ফটাঢোল

লকডাউন মুদ্রা দোষ- ধনজিৎ বৰুৱা

কেনেকৈ গঢ় লয় কোনেও নাজানে।

কিন্তু তুফানৰ মুদ্রাদোষবোৰ বদলি হৈ থাকে। আগতে কথাৰ মাজত কৈছিল – “বহৌত বঢ়িয়াঁ”৷

সোমৰসৰ বাতিটো  লৈ সাপ্তাহিক বজাৰৰ মানুহ গৰাকীক দিলে কৈ – “বহৌত বঢ়িয়াঁ”।

স্মশানলৈ নিবলৈ খৰি আনিব দিলে৷ দুখতে  ক’লে – “বহৌত বঢ়িয়াঁ”।

মনে খোৱা এজনীক মনে মনে অনিৰুদ্ধই নিলে৷ খঙতে ছোৱালী বাপেকৰ মুখৰ আগতে দিলে কৈ – “বহৌত বঢ়িয়াঁ”।

তাৰ পাছত আহিল – “এই ডাবাং”৷

যোনে যি নকওক – “এই ডাবাং”৷

“মাৰ গা বেয়া, ব’ল চোন চিভিলৰ পৰা আহোঁ ”

” এই ডাবাং, যাওঁ ব’ল ”

 একমাত্র বন্ধু তোলনে খঙতে  কয়, “ . . . আৰু চাবি হিন্দী ধপবাজী  চিনেমা বোৰ৷”

আজি দুয়োটাই বজাৰ কৰিছে৷ দোকানীজনৰ ঘৈণীয়েকজনীয়েও কিবাকিবি সহায় কৰি আছিল দোকানতে৷

– “হেৰা তোমালোক দুইজনে আঁতৰৰ পৰাই লোৱা, চাওঁ বেগখন দিয়া।”

তুফানে বেগ খন দি হাঁহি মাৰি – “বৰ অভাৱ হৈছে নবৌ,

দিয়ক দিয়ক৷ . . . পিয়াৰ চে”৷

তোলনে আৰু তাত আলু কিনিবলৈ ৰৈ নাথাকিল৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.