ফটাঢোল

মূল :লীলাৱতীৰ মৃত্যু,লেখক : হুমায়ূন আহমেদ,ভাবানুবাদ- মুনমুন সৰকাৰ শইকীয়া

পুখুৰী এটাৰ ঠিক মাজ-মজিয়াত পদুম ফুল ফুলি আছে। ফুলপাহ পানীপৃষ্ঠৰপৰা এক ফুট ওপৰত। ঠিক তেনেকুৱাতেই বৰ বেগেৰে বতাহ বলিল, ফুলপাহে তিনিফুট দূৰলৈ গৈ পানী স্পৰ্শ কৰিলে। পুখুৰীৰ গভীৰতা নিৰ্ণয় কৰা। (লীলাৱতী)

এনেকুৱা বহু অংক সৰুতে মই মোৰ পাটীগণিতৰ কিতাপত পাইছিলোঁ, প্ৰশ্নৰ শেষত লীলাৱতীৰ নাম লিখা। ঘটনাটো কিনো? লীলাৱতী মানুহজনী কোন? এই জটিল অংকৰ সৈতে তেওঁৰ সম্পৰ্কই বা কি?

যি গম পালোঁ, সেইমতে সপ্তম শতিকাৰ বিখ্যাত ভাৰতীয় গণিতজ্ঞ শংকৰাচাৰ্যৰ একমাত্ৰ জীয়ৰীৰ নাম লীলাৱতী। তাইৰ কপালত বৈধব্যযোগ আছে বুলি অপবাদ দি ঠিক কন্যা সম্প্ৰদানৰ মূৰামূৰি সময়ত দৰাঘৰীয়াই বিয়া ভাগি দিয়ে। লীলাৱতীয়ে যেতিয়া গভীৰ দুখত কান্দি উঠিছিল, তাইৰ পিতৃয়ে কৈছিল, “আই, তোমাৰ বাবে কিবা এটা কৰাৰ সামৰ্থ্য মোৰ নাই, হ’লেও পৃথিৱীৰ মানুহে যেন বহুত দিনলৈকে তোমাক মনত পেলাই থাকে সেই ব্যৱস্থা মই কৰি থৈ যাম।” তেওঁ গণিতৰ এখন পুথি লিখি জীয়ৰীৰ নামেৰে তাৰ নামকৰণ কৰি থৈ যায়, “লীলাৱতী।”

গল্পটোৱে মোক ইমানেই অভিভূত কৰিছিল যে এদিন ৰাতি লীলাৱতীক মই সপোনতো দেখিছোঁ। ঘূৰণীয়া এখন মুখ। ডাঙৰ ডাঙৰ ধুনীয়া এহাল চকু। দৃষ্টিত অভিমান। দীঘল কেঁকোৰা চুলি। শঙ্খৰ দৰে বগা গাৰ বৰণ। খুব মন গ’ল সপোনত দেখা ছোৱালীজনীক লৈ এটা উপন্যাস লিখিবলৈ। শংকৰাচাৰ্যৰ গণিতৰ কিতাপখনৰ দৰেই উপন্যাসৰ নামো হ’ব লীলাৱতী। উপন্যাস লিখিছিলোঁ। প্ৰকাশো হৈছে। লেখা এটা ছপা হৈ ওলোৱাৰ পিছত তাক লৈ মোৰ কোনো উৎসাহ নাথাকে। কাহিনী, চৰিত্ৰৰ নাম, আনকি সময়ত কিতাপৰ নামো পাহৰোঁ। লীলাৱতীৰ ক্ষেত্ৰত তেনে নহ’ল। নামটো মনত থাকি গ’ল। বাৰে বাৰে ভাবিলোঁ মোৰ তিনিজনী ছোৱালী কাকোৱেই এই নামটো দিয়া নহ’ল কিয়?

মই মোৰ তিনিওজনী জীয়ৰীৰ নাম বৰ লৰালৰিকৈ ৰাখিলোঁ। একো নভবা নিচিন্তাকৈ ৰাখিলোঁ। ডাঙৰজনীৰ নাম নোভা। কাৰ্ল সেগান আমেৰিকান টেলিভিছনত কছমছ নামৰ এটা অনুষ্ঠান কৰিছিল, তাত নোভা, সুপাৰনোভাক লৈ বহু কথা আলোচনা হৈছিল। সেই দেখি ছোৱালীজনীৰ নাম নোভা দিয়া হৈছিল। শীলা নামটো মানিক বন্দ্যোপাধ্যায়ৰ বিখ্যাত গল্প ‘শৈলজা শীলা’ৰপৰা লোৱা। একেবাৰে নুমলীয়া জীৰ নামটো তাৰাশংকৰৰ বিপাশা উপন্যাসৰপৰা লোৱা। বেলেগৰ গল্প উপন্যাসৰপৰা নাম লৈছোঁ অথচ  নিজৰ উপন্যাসৰপৰা লোৱা নাই এইটো কেনেকুৱা কথা হ’ল? হ’লেও লীলাৱতী নাম ৰখাৰ সুযোগ যে তথাপিতো বাকী থাকি গৈছে সেয়া ভাবিয়েই সান্ত্বনা লভিলোঁ। মোৰ জীয়ৰীৰ বিয়া হ’ব, ল’ৰা ছোৱালী হ’ব লেখক পিতৃ হিচাপে তেওঁলোকে মোক নাম এটা বাচনি কৰি দিবলৈ ক’ব তেতিয়া কোনোবা এজনীৰ নাম লীলাৱতী থ’ম। কিন্তু ভবামতে কাম নহ’ল হঠাতেই মই মোৰ ল’ৰা ছোৱালীৰপৰা আঁতৰি আহিলোঁ। কাৰণ মই গায়িকা তথা অভিনেত্ৰী শাওনক বিয়া পাতিলোঁ।

বহু ধুমুহা পাৰ হৈ গ’ল। কাকতে পত্ৰই বহুতে বেয়াকৈ লিখিলে, অশ্লীল গল্পৰ দৰে। মোক মোৰ পৰিয়ালৰ মানুহে কৰিলে, তাইৰ ক্ষেত্ৰতো একেই হ’ল। শাওনৰ সমান ছোৱালীবোৰৰ বিয়াক লৈ যি হেঁপাহ তাইৰ এটাও পূৰণ নহ’ল। তাই অকলেই বিয়াৰ বজাৰ কৰিলে। মোৰ ককাই-ভাই বাইদেউহঁত সকলো প্ৰতিষ্ঠিত ব্যক্তি। সমাজৰ ঠিকাদাৰৰ ভূমিকা পালনত ব্যস্ত। শাওনক বিয়া পতাৰ আগতেই দীৰ্ঘ চাৰি বছৰ মই অকলেই কটাইছিলোঁ তেওঁলোকৰ কৃপাত। প্ৰথমে উত্তৰাত এবছৰ ভাড়াঘৰত তাৰ পিছত দিন হাওয়াত। হুমায়ূন আহমেদ দুষ্ট মানুহ তেওঁলোকৰ মতে গতিকে সি নিজকে সংশোধন নকৰিলে ঘৰত থাকিব নোৱাৰিব। উত্তৰাৰ ভাড়াঘৰত অকলে থাকোতে মোৰ খুব কষ্ট হৈছিল। আগৰপৰাই ৰাতি প্ৰায়েই টোপনিত মোক কিহবাই বুকুত হেঁচি ধৰিছিল। অকলে থাকিলে সেই সমস্যাবোৰ সঘনাই দেখা দিয়ে সেয়ে ৰাতি লাইট পৰ্য্যন্ত জ্বলাই বহি থাকিছিলোঁ।

এনে মানসিক অৱস্থাত খবৰ আহিল যে মোৰ ককাই – ভাইসকলে মাৰ লগত লগ লাগি মোৰ বিৰুদ্ধে এখন সংবাদমেলৰ আহ্বান কৰিছে। সেই সংবাদমেলত মোৰ অনৈতিক কামসমূহৰ বৰ্ণনা দিয়া হ’ব। পৰিয়ালৰ কাৰো লগত যে মোৰ সম্পৰ্ক নাই সেই কথা কোৱা হ’ব। আৰু সাংবাদিক সকলোকে কোৱা হ’ব যেন মোৰ কোনো কথাক লৈ মোৰ পৰিয়ালৰ কাকোৱেই যাতে বিৰক্ত কৰা নহয়। মাৰ ওচৰলৈ লৰি গ’লোঁ। কথাবোৰ সঁচা হয় নে নহয় জানিব খুজিলো। মায়ে ক’লে, “সঁচা।”

মই সুধিলো, “আপুনিও থাকিব নে সংবাদমেলত?”

তেওঁ ক’লে, “হয় থাকিম।”

হতভম্বৰ দৰে মালৈ বহুপৰ চাই থাকিলোঁ। সিদিনা মাক কি কৈছিলোঁ আজি আৰু মনত নাই, কিন্তু মনত আছে মূৰ তল কৰি উভতি আহিছিলোঁ। অৱশেষত সংবাদমেল নহ’ল, মায়ে হ’বলৈ নিদিলে, হয়তো পুত্ৰস্নেহৰ ওচৰত পৰাজিত হ’ল।

আমাৰ বিয়াৰ তিনিমাহৰ পাছতেই শাওনৰ মাকে তাইক ক্ষমা কৰি দিলে। তেওঁ কন্যাৰ প্ৰতি থকা মৰমৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে হয়তো। শাওন তেওঁৰ অতি মৰমৰ। সমস্ত পৃথিৱী এফালে আৰু শাওন এফালে। জীয়ৰীৰ প্ৰতি থকা এই অন্ধ মৰমৰ ব্যাখ্যা মোৰ ওচৰত আছে কিন্তু মই এই কাহিনীত সেয়া নকওঁ। ক্ষমাৰ প্ৰমাণ হিচাপে তেওঁ নিজৰ বোৱাৰীৰ হাতত শাওনলৈ গহনাৰ এটা ছেট পঠালে। শাওনে নিজৰ বিয়াৰ একমাত্ৰ উপহাৰ পাই কান্দি কাটি অস্থিৰ হৈ উঠিল। গোটেই ৰাতিটো গহনা পিন্ধি কান্দি কান্দি বহি থাকিল। শাওনৰ দেউতা কিন্তু আকোৰগোজ স্বভাৱৰ, তেওঁ ক’লে বিয়া বাৰু পতালৈ ঠিকেই আছে কিন্তু ল’ৰা-ছোৱালী এটা যাতে নহয় , তেওঁ তাইৰ পুনৰ্বিবাহ কৰাব খোজে। ল’ৰা-ছোৱালী হ’লে বিয়া দিবলৈ অসুবিধা হ’ব।

কিন্তু বিধিৰ লিখন! শাওনে কনচিভ কৰিলে। তাই খুব সুখী হ’ল। সন্তান হ’ব বুলি নিশ্চিত হোৱাৰ পিছত তাই পাগলৰ দৰে আচৰণ কৰিব ল’লে। এবাৰ হাঁহে, এবাৰ কান্দে। মই তাইৰ এই আচৰণত হতভম্ব হ’লোঁ। এবাৰ আহি মোক সুধিলে, “কোৱাচোন, ল’ৰা হ’ব নে ছোৱালী?” মই ক’লোঁ,” ছোৱালী এজনী হ’ব। নাম দিম লীলাৱতী।”

দিন বাগৰে, মই তবধ মানো শাওনক দেখি দেখি, আহিবলগীয়া সন্তানক লৈ তাইৰ ইমান আনন্দ! ইমান অস্থিৰতা! ইমান উত্তেজনা! প্ৰায়েই ৰাতি ৰাতি তাইৰ কান্দোনত সাৰ পাওঁ। তাইক সোধো, “কিয় কান্দিছা?”

তাই উত্তৰ দিয়ে, “আনন্দত, এটি শিশুৱে মোক মা বুলি মাতিব, সেই আনন্দত।”

মোৰ আগৰেই চাৰিটাকৈ ল’ৰা-ছোৱালী। সিহঁতৰ মাকৰ মাতৃত্বলাভৰ আনন্দত ইমান তীব্ৰতা মন কৰা নাছিলোঁ। কিজানি আছিলেই, কিন্তু অভাৱ অনাটনত বিপৰ্য্যস্ত থকাৰ কাৰণে মই চাগে মনেই কৰা নাছিলোঁ। গৰ্ভৱতী মাকৰ খোৱা খাদ্য, আলপৈচান ধৰাৰ সামৰ্থ্য মোৰ সেই সময়ত নাছিল। মই তেতিয়া ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰবক্তা। সামান্য দৰমহা, যৌথ পৰিয়াল। বাবৰ ৰোডত ঘৰ। ক্লাছ শেষ হ’লে খোজকাঢ়ি ঘৰ পাওঁহি। বাছৰ হেঁচা ঠেলাত আহিব নোৱাৰোঁ। আহোতে মানুহজনীলৈ দুটামান মধুৰিআম কিনি আনো। সেয়াই, তাতেই তাইৰ পৰিচৰ্যা সীমিত।

শীলাৰ জন্ম আমেৰিকাত হৈছিল, তাত একোৱেই অসুবিধা পোৱা নাছিলোঁ। দেশলৈ উভতি আকৌ বিপদত পৰিলোঁ। বিপাশা তেতিয়া মাকৰ গৰ্ভত। তাইৰ জন্ম চৰকাৰী চিকিৎসালয়ত হৈছিল। খৰচ কমাবলৈ এই ব্যৱস্থা কৰা হৈছিল। জীৱন যাপনৰ চিন্তাত মই অস্থিৰ হৈ পৰিছিলো।

এতিয়া মোৰ অৱস্থা ভাল। জীৱন ধাৰণৰ চিন্তাত মই অস্থিৰ নহয়। খোজকাঢ়ি ঘৰলৈ আহিব নালাগে। ফলমূল কিনিবলৈ পইচা আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল সন্তানসম্ভৱা মাতৃৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন লক্ষ্য কৰিবলৈ মোৰ হাতত যথেষ্ট সময় আছে। বৰ আগ্ৰহেৰে লক্ষ্য কৰোঁ সেই পৰিৱৰ্তন। বৰ মায়া হয়। এগৰাকী নৃত্যৰতা যুৱতীয়ে মূৰত কলহ লৈ যিমান সন্তৰ্পণে কলহত তাইৰ সমস্ত চেতনা নিবদ্ধ কৰি নৃত্য কৰে শাওনৰ সম্পূৰ্ণ চেতনা লীলাৱতীময়। তাত আৰু বেলেগৰ স্থান নাই।

লীলাৱতীৰ জন্ম গ্ৰীষ্মকালত হ’ব, মিহি সূতাৰ কপাহী কাপোৰৰ ব্যৱস্থা তাই আগতীয়াকৈ কৰালে ইংলেণ্ড আৰু কানাডালৈ ফোন কৰি। ডাইপাৰ পিন্ধিলে কেঁচুৱাৰ ছালত খজুৱতি হয় বুলি কাৰোবাৰ মুখত শুনিলে কাৰণে নিজেই ৰাতি ৰাতি সাৰে থাকি কেঁথা চিলালে। জসীমুদ্দিনৰ নক্সা অঁকা কেঁথা। খুব ধুনীয়া।

ইতিমধ্যে বজাৰলৈ নতুন আলট্ৰাছাউণ্ডৰ মেচিন এটা আহিছিল, গৰ্ভস্থ সন্তানৰ চেহেৰা চাব পৰা। সেই মেচিনত সন্তানক দেখাৰ পৰা আহ্লাদিত মাকৰ এটাই প্ৰশ্ন, “মোৰ ছোৱালীজনী ইমান ধুনীয়া কেনেকৈ?” মইনো কি উত্তৰ দিম?

আলট্ৰাছাউণ্ডৰ প্ৰিণ্টেৰে ঘৰ ভৰি গ’ল। লীলাৱতীৰ ছবি। আঠ মাহত সোমাল। আৰু এমাহৰ পিছতেই তাই নিজৰ সন্তানক কোঁচত ল’ব পাৰিব।

মই নুহাশপ্লীত। নাটকৰ শ্বুটিং। তাই মাকৰ ঘৰত। হঠাৎ তাই ফোনত কান্দি কান্দি ক’লে, বাচ্চাৰ মুভমেণ্ট নাই। মই বিৰাট ভয় খালোঁ। লগে লগেই তাইক ডাক্তৰৰ লগত যোগাযোগ কৰিবলৈ ক’লোঁ।

“যোগাযোগৰ ব্যৱস্থা নাই। ফোন ধৰা নাই। ৰাতি দহবজাত তেওঁ শুৱে। তুমি চিন্তা নকৰিবা, মোৰ ভাইটি এজন আছে ডাক্তৰ, তাক খবৰ দিয়া হৈছে, সি আহি আছে।”

Murphy law বুলি এটা law আছে। সেই law মতে- if a thing can go wrong, it will go wrong. ঘটনা বেয়াৰ পিনে ঢাল খালে। শাওনৰ ডাক্তৰ ভায়েকজন নাহিল। যিমানবাৰ ফোন কৰিলোঁ প্ৰতিবাৰেই আহি আছে বুলি কোৱাৰ পিছতো নাহিল। শাওনহঁতৰ ঘৰত গাড়ী আছিল, কিন্তু ড্ৰাইভাৰ নাছিল।

গাজীপুৰৰপৰা মই ঢাকাৰ দিশত গাড়ী ঘূৰালোঁ। ধুমুহাৰ গতিত গাড়ী চলিল। মাজহাৰে গাড়ী চলাইছে মাজে মাজে ডাক্তৰৰ সৈতে ফোনত যোগাযোগ কৰিবলৈ আপ্ৰাণ চেষ্টাও কৰিছে।

সেই ডাক্তৰৰ নাম… নাম নকওঁ বাৰু, কিন্তু সেৱাৰ অন্তৰালত তেওঁ যি ব্যৱসায় চলাইছিল সেই ব্যৱসায়ৰ ক্ষতি হোৱা মই নিবিচাৰোঁ। তেওঁ এজন বিখ্যাত ডাক্তৰ কিন্তু আগতেও তেওঁৰ বিৰুদ্ধে মোকৰ্দমাৰ তথ্য আছে, তেওঁৰ অৱহেলাত বহু প্ৰসূতিয়ে প্ৰাণ হেৰুৱাইছিল। পৰিয়ালৰ লোকে মোকৰ্দমা তৰিছিল তেওঁৰ বিৰুদ্ধে। সেই মহান চিকিৎসকয় ক্লীনিকৰ ফোন অকস্মাত কোনোবাই ধৰিলে, মই গোটেই কথাখিনি ক’লোঁ, প্ৰসূতিক ভৰ্তি কৰাবলৈ ক’লে। মই সুধিলো ভৰ্তি যেনিবা হ’ল, ডাক্তৰে এতিয়া চাব নে? তেওঁ ক’লে ডাক্তৰ পুৱা আহিব। মই অনুনয় কৰি ক’লোঁ যে মই হুমায়ুন আহমেদ। বাংলাদেশৰ প্ৰখ্যাত লেখক। ডাক্তৰে মোক চিনি পায়। পাঁচ মিনিট সময় কেৱল কথা পাতিব খোজোঁ। তাই ক’লে ডাক্তৰে এতিয়া নাপাতে। মই হতবাক হ’লোঁ। তেওঁ স্বইচ্ছাই এই পেছা বাচি লৈছিল, কোনেও জোৰকৈ জাপি দিয়া নাছিল। ৰোগীৰ এনে সংকটত যদি তেওঁ সময় দিব নোৱাৰে তেন্তে তেওঁৰ পেছাৰ কি মূল্য থাকিল?

মই শাওনক ফোন কৰি লগে-লগে এপ’ল’ হস্পিটেলত ভৰ্তি হ’বলৈ ক’লোঁ। মই ৰাতি একমান বজাত হস্পিটেল পালোঁ। ডাক্তৰে ক’লে হস্পিটেললৈ অনাৰ আগতেই গৰ্ভস্থ শিশুৰ মৃত্যু হৈছিল আৰু খবৰটো মোক জনাবলৈ দিলে। মোৰ ভৰি হাত চেঁচা পৰি আহিল।

শাওনক এটা কেবিনত শুৱাই থোৱা হৈছে। কাষত মাক। মোক দেখিয়েই কিবা ভৰষা পোৱাৰ দৰে তাই ক’লে, “আমাৰ সন্তানৰ হাৰ্টবিট দুৰ্বল হেনো। তুমি প্ৰাৰ্থনা কৰা, সব ঠিক হ’ব।”

মই তাইৰ মুখলৈ চাই থাকিলোঁ, এনে এক দুঃসংবাদ কিদৰে দিওঁ তাইক? তাই ক’লে, জীৱনৰ পৰিৱৰ্তে জীৱন ভিক্ষা খুজিলে হেনো ঘূৰাই পায়। তাই নিজৰ মাকৰ জীৱনৰ বিনিময়ত সন্তানৰ জীৱন ঘূৰাই বিচাৰিছে কাৰণ তাই নিজৰ অথবা মোৰ জীৱনৰ বিনিময়ত এই কাম কৰিব নোখোজে তাই নিজৰ সন্তানক নিজ চকুৰে চাব খোজে।

শাওনৰ মাকে ক’লে, যদি তেওঁৰ জীৱনৰ বিনিময়ত তাই সন্তান ঘূৰাই পায় তেওঁ হাঁহি হাঁহি মৰিবলৈ ৰাজী। কিন্তু এই ছোৱালীজনীক বুজাব কোনে? দুদিন, দুৰাতি মৃত সন্তান পেটত ধাৰণ কৰি পৰি আছে। তাইৰ কষ্ট মোৰ সহ্য নহ’ল। মই ঘৰলৈ ঘূৰি আহিলোঁ। মোৰ মায়ে এই দুঃসময়ত মোক সংগ দিলে। তেওঁ হস্পিটেলত থাকিল। এদিন মাজৰাতি মোক খবৰ দিয়া হ’ল যে তাই মৃত সন্তান প্ৰসৱ কৰিছে। তাইক চাবলৈ গ’লোঁ, একোৱেই যেন হোৱা নাই ভাবত তাইক হহুঁৱাবলৈ খুব চেষ্টা কৰিলোঁ, এসময়ত সফলো হ’লোঁ কিন্তু তাই একেসময়তে হাঁহিলেও কান্দিলেও। অদ্ভূত দৃশ্য।

কেবিনৰ এটা চুকত সেউজীয়া টাৱেলত মেৰিয়াই কিবা থৈ দিয়া আছিল। বহুতেই গৈ চাইছে। তাইৰ দৃষ্টিও সেইফালে। তাই ক’লে, “তাতেই আছে আমাৰ লীলাৱতী। যোৱা চাই আঁহাগৈ।”

হস্পিটেলত সেউজীয়া টাৱেলত শুই আছে আমাৰ লীলাৱতী। তাই যে মৃত সেই কথা এবাৰো মোৰ মনলৈ নাহিল। পৃথিৱীৰ সমস্ত সৌন্দৰ্য লৈ যেন তাই আহিছিল। ইমান ধুনীয়া, ইমান কৰুণতাৰে ভৰা মুখ।

মোৰ বৰপুত্ৰও হস্পিটেলত ঢুকাইছিল। সিও অপৰূপ আছিল। লীলাৱতীৰ কবৰৰ ব্যৱস্থা প্ৰথমে বেলেগত কৰা হৈছিল যদিও মই মোৰ বৰপুত্ৰৰ কবৰৰ লগতেই তাইৰ কবৰৰ ব্যৱস্থা কৰিলোঁ। আজিমপুৰ কবৰস্থান। মই মাজে মাজে তালৈ যাওঁ নিষ্পাপ দেৱশিশু দুজনে ওচৰা ওচৰিকৈ থাকি আনন্দ কৰিছে নে, খেলাধূলা কৰিছে নেকি সোধো। সিহঁতৰ হৈ প্ৰাৰ্থনা কাক কৰিম, সিহঁতে কাৰোৰ অন্যায় কৰা নাছিল। নিষ্পাপ দুটি শিশু।

নিতান্তই ব্যক্তিগত কাহিনী লিখাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। লেখকৰ কামেই ব্যক্তিগত দুখ বিয়পাই দিয়া। এই লেখাৰদ্বাৰা সেই সকলো শুভাকাংক্ষীলৈ ধন্যবাদ জনালোঁ যিসকলে সেই সময়ত আমাক সাহস দিছিল। শাওনৰ পিতৃ মাতৃক ধন্যবাদ। শোকত ম্ৰিয়মান মাক-বাপেকহালৰ কষ্ট এতিয়াও চকুত ভাঁহি থাকে।

এপ’ল’ হস্পিটেলত এগৰাকী নাৰ্ছে লীলাৱতীক দেখি চকুলো টুকিছিল। তাইকো ধন্যবাদ। তাইৰ চকুপানীৰ মূল্য দিয়াৰ মোৰ সাধ্য নাই। ৰবীন্দ্ৰনাথৰ কাষলৈ উভতি যাওঁ, তেখেতে লিখিছিল,

“শিশু পুষ্প আঁখি মেলি হেরিল এ ধরা

শ্যামল, সুন্দর, স্নিগ্ধ, পীতগন্ধ-ভরা;

বিশ্বজগতেরে ডাকি কহিল, হে প্রিয়,

আমি যতকাল থাকি তুমিও থাকিয়ো”

আমাৰ লীলাৱতীয়ে এই সুন্দৰ পৃথিৱীখন এপলকৰ বাবেও চাবলৈ নাপালে, এই দুঃখ মই ক’ত থ’ম?

সৌজন্য : ‘দৈনিক কালেরকণ্ঠ’।

☆ ★ ☆ ★ ☆

One comment

  • কাবেৰী মহন্ত

    সুন্দৰ সাৱলীল অনুবাদ৷ বিৰাটেই ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.