ফটাঢোল

মোৰ মনৰে কল্পনাত-শ্ৰুতিমালা মিশ্ৰ

নটা বাজিল। বিভিন্ন বয়সৰ লʼৰা-ছোৱালীৰ কিৰিলি, দৌৰা-ঢপৰাই নিকেতনৰ আহল-বহল প্ৰাংগণটো চঞ্চল কৰি তুলিছে। চহৰৰ প্ৰায় মাজমজিয়াত অৱস্থিত বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ সন্মুখভাগত অভিভাৱকৰ বিভিন্ন জুম। কোনোবাই নিজৰ সন্তানক চাইকেলৰ কেৰিয়াৰত বহুৱাই থʼবলৈ আহিছে, আন কোনোবাই বাইক বা স্কুটীত থʼবলৈ, কাৰোবাক আকৌ মাক বা দেউতাকে হাতত ধৰিয়েই থʼবলৈ আহিছে, কোনোবাজন আকৌ লগৰীয়াৰ লগতেই খোজকাঢ়ি আহিছে। বিদ্যালয়ৰ সন্মানীয় আচাৰ্য-আচাৰ্যাসকল প্ৰৱেশদ্বাৰৰ ওচৰে-পাজৰে থাকি সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰভাতী সম্ভাষণ জনোৱাৰ সমান্তৰালকৈ বিভিন্ন মাতৰ একে সমন্বিত স্বৰেৰে হাতযোৰ কৰি নমস্কাৰ ভংগীত ছাত্ৰ-ছাত্ৰীসকলেও বিশেষ এটা তানত সুৰ লগাইছে,

 “আচাৰ্য নমস্কাৰ। আচাৰ্যা নমস্কাৰ।” 

বেগৰ মোটা ফিটা দুডাল হাতেৰে পিটিকি পিটিকি চিন্তাৰ ৰেখা কপালত টানি গুজুং গুজুং খোজেৰে সেয়া অংশুমান। নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ, এক কথাত কʼবলৈ হʼলে গহীন ছাত্ৰ, পঢ়াত অত্যন্ত চোকা নহʼলেও মধ্যমীয়া বুদ্ধিমত্তাৰ ছাত্ৰ। নতুনকৈ বুট-মাহৰ গজালি মেলাৰ দৰে কৈশোৰৰ শেষপ্ৰান্তত উপবিষ্ট হৈ অংশুমানৰো ওঁঠৰ ওপৰত আৰু থুঁতৰিত দুই-এডাল গোঁফে ভুমুকি মাৰিছে, আগৰ শুৱলা মাতটো গুচি টেঙটেঙীয়া মাত এটাই সদম্ভে নিজৰ উপস্থিতি ঘোষণা কৰিছে অংশুৰ কন্ঠস্বৰত। 

প্ৰাকযৌৱনৰ খেলি-মেলিৰ বয়স, ঊনৈশত বা বলাই উৰি ফুৰাটো স্বাভাৱিক কথা। অংশুৰো সেই একেই গতি হ’ল। আহোঁতে-যাওঁতে, লʼৰা এফালে ছোৱালী এফালে ক্লাছৰ বেঞ্চৰ ৰোটেশ্যন ছিষ্টেমত একেবাৰে কাষৰ বেঞ্চত বহা উদ্দীপ্তাই অংশুৰ কলিজাত মৃদুমধুৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰোৱা হʼল। ইফালে পুৱা সাতটাতে শৰ্মা চাৰৰ অংকৰ টিউশ্যনতো দুয়োটা একেলগে অহা-যোৱা কৰা হ’ল। ছোৱালীৰ মনত কি চলিছে গম নাপালেও লগৰ একেবাৰে সনাপিটিকা বন্ধু প্ৰীতম আৰু গীতাৰ্থই অংশুৰ উদ্দীপ্তাৰ প্ৰতি কলিজাত জন্ম হোৱা এই প্ৰেমৰ বতাহজাকৰ বাৰ্তা নোপোৱাকৈ নাথাকিল। কাজেই অংশুৰ দিনটো উদ্দীপ্তাতেই আৰম্ভ হোৱা হ’ল আৰু তাইতেই শেষ হোৱা হ’ল। বুকুতো ৰু-ৰুৱাই তাৰ প্ৰিয় গায়ক জুবিন গাৰ্গৰ “মোৰ মনৰে কল্পনাত জেতুকা হোৱানা” গানটো বাজি থাকিবলৈ ধৰিলে। 

ইফালে প্ৰেমত পৰি লʼৰা একেবাৰে ভাবুক প্ৰকৃতিৰ হৈ পৰিল। অজান ভালপোৱাৰ পুলকে মন ৰোমাঞ্চিত কৰিবলৈ ধৰিলে, পঢ়া-শুনা চব ধোঁৱাচাঙত উঠিল। ভাত খাবলৈ মন নোযোৱা হ’ল, কিতাপ সন্মুখত মেলিলেও বাৰে বাৰে উদ্দীপ্তাৰ কাণৰ কাষত গুজি থোৱা চুলিখিনি তাই বিশেষ ভংগীমাত চুই পিছফালে ঠেলি দিয়া মোশ্যনটোৱে তাক বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে। টিউশ্যন আগতকৈয়ো বেছি গুৰুত্বসহকাৰে চলিল, কাৰণ তাৰ সন্মুখৰ বেঞ্চখনতে সদায় বহে উদ্দীপ্তা আৰু উদ্দীপ্তাৰ বেষ্ট ফ্ৰেইণ্ড গাৰ্গী। 

নিজৰ অল টাইম ক্ৰাশ্ব স্মৃতি মান্ধানাকো ক্ৰাশ্বৰ লাইনৰ পৰা গুচাই অংশুৰ মন আকাশত গজগজীয়াকৈ চাপৰ-চুটিৰ গোল মুখৰ উদ্দীপ্তা বহি ৰʼল। মাজে মাজে চুৰকৈ চাওঁতে চকুৱে চকুৱে ধৰাতো পৰিল কেইবাৰমান তাইৰ। অংশুৰ তুলনাত উদ্দীপ্তা খুব চোকা ছোৱালী। দেউতাক স্থানীয় হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ ইংৰাজীৰ বিষয় শিক্ষক, মাকো হাইস্কুলৰ শিক্ষয়িত্ৰী। কাজেই লʼৰা-ছোৱালীৰ পঢ়া-শুনাকলৈ তেওঁলোক অত্যন্ত সচেতন। ইফালে আগৰ বছৰ একেখন বিদ্যালয়ৰ পৰা ষ্টেণ্ড কৰা ছাত্ৰগৰাকী হ’ল উদ্দীপ্তাৰ আদৰ্শ, ডিষ্টিংশ্যনটো কিবাকৈ হʼলেও আনিব লাগিব বুলি বছৰৰ আৰম্ভণিৰ পৰাই তাই বৰ চিৰিয়াছলী পঢ়াত লাগিছে। 

দিনে দিনে অংশু উদ্দীপ্তাৰ নামত নেমু নিমখত ডুবাই আচাৰ বনোৱাৰ আগত যিদৰে পমিবলৈ দিয়ে‌ ঠিক সেইদৰেই পমিবলৈ ধৰিলে। তাইক দেখিলেই কলিজাটো ঢপঢপাই যোৱা কাৰবাৰটো বেছিকৈ হ’বলৈ ধৰিলে। ইফালে এখুজি দুখুজিকৈ গৰম বন্ধও আহি পালে। এটা মাহ তাইক নেদেখাকৈ কেনেকৈ থাকিব সেই কথাটো ভাবিয়েই অংশুৰ মন বেদনাবিধুৰ হৈ পৰিল। ইফালে শৰ্মা ছাৰেও গৰমৰ বন্ধত টিউশ্যন নকৰোঁ বুলি আগতীয়াকৈয়ে ঘোষণা কৰিলে। হওঁতে উদ্দীপ্তাৰ ঘৰ অংশুৰ ঘৰৰ পৰা ডেৰ কিঃমিঃমান দূৰত, সি চাইকেলখন লৈ ওলাই আহিও বাৰু তাইক এপাক চাব পাৰিব দিনটোত, কিন্তু এবাৰ চাবলৈ পালেও মন নভৰা টাইপ অৱস্থা। 

লাহে লাহে উদ্দীপ্তাৰ প্ৰতি জাগ্ৰত হোৱা অংশুৰ এই ভূমিকম্পৰ মৃদু মৃদু কম্পনৰ বতৰা গোটেই ক্লাছটোতেই বিয়পি পৰিল। লগৰ দুই একে চেগ বুজি তাইৰ নাম লৈ তাক “এএ অংশু, তোৰ তিৰী আহিল” বুলিও জোকাবলৈ আৰম্ভ কৰিলে। এই জোকোৱা কাৰবাৰবোৰে অংশুৰো মনটো ভাল লগাবলৈ ধৰিলে। মুঠতে সি একপ্ৰকাৰ সিদ্ধান্ত লʼলে যে গৰমৰ বন্ধটো খুলিলেই সি উদ্দীপ্তাক তাৰ মনৰ কথাটো কৈয়েই দিব, কোৱাৰ দিনা সি তাইক তাইৰ প্ৰিয় কেডবেৰী ডেইৰীমিল্ক চকলেট এটা দি প্ৰপʼজ কৰিব। মুঠতে গৰমৰ বন্ধৰ পিছত তাৰ প্লেন চাকচেছফুল, পিঠিত থপথপাই প্ৰীতম আৰু গীতাৰ্থয়ো তাৰ প্লেনিঙত সমৰ্থন জনালে।

আগষ্টৰ এক তাৰিখে গৰমবন্ধ খুলিল, এমাহৰ পিছত লগ পোৱা লʼৰা-ছোৱালীবোৰেও নিজ নিজ প্ৰিয় বন্ধু-বৰ্গৰ মাজত ইমানদিনৰ জমা হোৱা কথাৰ পেৰাটো খুলি বহিল। দিন গৈ আছে, অংশুৱে উদ্দীপ্তাক মনৰ কথাটো ক’ব নোৱাৰেহে নোৱাৰে। কিবা নহয় কিবা এটা লেঠা লাগিয়েই যায় সদায়। লাহে লাহে আহুকাণে পহুকাণে এই কথাটো বতাহৰ সোঁতে সোঁতে গৈ উদ্দীপ্তাৰো কাণত পৰিলগৈ। কাজেই তাইৰ টিঙিচকৈ খং উঠিল। পঢ়াৰ বাহিৰে জীৱনত বেলেগ কিবা দৰকাৰী কথাও থাকিব পাৰে বুলি গণ্য নকৰা উদ্দীপ্তাই কথাটো গম পাই অংশুক এসেকা দিবলৈ মন মেলিলে। মাথোঁ উপযুক্ত সুযোগৰ অপেক্ষাত থাকিল তাই। 

লাহেকৈ এডেও দুডেও কৰি আহিল আগষ্টৰ মাজভাগত ৰাখী পূৰ্ণিমা। ইফালে লগৰ দুই বান্ধৱী নিকিতা আৰু চন্দ্ৰমাই ইমানদিনে তাইক অংশুৰ লগত যুটি বান্ধি দি জোকাবলৈয়ো আৰম্ভ কৰিছিল। অংশুৰ নাম শুনিলেই টিঙিৰিতুলা হৈ পৰে উদ্দীপ্তা। কি কৰা যায় এই লʼৰাটোক এসেকা দিবলৈ বুলি ভাবোঁতে ভাবোঁতে তাইৰ মূৰত খিটিঙকৈ প্লেনিং এভাগি আহিল। ভবামতেই কাম, তাই মাথোঁ সুযোগৰ অপেক্ষাত থাকিল। 

সিদিনা পৱিত্ৰ ৰাখী পূৰ্ণিমা। নিকেতনত ৰাখী পূৰ্ণিমা মানেই এক ডাঙৰ উৎসৱ। উদ্দীপ্তাই স্কাৰ্টৰ পকেটত ভৰাই থোৱা বস্তুটো হাতেৰে লাহেকৈ চুই চালে, মুখত বিশেষ ভংগীমাত এক কুটিল হাঁহি বিৰিঙি উঠিল। ইফালে লগৰবোৰৰ পৰা পোৱা বাৰাম্বাৰ প্ৰেচাৰত অংশুয়েও সিদিনাই একপ্ৰকাৰ তাইক প্ৰপʼজ কৰিম বুলিয়েই মানসিকভাবে প্ৰস্তুত হৈ আহিছে। ৰঙা গোলাপ দি প্ৰপʼজ কৰিব নোৱাৰিলেও পেণ্টৰ জেপত ভৰাই থোৱা দহটকীয়া কেডবেৰী ডেইৰীমিল্ক চকলেটটো সি সন্তৰ্পণে চুই চালে, বুকুত সহস্ৰ প্ৰশান্ত মহাসাগৰৰৰ ঢৌৰ গৰ্জন। আজি মনৰ কথাটো কৈয়েই দিব তাইক। কিমান আৰু লুকাই-চুৰকৈ তাইৰ মুখখন চাই থাকিব, বেঞ্চৰ কাষৰ পৰা ফেনৰ বতাহত উৰি থকা তাইৰ কাণৰ কাষৰ চুলিখিনি চাই থাকিব! আজি “প্যাৰ কিয়াতো ডৰনে কা নেহী” এটিটিউডত গৈ মনৰ কথাটো কৈয়েই দিয়া যুগুত। 

প্ৰাৰ্থনাৰ পিছত চেগ বুজি গোটেই ক্লাছৰ লʼৰা-ছোৱালীবোৰৰ আগতে উদ্দীপ্তাই অংশুক লাহেকৈ কʼলে,


: অংশু, তোমাৰ লগত মোৰ কথা আছে।

ইফালে তাইৰ তাৰ লগত কথা আছে বুলি শুনিয়েই অংশুৰ চকু উজলি উঠিল। আজি ডেইৰীমিল্ক দি মনৰ কথা কোৱাৰহে মূহূৰ্ত আহি পৰিছে।

: শুনা, মোৰো তোমাক এটা কথা কʼবলগীয়া আছে। কʼম কʼম বুলি কোৱাই হোৱা নাই।

ঢিপিলিং ঢিপিলিং কলিজা লৈ অংশুৰ মুখেৰে কথাষাৰ কেনেবাকৈহে ওলাল। 

: আগতে মোৰটো কওঁ। তোমাৰটো তাৰপিছত শুনিম। উদ্দীপ্তাই মাতটো অলপ কঠিন কৰি কʼলে।

: কোৱা তুমিয়েই আগতে

বুলি অংশুৱে তাইৰ মুখৰফালে ৰ লাগি চাই ৰʼল।

: চাওঁ, হাতখন দিয়া।

: কিয়?

: প্ৰশ্ন নকৰিবা। ভালে ভালে সোঁহাতখন দিয়া।

উদ্দীপ্তাৰ কথা শুনি অংশুৱে থেৰোগেৰোকৈ নিজৰ হাতখন তাইলৈ আগবঢ়াই দিলে। অংশুৰ হাতখন আলফুলে ধৰিলে তাই। ইফালে ভালপোৱা ছোৱালীজনীৰ হাতৰ স্পৰ্শ, অংশুৰ বুকুত ফাগুনৰ আউলীবাউলী পছোৱা বলিছে। তাই লাহেকৈ স্কাৰ্টৰ পকেটৰ ভিতৰত হাত সুমুৱাই বিশেষ বস্তুটো উলিয়াই আনিলে। ইফালে অংশুৰ হৃদয় থৰথৰকৈ কঁপিছে, বুকুত হাজাৰটা মাদল একেলগে বাজি উঠিছে। পকেটৰ পৰা বস্তুটো উলিয়াই আনখন হাতেৰে তাই অংশুৰ হাতৰ ঠাঁৰিত লাহেকৈ বস্তুটো থৈ আলফুলে গাঁঠিটো মাৰি দিলে। ইফালে গোটেই কাৰবাৰটো অংশুৰ সপোন সপোন যেন লাগিল, সময়ো যেন স্তব্ধ আজি তাৰ সন্মুখত, কি হৈ আছে কি ঘটি আছে একোৱেই যেন তাৰ সচেতনতাত নাই।

গাঁঠিটো মাৰি উঠি তাই মৌমিঠা মাতটোৰে অংশুক হাঁহি এটা মাৰি দি কʼলে,

: হৈ গ’ল কোৱা মোৰ কথাটো। 

: কি কথা…

বুলি কৈয়েই অংশুৰ যেন সম্বিত ঘূৰি আহিল, লগে লগে হাতলৈ চকু গ’ল তাৰ। মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে, হাতত এইমাত্ৰ উদ্দীপ্তাই পিন্ধাই দিয়া বিশেষ বস্তুটো দেখি। মুখত স্বস্তিৰ হাঁহি এটি বিৰিঙাই উদ্দীপ্তাই লাহেকৈ অংশুক কʼলে,

: হেপ্পী ৰক্ষাবন্ধন অংশু।

পকেটৰ ডেইৰীমিল্কটো এবাৰ হাতেৰে চুই চাই অংশু একেবাৰে বৰফৰ মূৰ্তিৰ দৰে থৰ লাগি থিয় দি থাকিল উদ্দীপ্তালৈ চাই।

☆ ★ ☆ ★ ☆

4 Comments

  • বন্দিতা জৈন

    উম চকলেট গলি গ’ল চাগে,ঠিক বিপৰীতে হিয়া খন বৰফ হৈ গ’ল। উহহ্

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ বা 😊

    Reply
  • ৰূপম ভাগৱতী

    বহুত ভাল লাগিল পঢ়ি ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ আপোনালৈ ।

    Reply

Leave a Reply

Your email address will not be published.