদ পৰিত্যাগ কৰাতকৈ মৃত্যুত ভুগিছিল। তেওঁলোকৰ কোনেও মোৰ সমান অলৌকিক অত্যাচাৰৰ সন্মুখীন হোৱা নাছিল। মই আমাৰ অপহৰণৰ অনুচ্ছেদকেইটাৰ প্ৰতি অনুৰক্ত আছিলোঁ কিন্তু এটা সীমালৈকেহে।”

“কি হ’লনো বিল?” মই তাক সোধোঁ।

“মোক নব্বৈ মাইল দৌৰালে,” বিলে কয় – “সেই সুৰক্ষা দূৰ্গলৈকৈ এক ইঞ্চিও কম নহয়। তাৰপিছত, যেতিয়া সেই গাঁওখনৰ বাসিন্দাসকলক ৰক্ষা কৰিলে তেতিয়া মোক অ’টচ খাবলৈ দিয়া হয়। বালি অ’টচৰ হজম কৰিব পৰা বিকল্প বস্তুতো নহয়। আৰু তাৰপাছত এক ঘণ্টামানলৈকে মই তাৰ আগত ব্যাখ্যা কৰিবলগীয়া হৈছিল যে বিন্ধাবোৰ খালি কিয় হয়, ৰাস্তাবোৰ দুয়োফালে কিয় যায় আৰু ঘাঁহবোৰক কিহে সেউজীয়া কৰে। মই কৈছোঁ নহয় চেম মানুহে ইমানলৈকেহে সহ্য কৰিব পাৰে। মই তাৰ কলাৰত ধৰি পাহাৰৰ তললৈ টানি লৈ গ’লো। যাওঁতে সি মোৰ আঁঠুৰ তলৰপৰা ভৰিত গুৰিয়ালে আৰু মোৰ বুঢ়া আঙুলিত আৰু হাতত কামুৰিলে। কিন্তু সি গ’লগৈ,” – বিলে কৈ যায়, “ঘৰলৈ গ’লগৈ। মই তাক শিখৰ চহৰলৈ যোৱা ৰাস্তা দেখুৱাই দিলোঁ আৰু এগোৰতে আঠফুট ওচৰ চপাই দিলোঁ। মোৰ বৰ দুখ লাগিছে যে আমি মুক্তিপণৰ টকা হেৰুৰালোঁ; কিন্তু তাকে নকৰিলে বিল ড্ৰিচকলক পগলাফাটেকলৈ পঠিয়াবলগীয়া হ’লহেঁতেন।”

বিলে ফোঁপাই-জোপাই কৈ আছিল, কিন্তু তাৰ গুলপীয়া চেহেৰাটোত এক বৰ্ণনাতীত শান্তি আৰু ক্ৰমবৰ্ধমান সন্তুষ্টিৰ ৰেশ আছিল।

“বিল,” – মই কওঁ – “তোমাৰ পৰিয়ালত কাৰো হৃদৰোগ নাই ন; আছে নেকি?”

“নাই।” বিলে কয় – “মেলেৰিয়া আৰু দূৰ্ঘটনাৰ বাহিৰে অন্য একো তেনে বেমাৰ নাই। কিয়?”

“তেতিয়াহ’লে এবাৰ ঘূৰি দিয়াচোন,” – মই কওঁ- “পিছফালে এবাৰ চাই দিয়া।”

বিলে ঘূৰি চাই ল’ৰাটোক দেখাৰ লগে লগে তাৰ চেহেৰাৰ ৰং সলনি হৈ পৰিছিল। সি মাটিতে ধুপুচকৈ বহি লৈ লক্ষ্যহীনভাৱে ঘাঁহ-পাত উঘালিবলৈ লাগিল। 

এঘণ্টামানলৈকে মই তাৰ মানসিক অৱস্থাৰ বিষয়ে সন্দিহান হৈ আছিলোঁ আৰু তাৰপাছত মই তাক ক’লো যে মোৰ পৰিকল্পনা মতে অতি সোনকালেই সেই কাম শেষ কৰি সেইদিনাই মাজৰাতিলৈকে মুক্তিপণৰ ধনখিনি লৈ পলাই পত্ৰং দিব পাৰিম যদিহে দ’ৰচেট বুঢ়াক আমাৰ ফান্দত পেলাব পাৰোঁ। লাহে লাহে বিলে অলপ টনটনিয়া হৈ ল’ৰাটোলৈ চাই ক্ষীণ হাঁহি এটা মাৰিলে আৰু অলপ সুস্থ হৈয়েই তাক  জাপানী যুদ্ধৰ নাটকখনত ৰাছিয়ানৰ অভিনয় কৰিম বুলি প্ৰতিশ্ৰুতি দিলে।  

মোৰ ওচৰত সেই মুক্তিপণ নিৰাপদে সংগ্ৰহ কৰাৰ এটা আঁচনি আছিল কিয়নো বৃত্তিগত অপহৰণকাৰীয়ে  

ইয়াৰ প্ৰতিষড়যন্ত্ৰ কৰাৰ সম্পূৰ্ণ সুযোগ আছিল। যিজোপা গছৰ তলত উত্তৰ আৰু পাছত টকা ৰাখি থোৱাৰ পৰিকল্পনা কৰা হৈছিল, সেইজোপা গছ ৰাস্তাৰ জেওৰাখনৰ ওচৰতে আৰু চাৰিওফালে খালী পথাৰে আৱৰা আছিল। যদিহে পুলিচ কনিষ্টবলৰ জুম এটাই কোনোবাই টকা ল’বলৈ অহা চাই থাকে তেন্তে সেই পথাৰখন পাৰ হৈ অহা দেখা পাব। কিন্তু না! চাৰে আঠ বজাতে মই সেই গছজোপাত পাতবেঙৰ দৰে জঁপিয়াই উঠি সংবাদ কঢ়িওৱা মানুহজন অহালৈ চোপ লৈ থাকিলোঁ। 

ঠিক নিৰ্ধাৰিত সময়তে এটা কমবয়সীয়া ল’ৰাই চাইকেলত আহি সেই বাকচটো বিচাৰি পাই তাতে ভাঁজ কৰা সৰু কাগজৰ টুকুৰা এটা ভৰাই পুনৰ শিখৰলৈ ঘূৰি যায়। 

মই প্ৰায় এঘণ্টা ৰৈ সকলো নিৰাপদ বুলি জনাৰ পাছতহে গছজোপাৰ পৰা নামি আহিলোঁ আৰু জেওৰাৰ ফাঁকেৰে সৰকি হাবিৰ ফালে দৌৰ দি প্ৰায় আধাঘণ্টামানত মোৰ গুহা পালোঁগৈ। মই চিঠিখন খুলি লেম্পৰ কাষত বহি বিলক পঢ়ি শুনালোঁ। এই চিঠিখন কলমেৰে দুৰ্বোধ্যকৈ লিখা হৈছিল আৰু তাৰ সাৰাংশটো আছিল –

দুজন হতাশাগ্ৰস্ত মানুহ

ভদ্ৰলোকসকল, মই মোৰ ল’ৰাৰ মুক্তিপণ সংক্ৰান্তীয় আপোনালোকৰ চিঠিখন আজি ডাকত পালোঁ। মই ভাবোঁ আপোনালোকে অলপ বেছিকৈ দাবী কৰিছে আৰু মই আপোনালোকৰ সন্মতিসহকাৰে এটা  প্ৰতিচুক্তিত আৱদ্ধ হ’ব বিচাৰিছোঁ। আপোনালোকে মোৰ জ’নীক ঘৰত দিবলৈ আহোঁতে নগদ দুশ পঞ্চাশ ডলাৰ দিব লাগিব, তেতিয়াহে মই তাক ঘূৰাই ল’ম। আপোনালোকে ৰাতিয়েই অহাটো ভাল হ’ব কিয়নো আমাৰ প্ৰতিবেশীসকলে সি হেৰাল বুলিয়েই ভাবি আছে। আপোনালোকে তাক ঘূৰাই অনা দেখিলে সিহঁতে যদি কিবা ক্ষতি কৰে তাৰ বাবে মই দায়ী নহয়।

অত্যন্ত সন্মান সহকাৰে

এবেনেজাৰ দ’ৰচেট

“এইবোৰ দেখোন একেবাৰে পেঞ্জেন্স চহৰৰ মহাদস্যুবোৰহে!” মই কওঁ – “একেবাৰে নিৰ্লজ্জ।”

কিন্তু বিলৰ ফালে চাই মই বৰ সংকোচবোধ কৰিলোঁ।  তাৰ চকুত নিৰ্বোধ দৰিদ্ৰৰ দৰে এক বিনম্ৰ অনুৰোধ।

“চেম”, সি কয়, “দুশ পঞ্চাশ ডলাৰনো কি? আমাৰতো টকা আছেই। এই ল’ৰাটোৰ লগত আৰু এৰাতি থাকিবলগীয়া হ’লে মোক পগলা ফাটেকত বিছনা ঠিক কৰি দিব লাগিব। মোৰ মতে এই দ’ৰচেট মহাশয় এজন ভদ্ৰলোক হোৱাৰ উপৰিও এজন মিতব্যয়ী মানুহ যি আমাক এনে এটা উদাৰচিতীয়া প্ৰস্তাৱ দিছে। তুমি নিশ্চিতকৈ এই প্ৰস্তাৱটো এৰি নিদিয়া নহয়নে?”

“সঁচা কথা কওঁনে বিল, “মই কওঁ – “এই ভেৰাপোৱালীটোৱে মোকো নগুৰ-নাগতি কৰিছে। আমি তাক ঘৰলৈ নি মুক্তিপণ দি ঘূৰাই দিম আৰু ইয়াৰপৰা গুচি যাম।”

আমি সিদিনা তাক ঘৰলৈ লৈ গ’লোঁ। তাৰ দেউতাকে এটা ৰূপ খটোৱা ৰাইফল আৰু তালৈ এযোৰ মোজা আনি থৈছে; আৰু সেইবোৰ লৈ আমি পিছদিনা ভালুক চিকাৰ কৰিবলৈ যোৱাৰ কথা ভাবিছোঁ বুলি কৈহে তাক নিব পাৰিলোঁ। 

তেতিয়া ৰাতি বাৰ বাজিছিল যেতিয়া আমি এবেনেজাৰ দ’ৰচেটৰ ঘৰৰ আগদুৱাৰত টোকৰ মাৰিছিলোঁ। যিটো সময়ত মই এবেনেজাৰ দ’ৰচেটৰ  পোন্ধৰশ ডলাৰ সেই বাকচটোৰপৰা আহৰণ কৰিলোঁহেঁতেন, সেই সময়ত বিলে গণি-গণি দুশ পঞ্চাশ ডলাৰ এবেনেজাৰ দ’ৰচেটৰ হাতত জমা দি আছিল। সেই ল’ৰাটোৱে যেতিয়া গম পালে যে আমি তাক এৰি থৈ যাবলৈ ওলাইছিলোঁ তেতিয়া সি কেলিঅপৰ দৰে বিনাবলৈ লাগিছিল আৰু  বিলৰ ভৰিত জোকৰ দৰে লাগি ধৰিছিল। তাৰ দেউতাকে গাৰপৰা প্লাষ্টাৰ এৰুৱাই নিয়াৰ দৰে তাক আতঁৰাই নিছিল।

“আপুনি কিমান দেৰিলৈকে তাক ধৰি ৰাখিব পাৰিব?” বিলে কয়।

“মই আগৰ দৰে শক্তিশালী নহয়। তথাপিও দহ মিনিটৰ কাৰণে তাক ধৰি ৰাখিব পাৰিম।”

“যথেষ্ট,” বিলে কয়। “দহ মিনিটৰ ভিতৰত মই কেন্দ্ৰীয়, দাক্ষিণাত্য আৰু মধ্য পশ্চিম প্ৰদেশকেইখন পলাই পাৰ হ’ম আৰু লাহেকৈ খোজেৰেই কানাডাৰ সীমালৈ পোনাই দিম।”

আৰু সেই আন্ধাৰ ৰাতিটোত বিলৰ দৰে পেটুৱা মানুহটোৱেও মোৰ নিচিনা বেগাই দৌৰা মানুহ এটাক পিছ পেলাই এনেকৈ দৌৰিছিল যে মই শিখৰৰপৰা ডেৰমাইল দূৰতহে তাক লগ পাইছিলোঁগৈ।

☆ ★ ☆ ★ ☆

2 Comments

  • কাবেৰী মহন্ত

    সাৱলীল অনুবাদ৷ ধন্যবাদ সুযোগ দিয়াৰ বাবে পঢ়াৰ

    Reply
    • দুলুমণি গগৈ

      ধন্যবাদ জ্ঞাপন কৰিলোঁ ❤️

      Reply

Leave a Reply

Your email address will not be published.