ফটাঢোল

লকডাউনৰ এদিন- দুদু কুমাৰ দাদুল

লকডাউনৰ প্ৰথম পৰ্যায় আৰম্ভ হৈ তিনিদিনমান গৈছে আৰু! ৰাতিপুৱা শুই উঠি মুখখন ধুই বাৰন্দাতে চকী এখন লৈ বহিছোঁ। হাতত সৰু আইনাখন লৈ মুখখন চাই চাই ভাবিছোঁ, লকডাউন আৰু অলপ দীঘলীয়া হ’লে ভালেই হ’ব৷ মোৰ দাঢ়িকেইডাল অন্ততঃ কিবা এটা ৰূপ দিব পৰা যাব। তেনেকুৱাতে চাহ একাপ আগবঢ়াই শ্ৰীমতীয়ে বোলে

: এনেকৈ শুই বহিয়ে দিনবোৰ পাৰ কৰিব নে?

মই বোলো,

: কি কোৱাহে? লকডাউন বুলি তুমি নাজানা নি?

: জানো, লকডাউন বুলি কিবা নোখোৱাকৈ আছেনে?

মই বোলো,

: দস্তুৰমত খাম। মোনাই মোনাই বজাৰ কৰিছোঁ। নাখাই মৰোঁ কিয়?

: খাই যদি, চাহকাপ খাই ভঁৰালত সোমাওক। ৰ’দ দি থাকোঁতেই ধান অলপ শুকুৱাই লওঁ। ভিতৰত চাউল আৰু বেছি নাই।

এইবাৰহে মৰিলোঁ! আগতে এইবোৰ কাম মা-দেউতাই  কৰে। এওঁতো ঘৰত নাথাকেই। মই থাকিলেও কিবা বাহানা উলিয়াই পলাওঁ। বৰ টান পাওঁ। ঘুগুলাবোৰ গাত লাগিলে বৰ খজুৱায়। কিন্তু এই লকডাউনত এতিয়া পলাবা কলৈ! শ্ৰীমতীক মনৰ অৱস্থাৰ বুজ নিদি  ক’লোঁঁ,

: হ’ব। তুমি পাচি খৰাহীবোৰ গোটাই ভঁৰালত উঠা। মই চোতাললৈ কঢ়িয়াই দিম।

তেওঁ বোলে,

: ওহোঁ, চোতালত নহ’ব। মিস্ত্ৰীয়ে কাম কৰি আছে। গোটেইখন শিল বালি মিহলি হ’ব। চোতালত ধান দি দাঁতকেইটা ভাঙিবলৈ নাই। ওপৰলৈ নিয়ক। ৰ’দটোও ভালকৈ পৰে তাত। একেদিনাই শুকাব।

অগ্যতা হাৰিবলৈ উপায় নাই। লাগি ভাগি ওপৰলৈ ধানখিনি নিলোঁ। পাছৰখিনিত যেনিবা মোৰ হাত নাই।মাৰ সতে মিলি ধানখিনি শুকুৱালে যদিও আৰু অলপ শুকাবলৈ বাকী থাকিল। তেওঁ ৰিঙিয়ালে,

: ধানখিনি বস্তাত ভৰালোঁ। তললৈ আনি থওক। কাইলৈ আৰু অলপ ৰ’দাব লাগিব।

মই বোলো,

: ওপৰ তল কৰি থাকিবলৈ নাই। আজি তাতে থাকক। কাইলৈ শুকালে একেবাৰে নমাই দিম।

: যদি বৰষুণ দিয়ে..!

: আমাৰ ফালৰ বতৰৰ কথা তুমি বেছি জানা নে মই জানো। ইমান ফৰকাল বতৰ। নিদিয়ে বৰষুণ।

: যি কৰে কৰক। নিদিলে নাই, দিলে কিন্তু মোৰ ৰিস্ক নাই।

তেওঁ ভোৰভোৰালে। গ’ল কথা গুছিল। ৰাতি হ’ল। ভাত খালোঁ। সময়ত শুলোঁ। টোপনিও আহিল। ধান ওপৰতে থাকিল। হঠাৎ মাজনিশা সাৰ পালোঁ। কাণ পাতি শুনিলোঁ; ওৱা, বৰষুণচোন! হুৰহুৰাই ঢালিছে। খা বাপ্পেকে, কি কৰা যায় এতিয়া। ভয়ে ভয়ে তেওঁলৈ চালোঁ। মৰ টোপনি। লাহেকৈ দৰ্জাখন খুলি চিৰি বগাই ওপৰ পালোঁ। তেতিয়ালৈ কৰিব লগা একো নাই। বৰষুণে ধান চেনিটাইজ কৰি আজৰি; বস্তা তিতি জুৰুলি-জুপুৰি। মোলৈ চাই বিদ্ৰুপৰ হাঁহিহে মাৰিছে যেন, ৰহ, পাবি মজ্জাটো! ভাগ্যত যি আছে তাকে হ’ব বুলি নামি আহি পুনৰ বিছনাত পৰিলোঁ। তেওঁ তেতিয়াও লালকাল। চিলমিলকৈ টোপনিতো আহিছিলহে। জোকাৰণি এটাত সাৰ পালোঁ৷ কৃষ্ণহে বোলো। বৰষুণৰ লগতে এইবাৰ ভূমিকম্পও! পিচে নহয়, তেওঁহে সাৰ পাই জোকাৰি আছে- শুনিছেনে, বৰষুণ। কি কৰে কৰক এতিয়া।

: কি ক’লা..আগতেই কিয় নক’লা? এতিয়া কি কৰা যায়?

মই খপজপাই উঠিলোঁ।

: আগতেই নক’লা মানে, মইতো দিনতেই কৈছিলোঁ। নিজেহে মূৰ পোলোকা মাৰিলে। যি কৰে কৰক, মুঠতে ধান শুকুৱাই দিব লাগিব।

ৰণচণ্ডী মূৰ্ত্তি দেখি মোৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ অৱস্থা। বাহিৰত বতৰৰ, ভিতৰত এওঁৰ তৰ্জন-গৰ্জন চলি থাকিল। এসময়ত বৰষুণ শাম কাটিল। ভিতৰৰ উত্তাপ হ’লে নকমিল। বৰঞ্চ বাঢ়িলহে। ৰাতিপুৱালৈ তেওঁৰ লগতে মা-দেউতাও যোগ হ’ল। মুঠতে দুদিনমানলৈ পৰিস্থিতি বিষম। তেওঁ আগফালে বাহিৰ ওলালে মই পাছফালে ভিতৰ সোমাও। তেওঁ যদি বেডৰুমত মই পাকঘৰত। পুৰা চছিয়েল ডিচটেন্স মানি চলিলোঁ। পিছলৈ ধানখিনি শুকালত যেনিবা পৰিস্থিতি স্বাভাৱিক হ’ল। উঃ! ৰক্ষা, এইবাৰলৈ বাচিলোঁ যেনিবা!

☆ ★ ☆ ★ ☆

2 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ ! পালে মজাটো?

    Reply
  • Sadananda Bhuyan

    হাঃ হাঃ বহুত জমনি ন ।

    Reply

Leave a Reply

Your email address will not be published.