ফটাঢোল

মোৰ ‘মৃত্যু’ৰ কাৰণ – মণিষা কাকতি

আপোনাৰ মন যায় নে কেতিয়াবা, দুদিনমানৰ কাৰণে মৰি চাবলৈ? যদিহে মৃত্যুৰ পিছতো পুনৰাই জীৱন লাভৰ কিবা উপায় থাকিলহেঁতেন, তেন্তে? যেনেকৈ আমি দুই-চাৰিদিনৰ বাবে আলহীৰ ঘৰত ফুৰিবলৈ যাওঁ তেনেকৈ মৃত্যুৰ সিপাৰে ফুৰিবলৈ যাব পৰা হ’লে? ফেচবুকত যিদৰে নিজৰ একাউণ্টটো ডিএক্টিভেট কৰি ৰাখিব পাৰোঁ সেইদৰে জীৱনটোও এমাহ দুমাহলৈ ডিএক্টিভেট কৰি ৰাখিব পাৰিলে? ‘আউট অব জীৱন’ বা ‘মৃত্যুৰ কোলা’ত থকা সময়খিনিত জীৱিত যিকোনো ব্যক্তি বা পদাৰ্থৰ লগত যোগাযোগ অসম্ভৱ। অৰ্থাৎ পৰলোকত থকা কালছোৱাত ইহলোকৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিব, মানে একদম ‘নৌ ছিগনেল’ বা ‘নৌ নেটৱৰ্ক ক’ভাৰেজ’ টাইপ কথা। তেনে চৰ্তসাপেক্ষে আৰু পুনৰ জী উঠাৰ শতকৰা এশভাগ চান্স থাকিলে এবাৰলৈ হ’লেও আপুনি মৃত্যুৰ অভিজ্ঞতা লৈ চালেহেঁতেন নে?

বাস্তৱত তেনেকুৱা কাণ্ড সম্ভৱপৰ হ’লে বহুতে কিজানি জীয়াই থকাতকৈ মৰি থকাতেই ‘নিজৰ ভাগৰ’ বেছিখিনি সময় খৰচ কৰিলেহেঁতেন! ফাইনেল ‘জন্ম’ আৰু ফাইনেল ‘মৃত্যু’ৰ মাজৰ সময়ছোৱাত কোনে, কিমানবাৰ, কি কি কাৰণত মৃত্যুবৰণ কৰিলেহেঁতেন তাৰ হিচাপ নাথাকিলহেঁতেন চাগৈ। কোনোবাই যদি ব্ৰেক-আপৰ বিৰহত মৰিলেহেঁতেন, কোনোবাই আকৌ নতুন মোবাইল এটা নোপোৱাৰ দুখত মৰিলেহেঁতেন। কিছুমানে আকৌ বহুদিন ধৰি লটকি থকা ‘য়েছ’টো ক্ৰাশ্বৰ ওঁঠৰপৰা সৰি পৰাৰ সুখ বৰদাস্ত কৰিব নোৱাৰিয়েই কেইঘণ্টামানৰ বাবে মৰি থাকিলহেঁতেন। ভাৰতে বিশ্বকাপ জিকাৰ ফূৰ্তিতে “ইমান ফূৰ্তি লাগিছে, দুদিনমানৰ বাবে মৰিয়েই আহোঁ” বুলিও দুজনমানে মৰিবলৈ বাহানা উলিয়াই ল’লেহেঁতেন। “ফিলিং বৰিং, মৰিবলৈকে যাওঁ” বুলি ফেচবুকত ষ্টেটাছ দিয়ো কিছুমান মৰিবলৈ গুছি গ’লহেতেঁন। নতুন পাটৰ সাজ এযোৰ নাপাই “খাই থাকা নিজে ৰান্ধি বাঢ়ি, মই মৰিবলৈ যাওঁ” বুলি কিমান ঘৈণীয়েকে যে গিৰিয়েকৰ ওপৰত পোতক তুলিলেহেঁতেন তাৰ পাত্তা নাথাকিলহেঁতেন। মুঠতে মৰাৰ হেতু যত যিমান আয়োজন।

তেতিয়া, “তোমাক নাপালে মই মৰি যাম।” বোলা কথাষাৰৰ তাৎপৰ্য নাইকিয়া হৈ গ’লহেঁতেন। তাৰ ঠাইত, “তোমাক নাপালে মই বাৰে বাৰে মৰিম” বা “তোমাক নাপালে মই ফাইনেল মৰি যাম” — তেনেধৰণৰ নতুন ডাইলগৰ উৎপত্তি হ’লহেঁতেন। সেইদৰে, “তোমাৰ অবৰ্তমানত মই মৰি মৰি জীয়াই আছোঁ” কথাষাৰে প্ৰকৃত অৰ্থত সাৰ্থকতা লাভ কৰিলেহেঁতেন। ‘মৰণনোহোৱা’ গালিটো চৰ্চাৰ অভাৱত বিলুপ্ত হৈ গ’লহেঁতেন। মৃত্যুৰ কথা থকা কিছুমান গানত ‘ফাইনেল’, ‘অন্তিম’, ‘শেষ’ ‘পাৰমানেণ্ট’ আদিৰ নিচিনা শব্দবোৰ সুমুৱাই দিব লাগিলহেঁতেন। ‘হেৰা-ফেৰি’ চিনেমাত শ্যাম আৰু ৰাজুক ‘ওপৰলৈ’ উঠাই নিবলৈ বাবুৰাও গণপতৰাও আপ্তেয়ে ভগৱানক খাতনি ধৰাৰ পৰিৱৰ্তে নিজেই ‘ওপৰলৈ’ উঠি গ’লহেঁতেন। কাৰোবাক বিচাৰি তেওঁৰ ঘৰলৈ গ’লে মাক বা দেউতাকৰপৰা উত্তৰ পালোহেঁতেন, “অ’ বোপাই, আমাৰ ই নাই নহয়! মৰিবলৈ গৈ অহাই নাই। আজি এমাহেই চুব এতিয়া”। চাকৰিয়ালবোৰেও দৰ্খাস্ত দি মৰিবলৈ গুছি গ’লহেঁতেন। “নাই নাই, এতিয়া ছুটি একেবাৰে অসম্ভৱ। চাৰিওপিনে এন. আৰ. চি., বানপানী, এনকেফেলাইটিছৰ হাঁহাকাৰ — খাবলৈ সময় নাই আৰু আপুনি মৰিবলৈ যাবলৈ ওলাইছে?” বুলি ছুটি নামঞ্জুৰ কৰি ওপৰৱালায়ো প্ৰভূত্ব জাৰিবলৈ হাততে পোৱা সুযোগকণ নেৰিলেহেঁতেন। মুঠতে মৃত্যু সহজ হ’লেও সুলভ নহ’লহেঁতেন।

আপোনালোকৰ কথা নাজানো, মোৰ কিন্তু কেইটামান বিশেষ কাৰণত সঁচাই মৰি যাবলৈ মন যায়। ‘এবাৰ গ’লে উভতি আহিব নোৱাৰা’ নামৰ যিখন বাধাৰ প্ৰাচীৰ জীৱন আৰু মৰণৰ মাজত আছে সেইখনেহে মোক ইমানদিনে মৃত্যুৰপৰা নিলগত ৰাখিছে। গতিকে, ‘অস্থায়ী-মৃত্যু’ৰ ব্যৱস্থা থাকিলে মই পূৰামাত্ৰাই তাৰ ফায়দা উঠালোঁহেঁতেন। অৱশ্যে মানুহ ভেদে মৰাৰ কাৰণবোৰো ভিন ভিন হ’লহেঁতেন। কিছুমানে হয়তো ‘সৰ্বাধিক মৰণ’ৰ ৰেকৰ্ড কৰি গীনিজ বুকতো নিজৰ নাম লিখাবলৈ সক্ষম হ’লহেঁতেন। কিছুমান এলেহুৱাই আকৌ “এহ্‌ কিনো কৰিম মৰি, তাতকৈ শুই থকাই ভাল” বুলি এবাৰো ‘মৰণৰ অভিজ্ঞতা’ আহৰণ নকৰিলেহেঁতেন। বাৰু এতিয়া সেইবোৰ বাদ দিয়ক। ‘মোৰ মৃত্যুৰ কাৰণ’বোৰ কি কি হ’ব পাৰে তালৈ এবাৰ চকু ফুৰাওঁ আহক –

১) ‘অত্যাধুনিক’ অসমীয়া গানবোৰ আৰু তাৰ ভিডিঅ’বোৰ ভুলবশত শুনিলে বা দেখিলে মোৰ মৰিবলৈ মন যায়,
২) টিকটক ভিডিঅ’ত দেখুওৱা ‘অসাধ্য-ৰণ’ অভিনয় আৰু নাচৰ প্ৰতিভা ক’ৰবাত কেনেবাকৈ দৃষ্টিগোচৰ হ’লে,
৩) ওপৰোক্ত পইণ্ট দুটাত উল্লেখিত ‘বস্তু’ দুবিধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কোনোবাই নিজকে নিয়োজিত কৰিলে,
৪) ভাৰ্চুৱেল বিতৰ্কত জঁপিয়াই পৰা ৰথী-মহাৰথীসকলৰ ‘ভাষাৰ শালীনতা শিতান’ত দুৰ্বল পাৰফৰ্মেন্স আৰু ব্যক্তিগত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ স্ব-ঘোষিত প্ৰতিযোগিতাখন দেখিলে,
৫) “হেংদাং দাঙিব পাৰিম, কিন্তু অভিধানখন দাঙিব নোৱাৰোঁ। বৰ গধুৰ।” — জাতিৰ হকে প্ৰাণ দিবলৈ হেলা নকৰা অসমীয়া ডেকা-গাভৰুৰ মাতৃভাষাত লিখা এটা সাধাৰণ বাক্যত বাৰেপাচি ভুল দেখিলে,
৬) ‘টেকেলি বৰ্তা’, ‘মহা পাগল এইটো পাগল’, ‘ভোলা অনলাইন’, ‘জাঙিয়া নিপিন্ধা ল’ৰাটো’, ‘কঁঠালগুটি কোঁচ’ ইত্যাদি ‘অতি-দ্ভুত’ নামধাৰী ফেক একাউণ্টবোৰে ৰিকুৱেষ্ট পঠালে সেইবোৰৰ স্ক্ৰীণশ্বট লৈ প’ষ্ট আকাৰে পোহাৰ মেলিলে,
৭) ‘গাহৰি’, ‘বান্দৰ’, ‘কাউৰী’ আদিৰ দৰে কবিতা বহুসংখ্যক লোকৰ দ্বাৰা সংঘটিত ‘সহভাগ’ বা ‘সহবিতৰণ’ অত্যাচাৰৰ বলি হোৱা দেখিলে,
৮) কিছুমান ‘ফটো-ৱা’ পেজ বা গ্ৰুপৰ আনৰপৰা চুৰি কৰি অনা ‘ফটো-ৱা’ ফটো বা মিমত হেজাৰ-বিজাৰ লাইক আৰু শ্বেয়াৰ দেখা পালে,
৯) ‘সাতজনলৈ মেছেজ ফ’ৰৱাৰ্ড কৰিলে সাত দিনত শুভ সংবাদ পোৱা’, ‘মোবাইলত মোদীয়ে ৰিছাৰ্জ এমাউণ্ট ভৰাই দিয়া’, ‘হুৱাটছ্ এপ বন্ধ হৈ যোৱা’, ‘অমুক তাৰিখে অমুক বজাত ভূমিকম্প অহাৰ আগজাননী’, ‘হনুমানজীৰ ফটোখন দহজনক শ্বেয়াৰ নকৰিলে দহদিনৰ মূৰত কিবা অমংগল হোৱা’ আদি উৰাবাতৰিবোৰ কিছুমান ‘অতিশয় সহজ-সৰল’ তথাকথিত শিক্ষিত লোকে উৰুৱাই থাকিলে,
১০) “বাবু মই নোৱাৰোঁ, মোক লৈ যোৱা। কি কৰিছা, বাবু ভাত খালা?” – নিউজ চেনেলৰ নিউজৰ মানদণ্ড; “ত’মাক মই নাজানোঁ, তুমি ম’ক নাজানা/ তথাপি.. তথাপি.. তথাপি../ কেশৰৰ ভাষাৰে ক’ৱা, তুমি ম’ৰ সুৰেৰে/ তুমি ক’ৱা কেশৰী, আমি কও যে কেশৰী” – বিজ্ঞাপনৰ অসমীয়া ভাঙনি; ছিৰিয়েলৰ প্ৰকোপ — এনেবোৰ দৃশ্য-শ্ৰাব্যৰ লগত চকু-কাণৰ সংযোগ ঘটিলে আই ফিল লাইক ‘মৰিলং মৰিলং লাগি যায়…’
১১) ‘ব্যক্তিগত গোপনীয়তা ৰক্ষা’ৰ ঢেৰ সুবিধা থকাৰ পিছতো ‘প্ৰফাইল ফটো শ্বেয়াৰৰ আতিশয্য’, ‘ইনবক্সত চেনীৰ দৌৰাত্ম্য’, ‘অনাহক টেগিং’, ‘সেউজীয়া লাইটৰ প্ৰতি দুৰ্বলতা’ আদি সমস্যাবোৰত সোমাই ট্ৰেজেদী ফালি থকা দেখিলে,
১২) “মানুহ চিনাত মোৰ কেতিয়াও ভুল নহয়।” বুলি কোনোবাই দৃঢ়তাৰে ক’লেতো হাঁহি হাঁহিয়েই মৰি যাম যেন লাগে।

কি ক’লে? পঢ়ি ভাগৰ লাগিল! বলক তেন্তে, এপাক মৰিয়েই আহোঁ।

☆★☆★☆

14 Comments

  • Rimjhim Barthakur

    বহুত ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    ঝাকাছ মনীষা৷ এইবোৰ বাৰে বাৰে পঢ়িবলৈষে একদম জীয়াই থাকো থাকো লাগি গৈছে৷

    চুপাৰ ডুপাৰ!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়ি ভাল লাগিল।

    Reply
  • জ্যোতিপ্ৰসাদ ডেকা

    ধুনীয়া পঢ়ি ভাল লাগিল ৷

    Reply
  • তৃষ্ণা সো

    হাঁহি হাঁহি মৰিয়েই গলো

    Reply
  • ৰিণ্টু

    তামাম। ফুচু কাকতীৰ ৰিকুৱেষ্ট মোলৈও আহিছিল।

    বৰ ভাল লাগিল পঢ়ি, হাঁ‌হি হাঁ‌হি মৰি যাম যেন লাগিছে

    Reply
  • কমল তালুকদাৰ

    নাই !এতিয়াই নমৰো , অলপ হাঁহি লওঁ
    হাঁহি হাঁহিয়েই মৰিম •••

    সুন্দৰ , ভাল লাগিল ।

    Reply
  • অভিজিত কলিতা

    বঢ়িয়া

    Reply
  • জাহ্নৱী

    ব’লা, মৰিয়ে আহোঁগৈ

    Reply
  • ইন্দ্ৰ মোহন বৰা

    বঢ়িয়া।

    Reply
  • deepjyoti handique

    অহ বৰ ভাল লাগিল । পাঁচ নম্বৰৰ অৱস্থা মোৰো বেয়া 😂 ।

    Reply
  • নীতাশ্ৰী নেওগ।

    মৰি চাব পৰাৰ সুবিধা বহুত দেই।আপুনি উল্লেখ কৰা এই কাৰণবোৰৰ আতিশস্যত সচাকৈ মৰিয়ে যাবলে মন যায়।সুন্দৰ লেখা।

    Reply
  • Manisha

    thank you all..for reading.

    Reply

Leave a Reply

Your email address will not be published.