ফটাঢোল

মোৰ পাঁচখন প্ৰিয় গ্ৰন্থ- ঈশান জ্যোতি বৰা

নিম্নোক্ত বাক্যবোৰ ‘বিশ্ব গ্ৰন্থ দিৱস’ৰ প্ৰাক‌ক্ষণত লিখিছিলোঁ যদিও ইয়াৰ প্ৰাসংগিকতা আজিও থকা যেন অনুভৱ হয়। এতিয়া জনা-শুনা লোকে জানেই যে- উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত বহুতো মূল্যৱান অসমীয়া গ্ৰন্থ বিস্মৃতিৰ সুশীতল নিদ্ৰাত৷ কথাটো ভাবিলে বেজাৰ লাগে৷ কাৰণ চিন্তাশীল মানুহৰ চিন্তাশক্তি জোকাৰি যাব পৰা এইবোৰ গ্ৰন্থই সমাজলৈ জাগৰণ অনাৰ পূৰ্ণ সম্ভাৱনা আছিল৷ পিচে কি হ’ব, আমাৰেই চৰম দুৰ্ভাগ্য; তেনে অৱশ্য-পঠনীয় অনেক গ্ৰন্থই পাঠকৰ আদৰ আৰু সন্মানৰ পৰা বঞ্চিত হৈ এতিয়া আমন-জিমনকৈ দিন পাৰ কৰিবলগীয়া হৈছে৷ কি যে বিড়ম্বনা! এতিয়া যদি আমি পাঠক ৰাইজে নতুন-নতুন কিতাপৰ লগতে সেইবোৰ অল্পখ্যাত অথচ মৌলিক বিষয়বস্তুৰে ৰসাল হৈ থকা কিতাপ পঢ়ক বুলি আশা কৰোঁ, তেন্তে আমাৰ বাৰু ভুল হ’ব নেকি! আমি অজ্ঞ ৷ নেজানো৷ সেয়েহে সেইবোৰ বিচাৰ-বিবেচনা একাষৰীয়াকৈ থৈ মই পাঁচখন প্ৰিয় গ্ৰন্থৰ বিষয়ে চমুকৈ উল্লেখ কৰিবলৈ আগবাঢ়িছোঁ৷ পাঠক ৰাইজে কথাবোৰ ভাবি-গুণি চাব৷

(১) ভাল খবৰ,ভাইৰেল হৈছেঃ এইখন কিতাপ পঢ়িলে জীৱন-জগতৰ অনেক ৰহস্যৰ বিষয়ে গম পাব পাৰি৷ ভতুৱা কুকুৰ এটাই ভাত খাবলৈ যাওঁতে ডিঙিত কাঁইট লাগি ভাইৰেল হোৱা ঘটনাটোৰে গ্ৰন্থখনি আৰম্ভ হৈছে আৰু তামোল গছত বগাই ফুৰা নাইপীয়া সাপ এডালে দহ ঘণ্টালৈকে টোপনিয়াই থকা অলৌকিক ঘটনাটোৰে গ্ৰন্থখনিৰ অন্ত হৈছে৷ এইখন মোৰ অন্যতম প্ৰিয় পুথি৷ কিয়নো কিতাপখনে মোক বিষণ্নতা, মূৰৰ বিষ, খিঙখিঙীয়া স্বভাৱ দূৰীকৰণত বহুত সহায় কৰিছে; লগতে ভাইৰেলৰ অংশীদাৰ হৈ কিদৰে জীৱনৰ জখলাইদি কালৈকো কেৰেপ নকৰাকৈ দুপদুপাই দৌৰি যাব লাগে, তাৰো কিছু দিহা দিছে৷ কিতাপখনত লেখক শ্ৰীমান ভাইৰেলজ্যোতি বৰাই অনন্য কথনভঙ্গী আৰু তীক্ষ্ণ বিশ্লেষণাত্মক নজৰেৰে ভাইৰেল-ব্ৰহ্মাণ্ডৰ কিমান যে জটিল-জটিল ৰহস্যৰ পৰা পৰ্দা উঠাইছে, তাৰ হিচাপ-নিকাচ নাই ৷ মোৰ মতে, ‘ভাল খবৰ, ভাইৰেল হৈছে!’ এখন সুন্দৰতকৈও সুন্দৰ  কিতাপ৷ উল্লেখনীয় যে, কিতাপখনত যোৱা এটা দশকত পৃথিৱীৰ চুকে-কোণে বিশেষকৈ আমাৰ অসম মুলুকত ভাইৰেল হৈ পৰা বিভিন্ন ঘটনাপ্ৰৱাহৰ এখনি সুদীৰ্ঘ তালিকা ইউ টিউবৰ লিংকসহ সন্নিৱিষ্ট কৰা হৈছে৷ ৰাইজে চোৱাৰহে কথা আৰু!

(২)পৰচৰ্চা কৰোঁ গোপনে-গোপনেঃ ‘পৰচৰ্চা কৰোঁ আহা’, ‘আকৌ পৰচৰ্চা’, ‘পৰচৰ্চাৰ উত্থান’ শীৰ্ষক তিনিখন গ্ৰন্থৰ অভূতপূৰ্ব বিফলতাৰ পাছতো দুখত ম্ৰিয়মান নহৈ পুনৰ কলম তুলি লোৱাটো কম উৎসাহৰ কথা নহয়৷ বহুতো লেখকে এখন গ্ৰন্থৰ বিফলতাৰ পাছতে সেইফালে পিঠি দি পুখুৰীত বৰশী বাই থকা আমি নিজ চকুৰে দেখিছোঁ৷ সেয়েহে কিতাপ লিখাৰ এই অত্যুৎসাহী মনোভাৱৰ বাবে লেখক শব্দজ্যোতি বৰা নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ৷ মোৰ মতে, তেওঁৰ শেহতীয়া গ্ৰন্থ ‘পৰচৰ্চা কৰোঁ গোপনে-গোপনে’ সাম্প্ৰতিক সময়ৰ এখন অনন্য কল্প-বিজ্ঞানধৰ্মী কাহিনী৷ অসমীয়া কল্পবিজ্ঞানধৰ্মী কাহিনীৰ চৰম দৰিদ্ৰতাৰ দিনত এইখন গ্ৰন্থ হৈছে-“এ ব্ৰেথ্ অফ ফ্ৰেছ এয়াৰ”; অৰ্থাৎ নশিকানলীৰ তলেৰে বৈ যোৱা এছাটি নিৰ্মল চেঁচা বতাহ৷ ‘পৰচৰ্চা’ চিৰিজৰ এই চতুৰ্থখন গ্ৰন্থত লেখক শব্দজ্যোতিয়ে পৰচৰ্চাত নিমজ্জিত এখন বৰ্হিবিশ্বৰ সমাজে পৃথিৱীক আক্ৰমণ কৰাৰ কথা লিখিছে৷ অনবদ্য পটভূমি আৰু অকল্পনীয় ৰচনাশৈলীৰে সমৃদ্ধ এইখন গ্ৰন্থত ঔপন্যাসিকগৰাকীয়ে ‘বিয়নি মেল’ নামৰ এক বিশেষ ৰকমৰ কথোপকথনৰ জৰিয়তে কিছু থ্ৰিল আৰু কিছু ছাচপেঞ্চৰ সমাৱেশ ঘটাইছে আৰু তাৰ জৰিয়তে ৰূপান্তৰ ঘটা বৰ্হিবিশ্বৰ সমাজখনৰ নান্দনিক দিশটো বৰ সুন্দৰকৈ ব্যাখ্যা কৰিছে৷ পৃষ্ঠাই-পৃষ্ঠাই নতুন টুইষ্ট্, অধ্যায়ে-অধ্যায়ে নতুন মোৰ। পাঠকে কিয় ইমানদিনলৈকে এইখন গ্ৰন্থ পঢ়ি পাত-পাত কৰি পেলোৱা নাই, সেইয়া বিচাৰ্য৷ আশা কৰিছোঁ, গ্ৰন্থখনিয়ে এইবাৰ ৰাইজৰ মৰম পাব৷

(৩)দুৰ্লভ অন্ধকাৰত কাৰ সেই ছবি?—এইখন এখন আত্মজীৱনীমূলক উপন্যাস৷ সাধাৰণতে বহুতো মানুহে আত্মজীৱনী লিখিবলৈ গৈ নিজৰেই গুণ বখানি তৎ নাপায়৷ তেওঁলোকৰ বাবে ‘আত্মজীৱনী’ হৈছে নিজৰ গুণ বখানি থকাৰ এটা বৌদ্ধিক কাৰচাজি৷ তেনে এক  ‘ইৰিটেটিং’ পৰিৱেশত ‘দুৰ্লভ অন্ধকাৰত কাৰ সেই ছবি?’ এক বিৰল ব্যতিক্ৰম। ছ’চিয়েল নেটৱৰ্কিং ছাইট ফে’চবুকত নতুনকৈ নামভৰ্তি কৰা দাল-দৰিদ্ৰ ল’ৰা অধমজ্যোতি বৰাই কেনন ফাইভ-ডি কেমেৰাৰে উঠোৱা ‘ছেলফি’ নামৰ ছবিখন আপল’ড কৰাৰ তিনি ছেকেণ্ডৰ ভিতৰতে ছাইটৰ পৰা উধাও হ’ল৷ নিৰুদ্দেশ হোৱা সেই ছবিখন উদ্ধাৰ কৰিবলৈ গৈ তেওঁ কিদৰে অসমৰ চাৰি লাখ ফে’চবুক গোটত চৰজমীন তদন্ত চলালে, কিদৰে কলেজে-চলেজে গৈ সহায়-ভিক্ষা মাগিলে আৰু কিদৰে দেশৰ প্ৰতিৰক্ষা আৰু গৃহ বিভাগে অধমজ্যোতিৰ সেই অভিযান সফল কৰিবলৈ দেহেকেহে খাটিলে-সেই সমূহ ঘটনাৰে বিষদ বিৱৰণ এইখন গ্ৰন্থত উল্লেখ কৰা হৈছে।  লেখক অধমজ্যোতিয়ে নিৰ্মোহ আত্মসমালোচনাৰে নিজৰ বেপৰোৱা স্বভাৱবোৰৰ সমালোচনা কৰিছে, যিয়ে লেখকৰ সৎসাহসী চিন্তাটোকে উদঙাই দিছে৷ সামান্য কথা এটাতে মন বেয়া কৰা লোকসকলে এইখন গ্ৰন্থ পঢ়িলে জীৱনৰ জটিল প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবলৈ অনুপ্ৰেৰণা পাব৷ হাইলি ৰেক’মেণ্ডেড বুক দেই৷

(৪)কবিতাৰে পখালোঁ মোৰ এই দুহাতঃ কবিতা লিখা কাৰবাৰটো ভাতৰ লগত পানী অকণ খোৱাৰ নিচিনা একেবাৰে সৰল কাম বুলি জনাজনি হোৱাৰ পাছতো অসমৰ বহু সুপ্ত প্ৰতিভাই এতিয়ালৈকে কবিতা লিখা নাই৷ কথাটো বৰ দুখৰ হৈছে৷ কাৰণ এনেকৈ পিছুৱাই থাকিলে এক বিলিয়নৰ সংখ্যাটো স্পৰ্শ কৰিবলৈ আমাক বছৰদিয়েক লাগি যাব৷ তেনেই সাধাৰণ কবিতা এটা লিখিবলৈনো অসুবিধা কিহৰ! লাজ নে শংকা নে ভয়? নে এইয়া তেওঁলোকৰ সমূহীয়া ‘ৰাইটাৰছ্-ব্লক’? এই সমস্ত সাঁথৰৰ পৰা কুঁৱলী গুচাবলৈ আৰু নতুন কবিসকলক যথোপযুক্ত মাগ্-দৰ্শণ কৰিবলৈ আগুৱাই আহিছে অসমৰ এগৰাকী প্ৰচাৰবিমুখ কাব্য-সমালোচক তথা পৰ্যবেক্ষক ড০ পদ্যজ্যোতি বৰা৷ প্ৰায় চাৰিশপৃষ্ঠাৰ এই বিশাল গ্ৰন্থত তেওঁ এটা আখৰযুক্ত ‘অঁ’ নামৰ কবিতাটোৰ পৰা আৰম্ভ কৰি তিনিশ শাৰীযুক্ত “৺, ৺ আৰু ৺ ’ শীৰ্ষক কবিতাটোলৈকে মুঠ এহাজাৰটা কবিতাক স্থান দিছে৷ অকল সেয়াইনে? নহয়,আৰু আছে৷ দূৰদৃষ্টিসম্পন্ন বৰাদেৱে প্ৰতিটো কবিতাৰে নিৰহ-নিপানীকৈ সমালোচনা আগবঢ়াইছে; লগতে প্ৰত্যেকৰে তলত একোটিকৈ ‘ৰিয়েকচন’ আঁকি নিজৰ মনোভাৱ প্ৰকাশ কৰাৰ বিনম্ৰ প্ৰচেষ্টা চলাইছে ৷ ড০ বৰাই নিজেও এতিয়ালৈকে পোন্ধৰশ তিনিটা কবিতা লিখিছে৷ অথচ পুথিখনত তেওঁ মাথোঁ ‘ব’লা মমতা, সাগৰ চাই আহোঁ’ নামৰ কবিতাটোহে সন্নিৱিষ্ট কৰিছে৷ এইয়া তেওঁৰ মহানুভৱতাৰ বাদে আৰু কি হ’ব পাৰে! আশা কৰোঁ, পুথিখনে উদীয়মান কবিসকলৰ পৰা মৰম-চেনেহ পাব৷

(৫) ’বিতৰ্ক নকৰে নেকি?’- ‘প্ৰাক-ছেলফি’ যুগৰ কোনো এক ৰহস্যাবৃত দোকমোকালিত এই থ্ৰিলাৰধৰ্মী উপন্যাসভাগৰ কাহিনীৰ চকা ঘূৰিছে৷ আশী কিলোমিটাৰ বেগেৰে চলি থকা চকাই জাতীয় জীৱনৰ প্ৰায়বোৰ বিষয়তেই বিতৰ্কৰ ৰং সনাত সফল হৈছে৷ লেখক হৈছে শ্ৰীতৰ্কজ্যোতি বৰা৷ এসময়ত কলেজৰ চকীত বহি বৃহৎ-বৃহৎ মাখি মাৰি থকা তেওঁৰ ভ্ৰাতৃ লব্ধপ্ৰতিষ্ঠ অধ্যাপক বিতৰ্কজ্যোতি বৰাই কিহৰ তাড়নাত পৰিনো পাছৰ জীৱনত এজন ‘বিতৰ্ক-বিশাৰদ’ হৈ পৰে, আৰু তেওঁৰ এই বিতৰ্কবোৰক কেনেকৈ ভাৰতীয় চোৰাংচোৱা সংস্থাৰ দুৰন্ত বিষয়া শ্ৰীশেনজ্যোতি বৰাৰ দলটোৱে ফাদিল কৰে-তাকেই এই থ্ৰিলাৰধৰ্মী উপন্যাসখনত চিত্ৰসহ বুজাই দিয়া হৈছে৷ লেখক তৰ্কজ্যোতি বৰাৰ দহবছৰীয়া বৌদ্ধিক শ্ৰম আৰু নান্দনিক গৱেষণাৰে পুষ্ট এইখন হৈছে পাঁচশ পৃষ্ঠাৰ গ্ৰন্থ-যাক বিনাদ্বিধাই অসমীয়া সাহিত্য জগতৰ চমৎকাৰ বুলি ঘোষণা কৰিব পাৰি৷ আমাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰাদেৱক সুধিছিলোঁ-‘কিতাপৰ নামটো ‘বিতৰ্ক নকৰে নেকি কিয় ৰাখিলে?’ প্ৰত্যুত্তৰত তেওঁ এটা থ্ৰিলাৰধৰ্মী উত্তৰ দিলে যে-‘কিতাপখন পঢ়িলে গম পাবা৷’  তেওঁৰ কথা শুনি ৰাতিটোৰ ভিতৰতে কিতাপখন পঢ়ি শেষ কৰিলোঁ। আৰু বিশ্বাস কৰক, নিখুঁত শব্দ-চয়ন আৰু চৰিত্ৰ-অলঙ্কৰণৰ অদ্ভুত দক্ষতাৰে সমৃদ্ধ এই উপন্যাসখনে মোক থৰথৰকৈ কঁপাই দিলে৷ গুৰুত্বপূৰ্ণ কথা যে, ‘বিতৰ্ক’ চিৰিজৰ দ্বিতীয়খন গ্ৰন্থ হেনো অহা মাঘতে মুক্তিলাভ কৰিব। নাম হ’ব-‘ব মানে বিতৰ্ক’৷ তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.