ফটাঢোল

মোৰ সংগীত যাত্ৰা-মীনাক্ষী কাকতি

আমাৰ যিসকলে সচৰাচৰ ৰেডিঅ’ শুনে তেওঁলোকে সময়ে সময়ে আকাশবাণী গুৱাহাটী যোগে সোমবাৰে পুৱা ৭-৩০ বজাত প্ৰচাৰিত “মোৰ সংগীত যাত্ৰা” শীৰ্ষক শুৱলা অনুষ্ঠানটো নিশ্চয় শুনিছে। বীৰেণ দত্ত, পুলক বেনাৰ্জী, কুল বৰুৱাকে আদি কৰি অসমৰ স্বনামধন্য সংগীত শিল্পীসকলৰ সংগীত যাত্ৰা মই পৰাপক্ষত মিছ নকৰোঁ। মোৰ অত্যন্ত প্ৰিয় এই অনুষ্ঠান৷ তেওঁলোকৰ এটা এটা গীতৰ জন্মকাহিনী য’ত শিল্পীজনৰ মুখেৰেই শুনো। 

সংগীত মোৰ প্ৰাণত আছে – anything musical is close to my heart – মোৰ হৃদয়ৰ সোঁমাজতে ঠাই সংগীতৰ। গান গাই কেতিয়াও বিখ্যাত হ’ব পৰা নাই, কিন্তু মোৰ নিচিনা সংগীত বলিয়া এজনীৰোতো সংগীত যাত্ৰা থাকিব পাৰে!

মই তেতিয়া এল পি স্কুলত। শ্বিলঙৰ ফৰেষ্ট কলনীৰ  বাসিন্দা আমি তেতিয়া। মায়ে মন কৰিছিল যে, আমি সদায়েই গোৱা সন্ধিয়াৰ প্ৰাৰ্থনাত মই হেনো প্ৰাৰ্থনাবোৰ বৰ সুৰ লগাই গাওঁ। তেনে এটা সময়তে এদিন আমাৰ ঘৰলৈ এজন মানুহ আহিছিল। তেওঁ মানে সেই ঠাইলৈ নতুনকৈ থকাকৈ আহিছে, সেয়েহে আমাৰ ঘৰখনৰ লগত চিনা পৰিচয় হ’বলৈ আমাৰ ঘৰলৈ আহিছিল। কথাই কথাই মায়ে গম পালে যে তেওঁ সংগীতৰ শিক্ষা দিয়ে। মাক কোনে পায়, মোক ঘৰতে গান শিকাবলৈ তেওঁক অনুৰোধ কৰিলে। তেওঁ মোক গান এটা গাবলৈ দিলে, কি গাইছিলোঁ এতিয়া মনত নপৰে কিন্তু তেওঁ যে খুব প্ৰশংসা কৰিছিল সেয়া মোৰ মনত আছে। তাৰ পিছতেই আৰম্ভ হ’ল মোৰ সংগীতৰ ঘৰুৱা শিক্ষা। সা ৰে গা মা …… ৰে আৰম্ভ কৰি স্বৰগমৰ পৃথিৱীখনত ভৰি থ’লোঁ। গোলাঘাটৰ মোৰ জেঠাইৰ ফালৰ দাদা এজনে ১৮০ টকা দি মোক  হাৰমনিয়াম এখনো কিনি দিলে। তালৰ লগত মোৰ চিনাকি হোৱাই নাই, বা মোক কৰাই দিয়া হোৱা নাছিল, কিন্তু প্ৰতিদিনে স্কুলৰ পৰা আহি সম্পূৰ্ণ স্বৰগমখিনি অভ্যাস কৰাটো এটা নিয়মত পৰিণত হ’ল। কেতিয়ানো গানটো শুনিলেই হাৰমনিয়ামত লগে লগে তুলিব পৰা হ’লোঁ নিজেই গম নেপালোঁ। ৰেডিঅ’ত বেলেগ বেলেগ অসমীয়া গানবোৰ শুনা, গানবোৰ য’তে ত’তে লিখি থোৱা, সেইবোৰ সময় নাই অসময় নাই যেতিয়া তেতিয়াই গাই থকাটো অভ্যাসত পৰিণত হ’ল। গীতিমালিকা, সুৰৰ কৰণি, কল্পতৰু একো বাদ নপৰে। কেৱল অসমীয়া গান৷ মায়ে হিন্দী গান গালে বেয়া পাইছিল৷ সেয়ে হিন্দী গানৰ মোল বুজিবলৈ চেষ্টাই কৰা নহ’ল। তেতিয়াৰ দিনত শুকুৰবাৰে ৰাতি ৭:৫০ ত সুৰৰ শৰাই দিছিল। মোৰ যিমান দূৰ ধাৰণা আছিল, সুৰৰ শৰাইত প্ৰচাৰ হোৱা গীতবোৰেই পিছলৈ গীতিমালিকাত প্ৰচাৰ হৈছিল। গতিকে সুৰৰ শৰাই কেতিয়াও মিছ নকৰিছিলোঁ। অ’ ক’বলৈ পাহৰিছিলোঁৱেই দেই, তালৰ অংক মই কিন্তু তেতিয়াও বুজা নাছিলোঁ। সকলোৱে কোৱা শুনো যে সুৰ, তাল, শব্দ আৰু লয়ৰ সমষ্টিতেই সংগীতৰ সৃষ্টি হয়। সুৰ, লয় আৰু শব্দৰটো কথাই নাছিল, গানটো এবাৰ দুবাৰ শুনিলেই শব্দবোৰে হৃদয়ত নীড় সাঁজি বহিছিল (এতিয়ালৈকে যোৱাৰ নাম গোন্ধ নাই), সুৰবোৰ কণ্ঠস্থ হৈ গৈছিল। কিন্তু এই তালটো কি বস্তু! ভৰিখন মাৰি থাকোঁ গান গাওঁতে, কিন্তু থিওৰিটো বুজি নেপাওঁ। সঁচা কথা কৈছোঁ, এই কথাটোৱে মোক handicap কৰিছে বুলি মই বুজি পোৱা নাছিলোঁ। তেনেকৈয়ে মোৰ অন্তৰৰ পৰা কৰা সংগীত সাধনা, ৰেডিঅ’ত শুনি শুনি গীত শিকা অব্যাহত থাকিল। অকণমান ডাঙৰ হওঁতে লাহে অ’ত ত’ত গান গাবলৈ ল’লোঁ। অ’ত ত’ত মানে নো ক’ত আৰু – এই আমাৰ ক’লনিৰ বিহুত, কেতিয়াবা স্কুলত – এইয়াই আৰু। এবাৰ সৰুতে হয়তো ফাইভ চিক্স মানত থাকোঁতে বিহুত গান গাবলৈ অনুৰোধ পালোঁ, মানে মা-দেউতাৰ পৰা দুই ওচৰ চুবুৰীয়াৰ পৰা- জেক খাই একেবাৰে গেচ বেলুন। ৰিয়াজটো গৈ ৰিহাৰ্চেল হ’ল৷ ইমান সুৰে সুৰে বজাওঁ গতিকে হাৰমনিয়াম ময়েই বজাম, তবলা আৰু গীতাৰ কোনে বজাইছিল মনত পেলাব পৰা নাই। কিন্তু যিয়েই নবজাওক একেবাৰে ধোঁৱা চিটিকিযে গৈছিল খাটাং। ভয়ত কাণমূৰ ৰঙা৷ মই মোৰ মতে গাই গৈছিলোঁ৷  একেবাৰে অৰ্জুনৰ নিচিনা৷ দৃষ্টি নিবদ্ধ হাৰমনিয়ামত – কণ্ঠ আছন্ন সুৰত। ভৰিৰে তাল দি আছোঁ৷ কিন্তু সেয়া তবলাৰ লগত মিলিছিলনে নাই, একেবাৰে মনত নাই। গান গাই উঠি চাগৈ বেচ উচ্ছাসেৰে নামি আহিছিলোঁ৷ tablist জনে ক’লে,

: ঠিকেই আছে, মাজে মাজে কেৱল দুই এটা তাল কাটিছে৷ হ’ব, মানুহে গম নেপায়!

দুখোজ অহাৰ পিছত আমাৰ ওচৰৰ খুড়ী এগৰাকীয়ে মোক সাৱটি ধৰি ক’লে,

: ইমান ভাল গাইছা৷ এটামান তাল কাটিলে নেকি? একো নহয় দিয়া, চবেই গম নেপায়৷

ৰাতি ঘৰলৈ অহাৰ পিছত সকলোৱে জোকালে৷ গম পাবলৈনো বাকী কোন থাকিল। তালৰ জ্ঞান নোহোৱাকৈয়ে এনেকৈয়ে মোৰ সংগীত যাত্ৰা অব্যাহত থাকিল। নতুন নতুন গান শিকাৰ মোৰ আগ্ৰহৰ হীনদেঢ়ি নহ’ল। গীতিমালিকাৰ গান, গ্ৰাম’ফোন ৰেকৰ্ডৰ পৰা শুনা গান, ৰেডিঅ’ পকাই পকাই আকাশবাণী ডিব্ৰুগড়ৰ পৰা শুনা গান, মুঠতে গান হ’লেই হ’ল। মোৰ যে এতিয়া ভাবিলে আচৰিত লাগে, কি যে পাগল আছিলোঁ। নিজে উপযাচি কেতিয়াও নকওঁ কিন্তু অ’ত ত’ত কোনোবাই গান গাবলৈ ক’লে সেই সুবিধা কেতিয়াও নেৰিছিলোঁ। তাল কাটিছিল নে নাই এতিয়া মনত নাই‌৷ হাইস্কুলত থাকোঁতে স্কুলত অকলশৰে গান গাবলগীয়াকৈ ইমান পাট্টা পোৱা নাছিলোঁ। বহু কেইজনী ভাল গান গোৱা ছোৱালী আছিল। হাৰমনিয়াম কিন্তু খুউব বজাইছিলোঁ। 

মেট্ৰিকৰ দেওনা পাৰ হৈ তেতিয়া লেডিকীন কলেজৰ ছাত্ৰী। বিভিন্ন ছোৱালীৰ লগত চিনাকি হোৱাৰ সুযোগ পালোঁ। চিনিয়ৰ অসমীয়া ছোৱালীবোৰ আহি আহি চিনাকি হ’ল৷ তাৰ মাজৰ বহুত ছোৱালীক ইতিমধ্যে চিনিও পাইছিলোঁ বিভিন্ন সূত্ৰইদি। চিনিয়ৰ বাইদেউসকলৰ লগতে বিভিন্ন ভাষাৰ ছোৱালীবোৰো আছিল৷ খাচী, নগা, মিজো নেপালী ইত্যাদি। নতুনকৈ অহাবুলি যেতিয়া আমাৰ মাজৰ পৰা কাৰোবাক গান গাবলৈ দিছিল তেতিয়া সকলোৱে হিন্দী গানেই গাইছিল‌৷ মই কি কৰোঁ! জ্যোতি সংগীত নাইবা জয়ন্ত হাজৰিকাৰ গীত নতুবা আন কিবা গোৱাৰ বাহিৰে উপায় নাছিল। ধিক্কাৰ হৈছিল কিয় যে কেতিয়াও এটাও হিন্দী গান নিশিকিলোঁ। তেতিয়াই মোহত পৰিছিলোঁ, জগজিৎ সিং আৰু চিত্ৰা সিঙৰ গজলৰ। কি যে সন্মোহনী শক্তি আছিল সেই গীতসমূহৰ। শুনোহে দেই৷ গাবলৈ কাহানিও চেষ্টা কৰা নাই। সেই লেডিকীনৰ দিনতেই শ্বিলঙৰ অ’ত ত’ত গান গাইছিলোঁ৷ তালৰ লগত চাগৈ ৰাহিজোৰা তেতিয়াও অহা নাছিল।

তাৰ পিছত আহি পালোহি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়। এইচি। ৰেগিঙৰ পৰা আৰম্ভ কৰি ফ্ৰেচাৰ্চ, কলেজ উইক ক’তনো মই গান গোৱা নাছিলোঁ। সংগত কৰা কেইজনৰ বডী লেংগুৱেজ খুব সন্তৰ্পনে নিৰীক্ষণ কৰিছিলোঁ৷ বুজি পাইছিলোঁ কেছটো একেই আছে। তথাপি কাৰোবাৰ শক্তি আছেনে মোৰ সংগীত যাত্ৰাক ৰুধিবলৈ? দেওবাৰে যেতিয়াই হোষ্টেলত আছিলোঁ বা বন্ধদিনত বাথৰূমত মোৰ একেবাৰে গীতিমালিকা। সৌ সিদিনাহে গম পালোঁ এইচিত মোৰ জুনিয়ৰ মৰম লগা ছোৱালী এজনীৰ পৰা দেওবাৰৰ সেইসময়খিনিত সিহঁতে হেনো কাষৰ বাথৰূমত গান শুনি শুনি গা ধুবলৈ খুব ভাল পাইছিল। 

ধেৎ তেৰিকা তাল কাটিছিল নেকি বাৰু! এইচিত অষ্টম 

ষাণ্মাসিক পালোঁগৈ৷ আমাৰ পাল পৰিল ফাইনেল ইয়েৰ নাইট পতাৰ। দুদিন যোৰা অনুষ্ঠান৷ প্ৰথম দিনা আমাৰ নিজৰ মাজত আৰু দ্বিতীয় নিশা আমন্ত্ৰিত অতিথি শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিবেশন। জয়ন্ত গগৈ অসমৰ নামজ্বলা গীটাৰিষ্ট, অনিৰ্বাণ দাস অসমৰ বিখ্যাত সংগীত শিল্পী বিশেষকৈ গজলৰ ক্ষেত্ৰত৷

তেওঁলোক আমাৰ একে শ্ৰেণীৰ বন্ধু আছিল। জয়ন্ত, অনিৰ্বাণৰ লগতে আমি সকলোৱে উঠিপৰি লাগিলোঁ এক অনন্য সাংস্কৃতিক অনুষ্ঠানৰ সোৱাদ এইচিয়ানক দিবৰ বাবে। সেইবাৰ ভূপেন হাজৰিকা, পুলক বেনাৰ্জী, সন্ধ্যা মেননৰ (আৰু কোন কোন আহিছিল অলপ পাহৰিছোঁ) উপস্থিতিত এক মনোমোহা আৰু চিৰস্মৰণীয় সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য হ’ল। সেইবছৰ হেনো জয়ন্তই বিহুৰ ফাংচনৰ সময়ত কেইজনমান বিশেষ শিল্পীৰ পৰা মাননি লোৱা নাছিল, এই চুক্তিত যে এইচিত সেইবছৰ হ’বলগীয়া ফাইনেল ইয়েৰ নাইটত তেওঁলোকে যেন নূন্যতম মাননিৰ বিনিময়ত অনুষ্ঠান পৰিবেশন কৰে। এই অনুষ্ঠানৰ পৰিকল্পনাৰ সময়ৰে কথা। জয়ন্তই মোক ক’লে,

: মীনাক্ষী, কিবা এটা কৰিবা প্ৰথম দিনাৰ অনুষ্ঠানত। 

মই ভাবিলোঁ আবৃত্তি বহুত কৰিলোঁ৷ সেই তাহানি ‘কুম্পুৰ সপোন’ৰ পৰা আৰম্ভ কৰি ‘মমতাৰ চিঠি’লৈকে  ‘অসমীয়া ডেকাৰ উক্তি’ৰ পৰা ‘শৰ সন্ধান’লৈকে শ্বিলঙৰ সেই অকণমানিজনীৰ পৰা এইচিৰ ফাইনেল ইয়েৰলৈকে। গতিকে মোৰ সুৰীয়া মনটো লকলকাই উঠিল৷ টপৰাই ক’লোঁ,

: গান এটা গাব পাৰিম নে?

সি সুধিলে,

: কোনটো গাবা?

মই মনীষা হাজৰিকাৰ ‘বলুকাতে শৰালিৰে ছাঁ’ গোৱাৰ কথা ক’লোঁ। পিছদিনাৰ পৰা ৰিহাৰ্চেল হ’ব। ৰাতি হোষ্টেল লৈ আহি ভাবিলোঁ বৰ ডাঙৰ ভুল কৰিলোঁ নেকি বাৰু! ইমান দিনে যি হ’ল হ’ল। এইবাৰ গীটাৰ বজাব জয়ন্তই, কীব’ৰ্ড বজাব ধ্ৰুৱজ্যোতিয়ে (বৰ্তমান মুম্বাই স্থিত বিখ্যাত সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন) হে হৰি! মোৰ তালৰ কি হ’ব! পিছদিনা ৰিহাৰ্চেল আৰম্ভ হ’ল৷ কাষতে সকলোৰে লগতে অনিৰ্বাণো বহি আছিল৷ মই বেহুঁচ হ’বলৈ বাকী। তথাপি গাই গৈছোঁ৷ মানে আজিৰ ভাষাত মোৰ এশ শতাংশ দিছোঁ। নাই তেওঁলোকৰ বডীলেংগুৱেজ একেবাৰে উৎসাহজনক নহয়। প্ৰথম দিনাৰ ৰিহাৰ্চেল হৈ গ’ল। দ্বিতীয় দিনৰ কথা। খুব চিৰিয়াচ হৈ বহি আছোঁ। মোৰ পাল পৰিলেই ৰিহাৰ্চেল কৰিম আৰু। কেণ্টিনৰ পৰা চাহ আহিল৷ মানে চাহ বিৰতি। জয়ন্ত আৰু অনিৰ্বাণে মোক বাহিৰলৈ মাতি নিলে। ক’লে,

: মীনাক্ষী, তুমি গান গাব নেলাগে৷ আবৃত্তি কৰিব লাগিব‌। গান কেইবাটাও হৈছে।

মই  ঠিকেই বুজি পালোঁ যে কেছটো ‘তাল’। কিন্তু কিয় নেজানো জয়ন্তহঁতে কথাটো কওঁতে মোৰ গাটো অসম্ভৱ পাতল পাতল লাগিল। যেন ব’ব নোৱাৰা বোজা এটা হঠাৎ নাইকিয়া হৈ গ’ল। দুয়োদিনাৰ গোটেই অনুষ্ঠানৰ ঘোষণাৰ (তেতিয়াৰ দিনত এংকৰিং কৰা বুলি নকৈছিল) দায়িত্ব মোৰ ওপৰত ইতিমধ্যে ন্যস্ত আছিল। গতিকে কথাটো তেনেই সহজভাৱে লৈ কৰিব লগা কামখিনি দুগুণ উৎসাহেৰে কৰি গৈ থাকিলোঁঁ৷

বত্ৰিশ বছৰৰ পিছতো সুখানুভূতিৰে জোকাৰি যাব পৰা এক স্মৰণীয় অনুষ্ঠানৰ সাক্ষী হৈ ৰ’লোঁ। তাৰ থিক দুবছৰৰ পিছত মোৰ বিয়া হ’ল৷ মোৰ অপেশাদাৰী সংগীত যাত্ৰা অব্যাহত থাকিল৷ বিয়াৰ পিছতে থাকিবলৈ ল’লোঁ এইচিৰ চৰকাৰী আৱাসত। সুৰুঙা পালেই, সুবিধা পালেই গান। বিয়াৰ পিছত আৰু এটা অজুহাত যোগ হ’ল, মন বেয়া লাগিলেই গানবোৰলৈ মনত পৰা হ’ল।

১৯৯০ চনৰ ছেপ্টেম্বৰ নে অক্টোবৰ মাহ। আমাৰ দুজনীয়া পৰিয়ালটো তিনিজনীয়া হ’বলৈ গৈ আছে বুলি ডাক্তৰী পৰীক্ষাত গম পালোঁ। নতুন অতিথিৰ আগমনৰ খবৰ পাই আমাৰ মাজত পাৰ ভঙা আনন্দ উচ্ছাস। সকলো ফালৰ পৰা সক্ষম, স্বাস্থ্যবান এটা শিশুৰ সপোন দেখিবলৈ ল’লোঁ। সেইখিনি সময়ত হেনো মাকে কৰা কামসমূহৰ প্ৰভাৱ গৰ্ভত থকা শিশুৰ ওপৰত পৰে। মোৰ সংগীত প্ৰেমী মনটো সস্তম হৈ উঠিল। সময় পালেই বাছকবনীয়া গীতবোৰ শুনিবলৈ ল’লোঁ৷ ভৰিৰে তাল দি দি গৰ্ভত থকা শিশুকণক মই অন্তৰৰ পৰা বুজাই দিলোঁ, ল’ৰা হৱ নে ছোৱালী হৱ কথা নাই, পঢ়াত চোকা হৱ নে নহৱ কথা নাই৷ গান কিন্তু গাব পাৰিবই লাগিব৷ তাকো একেবাৰে তালে তালে। যথাসময়ত আমাৰ মাজলৈ মৰমলগা ল’ৰা এটা আহিল। আতোলতোলকৈ ডাঙৰ কৰিলোঁ। নিচুকণি গীত নাগালে সি নোশোৱা হ’ল। তিনি চাৰি বছৰমানৰ পৰা মন কৰিলোঁ মোৰ কথা যেন ভগবানে শুনিলে। সি গানবোৰ শুনি শুনিয়েই সুন্দৰকৈ গাব জনা হ’ল। সুৰ, তাল, লয়ৰ কায়দাটোৰ ক্ষেত্ৰত যেন মোতকৈ বহুত আগবঢ়া। আজিৰ দিনত সি The Sahej Project বুলি এটা বেণ্ডৰ লীড ভ’কেলিষ্ট। বৰ সন্তোষ পাওঁ। 

আজিৰ তাৰিখত মোৰ সংগীত যাত্ৰাই বেলেগ ৰূপ ল’লে। আমাৰ ঘৰত সৰু সৰু অজুহাততেই 

গানৰ মজলিছ বহে। মোৰ শ্ৰীমানে গান নেগালেও অত্যন্ত উৎসাহী এই ক্ষেত্রত। অসমৰ বহুতো নামজ্বলা গায়কে আমাৰ এই মজলিছবোৰৰ শোভা বৰ্দ্ধন কৰে। মোৰ মায়ে মোৰ পঞ্চাশ তম জন্ম দিনত দিয়া উপহাৰটোৱে মোক কন্দুৱাই দিছিল৷ মই সৰু থাকোঁতে ৰেডিঅ’ত শুনি শুনি লিখা গানবোৰৰ বহীখন সুন্দৰকৈ পকা বন্ধাই মোক দিবলৈ লৈ আহিছিল। সৰু ল’ৰাটোৰ লগতে একমাত্ৰ ছোৱালীয়েও তলে তলে ভাল সংগীতৰ সমঝদাৰ শ্ৰোতা হ’ল। তাইৰ নৃত্য সমূহত ভৰিৰ কুছকাৱাজ দেখিলে ভগবানক ধন্যবাদ দিওঁ, তুমি মোক সকলোখিনি দিও অলপ নিদিয়াকৈ থাকি যেনেকৈ handicap কৰিলা ইহঁতকেইটাক যে নকৰিলা।

সংগীতৰ ক্ষেত্ৰত মই নিজকে বিশেষ ভাবে সক্ষম বুলিয়েই ভাবোঁ। স্বৰগমৰ সেই সৰুতে শিকা ধাৰণা মোৰ আজিও সজীৱ হৈ আছে। ৰিটায়াৰমেণ্টৰ পিছত ভায়’লিন এখন বজোৱাৰ আশা পুহি ৰাখিছোঁ। মোৰ সংগীত যাত্ৰা এতিয়াও অব্যাহত আছে। গজল, ন-পুৰণি অসমীয়া বা হিন্দী মেল’ডী আজিও মোৰ দুভাগ নিশাৰ লগৰী।

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    বৰ ভাল লাগিল। আপোনাৰ সংগীতৰ এই যাত্ৰা অব্যাহত থাকক। সপোনবোৰ সন্তানৰ যোগেদিয়েই পূৰণ হোৱা বুলি জানি ভাল লাগিল।

    Reply
    • মীনাক্ষী কাকতী

      অশেষ ধন্যবাদ । নীলাঞ্জনাৰ মৰমলগা আব্দাৰতে মোৰ মনৰ মাজত পাকঘূৰণি খাই থকা কথাবোৰে পোহৰ দেখিলে।

      Reply
  • ৰিণ্টুমনি

    খুব ভাল লাগিল বাইদেউ। আগলৈও এইখন আলোচনীত আপোনাৰ লেখা পঢ়িব পাম বুলি আশা কৰিলো

    Reply
    • মীনাক্ষী কাকতী

      ৰিণ্টুমণি, ধন্যবাদ। চেষ্টা কৰিম। ফটাঢোলৰ লগত জড়িত হ’বলৈ পাই বৰ ভাল লাগিছে।

      Reply
  • জিতু

    খুব ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল৷ এক সাৱলীল লেখা

    Reply
  • বন্দিতা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.