ফটাঢোল

মূল: নন্দিনী,লেখক : হুমায়ূন আহমেদ: অনুবাদ -মুনমুন সৰকাৰ শইকীয়া

মজিদে ক’লে,

: ব’ল তোক এফালে লৈ যাওঁ।

ৰাতি বহুত দেৰি হৈছিল, চাৰিওফালে ঘন কুঁৱলী।

দোকানবোৰ বন্ধ। ঠাণ্ডা বতাহ বলিছে। গাঁঁৱৰ সমীপৱৰ্তী নগৰবোৰত আগেভাগেই শীত নামে। মজিদে ক’লে,

: বেগাই খোজ কাঢ়, ঠাণ্ডা কমকৈ লাগিব।

: ক’লৈ যাবি?

: ব’লচোন চাওঁ। তোৰ জৰুৰী কামতো একো নাই? নে কিবা কাম আছে?

: নাই।

কম সময়ৰ ভিতৰতে মূলপথ এৰি ইটা পাৰি থোৱা ঠেক ৰাস্তা এটাৰে পোনালোঁ। চহৰখন সলনি হ’ল। আগতে ইয়াত দাইলৰ বেপাৰীবোৰ বহিছিল। এতিয়া ঠাইডোখৰ জনশূন্য। পিছফালে কাৰ্তিকৰ মৰ্ডাৰ্ণ চ্যেলুনখন আছিল। তাত এতিয়া এখন চাহৰ দোকান। ঠাণ্ডাত কঁপি কঁপি মানুহে চাহ খাইছে। মই সুধিলোঁ,

: চাহ অকন খাই ল’বি নেকি মজিদ?

: নাই, নাই দেৰি হৈ যাব। চহৰখন বহু সলনি হ’ল। মহাৰাজ বোলাজনৰ আলুচ’পৰ দোকানখন এতিয়াও আছেনে?

: আছে।

আহি আহি ধৰ্মতলা পালোঁহি। ধৰ্মতলাৰ নিচেই কাষেৰে বৈ গৈছে হাড়িখাল নদী। মই আৰু মজিদ আমি দুয়ো বহুতবাৰ চিগাৰেট হুপিবলৈ এই নদীৰ পাৰত আহি বহিছিলোঁ। কিন্তু এতিয়া নদী চকুত পৰা নাই।

: নদীখন ক’ত গ’ল ঐ মজিদ? হাড়িখাল এইপিনেই আছিল নহয় জানো?

: সৌখন দেখোন নদী। সাৱধানে আহিবি।

নৰ্দমা এটা আছে ইয়াত, ভৰি পিছল খাই পৰিবলৈ লওঁতেই নিজকে চম্ভালি ল’লোঁ। চম্ভালি উঠিয়েই দেখিলোঁ নদীখন। আমি মথাউৰিত থিয় হৈ আছিলোঁ। মিহি ফিটা এডালৰ দৰে চিকচিকাই আছে নদীখন। আগতে মথাউৰি ইমান ওখ নাছিল। নদীৰ পাৰৰ এঢলীয়া মাটিত সৰিয়হৰ খেতি আছিল। মজিদে মনে মনে খোজ কাঢ়ি আছিল।

মই সুধিলোঁ,

: আৰু কিমান যাব লাগিব?

: সেয়া, পালোঁহিয়েই, দেখিছনে?

: কাৰ ঘৰ?

: উহহ্ ৰাম, আহি থাকচোন! চাৰপ্ৰাইজ এটাই তোলৈ বাট চাই আছে।

বহু পুৰণি ঘৰ এখনৰ সন্মুখত দুয়ো থমকি ৰ’লোঁ। ঘৰৰ সীমা খুবেই অপৰিষ্কাৰ, আবৰ্জনাৰে ভৰা আগচোতালত চাৰি-পাঁচজোপা নেমুটেঙাৰ গছ। নেমুৰ গোন্ধৰ লগতে খেৰ পোৰা গোন্ধ মিলি গৈছে। অসংখ্য মহৰ কুনকুননি। মজিদে দুৱাৰত ঢকিয়াবলৈ ল’লে। ভিতৰৰপৰা মাইকী মানুহ এগৰাকীৰ মাত ভাহি আহিল,

: কোন?

মজিদে খুব জোৰেৰে দুৱাৰত ঢকিয়ালে। লেম হাতত লৈ এগৰাকী ক্ষীণকায় কৃষ্ণাংগী ছোৱালীয়ে দুৱাৰখন খুলি দিলে। মজিদে ক’লে,

: কোন আহিছে চোৱা।

মই অলপ দূৰ আগবাঢ়ি গৈছিলোঁহে আকৌ ৰৈ দিলোঁ।

ছোৱালীজনীয়ে হাঁহি হাঁহি ক’লে,

: আপুনি মোক চিনি পাইছে নে? মই নন্দিনী।

মই সন্মতি প্ৰদান কৰিলোঁ।

: আপুনি কেতিয়া ঘৰলৈ আহিল?

: দুমাহ মানেই হ’বৰ হ’ল। ইমান দিন ঢাকাত আছিলোঁ। ইয়ালৈ কালি আহিছোঁ।

মজিদে বিৰক্তিৰ সুৰত ক’লে,

: ভিতৰলৈ আহচোন। ভিতৰত বহ।

ঘৰৰ ভিতৰত বেচ গৰম। টেবুল এখনত কাঁচৰ ফুলদানিত গোন্ধৰাজ ফুল সজাই থোৱা আছিল। বিছনা এখনত ধকধকীয়া বগা বিছনাচাদৰ এখন পাৰি থোৱা আছিল। ঘৰৰ আন এটা চুকত আছিল প্ৰকাণ্ড এখন আৰামীচকী। মজিদে সেইখনত গা এৰি দিলে। মিহিকৈ ক’লে,

: চেনি লৈ আনিছোঁ, চাহ অকন বাকা গৈ।

নন্দিনীয়ে লেমটো লৈ গুচি গ’ল, আমি দুয়ো আন্ধাৰত বহি থাকিলোঁ। মজিদে ফুচফুচাই ক’লে,

: চাৰপ্ৰাইজড হৈছ নেকি?

: উম্‌

: নন্দিনীক কেনে পালি?

: ভাল।

: কেৱল ভাল? ইজ নট চি ৱাণ্ডাৰফুল?

মই সেই কথাৰ উত্তৰ নিদিয়াকৈ সুধিলোঁ,

: ইয়াত আৰু কোন থাকে?

: সৱেই থাকে।

: সৱেই মানে?

মজিদে অলপদেৰি মনে মনে থাকি‌ ক’লে,

: তই এবাৰ নন্দিনীলৈ বুলি প্ৰেমপত্ৰ লিখিছিলি ন? কেবাটাও কবিতা আছিল তাত, নহয়নে?

মই ৰুক্ষ সূৰত কলোঁ,

: বাদ দে সেইবোৰ পুৰণি কথা।

মজিদে খুব জোৰেৰে হাঁহিবলৈ ধৰিলে। পিছৰ দহ মিনিট দুয়ো মনে মনে থাকিলোঁ। মজিদে ইটোৰ পিছত সিটো চিগাৰেট হুপিবলৈ ধৰিলে। মাজে মাজে নিজৰ মতেই হাঁহি থাকিল।

: বহুতদেৰি আন্ধাৰত বহি থাকিবলগীয়া হ’ল। ঘৰখনত এটাই লেম। কি যে কৰিম মই!

নন্দিনীয়ে চাহৰ কাপ থ’লে।

: চাহত চেনী হৈছে নে?

চাহত সোহা মাৰোঁতেই মজিদে চৰ্চৰণি খালে। মই ক’লোঁ,

: আপোনালোকৰ ফালে খুব বতাহ মাৰি থাকে নʼ।

: হয়, নদীৰ কাষতে ঘৰ। বতাহ মাৰি থাকে বাবে চাকি জ্বলাবলৈও দিগদাৰ।

ভিতৰৰপৰা কোনোবাই মাতিলে,

: বোৱাৰী, অ’ বোৱাৰী।

নন্দিনী নিশব্দে উঠি গুচি গ’ল। মই সুধিলোঁ,

: তই প্ৰায়েই আহ নেকি ইয়ালৈ?

: আহোঁ।

কি হৈ আছে মই একোৱেই ধৰিব পৰা নাই। মই মনে মনে থাকিলোঁ। মজিদে আকৌ ক’লে,

: নন্দিনীক কেনে পালি?

: ভালেই, আগৰ দৰেই, অলপো সলনি হোৱা নাই।

নন্দিনীয়ে নদীৰ পাৰলৈকে আমাক আগবঢ়াই থৈ গ’ল। তেতিয়ালৈ জোন ওলাইছিল। কুঁৱলী সনা জোনাকত চাৰিওফালৰ পৰিবেশ কিবা জয়াল যেন লাগিছিল। মজিদে ক’লে,

: যাওঁ নন্দিনী।

নন্দিনীয়ে একো নক’লে, লেম দেখুৱাই মথাউৰিৰ ওপৰত থিয় হৈ ৰ’ল। আমি ধৰ্মতলা লৈকে একো নমতাকৈ খোজকাঢ়িলোঁ। তাৰপিছত মজিদে আৰম্ভ কৰিলে,

: কলেজৰ ফেয়াৰৱেলৰ দিনা নন্দিনীয়ে কোনটো গান গাইছিল মনত আছেনে?

: নাই, মনত নাই।

: মোৰ আছে।

মজিদে গুণগুণাই গান এটা জুৰিলে। হঠাৎ ৰৈ গ’ল আৰু ক’লে,

: জান, নন্দিনীক প্ৰথমে মই এইখন ঘৰতেই দেখিছিলোঁ।

: হয় নেকি?

: তাইৰ দেউতাকক তেতিয়া সৈন্য বাহিনীয়ে মাৰি পেলাইছিল।

: সুৰেশ্বৰ বাবুক সৈন্য বাহিনীয়ে মাৰি পেলাইছিল নেকি?

: মাৰি নেপেলাই কি কৰিব? তয়ো যে কথা কও আৰু। মাৰি ছফা কৰি পেলাইছিল।

মই ক’লোঁ,

: সুৰেশ্বৰ বাবু মুৰ্খ আছিল, কিমানবাৰ কৈছিলোঁ, পলাই যাওক। নাই, নাযায়। এজনী মাত্ৰ জীয়েক তাইক লৈ পলাই যাব লাগিছিল, তাকে নকৰি…।

মজিদে থুৱালে আৰু ক’লে,

: নন্দিনী তেতিয়া হাৰুণৰ ঘৰত আহি থাকিছিল। হিন্দু ছোৱালীবোৰক তেতিয়া কোনে আশ্ৰয় দিয়ে কচোন? কিমান যে বিপদ হৈছিল, কিমানৰ ঘৰলৈ গৈ অনুৰোধ কৰিছিলোঁ এই ছোৱালীজনীক অলপ ঠাই দিয়ক তাইৰ খুব বিপদ, কোনো এজনেও মান্তি নহ’ল। শেষত আজিজ মাষ্টৰ ৰাজী হ’ল।

: আজিজ মাষ্টৰ কোন?

: ইয়াৰে মিউনিচিপ্যালটি স্কুলৰ শিক্ষক।

মজিদে চিগাৰেট জ্বলালে, জোৰকৈ টানি মাৰি কাহিবলৈ ধৰিলে। মই ক’লোঁ,

: অলপ বেগাই খোজ কাঢ়, বহুত ৰাতি হৈছে।

মজিদে গহীন সুৰত ক’লে,

: নন্দিনীয়ে আজিজ মাষ্টৰৰ ঘৰত কেতিয়াও থাকিব খোজা নাছিল। বাৰে বাৰে কৈছিল, “আপুনিতো ইণ্ডিয়া যাব। মোকো লগতে লৈ বলক। আপোনাৰ ভৰিত ধৰিছোঁ।” মই দম দি কৈছিলোঁ, “তুমি হিন্দু ছোৱালী মুছলমান ল’ৰাৰ লগত যাবা বাটত সৈন্য বাহিনীৰ মানুহে পালে কি হ’ব?” নন্দিনীয়ে কি কৈছিল গম পাওনে?

: কি?

: কিবা আন্দাজ কৰিব পাৰ নে?

মই কিবা কোৱাৰ আগতেই মজিদে ক’লে,

: নন্দিনীয়ে কৈছিল, “তেন্তে মই আপোনাৰ বিবাহিত স্ত্ৰী হৈ যাওঁ আপুনি মোক বিয়া পাতক।”

মজিদে আকৌ থুৱালে। মই ক’লো,

: আজিজ খাঁয়ে চাগে তাইক বিয়া পাতিছে?

: হয়।

: আজিজ খাঁ ক’ত? তেওঁক নেদেখিলোঁ।

: চাল্লা আজিজ, তাক দেখিবি কেনেকৈ? সি মুক্তি বাহিনীৰ হাতত মৰিছে, দালাল আছিল সি। হিন্দু ছোৱালীক মুছলমান সজাই বিয়া পাতিছে। বুজা নাই নে তই? আৰু নন্দিনীয়ে তাৰ ঘৰতেই পৰি থাকিল। হাৰামজাদী।

মই মনে মনে থাকিলোঁ। মজিদ ৰৈ গ’ল। ডাঙৰ ডাঙৰকৈ চিঞৰি ক’লে,

: মাইকী মানুহৰ মুখত থুৱাওঁ মই। তই হাৰামজাদী সেইখন ঘৰত পৰি আছ কি কাৰণে? কি আছে সেইখন ঘৰত? জোৰ জবৰদস্তি তোক বিয়া পাতিছে আৰু তই তাত ছিঃ ছিঃ!

দুয়োজনেই মথাউৰি পাৰ হৈ চহৰলৈ যোৱা ৰাস্তাত উঠিলোঁ। দীঘল ৰাস্তাটো বৰগছ এজোপাৰ সন্মুখেৰে বেঁকা হৈ গৈছে। ইয়াতেই সুৰেশ্বৰ বাবুৰ ঘৰ আছিল। মই আৰু মজিদ দুয়ো এই ঘৰখনৰ মুখেৰে এবাৰ মাত্ৰ নন্দিনীক চাবলৈ পোৱাৰ হেঁপাহেৰে দিনটো ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা কেতিয়াবা সুৰেশ্বৰ বাবুৱে অমায়িক ভঙ্গীত মাতিছিল, “আৰে তোমালোক এইফালে? আহা, চাহ একাপ খাই যোৱাহি।”

মজিদে হাতৰ চিগাৰেট বহু কায়দাৰে লুকুৱাই কৈছিল, “বেলেগ এদিন আহিম খুৰা।” মজিদ নিশব্দে খোজকাঢ়ি আছিল, মই মাতিলোঁ,

: ঐ মজিদ।

: কি?

: ইমান মনে মনে কিয় আছ?

: ঠাণ্ডা লাগিছে।

সি কাণ দুখন ঢাকি লৈ ফুচফুচাই ক’লে,

: জান’, মই আৰু নন্দিনী দুয়ো এক ৰাতি নাৱত কটাইছিলোঁ। ৰাতিৰ আন্ধাৰত আজিজ খাঁৰ ঘৰলৈ তাইক লৈ গৈছিলোঁ, তাই খুব কান্দিছিল। মই তাইৰ কান্ধত চুমা এটা খাইছিলোঁ।

মজিদে হঠাৎ কথা বন্ধ কৰি কাঁহিবলৈ ধৰিলে আৰু মই ঘন কুঁৱলীৰ বাদে আৰু একো নেদেখিলোঁঁ৷

☆ ★ ☆ ★ ☆

One comment

  • দেবজিত শৰ্মা

    খুবেই ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.