ফটাঢোল

য’তে বাঘৰ ভয় তাতে ৰাতি হয়-চায়া ভৰদ্বাজ

অতীতক নাযাবা পাহৰি বুলি কথা এষাৰ আছে। সুখ আৰু দুখ জীৱনৰ এৰাব নোৱৰা অংগ, ঠিক মুদ্ৰাটোৰ ইপিঠি সিপিঠি স্বৰূপ, স্মৃতিবোৰে অতীতক পাহৰিব নোৱাৰাকৈ ধৰি ৰাখে। অতীত ৰোমন্থন কৰি কেতিয়াবা হাঁহোঁ, হাঁহিবোৰে দুখবোৰ ঢাকি ৰাখে, নোপোৱাৰ দুখতকৈ পোৱাৰ আনন্দখিনিৰ মোল বেছি। স্মৃতিৰ জোলোঙা খুলিলে স্কুলীয়া দিনৰ কথাবোৰ বেছিকৈ মনলৈ আহে, যিবোৰে এতিয়াও মোক হাঁহিৰ খোৰাক দিয়ে।

যদিও ঘটনাটোৰ লগত বাঘৰ কোনো সম্পৰ্ক নাই, কিন্তু সিদিনা আতংকত পলাইছিলোঁ বাঘৰ ভয়ত পলোৱাৰ দৰেই। উজনি অসমৰ ডুমডুমাত আমাৰ ঘৰ, ল’ৰালিৰ কালচোৱা ডুমডুমাতে কটাইছোঁ। তেতিয়া মই অষ্টমমানৰ ছাত্ৰী, চাইকেলখন চলাই স্কুললৈ অহা যোৱা কৰোঁ। বান্ধবী জ্যোতিৰূপাৰ ঘৰ কাষতে বাবে দুয়ো একেলগে চাইকেলেৰে অহা যোৱা কৰোঁ। স্কুললৈ যাওঁতে কবৰস্থান পাৰ হৈ যাব লাগে। মূল ৰাস্তাৰ কাষতে ডাঙৰ কবৰস্থানখন। ঠাইডোখৰ অলপ জয়াল, যান বাহন তথা মানুহৰ সমাগম কম থাকিলে বেছি ভয় লাগে। স্কুলৰপৰা আহোঁতে যাওঁতে সেই ঠাইডোখৰ পালেই গাৰ নোম থিয় হয়, সেয়ে ভয় আঁতৰাবলৈ দুয়ো গান গাই গাই আহোঁ। এদিন স্কুলত ফাংচন থকা বাবে অনুষ্ঠানটো শেষ কৰি আহিবৰ হয় মানে সন্ধিয়া হৈ যায়। দুয়ো ভয়ে ভয়ে আহি আছোঁ, কবৰস্থান পোৱাৰ আগে আগে দুয়ো প্ৰায় চিঞৰি গান গাই আহিবলৈ ধৰিলোঁ। তেনে সময়তে আমাৰ কাষতে শিলগুটিৰ দলি এটা আহি পৰিল, তাৰপিছত আৰু এটা। দুয়ো চাইকেল জোৰেৰে চলাবলৈ লওঁতেই জপৰা চুলিৰ জধলা এজন আমাৰ ফালে আহি থকা দেখি দুয়ো গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি চাইকেল চলাই দিলোঁ, পিছে পিছে সেইজনে খেদি অহা দেখি অলপ পিছতে মানুহ এঘৰৰ গেট খোলা দেখা পাই দুয়ো গৈ চিধাই ঘৰৰ ভিতৰত সোমাই দৰ্জাখন মাৰি দিলোঁ। অচিনাকি মানুহঘৰে আমাৰ অৱস্থা দেখি দুয়োকে বহিবলৈ দি প্ৰথমে পানী খাবলৈ দিলে। পানী গিলাচ কৎ কৎকৈ গিলিহে দুয়োৰে মাত ঘূৰি আহিল। তাৰ পিছত আমাৰ কথা শুনি মানুহঘৰে বাহিৰলৈ ওলাই চাই দূৰত জধলা মানুহজন দেখি ক’লে,

: সেইজন মূৰৰ বিকৃতি থকা মানুহ, বেছি চিঞৰ বাখৰ শুনিলে খেদি আহে, তোমালোকে কিবা কৈছিলা নেকি তাক?
: নাই, আমি গান গাই আহি আছিলোঁ।

: লাহে লাহে নে, অলপ চিঞৰ বাখৰ ধৰণৰ আছিল তোমালোকৰ গান?

এইবাৰ আমি সচাঁ কথা ক’লোঁ, ভয়তে আমাৰ মুখৰপৰা ওলোৱা গান হয়তো সেই সময়ত আৰ্ত চিৎকাৰ ধৰণৰ হৈ পৰিছিল। মানুহজনে আমাৰ অৱস্থাটো বুজি আমাক ঘৰলৈকে আগবঢ়াই থ’বলৈ সাজু হ’ল। মানুহজনৰ লগত কিছুদূৰ অহাৰ পিছত ৰাস্তাত দেউতাক লগ পাইহে উশাহটো ঘূৰি অহা যেন লাগিল।

ঘটনাটোৰ পিছত সেই জধলা মানুহজনৰ সৈতে ৰাস্তাত কেইবাবাৰো মুখামুখি হৈছিলোঁ, কিন্তু সেই মুহূৰ্তত গান গোৱাৰ কথা ভুলতো মনলৈ অহা নাছিল। এতিয়াও ঘৰত কেতিয়াবা গান গালে সেই কথাটো মনত পৰে, তেতিয়া অকলে অকলে হাঁহোঁ। হাঁহি সুস্থ জীৱন এটাৰ বাবে মহৌষধ স্বৰূপ, সেয়ে হাঁহিবলৈ সুবিধা পালেই মই প্ৰাণখুলি হাঁহিবলৈ বিচাৰো, কিজানি হাঁহিবোৰে দুখবোৰ কিছু পাতলাই ৰাখে, হাঁহিৰ আবেষ্টনীৰ মাজত কিজানি দুখবোৰ দিশহাৰা হৈ পৰে!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.