ফটাঢোল

যাদৱ পায়েঙৰ লগত এক অন্তৰংগ আলাপ

আমাৰ এই মাহৰ অতিথিগৰাকীৰ চিনাকি দিবলৈ আহক প্ৰথমে আমি অলপ পিছলৈ ঘূৰি যাওঁ৷ তাৰিখটো আছিল ২০১২ চনৰ ২২ এপ্ৰিল ধৰিত্ৰী দিৱস। সেইবৰ্ষৰ ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগে আমাৰ অতিথিগৰাকীক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰিছিল।সেইদিনা তেখেতে বিশ্ববিদ্যালয়ত প্ৰতীকি ৰূপত পাঁচজোপা গছ ৰোপণ কৰে। বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যগৰাকী উপস্থিত থকা সেই অনুষ্ঠানতে নৈপৰীয়া এখন উদং ঠাইক কালক্ৰমত এখন হাবিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা অসাধাৰণ ব্যক্তিত্বৰ এই অসম সন্তানজনে বিভন্নজনৰ প্ৰশ্নৰ উত্তৰত সাৱলীলভাৱে বৰ্ণনা কৰি গৈছিল তেওঁৰ জীৱনৰ সংগ্ৰামৰ কথা, তেওঁৰ অভিজ্ঞতাৰ কথা। সেই দিনটোতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য সুধীৰ কুমাৰ সোপাৰিয়ে আমাৰ অতিথিগৰাকীক আখ্যা দিয়ে ভাৰতৰ অৰণ্য মানৱ (ফৰেষ্ট মেন অফ ইণ্ডিয়া) হিচাপে। ইয়াৰ প্ৰায় তিনিবছৰৰ পাছত ২০১৫ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে তেখেতক সন্মানিত কৰে পদ্মশ্ৰী বঁটাৰে।

এইখিনি পাতনিৰ পাছত আমাৰ পাঠকসকলকক হয়তো আমাৰ এই মাহৰ অতিথিগৰাকীৰ নাম উল্লেখ কৰি চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। সুকৃতীৰ জ্যোতিৰে যি ইতিমধ্যে দেশৰ পৰিধি নেওচি বিদেশৰ মাটিতো জ্যোতিষ্মান হৈ উঠিছে, সেইগৰাকী ক্ষণজন্মা পুৰুষ যাদৱ ‘মূলাই’ পায়েংৰ জীৱন পৰিক্ৰমা বিশ্বৰ পৰিবেশ সংৰক্ষণ আন্দোলনৰ এক জীয়া দলিল।

সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীযুত পায়েঙৰ সৈতে ফটাঢোল ই-আলোচনীৰ হৈ সম্পাদনা সমিতিৰ সদস্য শ্ৰীসঞ্জীৱ ভট্টাচাৰ্যই হোৱাটচএপ যোগে বাৰ্তালাপ কৰিছিল। এই বাৰ্তালাপখিনিৰ সম্পাদিত ৰূপকে কথোপকথনৰ আকাৰত পাঠকলৈ আগবঢ়াই দিয়া হ’ল। আশাকৰোঁ সকলোৱে আঁকোৱালি ল’ব।

ফটাঢোল : আপোনাৰ জন্ম ঠাই আৰু শৈশৱৰ কথা আমাক অলপ জনাওকচোন।

যাদৱ পায়েং : ১৯৬৩ চনত মোৰ জন্ম যোৰহাট জিলাৰ ককিলামুখত।

ফটাঢোল : মাত্ৰ ১৭বছৰ বয়সতে আপুনি এখন বননি সৃষ্টিৰ অভিযান আৰম্ভ কৰে। প্ৰথম অৱস্থাত আপোনাৰ ঘাত-প্ৰতিঘাত অনেক আছিল। সেই সম্বন্ধে জনাব নেকি?

যাদৱ পায়েং : ঘাত-প্ৰতিঘাত বহুত আছিল আৰম্ভণিত।প্ৰধানকৈ মই বহুত মানসিক অসন্তুষ্টিত আছিলোঁ। এটা ঘটনাৰ পিছৰ পৰা, যিটোৱে মোক এই কামটো কৰিবলৈ দৃঢ় কৰি তুলিছিল। ১৯৭৯ চনত এবাৰ ডাঙৰ বান হৈছিল, ব্ৰহ্মপুত্ৰৰ বানে সেইবাৰ আমাৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছিল। বান শুকোৱাৰ পিছত ভীষণ ৰ’দ আৰম্ভ হৈছিল আৰু চাপৰিৰ বালিবোৰ শুকাই গৈছিল আৰু শুকান বালিৰ তাপত নদীত থকা সাপবোৰৰ মৃত্যু হৈছিল। সাপবোৰৰ মৃত্যু দেখি মোৰ মনত বৰ দুখ লাগিছিল আৰু তেতিয়া মই আমাৰ ঘৰৰ পৰা অলপ আগত থকা দেউৰী সম্প্ৰদায়ৰ বিজ্ঞ মানুহকেইজনমানক এইবিষয়ে সোধাত ক’লে যে ওখ ঘাঁহ থাকিলেহে ছাঁ থাকিব আৰু ছাঁ থাকিলেহে জীৱ-জন্তুৱে গৰমৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ। প্ৰথমতে মই ওখ ঘাঁহ কি ধৰণৰ হয় বুজি পোৱা নাছিলোঁ৷ তেতিয়া দেউৰী মানুহজনে মোক পঞ্চাশটা বাঁহৰ মূঢ়া দিলে আৰু মই তেখেতৰ পৰামৰ্শমতেই বাঁহৰ মূঢ়াবোৰ চাপৰিত ৰুবলৈ ধৰিলোঁ আৰু তেনেদৰেই মোৰ এই হাবিখনৰ আৰম্ভণি।

ফটাঢোল : জীৱনত এতিয়ালৈ আপুনি ভালেমান সন্মান পালে। সন্মান আৰু স্বীকৃতিয়ে আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছে?

যাদৱ পায়েং : সন্মান বা স্বীকৃতিৰ বাবে কোনোদিনেই মই কাম কৰা নাছিলোঁ। প্ৰকৃতিৰ ভাৰসাম্যতাৰ বাবেহে গছ পুলি ৰুই গৈছিলোঁ এটাৰ পিছত আনটো। আনকি ভাৰত চৰকাৰেও লাজত পৰিহে মোক স্বীকৃতি দিয়াৰ দৰে হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত বহুধৰণে সন্মান পোৱাৰ পিছতহে ভাৰত চৰকাৰৰ গা লৰিছিল, ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মান পোৱাৰ আগতেই বিভিন্ন দেশে মোক সন্মান জনাইছিল। সন্মান বা বঁটা-বাহনৰ চিন্তাত মই হাবি এখনৰ সৃষ্টি কৰা নাছিলোঁ। মোৰ সকলোবোৰ কাম প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা বুলি ভাবোঁ। গছ-গছনি, নদ-নদী, জীৱ-জন্তু এইবোৰৰ দায়িত্বও আমাৰেই।

ফটাঢোল : আপোনাৰ পৰিয়ালৰ বিষয়ে জনাব নেকি?

যাদৱ পায়েং : মোৰ পত্নী, আমাৰ ছোৱালী এজনী আৰু ল’ৰা দুজন।

ফটাঢোল : আপোনাৰ এই অগতানুগতিক জীৱন পৰিক্ৰমাত আপোনাৰ পৰিয়ালৰ সহযোগিতা কেনেকুৱা?

যাদৱ পায়েং : সকলো সময়তে পৰিয়ালৰ সহযোগ পাইছোঁ মই। পুৱা তিনি চাৰিবজাত উঠিয়েই মই হাবিলৈ যাওঁ, মোৰ বাবে প্ৰতিজোপা গছেই মোৰ ল’ৰা-ছোৱালীৰ দৰে আৰু মোৰ পৰিয়ালৰ সদস্যসকলৰ বাবেও কথাটো তেনেকুৱাই। গছ-গছনিৰ, জীৱ-জন্তুৰ ক্ষতি হ’লে মোৰ পৰিয়ালৰ মানুহবোৰৰো চকুপানী ওলায়।

ফটাঢোল : প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি বিগত দুটামান দশকজুৰি যি সচেতনতা শেহতীয়াকৈ গঢ়ি উঠিছে, সেয়া পৰ্যাপ্ত বুলি আপুনি ভাবেনে?

যাদৱ পায়েং : বিশ্বৰ বহুত দেশলৈ আমন্ত্ৰণক্ৰমে যোৱাৰ সৌভাগ্য হৈছে। পৰিবেশ সচেতনতাৰ বহুবোৰ কৰ্মশালাতো অংশগ্ৰহণ কৰিছোঁ। ভাৰতৰ তুলনাত অন্য দেশবোৰ পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়া। গছ কাটি ৰাস্তা ঘাট নিৰ্মাণ নকৰে উন্নত দেশবোৰত। গছ গছৰ ঠাইতে থাকে। ৰাস্তা, মেট্ৰ’ লাইন এইবোৰ ওপৰেৰে বনাই, মানে ফ্লাইঅ’ভাৰৰ দৰে। ৰাস্তা ঘাটো উন্নত, লগতে পৰিবেশো উন্নত সেইবোৰ দেশৰ।

আমাৰ দেশত কথাবোৰ ওলোটা। ইয়াত প্ৰকৃতিয়ে প্ৰকৃতিক সহায় কৰি আছে। নদীয়ে চাপৰি দিছে গছ ৰুবলৈ, গছে ছাঁ দিছে জীৱ-জন্তুক আশ্ৰয় ল’বলৈ, কিন্তু মানুহে গছ কাটি শেষ কৰি আছে। মোৰ এই কাঠনিখন পাঁচশ পঞ্চাশ হেক্টৰ মাটি জুৰি বিস্তৃত হৈ আছে, মহাবাহুৱে ইয়াতকৈ চাৰিগুণ ডাঙৰ প্ৰায় দুহেজাৰ হেক্টৰ ভূমিৰ চাপৰি এটা সৃষ্টি কৰিছে নতুনকৈ। ২০১১ চনৰ পৰা সেইটো চাপৰিত গছপুলি ৰুবলৈ আৰম্ভ কৰিছোঁ। স্থানীয় ঔষধি তথা ফলমূলৰ গছ ৰুইছোঁ এইটো চাপৰিত যাতে হাতী, বান্দৰৰ বাবে পৰ্যাপ্ত খাদ্যবস্তু সদায় থাকে। এইটো চাপৰিত গছ-গছনি ডাঙৰ হ’লে হাতী বা বান্দৰৰ লগত মানুহৰ যি সংঘাত হয়, সেইটোৰো উপশম হ’ব। মই নিজে চাপৰিৰ সৃষ্টি কৰা নাই, প্ৰকৃতিয়ে দিছে মোক। বিশ্বৰ সকলো দেশেই এইদিশত সমানে আগবাঢ়ি আহিলে ভৱিষ্যতে এখন প্ৰদূষণমুক্ত সমাজ দেখা পাম।

ফটাঢোল : পৰিবেশ সচেতনতাৰ ক্ষেত্ৰত আমাৰ দেশৰ চৰকাৰী নীতিসমূহক লৈ আপুনি সন্তুষ্ট নে?

যাদৱ পায়েং : অসমত থকা অভয়াৰণ্যবোৰ এফালৰ পৰা ধ্বংস হ’ব ধৰিছে। চৰকাৰী বিভাগৰ হাতত বস্তুবোৰ থাকিলে বিভিন্ন লিংক সোমাই যায় সেইবোৰত যাৰ ফলত ভালতকৈ বেয়া হোৱাৰ সম্ভাৱনাই অধিক। অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰৰ কথাটোৱেই ধৰক, কিছুমান মানুহে মাত্ৰ পাঁচহেজাৰ টকাৰ বিনিময়ত হাবিৰ কোনখিনি ঠাইত গঁড়টো আছে সেইটো চোৰাং চিকাৰীক দেখুৱাই দিয়ে। প্ৰকৃতি বা পৰিবেশৰ ভাৰসাম্যতাৰ বাবে মানুহৰ লগতে বাকীবোৰ জীৱ-জন্তুৱেও জীয়াই থাকিব পাৰিব লাগিব আৰু জীৱ-জন্তুৰ জীৱনৰ দায়িত্বও আমাৰেই। অকল গছ পুলি এডাল ৰুই দায়িত্ব সামৰিলেই পৰিবেশ সচেতনতা নুবুজাই, নিজৰ সন্তানৰ দৰে লালন-পালন কৰি তাক ডাঙৰ কৰিব লাগিব। গছ-গছনি যেতিয়া বৃদ্ধি হ’ব তেতিয়াই প্ৰদূষণ কমিব আৰু পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা হ’ব।

ফটাঢোল : এনেকুৱা আৰু কি সপোন আছে যিটো আপুনি আপোনাৰ জীৱনকালত সাকাৰ হোৱাটো দেখা পাব খোজে?

যাদৱ পায়েং : অসমৰ প্ৰতিখন হাবিয়েই সম্পূৰ্ণ সুৰক্ষিত হৈ থকাটো বিচাৰোঁ, যাতে মানুহ আৰু জন্তুৰ সংঘাত নহয়। লগতে প্ৰদূষণমুক্ত পৰিবেশ এটা সমগ্ৰ অসমতে গঢ়ি উঠক যাতে ভৱিষ্যত প্ৰজন্মই এখন সেউজীয়া পৃথিৱীত সুস্থভাৱে জীয়াই থাকিব পাৰে।

ফটাঢোল : জীৱনৰ স্মৰণীয় মুহূৰ্ত?

যাদৱ পায়েং : এ.পি.জে আব্দুল কালাম ছাৰক লগ পাইছিলোঁ এবাৰ। তেখেতে মোৰ পিঠিত থপৰিয়াই কৈছিল যে ভাল কামবোৰ নীৰৱে কৰি যাব লাগে। বঁটা-বাহন, চেমিনাৰ এইবোৰত বেছি সময় খৰচ কৰি নিজৰ কামটোত অমনোযোগী হ’ব নালাগে। মই সেইবাবে সকলোকে অনুৰোধ জনাওঁ মোক কোনেও এপ্ৰিল, মে’ আৰু জুন মাহত মাতি নিনিব, বছৰটোৰ সেইখিনি সময় গছ পুলি ৰোৱাৰ বাবে উৎকৃষ্ট সময় আৰু মই সেই সময়খিনি মই ভালপোৱা কামটোৰ পৰা আঁতৰি থাকিলে মোৰ উদ্দেশ্যত বাধা দিয়াৰ দৰে হ’ব।

ফটাঢোল : এই সময়ত আমাৰ আলোচনীৰ পাঠকসকলক কি বাৰ্তা দিব খুজিব?

যাদৱ পায়েং : বৰ্তমান সময়টো বেয়া। সমগ্ৰ বিশ্বজুৰি ক’ভিড বিশ্বমাৰীয়ে যি ত্ৰাসৰ সৃষ্টি কৰিছে, মই সকলোকে অনুৰোধ জনাম যাতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি চৰকাৰী নীতি-নিৰ্দেশনা মানি সকলোৱে সুস্থ হৈ থাকক। মানসিকভাবে শক্তিশালী হৈ থাকিবৰ বাবে আপোনালোকৰ হাস্য-ব্যংগ লেখাবোৰৰ চৰ্চা কৰি থাকক, পঢ়ক, পঢ়ুৱাওক। প্ৰকৃতি তথা পৰিবেশৰ প্ৰতি সদ্ভাৱ ৰাখি ভাল কামবোৰ কৰি আগুৱাই যাওক।

ফটাঢোল : ছাৰ, বহু সময় কথা পাতিলোঁ। ইমানখিনি সময় আমাক দিয়াৰ বাবে কৃতজ্ঞতা জনোৱাৰ ভাষা নাই। ধন্যবাদ ছাৰ। আশা ৰাখিছোঁ নেদেখাজনে আপোনাক দান কৰক সুস্বাস্থ্য আৰু সু-দিন।    

যাদৱ পায়েং : ধন্যবাদ ভালে থাকক সকলো। হাঁহক আৰু হঁহুওৱাক।

(সঞ্জীৱ ভট্টাচাৰ্যৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত এনেহেন দুৰ্দিনৰ সময়ত সম্ভৱ হোৱা এই সাক্ষাৎকাৰটোৰ বাবে তেখেতলৈ ফটাঢোল গোটৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ – সম্পাদক, ফটাঢোল ই-আলোচনী, জুন সংখ্যা)

☆ ★ ☆ ★ ☆

8 Comments

  • প্ৰণৱ কুমাৰ বৰা

    যাদৱ পায়েঙৰ বিষয়ে আগতেও বহুত লিখা পঢ়িছিলোঁ। তথাপিও এই অন্তৰংগ আলাপ পঢ়ি উপকৃত হ’লো। সঞ্জীৱ ভট্টাচাৰ্য্য ক ধন্যবাদ।

    Reply
  • Abhijit Goswami

    ভাল লাগিল sanjib দা

    Reply
  • ৰিণ্টু

    ভাল লাগিল চাৰৰ বিষয়ে জানিবলৈ সুবিধা পায়

    ধন্যবাদ সঞ্জীব, এই সুবিধাটো আমাক দিয়াৰ বাবে।

    চাৰলৈও আন্তৰিক ধন্যবাদ

    Reply
  • যাযাবৰ

    বৰ ভাল লগা

    Reply
  • আদিত্য

    ফটাঢোলৰ বাবে এক সম্পদ হৈ ৰ’ল এই সাক্ষাৎকাৰ ।

    সঞ্জীৱ ভট্টাচাৰ্য আৰু হিমাংশু ৰাজখোৱা দাৰ কৃতিত্ব এইয়া ।

    Reply
  • Anonymous

    Val lagil

    Reply
  • ঈশান

    আশা কৰোঁ, তেখেতৰ আদৰ্শ আৰু উপদেশ সঠিক দিশত কাৰ্যকৰীকৰণ হ’ব। আমি গৌৰৱ কৰোঁ তেখেতক লৈ।

    ফটাঢোলত এটা বৰ ভাল কাম এটা হ’ল। ধন্যবাদ সম্পাদকমণ্ডলীলৈ।

    Reply
  • ডলী

    প্ৰণাম জনালো তেখেতলৈ। ভালে থাকক তেওঁ

    Reply

Leave a Reply

Your email address will not be published.