ফটাঢোল

মেকুৰী – ঈশান জ্যোতি বৰা

বৰ অদ্ভুত ঘটনা এটা হৈ আছে বুইছে! বিশ্বাস কৰে নে নকৰে নাজানো৷ আমাৰফালে ‘কাপোৰ ফলা ভূত’ এটা ওলাইছে৷ বিশেষ সূত্ৰই জনোৱা মতে, তাৰ পেটটো বোলে পিছফাললৈ ফুলা, সাক্ষাৎ ৰঙালাওটোৰ লেখীয়া গোল৷ অৱশ্যে সেইবুলিয়েই খোজকঢ়াত অসুবিধা হোৱা নাই৷ আনুমানিক উচ্চতা দহ ফুট৷ পিচে মানুহৰ ঘৰত সোমাওঁতে উচ্চতাটো অট’মেটিকেলি কমি যায়৷ কি টনিক খাইছে, জনা নাযায়৷ সিপিনে দুজনমান অত্যুৎসাহীয়ে গৈ ওজনো জুখি আহিছে৷ মোটামুটি তিনিশ কেজি৷ এশ শতাংশ বিশুদ্ধ কটনৰ কাপোৰ খাবলৈ পাইছেতো! এজনে আহি আকৌ ক’লে বোলে- আগদাঁতকেইটা হীৰাৰ দৰে৷ জিক্‌মিকাই থকা৷ তথ্যটো শুনি দুটামান ‘প্ৰাক্তন চোৰ’ৰ জিভাৰ পানী পৰিলেই! “দাঁতকেইটা খুলি নি ক’ৰবাত বেচিব পৰাহেঁতেন!” এৰা-হাজাৰ হ’লেও মানুহহে, হীৰা বুলি ক’লে লোভতো লাগিবই৷ অন্যহাতে দুজনমান ‘ইতিহাসবিদ’-এ ভূতটোৰ জন্ম-ৰহস্য, যৌৱনকালৰ পীৰিতি, প্ৰেমিকাৰ লগত সংঘাত, তাৰপিছত বিচ্ছেদ আদিকে ধৰি ন-ন বৈচিত্ৰ্যপূৰ্ণ কথা পোহৰলৈ আনিছে৷ কথাবোৰ জানি ল’ৰা-ছোৱালীমখাই বৰ আনন্দ পাইছে৷ এইবোৰ জানো কম জ্ঞান! গতিকে সিহঁতে সেইবোৰ তথ্য-জ্ঞান মগজুত যিমান পাৰে ঠেলি-হেঁচি সুমুৱাই গৈছে৷ কেতিয়াবা ভূতৰ ৰচনা লিখিবলৈ আহিলে ধাৰাষাৰ লিখি যাব পাৰিব৷ নম্বৰো পাব সৰহ৷ বিস্ময়কৰ এই ভূতটোৰ নামকৰণত বিশেষ ভূমিকা ল’লে আমাৰ সৰ্বেশ্বৰ চলিহাই৷ মানুহজন এনেধৰণৰ সামাজিক কামত বৰ আগ্ৰহী৷ তাতে নামকৰণ কৰাটো তেওঁৰ বোলে পুৰণা হবি৷ গতিকে দায়িত্বভাগ ল’বলৈ পাই তেওঁ বৰ গৌৰৱ অনুভৱ কৰিছে৷ নিগনিৰ দৰে ভূতে কাপোৰ চিৰাচিৰ কৰি যোৱা দেখি চলিহাই ভূতৰ নামটো ৰাখিলে ‘কাপোৰ ফলা ভূত’৷ ৰাইজে একেমুখে শলাগিলে দেহি! হয়, নাম এটা লাগে৷ নহ’লে ভূতৰ দীঘলীয়া বৰ্ণনা দি থাকোঁতেই ভূত আহি জেগা পাবহি আৰু ঠাইতে কাপোৰ-কানি কুটি নাঙঠ কৰি পেলাব৷ সেই বিপৰ্যয় হ’বলৈ নিদি চলিহাই যেনিবা মানুহমখাক উদ্ধাৰ কৰিলে৷ এতিয়া তেৰাৰ কৃপাত ‘নামেই যাৰ পৰিচয়’ হোৱাদি হ’ল৷

আগতেও কৈছোঁ, এতিয়াও কওঁ, এই ভূতটোৱে মানুহ নথকাৰ সুযোগ লৈ কাপোৰ-কানি ফালি খাস্তাং কৰে আৰু কোনোবা ধুবুৰীত অদৃশ্য হয়৷ পিন্ধা কাপোৰৰ পৰা আৰম্ভ কৰি গামোচা, টাৱেল, ৰুমাল, ফটাকানি সকলোতে আঁচোৰৰ দাগ৷ বিশুদ্ধ কটনৰ কাপোৰ তাৰ ফেভাৰিট৷ ছিল্কৰ কাপোৰ বৰ এটা ভাল নাপায়৷

যি কি নহওক; সৌ-সিদিনালৈকে প্ৰাণ-প্ৰাচুৰ্যৰে ভৰি থকা চুবুৰীটোত এতিয়া মুঠতে আতংকময় পৰিৱেশ৷ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে মুখত ভয় আৰু আশংকাৰ চিন স্পষ্ট৷ ফুট গধূলিতে ভাত-পানী খাই ৰাইজ বিচনাত পৰিছে৷ কালি বৈদ্যুতিন মাধ্যমৰ ল’ৰা দুটামান আহি ভূতৰ ৰহস্য ভেদ ভাঙিবৰ চেষ্টা চলালে৷ পাছত ভূতৰ ‘ভ’টোৰে সম্ভেদ উলিয়াব নোৱাৰি বিফল মনোৰথ হৈ ঘৰমুৱা হ’ল৷ “বাদ দে, এইবোৰ আৰু কোনে ইমান মাথা মাৰি থাকে!” সন্ধ্যা এই একেটা ঘটনাৰ সন্দৰ্ভত নিউজ চেনেলৰ ষ্টুডিঅ’ত ‘হাই-ভলটেজ্’ মেল এখন বহিল৷ আলোচকসকলে ঘটনাটোক অন্ধবিশ্বাসৰ নাম দিলে আৰু কুসংস্কাৰত নিমজ্জিত হৈ থকা ৰাইজক ঠিকমতে, হেঁপাহ পলুৱাই তিৰষ্কাৰ আৰু গালিবৰ্ষণ কৰিলে৷ সেইবোৰ কৰি-মেলি অঁতাই তেওঁলোকে উদৰ পূৰাই চাহ-জলপান খালে আৰু ঘৰাঘৰি গ’ল৷ “হয়হে, এইবোৰনো আৰু কিবা কথা হ’লনে! যতচব আনকালচাৰ্ড, আনচিভিলাইজড্ গাঁৱলীয়া মানুহ!”

এতিয়া আমাৰ পাল৷ মানে গাঁৱৰ ডেকাহঁতৰ পাল৷ টিভিত বাতৰিটো ওলোৱাৰ পিছদিনাৰ আবেলি আমি ডেকামখা পুথিভঁৰাল প্ৰাঙ্গণত লগ হ’লোঁ৷ ভূতৰ বিষয়ে আমি ল’ৰাজাক মিলি ভাৱ-বিনিময় কৰাত লাগিলোঁ৷ ঘটনাটোত অলৌকিক শক্তিৰ পৰশ আছে বুলি লগৰ বহুতেই আত্মবিশ্বাসেৰে ক’লে৷ পিচে মই আৰু মোৰ বন্ধু প্ৰশান্ত নাচোৰবান্দা৷ “কি ভুত, কেইছা ভূত! থৈ দেহঁত অ’৷ হজম নোহোৱা কথা কিছুমান কৈ নাথাকিবি৷” এটা কথা সঁচা যে, আমাৰো অলপ-অচৰপ ভয় লাগিছিল৷ পিচে মুখত তাৰ দাগ পৰিবলৈ নিদিলোঁ৷ জানোচা, বিজ্ঞানৰ ছাত্ৰ হৈয়ো এইবোৰ ভিত্তিহীন, যুক্তিহীন কথাত ভুল গৈছ বুলি কোনোবাই উপহাস কৰে৷

: হেৰৌ, মানুহ গৈ দুদিন পিছত মংগল গ্ৰহত ঘৰ-বাৰী সাজিবগৈ আৰু তহঁতে এতিয়াও এইবোৰ ভূতৰ বিষয়ে আলোচনা কৰি আছ?

অলপ উষ্মাৰেই মই কথাষাৰ ক’লোঁ৷ মোৰ কথা শুনি দুটামানে মূৰ তল কৰিলে৷ লাজ পাইছে, পা !

: মোৰ মতে ৰাইজৰ নিদ্ৰা-হৰণ কৰা এই ‘কাপোৰ ফলা’ ভূতটোৰ প্ৰকৃত ৰহস্য উদ্‌‌ঘাটন কৰিব পৰা ব্যক্তি আমাৰ অঞ্চলত এজনেই আছে৷

গৰমত থাকিব নোৱাৰি পিন্ধি থকা চোলাটো খুলি লৈ প্ৰশান্তই ক’লে৷

: কোন অ’? কোন?

: হাজৰিকা ছাৰৰ কথা কৈছ নেকি?

: অ’ ঠিকেই ধৰিছ৷ হাজৰিকা ছাৰ৷

স্থানীয় মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা তথা ‘সূৰ্যোদয় জ্ঞান-বিজ্ঞান সমিতি’ৰ সভাপতি ড৹ বাণীকান্ত হাজৰিকা৷ চহৰৰ বৌদ্ধিক মহলৰ এখন চিনাকি মুখ৷ অন্ধবিশ্বাস-সম্বন্ধীয় আলোচনাবোৰত তেওঁক সঘনে দেখা পোৱা যায়৷ কাকতে-পত্ৰয়ো তেওঁৰ একাধিক বিজ্ঞান-ভিত্তিক প্ৰবন্ধ প্ৰকাশ পাইছে৷ মানুহজনৰ কথা-বাৰ্তা শুনি তেওঁক খুব সাহসী আৰু আত্মবিশ্বাসী যেনেই লাগে৷ অৱশ্যে আজিলৈকে খালী চকুৰে দেখাৰ সৌভাগ্য হোৱা নাই৷

যি কি নহওক; ভূতৰ ৰহস্য ফাদিল কৰিবলৈ অৱশেষত হাজৰিকা ছাৰেই উৎকৃষ্ট বিকল্প বুলি বিবেচিত হ’ল৷ প্ৰস্তাৱত সকলোৱে হয়ভৰ দিলে৷ দুই-এটাই পেংলাইৰ সুৰত “চাবি আকৌ, হাজৰিকা ছাৰক ভূতে পাব” বুলি উপলুঙাসূচক মন্তব্য দিছিল যদিও আমি বৰ এটা কাণ নিদিলোঁ৷

উৎকট গৰমৰ আতিশয্য সহি পিছদিনা আগবেলাতেই আমি গৈ বাণীকান্ত হাজৰিকাৰ পদূলিত উপস্থিত হ’লোঁ৷

যি সময়ত আমি গৈ তেখেতৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিছিলোঁ সেই সময়ত ড৹ বাণীকান্ত হাজৰিকাই বাৰাণ্ডাৰ একমাত্ৰ চকীখনত বহি কিতাপ এখন পঢ়াত ব্যস্ত আছিল৷

: অ’ তোমালোক পালাহি৷ ঐ বাবু৷ ভিতৰৰপৰা চকী দুখন লৈ আনচোন৷

খোজৰ শব্দ শুনি ছাৰে কিতাপখন সমুখৰ টেবুলখনত থৈ আমালৈ চালে৷

: হয় ছাৰ৷ পালোঁহি৷ কিতাপ পঢ়ি আছিল হ’বলা?

ছাৰক নমস্কাৰ এটা জনাই মই সুধিলোঁ৷

: কালি মানে তোমাৰ সেই সপোনত বৰ বেয়া বস্তু এটা দেখিলোঁহে৷ একেবাৰে নেদেখিবলগীয়া বস্তু বুজিছা৷ তাকেই বোলো এই কিতাপখন মেলি কিবা নিৰাময়ৰ উপায় পাওঁ নেকি….তাকেই চাই আছোঁ..

কথাষাৰ কৈ উঠি ছাৰে অলপতে সামৰি থোৱা কিতাপখন আমাৰ চকুৰ আগত দাঙি ধৰিলে৷ বগাৰঙী বেটুপাতৰ ক’লা আখৰকেইটা খুব সুন্দৰকৈ জিলিকি উঠিল-‘সপোনৰ ফল আৰু নিৰাময় বিচাৰ’৷ কিতাপৰ নামটো পঢ়ি উঠি মই বেঁকা চকুৰে বন্ধুলৈ চালোঁ৷ বন্ধুৰ চকুত আশ্বৰ্য৷ “নাই,নাই৷ ছাৰ অন্ধবিশ্বাসী নহয়! এইবোৰ এনেই টাইম পাছ কৰিবলৈহে পঢ়িছে৷” মই তাক চকুৱে-চকুৱে বুজালোঁ৷

: ছাৰ, আমি বেছি সময় নকৰোঁয়েই নেকি! দিনে-পোহৰে গৈ চাইটটো এবাৰ ভিজিট কৰিব পাৰিলে ভাল হ’ব৷

ভিতৰৰ পৰা বাবু নামৰ ল’ৰাটোৱে চকীদুখন আনি আমাৰ সমুখত থৈ বহিবলৈ অনুৰোধ কৰোঁতেই বন্ধুৰ মুখেৰে বাক্য দুটা ওলাল৷

: যাম ৰ’বাচোন৷ চাহ-তাহ অকণ খাই লোৱা৷ অ’ ৰ’বা এয়া মোৰ ল’ৰা দেই৷ বাবু, দাদাহঁতক নমস্কাৰ দে৷

বাবুৱে আমাক নমস্কাৰ দিলে৷ আমিও প্ৰতি-নমস্কাৰ দিলোঁ৷

: তোমাৰ বগা চোলাটো খুব ধুনীয়া লাগিছে দেই৷

বাবুৰ গালখনত হাত বোলাই বন্ধুৱে প্ৰশংসাৰ সুৰত ক’লে৷

: এইবাৰ ছয়মাহিলী পৰীক্ষাত সি একেবাৰেই কম নম্বৰ পালে নহয় বুজিছা! মই আৰু মাক একেবাৰেই হায়ৰাণ হৈ পৰিলোঁ৷ তাৰপিছত নাজিৰাৰ ভিনদেউজনে কোনোবা আইদেউ এগৰাকীৰ কথা ক’লে৷ আমিও গৈ তেওঁৰ শৰণাপন্ন হ’লোঁ৷ তেখেতেই সাতদিনলৈ এনেকৈ দিনে-ৰাতিয়ে বগা চোলা আৰু বগা পেণ্ট পিন্ধি থাকিবলৈ দিহা দিলে৷ এতিয়া ঔষধে কাম দিলেই ৰক্ষা! বছৰেকীয়া পৰীক্ষাতহে সব ‘দুধ কা দুধ আৰু পানী কা পানী’ হৈ পৰিব৷

কপালৰ ৰেখাকেইদাল কোঁচাই ছাৰে নীলা আকাশখনলৈ এবাৰ চালে৷ আমি চালোঁ বাবুলৈ৷ চুলিকেইডালক বাদ দি গাখীৰবৰণীয়া বাবুক এইমুহূৰ্তত একেবাৰেই পথাৰত ঘূৰি ফুৰা বগলীটোৰ দৰেই লাগিছে৷

: এৰা বুজিছা৷ তোমালোক আৰু আজি ভূত-চূত বিচাৰি যাবই নালাগে দিয়া৷

উধাতু খাই ভিতৰৰ পৰা তেনেতে গুৰুপত্নী ওলাই আহিল৷ দৌৰৰ কোবত আঙুলিৰ পৰা ৰঙা আঙুঠি এটা ওলাই মজিয়াত পৰিল৷ বাইদেউৰ দহোটা আঙুলিত দহোটা আঙুঠি৷ প্ৰত্যেকৰে আকাৰ, প্ৰকাৰ আৰু বৰণ ভিন্ন৷ বাইদেৱে আঙুঠিটো বুটলি হাতৰ তলুৱালৈ নিলে৷

: কিয় হেৰা?

আচৰিত হৈ ছাৰে বাইদেউক সুধিলে৷

: এইমাত্ৰ মোৰ হাতৰ পৰা আইনাখন সৰকি মাটিত পৰিল৷

: হেঃহেঃহেঃ বাইদেৱেও তাৰমানে এইবোৰত বিশ্বাস কৰে!

বন্ধুৰ সশব্দে মৰা হাঁহিত ছাৰে অলপ লাজ পালে হ’বলা৷ বাইদেউৰ হাতদুখন টানি ভিতৰলৈ লৈ গ’ল৷ ভিতৰত গৈ দুয়োজনে কি ফুচফুচীয়া-মেল মাৰিলে, আমাৰ শ্ৰৱণশক্তিয়ে ঢুকি নাপালে৷ সেইসময়তে ছাৰৰ বনকৰা ল’ৰাটোৱে আহি চাহ-বিস্কুট যাঁচি গ’ল৷ আমি আনন্দমনেৰে সেয়া খাবলৈ লাগিলোঁ৷কেইটামান মুহূৰ্তৰ পিছত ছাৰ সাজি-কাছি আমাৰ সমুখলৈ ওলাই আহিল৷

: ব’লা৷ ব’লা৷ আমি আগবাঢ়োঁ৷ সোনকালে পাবগৈ লাগে৷ হেৰা, পেপাৰখন লৈ আহাচোন৷

চোলাৰ হাতদুখন কোঁচাই ছাৰে বাইদেউক চিঞৰ এটা মাৰিলে৷ আমি চকীৰ পৰা উঠি ক্ৰমাৎ পদূলিৰ দিশে অগ্ৰসৰ হ’লোঁ৷

: হ’ৰা তোমালোকৰ ৰাশিকেইটা কি আছিল?

ছাৰে পিছপিনৰ পৰা সুধিলে৷ ছাৰৰ মাত শুনি আমি পিছলৈ ঘূৰি চালোঁ৷ দেখিলোঁ-বাইদেৱে আনি দিয়া কাকতখনৰ দ্বিতীয় পৃষ্ঠাটোত ছাৰে জুপি জুপি কিবা এটা চাই আছে৷

: ছাৰ মোৰ বৃষ আৰু ইয়াৰ মীন৷

: ঠিকেই আছে বুজিছা৷ আটাইকেইজনৰে ‘যাত্ৰা শুভ’য়েই লিখা আছে৷ ব’লা, এতিয়া গৈ থাকোঁ৷ হ’ৰা যাওঁ দিয়া৷

বাইদেউক বিদায় জনাই ছাৰ আমাৰ শাৰীত থিয় দিলেহি৷ পিচে ছাৰৰ ঘৰৰ পৰা ওলাই দুটামান পদূলি পাৰ হৈছোঁহে, তেতিয়াই ঘটিল নহয় অঘটনটো৷ এঙাৰতকৈও ক’লা তিনিটা অধঃপতনে যোৱা মেকুৰী ৰাস্তাৰ ওপৰেৰে, আমাৰ সমুখেৰে পাৰ হৈ গ’ল৷

: কৃষ্ণ! কৃষ্ণ! দেখিলানে এইবোৰৰ কাণ্ড! হেৰৌ আজিহে বাট কাটিবলৈ পাৰিলি?

কথাষাৰ কৈয়েই ছাৰে ৰাস্তাৰ দাঁতিত থু পেলাবলৈ ধৰিলে৷ ছাৰক দেখি আমিও থুঁ পেলোৱাত লাগিলোঁ৷

: ছাৰ মুখৰ থু শেষ হৈ গৈছে৷ ব’লক এতিয়া যাব পাৰি৷

বন্ধুৰ কথাত অলপ অস্বস্তিৰ উপস্থিতি৷

: ব’লক মানে? ক’লৈ? হৌৰা! মাৰিবলৈ আহিছা? দেখা নাই কেনেকৈ তিনিটাকৈ নোদোকা-নোদোক মেকুৰীয়ে আমাৰ বাট কাটি গ’ল৷ এটা নহয়, দুটা নহয় একেবাৰে তিনিটা৷ এবাৰ সাধাৰণ মেকুৰী বুলি অৱজ্ঞা কৰি যাত্ৰা কৰি বিৰাট কষ্ট খালোঁ৷ আজি আৰু সেই কষ্ট খোৱাত নাই৷

: কিন্তু ছাৰ-মানুহবোৰে বৰ আশাৰ আপোনালৈ ৰৈ আছে৷

: থাকিবলৈ দিয়া ৰৈ৷ তেওঁলোকক ক’বা ছাৰৰ মূৰৰ বিষ৷ আহিব নোৱাৰে৷ বচ৷ কথা শেষ৷ তোমালোক যোৱাগৈ বুজিছা৷ কোন কটা নিধক জ্যোতিষীয়ে এইখন পেপাৰত ৰাশিফল লিখে জানো? আজিয়েই মানুহ মাৰিলেহেতেঁন৷ ৰহ বেটা৷ সম্পাদকলৈ আজিয়েই চিঠি এখন লিখিম৷

জ্যোতিষীজনক উদ্দেশ্যি সংবিধান-বৰ্জিত গালি দুটামান পাৰি পাৰি সেই ঠাই এৰিলে পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা তথা ‘সূৰ্যোদয় জ্ঞান-বিজ্ঞান সমিতি’ৰ সভাপতি শ্ৰীযুত বাণীকান্ত হাজৰিকাই ৷

: আমিও এই বাটেৰে নাযাওঁ বুজিছ৷

ছাৰ যোৱালৈ চাই থাকি বন্ধুৱে মোক ক’লে৷

: কিয়?

: দেখা নাই৷ মেকুৰীয়ে বাট কাটিলে৷

: ছাৰৰ নিচিনাকৈ তয়ো অন্ধবিশ্বাসী হ’লি নেকি?

তাৰ চকুলৈ চাই সুধিলোঁ৷

: নেপায়, নেপায়৷ ছাৰক অসন্মান কৰিব নেপায়৷ মনে-মনে আহি থাক৷

উত্তৰ দি বন্ধুৱে বিপৰীত দিশে খোজ ল’লে৷

☆★☆★☆

12 Comments

  • ৰিমঝিম

    ঈশান তোমাৰ লিখাৰ কথা বেলেগকৈনো কি ক’ম। সদায় প্ৰিয়।

    Reply
  • Bikash

    আপোনাৰ লিখা বহুত ভাল লাগে

    Reply
  • হেমন্ত কাকতি

    তামাম ঈশান! পিচে চাৰে জ্ঞান বিজ্ঞান সমিতিৰ সভাপতি কেনেকৈ হ’ল গৈ?

    মানে বাহিৰত ফটা লেকচাৰ সব৷

    Reply
  • পূৰ্ণময়ী

    বঢ়িয়া

    Reply
  • অভিজিত কলিতা

    একদম সঁচা কথা। ভাল লাগিল, আমি শি‍ক্ষা আৰু ব্যৱহাৰিক জীৱনক একেবাৰে পৃথক কৰি পেলালো।

    Reply
  • ৰিণ্টু

    As usual, খুব ভাল লাগিল সদায়ৰ দৰেই।

    ব্যংগত তোমাৰ দৰে পৈণত হাত বহুত কমেই আছে

    Reply
  • ঈশান

    অশেষ ধন্যবাদ আপোনালোকক । এয়াই মোৰ বাবে পুৰস্কাৰ ।

    Reply
  • নীলাঞ্জনা

    বৰ ভাল লাগিল৷ ব্যংগৰ জৰিয়তে সঁচা ছবি এখন৷ 🙏🏽

    Reply
  • নীলাক্ষি দেৱী ডেকা

    হাজৰিকা চাৰ আৰু কাপোৰ ফলা ভূতটোৰ মুখামুখি হ’লে কি পৰিস্থিতি হব তাকেই ভাবি আছোঁ। ভূতটো মেকুৰী নহলেই হয়! বৰ সুন্দৰ ব্যঙ্গ। বহুত ভাল লাগিল পঢ়ি।

    Reply
  • সোনটো

    কেৰুণ কত একেবাৰে জেগাত ভালদৰেই খুচিছে

    Reply
  • গীতিমল্লিকা গগৈ

    এনে মানুহ সমাজৰ প্ৰতিটো স্তৰতে আছে।
    মানুহৰ বিৱৰ্তনৰ সূত্ৰ ক্লাছত জ্ঞান দিয়া শিক্ষকেও মানুহ ব্ৰহ্মাই সৃষ্টি কৰে বুলি বিশ্বাস কৰে।
    শিক্ষিতসকলেই যেতিয়া কুসংস্কাৰৰ, অন্ধবিশ্বাসত পোট গৈ থাকে বাকী বোৰক কি বুজাব।।।

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ লিখনশৈলী। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.