ফটাঢোল

মূল: মাজনিশাৰ অতিথি,লেখক :ৰবাৰ্ট আৰ্থাৰ ,ভাৱানুবাদ-চিত্ৰলেখা দেৱী

(প্ৰসিদ্ধ আমেৰিকান লেখক  ৰবাৰ্ট আৰ্থাৰৰ  ৰেডিঅ’ নাটিকাৰ বাবে প্ৰস্তুত কৰা  এলানি  ৰহস্য গল্পৰ  THE MIDNIGHT VISITOR নামৰ গল্পটোৰ সংক্ষিপ্ত  ভাৱানুবাদ)

ফউলাৰে এতিয়ালৈকে যিমানবোৰ  চিক্ৰেট এজেণ্টৰ  বিষয়ে  পঢ়িবলৈ পাইছে সেইবোৰৰ  এজনৰো  বৰ্ণনাৰ লগত  এইজন  এজেণ্ট  অউজাবুলৰ  মিল নাই।  লেখক ফউলাৰে  চিক্ৰেট এজেণ্ট  অউজাবুলৰ পাছে পাছে আহি  থাকোঁতে এই কথাটোকে ভাবি  আহি আছে। এখন আন্ধাৰ ফৰাচী হোটেলৰ একেবাৰে ওপৰৰ  ষষ্ঠ মহলাৰ অকণমান কোঠা এটা হৈছে   এই ৰহস্য সন্ধানী অউজাবুলৰ বাসস্থান। ঠেক কৰিড’ৰটোৰে তেওঁক অনুসৰণ কৰি থাকোঁতে  ফউলাৰ কোনোমতেহে  লুটি খাই নপৰাকৈ গৈ থাকিল  আৰু  তেওঁৰ নিজকে কিবা এক দুঃসাহসিক অভিযানত যোৱা  যেন লাগিছে।

অউজাবুলৰ  বিষয়ে ক’বলৈ গ’লে, তেওঁ এজন শকত-আৱত  ব্যক্তি, মানে ভালকৈয়ে শকত আৰু! তেওঁৰ  কথা-বতৰাও মন কৰিবলগীয়া। যদিও তেওঁ  ফৰাচী আৰু জাৰ্মান ভাষা সলসলীয়াকৈ কয়, কথাত এটা  আমেৰিকান ঠাঁচ বিদ্যমান। কাৰণ  বিশ বছৰমানৰ আগতে পেৰিছলৈ অহাৰ আগত তেওঁ  আমেৰিকাত  ডাঙৰ-দীঘল হৈছিল।

: আপুনি পিচে হতাশ  হ’ল‌।

অউজাবুলে  ফউলাৰৰ বাউসীৰ ওপৰলৈ চাই ক’লে।

: আপোনাক কোৱা  হৈছিল যে, মই এজন  চিক্ৰেট এজেণ্ট, এজন স্পাই-চোৰাংচোৱা, যিয়ে অনবৰতে  ৰহস্য আৰু  বিপদৰ মাজত কাৰবাৰ কৰে।

আপুনি  মোক এই কাৰণেই লগ পাবলৈ বিচাৰিছিল যে, আপুনি  এজন  ৰোমাণ্টিক মনৰ ডেকা লিখক। আপুনি  নিশ্চয়  মোৰ  এটা  ৰহস্যময়  চেহেৰা  আশা কৰি আহিছিল, যাৰ লগত  থাকিব  পিষ্টল আৰু পানীয়ৰে সৈতে  এটা  নিশা।

: আপুনি  এতিয়া এটা ফৰাচী  মিউজিক হলত গভীৰ ক’লা চকুৰ  সুন্দৰীৰ  সৈতে সুন্দৰকৈ সময় উপভোগ কৰিব পাৰিলেহেঁতেন, তাৰ সলনি আক’ এজন থোপোকা  মানুহৰ সৈতে সাক্ষাৎ কৰিবলৈহে টেলিফোনযোগে এপইণ্টমেণ্ট  ল’লে!

মুখৰ ভিতৰতে ভোৰভোৰাই  অউজাবুলে  দুৱাৰৰ তলা খুলিলে আৰু  আলহীজনক সোমাবলৈ সুবিধা কৰি দি  নিজে দুৱাৰৰফালে একাষৰীয়াকৈ  ৰ’ল।

: আপোনাৰ  ধাৰণা ভ্ৰান্ত,

অউজাবুলে ক’লে,

: পিচে ধৈৰ্য্য ধৰক ডেকা ল’ৰা;  মই আপোনাক  এতিয়া এখন অতি  গুৰুত্বপূৰ্ণ  কাগজ  দেখুৱাম  যিখনৰ  বাবে  ভালেমান  পুৰুষ-মহিলাই নিজৰ  জীৱনৰ ৰিস্ক ল’ব লগা  হ’ল। মোৰ  লগত সোমাই আহক। সোনকালেই এনে এটা দিন আহিব যে সেই কাগজখনে বুৰঞ্জীত  ঠাই পাব। সেই  ভাৱতে  এইখনক লৈ গোটেই নাটকখন চলি আছে নহয়নে বাৰু?

কথা কৈ  কৈ  ফউলাৰৰ লগে লগে  অউজাবুলো কোঠাৰ ভিতৰলৈ সোমাই গৈ লাইটৰ চুইচটো দি দিলে আৰু  যেতিয়া লাইট জ্বলিলে ফউলাৰে দিনটোৰ  ভিতৰত  প্ৰথমটো  কঁপনি  অনুভৱ কৰিলে।  কাৰণ কোঠাটোৰ  মাজমানত  হাতত  এটা  সৰু  স্বয়ংক্ৰিয়  পিষ্টল লৈ মানুহ এজন  থিয় হৈ আছে।

অউজাবুলে অকণমান সময় চকু  পিৰিকিয়ালে।

: মেক্স,

তেওঁ চিঞৰি উঠিল,

: তুমি কিন্তু মোক সম্পূৰ্ণ এটা  ধাক্কা দিলা দেই। তুমি  বৃটেইনত আছা বুলিহে ভাবিছিলোঁ। পিচে, মোৰ কোঠাত সোমাই কি কৰিছা?

মেক্স এজন কিছু  ওখ-পাখ লোক; জোঙা মুখখনেৰে শিয়ালৰ দৰে দেখা যায়। অৱশ্যে  হাতৰ  পিষ্টলটোৰ  বাহিৰে  তেওঁক দেখিবলৈ  ইমান ভয়ঙ্কৰ যেন লগা  নাই।

: ৰিপোৰ্টটো,

মেক্সে ভোৰভোৰালে। সেই ৰিপোৰ্টটো, যিটো  আজি তোমাৰ হাতত পৰিলহি  কিছুমান মিছাইল সম্পৰ্কীয় তথ্য সমৃদ্ধ।  মই  ভাবিলোঁ এইটো তোমাৰ পৰা মই  লৈ লোৱা  ভাল হ’ব; কাৰণ মোৰ হাততহে ই বেছি  নিৰাপদে  থাকিব।

অউজাবুল এখন আৰামী চকীৰফালে গৈ গধুৰ ভাবে বহি পৰিল।

: মই  এতিয়া  চয়তানৰ চৰিত্ৰ উদঙাই দিম হোটেলৰ  ব্যৱস্থাপনাৰ  লগত সম্পৰ্কৰে সৈতে, তুমি  বাজি মাৰিব পাৰা।

তেওঁ দাঁত চেলাই ক’লে।

: এইটো  এইমাহৰ ভিতৰত  দ্বিতীয়টো  ঘটনা,  কোঠাৰ  বাহিৰত থকা বেলকনিখনেদি  মোৰ  কোঠাত  মানুহ  সোমোৱাৰ।

ফউলাৰৰ  চকু নিজে নিজেই কোঠাত থকা এপটিয়া খিৰিকীখনৰ ফালে গ’ল।  এইখন এখন নিচেই সাধাৰণ খিৰিকী যিখনেৰে বাহিৰৰ  ক’লা অন্ধকাৰ দৃশ্যমান  হৈ আছে।

: বেলকনি!

মেক্সে এটা  প্ৰফুল্লিত মনেৰে ক’লে।

: নহয়, মই  এটা নকল চাবিৰে আহিছোঁ। ইয়াত বেলকনি এটা আছে  বুলি  নাজানিছিলোঁৱেই। নহ’লে ই মোক ইতিমধ্যে মই কোঠাত সোমাওঁতে  সন্মুখীন হোৱা  সমস্যাসমূহৰ পৰা  বচালেহেঁতেন।

: এইটো আচলতে  মোৰ কোঠাৰ  বেলকনি  নহয়।

অউজাবুলে  অতি বেছি আমনি পোৱা যেন  দেখুৱাই ক’লে,

: এইটো  কাষৰ এপাৰ্টমেণ্টৰ লগত  সংলগ্ন।

তেওঁ  ফউলাৰৰ ফালে  ঘূৰি চাই বৰ্ণনা কৰিবলৈ ধৰিলে,

: চাওকচোন, মোৰ  কোঠাটো  ভালেমান কোঠা থকা এটা  ডাঙৰ গোটৰ এটা  অংশ আৰু  সেই  কাষৰ কোঠাটো, এই দুৱাৰখনৰ সিফালে থকাটো,  বহা কোঠা  হিচাপে ব্যৱহাৰ কৰা হয়। সেই কোঠাৰ লগতে  বেলকনিটো আছে  যিটো  মোৰ কোঠাৰ খিৰিকীখনৰ তল পাইছেহি।  আপুনি আহোঁ বুলিলে সেই খালী হৈ  থকা কোঠাটোৰ পৰা  দুখন দুৱাৰ খুলি গৈ বেলকনিটো পাই মোৰ কোঠালৈ এই খিৰিকীৰে  সোমাই আহিব পাৰে আৰু  এই কামটো  যোৱা মাহত কোনোবাই কৰিছে। হোটেলৰ  ব্যৱস্থাপনা বিভাগটোৱে  মোক  কথা  দিছিল  এইটো বন্ধ কৰি দিব বুলি। কিন্তু তেওঁলোকে এতিয়াও  কামটো কৰা নাই।

মেক্সে  ফউলাৰলৈ দৃষ্টি নিক্ষেপ কৰিলে, যি এতিয়াও  জঠৰ হৈ  অউজাবুলৰ  ওচৰতে থিয় দি আছে।   তেওঁৰ ফালে  পিষ্টলটো জোকাৰি  মেক্সে  আদেশ দিয়াৰ ভঙ্গীত ক’লে,

: অনুগ্ৰহ কৰি বহক;  মই  ভাবোঁ  আমি আধা ঘণ্টামান  ইয়াত ৰ’ব লাগিব।

: একত্ৰিশ  মিনিট,

অউজাবুলে  গহীনাই ক’লে।

: আমাৰ  এপইণ্টমেণ্টটো  ১২-৩০ বজালৈকে ঠিক কৰা আছিল।  মই  আশা কৰোঁ, মই  জানিবলৈ পাম বুলি মেক্স,  তুমি  ৰিপোৰ্টটোৰ কথা  ক’ৰপৰা  জানিলা  সেই কথা।

পোৱালি  চোৰাংচোৱাটোৱে  বেয়া ধৰণেৰে হাঁহি দেখুৱালে,

: আৰু  আমি  আশা কৰোঁ যে আমি  জানো  তোমাৰ  মানুহবোৰে  এইটো  কেনেকৈ  সংগ্ৰহ  কৰিছিল।  কিন্তু  একো বেয়া  ঘটনা  ঘটা নাই। আজি  ৰাতিলৈকে মই এইটো ওভতাই  নিম।  কি সেইটো? দুৱাৰ মুখত কোন  আছে?

হঠাতে  দুৱাৰত কোনোবাই টুকুৰিয়াই  দিয়াৰ শব্দত ফউলাৰ  জঁপিয়াই উঠিল; অউজাবুলে  মাত্ৰ  হাঁহিলে।

: সেয়া পুলিচ  হ’ব পাৰে,

অউজাবুলে  ক’লে,

: মই  ভাবিলোঁ  যে ইমান  গুৰুত্বপূৰ্ণ  কাগজ এখন মোৰ ওচৰত থাকিলে  এটা বিশেষ ধৰণৰ  নিৰাপত্তাৰ  প্ৰয়োজন  হ’ব।  সেই কাৰণে মই  পুলিচত খবৰ এটা দি মোৰ  কোঠাত  মাজে-সময়ে খা-খবৰ  লৈ থাকিবলৈ  কৈ থৈছিলো‍ঁ।

মেক্সে নাৰ্ভাছ হৈ ওঁঠ  কামুৰি ধৰিলে।   দুৱাৰত টোকৰ বাৰে বাৰে  হ’বলৈ  ধৰিলে।

: পিচে, তুমি এতিয়া  কি কৰিম বুলি ভাবিছা মেক্স?

অউজাবুলে  সুধিলে,

: মই  যদি এতিয়া দুৱাৰখন খুলি নিদিওঁ, তেওঁলোকে যিকোনো উপায়েৰে হ’লেও সোমাই আহিবই।  দুৱাৰখনত  হুক লগোৱাও নাই আৰু  তেওঁলোকে গুলীয়াই দিবলৈ অকণো  কুণ্ঠাবোধ নকৰে।

মেক্স খৰকৈ খিৰিকীখনৰ ফালে  যাওঁতে খঙত তেওঁৰ  মুখখন ক’লা  হৈ পৰিছে। খিৰিকীৰে বাহিৰলৈ এটা  ভৰি  উলিয়াই তেওঁ খঙেৰে  ক’লে,

: সিহঁতক পঠিয়াই দিয়া, মই বেলকনিতে ৰৈ আছোঁ। সিহঁতক পঠিয়াই দিয়া, নহ’লে মই সুযোগ  পালেই  গুলীয়াই  দিম।

দুৱাৰৰ টোকৰবোৰ ঘনকৈ আৰু জোৰে জোৰে হ’বলৈ ধৰিলে। বাহিৰৰ পৰা মাত এটাও ভাঁহি আহিল,

: মিঃ অউজাবুল, মিঃ অউজাবুল,

তেতিয়াও  অউজাবুল আৰু  ফউলাৰলৈ এখন হাতেৰে পিষ্টলটো  টোঁৱাই থকাৰ বাবে গাটোত পাক এটা  খুৱাই ইখন হাতেৰে খিৰিকীত বহি থকা মানুহটোৱে খিৰিকীৰ ফ্ৰেমত ধৰি লৈ বাহিৰলৈ ওলাই যাবলৈ সাজু হ’ল। আনটো ভৰিও তেওঁ পাৰ কৰি কেৱল  এখন হাতেৰে  খিৰিকীত ধৰি ৰ’ল।

দুৱাৰখনৰ নবটো বাহিৰফালৰ পৰা  পাক খোৱা দেখা গ’ল। মেক্সে  তৎক্ষণাত খিৰিকীত ধৰি থকা হাতখনো এৰি দি তলৰ বেলকনিলৈ  জঁপিয়াই  দিলে আৰু  ঠিক তেতিয়াই  বাহিৰফালৰ পৰা এটা চিঞৰ  ভাঁহি  আহিল।

দুৱাৰ খুলি এজন ৱেইটাৰৰ আৱিৰ্ভাব  ঘটিল। তেওঁৰ হাতৰ ট্ৰেখনত এটা  ৱাইনৰ বটল আৰু দুটা গিলাচ।

: আপুনি আহোঁতে তলত অৰ্ডাৰ দি থৈ অহা মতে পানীয় লৈ আহিছোঁ।

ৱেইটাৰজনে কৈ কৈ টেবুলত বস্তুবোৰ  সজাই  দিলে। কাম শেষ কৰি  কোঠাটোৰ পৰা তেওঁ ওলাই গ’ল।

শেঁতা পৰা মুখেৰে ফউলাৰে থৰ লাগি চাই থাকিল।

: কিন্তু—“

তেওঁ খোনাই খোনাই  কোনোমতে  ক’লে,  “পুলিচ— “

: দুৱাৰত কোনো পুলিচ  নাছিল।

অউজাবুলে হুমুনিয়াহ কাঢ়িলে।

: কেৱল  হেনৰী নামৰ ৱেইটাৰজনহে আছিল; মই  তেওঁৰ বাবেই  বাট চাই  আছিলোঁ।

: কিন্তু,  সেই মানুহজন বেলকনিত  ৰৈ থকা নাই  জানো?

ফউলাৰে আকৌ ক’লে।

: নাই,

অউজাবুলৰ উত্তৰ আহিল,

: সি ঘূৰি নাহে আৰু জানেনে বন্ধু? কিয়নো, খিৰিকীৰ বাহিৰত কোনো  বেলকনি নাই।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.