ফটাঢোল

লকডাউন পাৰ্ট-2 সঞ্জীৱ ভট্টৰ দ্বিতীয় বিবাহ- অলকেশ ভাগৱতী

: হেল্লো অলকেশদা, আমাৰ সকলো কেতিয়াবাই আহি পালে৷ আপুনি আহি পোৱা নাই যে? কিমান দেৰি হ’ব?

: আৰে বৰ দৰকাৰী কাম এটাত ফচি গৈছোঁ ৰ’বা৷ আৰু এঘণ্টামান লাগিব মোৰ৷ তোমালোকে আৰম্ভ কৰাচোন৷

: হেই, ইমান দেৰি নকৰিব৷ সোনকালে আহক৷ অ’, আৰু আহোঁতে পাৰিলে আপেল দুটামান লৈ আহিবচোন৷ লগতে ক’লা নিমখ অকণমানো ল’ব৷

: OK, লৈ ল’ম৷ গৈ আছোঁ দিয়া যিমান সোনকালে পাৰোঁ৷

: OK, দাদা৷

দেবজিতৰ ফোনটো থৈ উঠিয়েই দৌৰাদৌৰিকৈ কামখিনি কৰিলোঁ৷ তাৰ পিছত ওচৰৰ দোকান এখনৰ পৰা আপেল আৰু ক’লা নিমখ কিনি যিমান বেগাই পাৰোঁ সিমান বেগাই সেই বিশেষ ৰূমটোলৈ খোজ দিলোঁ৷

গেটখন খুলিবলৈ লৈ ঘড়ীটো চাই দেখোঁ নিশা ৮ : ৪০ হ’ল৷

বেলতলাৰ এই ঘৰটো যে সকলোৱে মিলি ভাড়ালৈ লোৱাটো বুদ্ধিমানৰ কাম আছিল সেই কথা লকডাউনৰ পিছত আৰু ভালকৈ বুজি পাইছোঁ৷ কেৱলমাত্ৰ সন্ধিয়া সময়খিনিত সকলোৱে একেলগে বহিবলৈ এক সামূহিক ৰূমৰ প্ৰয়োজন আছিল বাবে চাৰিমাহ আগতে এই ৰূমটো ৪০০০ টকা ভাড়াত লৈছিলোঁ৷ কিন্তু লকডাউনৰ পিছৰে পৰাই দিনতো বিশেষ কাম বন নোহোৱাত দুপৰ নিশালৈ পাৰ্টি কৰাৰ পিছত বহুকেইজন সদস্য ইয়াতেই ৰাতিও শুই থাকে৷
দুৱাৰত টোকৰ মাৰিবলৈ গৈয়ো ভিতৰত চলি থকা কথোপকথন শুনি ৰৈ গ’লোঁ৷
: এইবোৰ কথা কোনোও অলকেশৰ আগত নুলিয়াবা৷ সি ক্ৰেক মানুহ৷ এনেই হৈ চৈ কৰি দিব পাৰে৷ তেতিয়া তোমাৰ সকলো পণ্ড হৈ যাব সঞ্জীৱ৷

: অ, এইবোৰ কথা আমাৰ মাজতেই থাকিল৷ তাক কোৱাৰ দৰকাৰ নাই৷ অভিজিতদাৰ কথাৰ উত্তৰত হয়ভৰ দি ৰিণ্টুদাই কৈ উঠিল৷

: সি আহিবৰ হৈছেই৷ সেয়ে এতিয়া এই টপিকটো বন্ধ কৰা৷ সি হয়তো আজি ইয়াতে থাকিব৷ সি শুই যোৱাৰ পিছত আমি কথাটো ভালকৈ ডিচকাছ কৰিম৷ তোমালোক কোনেও আজি বেছিকৈ নাখাবা৷ পাৰিলে অলকেশক অলপ কাঢ়াকৈ বনাই দিবা৷

: ঠিক আছে অভিজিতদা৷

এয়া মৃদুলৰ মাত৷ আৰে এনে কি ভয়ানক কথা থাকিব পাৰে যিটো মই জানিব নালাগে? গাটো চেবালে মোৰ৷ তথাপিও বিশেষ একো নাভাবি দুই মিনিট মনে মনে ৰৈ থকাৰ পিছত দুৱাৰত টোকৰ দিলোঁ৷

টক্….টক্…টক্….

: আৰে আলকেশদা, আহিলে? আপেল পালে?

: অ পালোঁ৷ লোৱা৷ মিহি মিহিকৈ কাটিবা৷ আদিত্য গিলাচ এটা দিয়া…

পাৰ্টি আগৰে পৰাই চলি আছে৷ ময়ো ৰূমটোত সোমায়েই লগে লগে তাত যোগ দিলোঁ৷ কিন্তু ৰূমটোৰ ভিতৰত হৈ থকা কথা বতৰাবোৰ মই একেবাৰে মনযোগ দিব নোৱাৰিলোঁ৷ মোৰ মগজু কেৱল এইটো উত্তৰ বিচাৰিয়েই ব্যস্ত থাকিল যে ইহঁতে অলপ আগতে কি কথা পাতি আছিল? মই কি কথা জানিব নালাগে? মই জানিলে কি হ’ব??

আঁৰচকুৰে লক্ষ্য কৰি দেখিলোঁ যে সঁচাকৈয়ে মোৰ গিলাচত মৃদুলে বাৰে বাৰে আনতকৈ বেছিকৈ ঢালি আছে৷ ইহঁতৰ প্লেন কি? মৃদুলে মোৰ গিলাচটোত বাকী থাকোঁতে চক্ৰেটিছক হেমল’ক বিহৰ গিলাচটো আগুৱাই দিয়া দৃশ্যটো মনলৈ অহাত বুকুখন চিৰিংকৈ গ’ল! কিন্তু পিছমুহূৰ্ততেই মনৰ পৰা সেই ভয় নোহোৱা হৈ গ’ল৷ ধেই, কিবোৰ যে ভাবি আছোঁ মই৷ মোক আকৌ বিহ দিবলৈ মইনো কাৰ শত্ৰু৷ ইহঁতৰ প্লেন কিবা বেলেগেহে৷ আৰু সেই প্লেনটো কি সেয়া মই যিকোনো উপায়ৰে জানি ল’মেই৷ অলপ ভবা চিন্তা কৰাৰ পিছত মনলৈ আহিল যে মই কথাবোৰ পৰিষ্কাৰকৈ জানিবলৈ হ’লে মোৰ হাতত থকা আটাইতকৈ সহজ উপায়টো হ’ল সোনকালে শুই যোৱাৰ ভাও ধৰা৷

গতিকে অতি লাহে লাহে খাই থাকি দুঘণ্টামান হোৱাৰ পিছতেই মই নাটক আৰম্ভ কৰি দিলোঁ,

: মই শুই যাওঁ দেই৷ মোৰ বেছি হৈ গৈছে৷ আপোনালোকে চলাই থাকক৷

: কি কোৱা বে ব্ৰাদাৰ, তোমাৰ বেছি হৈ গৈছে? ধেই এনেই যা তা কথা নক’বা৷ আৰু দুটা আছেই আলমাৰীৰ পিছপিনে৷ সেইবোৰ কোনে খাব? আৰু তোমাৰ ইমান সোনকালে নহয় বুলি মই জানোৱেই৷

ৰিণ্টুদাই কেনেবাকৈ মোক সন্দেহ কৰিছে নেকি বাৰু? কলেজত পঢ়ি থাকোঁতেও বছৰেকীয়া নাটকবোৰত এক্টিং ভালেই কৰিছিলোঁচোন৷ তেন্তে আজি মোৰ ফেচিয়েল এক্সপ্ৰেচনত কিবা কম থাকি গ’ল নেকি! ৰিহাৰ্চেলৰ সেই দিনবোৰলৈ মনত পেলাই মুখখন আৰু অলপ কোঁচাই দি পুনৰ ক’লোঁ,

: নাই নাই মই নোৱাৰিম৷ আৰু অলপমান খালেই মোৰ ওকালি আহি যাব৷ আচলতে আজি দুপৰীয়া  ছিলিণ্ডাৰ আনিবলৈ গৈ ৰ’দত দুই কিলোমিটাৰ খোজ কাঢ়িছোঁ৷ সেয়ে গাটো বিৰাট দুৰ্বল লাগি আছে৷ মূৰটোও আগৰে পৰাই বিষাই আছিল মোৰ৷

: ধেই ৰ’বানা অলকেশ, তুমি এনেকৈ একো নোখোৱাকৈ শুই গ’লে বেয়া লাগিব৷ কৃষ্ণ আৰু আদিত্যই ইমান কষ্টেৰে চয়াবিনৰ তৰকাৰী বনাই আছে৷ হ’বই আৰু৷ ভাতটো খাই শুই যাবা৷  অভিজিতদাই কৈ উঠিল৷

: অঁঁ ভাগৱতী ভাতটো খাই লওক৷ সুকুমাৰ গোস্বামীয়েও একে সুৰতে ক’লে

কথাৰ ধৰণৰ পৰাই বুজিব পাৰিলোঁ যে এওঁলোকে কেৱল মোক দেখুৱাবলৈহে মুখেৰে কৈ আছে যদিও মনে মনে মই শুই যোৱাটোৱেই বিচাৰিছে৷

: হেই নাই, মই শুবলৈ গ’লোঁ৷

কথাষাৰ কৈয়েই কাৰো উত্তৰলৈ বাট নাচাই মই ধাৰামকৈ গৈ বিছনাখনত পৰি দিলোঁ৷

দহ মিনিটমান টোপনিৰ এক্টিং কৰি কাণ থিয় কৰি থকাৰ পিছতে অভিজিতদাই ফুচফুচাই কোৱা শুনিলোঁঁ,

: ইয়াৰ টোপনি গ’লনে নাই কৃষ্ণ?

: গ’ল দাদা৷ এওঁ এতিয়া কাইলৈহে সাৰ পাব৷

: তথাপি ৰিস্ক লোৱাটো ভাল নহয়৷ ইয়াৰ মোবাইলত ৰিং এটা মাৰাচোন৷ সাৰ পায়নে নাপায় চাই লওঁ৷

: Ok দাদা, ৱেইট

Just look into your heart my friend
That will be the return to yourself
The return to innocence……..

কাণৰ কাষতে শব্দ কৰি ফোনটো বাজি উঠিল৷ কিন্তু মই লৰচৰ নকৰিলোঁ৷ ৩০ ছেকেণ্ডমান বাজি থকাৰ পিছত অভিজিতদাই ক’লে,

: ঠিক আছে, ই শুলে৷ এতিয়া সকলো ওচৰলৈ আহা৷ কথাটো পাতি লওঁ৷

: আচ্ছা সঞ্জীৱ, তুমি কথাটোত এটা চেকেণ্ড থট দিয়াটো ভাল হ’ব৷

: নাই ৰিণ্টুদা, মোক এইবোৰ বুজাই লাভ নাই৷ এইবোৰ শুনাৰ মানসিক ধৈৰ্য্যও মোৰ নাই৷ মুঠতে তাইক কালি আনি ঘৰ সুমুৱাব নোৱাৰিলে মই চুইচাইড কৰিম৷ চিধা কথা৷ আৰু ৰ’ব নোৱাৰোঁ৷

প্ৰচণ্ড আত্মপ্ৰত্যয়েৰে কোৱা কথাখিনিত সঞ্জীৱৰ ক্ষোভ ফুটি উঠিল নে হতাশা সেয়া ভালকৈ ধৰিব নোৱাৰিলোঁ৷ কিন্তু এটা কথা কেৱল নিশ্চিত হ’লোঁ যে সি কামটো যে কৰিবই তাত আৰু তিলমাত্ৰও সন্দেহ নাই৷

: আৰে ব্ৰাদাৰ, কথাবোৰ ইমান সহজকৈ নল’বাচোন৷  এইবোৰ হঠাতে ডিচিচন লৈ কৰা কাম নহয়৷ অলপ কুল হৈ লোৱাচোন মানুহটো৷ তুমি তাইক ডাইৰেক্ট ইয়ালৈ লৈ আনিবা?

: অ ইয়ালৈকে আনিম ডাইৰেক্ট৷ এই ৰূমটোত আনিলে কি প্ৰব্লেম আছে? মই কি এই ৰূমটোৰ ভাড়া শ্বেয়াৰ কৰা নাই নেকি? এই ৰূমটোত মোৰ অধিকাৰ নাই? নাই যদি কওক, ডাইৰেক্ট কনিহা লৈ যাম তাইক৷ সঞ্জীৱ উত্তেজিত হৈ উঠিল৷

: মূৰৰ দোষ হৈছে নে কি বে? কনিহাত নিবা? তুমি এই কাম কৰা বুলি গম পোৱাৰ পিছত ৰূপশ্ৰীৰ অৱস্থা কি হ’ব ভাবিছানে এবাৰ? তাইৰ চকুত তুমি কিমান তললৈ নামিবা সেইবোৰ ভাবিবলৈ হুঁচ আছেনে তোমাৰ?

: ৰূপশ্ৰীয়ে কেনেকৈ গম পাব? তাই একো গম নাপায়৷ মনে মনে কৰিম সকলো৷ সঞ্জীৱ ভট্ট কি সৰু খিলাড়ী?

: কি কেনেকৈ গম পাব বে? কনিহাত নি ঘৰত সোমাবা বুলি কৈ আছাচোন এতিয়া৷ তাৰ পিছত গম নোপোৱাৰ কি কথা থাকিল? সুকুমাৰ গোস্বামীৰ কণ্ঠত উদ্বেগ পৰিস্ফুট৷

: কুনি নিব কনিহাত, কিয় কনিহাত নিম? তাতে নিলি ৰূপশ্ৰীয়ে গম নাপবো নেকি? মই এটু ৰূমতে আনিম ডাইৰেক্ট৷

: আবে সঞ্জীৱদা, আপুনিয়েইচোন তাইক কনিহাত নিব বুলি ক’লে৷ দেবজিত শৰ্মাৰ প্ৰশ্ন৷

: আব্বে দেবজিত মনে মনে থাকাচোন৷ ইয়াৰ অলপ লাগি গৈছে৷ কথাবোৰ বুজিবলৈ চেষ্টা কৰা৷

ধূৰ্জ্জটি কাকতিয়ে দেবজিতৰ কাণত ফুচফুচাই ক’লে৷

: মুঠতে মই তাইক কালি আনিমেই৷ এই ৰূমলৈ আনিম ডাইৰেক্ট৷ কাৰোবাৰ কিবা প্ৰব্লেম আছে? যদি প্ৰব্লেম আছে তেনেহ’লে মই তাইক ডাইৰেক্ট কনিহালৈ লৈ যাম৷ এই সঞ্জীৱ ভট্টই কোনো মাইকেলালক ভয় নকৰে৷

হঠাতে বহাৰ পৰা জাঁপ মাৰি উঠি বুকু থপৰিয়াই সঞ্জীৱ উগ্ৰ হৈ উঠিল৷

: সঞ্জীৱ দা বহকচোন বহক৷ খং নকৰিব৷ আমি সকলো আছোঁ আপোনাৰ লগত৷

অভিজিত গোস্বামীৰ কথাষাৰ শুনি মোৰ বুকুখন ঢিপিংকৈ মাৰিলে৷ “সকলো আছোঁ” মানে? এই প্লেনত সকলো ইনভলভড! লগৰ এজনে এনেকৈ দ্বিতীয় বিবাহ কৰিবলৈ ওলাইছে, কিন্তু তাক বুজোৱাৰ সলনি সকলোৱে তাৰ কথাত সমৰ্থন জনাই আছে৷ সকলো তাৰ লগত আছে!! এয়াতো বন্ধুত্ব হ’ব নোৱাৰে!

: আচ্ছা, মই এটা কথা কওঁ শুনা৷ সঞ্জীৱ বহাচোন বহা৷  সঞ্জীৱক হাতত ধৰি বহুৱাই দি অভিজিত কলিতাই কৈ গ’ল – তোমালোকে সকলোৱে মোৰ কথাখিনি চিৰিয়াছলি শুনা৷ ৰিণ্টু আৰু সঞ্জীৱেও শুনা৷ এই কথাবোৰ ইমান হৈ হাল্লা কৰি কৰা কথা নহয়৷ প্লেনিং লাগে সকলোতে৷ আৰু ৰিণ্টু, তুমি তাক আজে বাজে কথা সুধি ডিমোৰেলাইজড কিয় কৰি আছা? তাৰ মনত কিবা এটা বস্তু লাগি গৈছে, সেইটো সি কৰিব৷ তাক আমি ডিমোৰেলাইজ কৰাৰ সলনি,

 কট..কট… কট…… গিলাচটো শেষ কৰি পানীখিনি গিলি লৈ মুখখন বিকটাই কলিতাই কৈ গ’ল,

: ডিমোৰেলাইজ কৰাৰ সলনি আমি এনকাৰেজ কৰিব লাগে৷

এনকাৰেজ কৰিব লাগে? এই বৃদ্ধই সৰু ল’ৰাটোক ভাল জ্ঞান দিয়াৰ সলনি এইবোৰহে শিকাই আছে! মোৰ নিজ কাণকে বিশ্বাস হোৱা নাই৷ সঞ্জীৱৰ দ্বিতীয় বিবাহৰ সপক্ষে যুক্তি দি অভিজিত কলিতাই ভাষণ দি আছে! অকল্পনীয়! চাৎকৈ মোৰ মনত পৰি গ’ল সেইদিনা লক্ষীমন্দিৰ বাছ ষ্টপেজত অভিজিত কলিতাৰ মুখৰ লগত সাইলাখ একে মুখৰ ছয়-সাত বছৰীয়া ল’ৰা এটা মই দেখিছিলোঁ৷ নাৰেংগী তিনিআলিত শাক কিনিবলৈ যাওঁতেও তিনিদিনমান আগতে আন এক তেনে সৰু ল’ৰা দেখিছোঁ৷ এতিয়াহে যেন লাহে লাহে কথাবোৰ স্পষ্ট হৈ গৈ আছে মোৰ মগজুত৷ সঞ্জীৱৰ দ্বিতীয় বিবাহক এনকাৰেজ কৰা অভিজিত কলিতাৰ নিজৰো সাম্ৰাজ্য সেয়েহে তাৰমানে বেলতলাৰ পৰা নাৰেংগীলৈ বিস্তৃত!!

লৰচৰ নকৰাকৈ পৰি থাকি বাওঁচকুটো লাহেকৈ মেলি মই দেখিলোঁ- টেবুলখনত আউজি নিজ গিলাচটোলৈ চাই সঞ্জীৱ কিবা গম্ভীৰ চিন্তাত নিমগ্ন৷ তাৰ কাষতে অভিজিতদা বাবা ৰামদেব টাইপ এক আসন কৰি বহি আছে৷ তেওঁৰ চাৰ্টৰ বুকুৰ বুটাম তিনিটা খোলা৷ চাৰ্টৰ কলাৰটো পিঠিলৈ ঠেলি পেলাই থোৱা আছে৷ তেওঁলোক দুজনক আগুৰি ধৰি হাতত গিলাচ লৈ কৃষ্ণ, দেবজিত, মৃদুল, ধূৰ্জ্জটি, ৰিণ্টুদা, আদিত্য, ভাস্কৰ, সুকুমাৰ, চিদা দা, অভিজিত আদিয়ে আগ্ৰহেৰে অভিজিতদালৈ চাই আছে৷ দৰ্শকৰ সঁহাৰি পাই দুয়োহাত মেলি কলিতাই দুগুণ উৎসাহেৰে ভাষণ দিবলৈ আৰম্ভ কৰিলে,

: চোৱা, এই সময় আমি নিজৰ মাজত তৰ্ক-বিতৰ্ক কৰাৰ সময় নহয়৷ এই সময় আমি সকলোৱে একগোট হৈ সঞ্জীৱক সাহস দিয়াৰ সময়৷ ইতিহাস সাক্ষী আছে, যেতিয়াই কোনো লোকৰ জীৱনত এনে এক ক্ষণ আহে…..

: অভিজিত, পানীটো দিয়াচোন ইফালে৷

চিদাদাৰ কথাত অভিজিত দা আকৌ নেপোলিয়নৰ পৰা সাধাৰণ মনুষ্য অৱতাৰলৈ ঘূৰি আহিল৷ আইৰণযুক্ত পানীৰ লগত মিতিৰালি পাতি হালধীয়া হৈ যোৱা প্লাষ্টিকৰ জগটো চিদাদালৈ আগুৱাই দি তেওঁ এইবাৰ চিৰিয়াছ ভংগীত আৰম্ভ কৰিলে,

: আচ্ছা, সঞ্জীৱ, তোমাক দুটামান কথা সুধিম৷ মোক  কোনো লুকঢাক নকৰাকৈ উত্তৰ দিয়াচোন৷ তাৰ পিছত মই তোমাক ভাল উপদেশ দিম৷

অভিজিত কলিতাৰ কণ্ঠত এইবাৰ নেপোলিয়ন বোনাপাৰ্টৰ সলনি কোনো এক চিকিৎসকে ৰোগীক গুৰু গম্ভীৰ প্ৰশ্ন সুধি থকাৰ সুৰ৷

: তুমি তাইক আনিবাই তাৰমানে? নে তোমাৰ ডিচিচন সলনি হোৱাৰ কিবা সম্ভাৱনা আছে?

: মই আনিমেই দাদা৷ কালিয়েই আনিম তাইক৷ আৰু নোৱাৰোঁ৷

লাহে লাহে কম্পিত স্বৰত কোৱা কথাকেইটাৰ লগে লগে সঞ্জীৱৰ চকু চলচলীয়া হৈ গ’ল৷

: ঠিক আছে, ঠিক আছে ব্ৰাদাৰ৷ আনিবা তাইক৷ আমি আছোঁ তোমাৰ লগত৷ কিন্তু এইটো ভাবিছানে যে যদিহে তাইৰ ঘৰৰ মানুহে কিবা পুলিচ কেচ দিয়ে তেন্তে ঘটনাই বেলেগ ৰূপ ল’ব পাৰে?

: পুলিচ কেচ দিলে কিন্তু দিগদাৰ আছে৷ কাৰণ আণ্ডাৰ IPC section ….

: ৰ’বাহে হিমাংশু, সঞ্জীৱক ক’বলৈ দিয়াচোন৷

: কেচ হ’লে হ’ব আৰু দাদা৷ দেখা যাব৷

সঞ্জীৱৰ নিৰ্লিপ্ত উত্তৰ৷

: আবে তুমি ইমান পগলা টাইপ হৈ গৈছা যে তাইৰ কাৰণে? ইমান বেছি ডেচপাৰেচন হঠাতে কেনেকৈ?

ৰিণ্টুদাৰ প্ৰশ্ন৷

: হঠাতে কেনেকৈ দাদা? যোৱা এমাহ ধৰি সদায় তাইক মই ৰাতিপুৱাই সন্মুখেৰে বনগাওঁ হাইস্কুললৈ যোৱা দেখোঁ৷ আৰু তাইৰ ফিগাৰটো দেখাৰ পিছত এনে সময়ত যিকোনো মানুহৰে মন পিছল খাবই৷ কাৰণ এতিয়া সময়টো বেয়া৷

কথাষাৰ শুনাৰ লগে লগে চক খাই উঠিলোঁ৷ এনে সময়ত মন পিছল খাবই, কাৰণ সময়টো বেয়া মানে? সঞ্জীৱে এনে নীচ কথাও ভাবিব পাৰে! আৰু বাকী সকলোৱে তাৰ এনে জঘণ্য মন্তব্য শুনিও মনে মনে থাকি তাৰ এই কথাক সমৰ্থন জনাইছে! নিজৰেই কিবা লাগি গ’ল৷ তথাপি ইহঁতৰ গোটেই প্লেন জনাটো দৰকাৰ৷ সেয়েহে জাঁপ মাৰি উঠি সকলোকে গালি দিবলৈ যোৱা মনটোক কেনোবাকৈ দমাই মনে মনে পৰি থাকিলোঁ৷

টুটু টু টুটু তাৰা, তোৰো না দিল হামাৰা৷ টুটু টু………

চিদা দাৰ মোবাইলৰ আওপুৰণি ৰিংটোনটো বাজি উঠিল৷

: অ, কাকতি দা কওক৷…….আছোঁ আছোঁ আমি সকলো আছোঁ ইয়াতেই৷…………. নাই নাই চলি আছে৷ আৰু দুটা আছে৷……….অ ৰ’ব ৰ’ব, স্পীকাৰ অন কৰি দিছোঁ…..

: হেল্লো, সকলো ভালে আছানে?  চলি আছে ন? মই আজি যাব নোৱাৰিলোঁ৷ ঘৰত বহুত কাম হে৷ কাপোৰ ধুবলৈ আছিল৷ তাতে পানীৰ মটৰটোও আজি বেয়া হ’ল৷ সন্ধিয়াহে বাচন ধুই আজৰি হৈছোঁ৷ তোমালোকৰ খবৰ কোৱাচোন

: আছোঁ দাদা, ভালেই আছোঁ৷

আড্ডাৰ সমূহীয়া দাদাক সকলোৱে সমস্বৰে উত্তৰ দিলে৷

: আচ্ছা, হেৰি নহয় সঞ্জীৱ৷ কালি তাইক আনাটো ফাইনেল তাৰমানে? চাই চিতি কামবোৰ কৰিবা৷ বাপাহাৰে মই বুঢ়া মানুহটোক যাতে পুলিচ কেচ চেচৰ মাজলৈ নানা৷ এনেই বহুত টেনচনত আছোঁ, অতমাহে দৰমহা হোৱা নাই৷ আচলতে গোটেই চিষ্টেমটোৱেই এনেকুৱা হৈ গৈছে যে……..

: দাদা একো টেনচন নল’ব৷ একো নহয় সেইবোৰ৷ পুলিচ কেচ মই চম্ভালিম৷

সঞ্জীৱৰ কথাত আত্মপ্ৰত্যয়ৰ সুৰ৷

: ঠিক আছে দিয়া৷ কাইলৈ তেনেহ’লে গ্ৰেণ্ড পাৰ্টি এটা হ’ব লাগিব তোমাৰ ফালৰ পৰা৷ কাইলৈ মই যাম যেনেতেনে৷ এওঁৰ সৰু সুৰা দুই এপদ কাপোৰ ধুবলৈ বাকী আছে, ৰাতি হ’লেও এতিয়াই ধুই কাইলৈৰ বাবে আজৰি হৈ লওঁ তেন্তে৷

: পাৰ্টি দিমেই কালি দাদা৷ আহি যাব সোনকালে৷

: অকে দেন, বেষ্ট অৱ লাক সঞ্জীৱ৷ গুড নাইট এভ্ৰিৱান৷

: গুড নাইট দাদা৷

আকৌ সমস্বৰ৷

কথাবোৰ শুনি মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ এইটো স্পষ্টকৈ হেমন্ত কাকতিদাৰ মাত৷ তেঁৱো এনে এটা কামত সঞ্জীৱক উৎসাহ দিছে! লকডাউনে কি সকলোকে পাগল কৰি পেলালে নে কি? ডিঙিটো শুকাই গ’ল৷ এঢোক বহুত জৰুৰী এতিয়া মোৰ৷ কিন্তু এতিয়াও উঠি বহিব নোৱাৰি৷ ইহঁতৰ কথা সম্পূৰ্ণ শুনিব লাগিব৷

: সঞ্জীৱ শুনা, এনে কাম মই নিজে কৰা নাই যদিও বহুতকে এই কামত হেল্প কৰাৰ অভিজ্ঞতা আছে৷

অভিজিত কলিতাৰ ভাষণ আকৌ আৰম্ভ হৈছে৷

নিজে কৰা নাই? তেন্তে লক্ষীমন্দিৰ বাছ ষ্টেণ্ড, নাৰেংগী তিনিআলিত সেইবোৰ কেনেকৈ দেখিলোঁ! চাল্লা ইমানবোৰ হোৱাৰ পিছতো মিছা ক’বলৈ এৰা নাই বুঢ়াই! নিজেতো শেষেই, এতিয়া সঞ্জীৱকো সেই  একেই কৰিব৷ মনটো একদম অস্থিৰ হৈ পৰিল৷

: শুনা, কাইলৈ কামটো কেতিয়া কৰিবা? তাই স্কুললৈ যোৱাৰ সময়ত নে অহাৰ সময়ত? স্কুলত থকা সময়ত ৰিস্কি হ’ব৷ সকলোৱে দেখিব৷

: দাদা মই আবেলিলৈও ধৈৰ্য্য ধৰিব নোৱাৰিম৷ কালি তাই স্কুললৈ যাওঁতেই বৈশ্যৰ পাণ দোকানখন পাৰ হৈ যে অলপ আওহতীয়া টাৰ্নিংটো আছে, তাৰ পৰাই তাইক লৈ আহিম৷

: আবে কিন্তু যদি তাই হৈ হাল্লা কৰি দিয়ে তেন্তে ডাঙৰ কথা হৈ যাব দেখোন?

কৃষ্ণ চিন্তিত হৈ উঠিল৷

: একো হৈ হাল্লা নকৰে৷ মৰমেৰে বুজাই আনিম৷ যদি হৈ হাল্লা কৰেও মই মুখত টেপা মাৰি ধৰিম৷ সঞ্জীৱে গাড়ীত টানি বহুৱাই দিবা৷

: আৰে, হাল্লা কৰিব? চাল্লা দম আছে নেকি তাইৰ ইমান? শ্বুট কৰি দিম #%#& চিনি পোৱা নাই৷ লকডাউনত ডেৰমাহ অকলে ঘৰত সোমাই থকা মানুহ৷ হিংস্ৰ হৈ গৈছোঁ৷

: য়ে মজা বে৷ এয়াহে জোছ৷ কৰিম বুলি ভাবিছোঁ যেতিয়া কৰিমেই৷ হয়নে নহয় ফেৰেনছ?

হিমাংশুৰ উল্লাসিত প্ৰশ্নত সকলোৱে সম উৎসাহেৰে চিঞৰি উঠিল,

: হয় হয়৷ কৰিম ভাবিছোঁ কৰিমেই *&#৷ আমি ভয় খোৱা মানুহ নহয়৷

মই এইবোৰ ঠিকেই শুনিছোনে? নে সপোন দেখি আছোঁ? ইহঁতে কাইলৈ ৰাতিপুৱা এজনী ছোৱালীক স্কুললৈ যোৱাৰ বাটৰ পৰা পলুৱাই আনিবলৈ সঞ্জীৱক সহায় কৰিব৷ প্ৰয়োজন হ’লে তাইক বল প্ৰয়োগ কৰি কিডনেপো কৰিব৷ আৰু এই কামত তাইক মুখত টেপা মাৰি ধৰিব অভিজিত কলিতাই! লক্ষীমন্দিৰ বাছ ষ্টেণ্ড আৰু নাৰেংগী তিনিআলিৰ কিশোৰ দুজনে যেন মোৰ চকুলৈ আকৌ এবাৰ কৰুণ দৃষ্টিৰে চালে৷ ইহঁত ইমান জঘণ্য কেৰেক্টাৰৰ মানুহ! আৰু মই ইহঁত সকলোকে বুকুৰ আপোন সহোদৰ বুলি ভাবি অতদিনে একেলগে পাৰ্টি কৰিলোঁ সদায়! ভগৱান মোক ক্ষমা কৰি দিবা! অন্তত তুমিতো জানা যে মই এই পাপৰ অংশীদাৰ নহয় কোনোদিনে৷ আৰু হেমন্ত কাকতি দা! ঘৰত বৌৰ ভয়ত থৰথৰাই কঁপি থকা মানুহজনৰো এনে এক অকল্পনীয় বিপৰীত ৰূপ! কিডনেপ কৰি পতা বিয়াৰ পাৰ্টি খাবলৈ তেঁৱো আহিব! মূৰটো ঘূৰাবলৈ আৰম্ভ কৰিলে৷ আৰু ৰৈ থাকিব নোৱাৰিলোঁ৷ একেজাঁপে শোৱাৰ পৰা উঠি দৌৰ মাৰি সিহঁতৰ ওচৰলৈ গ’লোঁ৷

: আবে,  মোক ফটাফট এগিলাচ দে৷ মোৰ ডিঙি শুকাই গৈছে পূৰা৷

হঠাতে হোৱা ঘটনাত সকলো সচকিত হৈ উঠিল৷

: আৰে অলকেশ, উঠিলা? তোমাৰ কথাই পাতি আছিলোঁ আমি৷ ভাতটো নোখোৱাকৈ শুই গ’লে বৰ বেয়া লাগিলহেঁতেন৷ বহা বহা৷ হেৰা বাকীটো বটল খোলাচোন৷ ইয়াক ফটাফট গিলাচ এটা আনি দিয়া কোনোবাই৷

অভিজিত কলিতাৰ জিভা পাক খাই ধৰিল কথাকেইটা কওঁতে৷ কি সুন্দৰ নাটক!

গিলাচটো কোনে আগুৱাই দিলে লক্ষ্যই নকৰি কোট কোটকৈ এবাৰতে গিলি শেষ কৰি দিলোঁ৷ টেনচনত মোৰ সৰ্বশৰীৰ ঘামি গৈছে৷ শেষ কৰি সোঁহাতেৰে শূণ্যত ডাঙি ধৰা গিলাচটো আকৌ লগে লগে পূৰ্ণ হৈ পৰিল৷ কোনে ঢালিলে সেয়াও নেদেখিলোঁ৷ হয়তো দেবজিত৷ তাৰ পৰাও দুঢোক মাৰি মই মানুহবোৰলৈ চালোঁ৷ আধা মিনিট আগলৈ সম্পূৰ্ণ সুস্থ অৱস্থাত এক ভয়ংকৰ কিডনেপিঙৰ প্লেনিং কৰি থকা মানুহকেইজনে মোৰ সন্মুখত এনে নাটক কৰিবলৈ আৰম্ভ কৰিলে যেন তেওঁলোকে কি কৰি আছে নিজেও নাজানে৷ সকলোৰে খোজ ঢলং পলং৷

দোৰোল খোৱা জিভাৰে সঞ্জীৱে আৰম্ভ কৰিলে

: অভিজিতদা, মই কি কৈ আছিলোঁ? অ, মনত পৰিল৷ তাৰ পিছত ৰেলৱেৰ ডিজিএমে মোক ক’লে দেখোঁ সঞ্জীৱ, অগৰ এয়াৰটেলকা ফাইবাৰ বগীৱিল ব্ৰিজ চে লে জানা হ্যে তোহ তুম লোগো কো পেহলে…….

বাকী কথাবোৰ কাণত নপৰিল৷ পৃথিৱীত মানুহ চিনি পোৱাটোৱেই আটাইতকৈ টান কামচোন তেনেহ’লে! মই তেন্তে আজিলৈ কাকোৱেই চিনি নাপালোঁ নেকি? মোক বাৰু কোনোবাই চিনি পালেনে? নে নিজৰ অজানিতে ময়ো এওঁলোকৰ দৰে এখন মুখা পিন্ধিয়েই চলি আছোঁ অতদিনে? উত্তৰটো কোনে দিব? কেনেকৈ পাম? মই এতিয়া কি কৰা উচিত? সকলো দেখিও মনে মনে থাকিম, নে অতদিনে নিজৰ বুলি ভাবি অহা এই সকলোৰে লগত কাজিয়া কৰিম? কাজিয়া কৰিলেতো আজি মোৰ এওঁলোকৰ লগত সকলো ৰিলেচনেই শেষ হৈ যাব৷ অথচ এওঁলোকে মোৰতো একো ক্ষতি কৰা নাই আজিলৈ৷ তেন্তে মৌনতাই উত্তম পন্থা নেকি? একে শোহাতে গোটেই গিলাচটো আকৌ এবাৰ শেষ কৰি ল’লোঁ৷ নাই নাই, মই এই অন্যায় হ’বলৈ দিব নোৱাৰোঁ৷ সকলো দেখিও মনে মনে থাকিলে মৃত্যুৰ পিছত ভগৱানক গৈ মই কি উত্তৰ দিম৷ মই মাত মাতিম৷ কিন্তু আজি নহয়৷ কাইলৈ সঞ্জীৱে ছোৱালীজনী আনি ঘৰ সুমুৱাওক৷ যদি তাই নিজ ইচ্ছাৰে আহে তেম্তে মই কবলগীয়া একো নাই, মনে মনে আঁতৰি যাম৷ কিন্তু যদি কিডনেপিং হয় তেন্তে মই ডাইৰেক্ট পুলিচ ষ্টেচনলৈ গৈ সকলোকে ধৰাই দিম৷ গতিকে কাইলৈ অপেক্ষা কৰাটো ভাল৷ ইয়াৰ সমান্তৰালকৈ কাইলৈ অপেক্ষা কৰাৰ বাবে মই আন এক কাৰণো বিচাৰি পালোঁ৷ মই নিজে অনুভৱ কৰিলোঁ- এই কথা জানিবলৈ মই নিজেও প্ৰচণ্ড উৎসুক হৈ পৰিছোঁ যে সঞ্জীৱক এনেকৈ হিতাহিত জ্ঞান হেৰুৱাবলগীয়া হোৱাকৈ পাগল কৰি পেলোৱা সেই মোহময়ী ফিগাৰৰ ছোৱালীজনীনো কোন৷ কেনেবাকৈ তাই আমাৰ গোটৰেই মেম্বাৰ নেকি! জানিব লাগিব সকলো৷ গতিকে ৰাতিপুৱালৈ মই ৰ’ম৷

এইবাৰ গিলাচটোত নিজেই অলপ ঢালি পানী নিমিহলোৱাকৈ সাউৎকৈ গিলি দিলোঁ৷ ডিঙিৰ পৰা জুলীয়াখিনি যি বাটেৰে গৈ পেটত পৰিল সেই সমগ্ৰ বাটটোৰে যেন একুৰা জুইহে বৈ গ’ল৷

: ৰাইজ মই শুলোঁ দেই৷

আৰু কোনো কথা নকৈ মই ধাৰামকৈ গৈ তুলিখনত বাগৰি দিলোঁ৷ আজি যেন মোৰ সমগ্ৰ সত্বা নিচাগ্ৰস্ত হৈ গৈছে৷ কি হৈছে, কি হ’বলৈ গৈ আছে সেয়া মই নিজেও নাজানো…..

ৰাতিপুৱা যেতিয়া এক মিহি সুবাসত সাৰ পাই উঠিলোঁ, দেখিলোঁ যে সঞ্জীবে কাপোৰ কানি পিন্ধি ৰেডি হৈ গাত ডিও স্প্ৰে কৰি আছে৷ সঞ্জীৱৰ লগতে অভিজিতদাও ৰেডি৷ তেওঁৰ মুখত সঞ্জীৱতকৈও বেছি উৎসাহ৷ চাল্লা ক্ৰিমিনেল বুঢ়া, ছোৱালী কিডনেপিঙত যাওঁতেও ইমান উৎসাহ যেন কোনোবাই ফ্ৰিতে দিয়া স্কটছৰ বটল আনিবলৈহে গৈ আছে৷

: কৰবালৈ যোৱা নেকি সঞ্জীৱ?

: অলকেশদা, উঠিলে? ফটকৈ অলপ চুপাৰ মাৰ্কেটৰ পৰা আহোঁ ৰ’ব৷ অভিজিতদাৰ অফিচৰপৰা কোনোবা মানুহ আহিছে লগ কৰিবলৈ যাব লাগে৷

: অলকেশ, উমৰাংচুৰ পৰা অফিচাৰ এজন আহিছে  ইমাৰজেন্সি মেছেজ এটা লৈ৷ আহি আছোঁ ৰ’বা এঘণ্টাৰ ভিতৰত৷

: অ, ঠিক আছে যাওক৷

ব্ৰাছডালত টুথপেষ্ট লগোৱাৰ পৰাই মই শুনিলোঁ সঞ্জীৱৰ গাড়ীখন ষ্টাৰ্ট হৈছে আৰু সকলোৱে দুয়োকে ‘বেষ্ট অব লাক’ বুলি চিঞৰিছে৷

চাল্লা নিধক সব৷ দৰা আৰু দৰাধৰাক বেষ্ট অব লাক দিছে!

মুখখন ধুই চাহকাপ বনাবলৈ গেছটো জ্বলালোঁ৷

: গোস্বামী চাহ খালেনে?

: আমি সকলোৱে কেতিয়াবাই খালোঁ৷ আপুনিও খাই লওক৷

তাৰমানে সকলো কিডনেপাৰ কেতিয়াবাই উঠিল৷ একমাত্ৰ মোৰহে ইমান পলম হ’ল৷

চাহকাপত শোহা মাৰি সকলো লক্ষ্য কৰি থাকিলোঁ৷ ৰূমৰ ভিতৰত এক উখল মাখল পৰিবেশ৷ মোৰ পৰা সকলোৱে লুকুৱাবলৈ চেষ্টা কৰিছে যদিও তেওঁলোকৰ মুখত ন কইনাক আদৰাৰ আগ্ৰহ স্পষ্ট ধৰা পৰি যায়৷

যি কৰ কৰি থাক, তহঁতৰ এই ফূৰ্তি লক আপত থাকেনে নাথাকে চাম৷

: আবে বিস্কুট চিস্কুট একো নাই নেকি?

: নাই দাদা৷ পাপৰ খাব নেকি?

: %#%#& ৰাতিপুৱাই তেলত ভাজি পাপৰ খাম নেকি মই?

বিৰক্তিত মুখেৰে অশ্লীল গালি ওলাই গ’ল৷

সিফালে সকলো নীৰৱ৷ ন বোৱাৰীক আদৰাৰ প্ৰস্তুতিত কাৰো মোৰ কথা শুনিবলৈ সময় নাই৷

চাহ খাই উঠি লাহেকৈ চকীখনত বহি গুগলত বশিষ্ঠ থানাৰ ফোন নম্বৰ বিচাৰিলোঁ৷ অসম পুলিচৰ ৱেবচাইটোও খুলি চালোঁ৷ ঘটনা বেছি চিৰিয়াছ হ’লে লগে লগে পুলিচৰ উৰ্ধতম কৰ্তৃপক্ষলৈ ই মেইল এখনো পঠাম৷ বেলতলা থানাৰ নম্বৰটো মোবাইলত চেভ কৰিলোঁ৷ ওচৰতে পৰি থকা অসমীয়া পেপাৰখন চালোঁ৷

হিন্দী চলচিত্ৰ জগতৰ উজ্বল তাৰকা ঋষি কাপুৰৰ দেহাৱসান৷ মনটো বেয়া লাগিল আকৌ এবাৰ৷

ঘড়ীত এতিয়া ৯ : ১৫৷ মানে সঞ্জীৱহঁত যোৱা এঘণ্টাৰো বেছি হ’ল৷

ভাস্কৰে ঘনে ঘনে কাৰোবালৈ ফোন মাৰি আছে৷ বুজাত অসুবিধা নহ’ল যে এয়া অভিজিতদাৰ লগত মিছনৰ অগ্ৰগতি সম্পৰ্কে আলোচনা৷

দহ বাজিবলৈ সাত মিনিট বাকী৷ টিভিটোকে লগাওঁ বুলি উঠি গৈ চুইচটো দিছোঁহে মাত্ৰ, কৰ্কশ শব্দেৰে ব্ৰেক মাৰি গাড়ী এখন গেটৰ সম্মুখত ৰৈ গ’ল৷ অজান আশংকাত বুকুখন কঁপি উঠিল৷ পুলিচ নেকি? যদি পুলিচে আগতীয়াকৈ খবৰ পাই ৰেইড মাৰিলে তেন্তে মইতো বিনা দোষতেই ফচি যাম৷ তেওঁলোকক কেনেকৈ বুজাম যে মই নিজেই ঘটনাটো হোৱাৰ পিছত তেওঁলোকক খবৰ দিয়াৰ কথা আছিল! চেণ্ডেলযোৰ খুলি লৈ কঁপা কঁপা ভৰিৰে সামান্যতম শব্দ নকৰাকৈ খিৰিকীৰ কাষলৈ গ’লোঁ৷

ধা..ৰা..ম !! প্ৰচণ্ড জোৰে দুৱাৰখন বাহিৰৰ পৰা ঠেলা মাৰি খুলি ঘামেৰে জুৰুলিজুপুৰি হৈ ফোপাই জোপাই সঞ্জীৱ, অভিজিতদা সোমাই আহিল আৰু কোচৰ পৰা এটা বৃহৎ  আকাৰৰ ক’লা ৰঙৰ বস্তু ৰূমৰ মজিয়াত পেলাই দিলে৷

মে… এ… এ ! মে….এ…এ!

: আবে সঞ্জীৱ, এইটো কি বে? ক’ত পালা ছাগলীটো?

: চুৰ কৰি আনিলোঁ৷ কোনোমতে সেপ ঢুকি সঞ্জীৱে উত্তৰ দিলে৷

: চুৰ কৰিলা? কিয়?? সঞ্জীৱৰ কথা শুনি অবাক হৈ গ’লোঁ৷

: ডেৰ মাহে চয়াবিন খাই খাই পাগল হৈ গৈছোঁ মই৷ লকডাউন কোনদিনা খোলে ঠিক নাই৷ কিমান আৰু সহ্য কৰি থাকিম? সকলো কথাৰে লিমিট থাকে৷ এই চাল্লা সদায় আমাৰ ৰূমৰ আগেৰেই চৰিবলৈ যায়৷ এনে আকালৰ দিনত ইমান নোদোকা ছাগলী এটা এনেকৈ চাই থাকিব পাৰি নেকি? সেয়ে উঠাই দিলোঁ &%#&৷

: কি কোৱা বে, তোমালোক দেখোন কালি ৰাতি বনগাওঁ হাইস্কুলত পঢ়া কোনো ছোৱালী স্কুললৈ যোৱাৰ সময়ত উঠাবলৈহে প্লেন কৰি আছিলা৷

: ধুৰ পাগল হৈছা নেকি বে? ছোৱালী আকৌ আমি কিয় উঠাম? লকডাউনৰ সময়ত কোন ছোৱালী স্কুল যাব? এইয়েই সদায় ৰাতিপুৱা হাইস্কুলৰ ফিল্ডলৈ চৰিবলৈ যায়৷

এতিয়াহে মনত পৰিল৷ এৰাতো, লকডাউনত আকৌ স্কুল ক’ৰ পৰা খোলা থাকিব৷

: কিন্তু এইজনী দেখোন পাঠীহে৷ এতিয়া আপোনালোকে পাঠী খাবনে কি?

: আবে অলকেশদা, যি পাইছোঁ তাতেই সন্তুষ্ট থাকক৷ লকডাউনৰ সময়ত পাঠা পাঠী বিচাৰ কৰি লাভ নাই৷ আমি আগতেই জানো যে আমি পাঠী চুৰ কৰিবলৈ গৈ আছোঁ৷ এতিয়া এইবোৰত মাথা নামাৰি এইক ফটাফট কটাৰ ব্যৱস্থা কৰিব লাগে৷

নোদোকা ছাগলীটোলৈ চাই হঠাতে যোৱা এমাহে খাই অহা চয়াবিন আৰু বন্ধাকবিৰ তৰকাৰীবোৰলৈ মনত পৰি গ’ল৷ ওৱাক থুই, কি খাই আছিলোঁ বে ইমান দিন? বন্ধাকবি এই সময়ত গৰুৱেও নাখায়৷

সঞ্জীৱ আৰু অভিজিতদাৰ পিনে চাই ১২ ঘণ্টাৰ ভিতৰত মূৰটো দ্বিতীয়বাৰৰ বাবে আকৌ ঘূৰি গ’ল৷ কি এক সাংঘাতিক ভুল কৰি পেলাইছিলোঁ! এই মহান মনিষী দুজনক মই ছোৱালী কিডনেপাৰ বুলি ভাবিছিলোঁ! এনে পাপৰ বাবে ভগৱানেও মোক ক্ষমা নকৰিব৷

পৃথিৱীত মানুহ চিনি পোৱা সঁচাকৈয়ে কঠিন! এওঁলোকতো মানুহো নহয়, সাক্ষাৎ দেৱদূত৷ আত্মগ্লানিত দগ্ধ হৈ লাহেকৈ মোবাইলটো খুলি বশিষ্ঠ থানাৰ নম্বৰটো ডিলিট কৰিলোঁ৷ অশ্ৰুশিক্ত নয়নেৰে ফোনটোত এটা বেলেগ নম্বৰ বিচাৰি উলিয়াই লাহেকৈ ক’লোঁঁ,

: অভিজিতদা, মটৰীয়াৰ ফালে হাছেম আলী নামৰ কচাই এটা মই চিনি পাওঁ৷ তাকে ফোনটো লগাওঁ নেকি? তাক ছালখন নিবলৈ দিলে সি কাটি থৈ যাব………

☆ ★ ☆ ★ ☆

68 Comments

  • abhijit goswami

    দাদা টামাম লাগিল দেই, হাঁহি মৰিছো 🙏🙏🙏

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • ৰিণ্টু

    বেলতলাৰ পৰা নাৰেংগীলৈ

    উজনিত পুলিবৰৰ পৰা টিয়কলৈ

    মুঠতে জেং।

    বঢ়িয়া লাগিল

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ দাদা😊

      Reply
  • Himangshu Rajkhowa

    কাহিনীটোৰ জন্ম যন্ত্ৰণাৰ প্ৰতিটো সময়ৰ সাক্ষী আছিলোঁ। সকলো মনত পৰিছে!
    আমাৰ ‘ভাড়াঘৰ’ ROCKS

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ 😊

      Reply
  • Bhaskar Jyoti Sarma

    ফালি দিছে…তুচি গ্ৰেট হৌ

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • সুকুমাৰ গোস্বামী

    শেষৰাতি লিখা গল্পও যে ইমান মজেদাৰ হ’ব পাৰে কল্পনাই কৰা নাছিলোঁ।😊😊

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • সঞ্জীৱ।

    অভিজিৎ দাৰ সম্পত্তি সমগ্ৰ অসমতে থকাত পৰম সন্তোষ পালো।

    Reply
    • অলকেশ ভাগৱতী৷

      তেওঁ হাত দীঘল মানুহ😊

      Reply
  • অভিজিত কলিতা

    এফালে ৰামানুজ, এফালে অলকেশ। দুইটা মিলি মোৰ ইমেজ শেষ কৰি দিছে। পিছে বেয়া লগা নাই বাৰু।

    তামাম

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ দাদা😊

      Reply
    • Agniv

      গুলী গুলী

      Reply
      • অলকেশ ভাগৱতী

        অশেষ ধন্যবাদ দাদা😊

        Reply
  • Mridul Nath

    হা হা হা, পেট বিষাই গ’ল।

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • গৌৰীশংকৰ শৰ্মা

    ভুকুতে কল পকেনে নপকে।
    মোৰ অনুভৱ পকে। ৰিন্তুদায়ে পকাব পাৰে।
    অভিজিত দাক কিন্তু…😄😄😄.
    নাপায় দেই অলকেশ দা।
    সঞ্জীৱ ভট্টৰ দ্বিতীয় বিবাহ পঢ়ি মজ্জা লাগিল।

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ ব্ৰাদাৰ😊

      Reply
  • Aditya Borthakur

    এৰাতিত লিখা গল্পৰ এই ডিজাইন….. সাংঘাতিক ।

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • উফ ৷ কি জমনি ! অভি দা শেষ কৰি পেলালে ঔ ৷

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • মজা মজা। অভিজিতৰ সাম্ৰাজ্যখনৰ কথা ভাবিহে স্তম্ভিত হৈছোঁ। বিৰাট হাঁহিলোঁ।

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • Jyotirupam Dutta

    বেলতলা বজাৰৰ কাষতে থকা মানুহজনে নাৰেংগীৰ বজাৰলৈ আধাকেজি ফুলকবি কিনিবলৈ কিয় আহে আজিহে বুজিলো!

    Reply
    • অলকেশ ভাগৱতী৷

      শেহতীয়াকৈ আৰু দুটা নতুন গোপন খবৰ মোৰ হাতলৈ আহিছে৷ আপোনাক মনে মনে জনাম ৰৱ৷ 😊

      Reply
  • হেমন্ত কাকতি

    যাা হক, মই শেষলৈ ভয় খাই থাকিলোঁ৷ লাকিলি ইজ্জত অলপ বাছিল৷ শেষ নিশাৰ গল্প তামাম! বঢ়িয়া লাগিল

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ দাদা😊

      Reply
  • anjan sadhanidar

    সকলো বুজিলো৷ কিন্তুু ঋষি কাপুৰৰ মৃত্যু কথাটো সোমাই গল৷ মানে এইভাগি লিখিলা কেতিয়া৷ বাকী শেষলৈকে পঢ়িব লগা হল আৰু৷

    Reply
    • অলকেশ ভাগৱতী৷

      আমি লেটেষ্ট খবৰ দিয়া খবৰী৷😊

      Reply
  • অঞ্জলি

    অলকেশ এনেকুৱা বহুতো গোপন অধ্যায় আমাৰ বাবে মুকলি কৰি থাকিবা দেই । ফালি দিছা দেই ।

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • chandana sharma

    আপোনাক মনে মনে কৈ থওঁ অলকেশ দা, মই পামহীৰ ফালে যাওতে দীপৰ বিলৰ কাষতো এজন 6-7 বছৰীয়া ল’ৰাই বুট, পাপৰ এইবোৰ বিক্ৰী কৰি থকা দেখিছিলো। দেখাত একদম অভিজিত দাৰ নিচিনা, চ্ছাল ও একে, ছাৰ্টৰ বুটাম খোলা, পিছফালে টানি থোৱা… আজিহে ভাবিছো কথাতো এইটো পঢ়ি🤔
    মজ্জা লাগিল👌

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • Bijoy Mahanta

    এইবাৰ মোৰ নামেই নাই বে।

    Reply
    • Anonymous

      আচলতে তোমাৰ নাম নথকাৰ কাৰণ আছে৷ অহামাহৰ চিনেমাত তুমি মূখ্য চৰিত্ৰ৷ সেয়ে চুপাৰষ্টাৰক বিগ বাজেটৰ চিনেমা ৰিলিজ দিয়াৰ আগতে চাইড ৰোলত দেখুৱাব খোজা নাই ডাইৰেক্টৰে৷

      Reply
  • হাঁহিৰ কোবত বাগৰি পৰিলোঁ। সকলোৰে মুখকেইখন চকুৰ আগত ভাঁহি আছিল😂
    বঢ়িয়া !👏

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • দুলাল

    গেং অফ ৱাচেপুৰৰ সকলো সদস্য ৰ নাম ৰাজহুৱা হ’ল😷😷

    Reply
    • অলকেশ ভাগৱতী৷

      আপোনাৰ দৰে দুজনমানৰ নাম এতিয়াও পৰ্দাৰ আঁৰত আছে৷ তেওঁলোকৰ নামবোৰ অহাবাৰ ৰাজহুৱা হব৷😊

      Reply
  • Nayan Dev Choudhury

    হাঁহি মৰিছোঁ। ধন্যবাদ ভাগৱতী।

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ😊

      Reply
  • Himadri B Goswami

    হাঃ হাঃ মজা ৷
    বৈশ্য পাণ দোকানৰ ওচৰত এজনে মেচীদা এখন লৈ ঘূৰি ফুৰা দেখিলো ৷ ছাগলীজনী বিচাৰি ফুৰিছে ৷ কেনেবাকৈ গাড়ী নম্বৰ পালে ঝেং হৈ যাব কিন্তু ৷

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • পাহাৰী চুতীয়া

    লেখা লাগে বুলি ধমকি দিয়াৰ মজা পালে অভিজিত দা😂😂. . ধুই পেলালে একেবাৰে। আপোনাৰ সম্পত্তি যি দেখিলোঁ আমাৰ ফালেও ওলাব যেন পাইছোঁ😎। হেমন্ত কাকতি দাও যে ঘৰৰ ধুবী সেইটোও আজি গ’ম পালোঁ🤣🤣
    খুব হাঁহিলোঁ অলকেশ দা..খুব জমালে। গল্পটোত হাঁহিৰ চলেৰে মেছেজো পালোঁ দুটামান🤞

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ😊

      Reply
  • Krishna Kanta Das

    সাংঘাতিক, একে ৰাতিতে একেটা বহাতে ফালি দিছে ভাগৱতী দা। অভিজিত দাৰ কথানো কি ক’ম আৰু কালি আমাৰ কলাক্ষেত্ৰৰ ওচৰতো…….. এহ্ থাকক দিয়ক!
    তুচ্চী গ্ৰেট হ’ চাৰ্জী 🙏🏻

    Reply
    • অলকেশ ভাগৱতী৷

      অশেষ ধন্যবাদ 😊

      Reply
  • তামাম টেনচনত পঢ়ি শেষ কৰিলোঁ দেই৷ মাজতে ভাবিলোঁ শেষৰখিনি পঢ়ি লওঁ নিকি! আকৌ ভাবিলোঁ নাই মজা নালাগিব৷

    Reply
    • অলকেশ ভাগৱতী৷

      আপুনি কৰা সহায় নাপাহৰো৷ ধন্যবাদ😊

      Reply
  • Anonymous

    অলকেশ দা.. বেলতলাৰ পৰা নাৰেংগী লৈ..

    Reply
    • অলকেশ ভাগৱতী

      তেওঁৰ সাম্ৰাজ্য আৰু বিশাল৷ 😊

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    শেষ নিশাৰ খেলত ভাগৱতী সদায় সিদ্ধহস্ত, অদ্বিতীয়। আকৌ এবাৰ প্ৰমাণ হ’ল। মুঠতে তামাম।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ফাটাফাটি

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • ৰামানুজ জি

    য়ু আৰ অল ৱেই জএ জিনিয়াছ মিঃ ভাগৱত ী !!

    Reply
    • অলকেশ ভাগৱতী

      থেং ইউ চো মাচ্চ😊

      Reply
  • Barbie Punnag

    দাদা, মাত্ৰ তিনিটা উশাহ সলাইছো পঢ়োঁতে😆😆
    চৰিত্ৰবোৰ চিনাকি যে আৰু বেছি ভাল লাগিছে সেয়ে।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • অনুৰূপ মহন্ত

    কি ছাছপেন্স দিলে ৰে বাবা! হাঁহি হাঁহি পেট বিষাই গ’ল। মজ্জা।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • কাবেৰী মহন্ত

    পঢ়িবহে পাৰি৷ কমেণ্ট দিয়াৰ দুঃসাহস নাই!
    চেলুট!

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • Rimjhim Borthakur

    ৱাও! সাংঘাতিক

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply

Leave a Reply

Your email address will not be published.