ফটাঢোল

মে ৰাহুল কী দিৱানী হু – পৰীস্মিতা গগৈ

:ঐ শুনাচোন।

:…………

:পৰীস্মিতা……পৰী

আস্ কোনে মতিলে মোক এই নামেৰে। এইটো নামেৰে মাতিবলৈ কেৱল মোৰ মনৰ মানুহজনৰহে জন্মস্বত্ব অধিকাৰ। হু ইজ হি বুলি মনতে ভোৰভোৰাই কপালখন কোঁ‌চ খুৱাই দীঘল চুলিটাৰি চাটপকৈ মাৰি ঘূৰি চালোঁ‌। আৰে এয়া কি! সপোননে বাস্তৱ। ই মোক মাতিছে তাকো ইমান মৰমত। উঠি অহা খংটো তেল শেষ হোৱা মিঠাতেলৰ চাকিগছিৰ দৰে দপকৈ জ্বলি নুমাই গ’ল। যিমান পাৰোঁ‌ অতিকৈ কোমল মাতেৰে বেৰিয়া দাঁ‌তটো উলিয়াই মিচিকিয়াই মাত দিলোঁ‌। “অহ অৰুণাভদা আপুনি।” মোৰ মাতটো শুনি অৰুণাভ কিমান উচপ খাইছিল নাজানো কিন্তু নিজৰ মাত শুনি ময়েই উচপ খাই উঠিলোঁ‌। ক’ৰ পৰা ওলাল এনে সুমধুৰ কুলিৰ দৰে মাত। এই মাত শুনিলে কুলিয়েও লাজ পালে হয় নিৰ্ঘাট। ভণ্টীৰ লগত কাজিয়া লাগিলেই কয় তোৰ পাটি হাঁ‌হৰ দৰে মাতটোৰে চিঞৰি নাথাক শুনিবলৈ মন নাযায়। বিদ্যা কৈছোঁ‌ আজি যদি এই সময়ত তাই কাষত থাকিলেহেঁ‌তেন বেহুচ যে হ’লহেঁ‌তেন সেইটো ধুৰুপ। এনিৱে মেইন কথালৈ আহোঁ। এই যে অৰুণাভ যি মোক এনেকৈ ইমান কোমল মাতেৰে মোৰ মনৰ মানুহজনৰ জন্মস্বত্ব অধিকাৰ থকা নামটোৰে মোক মাতিলে তথাপি মই খং নকৰিলোঁ‌ এও কোন জানিবলৈ মন যোৱা নাই জানো। আৰে এওৱে সদ্যহতে মোৰ মনৰ মানুহজন। মানে কলেজীয়া জীৱনৰ ক্ৰাছ। কলেজীয়া বুলি এই কাৰণে কৈছোঁ‌ এনে কিমান ক্ৰাছ কৈশোৰ কি শৈশৱৰ পৰা আহিল আৰু গ’ল হিচাপ নাই। আমি হ’লো প্ৰেমিক মানুহ। আমক প্ৰেমত পৰিবলৈ কাৰণ নালাগে নহয়। কিবা এটা ভাল লাগি গ’লেই হ’ল। যেনে ধৰক; কাৰোবাৰ কজলা চকু, বেঁ‌কা হাঁ‌হি, কেঁ‌কুৰা চুলি, পেশীবহুল শৰীৰ, দিম্পল পৰা গালো আমাক প্ৰেমত পেলাবলৈ যথেষ্ট হ’ব পাৰে। কতজনৰ এটা চাৱনিতে প্ৰেমত পৰি ঘৰ সংসাৰ পতালৈকে সপোন দেখি যাওঁ‌। অথচ তেৰাই এই বিষয়ে একোকে নাজানে। নাজানে মানে যদি চিনিও নাপাই সেয়াও কোনো ডাঙৰ কথা নহয়।

অৰুণাভ বৰঠাকুৰ। বি.কম তৃতীয় বাৰ্ষিকৰ ছাত্ৰ। অৰ্থাৎ মোৰ চিনিয়ৰ। যদিও মই আৰ্টছৰ তথাপি তাৰ বিষয়ে ভালদৰে জনাৰ কাৰণ আছিল, ম’ষ্ট হেণ্ডচাম এণ্ড ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট সি। গতিকে মই কি গোটেই কলেজেই তাক চিনি পাইছিল। লগতে মোৰ দৰে প্ৰেমত পৰোঁ পৰোঁ থকাবোৰৰ হাৰ্ট থ্ৰব আছিল সি। সেই অৰুণাভেই মোক মাতিছে তাকো ইমান মৰমলগাকৈ ‘পৰী’ বুলি। আস্! সেয়া সি খোজ কাঢ়ি আগুৱাই আহিছে হাতত নোটবুকখন লৈ। আগষ্ট মাহৰ গৰমত তাৰ চাৰ্টটো ঘামেৰে অলপ তিয়াই পেলাইছে। চাৰ্টটোৰ ওপৰৰ বুটাম এটা খোলা। খোলা বুটামেৰে ……ইছ নোৱাৰি আৰু চাব। কিয় আহিছে বাৰু এনেকৈ মোক লগ কৰিবলৈ। মোৰ দৰে সিও মোক মনে মনে ভাল পাই থকা নাইতো। হ’বও পাৰে। মাজে মাজে দুয়োৰে চকুৱে চকুৱে নপৰা নহয়। এনেদৰে কেতিয়াবা কলেজ কেণ্টিনত বা কৰিডৰত চকুৱে চকুৱে পৰিলেই শীতল বা এছাটিয়ে কোবাই যাই মোক। ভৰি দুখন জিনজিন কৰে আৰু বুকুখনত যেন এহেজাৰটা ঢেকিয়ে একেলগে ধানহে বানিছে। তাৰো বাৰু সেই একেই প্ৰতিক্ৰিয়া হৈছিল নেকি তেনেবোৰ সময়ত। হ’বও পাৰে নহ’লেনো এই নিৰ্জন ঠাইখিনিত সি মোক ইমান ধুনীয়াকৈ মাতে নে? উফ সি আহি মোৰ ওচৰ পাইহিয়ে। কি ক’ব বাৰু। কেনেকৈ আৰম্ভ কৰিব কথাবোৰ। কিমান চাগৈ মোৰ দৰে কথা আছে থূপ খাই ক’বলৈ। মই কি কৰিম তেতিয়া। তললৈ মূৰ কৰি শুনি থাকিম নহয় তাৰ চকুলৈ চাই থাকিম। নাই নাই সেইবোৰ একো নকৰোঁ‌ চূৰ্ণীখনৰ আগ দুটা লিৰিকি বিদাৰি থাকিম। ধেই বেছি নাটকীয় হ’ব সেইবোৰ। কমাৰ্চৰ ষ্টুডেণ্ট ইমান ড্ৰামা ভাল নাপাব। তাতোকৈ থিয়হৈ বুকুখনত বেগটোৰে হেঁ‌চি থাকি তললৈ চাই থকাই ভাল হ’ব। কিন্তু এবাৰতে ‘য়েছ’ ক’মনে? নাই নকও। এবাৰতে সন্মতি দিলে পাতল বুলি ভাবিব। সময় ল’ম দুদিন। বেচ, সেইটোৱে ঠিক হ’ব। উফ অৰুণাভদা আহানা জলদি। কিমান যে ঈৰ্ষা কৰিব মোৰ লগৰকেইজনীয়ে। এইমাত্ৰ ঈশিতাই কৈছিল আজি তাইলৈ চাই অৰুণাভে হাঁ‌হিছিল বুলি। হুহ কি ঠিক মোৰ কথা সুধিবলৈকে কিজানি হাঁ‌হি মাৰি সহজ হ’বলৈ চাইছিল। আফটাৰ অল আমি বেষ্টি বুলি জানেতো। দেখে ন অনবৰতে একেলগে আড্ডা দি থকা।

সিদিনা কেণ্টিনত ওলাইছিলহে কথাটো কিমান আৰু লোকৰ যোৰীবোৰ দেখি হা হুমুনিয়াহ পেলাই থাকিম। আমিও কিবা এটা চিন্তা কৰা ভাল। কথাটো ময়ো নভবা নহয়। লগৰবোৰৰ বি এফৰ লগত তোলা ফটোবোৰ, হুৱাটচআপৰ ষ্টেটাচ, ফেচবুকৰ ৰিলেশ্বনশ্বিপ ষ্টেটাচবোৰ, ইনষ্টাৰ ফটোবোৰ দেখিলেই নিজকে কিবা হিমালয়াত অসাধ্য সাধন কৰিবলৈ তপস্যা কৰি থকা মুনিবোৰ যেন লাগে। কিহৰ বা তপস্যাৰ বাবে আজিলৈ এটাও পতাব পৰা নাই। অৱশ্যে গাভৰু ছোৱালী হিচাপে মোলৈ প্ৰপ’জেল নহাকৈ থকা নাই। কিন্তু যিকেইটাৰ আহিছে প্ৰত্যেকৰে ছোৱালীৰ লগত চেনী চেনী খাই খাই মধুমেহ ৰোগ হৈ ইনচুলিন লৈ থকা ৰোগীৰ দৰে অৱস্থা। সেইকেটাৰ লগত না ডেটত যাব পাৰি না ফটো তুলি চ’চিয়েল মিডিয়াত দিব পাৰি। চিধাই কোনোবাই ক’ব অমুকৰ এক্স আছিল ন ই।

এতিয়াহে বুজিলোঁ‌ জ্যেষ্ঠজনে কোৱা ধৈৰ্যৰ ফল মিঠা কথাষাৰৰ সাৰমৰ্ম। ধৈৰ্য হেৰুৱাই যদি এৰা গেৰা নট্টু তেৰাৰ প্ৰপ’জেল এক্সচেপ্ত কৰা হ’লে আজি এনে কাৰ্তিক যেন চেহেৰাৰ সুদৰ্শন যুৱকৰ ৱান এণ্ড অনলি বিউটিফুল প্ৰেয়সী হ’বলৈ পালোঁ‌ হয় নে!

:কি ছোৱালী অ’ তুমি ইমান মাতি আছোঁ‌ তেতিয়াৰ পৰা।

:অহ অৰুণাভদা এক্সট্ৰিমলি চ’ৰি মই মানে……(তোমাৰ কথাকে ভাবি আছিলো জানা বুলি ক’বলৈ যে ইমান মন গৈছিল। কোনোমতে সম্বৰণ কৰি ফিকা হাঁ‌হি এটা মাৰি দিলোঁ‌।)

:হ’ব দিয়া একো নাই। পিছে এইখন পিঠিত কি লগাই ফুৰিছা।

:মানে?

:চাওঁ ঘুৰা।

“ম্যে ৰাহুল কি দিৱানী হু” বুলি লিখি থোৱা ডাঙৰ বগা কাগজ এখন পিঠিৰ চুৰিদাৰৰ কামিজটোৰ পৰা আঠা এৰুৱাই টানি আনিলে সি। আৰে এইখনচোন অথনি আমি এনেই ধেমালিতে কলেজৰে অজলা অকৰা ল’ৰা এটাৰ নাম লিখি লৈ ইজনীয়ে সিজনীৰ পিঠিত লগাই ফূৰ্তি কৰি আছিলোঁ‌। তাৰপিছত ডিপাৰ্টমেণ্টৰ হেড বাইদেউক দেখি মাতবোল বন্ধ কৰি থিয় হওতে আমাৰ লগত দুষাৰ কথা পাতিছিল আৰু সেইখন মোৰ পিঠিত লাগি আছিল আৰু মই তেনেকৈয়ে এটা ক্লাছ কৰি ঘৰলৈ উভতিবলৈ লৈছিলোঁ‌। সেয়ে পিছৰ বেঞ্চত বহা মণিকংকনাহঁ‌তে ফিচিঙা ফিচিঙ কৰি আছিল। মৰতীহঁ‌তে ক’বতো পাৰিলে হয়।

:এইখ্ন এনেকৈ লৈ ঘৰলৈ গ’লে মজ্জা পালাহেঁ‌তেন। এনিৱে গুড চয়ছ। এইবুলি থামচ আপ কৰি মোক দেখুৱাই সি অহা বাটে গুছি গ’ল। আৰু মই……? কল্পনাতে মোৰ আৰু অৰুণাভৰ সতি-সন্ততি নামো ভাবিবলৈ লোৱা অৰুণাভৰ ৱান এণ্ড অনলি বিউটিফুল জি এফজনীয়ে থৰ পৰা কপৌৰ দৰে একেখিনি ঠাইতে কিমান সময় “মে ৰাহুল কি দিৱানী হু”ৰ পোষ্টাৰখন হাতত লৈ থিয় হৈ থাকিলোঁ তাৰ হিচাপ কোনে ল’ব!

☆★☆★☆

9 Comments

  • HEMANTA KAKATI

    ধেত তেৰি! মজা লাগিল পৰী!

    Reply
    • Anonymous

      হাঃ হাঃ থেংকু কাকতিদা

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি। ইয়াৰ পিছৰ বাৰ মে অৰুনাভ কি দিৱানী হুঁ বুলি লগালেই হৈ গ’ল আকৌ।

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল পৰীস্মিতা

    Reply
  • Sanjima Bora

    Mozza lagil dei..

    Reply

Leave a Reply

Your email address will not be published.