ফটাঢোল

লকডাউনত ৰজনীগন্ধাৰ বিলৈ-চিত্ৰ জিৎ বৰা

যোৱা মাৰ্চ মাহৰ কথা। চাৰিওফালে হাহাকাৰ, অসমীয়া বাতৰি চেনেল খুলিবই নোৱাৰি৷ খালি কৰ’ণা কৰ’ণা, মানুহ পাগল কৰিহে এৰিব আৰু পায়। মানুহৰ মাজত এক চেপা উত্তেজনা। তাৰ মাজতেই আহিল সেই আকাংক্ষিত সময়৷ মেৰে প্যাৰে দেশবাসী বুলি আমাৰ প্ৰধানমন্ত্ৰীৰ ভাষণ আৰম্ভ হোৱাৰ লগে লগেই ২১ দিনীয়া বন্ধ। কেইবাদিনো ধৰি লক-ডাউন। ৰাস্তালৈ ওলাবলৈ ভয়! পিঠিত কেতিয়া কোন ফালৰ পৰা মাৰ পৰে ঠিক নাই!

সেইসময়ত সকলোৰে চিন্তা, কি হ’ব, কি কৰিব সকলোৰে চিন্তা, গতিকে ঘৰত খোৱাবস্তু যোগাৰ কৰাৰহে কথা। জীয়াই থাকিব লাগিব। চিধা কথা, সামৰ্থ্য অনুসৰি যিমান দিনলৈ পাৰি সিমান দিনলৈ খোৱা বস্তু যোগাৰ ৰখাটোৱেই জ্ঞানীৰ কাম। ময়ো যিহেতু এজন তেনে মূৰ্খ  জ্ঞানী গতিকে সেইদিনাই বজাৰখনত লৰালৰিকৈ দালি, পিয়াজ মা মচলাৰ বজাৰ কৰিলোঁ৷ চাউল, শাক-পাচলি ঘৰতেই যথেষ্ট আছে বাৰু৷ বজাৰ কৰি থাকোঁতেই অকস্মাৎ মন কৰিলোঁ মোৰ বহু আকাংক্ষিত ৰজনীৰ পেকেটকেইটাই মোৰ ফালে মুখ মেলি চাই আছে। মোৰ খকুৱা মনটোৱে লগে লগে সোঁৱৰাই দিলে ৰজনীৰ নাটনি হোৱাৰ সম্ভাৱনা৷ চিধাই নগাঁৱলৈ গাড়ীখন লৈ পোনালোঁ। যেনেকৈয়ে নহওক আজি ৰাতি ৮ বজাৰ আগতেই বৰ বজাৰৰ পৰা যেনে তেনে কেইপেকেটমান ৰজনী কিনি ৰাখিব লাগিব। অশেষ কষ্টৰ মূৰকত এক বাণ্ডেল ৰজনী কিনিবলৈ সক্ষম হ’লোঁ। হওক তেও মোৰ বন্ধৰ কেইদিন চলিব। বন্ধ শেষ হ’বৰ হৈছে আৰু হঠাতে আকৌ ৩ তাৰিখলৈকে দিলে নহয় বন্ধ বঢ়াই৷ আকৌ এটা কঠিন দিন আহি গ’ল, এইবাৰ  আকৌ জীৱনক লৈ যম আৰু মানুহৰ টনা-টনি। ঘৰত সোমাই থাকিব লাগিব, বাহিৰলৈ ওলালে আকৌ হয় কৰ’ণাই ধৰিব পাৰে নহয় পুলিচৰ মাৰ পৰিব পাৰে! এটা অলপ সকাহ যে নাগাঁওখন গ্ৰীণ জ’নত আছে। কিন্তু জীয়াই থাকিবই লাগিব। কিন্তু মোৰ চিন্তা বেলেগত নহয়।   মোৰ চিন্তা গোটখা বন্ধ কৰক লৈহে। ৰজনী নোহোৱাকৈ কেনেকৈ থাকিম৷ গোটাই ৰখা খিনিও শেষ হ’ল৷ কি যে দিন আহিল৷ খঙতে কৰ’ণা বিয়পোৱা সকলকে মনে মনে গালি পৰা আৰম্ভ কৰিলোঁ৷ চাল্লা মৰণনহাক৷ হঠাতে এটা কথা মনত পৰিল৷ মইতো কেতিয়াবা পেণ্টৰ পকেটত ৰজনী থৈ পাহৰি যাওঁ৷ শেষত খুচৰি খুচৰি বহুদিন পেলাই থোৱা পেণ্ট এটাৰ পকেটত দুটা ৰজনীৰ পেকেট উদ্ধাৰ কৰিলোঁ। তাৰে এটা মিলাব লৈছোঁহে তেনেতে দেখিলোঁ কোনোবা এটা  দৌৰি দৌৰি আমাৰ ঘৰলৈ আহিছে দেখোন৷ এখেতক যেন মই আগতে ক’ৰবাত দেখিছিলোঁ! ক’ত দেখিছিলোঁ বাৰু? ইমান চিনাকি চিনাকি লাগিছে! ইউৰেকা!

এইটো সেই দেখোঁ মোৰ লগৰে হিৰক৷ সিও হেনো ৰজনী বিচাৰি নাপাই মোৰ ওচৰলৈ দৌৰি আহিছে৷ মই যেনেতেনে হাতৰ ৰজনী টু লুকুৱাই তাক কৈ উঠিলোঁ,

: বন্ধু মই নিজেই খাবলৈ পোৱা নাই, তোক নো ক’ৰ পৰা খুৱাম?

তাক চাহ একাপ খুৱাই যেনে তেনে বিদায় দিলোঁ৷ হওক তেও ৰজনীটো বাচিল। কিন্তু সমস্যা হ’ল বাকীকেইটা দিন কেনেকৈ চলিম? আজি বাৰু গ’ল। আবেলিলৈ দ্বিতীয় পেকেটটো হাত লগাব লৈছোঁ তেনেতে মনটোৱে চিঞৰি উঠিল,

: হেই..হেই..হেই…না…না..সেইটো এতিয়া নহয়৷ এতিয়া নহয়৷ সেইটো থৈ দে, সেইটো থৈ দে আৰু দুদিনৰ পিছত খাবি। দুদিনৰ পিছত খাবি……

মই চিঞৰি উঠিলোঁ!

: না বাবা না।

তাক খামেই খাম৷

☆ ★ ☆ ★ ☆

3 Comments

  • অনল মহন্ত ।

    ভাল হৈছে । সত্য উপলব্ধি ।

    Reply

Leave a Reply

Your email address will not be published.