ফটাঢোল

মেজিকৰ অভিজ্ঞতা – মন্দিৰা শৰ্মা

মোৰ এই অভিজ্ঞতা ‘মেজিক’ বা যাদুৰ অভিজ্ঞতা নহয়। এইয়া পিচে অন্য এক মেজিকহে। মেজিক চোৱা নহয়, মেজিকত যোৱাৰ অভিজ্ঞতাৰ বিষয়েহে অলপ লিখিবলৈ লৈছোঁ।

‘টাটা মেজিক’… সঁচাকৈ কিন্তু যেনে নাম তেনে কাম। য’ত ৭+১ কেপাচিটি লিখা থাকে তাত ১৪+১ যাত্ৰী লৈ যিহে সুন্দৰকৈ টাটা দি থৈ যায়। এইয়া কিবা কম মেজিক নে? কেতিয়াবাতো ১৫ +১ মানে ড্ৰাইভাৰৰ সৈতে ১৬ জনো হয়গৈ। ১৬ জন যোৱা মেজিকত যদি কেতিয়াবা যোৱাৰ সৌভাগ্য হয়, তেতিয়া ওৰে বাটটো এটাই মাত্ৰ প্ৰাৰ্থনা কৰি যাওঁ,

“হে প্ৰভু, ড্ৰাইভাৰজন যাতে কাষত বহা তিনিজন মানুহৰ ঠেলা খাই দুৱাৰ খুলি ওলাই নপৰে।”

এনেকৈয়ে আমাৰ দৈনন্দিন মেজিকৰ যাত্ৰা, নিজ নিজ কৰ্মস্থলী লৈ বুলি।

এটা কথা প্ৰায় সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হয়, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত। মহিলাসকলে সাধাৰণতে নিজকে শকত বুলি কোৱাটো বৰ এটা ভাল নাপায়। তেনেস্থলত তেওঁলোক কিন্তু মেজিকত উঠাৰ আগতেই এটা কথাত সাৱধান হ’ব লাগে, কোন মুহূৰ্তত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষ মন্তব্য আহি পৰে ঠিক নাই। এটা চিটত তিনিজন আৰামত বহিব পাৰে, কিন্তু মেজিকত সেইটো খুব কমেই সম্ভৱ। চাৰিজন ঠেলি হেঁচি হ’লেও বহিবই লাগিব। এতিয়া ধৰক তিনিগৰাকী অলপ ভাল স্বাস্থ্যৰ (শকত বুলি ক’লেও ভুল নহ’ব) মহিলা বহি আছে। আপোনাৰ ভাগ্যতো সেইটো চিটহে মিলিছে। গতিকে সেইটোত অকণমান ঠাইতে বহি যোৱাৰ বাহিৰে উপায় নাই। তেনেতে আহি পৰে সেই বিশেষ মন্তব্য। কোনোবা এগৰাকীয়ে ( সাধাৰণতে আটাইতকৈ শকত গৰাকীয়ে) টপককৈ ক’বই,

“আটাইকেজনী একেই স্বাস্থ্যৰ হ’লো যে। সেইকাৰণে বহিবলৈ দিগদাৰ হৈছে।”

লাগিলে আপুনি বা তাৰে অন্য এগৰাকী তেখেতৰ আধায়ে হওক। তথাপি কিন্তু আপুনি একেই স্বাস্থ্যৰ শাৰীতে পৰিব। এইবোৰ অভিজ্ঞতাই কিন্তু মেজিকৰ যাত্ৰা সুন্দৰ কৰি তোলে।

মেজিকত অৱশ্যে বহুতো ৰসাল অভিজ্ঞতাৰো অভাৱ নহয়। কিছুমান ব্যক্তিক প্ৰায়ে লগ পাই পাই চিনাকি যেন হৈ পৰে। তেতিয়া বিভিন্ন ধৰণৰ কথাৰে মেজিকৰ মজিয়া বেচ জমি উঠে। বিশেষকৈ যেতিয়া আমি মহিলাসকল সংখ্যাগৰিষ্ঠ হওঁ, তেতিয়া বহুত ৰসাল কথা আৰু হাঁহিৰে মেজিকৰ পৰিবেশ মুখৰ হৈ উঠে। এবাৰতো আমাৰ কথা শুনি এজন অচিনাকি ব্যক্তি নামিবলগীয়া ঠাইত নামিবলৈ পাহৰি প্ৰায় দুই কিলোমিটাৰ আগবাঢ়ি গ’ল। তেতিয়াহে তেওঁৰ মনত পৰিল যে তেওঁ বহুত আগতেই নামিব লাগিছিল। সেই ঠাইত নামি আকৌ উভতি গৈছেগৈ। এনেকুৱাবোৰ ঘটনাই বেচ ফূৰ্তিও যোগায়।

মোৰ লগত এনেকুৱা সৰু সুৰা ঘটনা হৈয়েই থাকে। কিন্তু এদিনাখনৰ ঘটনা এটা সদায় মনত ৰ’ব। যিমান হে লাজ পালোঁ সেইদিনা, মনত নো নাথাকে কেনেকৈ?

স্কুলৰ পৰা আহি আছিলোঁ। মেজিকত চিনাকি মানুহ বুলিবলৈ এজনো নাই। যাত্ৰীও কম আছিল। সেয়ে মই চুকৰ চিট এটাত বহি চকু দুটা মুদি আহি আছোঁ। তেনেকৈ আহিলে ৩৫-৪০ মিনিটৰ বাটটোত ‘পাৱাৰ নেপ’ এটা লোৱাৰ দৰে হৈ যায়। অলপ দূৰ অহাৰ পিছতেই দুজন মানুহ উঠিলে। মই তেওঁলোকৰ ফালে এবাৰ চাই আকৌ চকু মুদিলোঁ। চকু দুটাহে বন্ধ, কাণ দুখনে পিচে সকলো উমান লৈ আছিল। তাৰে এজনে উঠিয়েই মেজিকত থকা ব্যক্তিসকলৰ সৈতে কথা আৰম্ভ কৰি দিলে। কথা মানে সৰু সুৰা ইণ্টাৰভিউৰ দৰে হৈ পৰিল। যেন তেওঁ ইণ্টাৰভিউ পেনেলৰ হেডহে। সকলোকে এফালৰ পৰা প্ৰশ্নবাণেৰে মহতিয়াই নিবলৈ ল’লে। কাৰোবাক যদি পঢ়া শুনাৰ কথা সুধিছে, কাৰোবাক আকৌ পৰিয়াল, চাকৰি, দৰমহা আদিৰ কথা সুধিছে। মুঠতে কথাৰ অন্ত নাই। তেওঁৰ কথাৰ পৰা অনুমান হ’ল যে মানুহজনে কথা বাৰুকৈয়ে পাতে। মুখেৰে শব্দবোৰ আখৈ ফুটাদি ফুটিছে। অহৰহ তেওঁৰ মাতটো কাণত লাগিয়ে থাকিল। মই ইচ্ছা কৰিয়ে এবাৰো চকু নেমেলিলোঁ। বাটত বহু যাত্ৰী উঠা নমা কৰি আছিল। অনুমান কৰিছিলোঁ যাত্ৰী কমি আহিছে। মেজিকখনত তেতিয়ালৈ খুব বেছি পাঁচ-ছয় জনমান মানুহ আছিলোঁ চাগে। মই সকলো উমান পাই আছিলোঁ, কিন্তু চকু মুদিয়ে আছিলোঁ। তেওঁ হয়তো কথাটো মন কৰি মই টোপনি যোৱা বুলি ভাবিলে। কোনোবা এজনক, কিজানিবা তেওঁৰ লগৰজনক ক’লে,

: বাইদেউ দেখোন টোপনি গ’ল, ক’ত বা নামিব?

মই কথাষাৰ শুনিলোঁ যদিও উত্তৰ নিদি চকু মুদিয়ে থাকিলো। এইবাৰ তেওঁ মোক প্ৰত্যক্ষ ভাবে আক্ৰমণ আৰম্ভ কৰিলে,

: অ’ বাইদেউ, টোপনিয়াই থাকোঁতে আপোনাৰ ষ্টপেজ পাৰ হৈ যাব দেখোন। উঠক আক’, কোনোবাখন পাবগৈ নহ’লে।

এইবাৰ দেখিলোঁ উপায় নাই, চকু মেলিবই লাগিব। লাহেকৈ ক’লোঁ,

: মই একেবাৰে শেষৰ ষ্টপেজত নামিম, সেইকাৰণে দিগদাৰ নাই।

এইষাৰ কৈ নিজৰ বিপদহে চপাই ল’লোঁ যেনিবা। তেওঁ মোৰ লগত কথা পাতিবলৈ সুবিধাটো দি দিয়াহে হ’ল। ইটোৰ পিছত সিটো প্ৰশ্নৰে মোৰ অৱস্থা কাহিল কৰিলে। তেওঁৰ প্ৰশ্ন সুধাৰ ষ্টাইল দেখি অনিল কাপুৰ, শ্ৰী দেৱী অভিনীত ‘Judai’ চিনেমাখনৰ পৰেশ ৰাৱাললৈ মনত পৰি গ’ল। চিনেমাখনত তেওঁ ইমানেই প্ৰশ্ন কৰে যে তেওঁৰ কপালত চুলিৰ প্ৰশ্নবোধক চিন এটা বনাই দিয়া হৈছিল। এই মানুহজনৰ কপালতো তেওঁৰ দৰে এটা প্ৰশ্নবোধক আঁকি দিবলৈহে মন গ’ল। ইমান প্ৰশ্ন ক’ৰ পৰা আহে বাৰু মনলৈ তাকেহে ভাবিলোঁ।

বিভিন্ন কথা আৰু প্ৰশ্নৰ মাজতে এপাকত সুধিলে,

: বাইদেউ আপোনাৰ ল’ৰা ছোৱালী? পঢ়ি আছেনে?

মই বোলো ছোৱালী এজনী। তেওঁ আচৰিত হোৱাদি হৈ ক’লে,

: মাত্ৰ এজনী?

তেওঁৰ চাৱনি এনেধৰণৰ আছিল যেনিবা এজনী ছোৱালী থাকিব নাপাই হে। মই বোলো,

: হয় এজনীয়েই। তায়েই ভাল মানুহ হওকচোন। তাই ভাল হ’লে আমাৰ কাৰণে সেয়াই যথেষ্ট।

আকৌ সুধিলে,

: কি পঢ়ি আছে বুলি ক’লে?

মই ক্লাছ ছিক্সত পঢ়ে বুলি ক’লোঁ ( তেতিয়া তাই ছিক্সত পঢ়ি আছিলে)

এইবাৰ তেওঁ যিষাৰ কথা ক’লে মোৰ অৱস্থা “ফাট মেলা বসুমতী পাতালে লুকাওঁঁ” যেন হ’ল। এইটোও ভাবিছোঁ যে মেজিকৰ মজিয়ানো কেনেকৈ ফাট মেলে বাৰু।

: বাইদেউ আপোনাৰ বাৰু অলপ দেৰিকে বিয়া হৈছিল নেকি?

মই ভালকৈ নুবুজি সুধিলোঁ,

: মানে কি ক’ব বিচাৰিছে।

তেওঁ আকৌ স্পষ্টকৈ ক’লে,

: মানে আপুনি বাৰু অলপ বয়সত বিয়া হৈছিল নেকি?

হে প্ৰভু, কিহে পালে এইজনক। কি আচৰিত মানুহ অ’। চিনি জানি নাপাওঁ, তাতে এই ধৰণৰ কথা। খঙো উঠিছিল, লগতে লাজো পাইছিলোঁ। ছোৱালী নহয় মহিলাৰ শাৰীত পৰোঁ বুলি জানো বাৰু। হ’ল বুলি এনে লাজ পাম বুলি কেতিয়াও ভবা নাছিলোঁ কিন্তু। কোনোমতে খঙটো দমাই তেওঁক ক’লো,

: হয় ঠিকেই কৈছে, আপোনাৰ চাগে বাল্য বিবাহ হৈছিল ন? আপোনাৰ নাতি পুতিও ডাঙৰ হ’ল চাগে। মোৰ আকৌ সেইকণ ভাগ্য নিমিলিল নহয়, নহ’লে ইমানদিনে নাতিয়ে পুতিয়ে ঘৰ গিজগিজাই থাকিলেহেঁতেন।

তেওঁৰ ফালে নোচোৱাকৈয়ে কথাষাৰ কৈ তেওঁক একো ক’বলৈ সুবিধা নিদি নামি গ’লোঁ। ভাগ্য ভাল আছিল যে ইতিমধ্যে মোৰ নামিবৰ হৈছিল। নহ’লে চাগে আৰু কিমান যে কি সুধিলে হয়।

সেইদিনটোৰ কথা হয়তো কেতিয়াও নাপাহৰোঁ।এনেধৰণৰ অনাকাংক্ষিত অভিজ্ঞতা মেজিকৰ যাত্ৰাত বহুতো হয়। আৰু বা কিমান কি হ’বলৈ আছে অনাগত দিনবোৰতহে গম পাম।

☆★☆★☆

12 Comments

  • দেবজিত

    আপোনাৰ খঙৰ কথা আজিহে গম পালো ৷
    পঢ়ি ভাল লাগিল ৷

    Reply
    • মন্দিৰা

      ধন্যবাদ দেবজিত।
      খং মানে?? কি নো ক’ম আৰু। এজনক সুধিলে গম পাবায়ে

      Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল উত্তৰ দিলে ৷ পালে মজাটো ৷

    Reply
  • Kalyan

    Mojja

    Reply
  • RUBI SHARMA

    Dhunia lagil porhi ba,

    Reply
  • Anonymous

    পঢ়ি ৰস পালোঁ ৷

    Reply
  • মানসী বৰা

    মেজিকৰ অভিজ্ঞতা আছে..ভালকৈ অনুমান কৰিব পাৰিছো…পঢ়ি ৰস পালো দেই ..

    Reply

Leave a Reply

Your email address will not be published.