ফটাঢোল

মোৰ কবিতাৰ ছন্দ লাগি… – শ্রী খনিন্দ্র ভূষণ মহন্ত

কবিতা বুলিলে স্কুলত পঢ়া দিনৰ পৰাই পগলা। অৱশ্যে তেতিয়া লিখাৰ কথা ভবা নাছিলোঁ। বিদ্যালয়ৰ বার্ষিক আলোচনীত দিবলৈ কেতিয়াবা যদি মহৎ লোকৰ বাণী, কেতিয়াবা সাঁথৰ! চলি আছিলোঁ এনেকৈয়ে। কি ‘জৌচ’ উঠিল নাজানো, ষষ্ঠ শ্রেণীত আলোচনীলৈ কবিতা দিম বুলি লগৰসোপাৰ আগত ফটা লেবেল এভাগ দি আহিলোঁ। তাৰ পাছত কি লিখিম, কি নিলিখিম ভাবি ভাবি আগষ্ট মাহ ভনীজনীকে কবিতা(?)ৰ বিষয়বস্তু সাজি লিখিছিলোঁ-

“মোৰ এজনী ভণ্টী আছে
তাইৰ নাম মাইনা
তাই খেলি ভাল পায়
দৰা আৰু কইনা……”

দিনবোৰ এনেকৈয়ে গৈ আছিল। কলেজ পোৱাৰ পাছত স্বভাৱগতভাৱে বতাহজাকৰ সোৱাদ ল’বলৈ আৰম্ভ কৰিছিলোঁ। ওচৰে-পাজৰে যোৰাবোৰ দেখিয়েই নে আন কিবা কাৰণতে, ‘তুমিহীনতা’ৰ বেমাৰ মোৰ গাতো লম্ভিছিল। তাৰ পাছত…তাৰ পাছত আৰু কি? ট্রেজেদীৰে ভৰি পৰিছিল ডায়েৰীৰ পৃষ্ঠাবোৰ। কিবা এটা কুক্ষণত(!) লগৰ এটাক দেখুৱালোঁ লেখাবোৰ। সি বেটাই দিলেনে ‘ভাইৰেল’ কৰি! লগে-লগে মোৰ নাম সলনি হৈ ‘কবি’ হৈ গ’ল। খুব লাজ লাগিছিল। কিয়নো তেতিয়ালৈ মোৰ কবিতা বিষয়ক কিবা-কিবি অলপ অধ্যয়ন কৰা হৈছিল। মই ভালকৈয়ে জানিছিলোঁ, সেইবোৰ কবিতাতো দূৰৰ কথা, অনুভৱৰ শাৰীত থ’ব পৰা অৱস্থাতো নাছিল। কিন্তু মিছা নকওঁ, মনে মনে নিজকে কল্পনা কৰিও চাইছিলোঁ। ভর্তি সভাঘৰ, মঞ্চত ঘোষকে ঘোষণা কৰিছে, “এইবাৰ মঞ্চলৈ মাতিছোঁ কবি খনিন্দ্র ভূষণ…।” নাই, তেনে দিন অহাৰ কোনো লক্ষণেই নাই। সময় নদীৰ কোবাল সোঁতে উটুৱাই নি মোক এনে এক পৰিস্থিতিত উপনীত কৰালেগৈ, ময়ো যে কেতিয়াবা কিবি লিখিবলৈ আৰম্ভ কৰিছিলোঁ, সেয়া পাহৰণিৰ গর্ভত বিলীন হ’ল।

ইয়াৰ পাছত ডায়েৰীৰ পাতত এক দীঘলীয়া শূন্যতা। এদিন ফেচবুকত অসমীয়া লিখিব পৰা হ’ল। লগে-লগে মোৰ পুৰণা বেমাৰে উকালে। আকৌ কিবা-কিবি লিখাত লাগি গ’লোঁ। বিশ্ববিদ্যালয়ৰ বান্ধৱী এজনীয়ে নামেই দিলে ‘কবিতা’ বুলি। বেয়া লগা নাছিল। মুঠেও বেয়া লগা নাছিল। আচলতে ভাল লাগিছিল।

বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনৰ কথা। এদিন ক্লাচ শেষ কৰি ওলাই আহিছোঁ। মোৰ লগত মোক ‘কবিতা’ বুলি উপনাম দিয়াজনী। ভূপেন হাজৰিকা সমাধি ক্ষেত্রত মানুহৰ ভিৰ। সেইখিনি পাৰ হওঁতেই শুনিলোঁ, তাত কবি সন্মিলন পাতিব। তেনেতে তাইৰ চিঞৰ-বাখৰ আৰম্ভ হৈ গ’ল। “ব’ল না, ততো কবিতা পাঠ কৰিবি। মই শুনিম।” মই নাযাওঁ। তাই নেৰে। শেষত গৈ উদ্যোক্তাসকলৰ লগত কথা পাতি নামটো লিখিলোঁ।

মোৰ মনত মানে ধাৰণা এটা আছিল। কবিবোৰ অলপ ভাবুক ধৰণৰ হ’ব, কথা-বতৰা জুখি-মাখি ক’ব, কাপোৰবোৰ পিন্ধিব লাগে বাবেহে যেন পিন্ধিব! তাত গৈ বহাৰ পাছতহে মন কৰিছোঁ, কথাবোৰ দেখোন মই ভবাৰ দৰে নহয়! কোনেও কাৰো মাত নুশুনাকৈ সকলো নিজৰ মাজতে কথা পতাত ব্যস্ত। আমি দুটা শেষৰ শাৰীত বহি ৰেহ-ৰূপবোৰ চাই আছোঁ। ৰাইজৰ কাপোৰৰ বাহাৰ দেখি মই ‘কনফিউজদ্’ হৈ গৈছিলোঁ সেইখন কবি সন্মিলন নে বিয়াঘৰ! ইফালে আমি (তাইৰ বাৰু যেন-তেন) দিনটো ক্লাচ কৰি সামৰি যিটোহে ৰূপ লৈ গৈছোঁ, বাকীসকলক দেখি ‘কমপ্লেক্স’ হৈ গৈছিল! “বাহ্যিক সৌন্দর্যতকৈ মনৰ সৌন্দর্যহে মূল” জাতীয় ‘ফিল’ এটা লৈ বহি আছোঁ যেন-তেন।

সভা আৰম্ভ হ’ল। সঞ্চালক, পর্যালোচককে আদি কৰি গণ্য-মান্য ব্যক্তিসকলে আসন গ্রহণ কৰিলে। ইফালে মই বহী এখনৰ পৰা ‘মাজৰ পাত’ এখিলা ছিঙি, ফেচবুকটো খুলিছোঁ। মিচন : কবিতা। লগৰজনীৰ সহায়ত তেতিয়াৰ আটাইতকৈ বেছি ‘লাইক’ থকা কবিতাটোকে পাঠ কৰিম বুলি মনস্থ কৰিলোঁ। তেতিয়ালৈকে সকলো ঠিকেই আছিল। এজন-এজনকৈ কবিসকল কবিতা পাঠৰ বাবে গৈ আছে। মই এটা কথা দেখি অবাক হ’লোঁ, বেছি সংখ্যকেই হাতত তেওঁলোকৰ কবিতা পুথি একোখন লৈ লৈ গৈছে আৰু কবিতা পাঠ কৰিছে। মই লগৰজনীক কৈছোঁ, “ঐ, মই যে এওঁলোকৰ এখনো কবিতা পুথিৰ নামেই শুনা নাই। কিয়? নাই নাই বুলি কবিতা কিতাপ পঢ়িছোঁও দেচোন অলপ। নপঢ়িলেও খবৰ ৰাখোঁ।” তাই মৰতী নিৰুদ্বেগ। মই মনতেহে, এইজনীৰ কাৰণেই আজি এইবোৰ চাই থাকিব লগীয়া হৈছে। দুজনমান অতি-আধুনিক কবিয়েতো মোবাইলটোকে উলিয়াই ল’লে। স্ক্রীণখন স্ক্র’ল কৰি কৰি পাঠ কৰিছে। দুজনমানৰ আকৌ মোবাইলটোৰ পৰা চাই থাকোঁতেই ফোনো আহিল! কাৰোবাৰ আকৌ ফোনেই ‘লক’ হৈ গ’ল। মুঠতে মঞ্চ জমি আছিল। মোৰ নিজকে কিবা ‘এলিয়েন’ যেনহে লাগিছিল। দিস্তা কাগজত কবিতা লিখি নিয়া প্রাণী কিজানি আমি দুজনমানহে আছিলোঁ। তাতোকৈ আচৰিত, কবিসকলে দেখোন নিজৰ কবিতাটো পাঠ কৰে, কোনোবা এজনে ফটো উঠায় আৰু লগে লগে শেষ হোৱাৰ লগে-লগে সভা ত্যাগ কৰি গুচি যায়। এসময়ত এনেকুৱা অৱস্থাও হৈছেগৈ, সঞ্চালক মহোদয়ে এই বিষয়ক লৈ ঘোষণা কৰিবলগীয়াও হৈছিল।

তেনেতে লাগিল নহয় অথন্তৰ এখন। কবি এজনে কবিতা পাঠ কৰিবলৈ গৈ তেওঁৰ কবিতা চুৰ কৰি বেলেগ এজনে নিজৰ বুলি পাঠ কৰাৰ অভিযোগ তুলিলে। ইফালে যাৰ ওপৰত অভিযোগটো দিছিল, তেখেতো ৰৈ নাথাকিল। চিধাই মঞ্চত উঠি প্রত্যুত্তৰ দিয়াত লাগিল। মুঠতে এখন ভাল(?) যুদ্ধ দেখাৰ সৌভাগ্য(?) আমাৰ হৈছিল।

সেইদিনা কবিসকলৰ ওপৰত মই অতদিনে লৈ ফুৰা ধাৰণাটো সলনি হৈছিল।

উপসংহাৰঃ কবিতাৰ ক্ষেত্রখনত জড়িত হৈ থকা কিছুদিন হৈছে। অভিজ্ঞতাও কিছু হৈছে। বিভিন্ন কবি সন্মিলনলত উপস্থিত থকাৰ সুযোগো পাইছোঁ। কিন্তু সেইদিনা দেখাৰ দৰে অৰাজক পৰিস্থিতি আন ক’তো দেখা নাই। তাত কবিতা পাঠ কৰা কবিসকলকো কেতিয়াও কোনো এখন কবিতাৰ সভাতে লগো পোৱা নাই। আচৰিত!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.