ফটাঢোল

মূল: লালু ,লেখক :শৰৎচন্দ্ৰ চট্টোপাধ্যায়,অনুবাদ -বিবেকানন্দ চৌধুৰী

ল’ৰালিকালত মোৰ এজন বন্ধু আছিল, লালু। আধা শতিকা আগেয়ে অৰ্থাৎ তোমালোকে ঠিক ধাৰণা কৰিব নোৱাৰিবা। আমি এখন সৰু বঙালী স্কুলৰ একে শ্ৰেণীৰে ছাত্ৰ আছিলোঁ। আমাৰ বয়স তেতিয়া দহ-এঘাৰ। মানুহক ভয় খুওৱাৰ, জব্দ কৰাৰ কিমান যে কৌশল তাৰ মগজত সোমাই আছিল! সি মাকক এবাৰ ৰবৰৰ সাপ দেখুৱাই ইমান চক খুৱাইছিল যে তেওঁ ভৰি মোচোকা খাই সাত-আঠদিন খোজ দিওঁতে খোৰাব লগা হৈছিল। তেওঁ খঙতে ক’লে— তাক এজন ঘৰুৱা শিক্ষক ঠিক কৰি দিবলৈ। গধূলি আহি পঢ়াবলৈ বহিলে সি আৰু উৎপাত কৰিবলৈ সুযোগ নাপাব।

শুনিয়েই লালুৰ দেউতাকে ক’লে— নহ’ব। তেওঁৰো কোনো গৃহ শিক্ষক নাছিল, নিজৰ চেষ্টাত বহু দুখ-কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি এতিয়া এজন প্ৰতিষ্ঠিত উকীল। ইচ্ছা যে, ল’ৰায়ো তেনেকৈয়ে বিদ্যা লাভ কৰক। কিন্তু এটা চৰ্ত ৰখা হ’ল অৱশ্যে যি বাৰেই বছৰেকীয়া পৰীক্ষাত প্ৰথম হ’ব নোৱাৰিব, সেইবাৰৰপৰাই ঘৰুৱা শিক্ষক লাগি যাব। সেই যাত্ৰাত লালুই পৰিত্ৰাণ পালে ঠিকেই কিন্তু মাকৰ ওপৰত ৰুষ্ট হৈ থাকিল। কাৰণ তেওঁহে ঘৰুৱা শিক্ষক জাপি দিয়াৰ তালত আছে। সি ভালদৰেই বুজি পাইছে তাৰ গতি কি হ’ব।

লালুৰ দেউতাক ধনী মানুহ। কেইবছৰমান হ’ল পুৰণি ঘৰ ভাঙি তিনিমহলা ঘৰ সাজি উলিয়াইছে। তেতিয়াৰপৰাই লালুৰ মাকৰ একান্ত ইচ্ছা গুৰুদেৱক এই ঘৰত আনি ৰাখিব, পদধূলা ল’ব। কিন্তু তেওঁ বুঢ়া মানুহ, ফৰিদপুৰৰপৰা ইমানদূৰ আহিবলৈ মান্তি নহ’ল, কিন্তু এইবাৰ সেই সুযোগ আহিছে। স্মৃতিৰত্ন সূৰ্যগ্ৰহণ উপলক্ষ্যে কাশীলৈ আহিছে, তাৰেপৰাই চিঠি লিখিছে উভতি যাওঁতে নন্দৰাণীক আশীৰ্বাদ কৰি যাব। লালুৰ মাকৰ আনন্দৰ সীমা নাই-অভ্যৰ্থনাৰ আয়োজনত ব্যস্ত— ইমানদিনৰ মনোকামনা পূৰ্ণ হ’ব, গুৰুদেৱৰ পদধূলা পোৱা হ’ব। ঘৰ হৈ পৰিব পৱিত্ৰ।

তলৰ মহলাৰ ডাঙৰ কোঠালীটোৰ পৰা বস্তু-বাহানি আঁতৰোৱা হ’ল, নতুন খাট, নতুন তুলী, বিছনাৰ কাপোৰ, গাৰু, আঠুৱা আদি অনোৱা হ’ল— গুৰুদেৱৰ বাবে। কোঠালীটোৰ এটা চুকতেই তেওঁৰ পূজা-আহ্নিকৰ ব্যৱস্থা কৰি দিয়া হ’ল, কাৰণ তিনিতলাৰ গোঁসাইগৰলৈ ইমানবোৰ খটখটী তেওঁ বগাব নোৱাৰিব।

সময়মতে গুৰুদেৱ আহি পালে। কিন্তু আহিয়েই দুৰ্যোগৰ সন্মুখীন হ’ল। সমগ্ৰ আকাশ ছানি কলীয়া ডাৱৰ, প্ৰচণ্ড ধুমুহা, প্ৰৱল বৰষুণ— আৰু যে বিৰাম নাই।

ইপিনে বিভিন্ন উপাদেয় খাদ্য প্ৰস্তুত কৰোঁতে, ফল-ফুল সজাওতে লালুৰ মাকৰ উশাহ ল’বৰো সময় নাই। তাৰ মাজতেই নিজ হাতে বিছনা জোকাৰি আঠুৱা তৰি ঠিক-ঠাক কৰি থৈ গ’ল। কথা-বতৰাত নিশা ভালেখিনি হৈ গ’ল, পথশ্ৰমত ক্লান্ত গুৰুদেৱ এসময়ত বিছনাত উঠিল। লগুৱা-লিকচৌবোৰো শুবলৈ গুচি গ’ল। পৰিষ্কাৰ কোঠালী, নতুন, সুকোমল শয্যা দেখি প্ৰসন্ন গুৰুদেৱে অন্তৰেৰে নন্দৰাণীক আশীৰ্বাদ কৰিলে। কিন্তু গভীৰ নিশা অকস্মাত তেওঁৰ টোপনি ভাগিল। এনে লাগিল যেন আঠুৱাৰ মাজেৰে ওপৰৰ ছাদৰপৰা নিগৰি তেওঁৰ সু-পৰিপুষ্ট পেটত পানী পৰিছে। উঃ কি ঠাণ্ডা পানী! গুৰুদেৱে দৌৰাদৌৰিকৈ বিছনাৰ পৰা নামি পেটটো মচি ল’লে, নিজৰ মনতে ক’লে, নন্দৰাণী, নতুন ঘৰ সাজিলা ঠিকেই, কিন্তু পশ্চিমৰ কাঢ়া ৰ’দত ছাদখন ইতিমধ্যেইচোন ফাট মেলিলেই। ফিটা লগোৱা খাট, বেছি গধুৰ নহয়, আঠুৱা সহিত সিখন আন এটা চুকলৈ টানি নি আকৌ শুলে। কিন্তু আধা মিনিটো নহ’ল, চকু মুদ খাব খুজিছিলহে, তেনেতে দুই-চাৰি টোপাল একেই হিম চেঁচা পানী টপটপকৈ পেটৰ ঠিক সেই ঠাইডাখৰতেই পৰিবলৈ আৰম্ভ কৰিলেই নহয়। আকৌ উঠি, পেটৰ পানী মচি খাটখন চোঁচৰাই আন এচুকলৈ গ’ল— কিন্তু তাতো একেই গতি। গুৰুদেৱে ভাবিলে যে ছাদখন গোটেই ইমূৰ-সিমূৰ ফাট মেলিছে। আকৌ শুলে, আকৌ একে ঘটনাৰ পুনৰাবৃত্তি। তেনেকৈ ইফাল-সিফাল কৰি শুকান ঠাই বিচাৰিলে, কিন্তু নাই, সবতে একেই অৱস্থা। ইতিমধ্যে টনাটনি কৰোঁতে কৰোঁতে বিছনাই তিতি থাকিল। শোৱে ক’ত? স্মৃতিৰত্ন বিপদত পৰিল। বয়সীয়াল মানুহ, অজান ঠাইত দুৱাৰ খুলি বাহিৰ ওলাবলৈয়ো ভয়, আৰু ভিতৰত থকাও বিপদজনক। আকৌ প্ৰকাণ্ড ফাঁট মেলা ছাদখন যদি বৰষুণৰ কোবত মূৰতেই ভাঙি পৰে! ভয়ে ভয়ে দুৱাৰ খুলি বাৰাণ্ডালৈ ওলাল। তাত বাৰু লেম এটা জ্বলি আছে, কিন্তু ক’তো এটা জনপ্ৰাণীও নাই— থকাৰ কথাও নহয়। ইপিনে ঘিটমিটীয়া এন্ধাৰ। যেনে বৰষুণ তেনে ধুমুহাৰ প্ৰকোপ। বাহিৰত থিয় দি থকাও অসম্ভৱ। লগুৱা-লিকচৌবোৰ কোনপিনে থাকে, ক’ত শোৱে তেওঁৰতো কোনো ধাৰণাই নাই। দুই এবাৰ চিঞৰি মাতিবৰ চেষ্টাও কৰা হ’ল, কিন্তু বতাহৰ সোঁ-সোৱণিত সব তল পৰিল। কোনো সঁহাৰি নাই। এমূৰে এখন বেঞ্চ আছিল, লালুৰ দেউতাকৰ দুখীয়া মক্কেলসকলক বহুৱাবলৈ। গুৰুদেৱ অগত্যা তাতেই বহিল। আত্মমৰ্যাদা লাঘৱ হোৱা যেন অনুভৱ হ’ল কিন্তু উপায় কি? উত্তৰ পিনৰপৰা অহা বতাহে কঢ়িয়াই অনা এচাৰেকণি গাত পৰাত ঠাণ্ডাত গা শিৰশিৰাই উঠিল— ধুতীখনৰ আগটো গাত মেৰিয়াই লৈ ভৰিদুখন যথাসম্ভৱ ওপৰলৈ তুলি, অলপ আৰাম পোৱাৰ ব্যৱস্থা কৰি ল’লে। দেহ অৱশ, চকুৰ পতাত টোপনিৰ ভৰ, নিশাৰ গধুৰ আহাৰ, ইপিনে অনিদ্ৰা— দুটামান টেঙা উগাৰো আহিল— ভয় আৰু বাঢ়িল। তেনেতে আহিল নতুন এক অভাৱনীয় উপদ্ৰৱ। প্ৰকাণ্ড প্ৰকাণ্ড মহ এজাক আহি কাণত গানৰ ওচৰত গাবলৈ আৰম্ভ কৰিলে। প্ৰথম অলপ সময় আওকাণ কৰা হ’ল। কিন্তু মাত্ৰ দুই মিনিটতে বুজা গ’ল ইহঁত সংখ্যাত অগণন। গোটেই গাত খজুৱতিত ৰক্ষা নোপোৱা হ’ল। ইহঁতক উপেক্ষা কৰি চলিব পৰা বীৰপুৰুষ তেওঁ নহয়। স্মৃতিৰত্নই দ্ৰুত স্থানত্যাগ কৰিলে কিন্তু গোটেইজাক গাতে লাগি আহিল। ঘৰৰ ভিতৰত পানীৰ বাবে যি গতি বাহিৰত আকৌ মহৰ বাবে একেই গতি। হাত ভৰিৰ নিৰন্তৰ আস্ফালন, গামোছাৰ দ্ৰুত সঞ্চালনতো এই আক্ৰমণ প্ৰতিহত নহ’ল। স্মৃতিৰত্ন ইমূৰৰপৰা সিমূৰলৈ তেওঁৰ দেহভাৰ বহন কৰি দৌৰাদৌৰি কৰি থাকিল, শীতৰ নিশাও তেওঁৰ ঘাম বাজ হ’ল। তেওঁৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ’ল কিন্তু মান-সন্মানৰ কথাতো আছে। কল্পনা কৰিলে নন্দৰাণীয়ে আঠুৱাৰ নিৰাপদ বেষ্টনীত সুকোমল শয্যাত সুখনিদ্ৰা উপভোগ কৰিছে, ঘৰৰ আনবোৰেও নিজ নিজ শেতেলীত আৰামত নিদ্ৰাৰত— কেৱল তেওঁহে বিৰামহীনভাৱে দৌৰি আছে।

ক’ৰবাত চাৰিটাৰ ঘণ্টা বাজিল। এইবাৰ তেওঁ হাত দাঙি দিলে— দে বাপুহঁত যিমান তেজ শুহ শোহ্, মই আৰু নোৱাৰিছোঁ। এইবুলি বাৰাণ্ডাৰ একোণত পিঠিখন যথাসম্ভৱ বচাই আউজি বহি পৰিল। নিজকে নিজে ক’লে, বেলি ওলোৱালৈ যদি সঁচাকৈ প্ৰাণ থাকে, এই আপদীয়া ঠাইত আৰু একমুহূৰ্তও থকা নচলিব। প্ৰথম গাড়ীতেই ওলাই যাব লাগিব। কিয় যে ইয়ালৈ আহিবলৈ মনটো পিছুৱাই আছিল তাৰ কাৰণ বুজা গ’ল। এটা সময়ত সৰ্বসন্তাপহৰ নিদ্ৰাই তেওঁৰ দুখ মোচন কৰিবলৈ আঁকোৱালি ল’লে-তেওঁ অচেতনপ্ৰায় হৈ শুই পৰিল।

ইপিনে নন্দৰাণী পোহৰ হওঁতেই সাৰ পাই ধহমহাই উঠিল- গুৰুদেৱৰ পৰিচৰ্যাত লাগি যাব লাগে। ৰাতি গুৰুদেৱে সামান্য জলপানহে কৰিলে— যদিও কাৰবাৰটো বেছ গধুৰেই আছিল, তথাপি মনত অলপ ক্ষোভ আছিলেই, যে খোৱা-লোৱা চাগৈ সিমান ভাল নহ’ল। আজি দিনত নানাবিধ উপচাৰেৰে সেইখিনিত সম্পূৰ্ণতা আনিব লাগিব।

নন্দৰাণী তললৈ নামি আহিল, দেখে গুৰুদেৱৰ দুৱাৰ মেলা। গুৰুদেৱ আগতে উঠা দেখি অলপ লাজো পালে। ঘৰৰ ভিতৰলৈ ভূমুকি মাৰি চাই হতবাক! দক্ষিণৰ খাট উত্তৰে। বেগটো ক’ৰবাত লুটি খাই আছে; কোষাৰ্ঘ, আসন ইত্যাদি পূজা-আহ্নিকৰ বস্তুবোৰ চব স্থানভ্ৰষ্ট – কাৰণটো তেওঁ বুজি নাপালে। বাহিৰলৈ আহি ভৃত্যসকলক চালে, কোনেও তেতিয়ালৈ শয্যাত্যাগ কৰাই নাই। তেতিয়া হ’লে অকলে অকলে গুৰুদেৱ গ’ল ক’লৈ? হঠাৎ চকু গ’ল- সেয়া কি? এটা চুকত চকা মকা আন্ধাৰত মানুহৰ নিচিনা কিবা এটা বহি আছে নে? সাহস কৰি কাষলৈ গৈ জুমি চাই দেখে, গুৰুদেৱ। অব্যক্ত আশংকাত চিঞৰি উঠিল- গুৰুদেৱ!গুৰুদেৱ!

টোপনি ভাঙি স্মৃতিৰত্নই চকু মেলি চালে, তাৰপিছত লাহে লাহে পোন হৈ বহিল। নন্দৰাণীয়ে ভয়ত, লাজত কান্দি কান্দি সুধি পেলালে,

: গুৰুদেৱ, আপুনি ইয়াত কিয়?’

স্মৃতিৰত্নই থৰক-বৰককৈ উঠি থিয় হৈ ক’লে—

: মোৰ যে গোটেই নিশা দুখৰ সীমা নাছিল অ’ আই।

: কিয়, পিতা?

: নতুন ঘৰটো সাজিছা কিন্তু ছাদখনৰ অৱস্থাই নাইচোন। গোটেই নিশাৰ বতাহ-ধুমুহা বাহিৰত যিমান পৰিছে, সিমান পৰিছে মোৰ গাত। খাটখন টানি য’তেই নিনিও কিয় তাতেই গাত পানী পৰে। পাছে ছাদ ভাঙি মূৰত পৰাৰ ভয়ত বাহিৰলৈ পলালোঁ। কিন্তু তাতো জাক জাক মহে মোৰ গোটেইখিনি তেজ শুহি খালে অ’ আই। ইফালৰ পৰা দৌৰিছোঁ সিফাললৈ, সিফালৰ পৰা দৌৰিছোঁ ইফাললৈ।

বহু প্ৰয়াস, বহু সাধনাৰ বলত ঘৰলৈ অনা বৃদ্ধ গুৰুদেৱৰ অৱস্থা দেখি নন্দৰাণীৰ দুনয়নত অশ্ৰুধাৰাৰ সোঁত ব’বলৈ ধৰিলে। তেওঁ ক’লে,

: কিন্তু পিতা, ঘৰটোচোন তিনিমহলীয়া, আপোনাৰ কোঠাটোৰ ওপৰত আৰু তিনিটা মহলা আছে, বৰষুণৰ পানী তিনিখন ছাদ ফুটি কেনেকৈ পৰিব পাৰে?

কথাখিনি কৈ থাকোঁতেই নন্দৰাণীৰ মূৰত হঠাৎ খেলালে যে ইয়াত নিশ্চয় লালুৰ কিবা ভূমিকা আছে।লৱৰি গৈ বিছনাখন পৰীক্ষা কৰি চাই দেখে যে বিছনা চাদৰখনৰ ঠিক সোঁমাজত বহুখিনি অংশ তিতি আছে আৰু আঠুৱাৰপৰা টোপটোপকৈ পানী পৰি আছে। আঠুৱাৰ ওপৰলৈ ডিঙি মেলি চাই দেখে যে কাপোৰ এডাখৰেৰে বন্ধা ডাঙৰ এচপৰা বৰফ, গোটেইখিনি তেতিয়াও গলি শেষ হোৱা নাই, কিছু বাকী আছে। প্ৰচণ্ড খঙত দৌৰি বাহিৰ ওলাল, সন্মুখত যাকে পালে হুকুম দিলে, এই হাৰামজাদা লালু ক’ত? বাকী কাম বাদ দিয়া, তাক য’তে পোৱা কোবাই কোবাই ধৰি লৈ আহা।

লালুৰ দেউতাকো হুলস্থূল শুনি তললৈ নামি আহি ঘৈণীয়েকৰ মূৰ্তি দেখি হতবাক হৈ সুধিলে,

: কি হ’লহে, কি হ’ল?

নন্দৰাণীয়ে কান্দি কান্দি ক’লে—

: হয় তোমাৰ সেই লালুক ঘৰৰপৰা উলিয়াই দিয়া, নহ’লে ময়ে গৈ গঙ্গাত ডুবি এই মহাপাতকৰ প্ৰায়শ্চিত্ত কৰিম।

: কি কৰিলে সি?

: বিনা দোষে গুৰুদেৱৰ কি দশা হৈছে, নিজ চকুৰেই চোৱাচোন।

আটায়ে ভিতৰলৈ আহিল। নন্দৰাণীয়ে বৰ্ণনা দিলে, দেখুৱালে। গিৰিহঁতক ক’লে,

: এই অসুৰটোক লৈ মই কেনেকৈ ঘৰত থাকিমহে, কোৱাচোন।

গুৰুদেৱে গোটেই কাহিনী ফটফটীয়াকৈ বুজি পাই নিজৰ নিৰ্বুদ্ধিতাত হাঃ হাঃ কৈ হাঁহিত ফাটি পৰিল। ল’ৰাৰ দেউতাকে অইনফালে মুখ ঘূৰাই হাঁহি চেপি থিয় দি থাকিল।

ভৃত্য আহি নমস্কাৰ দি জনালে, লালুবাবু কোঠি মে নাহি হায়। আন এজনে আহি জনালে যে সি মাহীয়েকৰ তাত বহি জলপান খাই আছে। মাহীয়েকে তাক আহিবলৈ দিয়া নাই।

মাহী মানে মাকৰ সৰু ভনী। তাইৰো গিৰিয়েক উকীলেই। কাষৰ চুবুৰীটোতে থাকে।

ইয়াৰ পাছত পোন্ধৰদিনমানলৈ লালুই ঘৰৰ চৌহদতো ভৰি নিদিলে।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published.