ফটাঢোল

মূল নাটক : বক্স এণ্ড কক্স,লেখক : জন মেডিচন মৰ্টন-ভাৱানুবাদ : যোগেশ ভট্টাচাৰ্য্য

চৰিত্ৰ

জন বক্স : এজন চপাশাল কৰ্মী

জেমচ কক্স : এজন টুপী ব্যৱসায়ী

মিচেচ বাউন্সাৰ : ভাৰাঘৰৰ মালিকনী

দৃশ্য

এটা আটোমটোকাৰীকৈ সজাই থোৱা কোঠালি। সোঁ-মাজত এখন পুৰণি আৰ্হিৰ বিছনা চাৰিওফালৰপৰা পৰ্দাৰে ঢাকি ৰখা দেখা গৈছে। কোঠালিৰ বাওঁফালে এখন দুৱাৰ দেখা গৈছে। দুৱাৰৰ কাষত এটা আলমাৰি আৰু এটা ড্ৰয়াৰ লগোৱা বাকচ আছে। কোঠালিৰ পিছফালৰ দেৱালখনৰ ঠিক সোঁঁ-মাজত এখন খিৰিকী আছে। কোঠালিৰ সোঁফালে আৰু এটা আলমাৰি দেখা গৈছে। আলমাৰিটোৰ কাষত এটা পকী জুহাল আৰু তাৰ ওপৰত খোৱা বস্তু গৰম কৰিব পৰাকৈ ব্যৱস্থা কৰা আছে। কোঠালিটোৰ এচুকত এখন টেবুল, দুখন চকী আৰু কিছুমান সাধাৰণ আচবাব আছে।

কামলৈ ওলাই যাবলৈ সাজ-পাৰ পৰিধান কৰি হাতত সৰু আইনা এখন লৈ নিজৰ চুটি চুলিখিনি চাই মিষ্টাৰ কক্সে নিজকে নিজে কিবা কৈ আছে৷

কক্স : মই আৰু চুলি নকটাওঁ কেতিয়াও। মূৰ্খ নাপিতটোৱে ইমান চুটিকৈ চুলি কাটি দিছে যেন মই মিলিটেৰী ট্ৰেইনিংৰ বাবেহে যাবলৈ ওলাইছোঁ। তাক অলপ কাটিবলৈ কৈছিলোঁ। সি মূৰ্খই আকৌ অলপ ৰাখি বাকীখিনি কাটি দিলে। ধুৰ…! (হাতৰ ঘড়ীটোলৈ চাই) ইচ ৰাম! আঠ বাজি গ’ল। আৰু এক মিনিটও পলম কৰিব নোৱাৰি। দুৰ্ভাগ্যবশত মই কাম কৰা টুপী দোকানৰ মালিকজন অত্যন্ত সময়ানুৱৰ্তী গতিকে মই সময়ত গৈ পাবই লাগিব। (তেনেতে দুৱাৰত কাৰোবাৰ টোকৰ পৰিল)। কোন সেয়া? সোমায় আহক।

ঘৰৰ মালিকনী মিচেচ বাউন্সাৰ সোমাই আহে৷

মিচেচ বাউন্সাৰ : সুপ্ৰভাত মি: কক্স। আশাকৰোঁ ৰাতি আপোনাৰ ভালদৰে টোপনি আহিছে‌।

কক্স : ঠিক ভালদৰে বুলি ক’ব নোৱাৰি। আপুনি যদি অলপ মোটা গাৰু এটা দিলেহেঁতেন, আপোনাক মই ধন্যবাদ দিলোঁহেঁতেন। আপুনি যিটো গাৰু দিছে সেইটোৰ ভিতৰত দুয়োকাষে ডেৰমুঠিমান তুলা আছে আৰু মাজত হাৱাৰ বাহিৰে আন একো নাই।

মিচেচ বাউন্সাৰ : অহ, আৰু কিবা অসুবিধা আছে যদি কওক, মই চেষ্টা কৰিম অসুবিধাবোৰ দূৰ কৰিবলৈ।

কক্স : অ’, তেনেহ’লে আপুনি মোৰ আইনাখন অলপ দেৰি ধৰি থাকক। মই মূৰটো ফণীয়াই লওঁ।

মিচেচ বাউন্সাৰ : নিশ্চয়, দিয়ক। (আইনাখন তেওঁ হাতত লয়। কক্সে টাই বান্ধিবলৈ ধৰে)। আপুনি ইমান চুটিকৈ চুলিখিনি কিয় কটাইছে বাৰু?

কক্স : কিয় কটাইছোঁ? কিয় খুৰাইছোঁ বুলি সোধক! মুৰ্খ নাপিতৰ কাম এইবোৰ। পিচে আপুনি উল্লেখ নকৰিলেও মই গম পাইছোঁ মোক কিমান বেয়া দেখাইছে। (কোটটো পিন্ধি লয়)। টুপীটো ক’ত মোৰ? (টুপী এটা টেবুলত পৰি থকা দেখা পাই পিন্ধি লয়)ছেঃ! চুলিবোৰ ইমান চুটিকৈ কাটি দিলে মুৰ্খটোৱে, এতিয়া টুপীটোও ঢিলা হৈছে। (বাওঁফালৰ আলমাৰিটোৰ দৰ্জাখন খুলি তিনিটামান টুপী পিন্ধি আকৌ খুলি থয়) উপায় নাই, আজি ঢিলা টুপীৰেই কাম চলাব লাগিব বুজিছে মিচেচ বাউন্সাৰ। মই যাওঁ এতিয়া। বাই বাই। (যাবলৈ খুজি হঠাৎ থমকি ৰয়)। অ’, আৰু এটা কথা ক’বলৈ আছিল আপোনাক। মোৰ জুহালৰ কয়লাখিনি বৰ সোনকালে শেষ হ’বলৈ ধৰিছে কেইদিনমানৰপৰা।

মিচেচ বাউন্সাৰ : হয় নেকি?

কক্স : অকল কয়লাই নহয়, মিচেচ বাউন্সাৰ। মই লক্ষ্য কৰিছোঁ যে কেইদিনমানৰপৰা মোৰ মমবাতি, খৰি, মেচকাঠি, চেনী ইত্যাদিবোৰো সোনকালে শেষ হ’বলৈ ধৰিছে।

মিচেচ বাউন্সাৰ : আপুনি মোক সন্দেহ কৰা নাইতো?

কক্স : মই তেনেকৈ কোৱা নাই কিন্তু আপুনি যদি মেকুৰীটোক বদনাম দিব খোজে, মই কিন্তু সেইটোও মানি নল’ম।

মিচেচ বাউন্সাৰ : আপোনাৰ আৰু কিবা ওজৰ-আপত্তি আছে যদি কওক। মই বিচাৰ কৰিম।

কক্স : আপত্তি? আপোনাৰ লগত অভিধান বোলা বস্তুবিধ আছে নে বাৰু?

মিচেচ বাউন্সাৰ : নাই, কিয়?

কক্স : তেনেহ’লে আপোনাক মই এখন উপহাৰ দিম। সেইখনত ওজৰ-আপত্তি শব্দটোৰ অৰ্থ বিচাৰি চালে পাব যে সেইটোৱে বিনা কাৰণত অসন্তোষ দেখুৱাই থকা বুজায়। গতিকে মোৰ ক্ষেত্ৰত শব্দটিৰ ব্যৱহাৰ সঠিক হোৱা নাই। মই বিনা কাৰণত আপত্তি কৰা নাই আৰু যেতিয়া আপত্তি কৰাৰ কথা ওলাইছেই তেনেহ’লে মই এইটো জানিব বিচাৰিম যে মোৰ ৰূমটো প্ৰায়েই ধোঁৱাৰে ভৰি থাকে কিয়?

মিচেচ বাউন্সাৰ : কেতিয়াবা চিমনিৰ ধোঁৱা সোমায় চাগে।

কক্স : মই চিগাৰেটৰ ধোঁৱাৰ গোন্ধ পাইছোঁ কেইবাদিনো। আপোনাৰ চিমনিটোৱে ধূমপান নকৰে নিশ্চয়? নে আপুনি নতুনকৈ অভ্যাস কৰিছে?

মিচেচ বাউন্সাৰ : না না। মই এইবোৰ বস্তু চুইয়ে পোৱা নাই।

কক্স : তেনেহ’লে ধঁপাতৰ ধোঁৱা ক’ৰপৰা আহে?

মিচেচ বাউন্সাৰ : মানে কথাটো হ’ল যে, মই ভাবোঁ যে… হমম… সেইটোৱেই কাৰণ হ’ব।

কক্স : হয়,মই আপোনাৰ সৈতে একমত। নহৈও উপায় নাই, কাৰণ আপুনি কি ক’ব খুজিছে মই একো বুজা নাই।

মিচেচ বাউন্সাৰ : কিয়? চাদৰ ওপৰৰ সৰু ৰূমটোত থকা মানুহজন যে। তেওঁ ধূমপান নকৰাকৈ এখন্তেকো নাথাকে বুজিছে? তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি জুহালৰ কাষত বহি চিগাৰেট টানি থাকে।

কক্স : হয়, আপুনি ঠিকেই সন্দেহ কৰিছে। পিচে তেওঁৰ চিগাৰেটৰপৰা ওলোৱা ধোঁৱাখিনি আন সকলো ধৰণৰ ধোঁৱাৰ নিচিনাকৈ ওপৰলৈ নগৈ তলত থকা মোৰ ৰূমলৈ কিয় আহিছে সেইটোহে বুজিবপৰা নাই মই।

মিচেচ বাউন্সাৰ : হমম, চাগে…

কক্স : আৰু আপুনি উল্লেখ কৰা মানুহজন চাগে সেইজনেই যিজনক সদায় মই চিৰিয়েদি নামি যাওঁতে উঠি অহা দেখা পাওঁ আৰু মই উঠি আহোঁতে তেওঁক নামি যোৱা দেখা পাওঁ?

মিচেচ বাউন্সাৰ : হ..হয়৷ কিয়?

কক্স : তেওঁক দেখিলে প্ৰিণ্টিং প্ৰেছত কাম কৰা মানুহ যেন লাগে। হয়নে?

মিচেচ বাউন্সাৰ : হয়৷ তেখেত এজন সন্মানীয় ব্যক্তি। এজন ভদ্ৰলোক।

কক্স : ঠিক আছে। মই যাওঁ তেনেহ’লে। দেৰিয়েই হ’ল আজি।
মিচেচ বাউন্সাৰ : নিশ্চয়৷ আপুনি চাগে অইন দিনাৰ সময়তে উভতিব?

কক্স : হয়৷ সন্ধিয়া ন বজাত। আৰু আপুনি মোৰ বাবে জুহাল সাজু কৰি থ’ব নালাগে। মই আহি নিজেই জ্বলাই ল’ম। আৰু ভাল গাৰু এটা দিবলৈ নাপাহৰিব৷ (দুখোজ গৈ আকৌ ৰৈ যায়) টেবুলত আধা পেনিৰ গাখীৰ আছে, চাব যাতে এইখিনিও নাইকিয়া হৈ নাযায়।

বাওঁফালৰ দুৱাৰেদি কক্স ওলাই যায়৷

মিচেচ বাউন্সাৰ : ৰক্ষা, গ’ল যে তেওঁ। সদায় এইটোৱেই ভয় যে কোনোবাদিনা মি: কক্স ওলাই যোৱাৰ আগতে মি: বক্স আহি পালে কমখন পয়মাল হ’বনে। ভাগ্যে এজনে আনজনক লগ পোৱা নাই। অৱশ্যে লগ পোৱাৰ সম্ভাৱনাও নাই; কাৰণ মি: বক্সে গোটেই ৰাতি প্ৰেছত কাম কৰি পুৱাহে ৰূমলৈ আহে আৰু তাৰ আগতেই মি: কক্স দিনটোৰ বাবে কামলৈ ওলাই গৈ ৰাতি হ’লেহে উভতে। সেইবাবেইতো মই এটা ৰূম দুজনক ভাৰাত দি দুগুণ ভাৰা পাবলৈ সক্ষম হৈছোঁ, আৰু তেওঁলোকে একো ভূ-কে পোৱা নাই। এতিয়া মি: বক্স আহি পোৱাৰ আগতেই মি: কক্সৰ বস্তুখিনি আঁতৰাই মি: বক্সৰ বস্তুখিনি আগৰ দৰে থৈ  দিলেই হ’ল। (মিচেচ বাউন্সাৰে কক্সৰ টুপীকেইটা, নাইটড্ৰেছ আৰু চেণ্ডেলযোৰ সামৰি বাওঁফালৰ আলমাৰিটোত ভৰাই থৈ ৰূমটো তলা মাৰি দিলে। তাৰ পিছত ৰূমৰ চাবিটো আগৰাতি মি: বক্সে থৈ যোৱা ঠাইত থৈ দিলে।) মই মি: বক্সক বেছিকৈ ধূমপান নকৰিবলৈ অনুৰোধ কৰিব লাগিব। মি: কক্সে ধোঁৱাৰ কথা সোধোঁতে মই ধৰা পৰিলোঁ বুলিয়েই ভাবিছিলোঁ। যি নহওক, অলপ সাবধান হ’ব লাগিব। এতিয়া কক্সৰ গাৰুটো বিছনাৰ যিটোফালে আছে, বক্সৰ বাবে ওলোটাফালে থৈ দিলেই কাম শেষ। মানুহৰো যে ওলোটা পচন্দ থাকে নহয়।

মিচেচ বাউন্সাৰে বিছনাখনৰ এমূৰে থকা গাৰুটো আনি আনটো মূৰত সজাই থয়, ঠিক যেনেকৈ মি: বক্সে এৰি গৈছিল।

বক্স : (দূৱাৰৰ বাহিৰত) হেই হেই, অলপ চাব! আপুনি নিজৰফালেদি নামিবলৈ এৰি মই উঠি অহা ফালেৰে  আহি কিয় বাট ভেটি ধৰিছে?
কক্স : (নামি গৈ উভতি চাই) আপুনি মই নামি অহা ফালেৰে কিয় উঠি আহিছে?

মিচেচ বাউন্সাৰ : (পৰ্দাৰ পিছফালৰপৰা ৰূমত প্ৰবেশ কৰে) কিবা অসুবিধা হ’ল নেকি মি: বক্স?

বক্স : বাদ দিয়ক। আপুনি নিজৰ কাম কৰক।

মিচেচ বাউন্সাৰ : অহ, আপুনি কিয় খং কৰিছে নো? আপোনাৰ মুখ ৰঙা পৰি আছে?

বক্স : গোটেই ৰাতি উজাগৰে প্ৰিণ্টিং প্ৰেছত কাম কৰা মানুহ এজনৰ মুখত বেলেগ কি ৰং ফুটি উঠিব তেন্তে?

মিচেচ বাউন্সাৰ : ঠিকেই। পিচে দিনটো আছে নহয় আৰাম কৰিবলৈ।

বক্স : হয়৷ পিচে এতিয়া আপুনি ইয়াৰপৰা গ’লেহে মই কাপোৰ সলাই অলপ আৰাম কৰিব পাৰিম।

মিচেচ বাউন্সাৰ : অ, আচ্ছা। হয় হয়৷

মিচেচ বাউন্সাৰ যাবলৈ লয়৷

বক্স : ৰ’বচোন একমিনিট। এই যে মই সদায় উঠি আহোঁতে মানুহ এজনক নামি যোৱা দেখা পাওঁ আৰু মই নামি যাওঁতে তেওঁক উঠি অহা দেখা পাওঁ, কোন সেই ভদ্ৰলোক?

মিচেচ বাউন্সাৰ : অহ তেখেত! কিয়? চাদৰ ওপৰৰ সৰু ৰূমটোত থাকে যে।

বক্স : অ, হয় নেকি? তেওঁক প্ৰায় একে ড্ৰেছতে দেখা পাওঁ সদায়, কিন্তু টুপী সলাই সলাই পিন্ধে। ৰঙা টুপী, ক’লা টুপী, পখৰা টুপী, কাওবয় টুপী, পটি লগোৱা আৰু নলগোৱা টুপী কত কিমান ধৰণৰ যে টুপী নিপিন্ধে মানুহজনে। তেওঁ বাৰু টুপীৰ দোকানত কাম কৰে নেকি?

মিচেচ বাউন্সাৰ : আপুনি ঠিকেই অনুমান কৰিছে। অ’, তেওঁ আজি মোক অনুৰোধ কৰিছে আপোনাক ক’বলৈ যে আপুনি যেন ৰূমত বেছিকৈ ধূমপান নকৰে।
বক্স : অহ, হয় নেকি? তেনেহ’লে আপুনি তেওঁক ক’ব যে তেওঁ যদি ধঁপাতৰ ধোঁৱাৰ গোন্ধ বেয়া পায়, তেওঁ অন্য এটা ৰূম ভাৰালৈ লওক।

মিচেচ বাউন্সাৰ : আপুনি মোক তেওঁৰপৰা মাহিলী ঘৰ ভাৰাৰ বাবদ পোৱা টকাকেইটাৰপৰা বঞ্চিত কৰিব খুজিছে কিয়?

বক্স : চাওক, মই সেইবোৰ নাজানো। কিন্তু আপুনি যদি মোৰ ৰূমৰপৰা ধঁপাত খোৱা পাইপডাল আঁতৰাব খোজে মই আপোনাক এতিয়াই ৱাৰ্নিং দিছোঁ যে…

মিচেচ বাউন্সাৰ : কি ৱাৰ্নিং দিছে?

বক্স : মই আপোনাক ৱাৰ্নিং দিছোঁ যে মোৰ ধঁপাত খোৱা পাইপডাল আঁতৰালে লগে লগে আপোনাক আৰু এটা ৱাৰ্নিং দিম।

মিচেচ বাউন্সাৰ : ভাল বাৰু। আৰু কিবা ক’বলগীয়া আছে আপোনাৰ?

বক্স : নাই। ৰাতিপুৱাই আপুনি যথেষ্ট বিৰক্ত কৰিলে মোক।

মিচেচ বাউন্সাৰ : কিবা প্ৰয়োজন হ’লে জনাব৷

বাওঁফালৰ দুৱাৰখনেৰে ওলাই গৈ ধাম কৈ জপাই থৈ যায়৷

বক্স : উসঃ এই কালান্তক মহিলাজনীয়ে সদায় ৰাতিপুৱা মোৰ আগত মুখখন নেদেখুৱালে নহয় নেকি বাৰু! ৰাতিটো কষ্ট কৰি পুৱা শুবলৈ আহোঁ, আৰু এইজনীয়ে মোৰ ৰূমত মুখ চুপতি মাৰিবলৈ আহে। ধেই। এতিয়া কিবা অলপ খাই শোৱাহে কথা আৰু। চিকেন লেগ পিচ এটা আনিছিলোঁ যে ক’ত থ’লোঁ বাৰু? (পকেটত খেপিয়াই চাই) অহ পালোঁ। (পকেটৰপৰা কাগজেৰে মেৰিয়াই অনা চিকেন লেগপিচ এটুকুৰা আৰু ৰোল এটা টেবুলত থয়) এতিয়া জুইকুৰা জ্বলাই লওঁ। মেচবক্সটো ক’ত গ’ল! (জুহালৰ ওচৰত মেচবক্সটো বিচাৰি পাই খুলি লয়। মেচবক্সটোৰ ভিতৰত মাত্ৰ এডাল মেচকাঠি দেখি উচ্চস্বৰত ক’বলৈ ধৰে) মিচেচ বাউন্সাৰে এইটো বৰ ফাল্টু কাম কৰে। মোৰ বস্তুবোৰ ব্যৱহাৰ কৰি থাকে। পৰহি নতুন মেচবক্স এটা আনিছিলোঁ আৰু আজি মাত্ৰ এডাল মেচকাঠি আছে। মিচেচ বাউন্সাৰে মোৰ কয়লা, খৰি, মমবাতি আৰু চেনীও ব্যৱহাৰ কৰি আছে বুলি মই নিশ্চিত। (জুহালৰ কাষৰপৰা মমবাতিৰ সৰু টুকুৰা এটা হাতত লয়) মই ৰাতিটো ৰূমত নাথাকোৱেই। কেৱল দিনত শুবলৈহে আহোঁ। তেনেস্থলত পৰহি অনা মমবাতিডালৰ আধাতকৈ বেছি কেনেকৈ শেষ হৈ যায়! (জুহালৰ ওপৰত মাংস পোৰা গ্ৰীলডাল থয়) আৰু এই গ্ৰীলডালো মিচেচ বাউন্সাৰে ব্যৱহাৰ কৰি আছে। কালি ৰাতিয়েই এইডাল ব্যৱহাৰ কৰিছিল বুলি দেখিলেই গম পায়। এতিয়াও অলপ গৰম হৈয়েই আছে। উসঃ বৰ টোপনি ধৰিছে (হামিয়ায়)। কোনোবাই মোৰ চিকেন লেগপিচ টুকুৰা পুৰি দিলে মই এঘুমটি মাৰি ল’ব পাৰিলোঁহেঁতেন৷ (আকৌ হামিয়ায়) এফাল পোৰা যায় মানে অলপ শুই লওঁ।

বিছনাৰ পৰ্দা আঁতৰাই বাগৰ দি আকৌ পৰ্দা টানি দিয়ে৷

ৰূমত কক্সৰ প্ৰবেশ

কক্স : ধেই। অথন্তৰৰ অন্ত নাই। মাত্ৰ চাৰে এঘাৰ মিনিট পলম হোৱাৰ বাবেই চিকতা মালিকে আজিৰ দিনটোৰ বাবে চুটি কাটি দিলে। বাছ, ফেৰি আৰু ৰিক্সাৰ অহাযোৱা ভাৰা এনেই গ’ল। এতিয়া দিনটোৰ দৰমহা কটা যাবই যিহেতু ৰূমতে শুই থাকোঁ। অ, মাটন এপিচ আনিছিলোঁ নহয় (পকেটত খেপিয়াই মাটন এপিচ উলিয়াই টেবুলত থয়)। এইপিচ খাই শুই দিওঁ। আজি ৰাতিৰ সাজ নাখালেও চলিব। (হঠাৎ টেবুলত থকা ৰোলটো চকুত পৰে)। আৰে, এই ৰোলটো কেনেকৈ আহিল ইয়ালৈ! এঃ ভালেই হ’ল। মই ব্ৰেড আনিবলৈ পাহৰিলোঁ৷ এতিয়া জুই জ্বলাই মাটন টুকুৰা পুৰি লওঁ। মেচবক্সটো ক’ত?(মেচবক্সটো বিচাৰি পাই খুলি এডালো কাঠি নেদেখি আচৰিত হয়) আৰে, মই এডাল কাঠি এৰি গৈছিলোঁ। কোনে নিলে? উৱা, জুহালত জুই জ্বলিয়েই আছে দেখোন। আৰু গ্ৰিলৰ ওপৰত চিকেন লেগপিচ ক’ৰপৰা আহিল? এতিয়া মই নিশ্চিত যে মিচেচ বাউন্সাৰে মোৰ অনুপস্থিতিত মোৰ জুহালত মোৰ খৰি, কয়লা, চেনী ব্যৱহাৰ কৰি নিজৰ বাবে আহাৰ ৰান্ধে। আৰু সহ্য কৰিব নোৱাৰি৷

গ্ৰীলৰপৰা চিকেন টুকুৰা আনি প্লেটত থৈ নিজে অনা মাটন টুকুৰা গ্ৰীলত বহুৱাই দি বাওঁফালৰ দুৱাৰেদি ষ্ট’ৰ ৰূমলৈ ওলাই গৈ ধাম কৈ দুৱাৰখন বন্ধ কৰি দিয়ে।

বক্স : ( সাৰ পাই উঠি আহে) কোন সেয়া? মিচেচ বাউন্সাৰ নেকি? সোমাই আহক। (হঠাৎ মনত পৰে গ্ৰীলত পুৰিবলৈ থৈ অহা চিকেন টুকুৰাৰ কথা) ভগৱান, কিমান দেৰি শুই আছিলোঁ বা। চিকেন টুকুৰা পুৰি শেষ হ’ল চাগে। (একেজাঁপে বিছনাৰপৰা নামি জুহালৰ ওচৰলৈ যায়।) আৰে, ইয়াত মাটন ক’ৰপৰা আহিল! মই শুই থাকোঁতেই মিচেচ বাউন্সাৰে মোৰ চিকেন পিচ আঁতৰাই নিজৰ ব্ৰেকফাষ্ট সাজু কৰি ল’ব খুজিছে। কি ধুৰ্ত তিৰোতা এইজনী। (খিড়িকী খুলি মাটন টুকুৰা দলিয়াই দি খিড়িকী জপাই দিয়ে।) মিচেচ বাউন্সাৰৰ ব্ৰেকফাষ্ট কৰা হৈ গ’ল। মোৰ চিকেন টুকুৰা সেকি লওঁ৷

প্লেটৰপৰা চিকেন টুকুৰা আনি আকৌ গ্ৰীলত বহুৱাই দি সোঁফালৰ ষ্ট’ৰ ৰূমৰ দুৱাৰেদি ওলাই গৈ দুৱাৰখন জপাই দিয়ে। বক্স ওলাই যোৱাৰ লগে লগে বাওঁফালৰ ষ্ট’ৰ ৰূমৰ দুৱাৰেদি কক্স প্ৰবেশ কৰে। হাতত চাহৰ কাপ, চামুচ ইত্যাদি লৈ জুহালৰ ওচৰলৈ যায়।

কক্স : আৰে মোৰ মাটন টুকুৰা ক’লৈ গ’ল। আকৌ চিকেন টুকুৰা গ্ৰীলত উঠাই থৈছে। মোৰপৰা ৰূমৰ ভাৰাও ল’ব আৰু মোৰ জুহালত মোৰ খৰি ব্যৱহাৰ কৰি আহাৰো ৰান্ধিব। সহ্যৰ সীমা চেৰাই গৈছে এই বদমাচ বাউন্সাৰজনীয়ে।

গ্ৰীলৰপৰা চিকেন টুকুৰা লৈ খিড়িকীৰে দলিয়াই চাহৰ যোগাৰ কৰিবলৈ ষ্ট’ৰ ৰূমলৈ যাওঁতেই সোঁফালৰ ষ্ট’ৰ ৰূমৰপৰা চাহৰ বাচন লৈ অহা বক্সৰ লগত কক্সৰ মুখামুখি হয়৷

বক্স : আপুনি কোন?

কক্স : আগতে আপুনি উত্তৰ দিয়ক আপুনি কোন?

বক্স : মোৰ ৰূমত সোমাই আপুনিয়েই মোক সোধে মই কোন। আপুনি টুপীৰ দোকানৰ কৰ্মচাৰীজন নহয়নে?

কক্স : আপোনাক কিয় লাগে? আপুনি নিশ্চয় প্ৰিণ্টিং প্ৰেছত কাম কৰা নিশাচৰজন।

বক্স : সেইবোৰ আপোনাক কিয় লাগিছে। আপুনি মোৰ ৰূমৰপৰা ওলাই যাওক।

কক্স : মই নিজৰ ৰূমতে আছোঁ মহাশয়। আপুনি ভুলতে মোৰ ৰূমত সোমাইছে।

বক্স : মোৰ ভুল হোৱা নাই। আপুনি অনুগ্ৰহ কৰি চাদৰ ওপৰত থকা আপোনাৰ জুপুৰীটোলৈ যাওক।

কক্স : মোৰ জুপুৰী? সেইটো আপোনাৰহে। আপুনি যাওক।

বক্স : মোৰ খং উঠাই ল’লে কথা বিষম হ’ব কিন্তু। মোৰ ৰূমৰপৰা ভালে ভালে ওলাওক।

কক্স : আপোনাৰ ৰূম? হাঃহাঃ! এইটো মোৰ ৰূম। এয়া চাওক, ৰূমৰ ভাৰা দিয়াৰ ৰচিদ আছে মোৰ ওচৰত৷

পকেটৰপৰা ৰচিদ এখন উলিয়াই দিয়ে৷

বক্স : তেনেহ’লে এইখন কি চাওক।

পকেটৰপৰা হুবহু ৰচিদ এখন উলিয়াই দিয়ে৷

কক্স : (হঠাৎ চিঞৰি উঠে) ডকাইত।

বক্স : মাৰ্ডাৰ

কক্স/বক্স : (চিঞৰি) মিচেচ বাউন্সাৰ।

মিচেচ বাউন্সাৰ দৌৰি আহি বাওঁফালৰ দুৱাৰেদি সোমায়।

মিচেচ বাউন্সাৰ : কি হ’ল? কিয় চিঞৰিছে ইমান?

দুয়োৱে তেওঁৰ দুহাতত ধৰি জোকাৰিবলৈ ধৰে৷

কক্স : এই প্ৰিণ্টাৰজনক এতিয়াই মোৰ ৰূমৰপৰা উলিয়াই দিয়ক।

বক্স : এই টুপীৱালাজনক গতিয়াই বাহিৰ কৰি দিয়ক।

মিচেচ বাউন্সাৰ : ৰ’বচোন, মোৰ কথা শুনকচোন।

কক্স : (মিচেচ বাউন্সাৰক নিজৰফালে ঘূৰাই লৈ) কওক কাৰ ৰূম এইটো।

বক্স : (মিচেচ বাউন্সাৰক নিজৰ ফালে ঘূৰাই লৈ) হয়, কাৰ ৰূম এইটো আপুনিয়েই কৈ দিয়ক।

কক্স : মোৰ ৰূম নহয় নেকি এইটো?

মিচেচ বাউন্সাৰ : নহয়

বক্স : সেয়া, কৈছিলোঁ নে এইটো মোৰ ৰূম বুলি?

মিচেচ বাউন্সাৰ : আপোনাৰো নহয় মি: বক্স।

কক্স/বক্স : তেনেহ’লে কাৰ ৰূম এইটো?

মিচেচ বাউন্সাৰ : দুয়োৰে।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী

    কিছু বঢ়িয়া নাটক অ, অনুবাদো খুব ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.