ফটাঢোল

মূল : মেৰা কৰৱাচৌথ কা ব্ৰত, লেখক : পণ্ডিত বেদপ্ৰকাশ শাস্ত্ৰী – ভাবানুবাদ : ৰাজশ্ৰী শৰ্মা

ভাৰতীয় সংস্কৃতিত ব্ৰতপালনৰ এক সুকীয়া মৰ্য্যাদা আছে। অলেখ স্ত্ৰী-পুৰুষ আৰু কিছু শিশুৱেও বিভিন্ন অজুহাতত ব্ৰত ৰাখে। কিন্তু এই ব্ৰত পালন কৰা কামটোত মহিলাসকলে যিটোহে অধিকাৰ সাব্যস্ত কৰি থৈছে, দেখিলেই মনত ঈৰ্ষা জাগ্ৰত হৈ উঠে। মোটামুটি সকলো ধৰণৰ ব্ৰতৰেই একোটা উদ্দেশ্য থাকে। যিহেতু অধিকাংশ ব্ৰতৰেই অধিকাৰ মহিলাৰ হাতত গতিকে সেইবোৰৰ উদ্দেশ্যও মহিলাৰ হিততে হয় আৰু পুৰুষসকল সদায়েই থাকে ঘাটিত। এই ব্ৰতপালনৰ এলাহৰ বাবেই আজিলৈকে পুৰুষসকলে এইটো বুজি নাপালে যে কোনটো ব্ৰতত তেওঁলোকৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ ৰচি থোৱা আছে।

এতিয়া কৰৱাচৌথৰ কথাকে ধৰক- এতিয়ালৈকে মই নিশ্চিত আছিলোঁ যে নাৰীসকলে এই ব্ৰতটো একেবাৰে নিঃস্বাৰ্থভাৱে আৰু বিশুদ্ধ মনেৰে পালন কৰে। কিন্তু মোৰ এই ভ্ৰম সিদিনাই ভাঙিল যিদিনা মই ক’ৰবাত এটা কাহিনী পঢ়িলোঁ। কাহিনীটো এনে ধৰণৰ- এবাৰ এযোৰ পতি-পত্নী মন্দিৰলৈ পূজা কৰিবলৈ গ’ল। পত্নী গৰাকীয়ে ভগৱানৰ সন্মুখত মূৰ দোঁৱাই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিলে যে, “হে প্ৰভু! হে দয়াৰ সাগৰ পৰমপিতা ভগৱান! হে পৰম কৃপালু! তুমি মোৰ বাকী থকা আয়ুসখিনিও এওঁকে দি দিয়া।”

এই প্ৰাৰ্থনা শুনি পতিজনৰ বৰ খং উঠিল। ক’লে, “নাই নাই ভগৱান, এওঁৰ কথা কোনোপধ্যেই নুশুনিব। এওঁ ভীষণ চালাক চতুৰ আৰু টেঙৰো। সেইকাৰণে আপোনাক তেওঁৰ আয়ুসো মোক দিবলৈ প্ৰাৰ্থনা জনাইছে। তাৰমানে যেতিয়া তেওঁৰ বয়সো মোৰ গাত লাগি যাব, তেতিয়া মই দেখোন সোনকালে বুঢ়া হৈ পৰিম আৰু তেওঁ পাটগাভৰু হৈ পৰিব। আচলতে তাইৰ মনটোৱেই কপটতাৰে ভৰা। গতিকে হে দয়াৰ সাগৰ! কোনোপধ্যেই আপুনি তাইৰ প্ৰাৰ্থনা স্বীকাৰ নকৰিব।”

এইখিনিলৈ পঢ়িয়েই মোৰ গা শিঁয়ৰি উঠিল, সম্পূৰ্ণকৈ পঢ়িবই নোৱাৰিলোঁ। ভাবিলোঁ, এই যে মোৰ মূৰত পকা চুলি, সৰি যোৱা দাঁত, গালে মুখে বলিৰেখাৰ তাণ্ডৱ এইবোৰো ক’ৰবাত কৰৱাচৌথৰ ব্ৰতৰেই প্ৰভাৱ নহয়তো! কিজানি ভগৱানে মোৰ পত্নীৰো প্ৰাৰ্থনা মঞ্জুৰ কৰি ল’লে যাৰ ফলত আজি মোৰ গাত তেওঁৰ আয়ুস লাগি মই সময়তকৈ আগতেই বুঢ়া হ’বলৈ ধৰিছোঁ৷

ইমানদিনেতো মই এইটোৱেই ভাবি আহিছিলোঁ যে এয়া সময়ৰে আহ্বান, এদিন নহয় এদিন সকলোৱে বুঢ়া হয়, শৰীৰ দুৰ্বল হয় আৰু লাহে লাহে সকলো ক্ষয়ৰ দিশে আগবাঢ়ে। কিন্তু এই পতি-পত্নীৰ কাহিনীটো পঢ়ি মোৰ মগজুত লাগিল যে এই বৃদ্ধ হোৱা পৰিঘটনাটো ক’ৰবাত কৰৱাচৌথৰ বাবেই নহয়তো! বহুত সময় গম্ভীৰভাৱে বিষয়টো পৰ্য্যালোচনা কৰি চিন্তা কৰিলোঁ ইয়াৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় কি হ’ব পাৰে। ভগৱান বুদ্ধয়োতো সংসাৰৰ কষ্টৰ পৰা ৰক্ষা পাবলৈ ধ্যানৰ মাধ্যমেৰেই উপায় বিচাৰিছিল।

“আৱশ্যকতাই আৱিষ্কাৰৰ মূল”

এই আপ্তবাক্যশাৰীকেই লক্ষ্যত ৰাখি মই সমাধানসূত্ৰ বিচৰাত লাগিলোঁ। অৱশেষত মোৰ কষ্টই পাৰ পালে, অনেক চিন্তাৰ অন্তত ইমান এটা জটিল সমস্যাৰো সমাধান পাই গ’লোঁ আৰু ময়ো এইটো সিদ্ধান্ত ল’লোঁ যে এইবাৰ কৰৱাচৌথৰ ব্ৰত ময়ো পালন কৰিম। তেনেকৈ ময়ো মোৰ আয়ুসৰ পৰা শ্ৰীমতীক দিম আৰু তেতিয়া দুয়োৰে বয়সৰ সন্তুলনো ঠিক থাকিব।

ঘৰলৈ উভতি আহি মোৰ পত্নীক এই প্ৰস্তাৱটো দিলোঁ যে এইবাৰ ময়ো ব্ৰত পালন কৰিম। মোৰ পত্নী একেবাৰে চক খাই উঠিল আৰু আচৰিত হৈ ক’লে, 

: কিন্তু এইটো মহিলাসকলৰহে ব্ৰত, পুৰুষৰ নহয়তো। তুমি আকৌ কেনেকৈ ৰাখিবা? এইটোতো কেৱল মহিলাইহে ৰাখে।

মই ক’লোঁ,

: নাই, এতিয়া আৰু স্ত্রীকূূলৰ একণ্টকা অধিকাৰৰ দিনৰ অন্ত পৰিল। কাৰণ মহিলাসকলে এই কৰৱাচৌথৰ উপবাস কৰি পুৰুষ মহিলাৰ মাজৰ বয়সৰেই গোলমাল লগাই দিছে। এই ব্ৰতৰ দ্বাৰা তিৰোতাসকলৰ বয়স দিনে দিনে কমি যাব আৰু পুৰুষৰ আয়ুস বহুত দীঘলীয়া হৈ পৰিব। তেনেকৈ গৃহস্থালীৰ গাড়ীখনৰ দুয়োটা চকাৰ মাজত সামঞ্জস্য নোহোৱা হৈ পৰিব। এটা চকা বহুত আগতেই সৰি পৰিব আৰু দ্বিতীয়টো বহুযুগৰ পিছত। যদি এনেকুৱাকৈয়ে চলি থাকে তেন্তে সংসাৰৰ গাড়ীখন দেখোন চলোৱাই বন্ধ হৈ পৰিব আৰু সংসাৰো নচলিব।

অৱশেষত সেই বহু আকাংক্ষিত দিনটো আহি পালে। কৰৱাচৌথৰ আগদিনা সন্ধিয়াৰ পৰাই মই ব্ৰতৰ যোগাৰত লাগিলো‌ঁ। এনেই নিয়মমতে মহিলাসকলে সূৰ্য্যোদয়ৰ পৰা সূৰ্য্যাস্তলৈকে ব্ৰত পালন কৰে আৰু চন্দ্ৰৰ মুখ চাইহে ব্ৰত ভাঙে। কিন্তু মই নিজৰ সুবিধামতে ৰাতিয়েই ব্ৰত ৰাখিম বুলি ঠিৰাং কৰিলোঁ।ইয়াৰপৰা দুটা লাভ হ’ব; প্ৰথমতে শুই থকাৰ বাবে ব্ৰতত থকাৰ কষ্ট কমকৈ পাম আৰু দ্বিতীয়টো যে ভোকো বেছিকৈ নালাগিব। আচলতেতো এই দিন আৰু ৰাতি দুয়োটা সময় মিলাই যিটো ২৪ঘণ্টা হয়, সেইটোহে সম্পূৰ্ণ এটা ‘দিন’। গতিকে ব্ৰত মই দিনতে ৰাখিলোঁ বা ৰাতিয়েই ৰাখিলোঁ, দুয়োটাৰে প্ৰভাৱ সমানেই হ’ব নিশ্চয়। কিজানি ৰাতি ব্ৰত ৰখাটোহে অধিক চতুৰালিৰ কাম হ’ব!

ব্ৰতৰ আৰম্ভ যিহেতু চন্দ্ৰোদয়ৰ লগে লগে হ’বলগীয়া আছিল, গতিকে সন্ধিয়া লগাৰ কিছুসময় আগতেই মই ভূৰি-ভোজন কৰি লৈ ৰাতিটোৰ ব্ৰতৰ বাবে সাজু হ’লোঁ। চন্দ্ৰ দেৱতাও মোৰ প্ৰতি সুপ্ৰসন্ন আছিল, সেইকাৰণে সিদিনা অলপ সোনকালেই উদয় হৈ গ’ল। অৱশেষত ইমান দিনৰ প্ৰতীক্ষাৰ অন্তত আৰম্ভ হ’ল মোৰ কৰৱাচৌথৰ ব্ৰত! চন্দ্ৰদৰ্শন হোৱাৰ পিছত কিছু সময় বহিলোঁ দূৰদৰ্শনৰ সন্মুখত আৰু অলপ সময় ঘৰ গৃহস্থালীৰ আলোচনাতেই পাৰ হৈ গ’ল। তেতিয়ালৈকে দহ বাজিলেই। ময়ো আৰামত বিছনাত পৰিলোঁগৈ। মহিলাসকলেওতো ব্ৰতৰ মাজতে দিনত শোৱে! সেইকাৰণে ময়ো শুই যোৱাত একো পাপ নাছিল। পিছদিনা ৰাতিপুৱা সূৰ্য্যোদয় নহওঁতেই মই শুই উঠিলোঁ। স্নানাদি নিত্যকৰ্ম সম্পন্ন কৰিলোঁ। তেতিয়ালৈকে সূৰ্য্যও উদয় হ’ল। এতিয়া মই ভক্তিভাৱেৰে সূৰ্য্যদেৱক জলদান কৰি প্ৰণাম জনালোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ, “হে দেৱাদিদেৱ সূৰ্য্যদেৱ! হে কৃপানিধন! হে প্ৰভু, মোৰ আয়ুসখিনি মোৰ পত্নীক দি দিয়া।” এনেদৰে স্তুতি কৰাৰ পাছতে জলপান কৰি মই মোৰ ব্ৰতৰ নিবৃত্তি কৰিলোঁ।

আনহাতে মোৰ পত্নীয়েও সূৰ্য্যোদয়ৰ সময়ত ঈশ্বৰক সেৱা আগবঢ়াই কিবা এটা খাই লৈ নিজৰ ব্ৰতৰ আৰম্ভণি কৰিলে। সন্ধিয়া তেওঁ চন্দ্ৰোদয়ৰ সময়ত সম্পূৰ্ণ ভাৱ-ভক্তিৰে চন্দ্ৰদৰ্শন কৰি অৰ্ঘ্য যাচিলে আৰু সেৱা জনাই ক’লে, “হে চন্দ্ৰদেৱতা! মোৰ আয়ুসখিনি মোৰ পতিদেৱক দি দিয়া।” কিন্তু এইকথা শুনি এইবাৰ মোৰ মন বিচলিত নহ’ল, কাৰণ মোৰ মনত এইটো সন্তোষ আছিল যে আমাৰ দুয়োৰে আয়ুস পৰস্পৰৰ মাজতে দিয়া লোৱা হৈ গৈছে যিহেতু এইবাৰ বয়সৰ সন্তুলনো ঠিকেই থাকিব।

মাজে মাজে ভাবোঁ সকলো স্বামীয়েই যদি এনেদৰে ব্ৰত ৰাখিলে হয় কিমান ভাল আছিল। পতি-পত্নীৰ মাজৰ বয়সৰ পাৰ্থক্যও দূৰ হ’লহেঁতেন আৰু দুয়োৰে মাজৰ অসহিষ্ণুতা, মতভেদবোৰো কমি থাকিলহেঁতেন। যিবোৰ যুৱকৰ এতিয়াও বিয়া হোৱা নাই, তেওঁলোকেও এইটো ব্ৰত ৰখা উচিত কাৰণ অনেক আবিয়ৈ ছোৱালীয়েও এই ব্ৰত পালন কৰে। কোৱা হয় যে ভাগ্যবিধাতাই আমাৰ কপালত কাৰ সৈতে বিয়া হ’ব সেয়া আগতেই লিখি দিয়ে। গতিকে সতৰ্কতা বজাই ৰাখিবলৈ উঠি অহা ডেকাসকলেও এই ব্ৰতপালনত ব্ৰতী হোৱা উচিত।

আশাকৰোঁ যে সকলো যুৱকে মোৰ এই আহ্বানত যোগদান কৰি নিয়মানুসাৰে উপবাসাদি পালন কৰি পুৰুষ-একতাৰ পৰিচয় দিব। কিন্তু মহিলাসকলেতো ব্ৰত পালনৰ নামত হাতত ৰং বিৰঙী খাৰু পিন্ধে, সেইটো ভাবি আকৌ আপোনালোকেও খাৰু পিন্ধি ঘৰত নবহিব। এই ব্ৰত পালনৰ উদ্দেশ্য কেৱলমাত্ৰ নিজকে বৃদ্ধ হোৱাৰ পৰা বচোৱা, মহিলা হৈ পৰা নহয়। 

শেষত পুৰুষ-একতা জিন্দাবাদ! – প্ৰসন্নতাৰ কথা এয়ে যে মোৰ ব্ৰতৰ প্ৰচাৰ ও প্ৰসাৰ দুয়োটাই হ’ব ধৰিছে।পুৰুষ ব্ৰত আন্দোলনৰ প্ৰয়াসো অলপ অলপকে আগবাঢ়িছে।

☆ ★ ☆ ★ ☆

19 Comments

Leave a Reply

Your email address will not be published.