ফটাঢোল

মেধি ঐ মেধি – অভিজিত মেধি

১)

ঘটনাক্ৰমৰ আৰম্ভণি হৈছিল জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত ভৰি দিয়াৰ দিনাখনৰ পৰা৷ লগৰবোৰক হোষ্টেলত থ’বলৈ মাক-বাপেকৰ উপৰিও ভায়েক-ভনীয়েক, মামা-মামী, খুড়া-খুড়ী, ওচৰ চুবুৰীয়া হিল-দ’ল ভাঙি আহে৷ মোৰ ক্ষেত্ৰত কিন্তু পঢ়াকালত সদায় এই দিশত ব্যতিক্ৰম হৈয়ে থাকিল৷ ইঞ্জিনিয়াৰিং হোষ্টেলত থাকিবলৈ অকলেই গৈ ওলাইছিলোঁ, বুঢ়া আঁহতজোপাৰ ওচৰত কলেজ বাছখনৰ পৰা নামি এক নম্বৰ হোষ্টেল অভিমুখে সপ্ৰতিভ খোজেৰে আগবাঢ়িছোঁ৷ পিন্ধনত আট খোৱা জীন্স, হাত কোচাই লোৱা বগা চাৰ্টটোৰ ওপৰৰ দুটা বুটাম খোলা৷ হ’ল্ডাৰটো আৰু সৰু বেগ এটা বাওঁকান্ধত ওলমি আছে, সোঁহাতত স্ব-চালিত বন্দুকহেন দেখা ড্রাফ্টাৰ স্কেলডাল৷ পিয়ন বীৰেনদাক সুধি মোক দিয়া কোঠাটোত বস্তুবোৰ দমাই কাষৰ ধাবাখনলৈ বুলি নির্বিঘ্নমনে ওলাই আহিলোঁ৷ আহোঁতে কৰিড’ৰত বহি থকা জেষ্ঠ আবাসীকেইজনলৈ চাই মোৰ কিউত হাঁহিটো মাৰিছিলোঁ, পিছে বকাসুৰকেইটাই মোলৈ ম’গেম্ব’ চাৱনি দিয়াত বাদে অইন একো প্ৰতিক্ৰিয়া নেদেখুৱালে৷ মেকুৰীলৈ কেৰাহি নকৰা এইটো এন্দুৰ ক’ৰ পৰা আহিল ভাবি আছিল কিজানি৷ খুব সম্ভৱ তেতিয়াই ঠিক হৈ গৈছিল ৰাতিলৈ মোক স্পেচিয়েল ট্ৰিটমেণ্ট দিয়াৰ৷

যা হওক, সেইদিনা মোৰ সৈতে নতুনকৈ অহা আবাসীৰ সংখ্যা হৈছিলগৈ মুঠতে এঘাৰজন৷ ৰাতি ভাত-পানী খাই বৈ উঠাৰ পাছত পুৱাৰাতি দুই বজালৈ আমাৰ ওপৰত সামূহিক ৰেগিং প্ৰক্ৰিয়া চলিল৷ আমাৰ বগা ছালবোৰত ৰঙা জবা পৰিস্ফুট হৈছে, দুজনমানৰ আকৌ চকুৱে লুণীয়া পানী এৰিছে৷ আঢ়ৈ বজাত মোক নিলগে মাতি নি হাতত চাবি এপাত দিয়া হ’ল৷ চাবিপাত হোষ্টেল সাতৰ কোঠা এটাৰ দুৱাৰত ওলমি থকা তলা এটাৰ৷ মোক দিয়া কামটো হ’ল কোঠাটো খুলি ৰাতিপুৱাৰ এলাৰ্ম লগাই থোৱা টেবুল ঘড়ী এটাৰ এলাৰ্ম বন্ধ কৰি আহিব লাগে৷ সেই কোঠাটোৰ আবাসীয়ে হোষ্টেল একত “কম্বাইণ্ড ষ্টাদী“ কৰিব আহি ফুৰ্তিপানীৰে ডিঙি তিয়াই আছে৷ মই থকা হোষ্টেল একৰ পৰা হোষ্টেল সাত এক-ডেৰ কিলোমিটাৰৰ বাট, মোক কোঠাৰ নম্বৰটোও দিয়া হোৱা নাই আৰু তাৰে ওপৰত এইখিনি কাম কৰিবলৈ মোক বিশ মিনিট সময় বান্ধি দিয়া হৈছিল৷ মই ধীৰ গতিত কামফেৰা কৰি এঘণ্টা-ডেৰ ঘণ্টা পিছত নিজৰ হোষ্টেল আহি পালোঁ৷ তেতিয়ালৈ শুই যাব বুলি ভবা ছিনিয়ৰ কেইজন কৰিড’ৰতে বহি আছিল৷ জানি বুজি পলম কৰা বাবে ইয়াৰ পিছৰ এঘণ্টাত মোৰ লগত কি কি হ’ল বৰ্ণনা দি নাথাকোঁ, বুজি লওক মই কৰিড’ৰত কণী পাৰিবলৈহে বাকী৷ মোৰ অৱস্থাটো দেখি সকলোতকৈ বেছি হাঁহিলে দ্বিতীয় বৰ্ষৰ কিম নামৰ অৰুণাচলৰ জ্যেষ্ঠ আবাসীজনে৷ ইয়াৰ পিছৰ ৰেগিং নিশাবোৰটো কিমে মোৰ পিনে চাই সদায় হাঁহে, হাঁহিটো ঠাট্টাৰেই নে মই দেখাত জনী লিভাৰ হেন বুজি নাপাওঁ, কিন্তু হাঁহিটো কটা ঘাত নিমখ হেন৷ কলেজত মুখামুখি হ’লেও “ক্যা হাল-চাল মেধি? “ বুলি সোধা কথাষাৰৰ লগত ওঁঠৰ কোণত হাঁহিটো লাগি থাকে৷ সাপে পাহৰিব পাৰে কঁকালৰ কোব, কিন্তু শনিবাৰে জন্মা এই মেধিয়ে নাপাহৰে৷ মোৰ কোপদৃষ্টি কিমৰ ওপৰত সদায়ে আছিল, কর্মফল দিয়াৰ চল চায়ে আছিলোঁ৷

পিছৰ বছৰৰ কথা৷ তেতিয়া এয়াৰচেলে এটকীয়া প্ৰিপেইড ছিম উলিয়াইছে, এটকীয়া ছিমত পঞ্চাশ টকাৰ টক টাইম ফ্ৰী৷ আমি বৰলাবোৰে কেজি হিচাপত ছিম কিনিছিলোঁ, গাৰ্লফ্ৰেণ্ডৰ লগত ফোনত পিৰীতি ফলা, নহ’লে কাৰোবাক বুৰ্বক বনোৱা কামত আহিছিল এই ছিমবোৰ৷ তেনেকুৱা এখন ছিমেৰে কিমক ফোন লগালো৷ বৰ এটা শুৱলা নহ’লেও মই নিৰ্ভেজাল ছোৱালীৰ মাত উলিয়াব পাৰিছিলোঁ৷ ভুল নম্বৰ লগোৱাৰ ভাও দি “ডেমছেল ইন ডিষ্ট্ৰেছ“জনী হৈ লাইনটো কাটি দিলোঁ৷ এঘণ্টা পিছত কিমৰ মেছেজ আহিল- “ইউ হেভ এ বিউটিফুল ভইচ৷ “ ৰং নম্বৰৰ পৰা আৰম্ভ হোৱা বন্ধুত্বক তিনি সপ্তাহতে প্ৰেমলৈ ৰূপান্তৰ কৰিবলৈ কিম বিয়াকুল হৈ পৰিল৷ হোষ্টেলৰ চৈধ্য নম্বৰ কোঠাৰ পৰা ষোল্ল নম্বৰ কোঠাত থকা মোক কটন কলেজৰ সুন্দৰী বুলি ভাবি কিমে ৰাতি-দিনে ফোন কৰে৷ মই লতা মংগেশকাৰৰ গান শুনালেহে অসুৰটোৰ টোপনি আহে, ফোনত চুমা দিবলৈ কাবৌ-কাকূটি কৰে, দীঘলী পুখুৰীত লগ ধৰিব লাগে বুলি দিনে ত্ৰিশটামান মেছেজ কৰে৷ জলদস্যু হেন কিমৰ আদৰসনা কোমল মাত শুনি শুনি ষোল্ল নম্বৰ কোঠাত মই, লগৰকেইজন আৰু ছিনিয়ৰ দুজনমান মজিয়াত বাগৰি বাগৰি হাঁহো৷

এমাহমান সকলো ঠিকেই চলি আছিল, পিছে ভাণ্ডা ফুটিল নহয় এদিন৷ মই ক্লাছ খটম কৰি কলেজৰ খেলপথাৰৰ ৰাস্তাৰে হোষ্টেল আহি আছোঁ, তেনেতে মোৰ হাফ বয়ফ্ৰেণ্ড কিমৰ ফোন৷ ইয়াতনো কোনে শুনিব বুলি মোৰ নাৰীকণ্ঠ বাহিৰ কৰিলোঁ৷ অলপ কথা পাতিছোঁ কি নাই পিছফালৰ পৰা কোনোবাই উত্তেজিত সুৰত চিঞৰিছে -“কুত্তে, আজ তেৰেকো নহী চোৰেগা৷ “ কাৰ ইমান দুঃসাহস বুলি ঘূৰি চাই দেখোঁ খঙাল ধৰ্মেন্দৰ নিচিনাকৈ সেইয়া কিম, মোৰ ঠিক পিছতেই থিয় দি আছে৷ সৰ্বনাশ….এইডাল মোৰ পিছে পিছে আহি থাকিব লাগেনে, ই বেটাই আজি মোৰ “খুন“ পিহে এৰিব৷ মোক চাব লাগিছিল সেইদিনা, উছেইন ব’ল্টেও লাজ পাই গ’লহেঁতেন৷ ডিছক’ভাৰীৰ হৰিণা কেইটাতকৈও তীব্ৰ বেগত লৰ মাৰিলোঁ, কিম নামৰ গর্জনৰত বাঘ মোৰ পাছে পাছে৷ এই ধৰেই আৰু চুলিত থাপ মাৰি, কোনোমতে মুৰটো হলাই বাচি পলাওঁ৷ পলায়নৰত মোক দেখি ওচৰতে শুই থকা লেৰেলা দেশী কুকুৰ কেইটাৰ জানো কি জ’ক উঠিল, সিহঁতেও মোক কিমৰ সমানে সমানেই খেদিব ধৰিলে৷ এটা সময়ত পিছলৈ চাই দেখোঁ অকল কুকুৰকেইটাইহে মোক খেদি লৈ ফুৰিছে, কিমক বহু দূৰত এৰি থৈ আহিছোঁ৷ পিছলৈ ঘূৰি চাওঁতে মই উজুটি খাই ধুপুচকৈ বোকা পানীতে পৰিলোঁ৷ মই বাগৰাৰ লগে লগে কুকুৰকেইটাও “আজিলৈ তোক এৰিলোঁ বাৰু“ বুলি কৃপা কৰি মোক তাতেই এৰি থৈ গ’ল, ভাগ্যে গালত নাকামুৰিলে যেনিবা৷ বোকাত বাগৰি থকা অৱস্থাত “মেধি ঐ মেধি কুকুৰে নিলে খেদি…“ পদ্যটো মনত পৰাত পেটৰ নাড়ী লৰি যোৱাকৈ হাঁহি উঠিল মোৰ৷ কোনে এই মহান পদ্যটো লিখিছিল বাৰু, আচলতে পদ্য লিখিছিল নে মোৰ কাৰণে ভৱিষ্যত বাণী লিখি থৈ গৈছিল৷

বোকাৰ পৰা উঠি হোষ্টেল নগৈ সাতমাইলত থকা বন্ধু এজনৰ ভাড়াঘৰ পালোঁ৷ সকলোৱে বুজনি দিয়া সত্ত্বেও কিমৰ খঙৰ জুইকুৰা নুমাবলৈ তিনিদিনমান লাগিল, মই তেতিয়ালৈ বন্ধুৰ ভাড়াঘৰত আলহী হৈ থাকিলোঁ৷ এই ঘটনাটোৰ পিছত জীৱনত আৰু কেতিয়াও ছোৱালীৰ মাত উলিয়াই কোনো বৰলাক উচটাই নাচাওঁ বুলি শপত খালোঁ, লগতে মেধিক কুকুৰে খেদি নিব পাৰে বুলি সদা সতৰ্ক হৈ থকা হ’লোঁ৷

(২)~ চৰী শক্তিমান ~
ঘোচ দিয়া বা লোৱা কামটো মই ঘৃণা কৰোঁ৷ কোনোবাই যদি এনেকুৱা কামৰ লগত জড়িত বুলি গম পাওঁ তেন্তে পিঠিৰ চাল বখলিয়াই দিব মন যায়৷ মোক যদি মোদী ছাৰে এডাল চাবুক উইথ লাইচেঞ্চ দিয়ে মই একেৰাতিয়ে ঘোচ দিয়া বা লোৱা কামটোৰ সৰ্বনাশ কৰি দিব পাৰোঁ৷ মই যদি শক্তিমান হলোঁহেঁতেন তেন্তে ঠিক ঘোচ পৰ্ব চলি থকা সময়তে ফিউ ফিউকৈ ঘূৰি ঘূৰি জেগাত উপস্থিত হলোঁহেঁতেন, ৰঙা চকু দেখুৱাই যেতিয়া কঁকালত হাত থৈ থিয় দিম পাপী মানুহবোৰ “চৰী শক্তিমান, চৰী শক্তিমান“ বুলি মোৰ ভৰিতে পৰিলেহেঁতেন৷

গুৱাহাটীৰ চিটিবাছত এজন বয়সীয়াল সহযাত্ৰীৰ আগত এনেকুৱা ফটা লেকচাৰ দি জালুকবাৰী অভিমুখে আহি আছোঁ৷ তেতিয়া ইঞ্জিনিয়াৰিং পাছ কৰি উঠি জীৱিকা সূত্ৰে মই তামিলনাডুৰ বাসিন্দা, এসপ্তাহৰ চুটি লৈ অসম আহি আছিলোঁ৷ বেগত দেউতাৰ বাবে টাইটানৰ ঘড়ী, মা-বাইদেৱৰ বাবে শাৰীৰ লগতে মোৰ শিক্ষগত আৰ্হিৰ মানপত্ৰবোৰ ৰখা ফাইলটো আছিল৷ কণা বিধাতাৰ মোৰ ফটা লেকচাৰ সহ্য নহ’ল চাগৈ, নিলে নহয় কোনোবা চোৰে ওপৰৰ চেল্ফত থৈ দিয়া মোৰ বেগটো চুৰি কৰি৷

বিচাৰি বিচাৰি হাবাথুৰি খালোঁ, বুৰ্বকৰ দৰে বেগটো হেৰোৱা জেগাটোত মানে জালুকবাৰী ষ্টপেজত বহুদেৰি থিয় দি থাকিলোঁ, কিজানিবা সুহৃদয় চোৰে অন্ততঃ ফাইলটোকে ঘূৰাই দিয়ে৷ অৱশেষত এটা বিৰল উদাহৰণৰ হাবিয়াস বুকুতে সামৰি মালিগাঁৱৰ আৰক্ষী থানাত হাজিৰ হ’লো, এজাহাৰ এখন দাখিল কৰিবলৈ আৰু আৰক্ষীৰ পৰা চুৰি কাৰ্য্যৰ ঘোষণা পত্ৰ এখন ল’বলৈ, অন্যথা মাৰ্কশ্বিতবোৰৰ প্ৰতিলিপি উলিয়াব নোৱাৰিম৷ কনিষ্টবল এজনক দৰ্খাস্ত এখন দি উঠাৰ পাছত ছাৰৰ ওচৰত যাবলৈ আঙুলিয়াই দিলে৷ ছাৰজন (ইন্সপেক্টৰ) আদহীয়া ভদ্ৰলোক, মোৰ ক্ষতিত দুখ প্ৰকাশ কৰিলে তথা কেতিয়া তামিলনাডু উভতি যাব লাগিব ইত্যাদি খবৰ ল’লে৷

“তোমাক আজিয়েই পুলিচ দিক্লেৰেচন এটা দি দিম, যিমান জলদি পাৰা ডুপ্লিকেটবোৰ উলিয়াই লোৱা বুজিছা, নহ’লে আকৌ চুটি লৈ পইচা ভাঙি আহিব লাগিব তুমি৷ এটা কাম কৰা, তুমি এঘণ্টা মূৰত থানাত আহাচোন৷ “

মনটো ভাল লাগিল, চোৰটোৱে নিৰাশ কৰিলেও পুলিচে মোৰ দুখ বুজিছে৷ এঘণ্টা পিছত থানালৈ গৈ তিনিঘণ্টা বহাৰ পিছত হাতত কাগজ এখিলা পালোঁ৷ ভুল ইংৰাজীত এখন কাগজত চুৰিকাৰ্য্যৰ এজাহাৰ দাখিল হোৱা কথা ঘোষণা কৰি তলত থানাৰ ষ্টাম্প আৰু ছাৰ জনাৰ চহী৷ তেওঁক ধন্যবাদ দি বিদায় ল’বলৈ থিয় দিলোঁ৷

“হেৰি নহয়, ভাল চাকৰি কৰা বুলি আচলতে পাঁচশ টকা হয়, তোমাক নিজৰ যেন লাগিছে, তুমি তিনিশ দিলেও হ’ব দিয়া৷ “

মই সৎ পথত চলা মানুহ, ঘোচৰ নামটোকে সহ্য নহয় মোৰ, কাগজখিলা ফালি টুকুৰা-টুকুৰ কৰি হিন্দী চিনেমাৰ নায়কৰ ভংগীত ছাৰৰ মুখতে মাৰি দিলোঁ৷ পিছে এইফেৰা কাম মোৰ কল্প জগততহে ঘটিল দেই, বাস্তৱত তেনেকুৱা একো নহ’ল, চুপ-চাপ টকা উলিয়াই দিলোঁ৷ তিনিখন খমখমীয়া এশ টকীয়া নোট ছাৰে নিৰ্লজ্জৰ দৰে মোৰ হাতৰ পৰা নি ইউনিফৰ্মৰ চোলাটোৰ জেপত ভৰালে৷

চোৰে বেগটো নিলে, পুলিচে নিলে টকাকেইটা৷ পাতল কান্ধ, পাতল মানিবেগ আৰু কামফেৰা হ’ল বুলি মনটোকো পাতল কৰি ঘৰৰ বাট বুলিলোঁ৷ ঘৰ সোমোৱাৰ আগে আগে ওচৰৰ মাধৱ মন্দিৰটোৰ পিনে চাই ফুচফুচাই ক’লো- “চৰী শক্তিমান৷ “
(২০০৯ চনৰ এটা সঁচা অভিজ্ঞতাৰ ফটা-ঢোল ৰূপান্তৰ)■■

11 Comments

  • Prashanta Rajkhowa

    বহুত ভাল লাগিল পঢ়ি ।

    Reply
    • অভিজিত মেধি

      ধন্যবাদ ডাঙৰীয়া।

      Reply
  • Bandita medhi

    হাঁহিও উঠিল দুখো লাগিল বস্তুবোৰ হেৰাল বাবে।

    Reply
    • অভিজিত মেধি

      বৰ ডাঙৰ সমস্যাই হৈছিল। পিছে ডুপ্লিকেট উলিয়ালোঁ, তাতেও মানুহবোৰে লাজ নকৰাকৈ পইচা খুজিলে।

      Reply
  • নিভা

    বহুত সুন্দৰ উপস্থাপন,হাঁহিৰ ৰহঘৰা।

    Reply
  • সুশান্ত

    সুন্দৰ প্ৰকাশভংগী

    Reply
  • Hiren

    জালুকবাৰী থানাৰ পুলিচৰ যে বদনাম আছে আজি আকৌ প্ৰমাণ হল

    Reply
  • পঢ়ি আমোদ পালো।সুন্দৰ।

    শক্তিমান নামটো তোমাৰ লগত ভালকৈ খাপ খাই পৰিছে।

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি

    Reply
  • Randeep

    বঢ়িয়া অভি দা ৷

    Reply

Leave a Reply

Your email address will not be published.