ফটাঢোল

মেডনাৰ পষ্টাৰখন : প্ৰান্তৰ ভাগৱতী

: ঐ ‘ভাগু’ তোৰ দেউতা আহিছে৷ তোক নাপাই তোৰ দাদাৰ হোষ্টেললৈ গৈছে৷

হেমন্তদাই চিঞৰি কোৱা কথাষাৰ শুনি বৰ্মনৰ হোটেলত চাহ খাই থকা আমাৰ মাজত যেন এটম বম এটাহে পৰিল। খোৱা আধাতে সামৰি বৰ্মনক “খাটাত লিখি থবি” বুলি কৈ আমি তিনিওটা ৰূমমেট হোষ্টেললৈ বুলি ফিল্ডখনৰ মাজেদি তীব্ৰ গতিত দৌৰ লগালোঁ। কাৰণ ৰূমত সোমাই দেউতাই যদি ৰূমৰ অবস্থা দেখা পাই তেন্তে হৈছে আৰু৷ দৌৰি থকাৰ মাজতে ৰূমটোৰ কথা মনলৈ ভাঁহি আহিল৷ মই, পাপু আৰু জমিৰ নামৰ নগা ল’ৰা এটা আমি তিনিও হোষ্টেলৰ ওপৰ মহলাৰ তিনিজনীয়া এটা ৰূমত থাকোঁ। ফাৰ্ষ্ট আৰু চেকেণ্ড চেমিষ্টাৰলৈকে ৰূমৰ পঢ়া টেবুলত সৰস্বতীৰ ফটোখনৰ বাহিৰে ৱালত একো নাছিল। লাহে লাহে এখন দুখন কৈ সৰু ডাঙৰ আৰু লাইফ চাইজ বিভিন্ন পষ্টাৰ ৰে ৰূমটোৰ বেৰবোৰ ভৰি পৰিল৷ ভাল পষ্টাৰ বুলিবলৈ মোৰ বিচনাৰ লগৰ ৱালখনত তেতিয়াৰ দিনৰ হিট পষ্টাৰ এখন – ব্ৰুছ উইলিচৰ ‘ডাই হাৰ্ড’ চিনেমাখনৰ গেঞ্জি পিন্ধি পিষ্টল লৈ থকা লাইফ চাইজ পষ্টাৰখন৷ বাকী যেনিয়ে চাই তেনিয়ে সেই সময়ৰ ‘হট এণ্ড হিট’ বিভিন্ন মডেল এক্ট্ৰেছ মেডনা, চামান্থা ফক্স, চাবাটিনি আদিৰ অৰ্ধনগ্ন ডাঙৰ সৰু বিভিন্ন চাইজৰ পষ্টাৰবোৰ। কিহে যে পাইছিল এইবোৰ লগাবলৈ। কেনেবাকৈ যদি দেউতাই সেইসকল অৰ্ধনগ্ন যুবতীৰ ফটোবোৰ দেখা পাই ঘৰলৈ যোৱাই মস্কিল হ’ব। মাহঁতৰ আগত কেনেকৈ নাক উলিয়াম গৈ৷ বুকুত ঢপ ঢপ শব্দৰে এইবোৰ ভাবি ভাবি দৌৰি দৌৰি হোষ্টেলৰ সমুখ পালোঁগৈ৷ আমাৰ হোষ্টেলটোৰ সমুখৰ পৰা দাদাৰ হোষ্টেলটো দেখিয়েই থাকি। দাদাৰ হোষ্টেলৰ সমুখত দেউতাৰ গাড়ীখন আৰু কাষত ড্ৰাইভাৰজনক খাৰা হৈ থকা দেখি তীব্ৰ গতিত ওপৰ মহলাৰ ৰূমত সোমায়ে ৰূমত চকু ফুৰালোঁ। গোটেইকেইখন টেবুলত খেলিমেলি কৈ পৰি থকা কিতাপ নোটবুকবোৰ; চিগাৰেটৰ পেকেট; জমিৰৰ টেবুলত চাধা চুণ; বেৰৰ চুকে কোণে কেতিয়াবা কেতিয়াবা সন্ধিয়া বহি কৰা পাৰ্টিৰ খালী সৰু ডাঙৰ বটলবোৰ! বেৰবোৰ চাবই নোৱাৰি। বেৰত লাগি থকা উন্মুক্ত যৌৱন দেখুৱাই থকা অৰ্ধনগ্ন সুন্দৰীবোৰ সেইসময়ত কিবা ডাইনী যেন লাগিল।

: পাপু, তই পষ্টাৰবোৰ এৰুৱাই ৰ’ল কৰি বিচনাৰ তলত ভৰা৷ জমিৰ তই বটলবোৰ লুকা। মই টেবুলকেইখন চিজিল কৰোঁ৷

বুলি তিনিও টাই দ্ৰুত গতিত কামত লাগিলোঁ।
পাপুৱে এফালৰ পৰা পষ্টাৰবোৰ এৰুৱাই ৰল কৰি বিচনাৰ তলত ভৰাই গ’ল; জমিৰেও বটলবোৰ তাৰ বিচনাৰ তলত ভৰালে৷ মই টেবুলকেইখন চিজিল লগাই নহ’লেই চিৰিয়েদি উঠি অহা দাদাৰ চিঞৰ শুনিলোৱে৷ শেষবাৰৰ বাবে ৰূমটো চিজিল লাগিল নে নাই চাই দেখোঁ মোৰ বিচনাৰ তলত পাপুৱে ৰল কৰি ভৰাই দিয়া মেডনাৰ ডাঙৰ চাইজৰ পষ্টাৰখন ৰল খোল খাই মেল খাই আছে৷ মেডনাৰ অৰ্ধ উন্মুক্ত ফটোখন চকীত বহিলেই দেখি থাকি৷ সিফালে দাদা আৰু দেউতা ৰূমলৈ সোমাই আহিলেই। জমিৰৰ বিচনাখন মোৰ ওলোটা ফালে। সিফালে চাই দেখোঁ জমিৰৰ বিচনাৰ তলখন মোৰ বিচনাত বহিলে দেখি থাকি৷ মৰাটোৱে বটলবোৰ যিহে লাইন কৈ সজাইছে৷ মাজত ‘চিজাৰ’ নামৰ সেউজীয়া ডাঙৰ চেপেটা খালী বটলটো গ্ৰীক সম্ৰাট জুলিয়াছ চিজাৰ বহাদি থৈছে। কি কৰা যায়। উপাই নাপাই বটলকে দেখক তথাপি মেডনাৰ অৰ্ধউন্মুক্ত ফটোখন নেদেখক। এইভাবি মই খৰধৰকৈ চকীত বহি দেউতাক মোৰ বিচনাতে বহিবলৈ দিলোঁ। দেউতাই কিবা কিবি কথা পাতি অলপ পাছত যাবলৈ ওলাল৷ মাজতে এপাকত চেগ বুজি ভৰিটো দীঘল কৈ মেলি পষ্টাৰখন বিচনাৰ পিছলৈ থেলি দিলোঁ। দেউতা যাবলৈ লৈ ৰূমটোৰ ইফালে সিফালে গ’ল৷ আমি কনফাৰ্ম যে বটলবোৰ চিউৰ দেখিলে৷ মেডনাক নাই দেখা৷ কাৰণ দেউতা উঠি ৰূমটোৰ ইফালে সিফালে যোৱালৈ মই ভৰিৰে পষ্টাৰখন বিচনাৰ পিছলৈ থেলি দিছিলোঁ। সেইবাৰ চেমিষ্টাৰ ব্ৰেকত ঘৰলৈ যাওঁতে দেউতাই মোক শুনাই মাক কোৱা শুনিলোঁঁ,

: হেৰা। তোমাৰ সৰুটো পকিল। একেবাৰে স্বৰ্গৰ দেবতা যেন হৈছে৷ চাৰিওফালে অৰ্ধ উলংগ অপেস্বৰীৰ মাজত বহি সোমৰসো পাণ কৰে আজিকালি!

লাজতে পিছ দুৱাৰেদি পলাই গৈ সেইদিনা গধূলিহে ঘৰ সোমালোহি৷ কেনেকৈনো দেখিলে পষ্টাৰ খন! এতিয়াও তেনে ধৰণৰ পষ্টাৰ দেখিলে বুকুখন ঢপ ঢপ কৰে৷

(অকল মোৰ লগত যে এনেকুৱা হৈছিল নহয় দেই; হোষ্টেলত থাকি পোৱা বহুতৰ গেষ্ট আহিলে কেতিয়াবা বেছি বেয়া অৱস্থা হৈছিল৷)

☆ ★ ☆ ★ ☆

2 Comments

  • Anonymous

    এক সত্য…ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ কি যেে দিন আছিল সেইবোৰ!

    Reply

Leave a Reply

Your email address will not be published.