ফটাঢোল

“মৰম নদীৰ গাভৰু ঘাট” – কমলা দাস

 

RASDS Production প্ৰেজেণ্টচ

কাহিনী আৰু চিত্ৰনাট্য– কমলা দাস

পৰিচালনা: – ডলী তালুকদাৰ

পৰিকল্পনাঃ অভিজিত দত্ত

পোষ্টাৰ ডিজাইন: ভাস্কৰজ্যোতি দাস আৰু পৰশমনি শৰ্মা

অভিনয়ত –

(এজাক হৰিণ, হৰিণী)

হেমন্ত কাকতি: হৰিণৰ জাকটোৰ দলপতি তথা ৰজা

নীলাক্ষী কাকতি: দলপতি তথা ৰজা হেমন্তৰ পত্নী ৰাণী হৰিণ৷

অভিজিত কলিতা: জেষ্ঠ হৰিণ তথা প্ৰধান মন্ত্ৰী

ৰিণ্টুমনি দত্ত: জেষ্ঠ হৰিণ তথা প্ৰধান সেনাপতি

ইলি তালুকদাৰ: জেষ্ঠ হৰিণী আৰু বিজয় ভৰালীৰ মাক

চিত্ৰলেখা দেৱী: জেষ্ঠ হৰিণী

ৰাস্না বৰা –জেষ্ঠ হৰিণী

মন্দিৰা শৰ্মা: নায়িকাৰ মাকৰ বান্ধবী

প্ৰণীতা গোস্বামী বৰঠাকুৰ: ডলী হৰিণীৰ মাক৷

দিগন্ত ভট্টাচাৰ্য্য: নায়ক, মন্ত্ৰী অভিজিত কলিতাৰ পুতেক আৰু উপ প্ৰধান সেনাপতি৷

বিজয় মহন্ত: ভৰালী

তবিবৰ ৰহমান: নায়কৰ নলেগলে লগা বন্ধু আৰু ৰাজ বৈদ্য৷

ৰাজশ্ৰী শৰ্মা: নায়িকা

ডলী তালুকদাৰ: নায়িকাৰ প্ৰিয় বান্ধৱী

নিৰ্মালী বৰমূদৈ: ৰাজকুমাৰী

কাবেৰী মহন্ত: নায়িকা ৰাজশ্ৰীৰ মাক

হৰিণ, হৰিণীৰ জাকটোত আছে:

হিতেশ, হৃষিকেশ ডেকা, দিম্পল, দিপাঙ্কৰ, মাধূৰ্য্য, কংকনা, ববিতা, পৰিস্মিতা, মৌচুমী, বাৰ্বী আদি কৰি ফটাঢোলত যিমান ডেকা গাভৰু, বৃদ্ধ বৃদ্ধা আছে সকলো!

#প্ৰথম দৃশ্য

– দ্ৰোণ কেমেৰাই ওপৰৰ পৰা খৰালি কালৰ দুপৰীয়াৰ এখন হাবিতলীয়া পথাৰ দেখুৱাব৷

কেমেৰা লাহে লাহে হাবিৰ ভিতৰলৈ সুন্দৰ সুন্দৰ দৃশ্য দেখুৱাই গৈ থাকিব৷ গৈ গৈ ডাঠ হাবিয়নি পাৰ হোৱাৰ পাছত এখন মুকলি পথাৰৰ নিচিনা পাতলীয়া জংঘল থকা ঠাই দেখা পাব৷

কেমেৰা তললৈ নামি আহি থাকিব৷

ক্ল’জ আপত পাতলীয়া জংঘল থকা সেই ঠাইখিনিত হৰিণৰ এটা বৃহৎ জাক দেখা পোৱা যাব৷

জাকটোৰ কিছুমানে ঘাঁহ খাই আছে, কিছুমানে শুই শুই নিজৰ মাজত কথা পতাৰ নিচিনা দেখা গৈছে৷ পোৱালিবোৰে ইফালে সিফালে দৌৰা দৌৰি কৰি আছে৷

#দ্বিতীয় দৃশ্য

-জাকৰ দলপতি ৰজা হেমন্তই তেওঁৰ বৃহৎ শিঙযোৰ জোকাৰি সকলোকে উদ্দেশ্য কৰি ক’লে —-

ৰজা হৰিণ: হে মোৰ প্ৰিয় হৰিণ, হৰিণী সকল! আমাৰ দলৰ বহুতেই মোক ৰিপৰ্ট কৰি আছে যে তেওঁলোকৰ হেনো পানী পিয়াঁহ লাগিছে৷ গতিকে ব’লক ৰাইজ, আমি সকলোৱে একেলগে নৈ লৈ পানী খাবলৈ যাওঁ৷ আপোনালোকে আমাৰ সমাজৰ নিয়মবোৰ জানেই নহয়! কোনোৱেই আগত বা কোনোৱেই পিছত যাব নোৱাৰে৷ সকলোৱে মিলি জুলি একেলগে যাব লাগিব৷

দলপতিৰ ঘৈণীয়েক ৰাণী নীলাক্ষীয়ে দায়লগ দিয়ে…

ৰাণী নীলাক্ষী: হয় হয় ব’লক ৰাইজ৷ আৰু ডেকেৰী হৰিণী সকল, যাওঁতে তোমালোকে মোৰ ওচৰে পাজৰে থাকিবা৷ নহ’লে কোনোবা ডেকাই তোমালোকক জোকাবও পাৰে৷ ৰাজকুমাৰী…ৰাজকুমাৰী বুলি জীয়েক নিৰ্মালীক মাতে ৰাণীয়ে৷

ৰাজকুমাৰী: (ক’ৰবাৰ পৰা দৌৰি আহে) কি হ’ল আই?

ৰাণী নীলাক্ষী: ক’ত গৈ থাক? দেখা নাই দিনকাল কি বেয়া পৰিছে৷ আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি৷ তাতে অতীতৰে পৰা মানুহ আমাৰ চিৰবৈৰী৷ যা, ডলী আৰু ৰাজশ্ৰী বায়েৰৰ লগত থাক৷

ৰাজকুমাৰী: হ’ব মা৷ মই সৌ ফালে আমৰ কুমলীয়া পাত খাবলৈ গৈছিলোঁ৷

ৰাণীয়ে ডলী হৰিণী আৰু ৰাজশ্ৰী হৰিণীক খঙেৰে কয়৷

“তহঁত দুজনীক ৰাজকুমাৰীৰ দায়িত্ব দিছোঁনে? কিয় তাই বাৰে বাৰে দলৰ পৰা আঁতৰি যায়৷ আজিৰ পৰা তেনে  হ’লে চাবি কিন্তু! শাস্তি পাবি৷”

এনেতে সেনাপতি বিজয়ৰ মাক ইলি হৰিণীয়ে মাত লগায়…

ইলি হৰিণী: হুহ, ইহঁত দুজনীয়ে নিজৰ ৰূপ চোৱাৰ পৰা আহৰি পালেহে৷ ডেকাবোৰৰ আগত গা ঘেলাব নালাগে জানো?

ৰাজশ্ৰী আৰু ডলীয়ে একেলগে কন্দনামুৱা হৈ কয়….“ ৰাণী আই, আমি ৰাজকুমাৰীক চকুৰ পৰা আঁতৰ হ’বলৈ নিদিওঁৱেই৷ তাইক সৌ আমাৰ সৈনিকৰ পুতেক জীয়েক কেইটা হৃষী, হিতেশ, বাৰ্বিহঁতে ফুচুলাই লৈ যায়৷”

“সিহঁতৰ মাজৰ সৌ হৃষী বোলা দুমহীয়া পোৱালিটো বৰ দুষ্ট৷”- ৰাজশ্ৰীয়ে ক’লে৷

ৰাণী নীলাক্ষী: হ’ব হ’ব! মই সকলো জানো৷ ৰাজকুমাৰীৰ এতিয়া খেলাৰে বয়স৷ অবুজন হৈ আছে, সেইবাবেই তহঁত দুজনীক তাইৰ খেয়াল ৰাখিব দিছোঁ৷ তহঁত দুজনী বহুত জনাবুজা৷ বাৰু এতিয়া পানী খাবলৈ যাওঁ৷

ৰাজকুমাৰীক লগত লৈ ৰাণী আগবাঢ়ে৷

তেওঁলোকৰ কথা শুনি জাকটোৱে লৰচৰ কৰা দেখা পোৱা যাব৷

#তৃতীয় দৃশ্য

-হাঁহি, খিকিন্দালি কৰি, ইটোৱে সিটোক খুন্দিয়াই, জোকাই মেলি গোটেই জাকটোৱে ধূলি উৰুৱাই নৈৰ ফালে গৈ আছে৷

তাৰ মাজতে কোনোবাটো ডেকাই মনে খোৱা কোনোবাজনী হৰিণীৰ কাষ চাপিবলৈও যত্ন কৰিছে৷ পোৱালিবোৰে মাকহঁতৰ ওচৰে ওচৰে গৈ আছে৷ বেছিকৈ পিয়াঁহ লাগি থকাবোৰে বতাহত পানীৰ সুঘ্ৰাণ পাই উত্ৰাৱল হৈ উঠিছে পানী খাবলৈ৷ যেন দৌৰি যাব! পিচে তেনেকৈ দল ভাঙি যোৱাৰ সিহঁতৰ নিয়ম নাই কাৰণে সকলো একেলগেই আগবাঢ়িছে৷

#চতুৰ্থ দৃশ্য

-জাকটোৱে নৈৰ পাৰত গৈ উপস্থিত হোৱা দেখা যাব৷

কেমেৰাই জাকটোৰ লগতে নৈ লৈ নামি যোৱা এঢলীয়া নৈৰ পাৰটো দেখুৱাই আছে৷ নৈৰ সিপাৰৰ সুন্দৰ দৃশ্যও দেখা পোৱা গৈছে৷ সুন্দৰ পাহাৰ এখন দেখা পোৱা গৈছে৷

লাহে লাহে পাহাৰৰ তললৈ কেমেৰা নামি আহিছে৷ পাহাৰৰ নামনিত খৰস্ৰোতা স্বচ্ছ পানীৰ নৈ শিলৰ ওপৰেৰে বৈ আছে৷ দূৰৰ বাঁহীৰ মাতত বাগৰুম্বাৰ সুৰ ভাঁহি আহিব৷

লাহে লাহে নৈখন জুম কৰি দেখুৱাব আৰু নৈৰ পাৰত হৰিণাৰ জাকটো থিয় হৈ থকা দেখা পোৱা যাব৷

নৈৰ পাৰত উপস্থিত হৈ জাকটোৱে দলপতিৰ আদেশলৈ ৰৈ আছে৷

দলপতিয়ে কি কয় ভালদৰে শুনিবলৈ জাকটোৱে দলপতিক আগুৰি ধৰিলে৷ ডাঙৰ শিল এটাৰ ওপৰত থিয় হৈ দলপতি মানে ৰজা হেমন্তই ক’বলৈ ধৰিলে৷

ৰজা হেমন্ত: ৰাইজ, আপোনালোকে জানেই আমাৰ নিয়মৰ কথা! প্ৰথমতে আমাৰ বয়োজেষ্ঠ, মহিলা আৰু শিশুসকলে পানী খাবলৈ আগভাগ পাব! তেওঁলোকে পানী খাই থকা সময়ত দলৰ ডেকা আৰু গাভৰু সকলে পহৰা দিব৷

ৰাণী নীলাক্ষীয়ে মনৰ ভিতৰতে ৰজাৰ ফালে চাই মুখখন বেকেটা কৰি মনতে ক’ব….

“হুহ্ বেটা বুঢ়া, মহিলা সকলোক আগভাগ দিয়াৰ নামত যে নিজে গা ঘেলাই মহিলা সকলৰ লগত পানী খাবলৈ যাব, মই কিবা বুজি নাপাওঁঁ নেকি!”

পিচে তেনেকৈ ভাবিলেও ৰাণীৰো বৰকৈ পিয়াঁহ লগাত জাকটোৰ সৈতে পানী খাবলৈ নৈ লৈ নামি গ’ল৷

ক্ল’জ আপত কেমেৰাই হৰিণৰ জাকটোৱে সুন্দৰকৈ নৈত শাৰী পাতি পানী খাই থকাৰ দৃশ্য দেখুৱাব৷

তেনেকৈ পানী খাই থাকোঁতে ডেকা গাভৰুসকলে জাকটোৰ ফালে পিছ মুখ কৰি পহৰা দি থাকে৷

জাকৰ মাজে মাজে সোমাইও দুই এজনে নৈৰ সিপাৰে সন্মুখৰ পৰাও শতৰু আহিব পাৰে বুলি ভাবি চকু দি থাকিব৷

#পঞ্চম দৃশ্য

-পহৰা দিয়া সকলৰ মাজত নায়ক দিগন্ত হৰিণে সতৰ্ক ভাবে ইফালে সিফালে ঘূৰি আছে৷ ঘূৰি থাকোঁতে পহৰাদাৰী দলটোত ডলীৰ লগত ৰাজশ্ৰীকো দেখি সি থমকি ৰ’ল৷

কিবা এটা ভাবি সি তবিবৰক ক’লে –

দিগন্ত হৰিণ: আৰে এই ৰাজশ্ৰীয়ে আকৌ পানী খাবলৈ নগ’ল কিয়? আহি থাকোঁতে দেখোন তাই মাতা ৰাণী নীলাক্ষীৰ আগত খুব পেনপেনাই আছিল তাইৰ বৰকে পিয়াঁহ লগা বুলি কৈ৷ নগ’ল কিয়বা!

তবিবৰ হৰিণ: তোৰ পিচে কিয় ইমান চিন্তা লাগিছে? নে তাইৰ প্ৰতি তোৰ মনত কিবা আছে হে! আছে যদি কৈ দে৷ মই তাইক তোৰ প্ৰপ’জেলটো দি আহিম নেকি!

দিগন্ত হৰিণ: ধেই, তই যে সদাই জোকোৱাৰ সুবিধা বিচাৰিয়ে থাক দেখোন৷ ৰহ তাইক ময়েই সুধি আহোঁ৷

তবিবৰ হৰিণ: : জানো দে জানো দে, তাই ৰাতিপুৱা গা জোকাৰি জোকাৰি ঘাঁহ খাই থাকিলে তই যে দূৰৰ পৰা এক ধ্যানে তাইৰ ফালে চাই থাক মই কিবা নেজানো নেকি! তায়ো আজিকালি সুন্দৰ নোদোকাজনী হৈ উঠিছে৷ হওক দে৷ তহঁত দুটা আমাৰ জাকৰ আটাইতকৈ ধুনীয়া ডেকা গাভৰু৷ দুইটা মিলিবি দে৷

সি লাহে লাহে চুচুক চামাক কৈ তাইৰ ওচৰলৈ গৈ লাহেকৈ মৰমেৰে সোধে….

দিগন্ত হৰিণ: ৰাজু তুমি পানী খাবলৈ নগ’লা কিয়?

ৰাজশ্ৰীয়ে যেন সি ওচৰলৈ অহা কাৰণে লাজতে মৰিয়েই যাব, তেনেকুৱা এটা ভঙ্গিত ভৰিৰ বুঢ়া আঙুলিৰে মাটি লেখি উত্তৰ দিলে –

ৰাজশ্ৰী: তোমালোকৰ লগত পাছত একেলগে খাম৷ কথা কৈ থাকোঁতে ইফালে ডলীয়ে তাইক চিকুটি দিয়ে৷

সি আৰু একো নুসুধি অলপ আঁতৰি আহি ইফালে সিফালে চাই চাই তাৰ ধুনীয়া শিঙযোৰ জোকাৰি জোকাৰি পহৰা দিয়াত ব্যস্ত হোৱা দেখুৱালে৷

আচলতে সি ৰাজশ্ৰীক বহুত ভাল পালেও সন্মুখত আহিলে লাজতে একো ক’ব নোৱাৰা হৈ যায়৷ সি মনতে কৈ থাকে, মোৰ নিচিনা সাহিয়াল ডেকা এটাৰো তাইৰ ওচৰত কিয় বা মুখেৰে মাত নোলোৱা হৈ যায়!

সি ওচৰলৈ আহি তাইক কথা সোধা বাবে তাইৰ খুব ফূৰ্তি লাগিছে৷ ফূৰ্তিতে গুণগুণাই গান গাই আছে৷ ডলীয়ে তাকে দেখি তাইক ক’বলৈ ধৰিলে —

ডলী: ঐ ৰাজু, তই যে দিগন্ত দাক ভাল পাৱ, সেইটো কথা খোলাখুলিকৈ তাক কৈ নিদিয় কেলেই! মই মন কৰা নাই বুলি ভাবিছ নেকি! চবৰে আগত তই কথাটো লুকুৱালেও মোৰ পৰা লুকুৱাব নোৱাৰ৷

ৰাজশ্ৰী: (ধৰা পৰি যোৱাৰ ভাবত লাজ লাজ কৈ) ধেই বাই, তই যে কি কৱ৷ কিয় ভালপাম মই তাক! নাপাওঁঁ যাহ৷

ডলী: এহ তই মোৰ আগত মিছা ক’ব নালাগে দে৷ মই সব জানো৷ তই দেখোন দিনে ৰাতিয়ে তাৰ কথাকে ভাবি থাক৷ সি যিফালে যায় তয়ো যাৱ৷ সি খালেহে, তয়ো খাৱ, নাখালে নাখাৱ৷ তাৰ বেমাৰ হ’লে তোৰ টোপনি নাহে৷ মই কিবা দেখা নাই নে যে তই কুমলীয়া ঘাঁহ কিডালো নিজে নাখাই তাকে খুৱাব খোজ৷ পিচে সি তোৰ ওচৰলৈ আহিলে তই কিয় লাজতে খোজ কিটাও দিব নোৱাৰা হৈ যাৱ!

ৰাজশ্ৰী হৰিণী: : যাহঃ, কি যে কৱ বাই তই৷ সেইবিলাক একো নহয় যাহ৷

ডলী হৰিণী: : হ’ব দে হ’ব দে৷ একো নহয়৷ প্ৰেম কৰাতো পাপ নহয়তো৷ আৰু তাৰ নিচিনা ইমান ধুনীয়া, নিমজ ছালৰ, তেল পিচলা নোদোকা ডেকাটোক ভাল নাপাই কাক পাবি এ!

(তাইক অলপ জোকাবৰ মনেৰে চকু এটা টিপিয়াই ক’লে -) পিচে তোৰ যদি দিগন্ত দাদাক ভাল নালাগে তেনেহ’লে দিগন্ত দাদাৰ লগত ময়ে লাইন মাৰিম দে৷ হি হি হি৷

ৰাজশ্ৰীয়ে — হা বাই, তই কি কৈছ– বুলি দুয়োজনীয়ে হাঁহি হাঁহি ধেমালিতে খেদা খেদি কৰিবলৈ ধৰে৷

#ষষ্ঠ দৃশ্য

-প্ৰথমে পানী খাবলৈ যোৱা বিলাকে উঠি আহি নোযোৱা সকলক যাবলৈ সুবিধা কৰি দিয়া দেখুৱাব৷

ডেকা গাভৰুৰ জাকটো হাঁহি ফূৰ্তি কৰি পানী খাবলৈ গ’ল৷ সিহঁতে শাৰী পাতি পানী খাই থাকোঁতে দিগন্তই এটা পাকত উঠি আহি লাহেকৈ ৰাজশ্ৰীৰ ওচৰলৈ গৈ পানী খাব ধৰিলে৷ সি তেনেকৈ ওচৰলৈ অহা দেখি ৰাজশ্ৰীৰ মুখত লাজ আৰু ভালপোৱাৰ অভিব্যক্তি ফুটি উঠে৷ আনন্দত দুয়োৱে লাহে লাহে পানী খাই থকা দেখুৱাব৷

ইতিমধ্যে সকলোৱে পানী খাই উঠি আহিল৷ সিহঁত দুয়ো কিন্তু পানী খাইয়েই আছে৷ সময় কিমান হৈছে গমেই পোৱা নাই৷

বাকী বিলাকে যেন কিবা এটা বুজি উঠিছে!

ইটোৱে সিটোৰ মুখলৈ চাই মিচিকিয়া হাঁহি মাৰি আছে৷

দুয়ো বহুত সময় উঠি নহা দেখি হৃষি আৰু হিতেশে সুইট্ সুইট্ কৈ দুবাৰমান সিয়াঁৰিলেই৷

চক্ খাই দুয়োৰে সম্বিত ফিৰি আহিল৷ দুয়ো লাজ লাজ কৈ লাহে লাহে উঠি আহিল৷

#সপ্তম দৃশ্য

-হৰিণৰ জাকটোৰ বয়োজেষ্ঠখিনি ঘূৰণীয়া হৈ বহি আছে৷ ডেকা গাভৰু আৰু পোৱালিখিনি অলপ দূৰে দূৰে আছে৷

দিগন্ত আৰু ৰাজশ্ৰীৰ কথাটো লৈ আজি মেল বহিছে৷

এফালে পুৰুষখিনি আৰু আনফালে মহিলাখিনি মুখামুখি কৈ বহিছে৷

মাজত এফালে দলপতি ৰজা হেমন্ত আৰু আনটো মূৰত ৰাণী নীলাক্ষী বহিছে৷

তেওঁলোকক ঘেৰি ধৰি গোটেই জাকটো অলপ পাতলীয়া কৈ বহিছে৷

ডেকা গাভৰুহঁতৰ মাজত দিগন্ত আৰু ৰাজশ্ৰী তল মুখকৈ বহি আছে৷

ডলী সখীয়ে ৰাজশ্ৰীৰ মুৰতো চেলেকি ভৰষা দি আছে৷

ৰজা হেমন্ত: ৰাইজ, আমি কি কাৰণে আজি মেল পাতিছোঁ আপোনালোকে জানেই৷ গতিকে এতিয়া দিগন্ত আৰু ৰাজশ্ৰীৰ বিয়াৰ কথাটো আলোচনা কৰা যাওক৷ সকলোৱে নিজৰ নিজৰ মতামত ব্যক্ত কৰিব লাগে৷

মন্ত্ৰী অভিজিত — (থিয় হৈ ক’ব ) কাবেৰী হৰিণী, আপোনাৰ জীয়ৰী ৰাজশ্ৰীৰ দিগন্তৰ লগত মন মিলিছে৷ এতিয়া আপুনি ৰাজশ্ৰীক দিগন্তলৈ বিয়া দিবনে?

ৰিণ্টুমনি — হয় কাবেৰী, দিগন্ত বহুত ভাল ল’ৰা৷ সি ৰাজশ্ৰীক বহুত সুখত ৰাখিব৷

ৰাণী নীলাক্ষী– হয় অ’ কাবেৰী, তুমি কিবা এটা কোৱা৷

চিত্ৰলেখা – সখী কাবেৰী, আপুনি নিৰ্ভয়ে আপোনাৰ সিদ্ধান্ত ৰাইজক জনাওক৷

প্ৰণীতা হৰিণী: আমাৰ ডলী আৰু দিগন্তৰ যোৰাটোহে বৰ ধুনীয়া কৈ মিলিব৷ দুয়োটাই ধুনীয়া ডেকা গাভৰু৷

ডলী হৰিণী: আই, তই কি কৈছ এইবোৰ৷ দিগন্ত হৰিণক মই কেতিয়াও তেনেকে ভবা নাই৷ আৰু ৰাজশ্ৰী মোৰ সখী৷

অৱশ্যে ৰাজ পৰিয়ালত যদি মোক বিয়া দিয়! তেতিয়া ভাবিব পাৰি৷ ডলীয়ে ৰাজশ্ৰী হৰিণীক চকু টিপ মাৰি দিয়ে৷

(ক্ল’জ আপত ৰাণী নীলাক্ষীৰ চকুত খং দেখুৱায়, মুখখন বেঁকা কৰি দিয়ে)

ৰাণী নীলাক্ষী: ৰাজ পৰিয়ালত বুঢ়া ৰজাৰ বাহিৰে কোন আছে মতা৷ আমাৰ ৰাজকুঁৱৰীহে আছে নিৰ্মালী৷ বুঢ়া ৰজাৰ কথা ভাবিছ যদি ভালে ভালে আঁতৰ হ৷ বুলি ৰাণীয়ে ঘাঁহ পাগুলিব ধৰে৷

ইলি হৰিণী: ইহ্ প্ৰণীতাক্ষী বোৱাৰী! তই যে দিগন্ত হৰিণে ৰাজশ্ৰীক পচন্দ কৰাৰ পিছতো তোৰ জীয়ৰীক দিয়াৰ কথা ভাবিলি? কিয় মোৰ ল’ৰা সেনাপতি বিজয় কি বেয়া? তাৰ দৰে বীৰ, পাহুৱাল ডেকা চাৰিখন অৰণ্য বিচাৰিলেও নাপাৱ৷ হুহ৷

প্ৰণীতা হৰিণী: নহয় মই কৈছোঁহে কথাষাৰ বাই৷ আপোনাৰ ল’ৰাকো মোৰ অপচন্দ নহয়৷

ডলী হৰিণী: সেইডাললৈ মই নাযাওঁ দেই৷ নামতহে সেনাপতি৷ ধদুৱা মহা৷

ইলি হৰিণী: আই কাবেৰী, গাভৰু ছোৱালী বেছিদিন ঘৰত ৰাখিব নালাগে৷ শতৰুৱে ছল পায়৷

মন্দিৰা হৰিণী: আপুনি কিন্তু দিগন্তলৈ ৰাজশ্ৰীক বিয়া নিদিলে পিছত পস্তাব লাগিব৷ মই কৈ দিলোঁ৷

তবিবৰ হৰিণ: (কাবেৰী হৰিণীলৈ চাই) মাহী, আপুনি মন মনে নাথাকি কিবা এষাৰ কওকচোন৷ কথাটো কি ভাবিছে৷

কাবেৰীয়ে বহুত ভাবি চিন্তি থিয় হৈ ৰাইজক নমস্কাৰ দি ক’বলৈ ধৰিলে৷

কাবেৰী হৰিণী: মইনো কি ক’ম আৰু ৰাইজ! বাপেক নোহোৱা ছোৱালী যেতিয়া আপোনালোকৰ সিদ্ধান্তই মোৰো সিদ্ধান্ত৷ ৰাজশ্ৰীৰ বিয়া দিগন্তৰ লগত দিবলৈ মই সন্মতি দিলোঁ৷

তেওঁ আৰু ৰাজশ্ৰী হৰিণীয়ে ৰাইজক আঁঠুকাঢ়ি সেৱা এটা কৰিব৷

ৰজা হৰিণ: আপোনালোকে সকলোৱে মত দিছে যেতিয়া ইহঁতৰ বিয়াখন অতি সোনকালে পাতিব লাগে৷ এনেও আমাৰ শতৰুৰ আকাল নাই৷ কাৰণ আমাৰ হৰিণাৰ মাংসই বৈৰী৷ গতিকে কাৰোবাৰ ভোকৰ আহাৰ হোৱাৰ আগতে ইহঁতৰ বিয়াখন পাতি দি অলপ পূণ্য কৰা যাওক৷

নে কি কয় ৰাইজে? সকলোৱে কথাটোত হয়ভৰ দিলে৷

সিহঁতৰ বিয়া ঠিক হোৱা শুনি ডেকা গাভৰু বিলাকৰ মাজত আনন্দ লাগিল৷ কোনোবাই কিৰিলি পাৰিলে, কোনোবাই হাত তালি বজালে, কোনোবাই ফূৰ্তিতে ইজনে সিজনক সাৱটি ধৰিলে৷ কোনোবাই আকৌ ঢোলতে দুচাপৰ মান বজালে৷

এটা আনন্দ মুখৰ পৰিবেশ প্ৰতিফলিত হ’ল৷

#অষ্টম দৃশ্য

-কেমেৰাই আগফাল আৰু পিছফাল দুয়ো ফালৰ পৰা দেখুৱাই থাকিব৷ গোটেই জাকটো ধূলি উৰুৱাই গৈ থাকে৷ জাকৰ শেষৰফালে দিগন্ত হৰিণ, ৰাজশ্ৰী হৰিণ, ডলী হৰিণ, তবিবৰ হৰিণ সকলো গৈ থাকে৷

মাজে মাজে দিগন্ত আৰু ৰাজশ্ৰীয়ে ইটোৱে সিটোলৈ মৰম ভৰা চাৱনিৰ আদান প্ৰদান কৰি থাকিব৷

তাকে দেখি ডলীহঁতে মিচিকিয়া হাঁহি মাৰে৷

এনেতে বিজয় আহি ডলীক শুনাকৈ ক’ব,

বিজয় সেনাপতি: সকলোৰে বিয়া চিয়া ঠিক হ’ল দেই৷ আমি হে আৰু অকলশৰীয়া পাই৷

বিজয়ৰ কথা শুনি ডলীয়ে ভাবিলে ৰ’হ, সেনাপতিক অলপ জোকাব লাগিল৷ বৰ বেছিকে কথা কৈ থাকে৷

ডলী হৰিণী: সেনাপতি মহোদয়, আপুনি

“অকলশৰীয়া পহু, গায়ে মূৰে খহু”-বুলি জানোতো৷

চাওঁ গুচক৷ আমি অলপ বিহুৱে মাৰোঁ৷ আজি ইমান ফূৰ্তিৰ দিন!

ডলী হৰিণীৰ জাৰণ খাই বিজয় সেনাপতিয়ে অলপ ফালৰি কাটি দিলে৷

সিহঁতৰ চুপতা চুপুতি দেখি ৰঙতে দিম্পল হৰিণহঁতে গমগমাই যোৱাকৈ ঢোলত চাপৰ মাৰি বিহুকে জুৰিলে ——–

“অ মাইকী হৰিণীৰ বেজাৰত

ঘৰ বাৰী এৰি যামেগৈ

খপিম গৈ ভুটিয়া চাঙত”

তাকে শুনি হৰিণীবোৰো ৰৈ থকা নাই৷ নিৰ্মালি, ডলী হৰিণীহঁতেও জোখৰ উত্তৰ দি গালে

এ, , , , তোৰ দৰে ডেকালৈ, নগৈ হে পাৰিছোঁ ঐ, , , , ,

ও এনেহে ফুটা মোৰ ঐ কপাল৷

বিহু গাই গাই নাচি থকাৰ লগে লগে জাকটো ও দূৰলৈ গৈ থাকিব৷

বিহু শেষ হ’লে চিনেমা ও শেষ হ’ব৷

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    হিৰোইন হ’বলৈ পাই ফূৰ্তিতে ৰ’ব পৰা নাই। ধন্যবাদ মাহী।

    Reply
    • কমলা দাস

      😀😀😀 ধন্যবাদ ৰাজশ্ৰী

      Reply
  • Anonymous

    বৰ ভাল লাগিল

    Reply
  • ডলী

    চুপাৰহিট

    Reply
  • নীলাক্ষী কাকতি

    পইচা উচুল চিনেমা ৷

    Reply

Leave a Reply

Your email address will not be published.