ফটাঢোল

মৰ্ণিং ৱাক-কনচেং বৰগোহাঁই

এইডোখৰত মানুহ-দুনুহ নেদেখি মুখাখন তললৈ নমাই থুতৰিত ৰাখিলোঁ যাতে দৰকাৰ হ’লেই, মানে মানুহ অহা দেখিলে পুনৰ নাকৰ ওপৰত লগাই ল’ব পাৰোঁ৷ মুখাখন আঁতৰাই কিমান যে ভাল লাগিছে, আহ্ উশাহ দুটামান ভালকৈ লৈ লওঁ৷ এই পুৱাৰ বেলি ওলোৱাৰ আগৰ সময়কণ মোৰ বৰ ভাল লাগে৷ এতিয়া এইঠাইডোখৰৰ ৰাস্তাৰ দুয়োকাষে নিমগছ আৰু মাজৰ ডিভাইডাৰডোখৰতো কিবা ফুল ফুলিছে৷ মুঠৰ ওপৰত পৰিবেশটো বৰ সুন্দৰ লাগিছে। তাতে এই সময়ছোৱাত ঠাইডোখৰত মানুহৰ আহ যাহ তেনেই সেৰেঙা৷ নিম গছকেইজোপা ইমান জোপোহা হৈ হালি পৰিছে যে  ৰাস্তাটো ক’লা ৰংটোৰ ওপৰত সেউজীয়া প্ৰচ্ছায়া এটাৰ সৃষ্টি হৈছে৷ সেউজীয়া পাতবোৰে একেবাৰে পিউৰ আৰু ১০০% অক্সিজেন বিলাইছে৷ আজিকালি ফ্ৰীতে কোনো বস্তু নাপায়৷ তাতে চহৰত? গা-ধোৱা পানীটোপালৈকে কিনা৷ এপাৰ্টমেণ্টবোৰত পানী মটৰো লগাই দিছে খৰচ কৰা অনুপাতে পইচা৷ খোৱা পানীৰতো কথাই নাই বিশলিটাৰ বটলত চিধা চিধা বিশ টকা৷ আজিকালি চহৰীয়া মানুহে কেৱল পইচাৰ হিচাবটো ৰাখিহে গুণাগথা কৰে৷ কথা বতৰাতো সেই একে, য’ত পইচা নাই তাত কথাও নাই৷ অতএব সকলোতে পইচাৰ কথা। অসমৰ গাঁৱৰ পৰা ওলাই অহা এতিয়া মনত পেলোৱাই টান৷ চহৰত থাকি থাকি ময়ো আধাআধি চহৰীয়াই হ’লোঁঁ৷ মনে মনে ফ্ৰী বস্তু বিচাৰিয়ে থাকোঁঁ৷ ভাল লাগিছে বতাহকণ লৈ৷ জোৰেৰে দুটামান উশাহ লৈও চালোঁঁ৷ নাই ভবাৰ দৰে বেয়া গোন্ধ-ভাব এটা নাই৷ সাধাৰণতে ৰাস্তা কাষৰ ড্ৰেইনবোৰ  গোন্ধাই যে, সেই গোন্ধ-ভাব একেবাৰে নাই৷ একদম খাঁটি হাৱা৷ অলপ জগিং কৰি লওঁ বুলি হাত ভৰিকেইটা অলপ খৰকৈ চলালোঁঁ৷ ভাগৰ লাগিলেও দীঘলকৈ উশাহ লোৱাত একো অসুবিধা নাই, সেয়ে৷ লাহে লাহে দুই একক দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ বয়োজেষ্ঠসকলক হাতত লাখুটি এডালৰ স’তে। ৰাস্তাত কুকুৰৰ যিহে জাক৷ খেদি আহে বুলিও ভয়৷ দুজনমান চাইক্লিষ্ট পাৰ হৈ গ’ল৷ আজিকালি গিয়েৰ লগা চাইকেল ওলাইছে যিবোৰ পেডেল জোৰেৰে মাৰিলেও চাইকেলখন জোৰেৰে নাযায়৷ মূৰত হেলমেট, পিন্ধনত টাইট পেণ্ট আৰু গাত লিপিট খাই থকা টি-চার্টবোৰত প্ৰায়ে ডাঙৰ-ডাঙৰ আখৰেৰে কিবা লিখা থাকে৷ চাইকেলৰ ফ্ৰেমৰ তলৰফালে ওলোমাই লোৱা পানীৰ বটল একোটাহঁত৷ দেখিলে এনে লাগে যে টকা নাথাকিলে আপুনি-মই চাইকেল চলোৱাৰ কথা ভাবিবই নালাগে৷ কাৰণ চাইকেল আৰু ইয়াৰ আনুসংগিক বস্তু কেইপদ কিনিবলৈ কমেও বিশৰ পৰা পঁচিশহাজাৰ মান লাগিব৷ এইটো হ’ল এটা মিনিমান হিচাব। টকা থাকিলে আপুনি লাখ টকাৰ ওপৰৰ চাইকেল কিনিব পাৰে৷ লাখৰ কথা কওঁতে কথা এটা মনত পৰিছে। মোৰেই চিনাকি এজন, তেখেতৰ বিভিন্ন ধৰণৰ চখ মানে হবী আছে। তেওঁ ঘৰত কুকুৰ ৰাখিছে দুটা (ডবাৰমেন ), দুখন দামী গাড়ী৷ পত্নীয়েও চাকৰি কৰে৷ সেইবাবেই নেকি সকলো ডবল-ডবল৷ কেইবছৰমান আগতে তেওঁ এখন বাইক কিনিলে দাম বিশলাখ টকা৷ বাইকৰ নামটো চাগে ডেভিদচন নে তেনে কিবা এটা কৈছিলে এতিয়া পাহৰিলোঁ৷ মনত ৰাখিনো কি কৰিম আমাৰ দৰে নিঃকিন এজনে৷ যোৱা দুবছৰত তেওঁৰ মটৰবাইকৰ চখ পুৰা হৈছে৷ এতিয়া সেই বাইকখন বেচিব বিচাৰিছে কিন্তু কিনোতা ওলোৱা নাই৷ কোনে কিনিব? তিনি চাৰি লাখততো বেচিব নোৱাৰে৷ কিনিবলৈ সামর্থ্য থকাজনে নিশ্চয় নতুন এখনহে কিনিব৷ সদ্যহতে তেখেতৰ গেৰেজত লাখটকীয়া বাইকখন এনেয়ে পৰি আছে৷ সেয়া অন্য এক কাহিনী৷ কেৱল চাইকেলেই নহয়, জগিং কৰিবলৈও বহু কিবাকিবি লাগে৷ থাকক বাৰু এতিয়া সেইবোৰ৷

চাকৰিসূত্ৰে তলাবন্দী সময়ত ঘৰৰ পৰা আঁতৰি আছিলোঁঁ৷ তলাবন্দী অলপ শিথিল হ’লত কিছুদিন নয়ডাৰ ঘৰত থকাকৈ আহিছোঁঁ৷ অৱশ্যে এই নতুন ঠাইডোখৰত নতুন ঘৰটো কিনা বেছি দিন হোৱা নাই৷ তলাবন্দীৰ আগেয়ে জানুৱাৰী মাহত লৰালৰিকৈ ঘৰলোৱা পাতিয়েই কৰ্মস্থানলৈ যাব লগা হোৱাত এই ঠাইডোখৰৰ বিষয়ে মোৰ বহু কথাই অজানা হৈ আছে৷ আনকি চ’চাইটিৰ দুই একৰ বাদে কোনেও মোক চিনিয়ে নাপায়৷ তলাবন্দীৰ সময়ত চ’চাইটিত ওলোৱা সোমোৱা একেবাৰে বন্ধ কৰি ৰাখিছিল৷ এতিয়া চ’চাইটিত তেনে কোনো বাধ্যবাধকতা নাই৷ সিদিনা দিল্লীৰ এয়াৰপর্টত ৰাতি দহ বজাত নামিলোঁঁ৷ ৰাজ্যিক বর্ডাৰ ক্ৰছ কৰা লৈ সংবাদ মাধ্যমে যিবোৰ প্ৰচাৰ চলাইছিল, তাকে দেখি শুনি ভিতৰি ভিতৰি অলপ ভয়  এটা আছিল৷ চেনেলবোৰৰ খবৰৰ ভিত্তিত গুজৰাট চৰকাৰৰ পৰা অনুমতি পত্ৰ যোগাৰ কৰিলোঁ। তাৰোপৰি উত্তৰপ্ৰদেশ চৰকাৰৰ নিয়ম অনুযায়ী মবাইল নম্বৰ আদি সবিশেষ জনাই তাৰ প্ৰমাণ পত্ৰ পর্যন্ত যোগাৰ কৰি আনিছোঁ। এয়াৰপর্টত নামি দেখিলোঁঁ যে আচলতে খবৰবোৰৰ এক শতাংশও সচাঁ নহয় (হয়তো দুদিনমান আগলৈকে এই নিয়মবোৰ প্ৰযোজ্য আছিল৷ ৰাইজে পুৰণা বাতৰিকে বজাই আছে আপডেট দিবলৈ পাহৰিলে) মোৰ কাগজ পত্ৰ চোৱাৰ দূৰৈৰ কথা, থার্মেল চেকআপ পর্যন্ত নহ’ল৷ বৰঞ্চ, ভীৰ ভাৰ নোহোৱা মুকলি এয়াৰপর্ট আৰু খালী ৰাস্তা গাড়ীত আহি থাকোঁতে যাত্ৰাৰ আগলৈকে যি উৎকণ্ঠা আৰু দুচিন্তা আছিল তাক ভাবিহে আচৰিত হ’লোঁঁ৷ সংবাদ মাধ্যমৰ এনে খবৰবোৰে কিমানক কি বঞ্চিত কৰিছে তাৰ হিচাব কোনে কৰিব! এজন সচেতন নাগৰিক হিচাবে প্ৰথম সাতদিন ঘৰতে গৃহবন্দী হৈ থাকিলোঁ। অবশ্যে চৰকাৰী ভাবে মোক একো কোৱা হোৱা নাছিল আৰু কওঁতাও কোনো নাছিল৷ এইকেইদিন ঘৰতে সোমাই থাকি হাতভৰি একেবাৰে জঠৰ হৈ পৰিছে৷ সেয়ে হাত ভৰিবোৰ অকণমান পোনাই লওঁ বুলিয়েই আজি অষ্টম দিনা মনিং ৱাক কৰিবৰ বাবে ওলাই আহিছোঁঁ৷ শুনিছিলোঁ তলাবন্দী সেতু মণিং ৱাক কৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে। কথাটো মিছা নহয় বুলি সেইদিনা প্ৰমাণ পাইছিলোঁঁ৷ মোৰ খোজৰ গতি খৰ কৰিলোঁ, ৰাস্তাত মানুহ বেছি হোৱা মানেই বিপদ৷ দহ-বাৰ বছৰীয়া ল’ৰা এটা স্কেটিং কৰি পাৰ হৈ গ’ল৷ তাৰ পিছে পিছে এজন মানুহে চাইকেল চলাই গৈছে খুব সম্ভৱ স্কেটিং কৰা ল’ৰাজনৰ দেউতাক৷ মাক-জীয়েক যেন লগা দুগৰাকীও দৌৰি যোৱা দেখিছোঁঁ৷ আজিকালি মাক আৰু জীয়েকৰ প্ৰভেদ বিচাৰি পোৱাটো টান৷ অলপ পাছতে পতি-পত্নী এযোৰা জগিং কৰি পাৰ হৈ গ’ল৷ তলাবন্দীয়ে ফেমিলী সময় বৃদ্ধি কৰিছে৷ তাৰোপৰি ৰাইজক যথেষ্ট স্বাস্থ্য সচেতন কৰি তুলিছে৷ কথা কাণ্ডবোৰ দেখি শুনি ভাল লাগিছে৷ কভিডে দিছেও, সমানে নিছেও। বিপদৰ বন্ধু কোন শত্ৰু কোন চব ওলাই পৰিছে৷ বহু অবাস্তৱ ধৰণৰ ঘটনাও ঘটি গৈছে৷ যেনে- পুতেকে বাপেকৰ শেষ যাত্ৰাত ভাগ ল’ব পৰা নাই৷ মাকে পুতেকৰ মুখ নেদেখাকৈয়ে আন্ত্যোষ্টি ক্ৰিয়া সম্পন্ন কৰা হৈছে৷ আনহে নেলাগে শ্মশানত শেষকৃত্য সম্পন্ন কৰিবলৈ দিয়া-নিদিয়ালৈ মানুহৰ মাজত কাজিয়া মাৰপিট পর্যন্ত দেখা গৈছে৷ মানৱতাবাদৰ চৰম উলংঘন। সময় বহুত বেলেগ হ’ল৷ আৰু কেইটামান জীয়াই থাকিম, ইয়াতকৈ বেছি কিবা নেদেখাকৈ যাব পাৰিলেই যেন ৰক্ষা৷ অলপ দূৰ গৈ ৰাস্তাটোৰ বাওঁফালে এডোখৰ মাটিত কিছু শাক-পাচলিৰ খেতি কৰা দেখিলোঁঁ৷ সেউজীয়া শাকনিবাৰীখন দেখি মোৰ ভাল লাগিল৷ হাজাৰ হওক গাঁৱৰ ল’ৰা এইবোৰ দেখিলে চুই চাবলৈ, কেঁচা মাটিৰ গোন্ধ ল’বলৈ ভাল লাগে৷ অজানিতে মোৰ ভৰি দুখন মাটিডৰাৰ ফালে আগবাঢ়ি গ’ল। ৰাস্তাৰপৰা নামি যোৱা পথটোৰ মুখতে মুকলিডোখৰত খেতিয়কজন তেতিয়াও খাটিয়া এখনত আঠুৱা তৰি শুই আছে। মই নামি যোৱাৰ লগে লগে আঁতৰত থকা পোহনীয়া কুকুৰটো দৌৰি আহি খাটিয়াখনৰ ওচৰত কিছু ভুক্ ভুক‌্ কৰিলে। মালিকক সাৰপোৱা যেন দেখি সি মনে মনে ৰ’ল৷ কুকুৰটোৰ কার্য্য দেখি ভাবিলোঁ, পইচা দি ৰখা ৰখীয়া এজনে যদি এনেদৰে দায়িত্ব পালন কৰিলেহেঁতেন৷ তেনেতে দেখিলোঁ বাৰ কি তেৰ বছৰীয়া ল’ৰা এজন এইফালেই আহি আছে৷ খেতিয়কজনে কিন্তু তেতিয়াও বিছনা এৰা নাই৷ মোক দেখি বাগৰ সলাই শুবলৈহে চেষ্টা কৰা যেন লাগিল। ল’ৰাজন ইতিমধ্যে মোৰ ওচৰ পালেহি। মনতে ভাবিলোঁ আহিলোৱেই যেতিয়া দুটামান পাচলি লৈ যোৱাত আপত্তি কি? তাক মই কি কি পাচলি দিব পাৰিব থোৰতে সুধিলোঁ আৰু সি দিব পৰা দুবিধমান দিবলৈ ক’লোঁঁ৷ পথাৰখনত তুৰৈ আৰু জাতিলাউ মাটিতে বগাইছে অসমত হ’লে মাটিত বগোৱা দেখা নাছিলোঁ। ল’ৰাটোৱে তুৰৈ, জাতিলাউ আৰু পালেং বেগ এটাত ভৰাই মোৰ হাতত তুলি ১২০ টকা হোৱা বুলি ক’লে। ল’ৰাটোক সুধিলোঁ, সি স্কুললৈ যায় নে নাযায়? সি স্কুললৈ যায় বুলি কোৱাত কোন শ্ৰেণীত পঢ়িছে তাকো সুধিলোঁ? সি জনালে যে সি ক্লাচ থ্ৰীত পঢ়ে৷ এতিয়া সকলো বন্ধ তাৰ অন-লাইল স্কুল নাই৷ মৰমতে, সি কোৱাতকৈ তাক ১০ টকা এটা বেছিকৈ দি পাচলিখিনি লৈ লাহে লাহে ৰাস্তাত খোজ দিলোঁঁ৷ মনতে ভাবিলোঁ বহুদিনৰ মূৰত ফ্ৰেচ পাচলি এখিনি পালোঁঁ৷ সিদিনা পৰিবাৰে মোক কৈছিল, “মিল্ক বাস্কেট নামৰ কোম্পানী এটাই তলাবন্দী হোৱা দিনধৰি দুৱাৰমুখতে যাৱতীয় খাদ্যবস্তু যোগান ধৰি আছে৷ প্ৰথমে কোম্পানীটোৱে বস্তুবোৰ ঠিকঠাকে দিছিল। এতিয়ালৈ লেৰেলা চেপেটা বাচ বিচাৰ নোহোৱাকৈ বস্তু চাপ্লাই কৰে৷” নতুন কোম্পানীয়ে প্ৰথম প্ৰথমে সামাজিক দায়িত্ববোধ দেখুৱাই কাম কৰে৷ এইটো হ’ল বিজিনেচ পলিচি। সময়ৰ লগে লগে নিজৰ চৰিত্ৰ দেখুৱাত পিছপৰি নাথাকে৷ তাত সততা বুলি একো নাই৷ এইটো যেন একপ্ৰকাৰ আমাৰ দেশীয় মানসিকতা, দুখ দি লাভ নাই৷ তথাপি, তলাবন্দীৰ নিচিনা দুঃসময়ত দুৱাৰে দুৱাৰে বস্তু যোগান ধৰা কোম্পানীটোৰ প্ৰতি আমি কৃতজ্ঞ হোৱা উচিত৷ কথাবোৰ ভাবি ভাবি আহি থাকোঁতে হঠাৎ কাৰোবাৰ মাত শুনি ৰৈ গ’লোঁ। দেখিলোঁ ৰাস্তাৰ কাষৰ পকী বেঞ্চ এখনত বয়সস্থ মানুহ এজন বহি আছে৷ তেওঁৰ ফালে চাওঁতেই তেখেতে মোক হাত বাউল দি মাতিলে। মই মুখাখন ভালদৰে লগাই তেখেতৰ ওচৰ চাপি গ’লোঁঁ৷ ওচৰ পাই তেখেতকো মুখাখন লগাই ল’বলৈ অনুৰোধ কৰিলোঁ৷ তেখেতে মুখাখন নাকৰ ওপৰলৈ তুলি সুধিলে,

: এই পাচলিবোৰ পালে ক’ত?

: কিয় অলপ আগলৈ গ’লেই দেখোন সেই পাচলি বাৰীখন পায়৷

মই এইমাত্ৰ পাৰ হৈ অহা ঠাইখিনিৰ ফালে আঙুললিৰে দেখুৱাই ক’লোঁঁ৷

: অ’ হয় নেকি? মই সিমানখিনিলৈ যোৱাগৈ নাই৷ আচলতে সিমানখিনিলৈ যাবলৈ শক্তিয়েই নাই৷ 

তেখেতে পাচলি বাৰীখন দেখা পাই নেকি ডিঙি মেলি চায়ে মোক কথাখিনি ক’লে৷ কথাই কথাই গম পালোঁ যে, তেখেত কোনোবা এখন কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষক৷ অৱসৰ লোৱা আজি দহ বছৰেই হ’লহি। ঘৰত তেওঁ অসুখীয়া পত্নী৷ দুয়ো অকলে থাকে৷ পুতেক জীয়েকহঁতে মাজে সময়ে খবৰ লৈ থাকে৷ যোৱাবছৰৰলৈকে পত্নী তেওঁৰ খোজ কঢ়াৰ সঙ্গী আছিল৷ পিচে বাথৰূমত পৰি হিপ জইনত দুখ পোৱাৰ বাবে বৰকৈ খোজ কাঢ়িব নোৱাৰা হ’ল৷ সেয়ে আজিকালি তেখেত অকলেই খোজ কাঢ়ে৷ মনতে ভাবিলোঁ মোৰো অৱসৰ ল’বলৈ বেছিদিন নাই৷ তেওঁ এতিয়া খোজ কাঢ়িব নোৱাৰাৰ কথা কৈছে আৰু মই দৌৰিব নোৱৰাৰ কথা কওঁ৷ আমাৰ মাজৰ পাৰ্থক্য মাথো সিমানেই৷ এসময়ত মই এজন ভাল ফুটবল খেলুৱৈ আছিলোঁ সেইবোৰ কথা ভাবিলে মনত অলপ দুখেই লাগে৷ তথাপি সুবিধা পালে সৰুবোৰক ডেকা দিনৰ খেলৰ কথা কৈ ভাল পাওঁ৷ আনকি কেতিয়াবা অত্যোৎসাহী হৈ অলপ বেছিকৈয়ে কওঁ৷ তেখেত যে এসময়ত বলিষ্ঠ মানুহ আছিল দেহৰ অবয়ৱটো দেখিয়েই বুজিব পাৰি৷ ডেকাকালৰ কিমান স্মৃতিয়ে তেখেতক আপোন পাহৰা কৰি ৰাখে কোনে জানে? মানুহজনৰ মনৰ অৱস্থাটো বুজিবলৈ মোৰ বৰ বিশেষ অসুবিধা হোৱা নাই৷ মোৰ মনৰ মাজত কথাবোৰে খুন্দিয়াই থকা অৱস্থাতে তেখেতে ক’লে,

: মই ইয়াতে ডাঙৰ দীঘল হৈছোঁ। চকুৰ সন্মুখতে কি ঠাই কি হৈ গ’ল৷ আমি এইফালেদি ন-দহ কিলোমিটাৰ চাইকেল মাৰিয়েই যমুনা পাৰৰ কলেজলৈ গৈছিলোঁঁ৷ তেতিয়া সৌ নর্দমাটো নাছিল৷ কেতিয়াবা আমিবোৰ কলেজৰ পৰা উভতি অহাৰ পথত যমুনাৰ ঘাটত নামি সাঁতোৰোঁঁ৷ বিশেষকৈ গৰমৰ দিনত। আমাৰ লগৰ দুষ্ট কেইটামানে নদীলৈ বুলি উৎসৰ্গা কৰা টকা আধলিটো পানীত বুৰ মাৰি বুটলি আনে৷ তাৰে চানাচুৰ বা তেনে জাতীয় কিবা কিনিলে আমি অবশ্যে ভাগ পাওঁ৷ এতিয়া সেই যমুনাত নমাটো দূৰৈৰ কথা দলঙেদি পাৰ হ’বলৈ ঘিণ লাগে৷ এই সকলো মানুহে কৰা কৃতকর্ম৷ কেৱল ঠাইডোখৰে নে মানুহবোৰ কিমান সলনি হ’ল!

কথাখিনি কৈ লাহেকৈ তেওঁ যাবৰ বাবে থিয় হ’বলৈ চেষ্টা কৰিলে৷ তেওঁ মই যোৱাৰ দিশে যাব যেতিয়া দুয়ো একেলগে খোজ দিবলৈ ধৰিলোঁঁ৷ তেখেতে অলপ কঁকালত ভাঁজ এটা কৰি খোজ কাঢ়ে৷ ঠিক কঁকাল পৰা বুলি ক’ব নোৱাৰি৷ কেতিয়া আহি পুলটোৰ (তেখেতে কোৱা নর্দমাটো) ওচৰ পালোঁহি গমেই পোৱা নাছিলোঁঁ৷ হঠাৎ গেলা গোন্ধটো নাকত লগাতহে…। এই খালটোৱে প্ৰায় নয়ডাখন দুফাল কৰি দুয়োফালৰ যিমান লেতেৰা বস্তু কঢ়িয়াব পাৰে তাতকৈ বেছি কঢ়িয়াই নগৰ পালিকাক কিছু সকাহ দিলেও ইয়াৰ আশে পাশে থকা মানুহক সদায় এটা লেতেৰা গোন্ধৰ সৈতে মোকাবিলা কৰিবলৈ বাধ্য কৰে৷ এনে কিমান সৰু বৰ খাল যমুনা নদীত মিলিত হৈ নদীখনক লেতেৰা কৰিছে তাৰ হিচাব নাই৷ আহি থাকোঁতে তেখেতে ৰৈ কঁকালটো পোনাই লৈ ক’বলৈ ধৰিলে,

: আগতে এই ঠাইডোখৰৰ নাম আছিল ওখলা৷ কেৱল পথাৰ আৰু পথাৰ৷ পথাৰখন কেতিয়াবা সেউজীয়া কেতিয়াবা সোণালী বেলেগ বেলেগ ৰঙৰ পথাৰ৷ পথাৰৰ শস্যবোৰ ৰাখিবৰ বাবে খেতিয়কৰ সৰু সৰু অস্থায়ী ঘৰবোৰ অ’ত ত’ত দেখা গৈছিল। লাহে লাহে বিভিন্ন ঠাইৰৰ পৰা দিল্লীলৈ মানুহৰ আগমন হ’ল৷ মানুহৰ অনুপাতে ঘৰ কম হ’ল৷ ক্ৰমাৎ গোটেই দিল্লীখনেই এইফালে আগবাঢ়ি আহিল৷ নতুন নতুন এপার্টমেণ্টবোৰ গছপুলি গজাৰ দৰে গজি উঠিল লগতে কিছু উদ্যোগ৷ ঠাইখনে এক নতুন ৰূপ ল’লে৷ সেয়ে ১৯৭৬ চনত এই ওখলা ঠাইখনৰ নাম চৰকাৰীভাৱে সলনি কৰি ‘নয়ডা’ কৰা হ’ল৷

নয়ডা মানে হ’ল নতুন ওখলা ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণ New Okhla Industrial Development Authority। অথৰিটিয়ে পৰিবেশৰ ওপৰত গুৰুত্ব দি কিছু নিয়ম কানুন বাহাল ৰাখিছে৷ যেনে- গোটেই অঞ্চলটো কিছুমান সৰু সৰু চেক্টৰত ভাগ কৰিছে। প্ৰতিটো চেক্টৰৰ সংযোগী ৰাস্তাবোৰ নিদিষ্ট জোখৰ আহল বহল হ’ব লাগিব। ৰাস্তাৰ একাষে ১২-১৬ ফুটৰ এডোখৰ মুকলি ঘাঁহনি থাকিব লাগিব৷ এখন চেক্টৰৰ মাজত কেইবাখনো পার্ক থাকিব লাগিব৷ এতিয়া এই পার্কবোৰৰ মাজত একোখন মুকলি ব্যায়ামাগাৰলৈ পৰিবর্তিত কৰিছে। তেওঁ পুনৰাই ক’লে,

: এই যে দেখিছা ৰাস্তাৰ কাষৰ মুকলি ঘাঁহনিটুকুৰা দেখাত কিমান সুন্দৰ৷ আচলতে সিমান সুন্দৰ নহয়৷ কিয় জানেনে?

তেখেতে মোক প্ৰশ্ন কৰিলে। ময়ো ওলোটাই তেখেতকে সুধিলোঁঁ,

: কিয়?

তেখেতে ক’লে,

: এই যে অট্টালিকাবোৰ দেখিছে তাত কেৱল মানুহেই নাথাকে অন্য জীৱও থাকে৷

: মানে আপুনি কি ক’ব খুজিছে? মই একো বুজি পোৱা নাই সঁচাকৈ৷

তেখেতে পুনৰ ক’লে,

: কিয় আপুনি দেখা নাই? মালিক আৰু কুকুৰবোৰৰ মণিং ৱাক৷ এই মালিকবোৰে মনিং ৱাকৰ নামত এই ৰাস্তাৰকাষৰ ঘাঁহনিডৰাত কুকুৰবোৰক পতি কৰায়৷ এইসকললোকৰ মুঠেই চিভিক চেন্স নাই৷ আমাৰ দৰে বুঢ়া মানুহৰ ভাগৰ লাগিলেও ঘাঁহনিডৰাত বহিব নোৱাৰোঁঁ৷ স্বাস্থ্যকৰ পৰিবেশ এটা এনে কিছুমান সামাজিক চেন্স নথকা মানুহৰ বাবে বৰবাদ হৈ গৈছে৷ 

তেখেতৰ কথাখিনিত আক্ষেপ আৰু ক্ষোভ দুয়োটাৰ মিশ্ৰণ যেন মোৰ অনুভুত হৈছিল৷ বিদেশত কুকুৰ ফুৰাবলৈ হ’লে মালিকে কুকুৰৰ পতি উঠোৱা সঁজুলি লগতে বেগ এটা লৈ ফুৰিব লাগে আৰু তাৰ মানুহবোৰেও এই কামৰ বাবে সদায় নিজকে প্ৰস্তুত কৰি ৰাখে৷ আমাৰ ইয়াত সেই মানসিকতা দেখিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব তাৰ অনুমান কৰাটো আজিৰ দিনত অসম্ভৱ৷ এইখিনিতে মূল ৰাস্তাটোৰৰ পৰা ফেলিস্ক হস্পিটেলৰ ফালে এটা ৰাস্তা সোঁফালে ফাটি গৈছে৷ আৰু মূল ৰাস্তাটো চিধাকৈ আগলৈ গৈছে ইন্দিয়া টি ভিৰ ফালে৷ সোঁফালে ফাটি যোৱা ৰাস্তাটোৰ বাওঁকাষত এলানি এপার্টমেণ্ট আছে৷ আমাৰ দুয়োৰে বাসস্থান তাতে অৱশ্যে এপার্টমেণ্ট বেলেগ বেলেগ৷ এইখিনিতে তেখেতে মোৰ পৰা বিদায় ল’লে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে৷ লগতে মোক লগ পাই ভাল লাগিল বুলি ক’বলৈও তেওঁ নাপাহৰিলে। তেখেতৰ লগত আহি থাকোঁতে ইমান দীঘল বাটছোৱা গমেই নাপালোঁঁ৷ এতিয়া মোৰ সন্মুখত এজাক ৰাস্তাৰ কুকুৰ। সিহঁতে মালিকৰ লগত অহা এটা মস্ত কুকুৰক দেখি ৰৌ ৰৌৱাই খেদি আহিছে৷ মালিকজনে হাতত লৈ থকা লাঠিডাল জোকাৰি সিহঁতক খেদাবলৈ চেষ্টা কৰিছে৷ মই কুকুৰৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ ৰাস্তাৰ আনটো ফাললৈ কোবাকুবিকৈ খোজ দিলোঁঁ৷

বি: দ্ৰ: এই লেখাৰ দ্বাৰা কাৰোবাক আঘাত কৰা উদ্দেশ্য নহয়৷ সামাজিক দায়বদ্ধতাৰ খাতিৰত ধনাত্মক দিশত চাবলৈ সকলোকে অনুৰোধ জনালোঁঁ৷

☆ ★ ☆ ★ ☆

6 Comments

  • Pranita Goswami

    বৰ ভাল লাগিল। সৰু সৰু অথচ গুৰুত্বপূৰ্ণ কথাবোৰ সুন্দৰকৈ প্ৰকাশ কৰিছে।

    Reply
    • Anonymous

      ধন্যবাদ জনালো আপোনাৰ মন্তব্যৰ বাবে ৷

      Reply
  • নীলাঞ্জনা

    বৰ ভাল লাগিল ভিনদেউ৷

    Reply
  • Minati Mahanta

    বহুত ভাল লাগিল পঢ়ি । আগতে তোমাৰ লিখনি পঢ়াৰ সৌভাগ্য হোৱা নাছিল । ছোৱালী আৰু অনুৰ বাবেহে পঢ়িবলৈ পাই ধন্যবাদ জনালো ।

    তোমালোক চাৰিওটিকে ভথৱানে কুশলে ৰাখক ।

    Reply
    • Anonymous

      আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ ৷

      Reply

Leave a Reply

Your email address will not be published.