ফটাঢোল

লকডাউন, এখন গোলাকাৰ ৰুটি, পত্নীৰ গাড়ীচালনা, আলু পৰঠা ইত্যাদি… -হিমাংশু ৰাজখোৱা

ৰুটি খাবলৈ মই বেয়া নাপাওঁ কিন্তু নিজে বনাব নাজানো। চাকৰি সূত্ৰে, ডিফু চহৰত কটোৱা বাধ্যতামূলক বৰলা জীৱনৰ দিনকেইটাৰ বাদে যেতিয়াই ঘৰত থাকোঁ তেতিয়াই এসাজ অন্ততঃ ভাতৰ বদলি ৰুটি খাবলৈ চেষ্টা কৰোঁ। সম্প্ৰতি চলি থকা লকডাউনৰ কালছোৱাৰ বাদে ডিফুত অৱশ্যে কেতিয়াও মই নিজে ৰুটি বনোৱাৰ চেষ্টা কৰা নাছিলোঁ। হঠাৎ, লকডাউন আৰম্ভ হোৱাৰ দ্বিতীয় দিনা ৰাতিপুৱা জানো কি মন গ’ল ৰুটি বনোৱাত লাগি গ’লোঁ‌। লকডাউন মানে মোৰ আকৌ চাকৰিলৈ নোযোৱাকৈ থাকিলে নহয়, নিয়ম মাফিক আমাৰ দায়িত্ব পালন কৰিবলৈ যাবই লাগে। তথাপি আগৰ দৰে সেই দহ বজাত অফিচ গৈ পোৱাৰ বাধ্যবাধকতা নাই বাবে হাতত অফুৰন্ত সময়। সাধাৰণতে অফিচ থকা দিনবোৰত ৰাতিপুৱা একো খাই নগ’লেও অফিচৰ কেণ্টিন বা অন্য কোনো দোকানৰ পৰা কিবা এটা মগাই আনি খোৱাৰ সুবিধা থাকে কিন্তু এতিয়াতো সেইটোও নাই গতিকে নিজে ঘৰত হেভী ব্ৰেকফাষ্ট এটা কৰি নগ’লে উপায় নাই।

যি কি নহওক অশেষ কষ্ট কৰি সেইদিনা তিনিখন ৰুটি সেকি উলিয়ালোঁ, যি চেহেৰাৰ ৰুটি হ’ল! কি ক’ম মানে! সেই ভয়ানক চেহেৰাৰ ৰুটিৰ ফটো এনেয়েই ধেমালি কৰিবলৈকে মই মোৰ ফেচবুক ৱালত আপলোড কৰিলোঁ। ৰুটিৰ আকাৰ ফটোত দেখি বন্ধু তালিকাৰ কিছুৱে ধেমালি কৰিলে, কিছুৱে উৎসাহ দিলে আৰু বিশেষ এজনে মনে মনে তীব্ৰ ককৰ্থনা কৰিলে। সেই বিশেষ এজন অন্য কোনো নহয়, ঘৰত থকা মোৰ মৰমৰ পত্নী। মোৰ ৰুটিৰ চেহেৰা দেখি তেওঁৰ ইগ’ত লাগিল। জনালোকে জানেই তেওঁৰ হাতৰ খাদ্যৰ কি অতুলনীয় সোৱাদ! এতিয়া তেনে এগৰাকী মানুহৰ পতি পৰমেশ্বৰৰ হাতৰ ৰুটিৰ এই চেহেৰা! সেই ৰুটিক লৈ চচিয়েল মিডিয়াত মোটামুটি Public Humuliation!

এই কথা তেওঁৰ সহ্য নহ’ল আৰু মোক ফোনতে, দেখিবলৈ ধুনীয়া আৰু খাবলৈ সোৱাদ হোৱাকৈ কেনেকৈ ৰুটি বনাব পাৰি তাৰ জ্ঞান দিবলৈ ল’লে। এই জ্ঞানৰ কৱলত পৰি মইও এই হেন লকডাউনৰ মাজতে অফিচলৈ অহা যোৱা কৰোঁতে ৰুটি বনাবলৈ লগা দুবিধ অপৰিহাৰ্য সামগ্ৰী যেনে- ৰিফাইন তেল, ভাল ব্ৰেণ্ডৰ আটা আদি সংগ্ৰহ কৰি আনি তেওঁৰ শিক্ষা লাভ কৰিবলৈ ল’লোঁ আৰু এদিন ৰাতি প্ৰায় চমকপ্ৰদ সফলতাৰে জীৱনৰ প্ৰথমখন সুস্বাদু আৰু গোলাকাৰ ৰুটি বনাবলৈ সক্ষম হ’লোঁ‌। দেখাই, শুনাই, ৰঙে বৰণে আৰু সোৱাদে ৰুটি কেইখন ভালেই হৈছিল।

নিয়মমতে কাহিনীটো ইমানতে শেষ হ’ব লাগিছিল!

কিন্তু নহ’ল! মোৰ ৰুটিৰ ফটো শ্ৰীমতীয়ে WhatsAppত চাই প্ৰশংসা কৰিলে আৰু ভাল হৈছে বুলি ক’লে। এনে উচ্চ প্ৰশংসা আৰু অত্যুৎসাহৰ কৱলত পৰি মই এইবাৰ তেওঁক ক’লোঁ‌, “ঠিক আছে তেন্তে এইবাৰ মোক আলুপৰঠা বনোৱা শিকাই দিয়া!”

এজন ছাত্ৰৰ অত্যুৎসাহীতাই কেতিয়াবা ভাল গুৰুক হঠাতে তেওঁৰ প্ৰতি  বিৰক্ত কৰি তোলে, মোৰ ক্ষেত্ৰতো সেয়াই হ’ল। কাহিনীৰ বাকী অংশ বুজিবলৈ আমি দুবছৰ মান আগলৈ ঘূৰি যাব লাগিব-

আমাৰ এখন গাড়ী ঘৰত থাকে। এখন ডিফুত মোৰ লগত থাকে। ঘৰত থকা গাড়ীখনৰ বাবে পত্নী আৰু মা বিয়া বাৰু, বজাৰ সমাৰলৈ যাবলৈ সুবিধা হয় ঠিকেই কিন্তু দুয়োজনীৰ এজনীয়েও গাড়ী চলোৱাতো বাদেই ষ্টাৰ্ট কৰিবও নাজানে বাবে সদায় এজন ড্ৰাইভাৰ বিচাৰিব লাগে। প্ৰয়োজনৰ সময়ত কেতিয়াবা পায়, বেছিভাগ সময়তেই নাপায়। গতিকে ঘৰত গাড়ী থাকিলেও ক’ৰবালৈ যাবৰ সময়ত সদায় অটো, টমটম এইবোৰ মাতিব লাগে। এই সমস্যাৰ সমাধানৰ বাবেই পত্নীক গাড়ীখন চলোৱা শিকাবলৈ মনস্থ কৰিলোঁ। কিবা এটা উৎসৱৰ বাবে সম্ভৱ তেতিয়া তিনিদিনমান একেলগে বন্ধ আছিল। গতিকে সেই বন্ধৰ দিনকেইটাতে পত্নীক গাড়ী চালনা শিকাই দিম বুলি এদিন ৰাতিপুৱাই ওলালোঁ। ঘৰৰ সন্মুখতে খেলপথাৰ এখন আছে তাতে গাড়ীখন নমাই দিলোঁ। প্ৰথমে গাড়ীখন ষ্টাৰ্ট কেনেকৈ কৰে, ক্লাট্চ কোনডাল, ব্ৰেক কোনডাল, এক্সেলেটৰ কোনডাল, গিয়েৰবোৰ কেনেকৈ আগ পিছ কৰিব লাগে এনেকুৱা মোটামুটি প্ৰাথমিক জ্ঞানখিনি বুজাই দিয়াৰ পাছত তেওঁক ড্ৰাইভিং ছিটত বহুৱাই চলাবলৈ দিলোঁ আৰু মোক আচৰিত কৰি প্ৰথম দিনাই দুঘণ্টামানৰ ভিতৰত তেওঁ খোকোজা নলগাকৈ ষ্টাৰ্ট কৰি গাড়ীখন দুই নম্বৰমান গিয়েৰলৈকে নি খেলপথাৰৰ কেইবাপাকো মাৰিলে। আমাৰ থকা ঠাইখিনি আকৌ অকণমান চহৰৰ বতাহ লগা গাওঁৱেই। গতিকে সমাজত প্ৰচলিত নিয়ম অনুযায়ী কোন এই মহিলাই গাড়ী চলাইছে বুলি খেলপথাৰলৈ সোমোৱা ৰাস্তাৰ ফালৰ দিশটোত দুই এক কৌতূহলী জনতা গোট খোৱাও মোৰ দুচকুত ধৰা নপৰাকৈ নাথাকিল। যি কি নহওক, পত্নীৰ গাড়ী চালনা শিক্ষাৰ সেইদিনালৈ সিমানতে অন্ত পেলাই ঘৰলৈ ঘূৰি আহিলোঁ। দ্বিতীয় দিনা ৰাতিপুৱা পত্নীৰ উৎসাহ চমকপ্ৰদ। সোনকালে উঠি ঘৰুৱা কাম বন কৰি আজৰি! যথাৰীতি আকৌ গাড়ী লৈ খেল পথাৰ। সেইদিনা শিকাৰুৰ উৎসাহ সঁ‌চাই তুংগত! এবাৰ মই সাৱধানো কৰি দিলোঁ, “বোলো হেৰি নহয়, গাড়ী চলাওঁতে ড্ৰাইভাৰৰ অত্যুৎসাহো বৰ এটা ভাল নহয়, তেনেকুৱা সাহক মৰসাহ বুলিও শাস্ত্ৰত কৈছে। “
তেওঁহে ওলোটাই মোক বুজালে, বোলে একো নহয়, তুমি কাষৰ ছিটত আছাই দেখোন। সেইদিনাও দুই নম্বৰ গীয়েৰতে পাক কেইটামান মাৰি আছে, মই বোলো তিনি নম্বৰ লগোৱা এতিয়া। নাই, তেওঁৰ দেখোন আজি অকণমান মনটো চঞ্চল! গিয়েৰ, এক্সেলেটৰৰ উপযুক্ত সংযোগত ধ্যান দিয়াৰ সলনি তেওঁচোন ৰাস্তাৰ মানুহে মোক চাইছেনে নাই, মই গাড়ী চলোৱা দেখিছেনে নাই এইবোৰতহে বেছি চকু দিছে! দুবাৰমান মানুহ ৰাস্তাৰে অহা যেন পালে অদৰকাৰী ভাবে ধ্যান আকৰ্ষণ কৰিবলৈ হৰ্নটোকে টিপিলে। অশেষ ধৈৰ্য ধৰি ময়ো ন শিকাৰুৰ উৎসাহ বুলি মনে মনে বহি ৰ’লোঁ‌। পিছে, ‘ধৈৰ্য’ আৰু ‘সহ্য’ৰ বান্ধোন ডাল মোৰ এনেয়েও অকণমান ঢিলা! পটকৈ ছিগি যায়। সেইদিনাও ইয়াৰ ব্যতিক্ৰম নহ’ল। ধৈৰ্যৰ বান্ধডাল ছিগি গ’ল তেতিয়া, যেতিয়া দুদিনৰ গাড়ী চলাবলৈ শিকা, মাত্ৰ দুই কি তিনি নম্বৰলৈ গিয়েৰ লগাব শিকা মোৰ পত্নীয়ে মোক সুধিলে, “হেৰা, জাগীৰোডৰ পৰা গুৱাহাটী গৈ থাকিলে যোৰাবাটৰ ওখখিনি উঠিলে কেই নম্বৰ গিয়েৰ লগাম?”

বছ, আৰু সহিব নোৱাৰিলোঁ! এই প্ৰশ্নৰ উত্তৰত একো নক’লো, মাত্ৰ ক’লো, “ব্ৰেক মাৰা আৰু নামা।”

এই কথাটো লৈ সেই দিনাৰপৰা পত্নীয়ে মোৰ পৰা বহুত কথা শুনিছে!

অৱশেষত তেওঁ ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ অস্ত্ৰ পাই গ’ল!

কাৰণ, জীৱনত এখন ৰুটি বনাই আলু পৰঠা বনোৱাৰ ৰেছিপিলৈ মন মেলা আৰু তিনি নম্বৰ গিয়েৰত গাড়ী চলাব শিকি যোৰাবাটত গাড়ী চলাবলৈ যোৱা একেই কথা!

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    হাঃ হাঃ, পইণ্টত ধৰিলে। পত্নী হ’ ট’ এইছা….। বঢ়িয়া লাগিল‌

    Reply

Leave a Reply

Your email address will not be published.