ফটাঢোল

যি কথা তুমি ফিল নকৰিলা – মানসী গগৈ

শুই উঠিয়ে তোমাক চাৰ্জত দিলোঁ।৮-৩০ বজাত মই ওলাই গ’লোঁ। তেতিয়ালৈকে চাগে তোমাৰ ফুল চাৰ্জ হৈছিল। কিন্তু তোমাক লগত নিবলৈ পাহৰিলোঁ। বাচত উঠিহে গম পালো তুমি নাই। বুকুখন ধিপ্ ধিপাই গ’ল।হাত-ভৰিও যেন অৱশ হৈ পৰিল ।দীঘল দিনটো আগত পৰি আছে।কি যে শূণ্য লাগি গ’ল বুকুখন।নিজৰ ওপৰতে খং উঠিল। চলমান বাচৰ খিৰিকীৰে উদাস দৃষ্টিৰে বাহিৰলৈ চাই বিমৰ্ষ মনেৰে অফিচ পালোগৈ। গোটেই দিনটো তোমাক ইমান মিচ্ কৰিছোঁ। তুমি অলপ সময় কাষত নাথাকিলেই এনে লাগে যেন তোমাক হেৰুৱাইছোঁ। মোৰ অসাৱধানতাৰ সুযোগ লৈ আনে তোমাক নিজৰ কৰি লৈছে। আৰু তুমি তেওঁৰ হৈ পৰিছা।
এয়া সন্ধিয়া ৬-৩০ বজাত ঘৰ পালোহি। তোমাক থৈ যোৱা ঠাইতে তুমি আছা। মোৰ যে ইমান ভাল লাগিছে। তোমাক আলফুলে হাতত লৈ স্ক্ৰীণত চুইচো।তুমি পোহৰ হৈ উঠিছা। কি যে এক হাহাকাৰত দিনটো পাৰ হ’ল। এতিয়া তোমাক কাষত পাই মই কিমান যে সুখী! আজি কালি মানুহৰ কথাতকৈ যন্ত্ৰতহে বিশ্বাস বেছি। সেয়ে মেচেঞ্জাৰ, হোৱাটছ এপ, ক’ললিষ্ট এফালৰ পৰা চাইছোঁ।মই যদি মোৰ প্ৰিয়তমক কওঁ-তোমাক নিবলৈ পাহৰাৰ বাবেহে আঠ ঘন্টাৰ ডিউটিৰ সময়ত ষোল্লবাৰ ফোন কৰিব নোৱাৰিলোঁ, তেওঁটো মিছা বুলিয়ে ভাবিব। হে ভগৱান! তেওঁচোন এবাৰো ফোন কৰা নাই, মেচেজ এটাও নাই। বৰ উকা উকা লাগি গ’ল অ’। হ’ব দিয়া তুমি আছা নহয়। এই শূণ্যতা তোমাৰ সান্নিধ্যত উমাল হ’ব।
গোটেই দিনটো তোমাৰ অনুপস্থিতি কিমান কষ্টকৰ আছিল, তুমিটো ফিল নকৰা। তোমাক বিচাৰি বাৰে বাৰে জোলোঙাটো খেপিয়াওঁ। পাহৰিয়ে যাওঁ,আজিযে তুমি মোৰ লগত নাই। হাত মেলিয়েই পাব পৰা ঠাইত বিচাৰোঁ। পাহৰিয়ে যাওঁ যে তোমাক আনিবলৈ পাহৰিলোঁ। জীৱনত মোৰ জীৱনত তুমি কেৱল প্ৰয়োজনেই নহয় , অভ্যাস হৈ উঠিছা। মোৰ সমস্ত সময় তোমাৰ সান্নিধ্যত কাটি যায়। আনকি ৰাতি হঠাতে সাৰ পালেও বিচনাত খেপিয়াই ফুৰোঁ।
তোমাক প্ৰতিটো মুহূৰ্ততে চাব পৰাকৈ, চুব পৰাকৈ জোলোঙাৰ জিপদাল খুলিয়ে থওঁ। বাটে পথে মন কৰাজনে কয় -“বাইদেউ জোলোঙাৰ জিপডাল মুকলি হৈ আছে।” উহ! কোৱাজনৰ সন্মুখত পাহৰিছিলোৱে ভাৱ এটা দেখাওঁ। তোমাক পাকঘৰত লগত ৰাখোঁ,পঢ়া টেবুলত লগত ৰাখোঁ, শোৱা কোঠাত লগত ৰাখোঁ। আনকি চাৰ্জ দিয়া সময়কণো এৰি দিবলৈ মন নাযায়।আজিৰ দিনটো কিমান যে কষ্টকৰ আছিল। উহ!আৰু যেন কেতিয়াও তোমাক নেৰোঁ। বাটে-ঘাটে,বজাৰে-সমাৰে, ঘৰে-পথাৰে সকলোতে তুমিময়। তোমাৰ আপডেট ভাৰচন,ধুনীয়া শৰীৰ, ৰং, লৈ সকলো সুগন্ধি হৈ থাকে।
আজি যে তোমাক এৰি গৈ কিমান নিঃসংগ লাগিছিল নিজকে। এই নিসংগতাত যেন মৰি যাম। কালি পানীৰ বটলটো এৰি থৈ গৈছিলোঁ। পৰহি লিপিষ্টিকটো আৰু ফণীখন।তাৰ আগদিনা পাহৰণিত ক্ষয়যোৱা ঘৰত পিন্ধা চেণ্ডেলযোৰ পিন্ধিয়ে ডিউটি পাইছিলোঁগৈ। সদায় কিবা নহয় কিবা এটা পাহৰো। কিন্তু আজিৰ দৰে ফিল কেতিয়াও হোৱা নাই।

তুমি থাকিলেতো অফিচ ৰুমৰ খিৰিকিবোৰ নুখুলোৱে। আনকি খিৰিকীৰ কাষলৈও নাযাওঁ। বিশ্ববিদ্যালয়ৰ যৌৱন নাচাওঁ। বিশাল সেউজীয়াত নুডুবো। বতাহৰ সুগন্ধি নলওঁ। যিকোনো অজুহাত আৰু সুবিধা লৈ তোমাতে ডুবি থাকোঁ। আজি ইমান নিসংগ লাগিছিল । তোমাৰ অনুপস্থিতি বৰ কষ্টকৰ। তুমি নথকা বেজাৰতে আজি খিৰিকীৰে জুমি চাইছো বহুদিন চকুত নপৰা আকাশ আৰু সেউজীয়া। ডুবিছো উচ্ছল হাঁহিৰ সোঁৱৰণীত,ঋতু পালিত বসুন্ধৰাত।কিন্তু হঠাতে উকা উকা লাগে। তুমি নাইযে সেইবাবে।
তোমাক হাতত, কাণত লৈ ফুৰাৰ গৌৰৱ ,অহংকাৰ আৰু আনন্দই সুকীয়া। তোমাক এৰি গৈ যে মোৰ কি অৱস্থা হৈছিল তুমিতো ফিল নকৰা!!

☆★☆★☆

Leave a Reply

Your email address will not be published.